নাগৰিকত্ব Class 11 Political Science Chapter 16 Assamese Medium

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম নাগৰিকত্ব
শ্ৰেণী  একাদশ শ্ৰেণী
গােট খ – শাখা
পাঠৰ নং অধ্যায় – ৬
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

নাগৰিকত্ব Class 11

ক. অতি চম প্রশ্নোত্তৰ : (প্রত্যেকটোৰ মূল্যাংক – ১)

১।কোনখন নাগৰিক আইনেৰে বর্তমান ভাৰতীয় নাগৰিকত্ব নিয়ন্ত্রণ কৰা হয় ?
উত্তৰ : ১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব আইন ।

২। ভাৰতৰ জনসাধাৰণে কেতিয়াৰ পৰা ভাৰতীয় নাগৰিকত্ব লাভ কৰে।
উত্তৰ : ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা।

৩। এজন বিদেশীয়ে ভাৰতত কি অধিকাৰ ভােগ কৰিব নােৱাৰে?
উত্তৰ : ৰাজনৈতিক অধিকাৰ।

৪। বিশ্বৰ কোনখন বিপ্লৱে নাগৰিকত্বৰ ধাৰণাক বহলৰূপ প্ৰদান কৰিছিল?
উত্তৰ : ফৰাচী বিপ্লৱে।

৫। তেজৰ সম্পৰ্ক অনুসৰি কোনাে ব্যক্তিয়ে পিতৃ-মাতৃৰ___গ্ৰহণ কৰে। (খালী ঠাই পূৰকৰা)
উত্তৰ : নাগৰিকত্ব।

৬। নাগৰিকত্বৰ ধাৰণা এটি_____ধাৰণা। (খালী ঠাই পূৰণ কৰা)
উত্তৰ : গতিশীল।

৭। সাধাৰণতে নাগৰিকত্ব অর্জনৰ_____ পদ্ধতি আছে। (খালী ঠাই পূৰণ কৰা)
উত্তৰ: দুটা।

৮। নাগৰিক ৰাষ্ট্র এখনৰ স্থায়ী বাসিন্দা হয়নে?
উত্তৰ: হয়।

৯। এজন নাগৰিকে দেশ এখনত সকলাে ধৰণৰ অধিকাৰ ভােগ কৰে নে?

উত্তৰ : কৰে।

১০। নির্ভীকতা সুনাগৰিকৰ এটা গুণ হয় নে?
উত্তৰ : হয়।

১১। ৰাষ্ট্ৰত থকা সকলাে ব্যক্তিয়েই নাগৰিক হয় নে?
উত্তৰ : নহয়।

১২। এজন বিদেশীক দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰি নে?
উত্তৰ : পাৰি।

১৩। বহু দিন স্বদেশত নাথাকিলে নাগৰিকত্ব লােপ পায়। – সঁচা নে?
উত্তৰ : সঁচা।

১৪। কেনেকুৱা চৰকাৰ ব্যৱস্থাত দ্বিনাগৰিকত্বৰ ব্যৱস্থা আছে?
উত্তৰ : যুক্তৰাষ্ট্ৰীয় চৰকাৰ ব্যৱস্থাত।

১৫। সুনাগৰিকৰ এটা অন্তৰায় উল্লেখ কৰা।
উত্তৰ : অজ্ঞতা।

১৬। নাগৰিকত্ব হেৰুৱাৰ এটা উপায় উল্লেখ কৰা৷
উত্তৰ : সৈন্য বাহিনীৰ পৰা পলায়ন কৰা।

১৭। দেশীয়কৰণৰ যােগেদি নাগৰিকত্ব লাভৰ এটা উপায় লিখা।
উত্তৰ : দীর্ঘকাল বসবাস।

১৮। নাগৰিকে উপভােগ কৰা আৰু এজন বিদেশীয়ে উপভােগ কৰিব নােৱাৰা এটা অধিকাৰৰ নাম লিখা।
উত্তৰ : ভােটদানৰ অধিকাৰ।

১৯। নাগৰিক আৰু বিদেশী উভয়ে উপভােগ কৰা এটা অধিকাৰ উল্লেখ কৰা।
উত্তৰ : ধর্মীয় অধিকাৰ।

২০। “যিসকল লােকৰ দেশৰ প্ৰশাসনীয় আৰু ন্যায়িক কামত অংশ গ্রহণৰ ক্ষমতা আছে সেইসকল লােকক ৰাষ্ট্রৰ নাগৰিক বুলি ক’ব পাৰি।– উক্তিটো” কাৰ?
উত্তৰ: এৰিষ্টটল।

লগতে পঢ়ক:   জাতীয়তাবাদ Class 11 Political Science Chapter 17 Assamese Medium

নাগৰিকত্ব Class 11 Question Answer

খ, চমু প্রশ্নোত্তৰ : (প্রত্যেকটোৰ মূল্যাংক – ২)

১। মার্টিন লুথাৰ কিং (কনিষ্ট) কোন আছিল ? তেওঁ কিয় বিশ্ব বিখ্যাত?
উত্তৰ : মার্টিন লুথাৰ কিং আছিল বিংশ শতাব্দীৰ মার্কিন যুক্তৰাষ্ট্ৰৰ পৌৰ আন্দোলনৰ এজন কৃষ্ণাঙ্গ নেতা। তেওঁ সেই সময়লৈকে চলি থকা কৃষ্ণাঙ্গ আৰু শ্বেতাঙ্গসকলৰ মাজত বর্ণ বৈষম্যবাদৰ বিৰুদ্ধে আন্দোলন কৰি সফল হৈছিল। তেওঁৰ আন্দোলন শান্তিপূর্ণ আৰু অহিংস আছিল। তেওঁ পৌৰ আন্দোলনৰ
নেতা হিচাপে বিশ্ব বিখ্যাত।

গ. চমু প্রশ্নোত্তৰ :  (প্রত্যেকটোৰ মূল্যাংক -৪)

১। নাগৰিকত্ব বিলােপসাধনৰ কাৰণবােৰ উল্লেখ কৰা।
উত্তৰ : নাগৰিকত্ব বিলাপ সাধনৰ কেইবাটাও কাৰণ আছে। যেনে –
(ক) সেন্য বাহিনীৰ পৰা পলাইগ’লে নাগৰিকত্ব হানি হ’ব পাৰে।
(খ) এজন ব্যক্তিয়ে বেলেগ দেশৰ নাগৰিকত্ব গ্রহণ কৰিলে নিজ ৰাষ্ট্ৰৰ নাগৰিকত্ব হেৰুৱায় ।
(গ) ৰাষ্ট্রবিৰােধী কোনাে গুৰুতৰ অপৰাধ কৰিলে কোনাে ব্যক্তিৰ নাগৰিকত্ব হানি হ’ব পাৰে।
(ঘ) দীর্ঘ দিন স্বদেশত উপস্থিত নাথাকিলেও নাগৰিকত্ব হানি হয়।
(ঙ) বিদেশত স্থায়ীভাৱে চাকৰি কৰিলেও নাগৰিকত্ব হানি হ’ব পাৰে।
(চ) শত্ৰু ৰাষ্ট্ৰৰ পৰা কোনাে উপাধি গ্রহণ কৰিলেও নাগৰিকত্ব হানি হ’ব পাৰে।
(ছ) কোনাে মহিলাই বিদেশৰ কোনাে পুৰুষৰ লগত বিয়া হ’লে নিজ দেশৰ নাগৰিকত্ব হেৰুৱায়।

২। নাগৰিক আৰু বিদেশীৰ মাজত থকা পার্থক্য উল্লেখ কৰা।
উত্তৰ : নাগৰিক আৰু বিদেশীৰ মাজত থকা পার্থক্যসমূহ হ’ল।
(ক) নাগৰিক এখন দেশৰ স্থায়ী বাসিন্দা। আনহাতে বিদেশী এজন অস্থায়ী বাসিন্দা।
(খ) এজন নাগৰিকে নিজ দেশৰ ভৌগােলিক পৰিসীমাৰ ভিতৰত মুক্তভাৱে ঘূৰা-ফুৰা কৰিব পাৰে। কিন্তু বিদেশী এজনৰ ক্ষেত্ৰত সীমাবদ্ধতা থাকে।
(গ) নাগৰিক এজন নিজ দেশৰ প্ৰতি থকা কর্তব্য পালন কৰিবলৈ বাধ্য। কিন্তু বিদেশী এজনে সেইখন দেশৰ প্রতি কর্তব্য পালন কৰিবলৈ বাধ্য নহয়।
(ঘ) এজন নাগৰিকে নিজ দেশত ৰাজনৈতিক আৰু অন্যান্য অধিকাৰ ভােগ কৰে। কিন্তু বিদেশী এজনে আন দেশত ৰাজনৈতিক বা অন্যান্য সকল অধিকাৰ ভােগ কৰিব নােৱৰে।
(ঙ) নাগৰিক এজনে নিজ ৰাষ্ট্রৰ প্রতি আনুগত্য দেখুৱায়। কিন্তু বিদেশী এজনে তেওঁৰ নিজৰাষ্ট্ৰৰ প্ৰতিহে আনুগত্য দেখুৱায়।

