অ-প্রতিযোগিতামূলক বজাৰ (প্ৰশ্নৰ উত্তৰ) একাদশ শ্ৰেণী

বিষয়  একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
পাঠৰ নাম অ-প্রতিযোগিতামূলক বজাৰ
শ্ৰেণী  একাদশ শ্ৰেণী
গােট ক – অংশ (ব্যষ্টিবাদী অর্থবিজ্ঞান।)
পাঠৰ নং যষ্ঠ অধ্যায়
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

অ-প্রতিযোগিতামূলক বজাৰ

ক. অতি চমু প্রশ্নোত্তৰঃ প্রত্যেকটোৰ মূল্যাংক -১)

১। একচেতীয়া বজাৰ বুলিলে কি বুজা?
উত্তৰঃ একচেতীয়া বজাৰ বুলিলে এনে এখন বজাৰক বুজায় য’ত বিকল্পহীন সামগ্রী এটাৰ যােগান নিয়ন্ত্রণ মাত্র এজন বিক্রেতাৰ হাতত থাকে।

২। দু’অপলিৰ সংজ্ঞা দিয়া।
উত্তৰঃ যিখন বজাৰত মাত্র দুজন বিক্রেতা থাকে তাকে দু’অপলি (দ্বয়াধিকাৰ) বুলি কোৱা হয়।

৩। অলিগ’পলি বজাৰৰ সংজ্ঞা দিয়া।
উত্তৰ: অলিগ’পলি (স্বল্পাধিকাৰ) বজাৰ বুলিলে এনে এখন বজাৰক বুজায় য’ত দুজন বা কেইজনমান বিক্রেতাই সমগুণবিশিষ্ট বা পার্থক্যজনিত দ্রব্য বিক্রিী কৰে।

৪। একচেতীয়া প্রতিষ্ঠান এটিৰ কাৰণে বজাৰৰ চাহিদা ৰেখাই কি সুচায় ?
উত্তৰঃ গড় আয়।

৫। একচেতীয়া বজাৰত যেতিয়া মুঠ আয় হ্রাস হয়, প্রান্তিক আয়____। (খালী ঠাই পূৰণ কৰা)
উত্তৰঃ ঋণাত্মক হয়।

৬। একচেতীয়া বিক্রেতা এজনে সম্মুখীন হােৱা চাহিদা ৰেখাডাল সমান্তৰাল। (সঁচানে মিছা লিখা)
উত্তৰঃ মিছা।

৭। শুনে অশুদ্ধ লিখা ?

(ক) এগৰাকী একচেতীয়া ব্যৱসায়ীয়ে অধিক দামত বিপুল পৰিমাণে সামগ্রী বিক্ৰী কৰিব পাৰে।
উত্তৰ:অশুদ্ধ।
(খ) একচেতীয়া ব্যৱসায়ী হল এগৰাকী দামগ্রহীতা।
উত্তৰঃ অশুদ্ধ।
(গ) কম প্রতিযােগিতামূলক বজাৰ গাঁথনিত অধিক প্রতিযােগিতা হ’ল ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ পাৰম্পৰিক আচৰণ।
উত্তৰঃ অশুদ্ধ।

৮। শুদ্ধ অংশটো বাছি উলিওৱাঃ
(ক) এক বিশেষ পণ্যৰ বজাৰত একাধিক বিক্রেতা থাকে, কিন্তু বিক্রেতাৰ সংখ্যা নিচেই তাকৰ, সেই বজাৰখনক কোৱা হয়____ (একচেতীয়া বজাৰ/ দুই উৎপাদন নিয়ন্ত্রিত বজাৰ/ অল্পসংখ্যক উৎপাদক নিয়ন্ত্রিত বজাৰ)ৰ সৃষ্টি হয়।
উত্তৰঃ অল্পসংখ্যক উৎপাদক নিয়ন্ত্রিত বজাৰ।

(খ) একচেতীয়া ধৰণৰ প্ৰতিযােগিতাত বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানে উৎপাদন কৰা বস্তুৰ মাৰ্কা নামৰ তাৎপর্য হ’ল______  (ই একক একচেতীয়া দ্রব্য/ ই
নতুন প্রতিষ্ঠানক আকৃষ্ট কৰিব।
উত্তৰ : ই নতুন প্রতিষ্ঠানক আকৃষ্ট কৰিব।

লগতে পঢ়ক:   বজাৰৰ ভাৰসাম্য Class 11 অর্থবিজ্ঞান (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

৯। একচেতীয়া ধৰণৰ ব্যৱসায়িক প্রতিষ্ঠানে সম্মুখীন হােৱা চাহিদা ৰেখাডাল অনুভূমিক হয়। (শুদ্ধনে অশুদ্ধ লিখা)
উত্তৰ : অশুদ্ধ।

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২)

১। একাধিক প্রতিযােগিতামূলক বজাৰত দীর্ঘকালত প্রতিষ্ঠানবােৰৰ লাভ কিয় শূণ্য হয়? বর্ণনা কৰা।
উত্তৰ : একাধিক প্রতিযােগিতামূলক বজাৰৰ এটা বৈশিষ্ট্য হল যে এনে বজাৰত ব্যৱসায়িক প্রতিষ্ঠানৰ প্ৰৱেশ আৰু প্রস্থানত কোনাে বাধা নাই। যদি কোনাে প্রতিষ্ঠানে দীর্ঘকালত অস্বাভাৱিক লাভ অর্জন কৰে, তেন্তে ই নতুন প্রতিষ্ঠানক আকৃষ্ট কৰিব আৰু বজাৰত সামগ্ৰীটোৰ যােগান বৃদ্ধিৰ ফলত দাম হ্রাস হ’ব আৰু অস্বাভাৱিক লাভ নাইকীয়া হব। অর্থাৎ লাভ শূণ্য হ’ব।

আকৌ কোনাে প্রতিষ্ঠানে যদি লােকচান ভৰিব লগা হয়, তেন্তে ই বজাৰৰ পৰা প্রস্থান কৰিব। ফলত যােগান হ্রাস হৈ দাম বৃদ্ধি হ’ব। ফলত লােকচান নাইকীয়া হৈ শূণ্য লাভহে অর্জন কৰিব।

২। দীর্ঘকালত প্রতিষ্ঠান এটাই লাভ অর্জন কৰিব নােৱাৰে, কিন্তু এইটো একচেতীয়া বজাৰৰ ক্ষেত্ৰত প্রযােজ্য নহয় কিয়? বর্ণনা কৰা।
উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰত প্ৰতিষ্ঠানৰ প্রৱেশ বা প্রস্থানত কোনাে বাধা নাথাকে। সেয়ে দীর্ঘকালত প্রতিষ্ঠানবােৰে লাভ অর্জন কৰিব নােৱাৰে। যদি কোনাে প্রতিষ্ঠানে লাভ অর্জন কৰে, তেন্তে বজাৰত নতুন প্রতিষ্ঠান প্রৱেশ ঘটি লাভ নাইকীয়া হ’ব। কিন্তু একচেতীয়া বজাৰত প্ৰতিষ্ঠানৰ প্ৰৱেশ বা প্রস্থানত
বাধা থাকে। সেয়ে দীর্ঘকালতাে প্রতিষ্ঠানটোৱে লাভ অর্জন কৰি থাকিব পাৰে।

৩। একচেতীয়া ব্যৱসায়ী এজনৰ প্রান্তিক আয় আৰু চাহিদাৰ স্থিতিস্থাপকতাৰ মাজত সম্পর্ক দেখুৱা।
উত্তৰঃ প্রান্তিক আয়ৰ মান যেতিয়া যােগাত্মক হয় চাহিদাৰ দৰ স্থিতিস্থাপকতা ১ তকৈ বেছি হয় আৰু যেতিয়া প্রান্তিক আয়ৰ মান ঋণাত্মক হয় চাহিদাৰ দৰ স্থিতিস্থাপকতা ১ তকৈ কম হয়।

অ-প্রতিযোগিতামূলক বজাৰ

গ, মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক -৪)

১। পূর্ণ প্রতিযােগিতামূলক বজাৰ আৰু একচেতীয়া বজাৰৰ মাজৰ পার্থক্য কি কি ?
উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰ আৰু একচেতীয়া বজাৰৰ মাজত থকা পার্থক্যবােৰ হ’ল—

লগতে পঢ়ক:   উপভোক্তাৰ আচৰণৰ তত্ত্ব Class 11 – ব্যষ্টিবাদী অর্থবিজ্ঞান একাদশ শ্ৰেণী

(ক) পূর্ণ প্রতিযােগিতামূলক বজাৰত বৃহৎ সংখ্যক উৎপাদন প্রতিষ্ঠান থাকে। একচেতীয়া বজাৰত এজন উৎপাদনকাৰী বা এটা উৎপাদন প্রতিষ্ঠান থাকে।
(খ) পূর্ণ প্রতিযােগিতামূলক বজাৰত উৎপাদন প্রতিষ্ঠানৰ মুক্ত প্রৱেশ আৰু প্রস্থানৰ সুবিধা থাকে। একচেতীয়া বজাৰত নতুন প্রতিষ্ঠানত মুক্ত প্রৱেশ আৰু
প্রস্থানত বাধা থাকে।
(গ) পূর্ণ প্রতিযােগিতামূলক বজাৰত উৎপাদন প্রতিষ্ঠানসমূহ দৰ গ্ৰহণকাৰী হে, দৰ নিৰ্ণয়কাৰী নহয়। আনহাতে একচেতীয়া বজাৰত উৎপাদন প্রতিষ্ঠান এটাই একচেতীয়াভাৱে দৰ নিৰ্ধাৰণ কৰিব পাৰে।
(ঘ) পূর্ণ প্রতিযােগিতামূলক বজাৰত উৎপাদন প্রতিষ্ঠান এটাই স্বাভাৱিক লাভহে অর্জন কৰে। আনহাতে দীর্ঘকালত একচেতীয়া উৎপাদন প্রতিষ্ঠান এটাই অস্বভাৱিক লাভ অর্জন কৰিব পাৰে।
(ঙ) পূর্ণ প্রতিযােগিতামূলক বজাৰত প্রদত্ত দৰত এটা উৎপাদন প্রতিষ্ঠানৰ সন্মুখত এডাল যােগান ৰেখা থাকে। আনহাতে, একচেতীয়া বজাৰত প্রতিষ্ঠানটোৱে নিজেই উৎপাদন আৰু দৰ নিৰ্ধাৰণ কৰিব পাৰে বাবে ইয়াত কোনাে যােগান ৰেখা নাথাকে।

২। পূর্ণ প্রতিযােগিতামূলক বজাৰ আৰু একচেতীয়াধর্মী প্রতিযােগিতামূলক বজাৰৰ মাজত পার্থক্য কি কি ?
উত্তৰ : পূর্ণ প্রতিযােগিতামূলক বজাৰ আৰু একচেতীয়াধর্মী প্রতিযােগিতামূলক বজাৰৰ মাজত থকা পার্থক্যসমূহহ’লঃ
(ক) পূর্ণ প্রতিযােগিতামূলক বজাৰত অসংখ্য ক্রেতা- বিক্রেতা থাকে। দ্রব্যৰ দৰ আৰু যােগানৰ পৰিমাণ নির্ধাৰণত উৎপাদন প্রতিষ্ঠানৰ কোনাে প্রভাৱ নাথাকে। কিন্তু একচেতীয়াধর্মী পূর্ণ প্রতিযােগিতামূলক বজাৰত বহু সংখ্যক উৎপাদন প্রতিষ্ঠান থাকে। দ্রব্যৰ দৰ আৰু যােগানৰ পৰিমাণ নির্ধাৰণত নিয়ন্ত্ৰণত উৎপাদন প্রতিষ্ঠানৰ  কিছুপ্ৰভাৱ থাকে।

(খ) পূর্ণ প্রতিযােগিতামূলক বজাৰত দ্রব্যসমূহ সমজাতীয়। কিন্তু একচেতীয়া ধৰ্মীপূর্ণ প্রতিযােগিতামূলক বজাৰত দ্রব্যসমূহ পৃথকীকৃত।
(গ) পূর্ণ প্রতিযােগিতামূলক বজাৰত বিক্রীব্যয় নাথাকে। কিন্তু একচেতীয়াধর্মীপূর্ণ প্রতিযােগিতামূলক বজাৰত বিক্ৰী ব্যয় থাকে।
(ঘ) পূর্ণ প্রতিযােগিতামূলক বজাৰত ক্রেতা আৰু বিক্রেতাৰ বজাৰ সম্পর্কে সম্পূর্ণ জ্ঞান থাকে। কিন্তু একচেতীয়াধর্মীপূর্ণ প্রতিযােগিতামূলক বজাৰত
দ্রব্যৰ পৃথকীকৰণে ৰুচি-অভিৰুচি আৰু পছন্দৰ ওপৰত প্রভাৱ পেলােৱা বাবে ক্রেতা আৰু বিক্রেতাৰ বজাৰ সম্পর্কে সম্পূর্ণ জ্ঞান নাথাকে।

(ঙ) পূর্ণ প্রতিযােগিতামূলক বজাৰত চাদিহা ৰেখাডাাল অনুভূমিক অক্ষৰ সমান। আনহাতে, একচেতীয়াধর্মী পূর্ণ প্রতিযােগিতামূলক বজাৰত চাহিদা ৰেখাডাল বাওঁ হাতৰ পৰা সোঁহাতে নিম্নগামী ঢালযুক্ত।

লগতে পঢ়ক:   তথ্য সংকলন Class 11 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

৩। একচেতীয়া বজাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : একচেতীয়া বজাৰৰ বৈশিষ্ট্য হলঃ
(ক) একচেতীয়া বজাৰত এজন মাত্র উৎপাদনকাৰী বা এটা মাত্র উৎপাদন প্রতিষ্ঠান থাকে।
(খ) নিকট প্রতিকল্প সামগ্রী নাথাকে।
(গ) নতুন উৎপাদন প্রতিষ্ঠানৰ প্ৰৱেশত বাধা থাকে।
(ঘ) একচেতীয়া ব্যৱসায়ীয়ে দ্রব্যৰ দৰ আৰু যােগান নিৰ্দ্ধাৰণ কৰিব পাৰে।

৪। একচেতীয়াধর্মী প্রতিযােগিতামূলক বজাৰৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : একচেতীয়াধর্মী প্রতিযােগিতামূলক বজাৰৰ বৈশিষ্ট্যসমূহ হ’লঃ
(ক) একচেতীয়াধর্মী প্রতিযােগিতামূলক বজাৰত বহু সংখ্যক উৎপাদন প্রতিষ্ঠান থাকে। দ্রব্যৰ দৰ আৰু যােগানৰ পৰিমাণ নির্ধাৰণত বা নিয়ন্ত্ৰণত উৎপাদন প্রতিষ্ঠানৰ কিছু প্ৰভাৱ থাকে।
(খ) একচেতীয়া ধৰ্মী প্রতিযােগিতামূলক বজাৰত দ্রব্যসমূহ পৃথকীকৃত।
(গ) একচেতীয়াধর্মী পূর্ণ প্রতিযােগিতামূলক বজাৰত বিক্রী ব্যয় থাকে।
(ঘ) একচেতীয়াধর্মী প্রতিযােগিতামূলক বজাৰত দ্রব্যৰ পৃথকীকৰণে ৰুচি-অভিৰুচি আৰু পছন্দৰ ওপৰত প্ৰভাৱ পেলােৱা বাবে ক্রেতা আৰু বিক্রেতাৰ বজাৰ সম্পর্কে সম্পূর্ণ জ্ঞান নাথাকে।
(ঙ) একচেতীয়াধর্মী প্রতিযােগিতামূলক বজাৰত চাহিদা ৰেখাডাল বাওঁহাতৰ পৰা সোঁহাতে নিম্নগামী ঢালযুক্ত।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top