দ্বিতীয় বিশ্বযুদ্ধ Class 10 – চতুর্থ অধ্যায় বুৰঞ্জী (ঐচ্ছিক)

দ্বিতীয় বিশ্বযুদ্ধ Class 10 | বুৰঞ্জী চতুর্থ অধ্যায় | Class 10 History Chapter 4 Assamese Medium | Class 10 Elective History | দশম শ্ৰেণীৰ বুৰঞ্জী (ঐচ্ছিক) | দ্বিতীয় বিশ্বযুদ্ধ ইতিহাস চতুর্থ অধ্যায়

বিষয় বুৰঞ্জী (ঐচ্ছিক)
কিতাপৰ নামদশম শ্ৰেণীৰ বুৰঞ্জী
পাঠৰ নামদ্বিতীয় বিশ্বযুদ্ধ
শ্ৰেণী দশম
বিষয়ৰ ধৰণ(ঐচ্ছিক) Elective History
অধ্যায়চতুর্থ অধ্যায়
পাঠ্যক্ৰমছেবা (SEBA)

দ্বিতীয় বিশ্বযুদ্ধ Class 10

১। অতি চমু উত্তৰ দিয়া :
তলত দিয়া ঘটনাবোৰৰ চন-তাৰিখ উল্লেখ কৰা।

(ক) জার্মানীৰ ছোভিয়েট ৰাছিয়া আক্রমণ।
উত্তৰ : ১৯৪১ চন ২২ জুন।

(খ) অপাৰেচন টর্চ।
উত্তর : ১৯৪২ চন।

(গ) প্রিন্স অৱ্ ওৱেলছৰ পতন।
উত্তৰ : ১৯৪১ চনৰ ১০ ডিচেম্বৰ।

(ঘ) ছিংগাপুৰৰ আত্মসমর্পন।
উত্তৰ : ১৮৪২ চনৰ ১৫ ফেব্ৰুৱাৰী।

(ঙ) হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা নিক্ষেপ।
উত্তৰ : (ক) হিৰ’ছিমাত ১৯৪৫ চনৰ ৬ আগষ্টত। নাগাচাকিত ১৯৪৫ চনৰ ৯ আগষ্টত।

(চ) দোগলাছ মেকআর্থাৰৰ ওচৰত জাপানৰ আত্মসমর্পণ।
উত্তৰ : ১৯৪৫ চনৰ ২ ছেপ্তেম্বৰ।

(ছ) ফিলিপাইনছৰ স্বাধীনতা।
উত্তৰ : ১৯৪৫ চন।

দ্বিতীয় বিশ্বযুদ্ধ Class 10

২। তলত দিয়া ঘটনাসমূহৰ চন, তাৰিখ উল্লেখ কৰা :

(ক) নৰওৱে আক্ৰমণত হিটলাৰে কিমানখন যুদ্ধজাহাজ ব্যৱহাৰ কৰিছিল ?
উত্তৰ : ৮০০ খন।

(খ) ভাইডকুন কুইজলিং কোন আছিল?
উত্তৰ : নফওৱেৰ ফেছিষ্ট দলৰ নেতা।

(গ) ‘ফ্রি-ফ্রান্স আন্দোলন’ কোনে সংঘটিত কৰিছিল?
উত্তৰ : ফ্ৰান্সৰ পলাতক সেনা বিষয়াসকলে।

(ঘ) অপাৰেছন-ছি- লায়ন নাম ভূমিকাত হিটলাৰে কোন দেশ আক্রমণ কৰিছিল?
উত্তৰ : ইংলণ্ড।

(ঙ) ছিংগাপুৰৰ সমীপত কোন দেশে বৃটিছ যুদ্ধ জাহাজ প্রিন্স অব ওৱেলছ আৰু ৰিপালছ বিধৰস্ত কৰিছিল ?
উত্তৰ : জাপানে।

(চ) ডিজার্ট ফক্ছ কাক বোলা হয়?
উত্তৰ : আৰউইন ৰোমেলক (জার্মান সেনাধ্যক্ষ)।

দ্বিতীয় বিশ্বযুদ্ধ Class 10

৩। সংক্ষেপতে উত্তৰ দিয়া :

(ক) কোন চনত ৰাছিয়াই ফিনলেণ্ড আক্রমণ কৰিছিল?
উত্তৰ : ১৯৩৯ চনৰ ছেপ্টেম্বৰ মাহত ৰাছিয়াই ফিনলেণ্ড আক্ৰমণ কৰিছিল।

(খ) Operation sea lion কি?
উত্তৰ : বৃটেইনৰ লগত হোৱা যুদ্ধত জার্মানীয়ে জয় লাভ কৰিব নোৱাৰি Operation sea lion নামেৰে আৰম্ভ কৰা যুদ্ধখন সাময়িকভাৱে স্থগিত ৰাখিবলৈ বাধ্য হৈছিল।

