ৰাষ্ট্ৰসংঘ Class 10 – পঞ্চম অধ্যায় বুৰঞ্জী (ঐচ্ছিক) দশম শ্ৰেণী

ৰাষ্ট্ৰসংঘ Class 10 |  বুৰঞ্জী পঞ্চম অধ্যায় | Class 10 History Chapter 5 Assamese Medium | Class 10 Elective History | দশম শ্ৰেণীৰ বুৰঞ্জী (ঐচ্ছিক) | ৰাষ্ট্ৰসংঘ ইতিহাস পঞ্চম অধ্যায়

বিষয় বুৰঞ্জী (ঐচ্ছিক)
কিতাপৰ নামদশম শ্ৰেণীৰ বুৰঞ্জী
পাঠৰ নামৰাষ্ট্ৰসংঘ
শ্ৰেণী দশম
বিষয়ৰ ধৰণ(ঐচ্ছিক) Elective History
অধ্যায়পঞ্চম অধ্যায়
পাঠ্যক্ৰমছেবা (SEBA)

ৰাষ্ট্ৰসংঘ Class 10

১। অতি চমু উত্তৰ দিয়া :
তলত দিয়া ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা।

(ক) ভিয়েনা কংগ্ৰেছ বা ভিয়েনা সন্মিলন।
উত্তৰ : ১৯১৫ চন।

(খ) জাতিসংঘ প্রতিষ্ঠা হৈছিল।
উত্তৰ : ১৯২০ চন।

(গ) লণ্ডন সম্মিলন আৰু ঘোষণাপত্র।
উত্তৰ : ১৯৪১ চন। জুন।

(ঘ) আটলান্টিক চনদ।
উত্তৰ : ১৯৪১ চন। আগষ্ট।

(ঙ) ৰাষ্ট্ৰসংঘৰ ঘোষণাপত্র।
উত্তৰ : ১৯৪২ চন। ১ জানুৱাৰী।

(চ) কাছাব্লাংকা সন্মিলন।
উত্তৰ : ১৯৪৩ চন। ১৪-২৪ জানুৱাৰী।

(ছ) মস্কো ঘোষণাপত্র।
উত্তৰ : ১৯৪৩ চন। ৩০ অক্টোবৰ।

(জ) তেহান ঘোষণাপত্র।
উত্তৰ : ১৯৪৩ চন। ১ ডিচেম্বৰ।

(ঝ) ডাম্বার্টন ওৱাক্‌ছ সম্মিলন।
উত্তৰ : ১৯৪৩ চন। আগষ্ট-অক্টোবৰ

(ঞ) য়াল্টা সন্মিলন।
উত্তৰ : ১৯৪৫ চন। ফেব্ৰুৱাৰী।

ৰাষ্ট্ৰসংঘ Class 10

২। চমু উত্তৰ দিয়া।

(ক) ৰাষ্ট্ৰসংঘৰ সচিবালয় ক’ত আছে?
উত্তৰ : নিউইয়র্কত।

(খ) আন্তঃৰাষ্ট্ৰীয় আদালত মুখ্য কার্যালয় কত আছে?
উত্তৰ : ডেনমাৰ্কৰ ডি-হেগ্‌ চহৰত।

(গ) আন্তঃৰাষ্ট্ৰীয় আদালতৰ মুঠ বিচাৰক কেইজন?
উত্তৰ : ১৫ জন।

(ঘ) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন?
উত্তৰ : ৫ খন। আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্রিটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন।

(ঙ) ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধান কোন আছিল?
উত্তৰ : বেন-কি-মুন (দঃ কোৰিয়া)।

(চ) ‘ৰাষ্ট্ৰসংঘ’ নামটো কোন সন্মিলনে সিদ্ধান্ত গ্রহণ কৰে?
উত্তৰ : ডাম্বাটন ওৱাকছ সন্মিলনে। ১৯৪ চন।

(ছ) ভাৰতৰ কোন মহিলা প্রথম ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ সভাপতি নির্বাচিত হৈছিল?
উত্তৰ : বিজয়লক্ষ্মী পণ্ডিত।

(জ) ৰাষ্ট্ৰসংঘৰ শাখা কার্যালয় ক’ত ক’ত আছে?
উত্তৰ : জেনেভা, ভিয়েনা আৰু নাইৰোবীত।

ৰাষ্ট্ৰসংঘ Class 10

৩। সংক্ষেপতে উত্তৰ দিয়া :

(১) ইউট্ৰেক্টৰ সম্মিলন কি আছিল?

