দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় – ষষ্ঠ অধ্যায়

দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয় Class 10 |  বুৰঞ্জী ষষ্ঠ অধ্যায় | Class 10 Elective History Chapter 6 Assamese Medium | Class 10 Elective History | দশম শ্ৰেণীৰ বুৰঞ্জী (ঐচ্ছিক) | ইতিহাস পঞ্চম অধ্যায়

বিষয় বুৰঞ্জী (ঐচ্ছিক)
কিতাপৰ নামদশম শ্ৰেণীৰ বুৰঞ্জী
পাঠৰ নামদ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়
শ্ৰেণী দশম
বিষয়ৰ ধৰণ(ঐচ্ছিক) Elective History
অধ্যায়ষষ্ঠ অধ্যায়
পাঠ্যক্ৰমছেবা (SEBA)

দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়

১। অতি চমু উত্তৰ লিখা :

ক) স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশ কি?
উত্তৰ : ফিলিপাইন (১৯৪৬চন ৪ জুলাই)।

খ) ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ এলেন অক্টোভিয়ান হিউম।

গ) আফ্ৰিকাৰ জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ : নেলছন মেণ্ডেলা।

ঘ) ব্ৰহ্মদেশৰ মুক্তি আন্দোলনৰ নেতাসকল কোন কোন আছিল?
উত্তৰ : আং চান, ইউনূ আদি।

ঙ) ইন্দোনেছিয়াৰ স্বাধীনতা আন্দোলনৰ নেতা দুজনৰ নাম লিখা।
উত্তৰঃ হাডিনীং গ্রাট আৰু ৰাডেন আডজাং কাৰিটিনী।

চ) চীনত কোনে টুং-মুং হাই সংগঠিত কৰিছিল?
উত্তৰ : ছান ইয়েৎ চেনে।

দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়

২। সংক্ষেপতে উত্তৰ দিয়া :

(ক) দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এছিয়া মহাদেশৰ দেশসমূহৰ কি পৰিৱৰ্তন দেখা গৈছিল ?
উত্তৰ : এই সময়ছোৱাত এনে দেশসমূহত চলি থকা স্বাধীনতা আন্দোলনসমূহে ব্যাপক জনসমর্থন লাভ কৰিছিল।

(খ) প্রথম বিশ্বযুদ্ধৰ পাছত ঔপনিৱেশিক দেশসমূহৰ কি পৰিৱৰ্তন দেখা গৈছিল?
উত্তৰ : প্রথম বিশ্বযুদ্ধৰ পাছত ঔপনিৱেশসমূহত স্বাধীনতা সংগ্ৰাম ব্যাপকভাৱে সাধাৰণ মানুহৰ মাজত প্ৰচাৰিত হৈছিল। সাম্রাজ্যবাদৰ বিৰোধী স্বাধীনতা আন্দোলনৰ বিষয়টো বা প্রক্রিয়াটো কেৱল এখন দেশতে সীমাবদ্ধ নাথাকি ইখনৰ পৰা আনখন দেশলৈ বিয়পি পৰিছিল।

(গ) দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা এছিয়া মহাদেশৰ কেইখন দেশ ঔপনিৱেশিক শাসনৰপৰা মুক্ত হৈছিল?

উত্তৰ : মুঠ ১৪০ খন এছিয়া মহাদেশৰ দেশে ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰিছিল।

(ঘ) এছিয়া মহাদেশৰ কোন কোন দেশ ব্রিটেইনৰ ঔপনিবেশিক শাসনত আছিল?
উত্তৰ : পাকিস্তান, ভাৰতবৰ্ষ, ব্ৰহ্মদেশ, শ্রীলংকা আৰু ছিংগাপুৰ।

(ঙ) ছিংগাপুৰ কোন চনত স্বাধীন হৈছিল?
উত্তৰ : ১৯৫৯ চনত

(চ) ১৮৮৫ চনত ভাৰতবৰ্ষৰ ইতিহাসত কি উল্লেখযোগ্য ঘটনা ঘটিছিল?
উত্তৰ : এই চনতে ডিচেম্বৰ মাহত ভাৰতীয় জাতীয় কংগ্ৰেছ মহাসভা (Indian National Congress) ৰ জন্ম হৈছিল।

দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়

৩। চমু উত্তৰ দিয়া :

