তথ্য উপস্থাপন Class 11 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

বিষয়  একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
পাঠৰ নাম তথ্য উপস্থাপন
শ্ৰেণী  একাদশ শ্ৰেণী
গােট ক – অংশ (অর্থনীতিৰ বাবে পৰিসংখ্যা)
পাঠৰ নং চতুৰ্থ অধ্যায়
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

তথ্য উপস্থাপন Class 11

ক. অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-১)

১। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(a) সমান্তৰ ৰৈখিক লেখৰ মাধ্যমত প্রদর্শিত তথ্যই বুজাত সহায় কৰে
(ক) দীর্ঘকালীন ধাৰা
(খ) তথ্যত চক্রীয়তা
(গ) তথ্যত ঋতুক্রম
(ঘ) ওপৰৰ আটাইকেইটা।
উত্তৰ : (ঘ) ওপৰৰ আটাইকেইটা।

(b) অজাইভ লৈখিকভাৱে নির্ণয় কৰাত সহায় কৰিব পাৰে-
(ক) বহুলক
(খ) মাধ্য
(গ) মধ্যমা
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) মধ্যমা।

(c) দণ্ড চিত্ৰ হ’ল এটা।
(ক) এক মাত্রিক চিত্র
(খ) দ্বিমাত্রিক চিত্র
(গ) মাত্রাহীন চিত্র
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) এক-মাত্রিক চিত্র।

(d) স্তম্ভলেখা প্রদর্শিত তথ্যই লৈখিকভাৱে উলিওৱাত সহায় কৰিব পাৰে
(ক) মাধ্য
(খ) বহুলক
(গ) মধ্যমা
(ঘ) ওপৰৰ আটাইকেইটা।
উত্তৰঋঃ (খ) বহুলক।

২। শুদ্ধ নে অশুদ্ধ লিখা ?
(a) এটা দণ্ডচিত্ৰৰ দণ্ডবােৰ সমান বহল নহ’লেও হয়।
উত্তৰ : অশুদ্ধ।

(b) এটা স্তম্ভ লেখত আয়তক্ষেত্ৰবােৰ সমান বহল হােৱা উচিত।
উত্তৰ : অশুদ্ধ।

(c) স্তম্ভলেখ কেৱল তথ্যৰ অবিচ্ছিন্ন শ্রেণীকৰণৰ বাবেহে অংকন কৰিব পাৰি৷
উত্তৰঃ শুদ্ধ।

(d) হিষ্টগ্রাম আৰু স্তম্ভচিত্ৰ হ’ল তথ্য উপস্থাপনৰ একেই পদ্ধতি।
উত্তৰ : শুদ্ধ।

(e) স্তম্ভলেখৰ সহায়ত এটা বাৰংবাৰতা বিভাজনৰ বহুলক লৈখিকভাৱে জানিব পাৰি।
উত্তৰঃ শুদ্ধ।

(f) অজাইভৰ পৰা এটা বাৰংবাৰতা বিভাজনৰ মধ্যমা জানিব নােৱাৰি।
উত্তৰঃ অশুদ্ধ।

৩৷ তলৰবােৰ প্ৰদৰ্শন কৰাৰ বাবে কোন প্রকাৰৰ চিত্র বেছি উপযুক্তঃ
(a) এটা বছৰত মাহিলি বৰষুণৰ পৰিমাণ।
উত্তৰ : দণ্ড চিত্র।
(b) ধর্মৰ ভিত্তিত অসমৰ জনসংখ্যাৰ গাঁথনি।
উত্তৰ : পাই চিত্র।
(c) এখন উৎপাদন প্রতিষ্ঠানৰ ব্যয়ৰ উপাদানসমূহ।

৪। তালিকাকৰণ কি ?
উত্তৰঃ তালিকাকৰণ হ’ল স্তম্ভ আৰু শাৰীৰ মাজত তথ্যবােৰক প্ৰণালীবদ্ধভাৱে সজোৱাৰ এক ব্যৱস্থা।

লগতে পঢ়ক:   অ-প্রতিযোগিতামূলক বজাৰ (প্ৰশ্নৰ উত্তৰ) একাদশ শ্ৰেণী

৫। মানক বিচলনৰ ধাৰণাটো কোনে আগবঢ়াইছিল?
উত্তৰঃ কার্ল পিয়েৰচন।

class 11 economics chapter 4 assamese question answer

খ, চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ২)

১। তালিকাৰ প্ৰধান অংগসমূহ কি কি?
উত্তৰ : তালিকাৰ প্রধান অংগসমূহ হ’লঃ
(ক) তালিকাৰ নম্বৰ
(খ) শিৰােনামা
(গ) ভূমিকা সম্বন্ধীয় টীকা

(ঘ) স্তম্ভ শীর্ষক আৰু শাৰী শীর্ষক
(ঙ) তালিকাৰ মূল অংশ
(চ) পাদটীকা
(ছ) উৎস টীকা।

২। সাধাৰণতে ব্যৱহাৰ হােৱা কেইবিধমান, পাৰিসাংখ্যিক চিত্রৰ নাম লিখা।
উত্তৰ : সাধাৰণতঃ ব্যৱহাৰ হােৱা কেইবিধমান পাৰিসাংখ্যিক চিত্ৰৰ নাম হ’লঃ (ক) বাৰংবাৰতা চিত্র, (খ) জ্যামিতি চিত্র, (গ) সমান্তৰ ৰৈখিক লেখ।

৩। তালিকাকৰণত কি কি শ্রেণীবিভাজন প্রয়ােগ কৰা হয়?
উত্তৰঃ তালিকাকৰণত চাৰিপ্ৰকাৰৰ শ্রেণীবিভাজন প্রয়ােগ কৰা হয়। যেনেঃ
(ক) গুণবাচক
(খ) সংখ্যা বা পৰিমাণবাচক
(গ) কালক্রমিক আৰু
(ঘ) স্থানমূলক।

৪। অজাইভ কি ?
উত্তৰঃ অজাইভক সঞ্চয়ী বাৰংবাৰতা বুলি কোৱা হয়। ইয়াক সঞ্চয়ী বাৰংবাৰতাৰ ওপৰত নিৰ্ভৰ কৰি প্রস্তুত কৰা হয়। ই দুই ধৰণৰ যেনেঃ ক্ষুদ্রতৰ আৰু বৃহত্বৰ। সেয়ে যিকোনাে স্তূপীকৃত বাৰংবাৰতা বিভাজনৰ তথ্যৰ বাবে দুটা অজাইভ থাকে।

৫। জ্যামিতীয় চিত্ৰৰ প্ৰকাৰত কি কি চিত্র অন্তর্ভুক্ত কৰা হয় ?
উত্তৰ : জ্যামিতীয় চিত্ৰৰ প্ৰকাৰত দণ্ড চিত্র আৰুকৌণিক চিত্র অন্তর্ভূক্ত কৰা হয়।

৬। দণ্ড চিত্র বুলিলে কি বুজা?
উত্তৰঃ দণ্ডচিত্র কোনাে এক সাধাৰণ ভূমিৰ ওপৰত আঁকা কিছুমান দণ্ডৰ সমষ্টি, যিবােৰ অংকনৰ বেলিকা প্রদত্ত মানৰ লগত তাৰ দৈৰ্ঘ্যৰহে সম্পর্ক থাকে। ইয়াৰ প্রস্থ নিজৰ বিবেচনাৰে ঠিক কৰা হয়।

৭। স্তম্ভচিত্র বা হিষ্টোগ্রাম কি ?
উত্তৰঃ যি লেখ চিত্ৰৰ দ্বাৰা বাৰংবাৰতা বিভাজনৰ প্রত্যেক শ্রেণী অন্তৰালৰ বাৰংবাৰবিলাক কিছুমান স্তম্ভৰ দ্বাৰা উপস্থাপন কৰা হয়, তাক স্তম্ভচিত্র’ বা ‘হিস্টোগ্রাম’ বুলি কোৱা হয়।

৮। কৌণিক বা পাইচিত্র কি?
উত্তৰঃ কৌণিক চিত্র এটা উপাদান সংযােগী চিত্র যি উপাদানসমূহৰ মাজত সমানুপাতিকভাৱে বিভক্ত কৰা এটা বৃত্ত প্রদর্শন কৰে। বৃত্তৰ কেন্দ্ৰৰ পৰা পৰিধিলৈ সৰল ৰেখা টানি বৃত্তটোক যিমানটা উপাদান থাকে সিমানটা ভাগ কৰি লােৱা হয়।

লগতে পঢ়ক:   তথ্য সংগ্রহ – প্ৰশ্ন উত্তৰ একাদশ শ্ৰেণী অর্থনীতি

৯। গুণবাচক শ্রেণীবিভাজন কাক বােলে?
উত্তৰঃ যেতিয়া সামাজিক মর্যাদা, শাৰীৰিক অৱস্থা, ৰাষ্ট্ৰীয়তা ইত্যাদিৰ দৰে গুণবাচক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কোনাে তথ্যৰ শ্রেণীবিভাজন কৰা হয়, তেতিয়া তাক গুণবাচক শ্রেণীবিভাজন বােলে।

১০। বাৰংবাৰতা বহুভূজ কি ?
উত্তৰঃ বাৰংবাৰতা বহুভূজ হ’ল সাধাৰণতে চাৰিটা বা ততােধিক সৰল ৰেখাৰে আগুৰা এটা সমতল ক্ষেত্র। বাৰংবাৰতা বহুভূজ স্তম্ভ লেখৰ এটা বিকল্প আৰু ইয়াক স্তম্ভ লেখৰ পৰা অংকন কৰিব পৰা যায়। বাৰংবাৰতা বহুভূজ হ’ল স্তূপীকৃত বাৰংবাৰতা বিভাজন উপস্থাপন কৰাৰ আটাইতকৈ বেছি ব্যৱহৃত পদ্ধতি।

তথ্য উপস্থাপন Class 11

গ, মজলীয়া উত্তৰৰ প্ৰশ্নঃ(প্রত্যেকটোৰ মূল্যাংক -৪)

১। দণ্ডচিত্ৰ আৰু স্তম্ভ চিত্ৰৰ মাজৰ পাৰ্থক্যবােৰ উল্লেখ কৰা।
উত্তৰ ঃ দণ্ডচিত্ৰ আৰু স্তম্ভ চিত্ৰৰ মাজৰ পার্থ হলঃ
(ক) দণ্ড চিত্ৰৰ দণ্ডবিলাকৰ পৰস্পৰৰ মাজত সমান ফাঁক থাকে। কিন্তু স্তম্ভ চিত্ৰৰ ক্ষেত্ৰত এনেফাঁক ৰখা নহয়।
(খ) দণ্ড চিত্ৰৰ ক্ষেত্ৰত দণ্ডবিলাকৰ প্রস্থ সমান হয়। কিন্তু স্তম্ভ চিত্ৰৰ ক্ষেত্ৰত স্তম্ভৰু প্ৰস্থ শ্রেণী অন্তৰালৰ অনুপাতৰ সমান হয়। সেয়ে শ্রেণী অন্তৰাল অসমান হলে স্তম্ভৰ প্ৰস্থও অসমান হ’ব পাৰে।
(গ) স্তম্ভ চিত্ৰই প্ৰকৃততে স্তম্ভৰ উচ্চতা আৰু শ্রেণী অন্তৰালৰ প্রস্থৰ সহায়ত মুঠ কালিৰ পৰিমাণক গুৰুত্ব দিয়ে। কিন্তু দণ্ড চিত্ৰৰ ক্ষেত্ৰত তাৰ উচ্চতাই হৈছে প্রধান উদ্দেশ্য। সেয়ে পৰিসংখ্যা বিজ্ঞানত বহু ক্ষেত্ৰত তথ্য ৰাশিসমূহৰ মান স্তম্ভ চিত্ৰৰ দ্বাৰা উপস্থাপন কৰা হয়।

২। তলৰ তথ্যৰাজি এটা বাৰংবাৰতা বহুভূজৰ সহায়ত উপস্থাপন কৰা।
শ্রেণী অন্তৰালঃ 0-20, 20-40, 40-60, 60-80, 80-100
বাৰংবাৰতাঃ 4, 6, 13, 5, 2
উত্তৰঃ বাৰংবাৰতা বহুভূজঃ

class 11 economics chapter 4

অজাইভ কি ?

উত্তৰঃ অজাইভক সঞ্চয়ী বাৰংবাৰতা বুলি কোৱা হয়। ইয়াক সঞ্চয়ী বাৰংবাৰতাৰ ওপৰত নিৰ্ভৰ কৰি প্রস্তুত কৰা হয়। ই দুই ধৰণৰ যেনেঃ ক্ষুদ্রতৰ আৰু বৃহত্বৰ। সেয়ে যিকোনাে স্তূপীকৃত বাৰংবাৰতা বিভাজনৰ তথ্যৰ বাবে দুটা অজাইভ থাকে।

বাৰংবাৰতা বহুভূজ কি ?

উত্তৰঃ বাৰংবাৰতা বহুভূজ হ’ল সাধাৰণতে চাৰিটা বা ততােধিক সৰল ৰেখাৰে আগুৰা এটা সমতল ক্ষেত্র। বাৰংবাৰতা বহুভূজ স্তম্ভ লেখৰ এটা বিকল্প আৰু ইয়াক স্তম্ভ লেখৰ পৰা অংকন কৰিব পৰা যায়। বাৰংবাৰতা বহুভূজ হ’ল স্তূপীকৃত বাৰংবাৰতা বিভাজন উপস্থাপন কৰাৰ আটাইতকৈ বেছি ব্যৱহৃত পদ্ধতি।

তালিকাকৰণ কি ?

উত্তৰঃ তালিকাকৰণ হ’ল স্তম্ভ আৰু শাৰীৰ মাজত তথ্যবােৰক প্ৰণালীবদ্ধভাৱে সজোৱাৰ এক ব্যৱস্থা।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top