উত্তৰ : ১৭১৩ চনত এই সন্মিলন আৰম্ভ হৈছিল। ফ্ৰান্সৰ সম্রাট চতুর্দশ লুইয়ে চলোৱা সামৰিক অভিযানৰ অন্ত পেলাবলৈ এই সন্মিলন পতা হৈছিল।

(২) ভিয়েনা সম্মিলন কি আছিল?
উত্তৰ : ১৮১৫ চনত অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত ফৰাছী সম্রাট নেপোলিয়নৰ পতনৰ পাছত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন পতা হৈছিল যাৰ নাম আছিল ভিয়েনা সন্মিলন। ইউৰোপত স্থায়ী শান্তি প্রতিষ্ঠা কৰা এই সন্মিলনৰ উদ্দেশ্য আছিল।

(৩) ইউৰোপৰ শক্তিসংঘ কি?
উত্তৰ : ইউৰোপৰ দেশসমূহত স্থায়ী শান্তি স্থাপনৰ বাবে ভিয়েনা কংগ্ৰেছে ইউৰোপত এক আন্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়ি তুলিছিল আৰু ইয়াৰেই নাম আছিল ইউৰোপৰ শক্তিসংঘ।

(৪) জাতিসংঘ কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১৯২০ চনত জাতিসংঘ প্রতিষ্ঠা হৈছিল।

লগতে পঢ়ক:   প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯)

(৫) ৰাষ্ট্ৰসংঘ কেতিয়৷ স্থাপন কৰা হৈছিল?
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধ চলি থকা সহায়ত বিশ্বত পুনৰ শান্তি প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰাৰ সময়তে ৰাষ্ট্ৰসংঘৰ সৃষ্টি হয়।

(৬) লণ্ডন ঘোষণা পত্র কি?
উত্তৰ : লণ্ডনত দক্ষিণ আফ্রিকা, অষ্ট্রেলিয়া, কানাডা, নিউজিলেণ্ড আৰু ইংলণ্ডৰ প্ৰতিনিধি উপস্থিত আছিল থকাৰ সময়তে এখনে সন্মিলন অনুষ্ঠিত হৈছিল ১৯৪১ চনত। এই সন্মিলনত লণ্ডন ঘোষণা পত্ৰ গ্ৰহণ কৰা হৈছিল যি ঘোষণা পত্ৰৰ দ্বাৰা যুদ্ধৰত দেশসমূহৰ মাজত নামা সন্ধি-চুক্তি সাক্ষৰ কৰাতকৈ যুদ্ধৰ সামৰণি পেলাবলৈ সকলো ৰাষ্ট্ৰকে গ্রহণযোগ্য সামূহিক সন্ধি চুক্তিৰ পোষকতা কৰা হৈছিল আৰু পাৰস্পৰিক সহযোগিতাৰ স্থায়ী শান্তি প্রতিষ্ঠা কৰিবলৈ পোষকতা কৰা হৈছিল। এই ঘোষণা পত্রকে লণ্ডন ঘোষণা পত্ৰ বোলে।

(৭) আণ্টালান্টিক চনদত কি বিষয় আছিল?
উত্তৰ : এই চনদত যিকোনো দেশৰ দ্বাৰাই ৰাজ্য বিস্তাৰ কৰাৰ বিৰোধিতা কৰা, আক্ৰমণৰ বিপৰীতে নিৰাপত্তাৰ ব্যৱস্থা কৰা আৰু নিজ নিজ দেশৰ মানুহক তেওঁলোকৰ পছন্দৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়া আৰু বিশ্বৰপৰা যুদ্ধৰ বিভীষিকা আঁতৰ কৰা আদি নীতিৰ কথা উল্লেখ কৰা হৈছিল। এই চন্দৰ যোগেদি আক্রমণকাৰী দেশক নিৰস্ত্ৰ কৰা আৰু যুদ্ধোত্তৰ কালত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ
এক আন্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়ি তোলাৰ পোষকতা কৰা হৈছিল।

(৮) ৰাষ্ট্ৰসংঘৰ ঘোষণা পত্ৰ কেতিয়া সাক্ষৰিত হৈছিল?
উত্তৰ : ১৯৪২ চনৰ ১ জানুৱাৰী তাৰিখে ৰাষ্ট্ৰসংঘ ঘোষণাপত্র সাক্ষৰিত হৈছিল।

(৯) ৰাষ্ট্ৰসংঘ বা United Nations নামটো কোন দিছিল?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বছভেণ্টে ৰাষ্ট্ৰসংঘ নামটো দিছিল।

(১০) মস্কো ঘোষণা পত্ৰত কোন কোন দেশে স্বাক্ষৰ দান কৰিছিল?
উত্তৰ : ছোভিয়েট ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ বৃটেইন বৈদেশিক মন্ত্ৰীসকলে এই ঘোষণাপত্ৰত স্বাক্ষৰ দান কৰিছিল আৰু পিছলৈ চীনেও সন্মতি প্ৰকাশ কৰি স্বাক্ষৰ দান কৰিছিল।

ৰাষ্ট্ৰসংঘ Class 10

৪। চমুটোকা লিখা :

(ক) ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু লক্ষ্য।
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহতা দেখি আৰু পৰিণাম অনুমান কৰি ১৯৪৫ চনৰ ২৪ আগষ্টৰ দিনা ৰাষ্ট্ৰসংঘৰ জন্ম হয়। ইয়াৰ সংবিধানত ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য নিশ্চিত কৰা হৈছে। সেইবিলাক এনেধৰণৰ—
১। ভৱিষ্যত প্ৰজন্মক যুদ্ধৰ ধ্বংস লীলাৰ পৰা ৰক্ষা কৰা।
২। সকলো ৰাষ্ট্ৰতে পুৰুষ-মহিলাৰ সমনাধিকাৰ স্থাপন কৰা।
৩। আন্তর্জাতিক শান্তি, নিৰাপত্তা ৰক্ষা কৰা৷
৪। সন্ধি বা চুক্তিৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ মীমাংসা কৰা৷

৫। আনদেশক আক্রমণ নকৰা।
৬। ৰাষ্ট্ৰসংঘত সকলো সদস্য ৰাষ্ট্রকে সমান অধিকাৰ দিয়া।
৭। বিশ্বত মানুহৰ জীৱনৰ মানদণ্ড উন্নত কৰা ব্যৱস্থা কৰা।
এইবিলাক উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখিয়েই ৰাষ্ট্ৰসংঘই প্ৰচেষ্টা চলাই আহিছে।

(খ) ডাম্বাৰ্টন ওৱাক্‌ছ সম্মিলন।
উত্তৰ : বিশ্বৰ দেশসমূহৰ নেতৃবৃন্দই বিভিন্ন সন্মিলনত ঘোষণা কৰা লক্ষ্য আৰু উদ্দেশ্য কাৰ্যত ৰূপায়ন কৰিবলৈ ১৯৪৪ চনৰ আগষ্ট-অক্টোবৰ মাহত আমেৰিকাৰ ৱাছিংটন চহৰত এখন শীৰ্ষ সন্মিলন আয়োজন কৰে। তাত আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ৰাছিয়া আৰু চীনৰ লগতে ৰাষ্ট্ৰসমূহৰ প্রতিনিধিবর্গ উপস্থিত আছিল। সন্মিলনখন ডাম্বার্টন ওৱাকছ নামে এটা বিশাল অট্টালিকাত হৈছিল বাবে সন্মিলনখনো ডাম্বার্টন ওৱাক্‌ছ সন্মিলন নামে জনাজাত হয়।

এই সন্মিলনতে ‘ৰাষ্ট্ৰসংঘ’ নামটো গ্ৰহণৰ সিদ্ধান্ত লোৱা হয় আৰু সাংগঠনিক ৰূপ চূড়ান্ত কৰা হয়। সন্মিলনত ৫ খন স্থায়ী সদস্য দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ৰাছিয়া, ফ্রান্স আৰু চীনক লৈ নিৰাপত্তা পৰিষদখন গঠন কৰা হয়। প্ৰথমতে ইয়াৰ সদস্য দেশ ১১ খন আৰু পিছত ১৫খন কৰা হয়। ডাম্বার্টন ওৱাক্ছ সন্মিলনত গৃহীত সিদ্ধান্তসমূহৰ প্ৰায়বোৰকে সদস্য ৰাষ্ট্ৰসমূহে সমর্থন কৰাত ৰাষ্ট্ৰসংঘৰ গঠনত সন্মিলনৰ গুৰুত্ব বৃদ্ধি হৈছিল।