(গ) Battle of Britain কি আছিল?
উত্তৰ : হিটলাৰে বৃটেইন আক্ৰমণ কৰাৰ সময়ত বিমান ঘাটি, বিমান তৈয়াৰ কৰা কাৰখানা, সাধাৰণ নাগৰিকৰ বসতি অঞ্চল আগি সকলোতে আক্রমণ চলাইছিল। অকল লণ্ডন চহৰতে বিশ হাজাৰতকৈও অধিক লোক মৃত্যুমুখত পৰিছিল আৰু বৃটিছ ৰাজকীয় বিমানবাহিনীয়ে প্রায় ২৪০০ খন জার্মান যুদ্ধ জাহাজ গুলিয়াই ধ্বংস কৰিছিল। এই আকাশী যুদ্ধকে বেটল অৱ বৃটেইন বোলা হৈছিল।

(ঘ) Land Lease Act কি আছিল?
উত্তৰ : Land Lease Act আছিল এখন আইন। আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্রপক্ষক সহায় কৰাৰ বাবে ১৯৪১ চনৰ মাৰ্চ মাহত এই আইন গ্ৰহণ কৰি একাদি শক্তি জোঁটৰ বিৰুদ্ধে থকা দেশসমূহক বাকীকৈ অস্ত্র-শস্ত্র যোগান ধৰাৰ নীতি লৈছিল।

(ঙ) Operation Barbarosa বা অপাৰেছন বাৰবাছেছো কি?
উত্তৰ : হিটলাৰে যুদ্ধৰ খৰছ গোটাৱাৰ অভিপ্রায়েৰে ৰাছিয়া আক্ৰমণৰ প্ৰতিজ্ঞা কৰিছিল আৰু অপাৰেছন বাৰবোৰোছা নাম দি এই আক্রমণ আৰম্ভ কৰা হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধ Class 10

৪। চমু উত্তৰ দিয়া :

(ক) দ্বিতীয় বিশ্বযুদ্ধৰ স্তৰ কেইটা কি কি?
উত্তৰ: ১ম স্তৰ = ১৯৩৯ – ৪০
২য় স্তৰ = ১৯৪০–৪১
৩য় স্তৰ = ১৯৪১–৪২
৪র্থ স্তৰ = ১৯৪২ – ৪৪
৫ম স্তৰ = ১৯৪৪–৪৫

(খ) কি পৰিস্থিতিত মার্কি যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধত অংশ গ্ৰহণ কৰিছিল?
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল ১৯৩৯ চনত। প্ৰথম অৱস্থাত যুক্তৰাষ্ট্ৰই যুদ্ধৰ পৰা আঁতৰি আছিল। আনহাতে, জাপানৰ ক্ৰমবৰ্দ্ধমান সাম্রাজ্যবাদী কার্যই বিশ্বৰ আন দেশবোৰৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰকো শংকিত কৰি তুলিছিল। সেয়ে জাপানৰ বৰ্দ্ধিত শক্তিক বাধা দিবৰ বাবে মিত্ৰপক্ষৰ দেশবোৰক অস্ত্ৰৰ আৰু ধনৰ যোগান ধৰিছিল। জাপানে আমেৰিকাৰ কাৰ্যত অসন্তুষ্ট হৈ ১৯৪১ চনৰ ৬ ডিচেম্বৰত মার্কিন নৌ ঘাটি পার্ল হাৰবাৰত বোমাবর্ষণ কৰে ৭ ডিচেম্বৰৰ দিনাই মার্কিন যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ দুবছৰ পিছত জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

লগতে পঢ়ক:   ৰাষ্ট্ৰসংঘ Class 10 – পঞ্চম অধ্যায় বুৰঞ্জী (ঐচ্ছিক) দশম শ্ৰেণী

(গ) হিৰ’ছিমা আৰু নাগাচাকিত এটম বোমা নিক্ষেপ কার্য।
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধত প্রশান্ত মহাসাগৰ অঞ্চলত ছোভিয়েট ৰাছিয়াৰ জয়-জয়কাৰ অগ্ৰগতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্রুমেন আৰু ইংলণ্ডৰ প্রধানমন্ত্রী চার্চিল চিন্তিত হৈ পৰিছিল। বিশ্বযুদ্ধ দীঘলীয়া হ’লে ৰাছিয়াই এই অঞ্চলত একাধিপত্য বিস্তাৰ কৰাৰ আশংকা কৰি বাধা দিবলৈ ট্রুমেনে ১৯৪৫ চনৰ ৬ আগষ্টত জাপানৰ হিৰ’ছিমাত আৰু ৯ আগষ্টত পুনৰ জাপানৰ নাগাচাকিত এটম বোমা নিক্ষেপ কৰে। লক্ষ্য লক্ষ্য নিৰপৰাধী লোকৰ মৃত্যু হোৱাত আৰু নগৰ দুখন সম্পূর্ণ বিধ্বস্ত হোৱাত জাপানে চর্তবিহীনভাৱে আত্মসমর্পণ কৰে। আমেৰিকাৰ এট’ম বোমাবর্ষণ কার্য বিশ্ব ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায়।

(ঙ) ফ্রান্সত সংগঠিত প্ৰতিৰোধ সংগ্রাম।
উত্তৰ : হিটলাৰে ফ্ৰান্স আক্ৰমণ আৰু দখল কৰাত জাতীয়তাবাদী সামৰিক বিষয়া ছাৰ্লচ-ডি-গ’ল ইংলণ্ডলৈ পলাই গৈ ফ্ৰান্সৰ মুক্তিৰ বাবে ‘ফ্রি ফ্রান্স ম’ভমেন্ট’ গঢ়ি তুলিছিল। ১৯৪২ চনত ফ্ৰান্সত কমিউনিষ্টসকলৰ নেতৃত্বত ‘নেচনেল ফ্রণ্ট’ গঠন হয়। ফ্রণ্টে সকলো ফেছীবাদ বিৰোধী লোকক ৰাজধানী ৱাৰ্শ্বত একত্ৰিত কৰি প্ৰতিৰোধ সংগ্ৰামৰ নেতৃত্ব দিছিল। ফেচীবাদক প্ৰতিৰোধ কৰিবলৈ ৫ লাখ সদস্যৰ এটা শক্তিশালী সামৰিক গোট তেওঁলোকে গঢ়ি লৈছিল। এই গোটৰ সদস্যসকলে সমগ্ৰ ফ্ৰান্সত কুটাঘাতমূলক কাৰ্যৰ দ্বাৰা দখলদাৰী জার্মান সৈন্যক আগ্রাসনত বাধা প্রদান কৰিছিল। তেওঁলোকে ফেছীবাদ সমর্থক ফৰাচী লোককো এই ক্ষেত্ৰত ৰেহাই দিয়া নাছিল। জাতীয়তাবাদী ডি গলে কমিউনিষ্ট আৰু সকলো ফেছীবাদ বিৰোধী লোকক লৈ এখন অস্থায়ী চৰকাৰ গঠন কৰি প্ৰতিৰোধ সংগ্ৰাম শক্তিশালী কৰি তুলিছিল। মিত্ৰপক্ষক জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধত সংগ্ৰামৰ নেতা কর্মীসকলে প্রভূত সহায় কৰিছিল।

(চ) যুগোশ্লোভিয়াত সংগঠিত প্ৰতিৰোধ সংগ্রাম।
উত্তৰ : যুগোশ্লোভিয়াত ফেছীবাদ বিৰোধী প্ৰতিৰোধ সংগ্রাম হৈছিল অতি সংগঠিত ৰূপত কমিউনিষ্টসকলৰ নেতৃত্বত। নেতা আছিল সামৰিক বিষয়া মার্ছাল যোছেফ ব্ৰজ টিটো। জার্মান দখলদাৰী নাজী আৰু দেশৰ ভিতৰত থকা নাজী সমর্থকৰ বিৰুদ্ধে তেওঁলোকে তীব্ৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিল কমিউনিষ্টসকলে গণ মুক্তি বাহিনী গঠন কৰি সুপৰিকল্পিতভাৱে আগবাঢ়িছিল। যুগোশ্লোভিয়াৰ পলৰীয়া চৰকাৰখনতকৈ টিটোৰ প্ৰতিহে জনগণে অধিক সমর্থন আগবঢ়োৱাৰ ফলত ১৯৪৪ চনত নাজীকবলৰ পৰা যুগোশোভিয়া সম্পূর্ণ মুক্ত হৈছিল।

(ছ) দ্বিতীয় বিশ্বযুদ্ধত হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ।
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধত ধন-জন-সম্পত্তিৰ ক্ষতিৰ পৰিমাণ আছিল অভুতপূর্ব। যুদ্ধৰ অন্ততঃ ইউৰোপৰ দেশসমূহ শ্মশানত পৰিণত হৈছিল। যুদ্ধ আৰু সা- সম্পত্তিৰ ধ্বংসৰ মাধ্যমত হোৱা খৰছ মিলাই দ্বিতীয় বিশ্বযুদ্ধত মুঠ ২৩৫০ বিলিয়ন ডলাৰ খৰছ হৈছিল। যুদ্ধত নিহত হৈছিল ২২ মিলিয়ন লোক। আহত হৈছিল প্রায় ৩৪ মিলিয়ন লোক। প্রায় ২০ মিলিয়ন সাধাৰণ নাগৰিক নিহত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ নাগাচাকি আৰু হিৰ’চিমাত এট’ম বোমা পেলাই হত্যা কৰিছিল প্রায় ৩ লাখ ২০ হাজাৰ নিৰপৰাধী নাগৰিক শিশুক। যুদ্ধৰ ফলত পৰাজিত দেশ জার্মানী, ইটালী আৰু জাপানৰ কথা বাদেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাদে ইউৰোপৰ বিজেতা দেশবোৰৰো অর্থনীতি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছিল।

দ্বিতীয় বিশ্বযুদ্ধ Class 10

৫। ৰচনাধর্মী প্রশ্ন :

