বনকুঁৱৰী Class 11 Assamese Lesson 13 একাদশ শ্ৰেণী

বনকুঁৱৰী
বিষয়  অসমীয়া
পাঠৰ নাম বনকুঁৱৰী
লেখক
চন্দ্ৰকুমাৰ আগৰৱালা
শ্ৰেণী  একাদশ শ্ৰেণী
গােট- ৩  পদ্যাংশ
পাঠৰ নং অধ্যায় 13
পাঠ্যক্ৰম (Syllabus) অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

বনকুঁৱৰী Class 11

১। প্রথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি ?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা ‘বনকুঁৱৰী‘ নামৰ কবিতাটি প্ৰথম অসমীয়া ৰামান্টিক কবিতা।

২। বেজবৰুৱাই ‘প্রতিমা’ সম্পর্কে কি মন্তব্য কৰিছিল?
উত্তরঃ প্রতিমা’ সম্পর্কে বেজবৰুৱাৰ মন্তব্যটা হ’ল “প্রতিমাখন সৰু, কিন্তু নিভাঁজ (সোণৰ।”

৩। জোনাকী’ আলোচনীৰ প্রথম সম্পাদক কোন আছিল ?
উত্তৰ : ‘জোনাকী’ৰ প্রথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।

৪। ‘প্রতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয় ?
উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালাক ‘প্রতিমাৰ খনিকৰ’ বুলি কোৱা হয়।

৫। চন্দ্ৰকুমাৰ আগৰৱালৰ কবিতাৰ প্রধান বিষয়-বস্তু কি ?
উত্তৰঃ চৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্রধান বিষয় বস্তু হল প্রকৃতি, প্রেম আৰু সৌন্দর্য হৈছে।

 চমু প্রশ্ন

১। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম হ’ল ‘প্রতিমা’আৰু বীণবৰাগী’।

2। ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে কাক কোৱা হয়।
উত্তৰঃ ‘জোনাকী’ যুগৰ ত্ৰিমূৰ্তি বুলিলে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্র গােস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক বুজোৱা হয়।

৩। ‘বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে?
উত্তৰঃ কনকুঁৱৰী’ কবিতাটিৰ লগত স্থানীয় জনবিশ্বাস জড়িত হৈ আছে। জনবিশ্বাসমতে বনকুঁৱৰী, জলকুঁৱৰী,গৃহকুঁৱৰী বা গৃহলক্ষ্মী আদি অশৰীৰী দেৱী বননি, জলাশয়, মানুহৰ ঘৰ আদিত বাস কৰে। এই দেৱীসকলে মানুহক বিপদৰ পৰা ৰক্ষা কৰে বুলিও বিশ্বাস কৰা হয়।

৪| অসমীয়া ৰােমান্টিক কবিসকলে তেওঁলােকৰ কবিতাৰ সমল ক’ৰ পৰা গ্ৰহণ কৰিছিল ?
উত্তৰ: অসমীয়া ৰোমান্টিক কবিসকলে সিহঁতৰ কবিতাৰ সমল নিজৰ দেশ, সমাজ, প্রাকৃতিক পৰিবেশ আদিৰ পৰা সংগ্ৰহ কৰিছিল।

৫। হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল ?
উত্তৰ : হাবিৰ মাজত বনকুঁৱৰীয়ে ‘মৰমৰ’ ধ্বনিৰ সৃষ্টি কৰিছিল।

