WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » একাদশ শ্ৰেণী অসমীয়া » বিয়াৰ প্রেজেন্ট Class 11 চুটিগল্প {প্রশ্ন-উত্তৰ} – চৈয়দ আব্দুল মালিক

বিয়াৰ প্রেজেন্ট Class 11 চুটিগল্প {প্রশ্ন-উত্তৰ} – চৈয়দ আব্দুল মালিক

বিয়াৰ প্রেজেন্ট (চুটিগল্প)
বিষয় অসমীয়া
পাঠৰ নামবিয়াৰ প্রেজেন্ট
লেখক
চৈয়দ আব্দুল মালিক
শ্ৰেণী একাদশ শ্ৰেণী
পাঠৰ নংঅধ্যায় 9
পাঠ্যক্ৰমঅসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

বিয়াৰ প্রেজেন্ট Class 11

অতি চমু প্রশ্ন

১। চৈয়দ আব্দুল মালিকৰ প্রথম প্রকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি ?
উত্তৰ : ‘পৰশমণি’।

২।কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰে ?
উত্তৰ : ‘অঘৰী আত্মাৰ কাহিনী’নামৰ উপন্যাসখনৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য একাডেমীৰ বঁটা লাভ কৰে (১৯৭২)।

৩। চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্রমণ কাহিনীৰ নাম লিখা।
উত্তৰ : মাজত মাথাে হিমালয়।

৪। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উত্তৰ : ৰূপতীৰ্থৰ যাত্রী।

৫। বিয়াৰ প্রেজেন্ট’ গল্পটোত থকা অসুখ হােৱা ছােৱালীজনীৰ নাম কি ?
উত্তৰ : “বিনীতা”।

🎯 HSLC / HS 2026 Preparation?

Regular mock tests keep you ahead of others. 🏆 Check your rank • 📊 Track performance • 📚 Full question bank

নিয়মিত মক টেষ্টে আপোনাক আগুৱাই ৰাখিব। পিছ পৰি নাথাকিব।

📲 Install AssamWeb App Now
⭐ 5.0 Rated by Assam Students

বিয়াৰ প্রেজেন্ট একাদশ শ্ৰেণী চমু প্রশ্ন

১। “তেৱেই আগবাঢ়ি আহিল আৰু মােৰ মুখলৈ চাই সুধিলে, ‘আমাৰ তাৰে নােহােৱানে?”কোনে, কাক কথাষাৰ সুধিছিল?

উত্তৰ : উক্ত কথাষাৰ কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল।

২। নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল ?
উত্তৰ : নাজিয়াই মােমায়েক হাকিম আহমেদ চাহাবৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ গৈছিল।

৩। নাজিয়াইকিয় হস্পিতাললৈ যাবলগীয়া হ’ল?
উত্তৰ : নাজিয়াই মােমায়েক হাকিম আহমেদৰ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ বুলি যােৱা বাটত কনকেশ্বৰ ঠাকুৰক লগ পায়। তেওঁৰ পৰা তাইজানিব পাৰে যে তেওঁৰ জীয়েক বিনীতাৰ অসুখ। তাইক অপৰেচন কৰাটো অতি জৰুৰী। সেয়ে নাজিয়াই তাইক চাবৰ বাবে আৰু সহায় কৰিবৰ উদ্দেশ্যে হস্পিতাললৈ যাবলগীয়া হ’ল।

৪। কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰপৰা পইচা পালে?
উত্তৰ : কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ হাতত টকা নথকাৰ বাবে গাওঁত থকা ঘৰলৈ ঘূৰি যাবলৈ ওলােৱাত বাছ আস্থানত নাজিয়াক লগ পায়। অৱশেষত নাজিয়াৰ পৰা কনকেশ্বৰ ঠাকুৰে বিনীতাৰকাৰণে অপৰেচন কৰাবলৈ পইচা পালে।

৫।“আমাৰ দুজন একেলগে বিয়ালৈ যােৱাটো উচিত নহ’ব।” – “আমাৰ দুজন’ বুলি ইয়াত কাৰ কথা কোৱা হৈছে?
উত্তৰ : ইয়াত “আমাৰ দুজন” বুলি নাজিয়া আৰু তাইৰ গিৰীয়েকৰ কথা কোৱা হৈছে।

বিয়াৰ প্রেজেন্ট Question Answer

১। কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল ?
উত্তৰ : নাজিয়াই মােমায়েকৰ ছােৱালীৰ বিয়ালৈ যােৱাৰ বাটত কনকেশ্বৰ ঠাকুৰ নামৰ এজন মানুহক লগ পায়। প্রথমে নাজিয়াইকনকেশ্বৰঠাকুৰক চিনিব পৰা নাছিল। যদিও ঠাকুৰে নিজেই আগবাঢ়ি আহি নাজিয়াৰ মুখলৈ চাই সুধিলে, “আমাৰ তাৰে নােহােৱানে?” “ইয়ালৈকে আহিছে।” নাজিয়াই ক’লে। “আপুনি
ইয়াত ক’ৰপৰা ওলালহি?”এনে পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল।

২। নাজিয়াইবিয়ালৈ কিয় অকলে গৈছিল ?
উত্তৰ : নাজিয়াই তাইৰ মােমায়েক হাকিম আহমেদ নুমলীয়া জীয়েকৰ বিয়াৰ নিমন্ত্রণ পাইতালৈ স্বামী-স্ত্রী দুয়াে বিয়া খাবলৈ যাব বুলি ভাবিছিল। কিন্তু সিহঁতৰ আর্থিক অৱস্থা বৰ দুর্বল আছিল। সিহঁতৰ হাতত আছিল মাত্র দুশ টকা। দুশ টকাৰে সিহঁতে বিয়ালৈ অহা-যােৱাৰ খৰচ আৰু বিয়াৰ প্রেজেন্ট কিনাৰ বাবে যথেষ্ট নাছিল। সিহঁতে বাৰে বাৰে হিচাপ কৰি চাইছিল; কিন্তু কোনাে মতে সিহঁত দুয়ােজন বিয়াঘৰলৈ অহা-যােৱাৰ খৰচৰ অংক মিলাব নােৱাৰিছিল অৱশেষত নাজিয়াই অনিচ্ছা সত্বেও গিৰীয়েকক এৰি অকলেই বিয়ালৈ গৈছিল।

৩। কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল ?
উত্তৰঃ নাজিয়াই মােমায়েক হাকিম আহমেদ নুমলীয়া জীয়েকৰ বিয়া খাবলৈ বুলি যােৱা বাটত কনকেশ্বৰ ঠাকুৰক লগ পায়। তেওঁৰ পৰা তাই জানিব পাৰে যে তেওঁৰ জীয়েক বিনীতাৰ অসুখ। তাইক অপৰেচন কৰাটো অতি জৰুৰী। তেজো দিব লাগিব। কিন্তু কনকেশ্বৰ ঠাকুৰৰ হাতত টকা নথকাত জীয়েক বিনীতাক হস্পিতালতে থৈ। টকাৰ যােগাৰ কৰিবলৈ ঘৰলৈ বুলি বাছ আস্থানলৈ আহে আৰু ঘৰলৈ গৈয়েই যে তেওঁ টকা যােগাৰ কৰিব পাৰিব। তাৰ কোনাে নিশ্চয়তা নথকাত তেওঁ চিন্তিত হ’ল। এনেতে নাজিয়াইবিনীতাৰ চিকিৎসাৰ বাবে কিছু টকা দিব পাৰিব বুলি আশ্বাস দিলে লগতে বিয়ালৈ নগৈ কনকেশ্বৰ ঠাকুৰৰ লগত বিনীতাক চাবলৈ হস্পিতাললৈকে গ’ল।

৪। বিনীতাৰ অপাৰেচন কেনেদৰে ততাতৈয়াকৈ হৈ গ’ল বর্ণনা কৰা।
উত্তৰ : নাজিয়াই মােমায়েকৰ ছােৱালীৰ বিয়ালৈ যােৱাৰ বাটত বাছ আস্থানত ৰিক্সা এখনৰ ফালে আগবাঢ়ি যাওঁতে কনকেশ্বৰ ঠাকুৰ নামৰ এজন মানুহক লগ পায়।তেওঁৰ পৰা জানিব পাৰে যে তেওঁৰ কন্যা বিনীতাৰ বৰ অসুখ হস্পিতালতে আছে। তাইৰ হেনাে জৰুৰী অপাৰেচন কৰাব লাগিব। তেজো দিব লাগিব।কিন্তু কনকেশ্বৰৰ হাতত টকা নথকাত জীয়েক বিনীতাক হস্পিতালতে থৈ টকাৰ যােগাৰ কৰিবলৈ ঘৰলৈ বুলি বাছ আস্থানলৈ যায় আৰু ঘৰলৈ গৈয়েই যে তেওঁ টকা যােগাৰ কৰিব পাৰিব তাৰ কোনাে নিশ্চয়তা ভাৱি উলিয়াব নােৱাৰিলে।

এনেতে নাজিয়াই বিনীতাৰ চিকিৎসাৰ বাবে টকা দিব পাৰিব বুলি আশ্বাস দি বিয়ালৈ নগৈ কনকেশ্বৰ ঠাকুৰৰ লগত বিনীতাক চাবলৈ হস্পিতাললৈকে গ’ল। হস্পিতাললৈ গৈ নাজিয়াই বিশ টকামান নিজৰ হাতত ৰাখি বাকী এশ টকা কনকেশ্বৰ ঠাকুৰৰ হাতত দি ক’লে, “মই আবেলিলৈকে বিনীতাৰ ওচৰত থাকিম। আপুনি এই টকা এশ লওক, আৰু যি কৰিব লাগে কৰি আহক গৈ।” কনকেশ্বৰ ঠাকুৰে নাজিয়াৰ পৰা টকা পাই ডাক্তক লগ ধৰিলে আৰু বিনীতাৰ অপাৰেচন কৰােৱালে।

৫। বিয়াৰ প্রেজেন্ট’ গল্পটোত মানৱতাবোধৰপ্ৰকাশ কিদৰে ঘটিছে আলােচনা কৰা।
উত্তৰ : মানৱতাবােধৰ প্ৰকাশ চৈয়দ আব্দুল মালি গল্পৰ প্রধান বৈশিষ্ট্য। তেওঁৰ “বিয়াৰ প্রেজেন্ট” নামৰ গল্পটিতে মানৱতাবাদৰ প্ৰকাশ ঘটিছে।
গল্পটিৰ প্রধান চৰিত্ৰ নাজিয়াই মােমায়েক হাকিম আহমেদ চাহাবৰ নুমলীয়া জীয়েকৰ বিয়ালৈ তাই স্বামীৰ সৈতে একেলগে যােৱাৰ ইচ্ছা কৰে যদিও টকাৰ অভাৱৰ বাবে অৱশেষত নাজিয়াই অকলেই যাবলৈ ওলায়। তাই বিয়া খাবলৈ যােৱাৰ বাটত কনকেশ্বৰ ঠাকুৰ নামৰ এজন লােকক লগ পায়। তেওঁৰ পৰা তাই জানিব পাৰে যে তেওঁৰ ছােৱালী বিনীতাৰ অসুখ। তাহক হস্পিতালত ভৰ্তি কৰা হৈছে। তাইৰ জৰুৰী অপাৰেচন কৰাব লাগে আৰু তেজো দিব লাগে। কিন্তু কনকেশ্বৰ ঠাকুৰৰ হাতত টকা নথকাত টকা যােগাৰ কৰিবলৈ ঘৰলৈ উভতি যোৱাৰ বাবে বাছ আস্থানলৈ যায়। কিন্তু তেওঁ যে ঘৰলৈ গৈ টকা যােগাৰ কৰিব পাৰিব তাৰ কোনাে নিশ্চয়তা ভাবি উলিয়াব নােৱাৰিলে। নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ মুখত বিনীতাৰ অসুখৰ সকলাে কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ যায়। তাই নিজৰ হাতত বিশ টকা ৰাখি বাকী এশ টকা কনকেশ্বৰ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে।যথাসময়ত অপাৰেচন হৈ গল। এক বিমল আনন্দত। নাজিয়াৰ মন উপচি পৰিল। এনেদৰে গল্পটিৰ প্রধান চৰিত্র নাজিয়াৰ মাজেদি মানৱতাবােধ প্রকাশ পাইছে।

Class 11 Assamese lesson 9 question Answer

১। তলত দিয়া প্রশ্নবােৰৰ উত্তৰ দিয়া ।
(ক) চৈয়দ আব্দুল মালিকৰ এখন গৱেষণামূলক গ্রন্থৰ নাম লিখা।
উত্তৰ : চুফী আৰু চুফীবাদ’।

(খ) “বিয়াৰ প্রেজেন্ট পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ : চৈয়দ আব্দুল মালিকৰ“এখন নিলিখা চিঠি কথাখিনি” নামৰ গল্প সংকলনৰ পৰা “বিয়াৰ প্রেজেন্ট” নামৰ গল্পটি সংগ্রহ কৰা হৈছে।

(গ) “মই বিয়ালৈ নগ’লাে। মানে, বিয়ালৈ যােবা নহ’ল, মানে—–” কথাষাৰ কোনে কেতিয়া কাক কৈছিল ?
উত্তৰ : নাজিয়াই বিয়া ঘৰৰ পৰা ঘূৰি অহাৰ পিছত গিৰীয়েকে তাইক বিয়া ঘৰৰ সম্পর্কে নানান প্রশ্ন কৰিবলৈ লােৱাত নাজিয়াই উক্ত কথাষাৰ তাইৰ গিৰীয়েকক কৈছিল।

(ঘ) চৈয়দ আব্দুল মালিকৰ জন্ম কত হয়?
উত্তৰ : গােলাঘাট জিলাৰ নাহৰণি গাওঁত।

(ঙ) চৈয়দ আব্দুল মালিকে সম্পাদনা কৰা এখন গ্রন্থৰ নাম লিখা।
উত্তৰ : “আজান ফকিৰ আৰু সুৰীয়া জিকিৰ”।

(চ) চৈয়দ আব্দুল মালিকৰ চুটি গল্প “বিয়াৰ প্রেজেন্ট” নামৰ চুটিগল্পটি প্রথমে ক’ত প্রকাশ পাইছিল?
উত্তৰ : ‘অধিনায়ক’নামৰ আলােচনীত।

🎯 HSLC / HS 2026 Preparation?

Regular mock tests keep you ahead of others. 🏆 Check your rank • 📊 Track performance • 📚 Full question bank

নিয়মিত মক টেষ্টে আপোনাক আগুৱাই ৰাখিব। পিছ পৰি নাথাকিব।

📲 Install AssamWeb App Now
⭐ 5.0 Rated by Assam Students

1 thought on “বিয়াৰ প্রেজেন্ট Class 11 চুটিগল্প {প্রশ্ন-উত্তৰ} – চৈয়দ আব্দুল মালিক”

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam