প্রথম বিশ্বযুদ্ধ Class 10 – ঐচ্ছিক বুৰঞ্জী দ্বিতীয় অধ্যায়

প্রথম বিশ্বযুদ্ধ Class 10 |  বুৰঞ্জী প্রথম অধ্যায় | Class 10 History Chapter 2 Assamese Medium | Class 10 Elective History | দশম শ্ৰেণীৰ বুৰঞ্জী (ঐচ্ছিক) | প্রথম বিশ্বযুদ্ধ ইতিহাস দ্বিতীয় অধ্যায়

বিষয়  বুৰঞ্জী (ঐচ্ছিক)
কিতাপৰ নাম দশম শ্ৰেণীৰ বুৰঞ্জী
পাঠৰ নাম প্রথম বিশ্বযুদ্ধ
শ্ৰেণী  দশম
বিষয়ৰ ধৰণ (ঐচ্ছিক) Elective History
অধ্যায় দ্বিতীয় অধ্যায়
পাঠ্যক্ৰম ছেবা (SEBA)

প্রথম বিশ্বযুদ্ধ Class 10

১। অতি চমু উত্তৰ দিয়া :
তলত দিয়া ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা।

(ক) ত্রিপাক্ষিক চুক্তিৰ সদস্য-ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰ : অষ্ট্ৰিয়া-জাৰ্মানী আৰু ইটালী।

(খ) ত্রিপল আটাটৰ সদস্য-ৰাষ্ট্ৰৰ নাম লিখা।
উত্তৰ : ৰাছিয়া, ইংলেণ্ড আৰু ফ্রান্স।

(গ) প্রথম বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণ কি আছিল?
উত্তৰ : ছেৰাজাভোৰ হত্যাকাণ্ড।

(ঘ) ছেৰাজাভোত অষ্ট্ৰিয়াৰ যুৱৰাজ ফ্ৰেন্‌চি ফার্দিনান্দক কোনে হত্যা কৰিছিল ?
উত্তৰ : গাভৰাইৱো প্ৰিঞ্চেপ নামৰ এজন বিদ্রোহীয়ে।

(ঙ) ১৮৭০-১৯১৪ৰ কালছোৱাত জাৰ্মানীৰ প্ৰতিৰক্ষা শিতানৰ খৰছৰ শতাংশ হিচাপ কিমান আছিল?
উত্তৰ : ৩৩৫ শতাংশ।

(চ) ১৮৭০-১৯১৪ৰ কালছোৱাত ব্ৰিটেইনৰ প্ৰতিৰক্ষা শিতানৰ খৰছৰ শতাংশ হিচাপ কিমান আছিল?
উত্তৰ : ১৮০ শতাংশ।

(ছ) ১৮৭০-১৯১৪ৰ কালছোৱাত ৰাছিয়াৰ প্ৰতিৰক্ষা শিতানৰ খৰছৰ শতাংশ কিমান আছিল?
উত্তৰ : ২১৪ শতাংশ।

প্রথম বিশ্বযুদ্ধ Class 10

২। তলত দিয়া ঘটনাসমূহৰ চন, তাৰিখ উল্লেখ কৰা :

(ক) ক্রিমিয়াৰ যুদ্ধ।
উত্তৰ : ১৮৫৪-১৮৫৬ চন।

(খ) অষ্ট্ৰো-প্রুচিয়াৰ যুদ্ধ।
উত্তৰ : ১৮৬৬ চন।

(গ) ফ্ৰেংকো প্ৰুচিয়াৰ যুদ্ধ।
উত্তৰ : ১৮৭০ চন।

(ঘ) ৰুচ-তুৰস্কৰ যুদ্ধ।
উত্তৰ : ১৮৭৭-৭৮ চন।

(ঙ) ফৰাচী বিপ্লব।
উত্তৰ : ১৮৮৯ চন।

(চ) ইংগ ফৰাচী মৈত্রী চুক্তি।
উত্তৰ : ১৯০৪ চন।

(ছ) গ্ৰীচৰ স্বাধীনতা প্রাপ্তি।
উত্তৰ : ১৮২৯ চন।

প্রথম বিশ্বযুদ্ধ Class 10

৩। চমু উত্তৰ লিখা :

(ক) বলকান উপমহাদেশৰ দেশসমূহৰ নাম লিখা।
উত্তৰ : বলকান উপমহাদেশৰ দেশসমূহৰ নাম হ’ল- বুলগেৰিয়া, থ্ৰেছ, মেচিডনিয়া গ্রীচ, মণ্টেনেগ্রো, ছার্বিয়া, বছনিয়া, হার্জেগভিনা, আলবানিয়া আদি। এই দেশসমূহত ছাৰ্ব বা শ্লাভ, আলবানিয়ান, মেচিডনিয়ান, ক্ৰোৱাটছ আৰু বুলগেৰিয়ান আদি লোকে বাস কৰিছিল।

Class 10 History Chapter 2 Assamese Medium

(খ) ভাৰ্চাই শান্তি চুক্তিৰ চাৰিটা ৰাজ্যক্ষেত্র সম্পৰ্কীয় চৰ্তৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ : ভাৰ্চাই শান্তি চুক্তিৰ চৰ্তসমূহ আছিল—

(১) ৰাজ্যক্ষেত্ৰ সম্পৰ্কীয় চুক্তি : এই চুক্তিমতে ফ্রান্সে জার্মানীৰ পৰা আলছেছ্ আৰু লোৰেইন ঘূৰাই পালে
আৰু শ্বাৰ অঞ্চল ১৫ বছৰলৈ ফ্ৰান্সৰ অধীন হ’ল। জাৰ্মানীৰ কিয়েল কেনেল মুক্ত অঞ্চল ঘোষণা কৰা হ’ল। ৰাইন উপত্যকাৰ জাৰ্মানী সামৰিক কোঠবিলাক ধ্বংস কৰা হ’ল। জার্মান অধিকৃত দেশসমূহক স্বাধীন কৰা হ’ল আৰু কিছু অঞ্চল মিত্রশক্তিয়ে ভগাই ল’লে।

লগতে পঢ়ক:   প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯)

(২) ঔপনিৱেশিক-ৰাজ্যক্ষেত্ৰ সম্পৰ্কীয় চৰ্ত : এই চুক্তিমতে জার্মানীয়ে তেওঁলোকৰ সকলো উপনিৱেশ হেৰুৱালে।
(৩) সামৰিক চৰ্ত : এই চৰ্ত অনুসৰি জাৰ্মানীৰ সামৰিক শক্তি হ্রাস কৰিবলৈ বাধ্য কৰোৱা হ’ল।
(8) আইন সম্পর্কীয় আৰু বিত্তীয় তথা অর্থনৈতিক চুক্তি : জার্মানীক যুদ্ধ অপৰাধী হিচাপে গণ্য কৰা হ’ল আৰু জাৰ্মানীয়ে এই অভিযোগ মানি ল’বলৈ বাধ্য হ’ল। যুদ্ধৰ ক্ষতিপুৰণ হিচাপে জার্মানীয়ে নির্দিষ্ট সময়ৰ ভিতৰত মিত্রপক্ষৰ দেশবোৰক ৬৬০০ মিলিয়ন ষ্টার্লিং পাউণ্ড দিবলৈ বাধ্য হ’ল।

(গ) ভাৰ্চাই শান্তিচুক্তিৰ সামৰিক চৰ্তাৱলী উল্লেখ কৰা।
উত্তৰ : ভাৰ্চাই শান্তি চুক্তিৰ সামৰিক চৰ্ত অনুসৰি জার্মানীয়ে বাধ্যতামূলকভাৱে সামৰিক সেৱাত লোক নিযুক্ত কৰিব নোৱাৰিব। সাধাৰণ সৈন্যৰ সংখ্যা ১ লাখলৈ সীমিত কৰা হ’ল। নৌ সৈন্য ১৫ হাজাৰলৈ, যুদ্ধ জাহাজ ৬ খনলৈ ক্রুইজাৰ ৬ খনলৈ আৰু ডেষ্টয়াৰ ১২ খনলৈ হ্ৰাস কৰা হ’ল। ছাবমেৰিণ ৰখাটো নিষিদ্ধ কৰা হ’ল। বাইন আৰু হেলিগোলেণ্ডত জার্মানী সৈন্য ৰাখিব নোৱৰা হ’ল।

(ঘ) ১৯১৮ চনৰ যুদ্ধ পৰিস্থিতি।
উত্তৰ : ১৯১৭ চনত ফ্রান্স, ইটালী, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এক সর্বোচ্চ যুদ্ধ পৰিষদ গঠন কৰে। ১৯১৮ চনৰ মাৰ্চ মাহত মাৰ্ছাল ফার্দিনান্দ ফৰ্কক সন্মিলিত যুদ্ধ পৰিষদৰ সৰ্বময় কর্তৃত্ব প্রদান কৰা হয়। তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহিল ফৰাচী সৈন্য বাহিনীৰ নেতৃত্বত মাৰ্ছাল পেটাইন আৰু ব্ৰিটিছ সেনাবাহিনীৰ নেতৃত্বত ডোগলাছ হেইগ। এই বছৰৰ জুলাই মাহত মাৰ্ণৰ দ্বিতীয়খন যুদ্ধত জার্মানসকল সম্পূৰ্ণ পৰাভূত হয়। ২৯ চেপ্তেম্বৰত বুলগেৰিয়াই, ৩০ ছেপ্টেম্বৰত তুৰস্কই, ৩ নৱেম্বৰত অষ্ট্ৰিয়া আৰু হাংগেৰীয়ে আত্মসমর্পণ কৰে। জার্মান সম্রাট হলেগুলৈ পলাই যায়। ১৯১৮ চনৰ ১১ নৱেম্বৰৰ দিনা জার্মানত নতুনকৈ গঠন হোৱা প্ৰজাতান্ত্ৰিক চৰকাৰে যুদ্ধ বিৰতি চুক্তিত চহী কৰে। এইদৰে প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰে।

(ঙ) ১৯১৪ চনৰ যুদ্ধৰ পৰিস্থিতি।
উত্তৰ : ১৯১৪ চনৰ ৩ আগষ্টত জার্মানীয়ে অনায়াসে। বেলজিয়াম দখল কৰি ফ্ৰান্স আক্ৰমণ কৰিবলৈ অগ্ৰসৰ হয়। বাটত ব্ৰিটিছ সেনাবাহিনীক যুদ্ধত হৰুৱাই জাৰ্মানী বাহিনী ফ্রান্সত প্ৰৱেশ কৰে। থাৰ্ণ, নদীৰ পাৰত জাৰ্মান আৰু ফৰাচী বাহিনীৰ ঘোৰতৰ, যুদ্ধ লাগে। এই যুদ্ধ চাৰিবছৰ ধৰি চলিছিল। যুদ্ধত কোন পক্ষই কাৰ কিমান ক্ষতি কৰিব পাৰে তাৰ প্রতিযোগিতা চলিছিল। ইফালে পূৱ সীমান্তত জার্মান অষ্ট্রিয়ান মিত্র বাহিনীয়ে ৰুচ সৈন্যক দুবাৰকৈ পৰাজিত কৰি ৯ হেজাৰ সৈনিকক যুদ্ধ বন্দী কৰে। অৱশ্যে ৰুচিয়াই জার্মানৰ পৰা ৱাৰশ্ব আৰু অষ্ট্ৰিয়াৰ পৰা ছাৰ্বিয়াক ৰক্ষা কৰে। ইফালে কেন্দ্ৰীয় শক্তি জোঁটৰ সমৰ্থনত তুৰস্কই ১৯১৪ চনৰ ২০ অক্টোবৰত ৰাছিয়া আক্ৰমণ কৰে। অৱশেষত ইংলেণ্ডৰ হাতত আফ্রিকা আৰু এছিয়াত কেন্দ্ৰীয় শক্তি জোঁট পৰাজিত হয়।

প্রথম বিশ্বযুদ্ধ Class 10

ৰচনাধৰ্মী প্রশ্ন :

১। প্রথম বিশ্বযুদ্ধৰ চাৰিটা প্ৰধান কাৰণ সম্পৰ্কে আলোচনা কৰা।
উত্তৰ : (ক) সাম্রাজ্যবাদী দেশসমূহৰ মাজত প্ৰতিদ্বন্দ্বিতা, (খ) ইউৰোপত সংঘর্ষ, (গ) গোপন সামৰিক চুক্তি সম্পাদন, (ঘ) তাৎক্ষণিক ঘটনা প্ৰবাহ— এই চাৰিটাই আছিল প্রথম বিশ্বযুদ্ধৰ প্ৰধান কাৰণ।

লগতে পঢ়ক:   গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10 – বুৰঞ্জী সপ্তম অধ্যায়

(ক) সাম্রাজ্যবাদী দেশসমূহৰ মাজত উপনিবেশ স্থাপনক কেন্দ্ৰ কৰি হোৱা প্ৰতিদ্বন্দ্বিতা প্রথম মহাযুদ্ধৰ প্ৰধান কাৰণ। সাম্রাজ্যবাদী দেশবোৰে পৰস্পৰৰ উপনিবেশবোৰ দখল কৰি তাত নিজ দেশৰ কেঁচামালৰ উৎ আৰু উৎপাদিত সামগ্ৰীসমূহ চৰাদামত বিক্ৰী কৰিবলৈ বিচাৰিছিল। ঐতিহাসিক কাৰণত ইংলেণ্ড, ফ্রান্স, জার্মানী, ইটালী আদিতকৈ ইউৰোপীয় আন কিছুমান দেশ পলমকৈ পুঁজিবাদী হৈছিল। সেয়ে পুৰণি আৰু নতুন পুঁজিবাদী দেশবোৰৰ মাজত উপনিৱেশৰ বাবে তীব্র প্রতিদ্বন্দ্বিতা আৰম্ভ হৈছিল। ফলত প্রথম বিশ্বযুদ্ধৰ বিভীষিকাই দেখা দিছিল।

(খ) গোপন সামৰিক চুক্তি সম্পাদন : প্রথম মহাযুদ্ধ আৰম্ভ হোৱাৰ ভালেমান বছৰৰ আগৰেপৰা ইউৰোপত বৃহৎ শক্তিসমূহৰ মাজত কেবাটাও গোপন সামৰিক চুক্তি সম্পাদন হৈছিল। ত্ৰি-সম্রাট মৈত্রী সংঘ, অষ্ট্রিয়া-জার্মান দ্বিপক্ষিক চুক্তি, অষ্ট্রিয়া- জার্মান-ইটালী ত্রিপাক্ষিক চুক্তি ইয়াৰ বিপৰীতে ইংলণ্ড-জাপান দ্বিপাক্ষিক চুক্তি আদিয়ে প্রথম মহাযুদ্ধৰ সম্ভাৱন খৰতকীয়া কৰি তোলে।

(গ) ইউৰোপত সংঘর্ষ : ইউৰোপত মৰক্কোক কেন্দ্র কৰি ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। ইফালে শিল্প বিপ্লৱ, সামৰিক আৰু,অর্থনৈতিকভাৱে শক্তিশালী ৰূপত আমেৰিকা,যুক্তৰাষ্ট্ৰৰ আবিৰ্ভাৱ আদি ঘটনাই প্রথম মহাযুদ্ধৰ,সম্ভাৱনা আৰু দ্রুত কৰিছিল।

(ঘ) তাৎক্ষণিক ঘটনা প্রবাহ : ইতিমধ্যে অষ্ট্ৰিয়াৰ যুৱৰাজ ফ্রান্সিছ ফার্দিনান্দক বছনিয়াৰ ৰাজধানী, ছাৰাজাভো ভ্ৰমণ কালত গাভৰাইলো প্ৰিঞ্চেপ নামৰ এজন বিদ্রোহীয়ে হত্যা কৰে। ফলত অষ্ট্ৰিয়া আৰু ইউৰোপত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। জার্মানীয়ে অষ্ট্ৰিয়াৰ পক্ষ লোৱাত অষ্ট্ৰিয়াই সাহস পাই ছাৰ্বিয়াক ৪৮ ঘণ্টাৰ ভিতৰত কিছু দাবী পূৰণ কৰিবলৈ চৰম পত্র দিয়ে। প্রথম বিশ্বযুদ্ধ অৱশ্যম্ভাৱী হৈ পৰে। এই চাৰিটাই প্রথম বিশ্বযুদ্ধৰ মূল কাৰণ।