১। পোলেণ্ড আৰু বাল্টিক সাগৰীয় দেশসমূহৰ ওপৰত জার্মানীৰ আক্ৰমণ সম্পর্কে চমুকৈ বিবৃত কৰা।
উত্তৰ : ১৯৩৯ চনৰ ১ ছেপ্তেম্বৰৰ দিনা জার্মানীয়ে পোলেণ্ড আক্রমণ কৰে। ইংলণ্ড আৰু ফ্রান্সেও ৩ ছেপ্তেম্বৰৰ দিনা জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফলত বিশ্বযুদ্ধৰ সূচনা হয়। জার্মানীয়ে পশ্চিম পোলেণ্ড অধিকাৰ কৰাৰ লগে লগে ৰাচিয়াইয়ে নিজৰ পূবফালৰ সীমান্ত অঞ্চল জার্মানীৰ পৰা ৰক্ষা কৰিবলৈ পোলেণ্ড আক্রমণ কৰি পূৱ অংশ অধিকাৰ কৰে। ইংলণ্ড-ফ্রান্স মিত্রশক্তিয়ে জার্মানীক প্রতিহত কৰাত বিফল হল। ১৯৪০ চনত জার্মানীয়ে ডেনমার্ক, নৰৱে, হলেণ্ড, বেলজিয়াম, লুক্‌ছেমবার্গ আক্রমণ কৰে। নৰৱেৰ ফেছিষ্টসকলৰ পৰা সহায় পাই জার্মানীয়ে নৰৱে দখল কৰি ফেছিষ্ট নেতা ভাইডকুন কুইজ্‌লিঙৰ নেতৃত্বত তাত এখন পুতলা চৰকাৰ গঠন কৰে। ইতিমধ্যে বেলজিয়াম আৰু লুকছেম্বার্গে জার্মানীৰ ওচৰত আত্মসমর্পণ কৰে। জার্মানীৰ হাতত পৰাজিত নৰৱে, বেলজিয়াম আৰু হলেণ্ডৰ পূৰ্বৰ চৰকাৰৰ নেতাসকল পলাই গৈ লণ্ডনত নিজ নিজ দেশৰ একোখনকৈ নিৰ্বাসিত চৰকাৰ গঠন কৰে।

মিত্ৰ শক্তি ইংলণ্ড আৰু ফ্ৰান্স জাৰ্মানীৰ হাতত পৰাজিত হোৱাৰ পিছত ইংলণ্ডৰ প্ৰধানমন্ত্রী নিউৱিল ছেয়াৰলেইনক অপসাৰিত কৰি তেওঁৰ ঠাইত ১৯৪০ চনৰ ১০ মে’ৰ দিনা ৰক্ষণশীল দলৰ নেতা উইনষ্টন চার্চিলক প্রধানমন্ত্রী পতা হয়। প্রধানমন্ত্রী চার্চিলে দায়িত্ব গ্রহণ কৰিয়েই মিত্রশক্তিক বিজয়ী কৰিবলৈ উঠিপৰি লাগে। সহজ যুদ্ধ জয়ে হিটলাৰক ফ্রান্স আক্রমণ কৰিবলৈ উৎসাহী কৰি তোলে। ফলত ১৯৪০ চনৰ ৫ জুনৰ দিনা জার্মানীয়ে ফ্ৰান্সৰ ওপৰত তীব্র আক্ৰমণ আৰম্ভ কৰে। ফ্ৰান্সৰ প্ৰধানমন্ত্রী পল ৰেইনাই দেশ এৰি পলায়ন কৰ আৰু পলাতক অৱস্থাতে ১৬ জুনৰ দিনা পদত্যাগ কৰে। ইতিমধ্যে ১০ জুনৰ দিনা ইটালীয়ে জার্মানীৰ সমৰ্থনত ফ্রান্স আক্রমণ কৰে আৰু মাৰ্ছাল হেনৰী ফিলিপ পেঁটা ফ্ৰান্সৰ প্ৰধানমন্ত্রী হয়। পেঁটাই দায়িত্ব গ্ৰহণ কৰিয়েই ২২ জুনৰ দিনা জার্মানীৰ লগত যুদ্ধ বিৰতি চুক্তি স্বাক্ষৰ কৰে। চুক্তি অনুসৰি ফ্ৰান্সৰ অৰ্ধেক জার্মানীৰ অন্তৰ্ভূক্ত কৰা হয় আৰু অৱশিষ্ট অংশক ভীকি ফ্রান্স নাম দি পেটাক বহতীয়া শাসনকর্তা পাতে। ফ্ৰান্সৰ পতনৰ পিছত ডি-গলসহ বহুতো সামৰিক বিষয়া ইংলণ্ডলৈ পলাই গৈ তাত ‘মুক্ত ফ্ৰান্সৰ আন্দোলন’ সংগঠিত কৰি মিত্ৰজোঁটৰ সৈতে লগ লাগি জাৰ্মানীৰ বিৰুদ্ধে তীব্র সমসজ্জাৰ আয়োজন কৰে।

