লাচিত ফুকন Class 11 Assamese Lesson 14 প্ৰশ্ন উত্তৰ একাদশ শ্ৰেণী

লাচিত ফুকন
বিষয় অসমীয়া
পাঠৰ নামলাচিত ফুকন
লেখক
দেৱকান্ত বৰুৱা
শ্ৰেণী একাদশ শ্ৰেণী
গােট- ৩ পদ্যাংশ
পাঠৰ নংঅধ্যায় 14
পাঠ্যক্ৰম (Syllabus)অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

লাচিত ফুকন Class 11

অতি চমু প্রশ্ন

১। দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?
উত্তৰ : দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত দোমােজাৰ কবি’হিচাপে জনাজাত।

২। দেৱকান্ত বৰুৱাৰ একমাত্র কাব্যপুথিখনৰ নাম কি ?
উত্তৰ : সাগৰ দেখিছা’ দেৱকান্ত বৰুৱাৰ একমাত্র কবিতা পুথিখন।

৩। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্রথমে আধুনিকতাৰ প্রতিধ্বনি শুনা যায় ?
উত্তৰ: দেৱকান্ত বৰুৱাৰ “আমি দুৱাৰ মুকলি কৰো” কবিতাটিত প্রথম আধুনিকতাৰ প্রতিধ্বনি শুনা যায়।

৪। দেশৰ বাতৰি শুনিবানে বীৰ’ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰ : দেশৰ বাতৰি শুনিবানে বীৰ বুলি লাচিত ফুকনৰ কথা কোৱা হৈছে।

৫। নৰ শােণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্রীৰ’ ‘জয়শ্রী’ মানে কি?
উত্তৰঃ ‘জয়শ্রী’ মানে শক্ৰক পৰাজয় কৰাৰ পৰা হােৱা সৌভাগ্য বা সন্মান।

লাচিত ফুকন Class 11

(খ) চমু প্রশ্ন

১। দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায় ? সেই ইংৰাজ কবিগৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয় ?
উত্তৰঃ দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজ কবি ৰবার্ট ব্রাউনিঙৰ কবিতাৰ প্ৰভাৱ দেখা যায়। সেই গৰাকী কবিৰ কাব্যিক শৈলীক নাটকীয় স্বগতােক্তি’শৈলী বুলি কোৱা হয়।

২। ইব্রাহিম কোন আছিল ? তেওঁ কি বীৰত্ব প্রদর্শন কৰিছিল?
উত্তৰ: ইব্রাহিম (আব্রাহাম) হ’ল বাইবেল আৰু কোৰাণত উল্লেখ থকা এগৰাকী ঈশ্বৰৰ দূত বা নবী। ঈশ্বৰে সপােনত দিয়া নির্দেশমতে তেওঁ নিজ পুত্র ইছমাইলক কোৰবাণি দিছিল। অৱশ্যে ঈশ্বৰে ইব্রাহিমৰ ত্যাগৰ পৰীক্ষাহে লৈছিল। গতিকে ইছমাইলৰ মৃত্যু নহৈ বলিদানৰ স্থানত এটা ভেৰাৰ মৃতদেহ দেখা গৈছিল।

৩। ‘অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ ইয়াত গাধৰ পাল’ বুলি কবিয়ে কাক বুজাইছে ?
উত্তৰঃ অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ পংক্তিফাঁকিৰ দ্বাৰা কবি দেৱকান্ত বৰুৱাই শােষিত, নিষ্পেষিত হােজা জনসাধাৰণক বুজাইছে যিসকলে এমুঠি খাদ্যৰ বাবে গাধৰ দৰে নেতাসকলৰ বােজা কঢ়িয়ায় আৰু সিহঁতৰ হুকুম মতে উঠা-বহা কৰে। কিন্তু সিহঁতৰ পাৰিশ্ৰমিকৰ বিনিময়ত পায় কিল, ভুকু আৰু অৱজ্ঞা।

৪। ‘হে অসমৰ ত্যাগৰ মূর্তি ! মাতুল-ঘাতক-নবী’
ইয়াত কাক কিয় ‘মাতুল ঘাতক নবী” বুলি কৈছে?
উত্তৰ : ইয়াত কবিয়ে লাচিত বৰফুকনক ‘মাতুল ঘাতক নবী’ বুলি কৈছে। কাৰণ লাচিত বৰফুকনে স্বদেশৰ স্বাধীনা ৰক্ষাৰ বাবে মােগলৰ লগত হােৱা যুদ্ধৰ সময়ত নিজৰ মােমায়েকৰ মূৰ কাটিছিল।