২। প্রথম বিশ্বযুদ্ধৰ পূৰ্বে ইউৰোপীয় শক্তিবর্গই স্বাক্ষৰিত কৰা মুখ্য সামৰিক চুক্তিসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰ : প্রথম বিশ্বযুদ্ধৰ পূৰ্বে ইউৰোপীয় শক্তিবৰ্গৰ মাজত উপনিৱেশসমূহৰ অধিকাৰ আৰু স্ব-ঐতিহ্য আৰু গৌৰৱৰ অধিকাৰক লৈ পৰস্পৰে পৰস্পৰক সন্দেহী, বিদ্বেষী আৰু ভীতিগ্ৰস্ত কৰি তুলিছিল। জাৰ্মানীৰ বিচমাৰ্কে ইউৰোপত ফ্ৰান্সক এঘৰীয়া কৰিবৰ বাবে ১৮৭৩ চনত জাৰ্মানী, ৰাছিয়া আৰু অষ্ট্ৰিয়াৰ সম্ৰাটসকলক ‘ত্রি-সম্রাট মৈত্রী সংঘ’ৰ জৰিয়তে একেখন সামৰিক চুক্তিৰ গণ্ডীলৈ আনিছিল। কিন্তু জার্মানীয়ে ফ্রান্স আক্ৰমণ কৰিলে ৰাছিয়াই ফ্ৰান্সৰ পক্ষত থিয় দিব বুলি কোৱাত ১৮৭৯ চনত অষ্ট্ৰো-জার্মান গোপন সামৰিক চুক্তি সম্পাদন কৰে। ইফালে অষ্ট্ৰিয়া আৰু ৰাচিয়াই বুলগেৰিয়াক লৈ সংঘৰ্ষত লিপ্ত হোৱাত বিচমাকে ১৮৮৭ চনত ৰুচ-জার্মান চুক্তি সম্পাদন কৰি ৰাছিয়াক নিজৰ পক্ষ কৰি ৰাখে। জার্মানীয়ে এইদৰে কৰা সামৰিক চুক্তিসমূহে বিপৰীত মেৰুত থকা আন আন দেশসমূহকো একত্ৰিত হৈ সামৰিক চুক্তি কৰিবলৈ বাধ্য কৰি তোলে। সেয়ে ১৮৯৪ চনত সম্পাদিত হয় আৰু ৰুচ ফ্ৰান্স দ্বিপাক্ষিক চুক্তি।

এনেদৰে হোৱা সামৰিক চুক্তিবোৰে ইংলেণ্ডক চিন্তাত পেলায়। ইংলেণ্ডত প্ৰায় এটা শতিকা জুৰি ইউৰোপৰ ৰাজনীতিৰ পৰা আতঁৰি আছিল যদিও জাৰ্মানীৰ এই আগ্রাসন নীতেয়ে ইংলেণ্ডক ১৯০২ চনত ইংলেণ্ড-জাপান সামৰিক চুক্তি কৰিবলৈ বাধ্য কৰে। ইয়াৰ ফলত চীনত ইংলেণ্ডৰ আৰু কোৰিয়াত জাপানৰ স্বাৰ্থ জড়িত হৈ আছিল। ১৯০৪ চনত ইংগ-ফ্রান্স চুক্তি আৰু ১৯০৭ চনৰ ইংগ-ৰুচ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ফ্ৰান্স, ৰুচিয়া আৰু ইংলেণ্ড মিত্র শক্তি জোঁট বা ‘ত্রি-শক্তি ঘনিষ্ঠ মিত্রতা’ গঢ় লৈ উঠে। একেদৰে জাৰ্মানী, অষ্ট্ৰিয়া আৰু হাংগেৰীয়েও কেন্দ্ৰীয় শক্তি জোঁট গঠন কৰি বিপৰীত মেৰুত অৱস্থান কৰে। এইদৰেই প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগত ইউৰোপীয় শক্তি বৰ্গ দুটা প্রধান প্রতিদ্বন্দ্বী সামৰিক গোটত বিভাজিত হৈ পৰে।

লগতে পঢ়ক:   ৰাষ্ট্ৰসংঘ Class 10 – পঞ্চম অধ্যায় বুৰঞ্জী (ঐচ্ছিক) দশম শ্ৰেণী

৩।  ১৯০২-১৯১৪ চনৰ কালছোৱাত ইউৰোপ আৰু আফ্রিকাত সংঘটিত সামৰিক সংঘৰ্ষৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ : ১৯০২ আৰু ১৯১৪ চনৰ মাজৰ কালছোৱাত ইউৰোপ আৰু আফ্ৰিকাত সামৰিক সংঘৰ্ষবোৰে প্রথম বিশ্বযুদ্ধৰ সূত্ৰপাত হোৱাত অৰিহণা যোগাইছিল। ১৯০৫, ১৯০৮ আৰু ১৯১১ চনত মৰক্কোক কেন্দ্ৰ কৰি ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত সংঘৰ্ষৰ সূত্রপাত হয়। ইংলেণ্ডে ফ্রান্সক সমৰ্থন কৰাত ইংলেণ্ড-জার্মান সম্পর্ক বেয়া হৈ পৰে। ১৯০৫- ১৯০৬ চনত দুয়ো পক্ষৰ মাজত সামৰিক সংঘৰ্ষৰ সম্ভাৱনাই দেখা দিয়ে। জার্মানীয়ে মৰক্কোক স্বাধীন দেশ হিচাপে স্বীকৃতি দিয়ে। এই পৰিস্থিতিত আমেৰিকা যুক্তৰাষ্ট্ৰই ফ্ৰান্সক সমৰ্থন দিয়াৰ সম্ভাৱনাই দেখা দিয়ে। ১৯১১ চনত পুনৰ ফ্ৰান্স আৰু জাৰ্মানীৰ মাজত মৰক্কোক লৈ যুদ্ধৰ সম্ভাৱনাই দেখা দিয়ে যদিও ইংলেণ্ডৰ মধ্যস্থতাত এই সমস্যা সমাধান হয়।

জার্মান, ফ্রান্স, ইংলেণ্ডৰ মাজত হোৱা চুক্তি অনুসৰি মৰক্কোত ফ্ৰান্সৰ আৰু উত্তৰ পশ্চিম কংগোত জার্মানীৰ অধিকাৰ সাব্যস্ত হয়। ইফালে ইটালীয়ে তুৰস্ক আক্রমণ কৰি আফ্ৰিকাৰ ত্ৰিপ’লী দখল কৰে। ভার্দেনেলিছ প্রণালীত বোমা বর্ষণ কৰে আৰু ভূমধ্য সাগৰৰ ৰোড্‌ছ আৰু অন্যান্য দ্বীপ দখল কৰে। তুৰস্কৰ বিৰুদ্ধে ইটালীৰ এই অপ্রত্যাশিত আক্রমণ স্বত্বেও ত্রি-পাক্ষিক চুক্তিৰ অংশীদাৰ অন্যান্য সদস্য জার্মানী আৰু অষ্ট্রিয়া-হাংগেৰীয় বাধ্য হৈ সক্রিয় ভূমিকা লোৱাৰ পৰা বিৰত থাকে। তুৰস্কৰ বিৰুদ্ধে সেই সময়তে আলবেনিয়াতো বিদ্রোহ আৰম্ভ হয়। উপায়হীন হৈ লুছান শান্তি চুক্তিৰ মাধ্যমত ইটালীক ত্রিপলী এৰি দিয়ে।

প্রথম বিশ্বযুদ্ধৰ চাৰিটা প্ৰধান কাৰণ সম্পৰ্কে আলোচনা কৰা।

উত্তৰ : (ক) সাম্রাজ্যবাদী দেশসমূহৰ মাজত প্ৰতিদ্বন্দ্বিতা, (খ) ইউৰোপত সংঘর্ষ, (গ) গোপন সামৰিক চুক্তি সম্পাদন, (ঘ) তাৎক্ষণিক ঘটনা প্ৰবাহ— এই চাৰিটাই আছিল প্রথম বিশ্বযুদ্ধৰ প্ৰধান কাৰণ।

 ভাৰ্চাই শান্তিচুক্তিৰ সামৰিক চৰ্তাৱলী উল্লেখ কৰা।

ভাৰ্চাই শান্তি চুক্তিৰ সামৰিক চৰ্ত অনুসৰি জার্মানীয়ে বাধ্যতামূলকভাৱে সামৰিক সেৱাত লোক নিযুক্ত কৰিব নোৱাৰিব। সাধাৰণ সৈন্যৰ সংখ্যা ১ লাখলৈ সীমিত কৰা হ’ল। নৌ সৈন্য ১৫ হাজাৰলৈ, যুদ্ধ জাহাজ ৬ খনলৈ ক্রুইজাৰ ৬ খনলৈ আৰু ডেষ্টয়াৰ ১২ খনলৈ হ্ৰাস কৰা হ’ল। ছাবমেৰিণ ৰখাটো নিষিদ্ধ কৰা হ’ল। বাইন আৰু হেলিগোলেণ্ডত জার্মানী সৈন্য ৰাখিব নোৱৰা হ’ল।

 বলকান উপমহাদেশৰ দেশসমূহৰ নাম লিখা।

উত্তৰ : বলকান উপমহাদেশৰ দেশসমূহৰ নাম হ’ল- বুলগেৰিয়া, থ্ৰেছ, মেচিডনিয়া গ্রীচ, মণ্টেনেগ্রো, ছার্বিয়া, বছনিয়া, হার্জেগভিনা, আলবানিয়া আদি। এই দেশসমূহত ছাৰ্ব বা শ্লাভ, আলবানিয়ান, মেচিডনিয়ান, ক্ৰোৱাটছ আৰু বুলগেৰিয়ান আদি লোকে বাস কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top