(গ) চানফ্রানছিস্কো কনফাৰেঞ্চ।
উত্তৰ : ৰাষ্ট্ৰসংঘ গঠনৰ বাবে ১৯৪৫ চনৰ এপ্রিল-জুন মাহত আমেৰিকাৰ চানফ্ৰানছিস্কো চহৰত বিশ্বৰ দেশবোৰ যি প্রতিনিধি সভা হৈছিল সেই সভা চানফ্ৰানছিস্কো কনফাৰেঞ্চ নামে জনাজাত। ৰাষ্ট্ৰসংঘ গঠনৰ বাবে অনুষ্ঠিত সন্মিলনবোৰৰ ভিতৰত এইখনেই আছিল সৰ্ববৃহৎ আৰু সৰ্বশেষ সম্মিলন। এই সন্মিলনত বিশ্বৰ ৫১ খন ৰাষ্ট্ৰৰ মুঠ ২৩০ জন। প্রতিনিধিয়ে অংশ গ্ৰহণ কৰিছিল। সভাপতিত্ব কৰিছিল আমেৰিকাৰ বৈদেশিক সচিব এডৱাৰ্ড ষ্টেটিনাছে। কনফাৰেঞ্চতে ৰাষ্ট্ৰসংঘ গঠনৰ সিদ্ধান্তসমূহত ৫১খন দেশৰ প্ৰতিনিধিসকলে স্বাক্ষৰ ইয়াৰ পিছত ৫ মহাশক্তি সদস্য ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, ইংলণ্ড, চীন আৰু ফ্রান্সে সংবিধানত স্বাক্ষৰ প্ৰদান কৰে আৰু ১৯৪৫ চনৰ ২৪ অক্টোবৰৰ পৰা ৰাষ্ট্ৰসংঘই কার্যকাৰিতা লাভ কৰে। সেয়ে চানফ্রান্সিস্কো সন্মিলনক এক গুৰুত্বপূৰ্ণ সন্মিলন বুলি অভিহিত কৰা হয়।

লগতে পঢ়ক:   দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় – ষষ্ঠ অধ্যায়

(ঘ) ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান।
উত্তৰ : ১৯৪৬ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ কাম আৰম্ভ হয়। ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ কাম আৰম্ভ হয়। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে সচিবজনক নিযুক্তি দিয়ে। সচিবপ্রধানেই ৰাষ্ট্ৰসংঘৰ মুখ্য প্রশাসক। ইয়াৰ মুখ্য কাৰ্যালয় নিউইয়র্কত। সচিব প্ৰধানৰ কাৰ্যকাল ৫ বছৰ। সচিবজন দ্বিতীয়বাৰৰ বাবেও পুনৰ নিৰ্বাচিত হ’ব পাৰে। তেওঁ ৰাষ্ট্ৰসংঘৰ বিভিন্ন কাম-কাজৰ প্ৰতিবেদন, বার্ষিক বাজেট, বিভিন্ন চুক্তি সন্ধি আদি পঞ্জীয়নৰ দৰে গুৰুত্বপূৰ্ণ কামবোৰ সম্পাদন কৰিব লাগে। বৰ্তমানলৈকে মুঠ ৮ জন সচিবে ৰাষ্ট্ৰসংঘৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে। তেওঁলোক হ’ল যথাক্রমে—
১। ট্রাইগ’ভ লিই
২। ডাগ হামাৰশ্বিল্ড
৩। ইউ থান্ট
৪। কুর্ট ৱাল্ডহেইম
৫। জেভিয়াৰ পেৰেজ ডা কুৱেলাৰ
৬। ড° বটুছ বটুছ ঘালী

৭। কফি আন্নান
৮। বান কি-মুন

Elective history class 10 Chaptr 5

(ঙ) ৰাষ্ট্ৰসংঘৰ পুঁজি।
উত্তৰ : ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ বিভিন্ন কাম-কাজ চলাবলৈ বছৰি প্ৰায় ৬ বিলিয়ন মার্কিন ডলাৰৰ প্ৰয়োজন হয়। ৰাষ্ট্ৰসংঘৰ প্ৰয়োজনীয় পুঁজিৰ এক তৃতীয়াংশ সদস্য ৰাষ্ট্ৰসমূহৰ বাধ্যতামূলক বৰঙণি ৰূপে আহে। বাকী দুই-তৃতীয়াংশ আহে স্বেচ্ছামূলক অনুদানৰ পৰা। মুঠ বাজেটৰ ৫ ভাগৰ ৪ ভাগ ২০ খন ৰাষ্ট্ৰই যোগান ধৰে। সেই ২০ খন ৰাষ্ট্ৰ হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান, জার্মানী, ৰাছিয়া, ব্ৰিটেইন, ফ্রান্স, কানাডা, ইটালী, ছুইডেন, বেলজিয়াম, স্পেইন, অষ্ট্রিয়া, ফিনলেণ্ড, নেডাৰলেণ্ড আদি ৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ, জাপান আৰু জার্মানীয়ে একলগ হৈ মুঠ পুঁজিৰ ৩০ শতাংশ যোগান ধৰে। ইফালে উন্নয়নশীল ৰাষ্ট্ৰৰ ৮০ খন ৰাষ্ট্ৰই যোগান ধৰে মুঠ পুঁজিৰ ০.০১ শতাংশ।

ৰাষ্ট্ৰসংঘ Class 10

৫। ৰচনাধৰ্মী প্রশ্ন :

১। ৰাষ্ট্ৰসংঘৰ সাংগঠনিক ৰূপৰেখাৰ ওপৰত এটি চমুটোকা লিখা।
উত্তৰ : ১৯৪৫ চনৰ ২৪ অক্টোবৰৰ দিনা ৰাষ্ট্ৰসংঘৰ জন্ম হয়। ইয়াৰ সাংগঠনিক ৰূপটো ১৯৪৫ চনত ছানফ্রান্সিছকে৷ সন্মিলনৰ সংবিধানৰ ওপৰত ভেটি কৰি গঢ়ি তোলা হৈছে। এই সংবিধানত প্ৰস্তাৱনাৰ ওপৰিও ১৯টা অধ্যায়ে আৰু ১১১টা অনুচ্ছেদ আছে। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱনা আৰু সংবিধানত উল্লেখ কৰা লক্ষ্য আৰু উদ্দেশ্য সফল কৰিবলৈ ৰাষ্ট্ৰসংঘৰ গঠন প্রণালীক কেইবাটাও সাংগঠনিক ৰূপ দিয়া হেছে যাতে সকলো সদস্য ৰাষ্ট্ৰই সকলো দিশতে সমানে আগবাঢ়ি যাব পাৰে। সংবিধানৰ ৭ আৰু ৮ নং অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ বিষয়ে উল্লেখ আছে। ১নং অনুচ্ছেদৰ মতে ৰাষ্ট্ৰসংঘৰ ৬টা অংগ হ’ল যথাক্রমে—
১। সাধাৰণ পৰিষদ

২। নিৰাপত্তা পৰিষদ
৩। অর্থনৈতিক আৰু সামাজিক পৰিষদ
৪। ন্যাস পৰিষদ
৫। আন্তঃৰাষ্ট্ৰীয় আদালত
৬। সচিবালয়।
ৰাষ্ট্ৰসংঘৰ মূখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউইয়র্ক চহৰত অৱস্থিত। এই ৬টা প্রধান অংগৰ উপৰিও ৰাষ্ট্ৰসংঘৰ কাম-কাজ সুচাৰুৰূপে চলাবৰ বাবে আৰু প্ৰয়োজনৰ তাগিদাত ইয়াৰ বহুতো উদ্দেশ্যমূলক সংস্থা গঠন কৰা হৈছে। যেনে— UNESCO, UNICEF, WHO, ILU আদি। এই সংস্থাসমূহে ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰাত যথেষ্ট অৰিহণা যোগাইছে।

২। নিৰাপত্তা পৰিষদৰ গঠন প্রণালী সম্পর্কে আলোচনা কৰা।
উত্তৰ : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গঠন প্রণালী সম্পর্কে ইয়াৰ সংবিধান ৫ম অধ্যায়ৰ ২৩ নংৰ পৰা ৩২নং অনুচ্ছেদৰ ভিতৰত উল্লেখ আছে। ইয়াৰ মুঠ সদস্য প্রথমে ১১ খন আছিল। তাৰে ৫খন স্থায়ী সদস্য আৰু ৬ খন অস্থায়ী সদস্য ৰাষ্ট্ৰ। স্থায়ী ৫খন সদস্য ৰাষ্ট্ৰ হ’ল যথাক্রমে—
১। চীন
২। ৰাছিয়া
৩। ফ্রান্স
৪। ব্রিটেইন
৫। আমেৰিকা যুক্তৰাষ্ট্ৰ।
বাকী ৬খন অস্থায়ী সদস্য ৰাষ্ট্ৰক সাধাৰণ পৰিষদে দুবছৰৰ বাবে মনোনীত কৰা। ১৯৭১ চনৰ ২৩ নবেম্বৰৰ পৰা অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা ২০ খন কৰাত বৰ্তমান মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১৫ খন হ’লগৈ ৷ নিৰাপত্তা পৰিষদৰ সভা সঘনে হৈ থাকে। ইয়াৰ দায়িত্ব আৰু কৰ্তব্য হ’ল—
১। আন্তঃৰাষ্ট্ৰীয় শান্তি ৰক্ষা আৰু অশান্তিৰ
কাৰণসমূহ উল্লেখ কৰা।
২। নিৰাপত্তা সুনিশ্চিত কৰা।

লগতে পঢ়ক:   দ্বিতীয় বিশ্বযুদ্ধ Class 10 – চতুর্থ অধ্যায় বুৰঞ্জী (ঐচ্ছিক)

৩। অস্ত্র নিয়ন্ত্ৰণৰ ব্যৱস্থা তথা উপায় উদ্ভাৱন কৰা।
৪। যুদ্ধ প্ৰতিৰোধ কৰা, যুদ্ধ বিৰতিৰ ব্যৱস্থা কৰি দিয়া আৰু আলোচনাৰ যোগে যুদ্ধ বিবাদ সমাধান কৰা।
৫। প্রয়োজন সাপেক্ষে ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনী প্ৰেৰণ কৰা।
৬। সাধাৰণ পৰিষদক ৰাষ্ট্ৰসংঘৰ সচিব প্রধান নিয়োগৰ বাবে পৰামৰ্শ দিয়া।
৭। সিদ্ধান্ত গ্ৰহণৰ বেলিকা ৫ খন সদস্য ৰাষ্ট্ৰৰ প্রত্যেকেই পৃথক পৃথককৈ ভোট প্ৰয়োগ কৰাৰ ক্ষমতা থকা।
৮। দোষী ৰাষ্ট্ৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা হিচাবে অর্থনৈতিক অৱৰোধ বা সামৰিক শক্তি প্ৰয়োগ কৰা।

Elective history class 10 Chaptr 5

৪। ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ কাম কি আলোচনা কৰা।
উত্তৰ : ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগসমূহ হ’ল—
(ক) সাধাৰণ পৰিষদ
(খ) নিৰাপত্তা পৰিষদ
(গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ
(ঘ) ন্যাসৰক্ষী পৰিষদ
(ঙ) আন্তঃৰাষ্ট্ৰীয় আদালত
(চ) সচিবালয়।

(ক) সাধাৰণ পৰিষদ : সকলো সদস্য ৰাষ্ট্ৰক লৈ সাধাৰণ পৰিষদ গঠন কৰা হয়। বর্তমান সাধাৰণ পৰিষদৰ সদস্য ৰাষ্ট্ৰ ১৮৫ খন। প্রত্যেক সদস্য ৰাষ্ট্ৰৰে এটাকৈ ভোট আছে । ৰাষ্ট্ৰসংঘৰ সিদ্ধান্তত সাধাৰণ পৰিষদৰ অনুমোদনৰ আৱশ্যক।
সাধাৰণ পৰিষদৰ কাম : সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ অন্যান্য সংস্থাসমূহে দাখিল কৰা প্ৰতিবেদনৰ আলোচনা আৰু সিদ্ধান্ত ল’ব লাগে, নতুন সদস্য ভুক্তি বাজেটত অনুমোদন, সচিবৰ নিযুক্তি, অংগসমূহৰ কাম-কাজৰ পৰ্যবেক্ষণ আদি কাম কৰিব লাগে।