৫। দেশ জননীৰ কেনে আয়ােজন দেখি ‘মুক্তি পলাল’ বুলি কবিয়ে কৈছে?
উত্তৰ : ভুৱা দেশপ্রেমিকসকলৰ কাণ্ডকাৰখানা দেখি কবিয়ে দেশ জননীৰ ‘মুক্তি পলাল’ বুলি কৈছে। আজিৰ দেশপ্ৰেমিক সকলে দেশৰ প্রতি সিহঁতৰ দায়িত্বজ্ঞান পাহৰি পিয়ানাে বজাই, পূজাৰ আৰতি কৰি, বেদীত মমৰ বাতি জ্বলাই দেশৰ মুক্তি কামনা কৰে। সেয়ে কবিয়ে দুখ কৰি তেনেদৰে কৈছে।

লাচিত ফুকন Class 11 দীঘল প্রশ্ন

১। লাচিত ফুকন’কবিতাটিত কেনেধৰণৰ চিন্তা কর্মই সমাজ ব্যৱস্থা সােলােক-ঢোলােক কৰিছে বুলি কোৱা হৈছে?
উত্তৰ : দেৱকান্ত বৰুৱাই ‘লাচিত ফুকন’ নামৰ কবিতাটিত ভুৱা, স্বার্থান্বেষী, কৃত্রিম কৰ্ম আৰু চিন্তা চর্চাই বর্তমান সমাজ ব্যৱস্থা সােলােক-ঢােলােক কৰিছে বুলি কৈছে। অসমীয়াসকল ভুৱা স্বদেশপ্রেমৰ ভাও দিয়া গাধৰ পালহে। স্বদেশৰ প্ৰতি থকা সিহঁতৰ কৰ্তব্যক পাহৰি সিহঁতে এমুঠি খাদ্যৰ বাবে নেতাসকলৰ পিছে পিছে লৰি ফুৰে আৰু তাৰ বিনিময়ত প্ৰভুৰ পৰা কামৰ মূল্য স্বৰূপ কিল, ভুকু, চৰ, লাথি, অৱজ্ঞা আদি পায়। বর্তমানৰ স্বদেশ প্রেমীসকল হৈছে নকল-নবীছৰ দৰে সিহঁতে অন্তৰৰ পৰা একো নকৰে। সিহঁতে মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানাে বজাই, আৰতি কৰি বা মমবাতি জ্বলাই পূজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খােজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্রতি কাৰাে মন-কাণ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীর্ণতা, গােষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুকৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়াে সিহঁতে তর্ক-বিতর্ক কৰে। তেওঁলােকে বক্তৃতাৰে ৰণ জয় কৰিব খােজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্রেমৰ ভাওনা পাতে। তেওঁলােকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খােজে। সিহঁতে লাচিতৰ স্বদেশ প্রেমৰ তাৎপর্য বুজি নাপায়। কবিয়ে এনেদৰে অসমীয়া লােকৰ ভুৱা স্বদেশপ্ৰেমৰ ছবি অংকন কৰি অসমীয়া জাতিৰ দুৰ্দশাৰ বাবে শােক কৰিছে।

২। লাচিত ফুকন’কবিতাটিত কবিয়ে কেনেধৰণৰ স্বদেশপ্রেমক ভুৱা দেশপ্রেম বুলি কৈছে?
উত্তৰ : দেৱকান্ত বৰুৱাই ‘লাচিত ফুকন’ নামৰ কবিতাটিত বীৰ লাচিত ফুকনৰ বীৰত্ব আৰু স্বদেশপ্ৰেমৰ কথা সুঁৱৰি বর্তমান প্রজন্মৰ ভুৱা, স্বার্থান্বেষী, অধােগামী আৰু কৃত্রিম স্বদেশানুৰাগৰ তুলনা করি আক্ষেপ কৰিছে। অসমীয়াসকল ভুৱা স্বদেশপ্রেমৰ ভাও দিয়া গাধৰ পালহে। স্বদেশৰ প্ৰতি থকা সিহঁতৰ কর্তব্যক পাহৰি সিহঁতে এমুঠি খাদ্যৰ বাবে নেতাসকলৰ পিছে পিছে লৰি ফুৰে আৰু তাৰ বিনিময়ত প্ৰভুৰ পৰা কামৰ মূল্যস্বৰূপ কিল, ভুকু,চৰ, লাথি, অৱজ্ঞা আদি পায়। বর্তমানৰ স্বদেশ প্রেমীসকল হৈছে নকল-নবীছৰ দৰে। সিহঁতে অন্তৰৰ পৰা একো নকৰে। সিহঁতে মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানাে বজাই আৰতি কৰি বা মমবাতি জ্বলাই পূজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খােজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে তাৰ প্রতি কাৰাে মন-কাণ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীর্ণতা, গােষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুকৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়াে সিহঁতে তর্ক-বিতর্ক কৰে। তেওঁলােকে বক্তৃতাৰে ৰণ জয় কৰিব খােজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশ প্রেমৰ ভাওনা পাতে। তেওঁলােকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খােজে। সিহঁতে লাচিতৰ স্বদেশ প্রেমৰ তাৎপর্য বুজি নাপায়। কবিয়ে এনে স্বদেশপ্রেমক ভুৱা স্বদেশপ্রেম বুলি কৈছে।

৩। লাচিত ফুকন কবিতাটিত কবিয়ে দেশৰ বাতৰি শুনিবানে বীৰ বুলি কৈ কি কি বাতৰি দিছে?
উত্তৰ : দেৱকান্ত বৰুৱাই লাচিত ফুকন’ নামৰ কবিতাটিত বীৰ লাচিত ফুকনৰ বীৰত্ব আৰু স্বদেশপ্রেম কথা সুঁৱৰি লগতে বর্তমান প্রজন্মৰ ভুৱা, স্বার্থান্বেষী, অধো:গামী আৰু কৃত্রিম স্বদেশানুৰাগৰ তুলনা কৰি শােকত মিয়মান হৈলাচিতক বর্তমান চামৰ বাতৰি শুনাব বিচাৰিছে। কবিয়ে দেখা পাইছে যে বর্তমান সময়ত অসমত লাচিতৰ দৰে কোনাে বীৰ আৰু স্বদেশপ্রেমিক নাই। আজিৰ অসমীয়াসকলৰ স্বদেশপ্রেম ভুৱা আৰু কৃত্রিম। সিহঁতে অন্তৰৰ পৰা একো নকৰে। সিহঁতে মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানাে বজাই, আৰতি কৰি বা মমবাতি জ্বলাই পূজাৰ বেদীত থৈ দেশৰ পৰিৱৰ্তন আনিব খােজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্রতি কাৰোৰ মন-কাণ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীর্ণতা, গােষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুকৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়াে সিহঁতে তর্ক-বিতর্ক কৰে। তেওঁলােকে বক্তৃতাৰে ৰণ জয় কৰিব খােজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্রেম ভাওনা পাতে। তেওঁলােকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খােজে। সিহঁতে লাচিতৰ স্বদেশ প্ৰেমৰ তাৎপর্য বুজি নাপায়। কবিয়ে বর্তমানৰ অসমবাসীৰ এইবােৰ ভণ্ডামী আৰু কৃত্রিমতাৰ বাতৰি লাচিত ফুকনক শুনাব বিচাৰিছে।

Class 11 Assamese Lesson 14

৪। লাচিত ফুকন কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্রেম কিদৰে পৰিস্ফুট হৈছে আলােচনা কৰা।
উত্তৰ : ‘লাচিত ফুকন’ কবিতাটিৰ মাজেৰে কবি দেৱকান্ত বৰুৱাৰ অকপট স্বদেশপ্রেম প্রকাশ পাইছে। আজিৰ অসমীয়াই অন্তৰৰ পৰা একো নকৰে। সিহঁতে মন্দিৰত শংখ-ঘন্টাৰ ঠাইত পিয়ানাে বজাই আৰতি কৰি বা মমবাতি জ্বলাই পূজাৰ বেদীত থৈ দেশৰ পৰিৱর্তন আনিব খােজে। দেশৰ হাজাৰ হাজাৰ মানুহ খাবলৈ নাপাই মৰি আছে, তাৰ প্রতি কাৰাে মন-কাণ নাই। বিদেশত ঘটি থকা বিপ্লৱ বা পৰিৱৰ্তনৰ খবৰ ৰখাৰ ঠাইত সিহঁতে কাণিৰ মূল্য নিৰূপণত ব্যস্ত থাকে। বিপ্লৱৰ নামত সিহঁতে সংকীর্ণতা, গােষ্ঠীবাদ আৰু অন্ধবিশ্বাসহে অনুকৰণ কৰে। শাস্ত্ৰৰ ধ্যান-ধাৰণাক লৈয়াে সিহঁতে তর্ক-বিতর্ক কৰে। তেওঁলােকে বক্তৃতাৰে ৰণ জয় কৰিব খােজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্রেমৰ ভাওনা পাতে। তেওঁলােকে ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খােজে। সিহঁতে লাচিতৰ স্বদেশ প্ৰেমৰ তাৎপর্য বুজি নাপায়। কবিয়ে এনেদৰে অসমীয়া লােকৰ ভুৱা স্বদেশপ্ৰেমৰ ছবি অংকন কৰি অসমীয়া জাতিৰ দুৰ্দশা আৰু অতীত গৌৰৱৰ স্খলন হােৱা বাবে শােক কৰি স্বদেশৰ প্রতি কবিৰ প্রেম প্রকাশ কৰিছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা

(ক) “বক্তৃতা দি আকাশ কঁপাই চিঞৰত টেটু ফালি বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি।”
উত্তৰ : উদ্ধৃত কবিতাফাঁকি ‘সাহিত্য সৌৰভৰ অন্তর্গত দেৱকান্ত বৰুৱাই ৰচনা কৰা লাচিত ফুকন’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
বর্তামনৰ ভুৱা দেশপ্রেমিক কার্যকলাপৰ চিত্র অংক কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। আজিৰ অসমীয়াই বক্তৃতাৰে ৰণ জয় কৰিব খােজে। সিহঁতে বাঁহৰ কামীত চূণ সানি স্বদেশপ্রেমৰ ভাওনা পাতে। লােকেল ব’র্ডৰ সদস্য, এছেম্বলীত মন্ত্রীত্ব পােৱা অর্থাৎ ক্ষমতাৰ গাদী দখল কৰাৰ মাধ্যমেৰে দেশ সেৱা কৰিব খােজে। সিহঁতে লাচিতৰ স্বদেশ প্ৰেমৰ মূল্য বুজি নাপায়। কবিয়ে এনেদৰে অসমীয়া লােকৰ ভুৱা স্বদেশপ্রেমৰ চিত্র অংকন কৰি অসমীয়া জাতিৰ দুৰ্দশা আৰু অতীত গৌৰৱৰ স্থলন হােৱা বাবে শােক কৰিছে।

লাচিত ফুকন একাদশ শ্ৰেণী

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া

(ক) দুর্মদ’ শব্দৰ অর্থ কি?
উত্তৰ : অতি পৰাক্ৰমী, দুর্ধর্ষ।

(খ) অসমীয়া ভাষাত পােন প্ৰথমতে কোনজন কবিয়ে দৈনন্দিন কথিত ভাষাৰ ৰূপ প্রয়ােগ কৰে?
উত্তৰ : দেৱকান্ত বৰুৱাই।

(গ)কোনজন অসমীয়া কবি অসমীয়া কবিতাৰ দুৱাৰ মুকলি কৰোতা’ বুলি খ্যাত?
উত্তৰ : দেৱকান্ত বৰুৱা।

১। দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্রথমে আধুনিকতাৰ প্রতিধ্বনি শুনা যায় ?

উত্তৰ: দেৱকান্ত বৰুৱাৰ “আমি দুৱাৰ মুকলি কৰো” কবিতাটিত প্রথম আধুনিকতাৰ প্রতিধ্বনি শুনা যায়।

২। দেশৰ বাতৰি শুনিবানে বীৰ’ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?

উত্তৰ : দেশৰ বাতৰি শুনিবানে বীৰ বুলি লাচিত ফুকনৰ কথা কোৱা হৈছে।

৩। নৰ শােণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্রীৰ’ ‘জয়শ্রী’ মানে কি?

উত্তৰঃ ‘জয়শ্রী’ মানে শক্ৰক পৰাজয় কৰাৰ পৰা হােৱা সৌভাগ্য বা সন্মান।

💬 Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam