WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » একাদশ শ্ৰেণী অসমীয়া » ধনৰ ব্যৱহাৰ Class 11 Question Answer অসমীয়া একাদশ শ্ৰেণী

ধনৰ ব্যৱহাৰ Class 11 Question Answer অসমীয়া একাদশ শ্ৰেণী

ধনৰ ব্যৱহাৰ Question Answer | Class 11 Assamese Chapter 1 Question Answer | ধনৰ ব্যৱহাৰ question answer | একাদশ শ্ৰেণী অসমীয়া

বিষয় অসমীয়া
পাঠৰ নামধনৰ ব্যৱহাৰ
শ্ৰেণী একাদশ শ্ৰেণী
পাঠৰ নংঅধ্যায় ১০
পাঠ্যক্ৰম (Syllabus)অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ধনৰ ব্যৱহাৰ Class 11 Question Answer

অতি চমু প্রশ্ন

১। কৃপণ লােকৰ দুই ধর্ম কি?
উত্তৰঃ কৃপণ লােকৰ দুই ধর্ম হ’ল – ধনেৰে মাথাে বস্ত্র ক্রয় কৰা আৰু খাদ্য সংগ্রহ কৰা।

২। অর্থ ব্যৱহাৰৰ মূলমন্ত্র কি?
উত্তৰ : অর্থ ব্যৱহাৰৰ মূলমন্ত্র হ’ল আয় অনুসৰি খৰচ কৰা।

৩। দৰিদ্ৰ হােৱাৰ চিন কেনেকুৱা ?
উত্তৰঃ দৰিদ্ৰ হােৱাৰ চিন হ’ল – আয় অলপ আৰু খৰচ সৰহ।

৪। মানুহৰ ঋণ কেতিয়া হয় ?
উত্তৰঃআর্জনতকৈ খৰচ বেছি হ’লে মানুহৰ ঋণ হয়।

৫। কি খৰচ গুপ্তশত্ৰুৰ নিচিনা?
উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

ধনৰ ব্যৱহাৰ চমু প্রশ্ন

১। ধনৰ দুই প্রকাৰৰ ব্যৱহাৰ কি কি?
উত্তৰ: ধনৰ দুই প্রকাৰৰ ব্যৱহাৰ প্ৰথমটো হল – ধনেৰে সুখ-সম্পদ বৃদ্ধিৰ বাবে ভাল খাদ্য, বস্ত্র, বাসস্থান, হাতী-ঘোঁৰা, গাড়ী আদি সংগ্রহ কৰিব পাৰি। দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধন কৰিব পাৰি, উদাৰহণস্বৰূপেঃ অন্নহীনক অন্ন যােগান ধৰিব পাৰি, বিপদত পৰা মানুহক সহায় কৰিব পাৰি, বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰিব পাৰি।

২। কৃপণ লােকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নােৱাৰে?
উত্তৰ : কৃপণ লােকৰ বিবেচনাত ধনৰ মূল্য বেছি, কামৰ মূল্য কম। সেয়ে কৃপণ লােকে আন মানুহে ধন খৰচ কৰিলে সহিব নােৱাৰে। আন মানুহেও কিবা ডাঙৰ সকামত ধন খৰচ কৰিবলৈ ওলালে কামত নানা আসোঁৱাহ উলিয়াই বিধি-পথালি কৰে।

৩। লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?
উত্তৰ: লেখকৰ মতে দয়া বৃত্তি ফলিয়াব লাগিলে অলপ ধনৰ প্ৰয়ােজন হয়। আনকি অহংকাৰ বা লােভ ফলিয়াব লাগিলেও অলপ ধন লাগে। কাৰণ ধন খৰচ নকৰিলে সজ-অসজ কোনাে কামেই কৰিব নােৱাৰি।

৪। কি দুটাকাৰণত মানুহে কৃপণালি কৰে?
উত্তৰ : প্রথমতে মানুহে পৃথিৱীত খ্যাতি অর্জন কৰিবলৈ কৃপণালি কৰে। আন কিছুমানে কিছুমানে সন্তান- সন্ততিলৈ ধনৰ অক্ষয় ভাণ্ডাৰ ৰাখি থ’বৰ বাবে কৃপণালি কৰে।

৫৷ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা দুটা পার্থক্য লিখা।
উত্তৰ : কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা দুটা পার্থক্য হল – প্রথমতে, কৃপণ লােকে বেছি উপার্জন কৰে, কিন্তু কম খৰচ কৰে। আনহাতে ধোঁৱাখুলীয়াই কম উপার্জন কৰে, কিন্তু উপাৰ্জনৰ তুলনাত অধিক খৰচ কৰে।
দ্বিতীয়তে, কৃপণলােকে ধন সঞ্চয় কৰিবলৈ উত্ৰাৱল হয়, আনহাতে ধোঁৱাখুলীয়াই ধন খৰচ কৰিবলৈ উত্ৰাৱল হয়।

ধনৰ ব্যৱহাৰ দীঘল প্রশ্ন

১। অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পর্কে কেনে ধাৰণা কৰে লিখা।
উত্তৰঃ অশিক্ষিত মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম। সিহঁতে ধনীৰ অত্যাচাৰক প্ৰতাপ বােলে। কুকামক ধেমালী বােলে, ধনীৰ মাৰ-কিলক আদৰ বুলি ভাবে। সিহঁতৰ ভাল-বেয়া বােধ আৰু মান-অপমানৰ জ্ঞান নাই। সিহঁতে ধনীক ঈশ্বৰ যেন দেখে। সিহঁতে নির্বোধ মানুহ প্রশংসা পাবলৈ অযুগুত খৰচ কৰি দুখ মাতি আনে।

২। অসজ বৃত্তিধাৰী কৃপণ লােকৰ জীৱন কেনেকুৱা হয় আলােচনা কৰা।
উত্তৰ: অসজ বৃত্তিধাৰী কৃপণ লােকৰ অসজ বৃত্তিবােৰৰ শক্তি প্ৰৱল হয়। সিহঁতে ভাল বস্তু খাবলৈ হাবিয়াস কৰে ; কিন্তু সিহঁতে নিজৰ ধন খৰচ কৰি ভাল বস্তু খাব নিবিচাৰে। নিজৰ ঘৰত সিহঁতে সদায় শাক-ভাত খায়। কিন্তু লােকৰ ঘৰত উপাদেয় খাদ্য নহ’লে সিহঁতে ভােজন নকৰে। নিজৰ ঘৰত সদায় একবিধ আঞ্জা খায় যদিও আনৰ ঘৰত পাঁচবিধ বিচাৰে। সিহঁতে নিজৰ কামত এদিনৰ বাট খােজকাঢ়ি যায় কিন্তু লােকৰ কামত বাহন নহ’লে এখােজো নিদিয়ে। মুঠতে লােকৰ ওপৰত পালে সিহঁতে ভালৰাে ভাল খায়, ভালৰাে ভাল পিন্ধে। কিন্তু নিজ খৰচত চলিব লাগিলে সিহঁতে মােটা চাউলৰ ভাত খায় আৰু চৰিয়া সূতাৰ কাপােৰপিন্ধে। সিহঁতে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও জাহিৰ হ’বলৈ নিদিয়ে। সিহঁতৰ বাহিৰৰ ফাল সুন্দৰ কিন্তু, ভিতৰৰ ফাল কদর্য। মুঠতে অসজ বৃত্তিধাৰী কৃপণ লােক স্বার্থলােভী আৰু কপটীয়া প্ৰকৃতিৰ হয়।

৩৷ মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।
উত্তৰ: ঋণক পাপৰ লগত তুলনা কৰা হয়। কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহেও জীৱনত বহুত দুর্যোগ ভুগিব কৰিব লগা হয়। ঋণী মানুহে মান মর্যদা হেৰুৱায় আৰু মনৰ সুখ-শান্তি নষ্ট কৰে। ঋণক আকৌ ব্যধিৰ লগতাে তুলনা কৰা হয়। কাৰণ ব্যধিয়ে মানুহৰ শৰীৰ তেজ -মাংস ক্ষয় কৰাৰ দৰে ঋণেও মানুহক যন্ত্রণা ভূগায়। এবাৰ ব্যধি হ’লে যেনেদৰে গুচাবলৈ টান তেনেদৰে এবাৰ ঋণ হলে গুচাবলৈ টান। ব্যধি যেনেদৰে বাঢ়ি যায়, সেইদৰে ঋণও বাঢ়ি যায়। সেয়ে মানুহে ঋণক পাপৰ লগত তুলনা কৰিছে।

Class 11 Assamese Chapter 1 Question Answer

৪। লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লােকৰ সংজ্ঞা সম্বন্ধে আলােচনা কৰা।
উত্তৰঃ লেখকৰ দৃষ্টিত যিসকল লােক ধনৱন্ত হৈয়াে দৰিদ্ৰৰ যন্ত্রণা ভােগ কৰে, সিহঁতক সাধাৰণ কথাত কৰাইচ, কটুকি’ বা কৃপণ’বােলে। কৃপণক নিধনী বুলিও কোৱা হয়। সিহঁতে ধন থাকোতেও লাজ ঢাকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা —এই দুইকামৰ বাহিৰে ধন খৰচ নকৰে। কৃপণৰ বিবেচনাত উত্তম ভােজন খক, উত্তম পিন্ধন গপ আৰু দান-দক্ষিণা কৰা অপব্যয় মাথােন। লােকৰ উপকাৰৰ বাবে ধন খৰচ কৰিলে সিহঁতৰ বিবেচনাত উদ্ভাণ্ডালি কৰা হয়। কৃপণ, বিবেচনাত ল’ৰা-তিৰােতাতকৈয়াে ধনৰ মূল্য অধিক।