(খ) নিৰাপত্তা পৰিষদ : নিৰাপত্তা পৰিষদৰ মুঠ সদস্য ১৫ জন। ইয়াৰে ৫ খন স্থায়ী সদস্য। ১। আমেৰিকা যুক্তৰাষ্ট্ৰ, ২। ৰাছিয়া, ৩। ব্ৰিচেইন, ফ্রান্স, চীন। স্থায়ী সদস্যৰ ভেটো প্ৰয়োগ কৰাৰ অধিকাৰ থাকে। বাকী ১০ বন সদস্যৰাষ্ট্ৰক ২ বছৰীয়া কার্যকালৰ বাবে মনোনীত কৰা হয়। প্রয়োজন সাপেক্ষে নিৰাপত্তা পৰিষদৰ বৈঠক যিকোনো সময়তে বহিব পাৰে।
নিৰাপত্তা পৰিষদৰ কাম : নিৰাপত্তা পরিষদে ৰাষ্ট্ৰসংঘত উত্থাপিত আন্তৰাষ্ট্ৰীয় বিবাদ মীমাংসা কৰিব পাৰে। প্রয়োজন অনুসৰি শাস্তিমূলক বা সামৰিক ব্যৱস্থাও গ্রহণ কৰিব পাৰে। সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা আৰু শান্তি ৰক্ষাও নিৰাপত্তা পৰিষদৰ কাম।

(গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ : অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য ৰাষ্ট্ৰ ৫৪ খন। প্রত্যেক তিনি বছৰে ইয়াৰ ১৮ খনে অব্যাহতি লয়। আৰু নতুনকৈ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন কৰা হয়। পৰিষদৰ প্ৰত্যেক ৰাষ্ট্ৰ সদস্যৰ এটাকৈ ভেটি আছে।

অর্থনৈতিক আৰু সামাজিক পৰিষদৰ কাম : সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক, সামাজিক, শৈক্ষিক, সাংস্কৃতিক, স্বাস্থ্যৰ উন্নয়ন সাধন পরিষদৰ কামৰ ভিতৰত পৰে।

(ঘ) ন্যাসৰক্ষী পৰিষদ : ন্যাসৰক্ষী পৰিষদ প্ৰধানকৈ তিনি শ্ৰেণীৰ সদস্যক লৈ গঠন কৰা হয়।
১। ন্যাস অঞ্চলৰ দায়িত্বত থকা ৰাষ্ট্ৰ
২। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ
৩। সাধাৰণ পৰিষদে নির্বাচন কৰা সদস্য ৰাষ্ট্ৰ
ন্যাসৰক্ষী পৰিষদৰ কাম : ন্যাসৰক্ষী পৰিষদে ন্যাস অঞ্চল (কোনো ৰাষ্ট্ৰৰ পৰা আঁতৰি অহা অঞ্চল) শাসনভাৰ পৰিচালনা কৰি অঞ্চলটোৰ উন্নতিসাধন কৰি স্বাধীনতা প্ৰদান কৰাই হৈছে মূখ্য কাম।

প্রশ্ন: ৰাষ্ট্ৰসংঘ কেতিয়৷ স্থাপন কৰা হৈছিল?

উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধ চলি থকা সহায়ত বিশ্বত পুনৰ শান্তি প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰাৰ সময়তে ৰাষ্ট্ৰসংঘৰ সৃষ্টি হয়।

প্রশ্ন: ‘ৰাষ্ট্ৰসংঘ’ নামটো কোন সন্মিলনে সিদ্ধান্ত গ্রহণ কৰে?

উত্তৰ : ডাম্বাটন ওৱাকছ সন্মিলনে। ১৯৪ চন।

প্রশ্ন: ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধান কোন আছিল?

উত্তৰ : বেন-কি-মুন (দঃ কোৰিয়া)।

প্রশ্ন: ৰাষ্ট্ৰসংঘৰ সচিবালয় ক’ত আছে?

উত্তৰ : নিউইয়র্কত।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top