বৰগীত Class 11 একাদশ শ্ৰেণী অসমীয়া Assamese Lesson 11

বৰগীত
বিষয়  অসমীয়া
পাঠৰ নাম বৰগীত (জয় জয় যাদৱ জলনিদিজা…)
লেখক
শ্ৰীমন্ত শংকৰদেৱ
শ্ৰেণী  একাদশ শ্ৰেণী
গােট- ৩  পদ্যাংশ
পাঠৰ নং অধ্যায় 11
পাঠ্যক্ৰম (Syllabus) অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

বৰগীত Class 11

পাঠভিত্তিক প্রশ্ন-উত্তৰ :

অতি চমু প্রশ্ন

১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো ?
উত্তৰঃ শংকৰদেৱৰ প্ৰথম বৰগীতটো হ’ল – ‘মন মেৰি ৰাম চৰণহি লাগু’।

২।শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি ?
উত্তৰ : ‘ভক্তি ৰত্নাকৰ’ হ’ল শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথি।

৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?
উত্তৰ : শংকৰদেৱে মুঠ ছয়খন নাট ৰচনা কৰিছিল।

৪। বৰগীতবােৰ কি ভাষাত ৰচিত ?
উত্তৰ : বৰগীতবােৰ ব্ৰজাৱলী ভাষাত ৰচিত।

৫। শংকৰদেৱৰ বৰগীতবােৰৰ প্রধান বক্তব্য কি?
উত্তৰঃ মানৱ জীৱনৰ ক্ষণস্থায়ীত্ব, সংসাৰৰ অনিত্যতা হৰিভক্তিৰ মহিমা আদি শংকৰদেৱৰ বৰগীতৰ প্রধান বক্তব্য বিষয়।

Class 11 Assamese Lesson 11

চমু প্রশ্ন

১। ‘শ্ৰুতমাত্রাখিলত্রাতা’ শব্দটোৰ অর্থ কি? ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে?
উত্তৰ : ‘শ্ৰুতমাত্রাখিলত্রাতা’ শব্দৰ অৰ্থ হ’ল শুনা বা শ্ৰৱণ কৰা মাত্রকে পৃথিৱীৰ সকলােকে উদ্ধাৰ কৰোতা। অন্য অর্থত বেদক উদ্ধাৰ কৰোঁতা।

২। বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা ?
উত্তৰ : বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম হ’ল – মধু আৰু কেশী।

৩। বৰগীতটিত ভগৱান শ্রীকৃষ্ণক কিয় ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে?
উত্তৰ : ‘মহানন্দ’ মানে পৰম আনন্দ। আনহাতে ‘কন্দ’ মানে মূল। শ্রীকৃষ্ণই হৈছে পৰম আনন্দৰ মূল কাৰণ। সেয়ে শ্রীকৃষ্ণক মহদানন্দ কন্দ’ বুলি কোৱা হৈছে।

৪। শ্রীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?
উত্তৰ : শ্রীকৃষ্ণই মহস্য অৱতাৰত প্রলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল।

৫। বৰগীতটিত শ্ৰৱণ, স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?
উত্তৰ : ভগৱান শ্ৰীকৃষ্ণৰ নাম শ্ৰৱণ কৰা মাত্রকে জগতৰ সকলাে বস্তুৱেই পৱিত্ৰ হয় আৰু পাপৰ পৰা মুক্তি পায়। কবিয়ে বৰগীতটিত কবিয়ে শ্রীকৃষ্ণৰ শ্ৰৱণ স্মৰণৰ মহিমা প্রকাশ কৰিছে এনেদৰে, “জয় জয় যাদৱ জলনিধিজা ধৱ ধাতা শ্ৰুতমাত্রাখিলত্রাতা স্মৰণে কৰয় সিদ্ধি।”

লগতে পঢ়ক:   লাচিত ফুকন Class 11 Assamese Lesson 14 প্ৰশ্ন উত্তৰ একাদশ শ্ৰেণী

বৰগীত একাদশ শ্ৰেণী

দীঘল প্রশ্ন

১। শংকৰদেৱৰ জয় জয় যাদৱ জলনিধিজা’ বৰগীতটিৰ মূলভাৱ লিখা।
উত্তৰ : সাগৰ কন্যা লক্ষ্মীৰ পতি ভগৱান শ্রীকৃষ্ণৰ নামৰ অপাৰ মহিমা।তেওঁৰ নাম শ্ৰৱণ কৰা মাত্রকে জগতৰ সকলাে বস্তুয়েই পৱিত্র হয়, পাপৰ পৰা উদ্ধাৰ হয়। এইজন ভগৱান শ্রীকৃষ্ণই প্রলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল। মংগলময় শিৱৰূপে তেৱেঁই বিৰাজমান। এই জগতৰ জীৱনস্বৰূপ শ্রীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন।তেওঁ ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰিছিল। কেশী, মধু, মূৰ আদি অসুৰক বধি জগতৰ অন্ধকাৰ হৰণ কৰিছিল।শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দর্য অতুলনীয়। ই শৰৎ কালৰ জোনৰ সৌন্দর্যকে চেৰ পেলায়। এনে মধুৰ মুৰুতিধাৰী ভগৱানৰ চৰণ কমললৈ কবিয়ে প্রণিপাত জনাইছে।

২। বৰগীতটিৰ মাজেৰে ভগৱান শ্রীকৃষ্ণৰ পৰম মঙ্গলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰ : “জয় জয় যাদৱ জলনিধিজা ধৱ ধাতা” বৰগীতটিৰ মাজেৰে কবিয়ে ভগৱান শ্রীকৃষ্ণৰ নামৰ মহিমা আৰু পৰম মংগলময় ৰূপ প্ৰকাশ কৰিছে।
লক্ষ্মীৰ পতি ভগৱান শ্রীকৃষ্ণৰ নামৰ মহিমা অপাৰ। তেওঁৰ নাম শ্ৰৱণ কৰা মাত্রকে জগতৰ সকলাে বস্তুয়েই পৱিত্ৰ হয় আৰু সকলাে পাপৰ পৰা উদ্ধাৰ হয়। এইজন ভগৱান শ্রীকৃষ্ণই প্রলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল। মংগলময় শিৱৰূপে তেৱেঁই বিৰাজমান। এইজগতৰ জীৱনস্বৰূপ শ্রীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন। তেওঁ ৰাক্ষসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰিছিল। কেশী, মূৰ, মধু আদি অসুৰক বধ কৰি জগতৰ আন্ধাৰ নাশ কৰিছিল। শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দর্য অতুলনীয়। ই শৰৎকালৰ জোনৰ সৌন্দর্যকো চেৰ পেলায়। এনে মধুৰ মুৰুতিধাৰী ভগৱানৰ চৰণ কমললৈ কবিয়ে প্রণিপাত জনাইছে।

৩। বৰগীতটিত শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে আছে বুজাই লিখা।
উত্তৰ : বৰগীতটিত শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা আছে। পীতবসন ধাৰণ কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দর্য তুলনাবিহীন। তেওঁৰ সৌন্দর্যই শৰৎ কালৰ জোনৰ সৌন্দর্যকো চেৰ পেলায়।

৪। কবিতাটিৰ ভাৱ-ভাষাৰ সৌন্দর্য সম্পর্কে আলােচনা কৰা।
উত্তৰ : কাব্যিক সৌন্দর্য কবিতা বা গীতৰ লগত নিবিড়ভাৱে জড়িত হৈ থকা এটি বিষয় ভাৱ, ভাষা, ছন্দ, অলংকাৰ, ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দর্য প্রকাশ পায়। বৰগীতটিত ‘জগজনজীৱন অজন জনার্দন দনুজ দমন দুখহাৰী’ শাৰীটোত ‘জ’ আৰু ‘দ’ ব্যঞ্জন বর্ণ দুটা বাৰে বাৰে ব্যৱহাৰ কৰি কবিয়ে ধ্বনি মাধুৰ্যৰ সৃষ্টি কৰিছে। একেদৰে শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দর্য মাধুৰী অধিক সুন্দৰৰূপত দাঙি ধৰিছে। কাব্যিক সৌন্দর্যৰ বিচাৰত ই এটি শ্ৰেষ্ঠ গীত।

লগতে পঢ়ক:   কুশল কোঁৱৰ Class 11 (নাটক) একাদশ শ্ৰেণী অসমীয়া

৫। প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা:

(ক) জগজনজীৱন অজন জনার্দন দনুজদমন দুখহাৰী।
মহদাদ কন্দ পৰমানন্দ নন্দ নন্দন বনচাৰী।।
উত্তৰ : উক্ত কবিতা কেইশাৰী আমাৰ সাহিত্য সৌৰভ’ৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত “জয় জয় যাদৱ জলনিধিজা ধৱ ধাতা” শিৰােনামাৰ বৰগীতটিৰ পৰা উদ্ধৃত কৰা হৈছে।

শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা ক’বলৈ যাওঁতে কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। লক্ষ্মীৰ পতি ভগৱান শ্রীকৃষ্ণৰ নামৰ মহিমা অপাৰ। তেওঁৰ নাম শ্ৰৱণ কৰা মাত্রকে জগতৰ সকলো বস্তুয়েই পৱিত্ৰ আৰু উদ্ধাৰ হয়। মংগলময় শিৱৰূপে তেৱেঁই বিৰাজমান। এই জগতৰ জীৱনস্বৰূপ শ্রীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন।। তেওঁ ৰাক্ষসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰিছিল। কেশী, মূৰ, মধু, আদি অসুৰক বধি জগতৰ অন্ধকাৰ নাশ কৰিছিল। তেওঁৰ নাম স্মৰণ আৰু কীৰ্তন কৰি জীৱই পৰম আনন্দৰ লগতে পাপৰ পৰা মুক্তি লাভ কৰিব পাৰে।

বৰগীত Class 11

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়াঃ

(ক) অসমীয়া সাহিত্যত অংকীয়া নাট আৰু বৰগীতৰ প্ৰৱৰ্তন কোনে কৰে?
উত্তৰ : অসমীয়া সাহিত্যত শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাট আৰু বৰগীতৰ প্ৰৱর্তন কৰে।

(চ) ‘ত্রাতা’ মানে কি ?
উত্তৰ : ‘ত্রাতা’ মানে উদ্ধাৰকৰ্তা।

(ক) শ্ৰীশংকৰদেৱৰ “জয় জয় যাদব জলনিধিজা’ বৰগীতটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ : শ্ৰীশংকৰদেৱৰ “জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি হৰিনাৰায়ণ দত্ত বৰুৱা সম্পাদিত ‘বৰগীত’ নামৰ গ্রন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।

(গ) শ্ৰীশংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তি স্তম্ভ কি ?
উত্তৰ : শ্ৰীশংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ হ’ল কীর্তনঘােষা’।

১। শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো ?

উত্তৰঃ শংকৰদেৱৰ প্ৰথম বৰগীতটো হ’ল – ‘মন মেৰি ৰাম চৰণহি লাগু’।

২।শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি ?

উত্তৰ : ‘ভক্তি ৰত্নাকৰ’ হ’ল শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথি।

৩। শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?

উত্তৰ : শংকৰদেৱে মুঠ ছয়খন নাট ৰচনা কৰিছিল।

৪। বৰগীতবােৰ কি ভাষাত ৰচিত ?

উত্তৰ : বৰগীতবােৰ ব্ৰজাৱলী ভাষাত ৰচিত।

৫। শংকৰদেৱৰ বৰগীতবােৰৰ প্রধান বক্তব্য কি?

উত্তৰঃ মানৱ জীৱনৰ ক্ষণস্থায়ীত্ব, সংসাৰৰ অনিত্যতা হৰিভক্তিৰ মহিমা আদি শংকৰদেৱৰ বৰগীতৰ প্রধান বক্তব্য বিষয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top