ক) মিয়ানমাৰৰ মুক্তি আন্দোলন : ব্ৰহ্মদেশৰ বৰ্তমান নতুন নাম মিয়ানমাৰ ১৮২৪ চনত মাৰ্চ মাহত প্ৰথম ইংৰাজ আৰ মিয়ানমাৰ মাজত সংঘর্ষ লাগে। ইয়াক ইংগ-বৰ্মী যুদ্ধ নামে জনা যায়। যুদ্ধৰ অন্তত ইংৰাজে মিয়ানমাৰৰ আৰাকান আৰু টেনছেৰিম দখল কৰি নিজ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰে। ১৮৫৪ চনত ইংৰাজ আৰু মিয়ানমাৰৰ মাজত দ্বিতীয় বাৰ আৰু ১৮৮৫-১৮৮৬ চনত তৃতীয়খন যুদ্ধ লাগে। পিছৰ দুখন যুদ্ধৰ ফলত ব্ৰহ্মদেশ সম্পূৰ্ণ বৃটিছ- ভাৰত সাম্ৰাজ্যৰ ভিতৰুৱা হয়। ফলত ব্রহ্মদেশ বা মিয়ানমাৰো বৃটিছৰ উপনিৱেশত পৰিণত হয়। ভাৰতবৰ্ষত আহৰহ চলি থকা স্বাধীনতা আন্দোলনত শংকিত হৈ ১৯৩৫ চনত ভাৰত শাসন বিধি বলবৎ কৰি ইংৰাজে মিয়ানমাৰক ভাৰতৰ পৰা পৃথক কৰে। ফলত মিয়ানমাৰ ইংৰাজ এখন পৃথক উপনিৱেশ হয়।

লগতে পঢ়ক:   ৰাষ্ট্ৰসংঘ Class 10 – পঞ্চম অধ্যায় বুৰঞ্জী (ঐচ্ছিক) দশম শ্ৰেণী

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪২ চনত জাপানে মিয়ানমাৰ আক্ৰমণ কৰি দখল কৰে। প্রথমে আং চান, ইউ নু আদি মিয়ানমাৰৰ নেতাই জাপানক সহযোগিতা কৰিছিল যদিও দখলদাৰী জাপানৰ বিৰুদ্ধে তেওঁলোকে পিছত ইংৰাজক সমর্থন দি জাপানক খেদিবলৈ তীব্র সংগ্রামস আৰম্ভ কৰে। কিন্তু জাপানীসকল হাৰি আঁতৰি যোৱাত ইংৰাজে পুনৰ মিয়ানমাৰ দখল কৰে। ১৯৪৬ চনত মিয়ানমাৰৰ স্বাধীনতাৰ বিষয়ে আলোচনা কৰিবলৈ ইংলেণ্ডলৈ যায়। কিন্তু ১৯৪৭ চনৰ ১৯ জুলাইৰ দিনা তেওঁক ৰাজনৈতিক বিৰোধীয়ে হত্যা কৰে। পিছত ইউ নোৰ লগত ইংৰাজে কৰা আলোচনা মর্মে ১৯৪৮ চনৰ ৪ জানুৱাৰীৰ দিনা মিয়ানমাৰে স্বাধীনতা লাভ কৰে।

খ) শ্রীলংকাৰ মুক্তি আন্দোলন : শ্রীলংকা ভাৰতবৰ্ষৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দক্ষিণত ভাৰত  মহাসাগৰত অৱস্থিত। ১৫০৫ চনত পর্তুগীজ নাৱিক লৰেন্সোৱে শ্রীলংকা আৱিষ্কাৰ কৰে। ১৬১৯ চনত পর্তুগীজসকলে শ্রীলংকাৰ উত্তৰাংশৰ জাফনা অধিকাৰ কৰে। তাৰ আগতে কলম্বো আৰু কোট্টি ৰাজ্য তেওঁলোকে অধিকাৰ কৰিছিল। পৰৱৰ্তী কালত কেন্দী ৰাজ্য বাদ দি সমগ্র শ্রীলংকা পৰ্টুগীজৰ অধীন হয়। ১৫০২ চনৰ পিছত পর্তুগীজসকলক আঁতৰাই ১৭৯৬ চনলৈকে শ্রীলংকাত ওলন্দাজসকলে উপনিৱেশ স্থাপন কৰি শাসন কৰে।

১৭৯৬ চনত শ্রীলংকা ইংৰাজৰ অধীন হয়। ১৮০২ চনত শ্ৰীলংকা ইংৰাজৰ উপনিৱেশ হয়। ১৮১৫ চনত কেন্দীও ইংৰাজ উপনিৱেশৰ অন্তৰ্গত হয়। ১৯১৯ চনত শ্রীলংকাত ‘ছিল’ন জাতীয় কংগ্ৰেছ গঠন হয়। কংগ্ৰেছ দলে ইংৰাজৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰাত ১৯২০ চনত ইংৰাজ চৰকাৰে এখন সংবিধান প্রস্তুত কৰি শ্ৰীলংকাৰ শাসন ব্যৱস্থাৰ কিছু পৰিবৰ্তন সাধে। ১৯৪৭ চনত ইংৰাজে নতুন এখন সংবিধান প্ৰস্তুত কৰি শ্ৰীলংকাক উপনিবেশিক স্বায়ত্ত শাসন প্ৰদান কৰে। কিন্তু তীব্র উপনিৱেশ বিৰোধী আন্দোলনৰ ফলত ১৯৪৮চনৰ ৪ ফেব্ৰুৱাৰীৰ দিনা ইংৰাজে শ্রীলংকা ত্যাগ কৰিবলৈ বাধ্য হয়। শ্রীলংকা স্বাধীন ৰাষ্ট্ৰ হিচাবে পৰিগণিত হয়।

গ) ঘানাৰ মুক্তি আন্দোলন : ঘানা আফ্রিকা মহাদেশৰ এখন সৰু দেশ। গুইনা উপসাগৰৰ উপকূলত অৱস্থিত ঘানা স্বর্ণ উপকূল নামে জনাজাত। হলেও, ডেনমার্ক, চুইডেন আৰু বৃটেইনে ঘানাত উপনিৱেশ স্থাপন কৰিছিল। ১৮২১ চনত ঘানাত উপনিৱেশ স্থাপন কৰি বৃটেইনে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমগ্ৰ অঞ্চল নিজৰ অধীনলৈ নিয়ে। ঘানাৰ জনগনে বৃটেইনৰ শাসনৰ বিৰুদ্ধে বিভিন্ন সময়ত আন্দোলন চলাই দ্বিতীয় মহাযুদ্ধৰ সময়ত তীব্র আন্দোলন গঢ়ি তোলে। ১৯৪৬ চনত বৃটিছ চৰকাৰে এখন সংবিধান প্রস্তুত কৰি ঘানাত এখন চৰকাৰ গঠন কৰে। কিন্তু এই ব্যৱস্থাত ঘানাবাসী সন্তুষ্ট নহ’ল। তেওঁলোকে কোৱামি এনক্রুমাৰ নেতৃত্ব আন্দোলন জোৰদাৰ কৰে। ১৯৪৯চনৰ জুন মাহত এনক্রুমাই ‘Convertion of People’s Party’ নামে এটা ৰাজনৈতি দল গঠন কৰে।

১৯৫১ চনৰ সাধাৰণ নিৰ্বাচনত এই দলে বিপুল ভোটত জয়লাভ কৰে। ১৯৫৬ চনত দলে কৰা ঘানাৰ স্বাধীনতাৰ দাবী বিধান পৰিষদত বিপুল ভোটত গৃহীত হয়। ১৯৫৭চনৰ ৬ মাৰ্চৰ দিনা বৃটেইন বাধ্য হৈ ঘানাৰ স্বাধীনতা ঘোষণা কৰে।

ঘ) কংগোৰ মুক্তি আন্দোলন : বৰ্তমানৰ জহিয়েৰী ৰাষ্ট্ৰ অতীজত কংগো নামেৰে জনাজাত আছিল। ই বেলজিয়ামৰ উপনিৱেশ আছিল। পর্তুগাল, জার্মানী, বেলজিয়াম আৰু ইংলেণ্ডে কংগোত উপনিৱেশ স্থাপনৰ বাবে লবাৰুকৈয়ে ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰিছিল। ১৮৮৪-৮৫ চনত বার্লিন আন্তঃৰাষ্ট্ৰীয় চুক্তি অনুসৰি অৱশেষত সেই অধিকাৰ বেলজিয়ামৰ হাতলৈ গৈছিল। ১৮০৮ চনৰ পৰা কংগো সম্পূৰ্ণৰূপে বেলজিয়ামৰ উপনিৱেশ হয়।

দ্বিতীয় মহাযুদ্ধৰ পিছত কংগোত জাতীয়তাবাদী মুক্তি আন্দোলনৰ সূত্রপাত হয়। ইয়াৰা নেতৃত্ব দিয়ে পেট্ৰিছ লুমুম্বা নামৰ এজন বামপন্থী যুৱকে। ১৯৫৭ চনত তেওঁ কংগোবাসীৰ ‘জাতীয় আন্দোলন’ নামেৰে এটা ৰাজনৈতিক দল গঠন কৰি জাতীয় আন্দোলন তীব্ৰতৰ কৰি তোলে। কংগোৰ স্বাধীনতাৰ দাবীত জনসাধাৰণৰ লগত থলুৱা সৈনিকসকলেও যোগ দিয়াত আন্দোলনে শীর্ষ পর্যায়ত উপনীত হয়। বাধ্য হৈ বেলজিয়াম চৰকাৰে ১৯৬০ চনৰ ৩০ জুনত কংগোক স্বাধীনতা প্ৰদান কৰে।

লগতে পঢ়ক:   ভাৰতৰ বৈদেশিক নীতি Class 10 – বুৰঞ্জী (ঐচ্ছিক) দশম শ্ৰেণীৰ

দ্বিতীয় বিশ্ব যুদ্ধোত্তৰ কালত এছিয়া আৰু আফ্ৰিকাৰ অভ্যুদয়

৪। ৰচনাধৰ্মী প্রশ্ন :

ক) এছিয়াৰ উপনিৱেশসমূহত আৰম্ভ আৰু বিকাশ লাভ কৰা মুক্তি আন্দোলনসমূহৰ কাৰক সম্পর্কে আলোচনা কৰা।
উত্তৰ : এছিয়া মহাদেশত থখা উপনিৱেশসমূহত মুক্তি আন্দোলন আরম্ভ হোৱাৰ বহুতো কাৰণ আছিল। বিভিন্ন উপনিৱেশত এই মুক্তি আন্দোলনবোৰৰ বিকাশতো বিভিন্ন কাৰকে বিভিন্ন ধৰণে ক্রিয়া কৰিছিল। মুক্তি আন্দোলনৰ ফলত এছিয়া মহাদেশত উপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ পতন নিশ্চিত হৈ পৰে আৰু দেশবোৰে স্বাধীনতা লাভৰ পথ মুকলি হৈ পৰে। সাম্রাজ্যবাদী নীতিৰ এক কেন্দ্রীভূত শাসনৰ তলত থখাৰ ফলত উফনিৱেশসমূহৰ বিভিন্ন জাতি-জনজাতিসমূহৰ মাজত আত্মীয়তা আৰু একতা ভাবৰ সৃষ্টি হয়। ফলত জাতীয়তাবাদৰ জন্ম দিয়ে আৰু উপনিৱেশবাদৰ এক বিৰুধী শক্তি হৈ উঠে। উপনিৱেশবোৰত সাম্রাজ্যবাদীসকলৰ শাসন, শোষণ, অত্যাচাৰ, নিপীড়ণ অর্থনৈতিক বৈষাম্যই শিক্ষিত শ্রেণীটোক সাম্রাজ্যবাদ বিৰুধী কৰি তোলে।

পশ্চিমীয়া সাম্রাজ্যবাদী দেশসমূহে শাসনৰ সুবিধার্থে উপনিৱেশসমূহত প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থাই শিক্ষিত মধ্যবিত্ত শ্রেণীটোক গণতান্ত্রিক ধ্যান-ধাৰণা সচেতন কৰি তুলিছিল। সচেতন মধ্যবিত্তসকলে সাম্ৰাজ্যবাদী শাসকসকলৰ দৰে সা- সুবিধা লাভ কৰিবলৈ মুক্তি আন্দোলনৰ বিকাশত অৰিহণা যোগাইছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি উদ্র উইলছনে ১৪ দফীয়া এক নীতিৰ দ্বাৰা আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ ভিত্তিত উপনিৱেশসমূহে স্বাধীনতা লাভ কৰিব বুলি ঘোষণা কৰিছিল। ১৯১৯ চনৰ ভাৰ্চাই চুক্তি মর্মে ইউৰোপৰ বহু দেশে এই নীতিৰ আধাৰত স্বাধীনত লাভ কৰিছিল । এছিয়া আৰু আফ্ৰিকাৰ উপনিৱেশ দেশবোৰত এই নীতি কিন্তু কাৰ্যকৰী নকৰাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু ই মুক্তি আন্দোলনৰ বিকাশত অৰিহণা যোগায়।

মার্ক্সবাদেও উপনিৱেশসমূহত মুক্তি আন্দোলনৰ বিকাশত অৰিহণা যোগায়। বিশেষকৈ ৰুছ দেশৰ অক্টোবৰ বিপ্লৱৰ সফলতাই এই আন্দোলনসমূহৰ জন্ম আৰু বিকাশত বাৰুকৈয়ে উদ্‌গনি জনায়। প্রথম অৱস্থাত সাম্রাজ্যবাদী শক্তিৰ বিৰুদ্ধে উপনিৱেশবোৰত হোৱা আন্দোলন ক্ষমতা হেৰুওৱা আগৰ সামন্ত শ্ৰেণীটোৰ দ্বাৰা সংগঠিত হৈছিল। এই আছিল নির্দিষ্ট এক ভৌগলিক সীমাৰে বেষ্টিত। প্রথম বিশ্বযুদ্ধৰ পিছত মুক্তি আন্দোলনবোৰ এক ভৌগলিক সীমাৰ ভিতৰতে আবদ্ধ হৈ নাথাকি সমগ্ৰ বিশ্বৰ শোষণ জৰ্জৰিত উপনিৱেশসমূহ বিয়পি পৰিল। দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত মুক্তি আন্দোলনবোৰৰ তীব্রতাত হাৰ মানি সম্রাজ্যবাদী শক্তিসমূহে এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰক স্বাধীনতা দিবলৈ বাধ্য হয়।

Class 10 Elective History Chapter 6 Assamese Medium

খ) এছিয়াৰ দেশসমূহত আৰম্ভ হোৱা মুক্তি আন্দোলনসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ : উপনিৱেশ শাসনৰ পৰা মুক্ত হ’বলৈ মুক্তি আন্দোলন কৰা এছিয়াৰ দেশসমূহৰ ভিতৰত ভাৰতবৰ্ষ পাকিস্তান, ব্রহ্মদেশ, ইন্দোনেছিয়া, শ্রীলংকা, ভিয়েটনাম, থাইলেণ্ড আদি প্রধান। ফেছীবাদী বিৰুধী আন্দোলন আৰু জাপানৰ আগ্রাসন নীতিয়ে বিশেষভাৱে অৰিহণা যোগাইছিল। এছিয়া মহাদেশৰ ফিলিপাইনে ১৯৪৬ চনত স্বাধীনতা লাভ কৰাত মুক্তি আন্দোলন কৰি থকা দেশবোৰ যথেষ্ট অনুপ্রাণীত হয়। প্রায় তিনিশ বছৰ ধৰি ভাৰতবৰ্ষ ইংৰাজ শাসনৰ তলত আছিল। ভাৰতীয় কংগ্ৰেছ দলে আৰম্ভ কৰা মুক্তি আন্দোলনৰ ফলত ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰতবৰ্ষ স্বাধীন হয়। ইফালে মুছলীম লীগৰ দাবীত ১৪ আগষ্টৰ দিনা ইংৰাজে পাকিস্তানকো স্বাধীনতা দান কৰিবলৈ বাধ্য হয়। ব্ৰহ্মদেশক ভাৰতবৰ্ষৰ লগত সাঙুৰি শাসন চলোৱাৰ পিছত ভাৰতবৰ্ষৰ মুক্তি আন্দোলনৰ প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ ১৯৩৫ চনত ইংৰাজ চৰকাৰে ব্ৰহ্মদেশক পৃথক কৰি শাসন কৰিবলৈ লয়। দ্বিতীয় বিশ্বযুদ্ধত ই প্রথমে জাপাৰ দখললৈ যোৱাৰ পিছত পুনৰ ইংৰাজৰ দখললৈ যায়। ১৯৪৮ চনত ই ব্ৰহ্মদেশ স্বাধীন হয়।

ইন্দোনেছিয়া ওলণ্ডাজসকলৰ উপনিৱেশ আছিল। ঊনৈশ শতিকাত ইয়াত জাতীয়তাবাদী মুক্তি আন্দোলন আৰম্ভ হয়। কুৰি শতিকাত বহুকেইটা জাতীয়তাবাদী ৰাজনৈতিক দলৰ সুসংহত আৰু তীব্র আন্দোলনৰ ফলত ১৯৪৯ চনত ইন্দোনেছিয়াই স্বাধীনতা লাভ কৰে। শ্রীলংকাত একাদিক্রমে পৰ্টুগাল, হলেণ্ড আৰু ব্রিটেইনে উপনিৱেশ স্থাপন কৰিছিল। সর্বশেষত শ্ৰীলংকাত ব্ৰিটেইনৰ শাসনহে প্ৰতিষ্ঠা হৈছিলগৈ। ১৯১৯ চনত ইয়াত জাতীয় কংগ্ৰেছ দল গঠন হয়। এই দলৰ নেতৃত্বত শ্রীলংকাত মুক্তি আন্দোলন আৰম্ভ হয়। অৱশেষত ১৯৪৮ চনৰ ৪ নৱেম্বৰৰ দিনা ই ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ ২২ মে’ৰ দিনা এখন প্রজাতান্ত্রিক স্বাধীন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।

লগতে পঢ়ক:   প্রথম বিশ্বযুদ্ধ Class 10 – ঐচ্ছিক বুৰঞ্জী দ্বিতীয় অধ্যায়

ভিয়েটনা ফৰাচী শাসনত থকাৰ পিছত ১৯৫৪ চনত উত্তৰ ভিয়েটনাম আৰু দক্ষিণ ভিয়েটনাম নামেৰে দ্বিখণ্ডিত কৰি দুখন পৃথক ৰাষ্ট্ৰ কৰা হয়। উত্তৰ ভিয়েটনামত হো-চি-মিন নামৰ কমিউনিষ্ট নেতাজন প্রধান মন্ত্রী হয় আৰু দক্ষিণ ভিয়েটনামত আমেৰিকাৰ হাতৰ পুতলা নগো-ডিন-ডিমেম প্রধান মন্ত্রী হয়। ১৯৬৩ চনত ভিয়েটনামৰ গৰিলা যোদ্ধাসকলে আমেৰিকাৰ শাসনৰ বিৰুদ্ধে মুক্তি আন্দোলন আৰম্ভ কৰে। এক সুদীর্ঘ মুক্তি আন্দোলনতাৰ পিছত ১৯৭৩ চনৰ এপ্ৰিল মাহত পৰাজিত আমেৰিকা যুক্তৰাষ্ট্ৰই ভিয়েটনামক স্বাধীনতা দিবলৈ বাধ্য হয়। থাইলেণ্ডত ৰাজকীয় স্বৈৰতন্ত্ৰৰ শাসন ওফৰাই ১৯৩২ চনত সামৰিক শাসন প্রবর্তন হয়। দ্বিতীয় মহাযুদ্ধৰ সময়ত ই জাপানৰ এখন পুতলা ৰাষ্ট্ৰ হৈ পৰে। এটা সময়ত শাসকীয় দলৰ সদস্য লুৱাং প্রেডিটে সামৰিক শাসন ব্যৱস্থা আৰু জাপানৰ বিৰুদ্ধে একে লগে মুক্তি আন্দোলন আৰম্ভ কৰে। ১৯৪৬ চনত লুৱাউৰ চেষ্টাত থাইলেণ্ডৰ ওপৰত ইংৰাজে দাবী প্রত্যাহাৰ কৰে। ১৯৪৭ চনৰ ২৮ এপ্ৰিলত থাইলেণ্ড ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰত পৰিণত হয়।

Class 10 Elective History Chapter 6 Assamese Medium

গ) ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অগ্ৰগতি সম্পর্কে আলোচনা কৰা।
উত্তৰ : ১৭৫৭ চনত পলাশ যুদ্ধত জয়লাভ কৰি ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত সাম্রাজ্য স্থাপনৰ পাতনি মেলে আৰু যুদ্ধ কৰি অথবা চলে বলে কৌশলে সমগ্ৰ ভাৰতবৰ্ষ নিজৰ দখললৈ নি পৰাধীন কৰে। বিভিন্ন সময়ত বিভিন্ন অঞ্চলত ভাৰতবাসীয়ে বিক্ষিপ্তভাৱে বিদেশী ইংৰাজৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল। ১৮৫৭ চনত ইংৰাজৰ বিৰুদ্ধে ভাৰতৰ চিপাহী বিদ্রোহক প্রথম বৃটিছ বিৰোধী সংগ্রাম হিচাবে অভিহিত কৰা হয়। এই বিদ্ৰোহক ইংৰাজে গোৰা চিপাহীৰ দ্বাৰা কঠোৰ হাতেৰে দমন কৰে। বিদ্ৰোহ দমনৰ লগে লগে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰে আৰু ভাৰতৰ শাসন ভাৰ ইংলেণ্ডৰ গহ চৰকাৰৰ হাতলৈ যায়। ১৮৫৭ চনৰ বাট কাটে।

এই চিপাহী বিদ্ৰোহেই ভাৰতত স্বাধীনতা সংগ্ৰামৰ ১৮৮৫ চনৰ ডিচেম্বৰ মাহত এলেন অক্টোভিয়ান হিউমৰ উদ্যোগত ভাৰতীয় জাতীয় মহাসভাৰ জন্ম হয়। মহাসভাৰ উদ্যোগত ভাৰতৰ স্বাধীনতা আন্দোলনৰ অগ্ৰগতি কেইবাটাও স্তৰৰ মাজেৰে আগবাঢ়ে। সেই স্তৰ বিলাক আছিল যথাক্রমে ১৯০৫ চনৰ স্বদেশী আন্দোলন, ১৯২০-২১ চনৰ মহাত্মা গান্ধীৰ দ্বাৰা পৰিচালিত অসহযোগ আন্দোলন, ১৯৩০-৪০ চনৰ আইন অমান্য আন্দোলন, ১৯৪২-৪৫ চনৰ গণ আন্দোলন, ১৯৪৬ নৌ-বিদ্রোহ আদি। তদুপৰি ১৯২৫ চনৰ পৰা ১৯৪৭ চনৰ কালছোৱাত বামপন্থীসকলৰ নেতৃত্বত পৰিচালিত শ্রমিক-কৃষকৰ সংগ্ৰামসমূহেও দেশৰ স্বাধীনতা অর্জনত বিশেষ অৰিহণা যোগাইছিল। বিশেষকৈ ১৯৪২-৪৬ চনৰ বিখ্যাত ভাৰত ত্যাগ আন্দোলনে ভাৰতৰ স্বাধীনতা আন্দোলন ব্যাপক কৰি তোলে। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্ব আৰু আহ্বানত সমগ্ৰ ভাৰততে স্বাধীনতা আন্দোলনে শক্তিশালী ৰূপে লৈছিল ইংৰাজ চৰকাৰে সকলোধৰণৰ অত্যাচাৰ, নিপীড়ণ চলাইয়ো আন্দোলন মষিমূৰ কৰিব নোৱাৰিলে। অৱশেষত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ১৯৪৭ চনৰ ১৪ আগষ্টৰ দিনা পাকিস্তান আৰু ১৫ আগষ্টৰ দিনা ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰিবলৈ বাধ্য হয়।

প্রশ্ন: স্বাধীনতা লাভ কৰা এছিয়াৰ প্ৰথম দেশ কি?

উত্তৰ : ফিলিপাইন (১৯৪৬চন ৪ জুলাই)।

প্রশ্ন: ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ এলেন অক্টোভিয়ান হিউম।

প্রশ্ন: দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এছিয়া মহাদেশৰ দেশসমূহৰ কি পৰিৱৰ্তন দেখা গৈছিল ?

উত্তৰ : এই সময়ছোৱাত এনে দেশসমূহত চলি থকা স্বাধীনতা আন্দোলনসমূহে ব্যাপক জনসমর্থন লাভ কৰিছিল।

প্রশ্ন: দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰে পৰা এছিয়া মহাদেশৰ কেইখন দেশ ঔপনিৱেশিক শাসনৰপৰা মুক্ত হৈছিল?

উত্তৰ : মুঠ ১৪০ খন এছিয়া মহাদেশৰ দেশে ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰিছিল।

প্রশ্ন: ছিংগাপুৰ কোন চনত স্বাধীন হৈছিল?

উত্তৰ : ১৯৫৯ চনত

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top