৩। সুনাগৰিকৰ পাঁচটা প্রতিবন্ধকতা উল্লেখ কৰা।
উত্তৰ : সুনাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত কিছুমান। অন্তৰায় থকা দেখা যায়। যেনে।
(ক) দেশৰ প্ৰতি থকা দায়বদ্ধতাৰ প্রতি উদাসীনতা সুনাগিৰিকত্ব প্রধান অন্তৰায়।
(খ) অজ্ঞতা বা নিৰক্ষৰতা সুনাগৰিকত্বৰ আন এক প্রতিবন্ধক কাৰণ অজ্ঞ নাগৰিকৰ পৰা ৰাষ্ট্ৰইসুফল আশা কৰিব নােৱাৰে।
(গ) স্বাৰ্থপৰতা সুনাগৰিকত্বৰ এক অন্তৰায় । কাৰণ স্বার্থপৰ নাগৰিকে নিজ স্বার্থ পুৰণ কৰিবলৈ গৈ ৰাষ্ট্ৰব স্বাথত আঘাত কৰিব পাৰে।
(ঘ) দৰিদ্ৰতাও সুনাগৰিকত্বৰ এক অন্তৰায় । কাৰণ দৰিদ্ৰতাৰ কৱলত পৰি এজন নাগৰিকে অসামাজিক বা ৰাষ্ট্ৰ বিৰােধী কামত লিপ্ত হ’ব পাৰে।
(ঙ) সংকীর্ণ দলীয় মনােভাৱ সুনাগৰিকত্বৰআন এক প্রতিবন্ধকতা। কাৰণ সংকীর্ণ দলীয় মনােভাৱে ৰাষ্ট্ৰীয় স্বার্থ বা জনস্বার্থ হানি কৰিব পাৰে।

লগতে পঢ়ক:   শান্তি Class 11 [প্রশ্নোত্তৰ] ৰাজনীতি বিজ্ঞান একাদশ শ্ৰেণী

৪। সুনাগৰিকৰ চাৰিটা গুণ উল্লেখ কৰা।
উত্তৰ : এজন ব্যক্তি এখন দেশৰ সুনাগৰিক হ’বলৈ হ’লে কেইবাটাও গুণ থাকিব লাগিব । যেনে
(ক) সুনাগৰিক হ’বলৈ এজন ব্যক্তি শিক্ষিত হ’ব লাগিব——- যাতে তেওঁ ভাল-বেয়া বিচাৰ কৰিব পাৰে।
(খ) সুনাগৰিক হ’বলৈ হ’লে ৰাষ্ট্রৰ আইন-কানুন, নীতি-নিয়ম মানি চলিব লাগিব।
(গ) সুনাগৰিক হ’বলৈ হ’লে ব্যক্তি এজন ব্যক্তিগত স্বার্থতকৈ সামূহিক স্বার্থৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব।
(ঘ) সুনাগৰিক হ’বলৈ এজন লােকৰ বুদ্ধি, বিবেক শক্তি আৰু আত্ম সংযম গুণ থাকিব লাগিব।

৫। বিশ্বনগৰিকত্বৰ ধাৰণাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : বিংশ শতাব্দীৰ দ্বিতীয়ার্ধৰ পৰা বিশ্বত প্রযুক্তি বিদ্যাৰ ইমানেই সম্প্ৰসাৰণ আৰু উন্নয়ন হৈছে যে আজিকালি বিশ্বৰ এটা প্ৰান্তৰ লগত আন এক প্রান্তৰ যােগাযােগ অতি সহজ হৈ পৰিছে। কম্পিউটাৰ আৰু ইন্টাৰনেটৰ আৱিষ্কাৰে বিশ্বখনক ইমানেই সংকুচিত কৰিছে যে বিশ্বখন এক গােলকীয় গাওঁত পৰিণত হৈছে। ফলত সাম্প্রতিক কালত বিশ্ব নাগৰিকত্ব ধাৰণাৰ জন্ম হৈছে। ইয়াৰ উপৰিও আজিকালি বিশ্বত জনসংখ্যা অত্যধিক বৃদ্ধি পােৱাৰ বাবেও বিশ্বৰ লােকসকলৰ এখন দেশৰ পৰা আন এখন দেশলৈ প্ৰব্ৰজনৰ সংখ্যাও বৃদ্ধি পাইছে। গতিকে বিশ্ব নাগৰিকত্বইগা কৰি উঠিছে। বিশ্ব নাগৰিকত্ব ধাৰণাৰ পৰিণতি শুভ যেন দেখা গৈছে। কাৰণ এই ধাৰণাইবিশ্বৰ জনসাধাৰণৰ মাজত ভাতৃত্ববােধ আৰু সহযােগিতা বৃদ্ধি কৰিছে।

Class 11 Political Science Chapter 16 Assamese Medium

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৬)

১। নাগৰিকত্বৰ সংজ্ঞা দিয়া। নাগৰিকত্ব লাভৰ উপায়বােৰ আলােচনা কৰা।
উত্তৰ : এখন ৰাষ্ট্ৰৰ সাংবিধানিক অধিকাৰ ভাগ। কৰিব পৰাকৈ স্থায়ীভাৱে বসবাস কৰা আৰু ৰাষ্ট্ৰখনৰ প্রতি দায়বদ্ধ থকা লােকসকলক নাগৰিক বুলি কোৱা হয়। এৰিষ্ট’টলৰ মতে , “যিসকল লােকৰ নিজ দেশৰ প্রশাসনীয় আৰু ন্যায়িক কামত অংশ গ্রহণৰ ক্ষমতা আছে সেইসকল লােককৰাষ্ট্ৰৰ নাগৰিক বুলি ক’ব পাৰি। এখন দেশৰ নাগৰিকত্ব লাভ কৰাৰ প্রধান উপায় দুটা। যেনে – জন্মৰ দ্বাৰা আৰু দেশীয়কৰণৰ দ্বাৰা। তলত উপায়বােৰ চমুকৈ আলােচনা কৰা হ’ল –

লগতে পঢ়ক:   ন্যায়পালিকা Class 11 Political Science Chapter 6 Assamese Medium

(১) জন্মৰ দ্বাৰা : জন্ম সূত্রে এখন দেশৰ নাগৰিকত্ব লাভৰ দুটা পদ্ধতি আছে। যেনে, (ক) তেজৰ সম্পৰ্কৰ দ্বাৰাঃ তেজৰ সম্পর্ক অনুসৰি কোনাে ব্যক্তিয়ে তেওঁৰ পিতৃ-মাতৃৰ দেশৰ নাগৰিকত্ব লাভ কৰে।

(খ) জন্মস্থান অনুসৰি : এই নীতি অনুসৰি এজন ব্যক্তি যি দেশত জন্ম গ্রহণ কৰে সি সেই দেশৰ নাগৰিক । উদাহৰণ স্বৰপে এহাল ভাৰতীয় দম্পত্তিৰ সন্তান এজন আমেৰিকাত জন্ম গ্রহণ কৰিলে সি জন্মস্থান নীতি অনুসৰি আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিব। আনহাতে তেজৰ সম্পৰ্কৰ নীতি অনুসৰি তেওঁ পিতৃ- মাতৃৰ দেশৰ নাগৰিকত্ব লাভ কৰিব।

(চ) দেশীয়কৰণ পদ্ধতি : দেশীয়কৰণ পদ্ধতিৰ কেইবাটাও উপায় আছে। যেনে—–
(ক) বিয়া : যদি কোনাে মহিলাই অন্য দেশৰ পুৰুষক বিয়া কৰায়, তেন্তে তেওঁ স্বামীৰ দেশৰ নাগৰিকত্ব লাভ কৰিব। উদাৰহণ স্বৰূপে ইটালি দেশৰ মহিলা এগৰাকীয়ে ভাৰতীয় পুৰুষ এজনৰ লগত বিয়াত সােমালে তাই ভাৰতীয় নাগৰিকত্ব লাভ কৰিব।

(খ) চৰকাৰী চাকৰি : যদি কোনাে এজন লােক আন কোনাে দেশৰ চৰকাৰৰ অধীনত চাকৰি কৰে, তেন্তে তেওঁ ইচ্ছা কৰিলে চাকৰি কৰি থকা দেশৰ আইন অনুসৰি সেই দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে।
(গ) সম্পত্তিৰ ক্ৰয় : আন দেশত স্থায়ী সম্পত্তি ক্রয় কৰি ব্যক্তি এজনে সেই দেশৰ নাগৰিকত্ব লাভ কৰিব পাৰে।
(ঘ) সৈনিক বৃত্তি গ্রহণ: এজন ব্যক্তিয়ে যদি আন দেশৰ সেনাবাহিনীত যােগদান কৰে, তেন্তে তেওঁ নিজ দেশৰ নাগৰিকত্ব হেৰুৱায় আৰু চাকৰি কৰি থকা দেশৰ নাগৰিকত্ব লাভ কৰে।
(ঙ) পঞ্জীয়ন : কোনাে ব্যক্তি অন্য এখন দেশৰ নাগৰিকত্ব লাভ কৰিবলৈ ইচ্ছা কৰিলে সি সেই দেশত আবেদন কৰি পঞ্জীয়নৰ মাধ্যমেদিনাগৰিকত্ব লাভকৰিব পাৰে।

(চ) বিদেশী ৰাষ্ট্ৰৰ ভূমি চামিলকৰণৰ যােগেদি : কোনাে ৰাষ্ট্ৰই আন কোনাে ৰাষ্ট্ৰৰ ভূমি অধিগ্রহণ কৰিলে বা নিজ দেশৰ লগত চামিল কৰিলে,সেই ভূমি ভাগত বসবাস কৰি থকা সকলাে লােক অধিগ্রহণ কৰা দেশৰ নাগৰিকত্ব লাভ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top