লগতে পঢ়ক:   প্রথম বিশ্বযুদ্ধ Class 10 – ঐচ্ছিক বুৰঞ্জী দ্বিতীয় অধ্যায়

২। ইংলেণ্ডৰ ওপৰত জার্মান আক্রমন সম্পর্কে আলোচনা কৰা।
উত্তৰ : ফ্ৰান্স অধিকাৰ কৰাৰ পিছত জার্মানীয়ে ইংলেণ্ড আক্ৰমণ কৰিবলৈ আগবাঢ়ে। ১৯৪০ চনৰ ৮ আগষ্টৰ দিনা অতর্কিতে নিশাৰ ভাগত জার্মানীয়ে ইংলেণ্ডৰ ওপৰত প্ৰচণ্ড বোমা বর্ষণ আৰম্ভ কৰে। ইতিমধ্যে ফ্ৰান্সৰ পতনৰ পিছত জার্মানী-ইটালী যৌথশক্তিৰ বিৰুদ্ধে ইংলেণ্ড অকলশৰীয়া হৈ পৰিছিল। ইংলেণ্ডৰ বিৰুদ্ধে কৰা এই ভয়ানক যুদ্ধখনৰ নাম জার্মানীয়ে দিছিল ‘অপাৰেচন ছি লায়ন’। ভীষণ আক্ৰমণ কৰিও ইংলেণ্ডক পৰাজিত কৰিব নোৱাৰি ১৭ ছেপ্তেম্বৰৰ দিনা জার্মানীয়ে যুদ্ধ স্থগিত ৰাখিবলৈ বাধ্য হয়। এই যুদ্ধত জার্মানীয়ে ইংলেণ্ডৰ বিমান ঘাটি, বিমান নির্মাণ কাৰখানা, সামুদ্রিক বন্দৰ আনকি সাধাৰণ নাগৰিক বসতি অঞ্চলতো সমানে আক্রমণ চলাইছিল। প্ৰতিৰোধ সংগ্ৰামৰূপে ইংলেণ্ডেও জাৰ্মানীৰ বাৰ্লিন চহৰৰ ওপৰত অহৰহ আক্রমণ চলাইছিল। জার্মানীৰ বোমাবর্ষণৰ ফলত ইংলেণ্ডৰ বালেমান চহৰ সম্পূৰ্ণ হৈছিল। অকল লণ্ডন চহৰতে বিশ হাজাৰ নাগৰিকৰ মৃত্যু হৈছিল। ১৯৪১ চনৰ এপ্রিল-মে’ মাহৰ পৰা ইংলেণ্ডে জার্মানীত চলোৱা এই প্ৰতিৰোধ আক্ৰমণত ‘ব্ৰিটিছ ৰাজকীয় বিমান বাহিনী’য়ে প্রায় আঢ়ৈ হাজাৰ জাৰ্মান যুদ্ধ বিমান ধ্বংস কৰে। এই আকাশী যুদ্ধ ‘বেট্ল অৱ ব্রিটেইন’ নামে জনাজাত।

নাজী জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়ৰ মূলতে আছিল আমেৰিকা যুক্তৰাষ্ট্ৰই ইংলেণ্ডলৈ আগবঢ়োৱা সামৰিক সাহার্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্টন্ট ফ্রেংকলিন ডেলানো ৰুজভেল্টে ফেছিষ্ট জোঁটক পৰাভূত কৰিবলৈ যুদ্ধৰ সময়ত ইংলেণ্ডক অস্ত্র- শস্ত্ৰেৰে উপচাই পেলাইছিল। ইংলেণ্ডে অধিকৃত নিউফাউণ্ডলেণ্ড আৰু পশ্চিম ভাৰতীয় দ্বীপপুঞ্জত মার্কিন নৌ ঘাটি স্থাপন কৰিবলৈ দিয়াৰ বিনিময়ত আমেৰিকা যুক্তৰাষ্ট্ৰই ইংলেণ্ডক ৫০খন ডেষ্ট্ৰয়াৰ দিছিল। তদুপৰি ‘লেণ্ড লিজ এক্ট ‘ আইনৰ জৰিয়তে এক্‌ছিছ্ শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মিত্রশক্তিৰ দেশবোৰ আৰু ইংলেণ্ডক বাকীকৈ অস্ত্র-শস্ত্ৰৰ যোগান ধৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই নীতিয়ে ফেছিষ্ট বিৰোধী শক্তি মিত্ৰজোঁটক যুদ্ধত জিকাত যথেষ্ট সহায় কৰিছিল।

Class 10 History Chapter 4 Assamese Medium

৩। জার্মানীৰ দ্বাৰা ছোভিয়েট ৰাছিয়া আক্রমণ সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰ : নাজী জার্মানীয়ে প্রয়োজন হোৱা যুদ্ধৰ খৰছ গোটোৱাৰ মানসেৰে অনাক্রমণ চুক্তি ভঙ্গ কৰি প্ৰাচুৰ্যৰে ভৰপূৰ ছোভিয়েট ৰাছিয়া আক্ৰমণ কৰিবলৈ সাজু হৈ পৰে। ১৯৪১ চনৰ ২২ জুনৰ দিনা ‘অপাৰেচন বাৰবাৰোচা’ নামেৰে ৰাছিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। নাজী হিটলাৰৰ জাৰ্মানীয়ে ৰাছিয়া আক্ৰমণৰ মূল লক্ষ্য আৰু উদ্দেশ্য আছিল :
(ক) কমিউনিষ্টসকলক ধ্বংস কৰা।
(খ) ইহুদীসকলক নিঃশেষ কৰা।
(গ) ৰাছিয়াৰ শ্লাভজাতিক নিঃশেষ কৰা।
(ঘ) জার্মানসকলৰ বাবে ৰাছিয়াৰ ইউৰাইল অঞ্চলত বসতিস্থল স্থাপন কৰা।
(ঙ) শিল্প উদ্যোগৰ কেঁচামালৰ ভাণ্ডাৰ ৰাছিয়াৰ ডনেজ উপত্যকা দখল কৰা।
(চ) ৰাছিয়াৰ শস্যৰ ভঁৰাল সাৰুৱা ইউক্রেইন অঞ্চল দখল কৰা। আৰু
(ছ) খনিজ সম্পদত চহকী ককেচাচ অঞ্চল নিজৰ অধীনলৈ আনি জাৰ্মানীক চহকী কৰা।

ৰাছিয়া আক্ৰমণত হিটলাৰে চাৰিজন সেনাধ্যক্ষৰ অধীনত ৩২ লাখ সৈনিক, ২ হাজাৰখন যুদ্ধ বিমান, চাৰে ৩ হাজাৰ টেংক আৰু প্ৰচুৰ অস্ত্ৰ- শস্ত্র নিয়োগ কৰে। হিটলাৰৰ বিৰুদ্ধে ছোভিয়েট ৰাছিয়ায়ো ১৫৫টা বিশাল সামৰিক বাহিনী আৰু ৬০খন টেংক লৈ প্ৰতিৰোধ গঢ়ি তোলে। ইতিমধ্যে ফিনলেণ্ড, ৰোমানিয়া, হাংগেৰী আৰু শ্লোভাকিয়াই জাৰ্মানীৰ পক্ষলৈ যুদ্ধত অৱতীৰ্ণ হয়। এনেতে ইংলেণ্ডৰ প্রধানমন্ত্রী উইনষ্টন চাৰ্চিলে ৰাছিয়ালৈ সহায়ৰ হাত আগবঢ়াই ফেছিষ্টসকলক ধ্বংস কৰিবলৈ চেষ্টা কৰে।

প্ৰথম অৱস্থাত জার্মানীয়ে ৰাছিয়াৰ কেইবাখনো চহৰ দখল কৰি ২ অক্টোবৰৰ দিনা মস্কোৰ দিশে আগবাঢ়ে৷ এনেতে ৰাছিয়াত চিৰাচৰিভাৱে প্ৰৱল শীত প্রবাহ আৰম্ভ হয়। সুবিধা বুজি ৰাছিয়ায়ো জার্মান বাহিনীৰ ওপৰত তীব্র আক্রমণ চলায়। জার্মান বাহিনী পৰাভূত হৈ পিছ হুহকি যাবলৈ বাধ্য হয়। হিটলাৰৰ ‘অপাৰেচন বাৰবাৰোচা’ সম্পূর্ণ ব্যর্থ হয় আৰু ৰাছিয়া জয়ৰ সপোন বিফল হয়। ১৯৪২ চনৰ এপ্ৰিল-মে’ত হিটলাৰে পুনৰ ৰাছিয়া আক্রমণ কৰে। প্ৰথম অৱস্থাত জার্মান সৈন্যই সফলতা লাভ কৰিছিল যদিও ষ্টেলিনগ্ৰাডত হোৱা তীব্র যুদ্ধত জার্মানসকল পৰাজিত হয়। সেনাধ্যক্ষ জেনেৰেল পডিলাছে ৰাছিয়াৰ ওচৰত আত্মসমর্পণ কৰে। ১৯৪৩ চনৰ মাজভাগত জার্মানীয়ে পুনৰ ৰাছিয়া আক্ৰমণ কৰে যদিও আগষ্ট মাহৰ কাৰ্ছকত হোৱা যুদ্ধত ৫ লাখ সৈন্য হেৰুৱাই বিষমভাৱে পৰাজিত হয়। ৰাছিয়াই ইউক্রেইন আৰু ক্ৰিমিয়া হস্তগত কৰে। ১৯৪৫ চনৰ জানুৱাৰী মাহত জার্মানীয়ে যুদ্ধক্ষেত্র ত্যাগ কৰিবলৈ বাধ্য হয়।

৪। মিত্রশক্তি আৰু কেন্দ্ৰীয় শক্তি জোঁটৰ মাজত আফ্ৰিকা আৰু ভূমধ্য সাগৰীয় অঞ্চলত চলা দ্বিতীয় বিশ্বযুদ্ধৰ অগ্রগতি সম্পর্কে আলোচনা কৰা।
উত্তৰ : হিটলাৰৰ নাজী জার্মানীয়ে ইংলেণ্ড আক্রমণ কৰি ব্যস্ত ৰখাৰ সময়তে ইটালীয়ে ১৯৪০ চনৰ আগষ্ট মাহত আফ্রিকাত থকা বৃটিছৰ অধীনৰ দেশ ছোমালিলেও অধিকাৰ কৰি ইজিপ্ত আৰু ছুৱেজখালৰ পিনে অগ্ৰসৰ হয়। ইউৰোপত জার্মানীৰ যুদ্ধ সাফল্যত ইটালী উৎসাহিত হৈছিল। নিজ সাম্ৰাজ্যিক স্বার্থ পূৰণৰ সুবিধার্থে ইটালীয়ে জার্মানী আৰু জাপানৰ লগত এখন ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰে। চুক্তি অনুসৰি দুয়োখন দেশে দক্ষিণ-পূৱ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত জাপানৰ আগ্ৰাসনক মানি লৈছিল।

লগতে পঢ়ক:   গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10 – বুৰঞ্জী সপ্তম অধ্যায়

ইটালীৰ সেনাধ্যক্ষ গ্রেজিয়ানিয়ে আফ্রিকাত বৃটিছৰ বিৰুদ্ধে সফলতা লাভ কৰিছিল যদিও বৃটিছ সেনাধ্যক্ষ ওৱাভেলৰ প্ৰতি আক্ৰমণত পৰাজিত হয়। বৰদিয়া আৰু লিবিয়াত ইটালীয়ে অনেক সৈন্য আৰু অস্ত্র-শস্ত্ৰ হেৰুৱায়। ছুৱেজখাল আৰু ইজিপ্ত ইটালী ভীতিৰ পৰা মুক্ত হয়। বৃটিছ সেনাবাহিনীয়ে ক্রমে চুদান, কেনিয়া, ছোমালিয়া আৰু ইতিওপিয়াক ইটালীৰ অধীনৰ পৰা মুক্ত কৰে। ইটালীৰ বিপদত সহায় কৰিবলৈ হিটলাৰে ডিজার্ট ফকৰূপে জনাজাত আৰউইন ৰোমেলৰ নেতৃত্বত জার্মান সেনাবাহিনী প্ৰেৰণ কৰে। ৰোমেলে আফ্ৰিকাৰ ত্ৰিপলী আৰু লিবিয়াৰ পৰা ওৱাভেলৰ বৃটিছ বাহিনীক ইজিপ্তলৈ খেদি পঠিয়ায়। বৃটিছৰ এই ‘অপাৰেচন বেল একছ’ বিফল হোৱাত প্রধানমন্ত্রী ছাৰ্চিলে ওৱাভেলৰ ঠাইত আই চিনলেকক সেনাধ্যক্ষ পাতি আফ্ৰিকাৰ যুদ্ধক্ষেত্ৰলৈ পঠিয়ায়। আইচিনলেকো ৰোমেলৰ হাতত পৰাজিত হয়। আইচিনলেকৰ ‘অপাৰেচন ক্ৰচেদা’ৰো ব্যর্থ হয়। ৰোমেলে এইবাৰ ইজিপ্তত বৃটিছ সেনাক আক্রমণ কৰে।

ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আৰু ৰাছিয়াৰ এক সামৰিক চুক্তি সম্পাদিত হয়। ১৯৪২ চনৰ অক্টোবৰ মাহত আইচিনলেকৰ ঠাইত নিযুক্ত সেনাধ্যক্ষ মণ্টোগোমাৰিয়ে ৰোমেল বাহিনীক প্রচণ্ড আক্ৰমণ কৰে। একে সময়তে ইংগ-মার্কিন বাহিনীয়ে মার্কিন সেনাধ্যক্ষ আইছেনহাৱাৰৰ নেতৃত্বত ‘অপাৰোচন টৰ্চ’ৰ দ্বাৰা ৰোমেলক মৰক্কো আৰু আলজেৰিয়াত তীব্ৰ আক্ৰমণ কৰে। ১৯৪৩ চনৰ ৬ মাৰ্চত ৰোমেল মিত্ৰপক্ষৰ হাতত পৰাজিত হয়। এই যুদ্ধত ফেছিষ্ট বাহিনী কাঢ়িল হৈ পৰে। ইউৰোপত ১৯৪০ চনত ইটালীয়ে গ্ৰীচ দেশ আক্ৰমণ কৰি ৰাজ্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰি বিফল হৈছিল। ছাৰ্চিলে ফেছিষ্ট শক্তিৰ বিৰুদ্ধে ১৯৪১ চনতে গ্ৰীচত এটা শক্তিশালী সৈন্যদল সাজু কৰি ৰাখিছিল। জার্মানীয়ে ৰাছিয়া আক্ৰমণ কৰাৰ লগে লগে মিত্রশক্তিয়ে ভূমধ্য সাগৰীয় অঞ্চল আৰু মধ্যপ্রাচ্যত নিজৰ অৱস্থিতি দৃঢ় কৰি ফেছিষ্ট নাজীজোঁটক পৰৱৰ্তী সময়ত পৰাজিত কৰে।

Class 10 History Chapter 4 Assamese Medium

৫। মার্কিন যুক্তৰাষ্ট্ৰই কেনেকৈ জাপানক আত্মসমর্পণ কৰিবলৈ বাধ্য কৰাইছিল তাৰ পৰিণতিসহ বিবৃত কৰা।
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধত জাপানে জার্মান আৰু ইটালীৰ লগত জোঁট বান্ধি এছিয়াৰ অন্যতম এক সাম্রাজ্যবাদী দেশৰূপে পৰিগণিত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা জাপানে ইউৰোপত সাম্ৰাজ্যবাদ বিস্তাৰত বাধা পাই ১৯৪১ চনত আমেৰিকাৰ পাৰ্ল হাৰ্বাৰত বোমাবর্ষণ কৰি বহু যুদ্ধ জাহাজ আৰু মার্কিন সেনা নিহত কৰাত যুক্তৰাষ্ট্ৰই জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই ঘটনাৰ আগতেই প’ৰ্টছডাম সন্মিলনে জাপানক বিনাচর্তে মিত্রশক্তিৰ ওচৰত আত্মসমর্পণ কৰিবলৈ অথবা নিশ্চিত ধ্বংসৰ বাবে সাজু হৈ থাকিবলৈ সঁকিয়াই দিছিল। ইফালে ইউৰোপৰ যুদ্ধক্ষেত্ৰত কমিউনিষ্ট ছোভিয়েট ৰাছিয়াৰ অগ্ৰগতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰেছিডেণ্ট আৰু ব্রিটেইনৰ প্ৰধানমন্ত্রী ছাৰ্চিলক শংকিত কৰি তুলিছিল। সেয়ে ছোভিয়েট ৰাছিয়াই ইউৰোপত অধিকাৰ বিস্তাৰ কৰাৰ আগতেই যুদ্ধৰ গতিধাৰা নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ জাপানৰ ওপৰত আনবিক বোমা নিক্ষেপ কৰিবলৈ ট্রুমেনে সিদ্ধান্ত গ্ৰহণ কৰে।

সিদ্ধান্তমর্মে ১৯৪৫ চনৰ ৬ আগষ্টৰ দিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈমানিক এনোলাগেৰ দ্বাৰা জাপানৰ হিৰোচিমাত প্ৰথমটো আনৱিক বোমা নিক্ষেপ কৰে। ফলত ৮০ হাজাৰ জাপানী নাগৰিক মৃত্যুৰ মুখত পৰে আৰু হিৰোচিমা নগৰ সম্পূর্ণ বিধ্বস্ত হয়। ৮ আগষ্টৰ দিনা ছোভিয়েট ৰাছিয়াই জাপান আক্ৰমণ কৰে। ৯ আগষ্টৰ দিনা আমেৰিকাৰ বৈমানিক চাৰ্লছ ডব্লিউ-চুইনীয়ে জাপানৰ নাগাছাকিত দ্বিতীয়টো আনৱিক বোমা নিক্ষেপ কৰে। ফলত ২৪০ হাজাৰ নিৰপৰাধী নাগৰিকৰ মৃত্যু হয় আৰু নাগাছাকি ধ্বংস হয়। এই অমানৱীয় ঘটনাৰ পিছত জাপানী সৈন্যই দক্ষিণ-পূৱ এছিয়া, চীন, প্রশান্ত মহাসাগৰ অঞ্চলত মিত্রপক্ষৰ ওচৰত আত্মসমর্পণ কৰে। ১৯৪৫ চনৰ ১৫ আগষ্টৰ দিনা জাপানী সৈন্যই দক্ষিণ-পূৱ এছিয়াত এডমিৰেল লৰ্ড লুই মাউণ্টবেটেনৰ ওচৰত আত্মসমর্পণ কৰে। একেদৰে মাঞ্চুৰিয়াত ৰাছিয়াৰ ওচৰত, চীনত কমিউনিষ্ট চীন আৰু ছিয়াং কাই- ছেকৰ ওচৰত আত্মসমর্পণ কৰে। অৱশেষত ২ ছেপ্তেম্বৰ দিনা টকিঅ’ উপসাগৰত মিছৌৰী নামে মার্কিন যুদ্ধ জাহাজত জেনেৰেল ডোগলাছ মেক আৰ্থাৰৰ ওচৰত জাপানে আত্মসমর্পণ কৰাৰ লগে লগে ৬ বছৰ ১ দিনৰ অন্তত দ্বিতীয় বিশ্বযুদ্ধৰো আনুষ্ঠানিক সামৰণি পৰে। এনেদৰেই ৰণকৌশল প্রয়োগ কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই জাপানক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল।

প্রশ্ন: কোন চনত ৰাছিয়াই ফিনলেণ্ড আক্রমণ কৰিছিল?

উত্তৰ : ১৯৩৯ চনৰ ছেপ্টেম্বৰ মাহত ৰাছিয়াই ফিনলেণ্ড আক্ৰমণ কৰিছিল।

প্রশ্ন: দ্বিতীয় বিশ্বযুদ্ধৰ স্তৰ কেইটা কি কি?

উত্তৰ: ১ম স্তৰ = ১৯৩৯ – ৪০
২য় স্তৰ = ১৯৪০–৪১
৩য় স্তৰ = ১৯৪১–৪২
৪র্থ স্তৰ = ১৯৪২ – ৪৪
৫ম স্তৰ = ১৯৪৪–৪৫

প্রশ্ন: নৰওৱে আক্ৰমণত হিটলাৰে কিমানখন যুদ্ধজাহাজ ব্যৱহাৰ কৰিছিল ?

উত্তৰ : ৮০০ খন।

প্রশ্ন: ভাইডকুন কুইজলিং কোন আছিল?

উত্তৰ : নফওৱেৰ ফেছিষ্ট দলৰ নেতা।

প্রশ্ন: ‘ফ্রি-ফ্রান্স আন্দোলন’ কোনে সংঘটিত কৰিছিল?

উত্তৰ : ফ্ৰান্সৰ পলাতক সেনা বিষয়াসকলে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top