৫। ধন সুখ ভােগৰ উপায় নহয়, স্বয়ং ধনেই সুখ’ ব্যাখ্যা কৰা।
উত্তৰ: ‘ধন সুখ ভােগৰ উপায় নহয়, স্বয়ং ধনেই সুখ।
উদ্ধৃত কথাফাকি সাহিত্য সৌৰভ’ত সন্নিবিষ্ট সত্যনাথ বৰাদেৱৰ দ্বাৰা ৰচিত ‘ধনৰ ব্যৱহাৰ নামৰ পাঠটিৰ পৰা তুল্লি দিয়া হৈছে।

উক্ত কথাষাৰৰ জৰিয়তে লিখকে কৃপণ লােকৰ ধনৰ প্ৰতি থকা ধাৰণাৰ আভাস দিছে। কৃপণ লােক কেৱল ধনৰ বাবেই ধন সঞ্চয় কৰে। ইয়াৰ বাহিৰে সিহঁতৰ আন কোনাে অভিপ্রায় নাই। ধনৰ দ্বাৰা যে সুন্দৰ আৰু সুখী জীৱন যাপন কৰিব পাৰি সিহঁতে সেইকথা উপলব্ধি নকৰে। ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে। ধনৰ নামত সিহঁত উদ্বাউল হয়। ধন চকুৰে চাই থকাই সিহঁতৰ পৰম সুখ। সিহঁতৰ মানত স্বয়ং ধনেই সুখ।

ধনৰ ব্যৱহাৰ Class 11

তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া 

(ক) সত্যনাথ বৰাই ৰচনাকৰা গীতৰ পুথিখনৰ নাম কি?
উত্তৰ গীতাৱলী।

(খ) কোন শ্রেণীৰ লােক সমাজত ‘ধোৱাখুলীয়া’ নাম পায়?
উত্তৰঃ নির্বিচাৰে ধন খৰচ কৰা লােকে সমাজত ‘ধোঁৱাখুলীয়া’নাম পায়।

(গ) কৃপণৰ ধনক লেখকে কি বুলি কৈছে?
উত্তৰ: কৃপণৰ ধনক লেখকে ‘ল’ৰাই ওমলা “খােলাকাটি’ বুলি কৈছে।

(ঘ) কৃপণৰ ভাতলৈ আশা কৰা লােকৰ জীৱনক লিখকে কিহৰ জীৱন বুলি কৈছে?
উত্তৰ: কৃপণৰ ভাতলৈ আশা কৰা লোেকৰ জীৱনক লিখকে কুকুৰৰ জীৱন’ বুলি কৈছে।

(ঙ) লিখকে কি আপদ বুলি কৈছে?
উত্তৰঃ লিখকে ধাৰক আপদ’বুলি কৈছে।

(চ) কেনেকুৱা ধন বাটত পােৱা ধনৰ নিচিনা?
উত্তৰঃ ঋণ কৰা ধন বাটত পােৱা ধনৰ নিচিনা।

(ছ) সত্যনাথ বৰাক কোনজন ইংৰাজ প্ৰৱন্ধকাৰৰ লগত তুলনা কৰা হয় ?
‘ উত্তৰ: সত্যনাথ বৰাক ইংৰাজ প্ৰৱন্ধকাৰ ফ্রান্সিচ বেকন বা চেমুৱেল স্মাইলচৰ লগত তুলনা কৰা হয়।

(জ) সত্যনাথ বৰাই ক’ত জন্ম গ্রহণ কৰিছিল?
উত্তৰ: সত্যনাথ ব্ৰই গুৱাহাটীৰ ভৰলুমুখত জন্ম গ্ৰহণ কৰিছিল।

FAQs of Class 11 Assamese Chapter 1 Question Answer

প্রশ্নকৃপণ লােকৰ দুই ধর্ম কি?

উত্তৰঃ কৃপণ লােকৰ দুই ধর্ম হ’ল – ধনেৰে মাথাে বস্ত্র ক্রয় কৰা আৰু খাদ্য সংগ্রহ কৰা।

প্রশ্নঃ অর্থ ব্যৱহাৰৰ মূলমন্ত্র কি?

উত্তৰ : অর্থ ব্যৱহাৰৰ মূলমন্ত্র হ’ল আয় অনুসৰি খৰচ কৰা।

প্রশ্নদৰিদ্ৰ হােৱাৰ চিন কেনেকুৱা ?

উত্তৰঃ দৰিদ্ৰ হােৱাৰ চিনহ’ল – আয় অলপ আৰু খৰচ সৰহ।

প্রশ্নমানুহৰ ঋণ কেতিয়া হয় ?

উত্তৰঃআর্জনতকৈ খৰচ বেছি হ’লে মানুহৰ ঋণ হয়।

প্রশ্নকি খৰচ গুপ্তশত্ৰুৰ নিচিনা?

উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

1 thought on “ধনৰ ব্যৱহাৰ Class 11 Question Answer অসমীয়া একাদশ শ্ৰেণী”

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam