অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ Class 11

অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ
বিষয়  অসমীয়া
পাঠৰ নাম অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ
লেখক
পদ্মনাথ গােহাঞিবৰুৱা
শ্ৰেণী  একাদশ শ্ৰেণী
পাঠৰ নং অধ্যায় 2
পাঠ্যক্ৰম (Syllabus) অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ একাদশ শ্ৰেণী

 অতি চমু প্রশ্ন

১। অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্রহকৰা হৈছে?
উত্তৰঃ অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ শীর্ষক পাঠটি পদ্মনাথ গােহাঞিবৰুৱাৰ মােৰ সোঁৱৰণী’ নামৰ আত্মজীৱনীমূলক গ্রন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২।মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্রমণ কৰিছিল ?
উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টত মহাত্মা গান্ধীয়ে পােন প্রথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল।

৩। পদ্মনাথ গােহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।
উত্তৰঃ পদ্মনাথ গােহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম –‘মােৰ সোঁৱৰণী।

৪। আগৰৱালৰ পকী কত অৱস্থিত ?
উত্তৰ: আগৰৱালৰ পকী’ তেজপুৰত অৱস্থিত।

৫। গান্ধীজীৰ সন্মানার্থে ‘পকী’ৰ সন্মুখত আয়ােজিত মজলিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰীৰ নাম লিখা।
উত্তৰ : গান্ধীজীৰ সন্মানার্থে ‘পকী’ৰ সন্মুখত আয়ােজিত মজলিত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তি গৰাকী নাম পদ্মনাথ গােহাঞিবৰুৱা।

অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ Class 11 চমু প্রশ্ন

১। পদ্মনাথ গােহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰ : ‘টেটোন তামুলী, আৰু ‘গাওঁবুঢ়া’ পদ্মনাথ গােহাঞি বৰুৱাই ৰচনা কৰা দুখন নাটক।

২। পদ্মনাথ গােহাঞি বৰুৱাই সম্পাদনা কৰা তিনিখন আলােচনীৰ নাম লিখা।
উত্তৰ: বিজুলী, আসাম বন্তি আৰু উষা হ’ল পদ্মনাথ গােহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলােচনী।

৩। পদ্মনাথ গােহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্রন্থৰ নাম লিখা।
উত্তৰঃ মােৰ সোঁৱৰণী, শ্রীকৃষ্ণ আৰু ভানুমতী হ’ল পদ্মনাথ গােহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম।

৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বােধন কৰি চিঠি লিখিছিল ?
উত্তৰ : মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰলক ‘Dear Sir’ বুলি সম্বােধন কৰি ‘Your Excellency’ ৰ ঠাইত ‘Your’ বুলি চিঠি লিখিছিল!

লগতে পঢ়ক:   বৰগীত Class 11 একাদশ শ্ৰেণী অসমীয়া Assamese Lesson 11

৫৷ অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ শীর্ষক পাঠটোত উল্লেখ থকা দুগৰাকী স্বাধীনতা যােদ্ধাৰ নাম লিখা।
উত্তৰ :তৰুণৰাম ফুকন আৰু মৌলানা মহম্মদ আলি হ’ল অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ’ শীর্ষক পাঠটোত উল্লেখ থকা দুগৰাকী স্বাধীনতা যােদ্ধা।

Class 11 Assamese Lesson 2 Question Answer

দীঘল প্রশ্ন

১। পদ্মনাথ গােহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবােৰ কাৰ্যৰ কাৰণে গান্ধীক লগ পাবলৈ উদগ্রীৱ হৈ পৰিছিল?
উত্তৰ: পদ্মনাথ গােহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কীর্তি কাহিনীৰ বিষয়ে আগৰে পৰা শুনি আছিল। দক্ষিণ আফ্রিকাত বর্ণবৈষম্যৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে লােৱা ভূমিকাৰ বিষয়ে দেশ-বিদেশত প্ৰচাৰ হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত গান্ধীজীৰ মহামানবিক গুণৰ বহুল প্রচাৰ হৈছিল। আনকি পাদ্রীসকলে মহাত্মা গান্ধীক যীশুখ্রীষ্টতকৈ ওপৰত আসন দিছিল। আকৌ মহাত্মা গান্ধী দক্ষিণ আফ্রিকাৰ পৰা ভাৰতলৈ উলটি আহি ভাৰতবৰ্ষক স্বাধীন কৰাৰ নেতৃত্ব বহন কৰে। এই সংক্রান্তত মহাত্মা গান্ধীয়ে এবাৰ সেই সময়ৰ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড ৰীডিং চাহাবলৈ ভাৰতবৰ্ষৰ হৈ এখন দীঘলীয়া চিঠি লিখে। সেই চিঠিত মহাত্মা গান্ধীয়ে গৱৰ্ণৰ জেনেৰলক ‘Dear Sir’ বুলি সম্বােধন কৰি ‘Your Excellency’ ৰ ঠাইত অকল ‘Your’ বুলি লিখিছিল। এইবােৰ কাৰণত পদ্মনাথ গােহঞিবৰুবাই মহাত্মা গান্ধী লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল।

২। গান্ধীজীৰ প্ৰথম অসম ভ্রমণ সম্পর্কে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্টত জাহাজেৰে অসমৰ তেজপুৰ ঘাটত উপস্থিত হয়। তেখেতৰ লগত মৌলনা মহম্মদ আলি, অসমলৈ আছিল। সিহঁতে বন্দৰত উপস্থিত হােৱাৰ সময়ত ধাৰাসাৰে বৰষুণ দি আছিল। তেনেতে পদ্মনাথ গােহাঞি বৰুৱাই লৰালৰিকৈ জাহাজত উঠি গান্ধীজীক নমস্কাৰ জনাইছিল। বৰষুণ বন্ধ হােৱাত সিহঁতে মহাত্মা গান্ধীক বাগীত উঠাই লৈ শােভাযাত্রা কৰি হৰিবিলাস আগৰৱালাৰ পকী কুঠী’লৈ লৈ যায়। আলধৰা সমিতিয়ে তাত গান্ধীজীক ছাগলীৰ গাখীৰেৰে জা-জলপান কৰায়। ইতিমধ্যে বাহিৰত অসংখ্য জনতাই গান্ধীজীক দর্শন কৰিবলৈ ভিৰ কৰি থকাত মহাত্মা গান্ধীক পকী ঘৰৰ চাদত তুলি দিয়া হয়। তাত মহাত্মা গান্ধীয়ে উদং গাৰে দৰ্শন দি ৰাইজক সন্তুষ্টি কৰে। পিছত কার্যতালিকা অনুসৰি হৰিবিলাস আগৰৱালাৰ ‘পকীৰ সন্মুখত বহল ঘাঁহনি পথাৰত মজলি পতা হয়। তাত মহাত্মা গান্ধীয়ে প্রায় দুই ঘন্টা সময় ‘স্বৰাজ আৰু অসহযােগিতা’ৰ ওপৰত বক্তৃতা দিয়ে।

লগতে পঢ়ক:   কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Class 11 Assamese Lesson 6

৩। গান্ধীজী আৰু পদ্মনাথ গােহাঞিবৰুৱাৰ মাজৰ কথােপকথনখিনি তােমাৰ ভাষাত বুজাই লিখা।
উত্তৰঃ ১৯২১ চনৰ ২১ আগষ্টত মহাত্মা গান্ধীয়ে ভাপ জাহাজেৰে অসমৰ তেজপুৰ ঘাটত উপস্থিত হয়। জাহাজঘাটৰ বন্ধা বােটত ভিৰাই এচটা চিৰি লগাওঁতেই পদ্মনাথ গােহাঞিবৰুৱাই সকলােৰে আগত লৰালৰিকৈ জাহাজত উঠে আৰু তৰুণ ৰাম ফুকনৰ নিৰ্দেশত গােহাঞিবৰুৱাই গান্ধীজীক নমস্কাৰ জনাই মহাত্মাজীৰ আপাদমস্তক নিৰীক্ষণ কৰি থকা সময়তে মিঃ ফুকনে গান্ধীজীৰ ওচৰত পদ্মনাথ গােহাঞিবৰুৱাক পৰিচয় কৰাই দিয়ক, “এখেত এজন তেজপুৰৰ আগৰণুৱা দেশহিতৈষী, অসমীয়া নেতা, ৰয়চাহাব পদ্মনাথ গােহাঞিবৰুৱা।” পদ্মনাথ গােহাঞিবৰুৱাৰ পৰিচয় পাই গান্ধীজীয়ে জিকাৰ খাই উঠি ক’লে, “আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।” মিঃ তৰুন ৰাম ফুকনে তেতিয়া বুজাই কয় যে গগাহাঞি বৰুৱা ৰাইজৰহে ৰায়চাহাব। তেতিয়া গান্ধীজীয়ে পদ্মনাথ গােহাইবৰুৱাৰ পিনে চাইক’লে, “যি হওক, আশা কৰে খিতাপৰ কিৰীটিয়ে পাক ঘূৰণি খুৱাই আপােনাক ৰাইজৰ প্রতিকুলমুখীয়া নকৰক যেন।” পিছত পদ্মনাথ গােহাঞিবৰুৱাই পিন্ধি থকা পাটৰ কুর্তা আৰু চেলেংখনলৈ চাই মহাত্মা গান্ধীয়ে গােহাঞিবৰুৱাক কৈছিল, “আপােনাৰ চোলা চুৰিয়াৰ দৰে চাদৰাে সম্পূর্ণ স্বদেশী হয় যেন।”

৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়ােজন কৰিছিল বুজাই লিখা।
উত্তৰঃ গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত তেজপুৰৰ হৰিবিলাস আগৰৱালাৰ পকী ঘৰৰ সন্মুখত বহল ঘাঁহনি পথাৰত দলিচা, সতৰঞ্চি, ত্রিপাল, নগাচাৰি পাৰি মজলিচ বৈঠকৰ আয়ােজন কৰা হৈছিল। কার্যতালিকা অনুসৰি টাউনৰ বহুত গণ্যমান্য লােকসকলে মজুলিচত যােগ দিয়ে। কিন্তু পদ্মনাথ গােহাঞিবৰুৱাৰ বাহিৰে আন কোনাে চৰকাৰী বিষয়ববীয়াই সেই মজলিচত যােগ দিয়া নাছিল।ইয়াৰ পিছত মহাত্মা গান্ধীয়ে চালপীৰা এখনৰ ওপৰত উপবিষ্ট হৈ হিদী আৰু গুজৰাটী ভাযাত স্বৰাজ আৰু অসহযােগিতা’ৰ ওপৰত দুইঘন্টামান সময় বক্তৃতা দিয়ে।

৫। “আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।” এই কথাষাৰ কোনে কি প্রসঙ্গত কৈছিল বুজাই লিখা।
উত্তৰ: মহাত্মা গান্ধীজীক বহন কৰি অনা ভাপ জাহাজখন ৰাতিপুৱা ৯ বজাত তেজপুৰ ঘাটত উপস্থিত হয়। তেতিয়া ধাৰাসাৰে বৰষুণ দি আছিল। এনেতে পদ্মনাথ গগাহাঞিবৰুৱাই জাহাজখনত উঠি মহাত্মা গান্ধীক নমস্কাৰ জনায়। তেতিয়া তৰুণ ৰাম ফুকনে মহাত্মা গান্ধীৰ লগত পদ্মনাথ গােহাঞিবৰুৱাক পৰিচয় কৰাই দি কয়, “এখেত এজন তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা, -ৰায়চাহাব পদ্মনাথ গােহাঞিবৰুৱা।” পদ্মনাথ গােহাঞিবৰুৱাৰ পৰিচয় পাই গান্ধীজীয়ে জিকাৰ খাই উঠি উক্ত কথাষাৰ ব্যক্ত কৰিছিল।

লগতে পঢ়ক:   এখন চিঠি Class 11 হেম বৰুৱা একাদশ শ্ৰেণী কবিতা

অসমত মহাত্মা গান্ধীৰ পােন প্রথম পদার্পণ প্রশ্ন-উত্তৰ

(ক) হৰিবিলাস আগৰৱালাৰ ঘৰত মহাত্মা গান্ধীক কিহেৰে আপ্যায়ন কৰা হৈছিল ?
উত্তৰ: ছাগলীৰ গাখীৰেৰে।

(খ) গান্ধীজীয়ে তেজপুৰত কিহৰ ওপৰত বক্তৃতা দিছিল?
উত্তৰঃ স্বৰাজ আৰু অসহযােগিতাৰ ওপৰত।

(গ) মহাত্মা গান্ধীৰ লগত অসমকৈ অহা নেতাজন কোন আছিল?
উত্তৰঃ মৌলানা মহম্মদ আলি চাহাব।

(ঘ) অসমীয়া ভাষাৰ প্রথম উপন্যাসখনৰনাম কি?
উত্তৰ : পদ্মনাথ গােহাঞিবৰুৱাৰ ভানুমতী’।

(ঙ) পদ্মনাথ গােহাঞিবৰুৱাৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ শ্ৰীকৃষ্ণ।

(চ) অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন কোন আছিল?
উত্তৰ: পদ্মনাথ গােহাঞিবৰুৱা।

(ছ) অসম সাহিত্য সভাৰ প্রথম অধিবেশন কত অনুষ্ঠিত হৈছিল? 
উত্তৰঃ শিৱসাগৰত।

(জ) পদ্মনাথ গােহাঞিবৰুৱাইভাৰত চৰকাৰৰ পৰা কি উপাধি পাইছিল?
উত্তৰঃৰায়চাহাব।

(ঝ)তেজপুৰৰ কোনজন উকীলে মহাত্মা গান্ধী আৰু মহম্মদআলি চাহাবক নমস্কাৰ জনাইছিল?
উত্তৰঃ বাবু মহেন্দ্রনাথ উকীলে।

Also Read: ধনৰ ব্যৱহাৰ

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top