বনকুঁৱৰী কবিতা দীঘল প্রশ্ন

১।বনকুঁৱৰী কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ প্রকৃতি সৌন্দর্য, ৰহস্য, আনন্দ আৰু প্ৰেমৰ খনিস্বৰূপ প্ৰকৃতিৰ প্ৰতিটো বস্তুৱেই অনুভৱ কৰাজনৰ মনত অনাবিল আনন্দৰ যােগান ধৰে। যখিনী কন্যা বনকুঁৱৰী প্ৰকৃতিৰ মাজতেই ডাঙৰ-দীঘল হৈ পূর্ণ যৌৱনা হৈছে। তাইৰ ৰূপত প্রকৃতি জগতৰ সকলাে জীৱ আৰু প্ৰাণীয়েই মতলীয়া হৈছে। মলয়া সমীৰ তাইক প্রেম নিবেদন কৰিছে। বনকুঁৱৰীয়েও মলয়া সমীৰৰ প্ৰেমৰ প্ৰস্তাৱত হাঁহিৰে সহাঁৰি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ লৈছে আৰু সেই ধুমুহাই নদ-নদী, জান-জুৰি আদিৰ বুকুত উত্তাল ঢৌৰ সৃষ্টি কৰিছে। সেই ঢ়ৌয়ে প্ৰকৃতিৰ সকলাে প্ৰাণীৰ মনত আনন্দৰ এক অনাবিল জোঁৱাৰ তুলিছে।

লগতে পঢ়ক:   অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ Class 11

২। বনকুঁৱৰী’ কবিতাটিত প্ৰকৃতিৰ ৰূপৰ বর্ণনা কিদৰে বৰ্ণনা কৰিছে নিজৰ ভাষাত লিখা।
উত্তৰ : বনকুঁৱৰী’নামৰ কবিতাটিত কবিয়ে বনকুঁৱৰী নামৰ এক কাল্পনিক প্রকৃতি কন্যাৰ মনােমােহা সৌন্দর্যৰ বর্ণনাৰ মাজেদি নৈসর্গিক দৃশ্যৰ এক সুন্দৰ চিত্র ফুটাই তুলিছে।প্রকৃতি কন্যা বনকুঁৱৰী প্ৰকৃতিৰ বুকুত ভৰ যৌৱনা হৈছে। প্রকৃতি ৰাজ্যক বনকুঁৱৰীয়ে যেন প্ৰেমৰ আবেগিক জৰীৰে বান্ধি ৰাখিছে। তাইৰ মুখৰ সুহুৰিত বিজন বনত থকা গছৰ ডালবােৰ লৰি উঠিছে, পাতবােৰ থৰথৰি কঁপি উঠিছে, লতাবােৰে গছক সাৱটি চুমা যাচিছে, নৈয়ে কথা পাতিছে। বনকুঁৱৰীৰ সৌন্দর্যত মুগ্ধ হৈ মইনা চৰায়ে মুখৰ মাত পাহৰিছে। প্রকৃতি জীয়ৰী বনকুঁৱৰীয়ে জুৰিৰ পাৰত হৰিণা পােৱালিক মৰম কৰি পানী খুৱাইছে। বনৰ ফুল আৰু পাতেৰে সজ্জিত বনকুঁৱৰীৰ ৰূপত মলয়া সমীৰ বলিয়া হৈ উঠিছে। বনকুঁৱৰীয়ে মিচিকিয়া হাঁহিৰে মলয়া সমীৰৰ প্ৰেমৰ প্ৰস্তাৱক সন্মতি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ লৈ নদ-নদী, জান-জুৰি আদিৰ বুকুত উত্তাল ঢৌৰ সৃষ্টি কৰিছে। এনেদৰে কবিয়ে কবিতাটিত প্ৰকৃতিৰ অপূর্ব সৌন্দর্যৰ বর্ণনা কৰিছে।

Class 11 Assamese Lesson

৩। বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতি প্রাকৃত পৰিবেশৰ সৃষ্টিকৰিছে বুজাই লিখা।
উত্তৰ : ‘বনকুঁৱৰী কবিতটোত কবিয়ে এক আবেদনময়ী প্রাকৃতিক পৰিবেশৰ সৃষ্টি কৰিছে। প্রকৃতি কন্যা বনকুঁৱৰী প্ৰকৃতিৰ বুকুত ভৰ যৌৱনা হৈছে। প্রকৃতি ৰাজ্যক বনকুঁৱৰীয়ে যেন প্ৰেমৰ আবেগিক জৰীৰে বান্ধি ৰাখিছে। তাইৰ মুখৰ সুহুৰিত বিজন বনত থকা গছৰ ডালবোৰ লৰি উঠিছে, পাতবােৰ থৰথৰি কঁপি উঠিছে, লতাবােৰে গছক সাৱটি চুমা যাচিছে, নৈয়ে কথা পাতিছে। বনকুঁৱৰীৰ সৌন্দর্যত মুগ্ধ হৈ মইনা চৰায়ে মুখৰ মাত পাহৰিছে। প্রকৃতি জীয়ৰী বনকুঁৱৰীয়ে জুৰিৰ পাৰত হৰিণা পােৱালিক মৰম কৰি পানী খুৱাইছে। বনৰ ফুল আৰু পাতেৰে সজ্জিত বনকুঁৱৰীৰ ৰূপত মলয়া সমীৰ বলিয়া হৈ উঠিছে। বনকুঁৱৰীয়ে মিচিকিয়া হাঁহিৰে মলয়া সমীৰৰ প্রেমৰ প্ৰস্তাৱক সন্মতি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ লৈ নদ-নদী,জান-জুৰি আদিৰ বুকুত উত্তাল ঢৌৰ সৃষ্টি কৰিছে। এনেদৰে কবিয়ে চাক্ষুষ দৃষ্টিৰে প্রত্যক্ষ কৰা প্রকৃতি জগতৰ মাজত যে অন্য এক অপার্থিৱ সত্তা লুকাই থাকে কবিতাটিৰ মাজেদি তাৰে সন্ধান কৰিছে।

লগতে পঢ়ক:   গৌৰৱ Class 11 অসমীয়া একাদশ শ্ৰেণী

৪। চন্দ্র কুমাৰ আগৰৱালৰ কবি প্রতিভা সম্পর্কে। আলােচনা কৰা।
উত্তৰ : চন্দ্ৰকুমাৰ আগৰৱালা এজন অসমীয়া গীতি-কবি আছিল। এওঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্র গােস্বামীৰ সৈতে লগলাগি ১৮৮৯ চনত ‘জোনাকী’কাকত উলিয়ায় আৰু ১৯১৮ চনত তেওঁ সাপ্তাহিক বাতৰি কাকত ‘অসমীয়া’ উলিয়ায়। তেওঁৰ বনকুঁৱৰী’নামৰ কবিতাটি অসমীয়া ভাষাত প্রথম ৰােমান্টিক কবিতা। জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত কবিতাটি প্রকাশ পায়। জোনাকী যুগৰ সাহিত্যিক আন্দোলনৰ তেওঁ অন্যতম গুৰিয়াল আছিল। তেওঁৰ প্রথম কাব্য পুথিখনৰ নাম প্রতিমা। লক্ষ্মীনাথ বেজবৰুৱাই উক্ত পুথিখনৰ আলােচনা প্রসঙ্গত কৈছিল,“প্রতিমাখন সৰু, কিন্তু নিভাজ সোণৰ।” ‘বীণ বৰাগী’ হ’ল তেওঁৰ দ্বিতীয় কবিতা পুথি। মানৱপ্রেম, প্রকৃতিত সৌন্দর্যৰ সন্ধান,আশাবাদ আৰু প্রকাশভঙ্গীৰ গীতিময়তা আৰু সৰলতা তেওঁৰ কবিতাৰ প্রধান বৈশিষ্ট্য।

৫। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা 

(ক) অথিৰ বায়ুৰ শিয়ঁৰিল নােম
উজলাইছে গৈ জান।
কাৰণ-নেদেখা আনন্দৰ ঢৌরে
বুৰালে প্রাণীৰ প্রাণ।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি সাহিত্য সৌৰভৰঅন্তর্গত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা ‘বনকুঁৱৰী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাকিৰ জৰিয়তে বনকুঁৱৰীৰ উপস্থিতিত প্ৰকৃতিৰ বুকুত হােৱা পৰিৱৰ্তনৰ কথা প্রকাশ কৰা হৈছে। প্ৰকৃতিৰ বুকুত লালিত-পালিত হােৱা ভৰা যৌৱনা বনকুঁৱীৰৰ ৰূপত মলয়া সমীৰ বলিয়া হৈ উঠিছে।বনকুঁৱৰীয়ে মিছিকিয়া হাঁহিৰে মলয়া সমীৰৰ প্ৰেমৰ প্ৰস্তাৱক সন্মতি জনাইছে। বনকুঁৱৰীৰ সন্মতি পাই মলয়া সমীৰৰ প্ৰেমৰ আৱেগে ধুমুহাৰ ৰূপ লৈ নদ-নদী, জান-জুৰি আদিৰ বুকুত উত্তাল ঢৌৰ সৃষ্টি কৰিছে। সেই ঢৌৱে প্ৰকৃতিৰ সকলাে প্ৰাণীৰ মনত আনন্দৰ এক অনাবিল জোঁৱাৰ তুলিলে। এনেদৰে কবিয়ে নৈসর্গিক দৃশ্যৰ এক অনিন্দ্য সুন্দৰ কল্পচিত্ৰৰ চিত্ৰৰ সৃষ্টি কৰিছে।

(খ) মুকলি চুলিৰে নাম গায় ঘূৰি
চাপৰি টুক টুক টু ৷
ৰূপহীৰ মেল দেৱজোনি খেল
মানুহে নেদেখা মুখ।
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা ‘বনকুঁৱৰী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উদ্ধৃত কবিতাফাকিৰ মাজেদি কবিয়ে বনকুঁৱীৰক অতি প্রকৃত সত্তা হিচাপে অংকন কৰিছে। বনকুঁৱৰীয়ে মুকলি চুলিৰে টুক টুক্ চাপৰি বজাই
নাম ধৰিছে, ফুল ছিঙিচে, কপৌচৰাইক সাৱটি চুমা যাচিছে। যেন প্রকৃতিত ৰূপহী কুঁৱৰীসকলৰ মেল বহিছে। প্ৰকৃতিৰ সকলাে প্ৰাণীৰ মনত আনন্দৰ জোৱাৰ তুলিছে। কিন্তু সিহঁত প্ৰকৃতিত আছে যদিও লােকচক্ষুৰ পৰা সিহঁত আঁৰ হৈ আছে। সিহঁতৰ মুখমণ্ডল কোনেও দেখিব পৰা নাই। এইদৰে কবিতা ফাকিৰ জৰিয়তে কবিয়ে প্রকৃতিত অতি প্রাকৃত সত্তাৰ অস্তিত্বৰ ছবি অংকন কৰিছে।
অতিৰিক্ত প্রশ্ন-উত্তৰ

লগতে পঢ়ক:   ৰাজপথ Class 11 Assamese Lesson 15

বনকুঁৱৰী কবিতা Class 11

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া
(ক) যক্ষিণী ছােৱালী দুজনীয়ে কি সাজ পিন্ধি আছিল?
উত্তৰঃ বনফুলৰ সাজ।

(খ) আহঁতৰ তলত কোনে নাচিছিল?
উত্তৰঃ যক্ষিণী ছােৱালীয়ে।

(গ) যক্ষিণী কন্যালৈ কোনে লাগি চাই থাকে?
উত্তৰঃ হৰিণা পােৱালিয়ে।

(ঘ) চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ শােণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজান গাঁৱত।

(ঙ) “জোনাকী’ আলােচনী কেতিয়াৰ পৰা প্রকাশ পায় ?
উত্তৰঃ ১৮৮৯ চনৰ পৰা।

(চ) চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃৰ নাম কি?
উত্তৰ : হৰিবিলাস আগৰৱালা।

(ছ) বনকুঁৱৰীৰ শিৰত কি জিলিকি আছিল?
উত্তৰ : মৰকত মণি।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top