WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান » তথ্য সংগ্রহ – প্ৰশ্ন উত্তৰ একাদশ শ্ৰেণী অর্থনীতি

তথ্য সংগ্রহ – প্ৰশ্ন উত্তৰ একাদশ শ্ৰেণী অর্থনীতি

বিষয় একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
পাঠৰ নামতথ্য সংগ্রহ
শ্ৰেণী একাদশ শ্ৰেণী
গােটক – অংশ (অর্থনীতিৰ বাবে পৰিসংখ্যা)
পাঠৰ নংদ্বিতীয় অধ্যায়।
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

তথ্য সংগ্রহ

ক, অতি চমু প্রশ্নোত্তৰঃ প্রত্যেকটোৰ মূল্যাংক-১)

১। প্রাথমিক তথ্য কি?
উত্তৰঃ যি তথ্য প্রথম বাৰৰ বাবে সংগ্রহ কৰা হয়, তাকে ‘প্রাথমিক তথ্য’ বা ‘মুখ্য তথ্য বােলে।

২। গৌণ তথ্য কি?
উত্তৰঃ যি তথ্য আগতীয়াকৈ কোনাে ব্যক্তি বা প্রতিষ্ঠানে সংগ্রহ কৰে আৰু দ্বিতীয় বা ততােধিক বাৰৰ বাবে ব্যৱহাৰ কৰা হয়, তাকে গৌণ তথ্য’ বােলে।

৩। তথ্যৰ প্ৰকাৰ কেইটা আৰু কি কি ?
উত্তৰ : তথ্যৰ প্ৰকাৰ দুটা। যেনেঃ প্রাথমিক তথ্য আৰু গৌণ তথ্য। প্রাথমিক তথ্যক মুখ্য তথ্য বুলিও কোৱা হয়।

৪। সমীক্ষা মানে কি?
উত্তৰ : সমীক্ষা বুলিলে কোনাে ব্যক্তি বিশেষ বা প্রতিষ্ঠানৰ পৰা তথ্য গােটাই লােৱাৰ এটা পদ্ধতিক বুজায়।

৫। অনুসন্ধানকাৰী কোন?
উত্তৰঃ অনুসন্ধানকাৰী হ’ল এনে এজন ব্যক্তি যিজনে কোনাে বিষয় সঠিকভাৱে অধ্যয়ন কৰাৰ বাবে বিষয়টো সম্বন্ধে বিভিন্ন তথ্য সংগ্রহৰ পৰিকল্পনা কৰে আৰু তাক কার্যকৰী কৰে।

৬। উত্তৰকাৰী কাক বােলে ?
উত্তৰঃ যিজন ব্যক্তিয়ে অনুসন্ধানকাৰী এজনৰ প্ৰশ্নৰ উত্তৰ (তথ্য) দিয়ে তেওঁক উত্তৰকাৰী বােলে।

৭। যাদৃচ্ছিক প্রতিচয়ন কাক বােলে ?
উত্তৰঃ অধ্যয়ন কৰিবলগা সমষ্টিৰ পৰা প্ৰতিটো গােট বা নমুনা যাচ্ছিকভাৱে নির্বাচন কৰা পদ্ধতিক যাদৃচ্ছিক প্রতিচয়ন’ বুলি কোৱা হয়।

৮। প্রতিনিধিত্বমূলক নমুনা বুলিলে কি বুজা?
উত্তৰঃ প্রতিনিধিত্বমূলক নমুনা’ হ’ল অধ্যয়ন কৰিব লগা সমষ্টিৰ এটা অংশ যি সাধাৰণতে সমষ্টিটোতকৈ সৰু হয় যদিও গােটেই সমষ্টিটোক প্রতিনিধিত্ব কৰে।

৯। চলক কাক বােলে ?

উত্তৰঃ পৰিসংখ্যা বিজ্ঞানত কোনাে ব্যক্তি, বস্তু বা ঘটনাৰ পৰিমাণবােধক পৰিৱৰ্তনশীল লক্ষণক চলক’ বােলে।

১০। বিচ্ছিন্ন চলক কাক বােলে?
উত্তৰঃ যিবিলাক চলকে কেৱল গাইগুটীয়া মানহে ল’ব পাৰে অথবা যি চলকৰ মানসমূহ গণনাৰ ফলস্বৰূপেহে পােৱা যায়, তাক বিচ্ছিন্ন চলক’ বােলে।

১১। অবিচ্ছিন্ন চলক কাক বােলে ?
উত্তৰঃ যিবিলাক চলকে এটা নির্দিষ্ট সীমাৰ ভিতৰত অসীম সংখ্যক মান ল’ব পাৰে বা যিবিলাক চলকৰ মান মাপ-জোখৰ দ্বাৰাহে পােৱা সম্ভৱ, গণনাৰ দ্বাৰা পাব। নােৱাৰি, তেনে চলকক ‘অবিচ্ছিন্ন চলক’ বােলে। যেনেঃ উত্তাপ, ওজন ইত্যাদি।

১২। তথ্য বুলিলে কি বুজা ?
উত্তৰঃ তথ্য হ’ল এটা আহিলা, যিয়ে খবৰৰ যােগান ধৰি সমস্যাবােৰ বুজি লােৱাত সহায় কৰে। আন কথাত, সংখ্যাভিত্তিক অর্থনৈতিক পৰিঘটনাসমূহক তথ্য বুলি কোৱা হয়।

১৩। সাক্ষাৎকাৰ অনুসূচী বুলিলে কি বুজা?
উত্তৰ : গণনাকাৰীয়ে নিজে সংবাদদাতাৰ সাক্ষ্য লৈ তথ্য সংগ্রহ কৰি তালিকাত সন্নিবিষ্ট কৰিলে, সেই তালিকাক ‘সাক্ষাৎকাৰ অনুসূচী’ বুলি কোৱা হয়।

১৪। ভাৰবৰ্ষত কেইবছৰৰ মূৰে মূৰে লােক পিয়ল কৰা হয় ?
উত্তৰঃ প্রতি দহ বছৰৰ মূৰে মূৰে ভাৰতবৰ্ষত লােকপিয়ল কৰা হয়।

১৫। প্রতিদর্শ বুলিলে কি বুজা?
উত্তৰ : সমষ্টিৰ প্রতিনিধিত্বমূলক ক্ষুদ্র অংশক ‘প্রতিদর্শ’ বুলি কোৱা হয়।

১৭। বহু বিকল্প প্রশ্ন বুলিলে কি বুজা ?
উত্তৰঃ যেতিয়া এটা প্ৰশ্নৰ উত্তৰৰ দুটাতকৈ বেছি বিকল্প থাকে, তেনে প্রশ্নক বহু বিকল্প প্রশ্ন’ বুলি কোৱা হয়।

১৮। পৰীক্ষামূলক সমীক্ষা বুলিলে কি বুজা?
উত্তৰঃ প্রশ্নাৱলী সাজু হােৱাৰ পিছত এটা সৰু গােটৰ ওপৰত সেইখনৰ যি পৰীক্ষা কৰি চোৱা হয় তাক ‘পৰীক্ষামূলক সমীক্ষা বুলি কোৱা হয়।

১৯। নমুনা বুলিলে কি বুজা?
উত্তৰঃ নমুনা বুলিলে কোনাে সমষ্টিৰ এটা গ্রুপ বা অংশক বুজায় য’ৰ পৰা অধ্যয়নৰ কাৰণে তথ্য সংগ্রহ কৰিব পৰা যায়।

তথ্য সংগ্রহ Class 11

খ. চম প্রশ্নোত্তৰ ঃ (প্রত্যেকটোৰ মূল্যাংক -২)

১। পৰিসাংখ্যিক তথ্য সংগ্রহকৰা ভাৰতৰ দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাৰ নাম উল্লেখ কৰা।
উত্তৰঃ পৰিসাংখ্যিক তথ্য সংগ্রহকৰা ভাৰতবৰ্ষৰ দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা হলঃ
(ক) ৰাষ্ট্ৰীয় প্রতিদর্শ সমীক্ষা সংস্থা। (খ) ভাৰতবৰ্ষৰ লােকপিয়ল

২। NSS ৰ 60 তম সমীক্ষাটো কিহৰ ওপৰত কৰা হৈছিল?
উত্তৰঃ NSS ৰ 60তম সমীক্ষাটো ৰােগাগ্রস্ততা আৰু স্বাস্থ্যসেৱাৰ ওপৰত কৰা হৈছিল।

৩। ভাৰতবৰ্ষৰ লােকপিয়ল সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ ভাৰতবৰ্ষত প্রতি দহবছৰৰ মূৰে মূৰে লােক পিয়ল কৰা হয়। এনে লােক পিয়লত ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিটো পৰিয়ালকে সামৰি লােৱা হয়। এনে লােক পিয়লত দেশত জন্মৰ হাৰ, মৃত্যুৰ হাৰ, শিক্ষা, কর্মশক্তি, প্রত্যাশা, জনসংখ্যাৰ আকাৰ, গঠন আদি জনসংখ্যা সম্বন্ধীয় তথ্যবােৰ সংগ্ৰহ কৰা হয়। ভাৰতৰ পঞ্জীয়ক প্রধানে এইবােৰ তথ্য প্রকাশ কৰে।

৪। টেলিফোন সাক্ষাৎকাৰৰ সুবিধা উল্লেখ কৰা।
উত্তৰঃ টেলিফোন সাক্ষাৎকাৰৰ সুবিধা হল :
(ক) এই পদ্ধতিত তথ্য সংগ্রহকৰা তুলনামূলকভাৱে কম খৰচী।
(খ) এনে সাক্ষাৎকাৰ পদ্ধতিত উত্তৰকাৰীৰ সঁহাৰিৰ হাৰ তুলনামূলকভাৱে বেছি।

গ. মজলীয়া উত্তৰৰ প্রশ্নঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। ভাল প্রশ্নাৱলীৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰ : তথ্য সংগ্রহৰ এক পদ্ধতি হৈছে প্রশ্নকৰণ পদ্ধতি। এই পদ্ধতিত অনুসন্ধানকাৰীয়ে তেওঁ অনুসন্ধান কৰিব লগা ব্যক্তি সকললৈ কিছুমান প্রশ্ন পঠিয়ায় আৰু উত্তৰকাৰীয়ে সেই প্রশ্নবােৰৰ উত্তৰ লিখিত ৰূপত পঠাব লাগে। ভাল প্রশ্নাৱলীৰ বৈশিষ্ট্যসমূহহ’ল ?
(ক) প্রশ্নাৱলীখন যথেষ্ট দীঘলীয়া হ’ব নালাগে। প্রশ্নৰ সংখ্যা যথাসম্ভৱ কম হব লাগে।
(খ) প্রশ্নাৱলীখন সাধাৰণ প্ৰশ্নৰ পৰা আৰম্ভ হ’ব লাগে আৰু ক্রমান্বয়ে বিশেষ বিশেষ প্রশ্নলৈ আগবাঢ়িব লাগে।
(গ) প্ৰশ্নৰ ভাষাৰ সহজ সৰল আৰু প্ৰত্যক্ষ হ’ব লাগে।
(ঘ) প্রশ্নবােৰ বিৰক্তিকৰ, ভুল বা ব্যক্তিগত অনুভূতিত আঘাত দিব পৰা বিধৰ হ’ব নালাগে।

তথ্য সংগ্রহ Class 11

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰ ঃ (প্রত্যেকটোৰ মূল্যাংক – ৫/৬)

১। মুখ্য তথ্য আৰু গৌণ তথ্যৰ মাজৰ পার্থক্য আলােচনা কৰা।
উত্তৰ : মুখ্য তথ্য আৰু গৌণ তথ্যৰ মাজৰ পার্থক্যসমূহ হ’ল –
(ক) মুখ্য তথ্য পােনপটীয়াভাৱে অনুসন্ধান ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা হয়। আনহাতে, গৌণ তথ্য কোনাে ব্যক্তি বা সংস্থাই পূর্বে যুগুতাই থােৱা তথ্যৰ পৰা সংগ্ৰহ কৰা হয়।
(খ) মুখ্য বা প্রাথমিক তথ্যবােৰ কেঁচামালৰ দৰে পৰিসাংখ্যিক পদ্ধতিত ব্যৱহাৰ কৰা হয়। আনহাতে গৌণ তথ্য ব্যৱহাৰ উপযােগী তথ্য যি বেলেগ এজনে ব্যৱহাৰ কৰাৰ আগতেই কোনােবাই প্রাথমিক তথ্য হিচাপে ব্যৱহাৰ কৰিছে।
(গ) মুখ্য বা প্রাথমিক তথ্যত ত্ৰুটিৰ পৰিমাণ সাধাৰণতঃ অধিক হয়। আনহাতে গৌণ তথ্যৰ ক্ষেত্ৰত ত্ৰুটিৰ পৰিমাণ সাধাৰণতঃ কম হয়।
(ঘ) প্রাথমিক তথ্য সংগ্রহ কৰোঁতে যথেষ্ট সময় আৰু অৰ্থৰ প্ৰয়ােজন হয়। কিন্তু গৌণ তথ্য আন কোনােবাই আগতে যুগুতাই থােৱা বাবে সময় আৰু অৰ্থৰ প্ৰয়ােজন কম হয়।

২। তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতিসমূহ আলােচনা কৰা।
উত্তৰ : তথ্য সংগ্রহৰ বিভিন্ন পদ্ধতি আছে। যেনেঃ
(ক) ব্যক্তিগত সাক্ষাৎকাৰ পদ্ধতিঃ এই পদ্ধতিত অনুসন্ধানকাৰীয়ে উত্তৰকাৰীৰ মুখামুখি সাক্ষাৎকাৰ গ্ৰহণ কৰে। এনে পদ্ধতিত অনুসন্ধানকাৰী আৰু উত্তৰকাৰীৰ মাজত ব্যক্তিগত সম্পর্ক স্থাপন হয়। এনে পদ্ধতিত অনুসন্ধানকাৰীয়ে তেওঁ জানিব বিচৰা বিষয়ৰ খুটি-নাটি প্রশ্ন কৰি উত্তৰকাৰীৰ পৰা সবিশেষ জানিব পাৰে।

(খ) প্রশ্নাৱলী প্ৰেৰণঃ এনে পদ্ধতি অনুসন্ধানকাৰীয়ে কিছুমান প্রতিনিত্বমূলক প্রশ্নভাণ্ডাৰ প্রস্তুত কৰি নির্দিষ্ট ব্যক্তি বা অনুষ্ঠানলৈ ডাকযােগে প্রেৰণ কৰে।উত্তৰকাৰীয়ে প্রশ্নবােৰৰ উত্তৰ এক নির্দিষ্ট সময়ৰ ভিতৰত সমিধান দি অনুসন্ধানকাৰী ব্যক্তিলৈ ঘূৰাই পঠিয়াব লাগে। এই পদ্ধতিটো কম খৰচী আৰু দুর্গম
অঞ্চলৰ পৰাও তথ্য সংগ্রহ কৰিব পৰা যায়।

(গ) টেলিফোন সাক্ষাৎকাৰ : এই পদ্ধতিত অনুসন্ধানকাৰীয়ে টেলিফোনৰ জৰিয়তে প্রশ্ন সােধে। এই পদ্ধতি অতি কম খৰচী আৰু বহু ব্যক্তিগত তথ্যও এই পদ্ধতিৰ দ্বাৰা লাভ কৰিব পাৰি।

৩। নমুনা বা প্রতিচয়ন পদ্ধতি বুলিলে কি বুজা ? এই পদ্ধতিৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা।
উত্তৰ : নমুনা বা প্রতিচয়ন পদ্ধতি হ’ল সম্পূর্ণ সমষ্টি অধ্যয়ন নকৰাকৈ সমষ্টিৰ পৰা লােৱা নমুনা অধ্যয়ন কৰি সম্পূর্ণ সমষ্টিৰ প্ৰকৃতিৰ ওপৰত ধাৰণা ব্যক্ত কৰা হয়। উদাহৰণ স্বৰূপে এটি গাই গৰুৰ গাখীৰত পানীৰ পৰিমাণ নির্ণয় কৰিবলৈ কেইটোপালমান গাখীৰ পৰীক্ষা কৰিলেই হয়। নমুনা বা প্রতিচয়ন পদ্ধতিৰ সুবিধাসমূহ হ’ল
(ক) য’ত সমষ্টিৰ আকৃতি বৃহৎ সেই ক্ষেত্ৰত এই পদ্ধতি অতি ফলপ্রসূ।
(খ) এই পদ্ধতি বিজ্ঞান ভিত্তিক।
(গ) এই পদ্ধতি কম খৰচী।
(ঘ) এনে পদ্ধতিত অকল নমুনা সংগ্রহ কৰাৰ কাৰণে সামান্য সা-সৰঞ্জামৰ প্রয়ােজন হয়।

নমুনা বা প্রতিচয়ন পদ্ধতিৰ কিছুমান অসুবিধাও আছে। যেনেঃ
(ক) এই পদ্ধতিত নমুনা সংগ্রহ কৰােতে পক্ষপাতিত্বৰ দোষ থাকিব পাৰে।

(খ) এই পদ্ধতিয়ে উচ্চমানৰ সঠিকতা দিব নােৱাৰে।
(গ) এই পদ্ধতি ব্যৱহাৰৰ কাৰণে পাৰদৰ্শিতাৰ প্রয়ােজন।
(ঘ) এই পদ্ধতি এক সীমাবদ্ধ পদ্ধতিহে। কাৰণ অকল সমষ্টি অধ্যয়নৰ ক্ষেত্ৰতহে এই পদ্ধতি ব্যৱহাৰ হয়।

৪। পিয়ল পদ্ধতি বুলিলে কি বুজা? এই পদ্ধতিৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা।
উত্তৰঃ যি সমীক্ষাত এটা সমষ্টিৰ প্ৰত্যেকটো উপাদানকে অন্তর্ভূক্ত কৰা হয়, তাকে ‘পিয়ল পদ্ধতি বা সম্পূর্ণ পদ্ধতি বােলা হয়। উদাহৰণ স্বৰূপে প্রতি দহ বছৰৰ মূৰে মূৰে কৰা ভাৰতৰ লােকপিয়ল। পিয়ল পদ্ধতিৰ সুবিধাবােৰ হ’লঃ
(ক) ইয়াৰ জৰিয়তে বৃহৎ পৰিমাণৰ তথ্য সংগ্রহ কৰিব পৰা যায়।
(খ) এই পদ্ধতিত সমষ্টিৰ প্রত্যেকটো উপাদানক অন্তর্ভূক্ত কৰা বাবে পক্ষপাতিত্বৰ দোষ কম হয়।
(গ) এই পদ্ধতিত সঠিকতাৰ পৰিমাণ সর্বোচ্চ থাকে।

পিয়ল পদ্ধতিৰ অসুবিধাসমূহ হ’লঃ
(ক) ই অতি ব্যয় বহুল।
(খ) এই পদ্ধতিত সময়ৰ অপচয় হয়।
(ঘ) বৃহৎ সমষ্টিৰ কাৰণে এই পদ্ধতি অসুবিধাজনক।
(ঘ) সমষ্টিৰ উপাদানবােৰ জটিল হ’লে বা দুর্গম অঞ্চলত চলাব লগা হ’লে এই পদ্ধতি অসফল হােৱাৰ সম্ভাৱনা থাকে।

প্ৰঃ তথ্য বুলিলে কি বুজা ?

উত্তৰঃ তথ্য হ’ল এটা আহিলা, যিয়ে খবৰৰ যােগান ধৰি সমস্যাবােৰ বুজি লােৱাত সহায় কৰে। আন কথাত, সংখ্যাভিত্তিক অর্থনৈতিক পৰিঘটনাসমূহক তথ্য বুলি কোৱা হয়।

প্ৰঃ তথ্যৰ প্ৰকাৰ কেইটা আৰু কি কি ?

উত্তৰ : তথ্যৰ প্ৰকাৰ দুটা। যেনেঃ প্রাথমিক তথ্য আৰু গৌণ তথ্য। প্রাথমিক তথ্যক মুখ্য তথ্য বুলিও কোৱা হয়।

1 thought on “তথ্য সংগ্রহ – প্ৰশ্ন উত্তৰ একাদশ শ্ৰেণী অর্থনীতি”

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam