প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯)

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯) Class 10 |  বুৰঞ্জী তৃতীয় অধ্যায় | Class 10 History Chapter 3 Assamese Medium | Class 10 Elective History | দশম শ্ৰেণীৰ বুৰঞ্জী (ঐচ্ছিক) | প্রথম বিশ্বযুদ্ধ ইতিহাস তৃতীয় অধ্যায়

বিষয় বুৰঞ্জী (ঐচ্ছিক)
কিতাপৰ নামদশম শ্ৰেণীৰ বুৰঞ্জী
পাঠৰ নামপ্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯)
শ্ৰেণী দশম
বিষয়ৰ ধৰণ(ঐচ্ছিক) Elective History
অধ্যায়তৃতীয় অধ্যায়
পাঠ্যক্ৰমছেবা (SEBA)

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯)

১। অতি চমু উত্তৰ দিয়া :

(ক) অৱন্তীৰ সম্পাদক কোন আছিল?
উত্তৰ : মুছুলিনি।

(খ ) The Fascisti Exposed গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
উত্তৰ : গিয়াকামো মেট্রিওটিয়ে।

(গ) The Mein Kampf গ্ৰন্থৰ ৰচক কোন?
উত্তৰ : এডলফ হিটলাৰ।

(ঘ) New Deal নামে পৰিচিত নীতিটো কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ : আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুজভেল্টে।

(ঙ) ইটালীক কোনে Geographical Expression বুলি অভিহিত কৰিছিল?
উত্তৰ : অষ্ট্ৰিয়াৰ প্ৰধানমন্ত্রী মেটবনিখে।

(চ) জার্মান সংসদ ভৱনত কোনে অগ্নি সংযোগ কৰিছিল?
উত্তৰ : ভান-ডাৰলুৱে।

(ছ) ‘মই ফ্রান্সক গুৰি কৰি পেলাম’ বুলি কোনে কৈছিল?
উত্তৰ : হিটলাৰে।

২। সংক্ষেপতে উত্তৰ দিয়া :

(ক) কোন দেশৰ ওপৰত ভাৰ্চাই শান্তি চুক্তি জাপি দিয়া হৈছিল?
উত্তৰ : জার্মানীৰ ওপৰত।

(খ) কোন দেশৰ ওপৰত ব্রেষ্ট লিটভঙ্ক চুক্তিৰ কঠোৰতা জাপি দিয়া হৈছিল?
উত্তৰ : ৰাছিয়াৰ ওপৰত।

(গ) প্রথম বিশ্বযুদ্ধৰ অন্তত শান্তি স্থাপনৰ বাতাবৰণ অটুত আছিলনে?
উত্তৰ : নাছিল।

(ঘ) যুদ্ধৰ পৰিসমাপ্তিৰ পাছত পৃথিৱীখন গণতন্ত্ৰৰ বাবে মুক্ত হৈছিলনে?
উত্তৰ : নাই।

(ঙ) কোন কোন দেশত প্রথম বিশ্বযুদ্ধৰ পাছত অগণতান্ত্রিক শাসন ব্যৱস্থা প্রচলিত হৈছিল?
উত্তৰ : জার্মানী, আষ্ট্রিয়া, জেকোশ্লেভিয়া, এষ্টোনিয়া, নাভাটিয়া, ফিনলেণ্ড, লিথুয়ানিয়া, হোলেণ্ড আৰু তুৰস্কত প্রজাতান্ত্রিক শাসন।

(চ) কোন দেশক ভূমধ্যসাগৰীয় কয়দী বোলা হয়?
উত্তৰ : ইটালীক ভূমধ্যসাগৰীয় কয়দী বোলা হয়।

(ছ) ইটালীক জাতি ৰাষ্ট্ৰৰূপে গঠন কৰাৰ আৰু তাক বিদেশীযুক্ত কৰাৰ আকাংক্ষা কোনজন নেতাৰ বেছি অনুভৱ হৈছিল?

উত্তৰ : গুছেপ্পে মেজ্জিনীৰ।

(জ) ইটালীক জাতি ৰাষ্ট্ৰৰূপে গঠন কৰাৰ ক্ষেত্ৰত ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়?
উত্তৰ : গুচেপ্পে মেজ্জিনীৰ, কাউণ্ট ডা কেভুৰ আৰু গেৰিবন্তী।

(ঝ) ভাৰ্চাই শান্তি চুক্তিৰ সময়ত ইটালীৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ : অৰলাণ্ডো।

(ঞ) ভাৰ্চাই শান্তিচুক্তিৰে সফল আছিল নে?
উত্তৰ : নাছিল। যি উদ্দেশ্যৰে ভাৰ্চাই শান্তিচুক্তি স্থাপন কৰা হৈছিল, সেই আশা এই শান্তিচুক্তিয়ে পূৰণ কৰিব পৰা নাছিল।

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯)

৩। চমু উত্তৰ লিখা :

(ক) ফেছিবাদৰ চাৰিটা নীতিৰ উল্লেখ কৰা।
উত্তৰ : ১। ফেছিবাদ গণতন্ত্ৰৰ পৰিপন্থী। ইয়াত ব্যক্তি স্বাধীনতাৰ কোনো স্থান নাই।
২। ফেছিবাদৰ নীতি মতে দেশত এটাই মাত্র ৰাজনৈতিক দল থাকিব লাগিব।
৩। ফেছিবাদত ৰাজনৈতিক দলৰ নেতাজনেই একছত্রী কর্তা।
৪। ফেছিবাদ সমাজবাদৰ পৰিপন্থী।

লগতে পঢ়ক:   গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10 – বুৰঞ্জী সপ্তম অধ্যায়

(খ) ফেছিষ্ট ৰাষ্ট্ৰৰ চাৰিটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : ১। ৰাষ্ট্ৰ সকলোৰে উৰ্দ্ধত।
২। ৰাষ্ট্ৰৰ এক সর্বাত্মক কর্তৃত্ব আছে।
৩। ৰাষ্ট্ৰত এটাই মাত্ৰ ৰাজনৈতিক দল থাকিব।
৪। ৰাষ্ট্ৰত দলৰ নেতাই দেশৰ একছত্ৰী শাসনকর্তা।

(গ) ফেছিষ্ট আদর্শ কি?
উত্তৰ : সমাজবাদৰ বিৰোধিতা, গণতন্ত্র তথা ব্যক্তি স্বাধীনতাৰ বিৰোধিতা, সংবাদপত্ৰৰ স্বাধীনতাৰ বিৰোধিতা, শান্তি আৰু মুক্ত বাণিজ্যৰ বিৰোধিতা, এইবোৰেই ফেছিষ্ট আদর্শ। সামৰিক সংঘর্ষ আৰু যুদ্ধ ফেছিষ্ট আদৰ্শৰ মূল চালিকা শক্তি।

(ঘ) ১৯১৪-১৯১৮ চনৰ যুদ্ধৰ অব্যহিত পিছৰ কালছোৱাত জাৰ্মানীৰ আৰ্থিক অৱস্থা কেনে ধৰণৰ আছিল উল্লেখ কৰা।
উত্তৰ : ১৯১৪-১৯১৮ চন অর্থাৎ প্রথম বিশ্বযুদ্ধৰ কালছোৱাত জার্মানীৰ আৰ্থিক অৱস্থা তেনেই কাহিল হৈ পৰিছিল। খাদ্য, জীৱিকা, কৰ্মসংস্থানৰ বাবে মানুহে হাহাকাৰ কৰিছিল। নিবনুৱা সমস্যা, খাদ্যসমস্যা, মুদ্ৰামূল্যৰ অৱনতিয়ে জার্মানীৰ অৱস্থা পানীত হাঁহ নচৰা কৰিছিল।

প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাৰ বিশ্ব ৰাজনীতিৰ খতিয়ান (১৯১৯-১৯৩৯)

৪। ৰচনাধৰ্মী প্রশ্ন :
(১) চাৰি শক্তিৰ চুক্তিৰ চৰ্ত কি আছিল?
উত্তৰ : আমেৰিকা, ব্ৰিটেইন, ফ্রান্স আৰু জাপানে কিছুমান চৰ্তৰ ভিত্তিত ১৯২১ চনৰ ১৩ ডিচেম্বৰত এটা চুক্তি স্বাক্ষৰ কৰিছিল যাৰ নাম চাৰি শক্তিৰ চুক্তি।
এই চুক্তিৰ চৰ্তসমূহ আছিল—
(ক) প্রশান্ত মহাসাগৰীয় অঞ্চলত উক্ত ৰাষ্ট্ৰসমূহৰ স্বাৰ্থ আৰু অধিকাৰৰ প্ৰতি পৰম্পৰে সন্মান প্ৰদৰ্শন কৰিব।
(খ) কোনো বিষয়ত কিবা বিবাদৰ সৃষ্টি হলে তাক সামূৰিক আলোচনাৰ মাধ্যমত মীমাংসা কৰাৰ চেষ্টা কৰিব।
(গ) চুক্তিত আৱদ্ধ ৰাষ্ট্ৰসমূহৰ স্বাৰ্থৰ প্ৰতি কোনোবা ফালৰপৰা কিবা ভাবুকিৰ সৃষ্টি হ’লে পৰম্পৰৰ মাজত বার্তা বিনিময় কৰিব।

(২) চীনৰ বৈদেশিক বাণিজ্য বিষয়ক এখন চুক্তি স্বাক্ষৰিত কৰা হৈছিল; য’ত নখন ৰাষ্ট্ৰ জড়িত আছিল। এই চুক্তিৰ প্ৰধান চৰ্তসমূহ কি আছিল?
উত্তৰ : ১৯২২ চনৰ ৬ ফেব্ৰুৱাৰীত চীনৰ ক্ষেত্ৰত মুক্ত বাণিজ্যৰ স্বাৰ্থত নখন ৰাষ্ট্ৰ স্বাক্ষৰিত এখন চুক্তি আছিল। ইয়াৰ প্ৰধান চৰ্তসমূহ আছিল—
(ক) চীনক বাদ দি চুক্তিৰ অংশীদাৰ ৰাষ্ট্ৰসমূহে চীনৰ সার্বভৌমত্ব, স্বাধীনতা আৰু প্ৰশাসনিক অখণ্ডতা ৰক্ষা কৰাৰ লগতে চীনৰ সৰ্বতোপ্ৰকাৰে উন্নয়নত সহযোগ কৰিব আৰু সেই দেশৰ সৈতে চুক্তিবদ্ধ সকলো ৰাষ্ট্ৰৰ সমান বাণিজ্যিক স্বার্থ অক্ষুণ্ণ ৰাখিব।
(খ) উপৰোক্ত চৰ্তসমূহ উলংঘা কৰাৰ বাবে কোনো বুজাপৰালৈ সঁহাৰি দিব নালাগিব।

(গ) চীনৰ নিৰপেক্ষতা অক্ষুন্ন থাকিব।

(৩) ১৯৩০ চনৰ বিখ্যাত অর্থনৈতিক মন্দাৱস্থাৰ পৰা ৰক্ষা কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ৰুছভেন্টে কি কি আঁচনি হাতত লৈছিল?
উত্তৰ : ১৯৩২ চনৰ নিৰ্বাচনত ডেলানো ফ্রেংকালিন ৰুছভেল্ট আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচিত হৈ পোনতে দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ পুনগঠনৰ কামত ব্যস্ত হৈ পৰিছিল। মার্কিন সংসদৰ পৰা অনুমতি লাভ কৰি নতুন অর্থনৈতিক আঁচনি তেওঁ গ্ৰহণ কৰিছিল। এই নতুন আঁচনিৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱশিষ্ট সকলোবোৰ বেংক বন্ধ কৰি দিছিল আৰু ফেডাৰেল চৰকাৰৰ অনুমোদন নোহোৱাকৈ আৰু ফেডাৰেল চৰকাৰৰ ওচৰত আমানতৰ ধন জমা নিদিয়াকৈ বেংক স্থাপন কৰাটো নিষিদ্ধ ঘোষণা কৰে। আন এখন আইনৰ মাধ্যমত প্রায় এক লাখ নিবনুৱাকে কর্মসংস্থান দিয়াৰ ব্যৱস্থা কৰে। কৃষি, বাণিজ্য বিজুলী ৰে’লৱে, শ্ৰম, সামাজিক নিৰাপত্তা আদি সকলো দিশতে তেওঁ নতুন আঁচনি গ্ৰহণ কৰি ব্যাপক অর্থনৈতিক উন্নয়নমূলক কামত মনোযোগ দিয়ে।

(৪) ইটালীত ফেছীবাদৰ অভ্যুদয়ৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰ : প্রথম বিশ্বযুদ্ধৰ পূৰ্বে ইটালী আছিল ত্রিপাক্ষিক চুক্তিৰ অন্তৰ্গত। সেয়ে ইটালীয়ে কেন্দ্রীয় শক্তি জোঁটৰ হৈ যুদ্ধত অংশ গ্ৰহণ কৰিব লাগিছিল কিন্তু অষ্ট্ৰিয়াৰ সৈতে বিবাদ থকা বাবে প্ৰথমে নিৰপেক্ষ হৈ থাকি ১৯১৫ চনত মিত্রপক্ষৰ হৈহে যুদ্ধত যোগদান কৰে। যুদ্ধৰ সমাপ্তিত ইটালীয়ে আশা কৰা মতে অঞ্চলসমূহ ঘূৰাই নাপালে। যুদ্ধৰ ভালেমান বছৰৰ আগৰে পৰা ইটালীত সাংবিধানিক ৰাজতন্ত্র আছিল যদিও মন্ত্রীসভা সংসদৰ প্ৰতি দায়বদ্ধ আছিল। ভাৰ্চাই শান্তি চুক্তিয়ে কূটনৈতিক দিশত বিফলতা অনাত ইটালী হতাশ হ’ল। জটিল ৰাজনৈতিক পৰিস্থিতি আৰু অৰ্থনৈতিক বিপর্যয়ে ইটালীক জুৰুলা কৰিলে। জনসংখ্যা বৃদ্ধিৰ বিপৰীতে প্রাকৃতিক সম্পদত দুখীয়া আৰু উদ্যোগবিহীন দেশখনে কর্ম-সংস্থান দিব নোৱৰা অৱস্থা জনসাধাৰণৰ অৱস্থা মৃতপ্ৰায় হ’ল। চোৰাং বেপাৰী, লাভখোৰ মহাজন, মুদ্রাস্ফীতি আদিয়ে জনসাধাৰণৰ অৱস্থা দিনক দিনে ভয়াবহ কৰি তুলিলে। ১৯১৯ চনত প্ৰধানমন্ত্রী নেলাণ্ডোৱে পদত্যাগ কৰে। ১৯২২ চনলৈকে ছটা চৰকাৰ সলনি হয়।

লগতে পঢ়ক:   ভাৰতৰ বৈদেশিক নীতি Class 10 – বুৰঞ্জী (ঐচ্ছিক) দশম শ্ৰেণীৰ

১৯১৯ চনত বেনিটো মুছুলিনিৰ নেতৃত্বত ইটালী ফেছিষ্ট দলৰ প্রথম গোটটোৰ জন্ম হয়। তেওঁ ইটালীৰ যুৱকসকলক লৈ ফেঁছেছ নামৰ দল গঠন কৰি জাতিৰ বাবে শত্ৰু গণ্য কৰাসকলক ভীতিগ্রস্ত কৰি তুলিছিল। ইটালীৰ বৈদেশিক নীতিৰ সফলতাই জার্মানীক আকর্ষণ কৰিছিল। ফলত ১৯৩৬ চনত ৰোম-বাৰ্লিন এৰচিছ স্থাপন হয়। ইতিমধ্যে জার্মান আৰু জাপানে কমিউনিষ্ট বিৰোধী চুক্তিত চহী কৰে। কিছুদিনৰ ভিতৰত ইটালীও ইয়াৰ অংশীদাৰ হয় আৰু চুক্তিখন ৰোম-বার্লিন- টকিঅ’ চুক্তি নামে জনাজাত হয়। ইংলণ্ড আৰু ফ্রান্সে তোষণ নীতি গ্ৰহণ কৰাত মুছুলিনিয়ে আগ্রাসন নীতি গ্ৰহণ কৰিবলৈ সাহস পালে। ফলত ইটালী আৰু জাৰ্মানৰ সম্পৰ্ক অধিক ওচৰ চাপি আহিল। ইফালে এই সময়ছোৱাত ইটালীত সাম্যবাদী প্ৰচাৰ আৰু সাম্যবাদী সংগঠনসমূহ শিল্প তথা উদ্যোগপতি, মাটিৰ বৃহৎ মালিকগোষ্ঠী, চহকী আৰু বিত্তবান শ্রেণী বৃহৎ বৃহৎ দোকান-পোহাৰৰ মালিকসকলৰ ভয়ৰ কাৰণ হৈ পৰিছিল। এনে পৰিস্থিতিত মুছুলিনি আৰু ফেছিষ্ট দলেহে তেওঁলোকক ৰক্ষা কৰিব বুলি বিশ্বাস জন্মিছিল। উল্লিখিত কাৰণসমূহেই আছিল ইটালীত ফেছীবাদৰ অভ্যূদয়ৰ ভেঁটি।

(৫) হিটলাৰৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য কি আছিল আলোচনা কৰা।

উত্তৰ : নাজীদলৰ সহায়ত ১৯৩৩ চনত হিটলাৰে জার্মানীৰ ক্ষমতা দখল কৰি জার্মানীৰ সর্বেসর্বা হৈ উঠে। দেশৰ ভিতৰুৱা সমস্যাবোৰ সমাধান কৰি বৈদেশিক নীতিতো আমূল পৰিবৰ্তন সাধিবলৈ পদক্ষেপ লয়। প্রথমেই হিটলাৰে বৈদেশিক নীতিৰ ক্ষেত্ৰত আগ্রাসী পন্থা গ্ৰহণ কৰে। ভাৰ্চাই চুক্তি ভংগ কৰি তেওঁ সামৰিক শক্তি বৃদ্ধিত জোৰ দিয়ে। ফ্রান্স আৰু ইংলণ্ডে জাৰ্মানীৰ প্ৰতি কৰা তোষণ নীতিয়ে হিটলাৰক এইক্ষেত্ৰত বিশেষভাৱে সহায় কৰে। ১৯৩৪ চনত হিটলাৰে নিৰস্ত্ৰীক ৰণ সন্মিলন আৰু জাতিসংঘৰ সদস্য পদত্যাগ কৰে আৰু ভাৰ্চাইচুক্তি বাতিল কৰে। স্থল বাহিনী আৰু নৌ বাহিনীৰ শক্তি বৃদ্ধি কৰি ৰাইন নদীৰ পাৰত সামৰিক কোঠ নিৰ্মাণ কৰে। ১৯৩৪ চনত অষ্ট্ৰিয়া দখলৰ চেষ্টা কৰিছিল। কিন্তু ইংলণ্ড, ফ্রান্স আৰু ইটালীৰ বাধাত এই চেষ্টা বিফল হয়।

১৯৩৬ চনত হিটলাৰে অষ্ট্ৰিয়াৰ লগত এক চুক্তি কৰে যদিও ১৯৩৮ চনত চুক্তি ভংগ কৰি আভ্যন্তৰীণভাৱে হস্তক্ষেপ কৰে। ইফালে আবিছিনিয়া আৰু ইটালীৰ সম্পৰ্কৰ সুবিধা গ্রহণ কৰে জাৰ্মানীয়ে। ১৯৩৬ চনত হিটলাৰে ৰোম-বাৰ্লিন একছিছ চুক্তি সম্পাদন কৰে। নাজী হিটলাৰে একে বছৰতে জাপানৰ লগত কমিউনিষ্ট বিৰোধী চুক্তি সম্পাদন কৰে। ইতিমধ্যে ইটালীয়ে সঁহাৰি জনোৱাত ৰোম-বাৰ্লিন একছিছ ৰোম-বাৰ্লিন-টকিঅ’ একছিছলৈ ৰূপান্তৰ হয়। হিটলাৰৰ বৈদেশিক নীতিৰ সাফল্যই জাৰ্মানীক পুনৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰে। হিটলাৰৰ বৈদেশিক নীতৰ সাফল্যৰ মূলতে ফ্ৰান্স আৰু ইংলণ্ডৰ বৈদেশিক নীতিৰ দুৰ্বলতা প্রতিয়মান হয়। ১৯৩৮ চনত জার্মানীয়ে অষ্টিয়া আৰু ছেকশ্লভেকিয়া দখল কৰি জাৰ্মানীৰ অন্তৰ্ভূক্ত কৰে। হিটলাৰে বাল্টিক সাগৰৰ মেমেল বন্দৰ দখল কৰি ডানজিগ দখলৰো চেষ্টা কৰে। ১৯৩৯ চনত ইটালীৰ ফেছিষ্ট মুছুলিনিৰ লগত নাজী হিটলাৰে পেক্ট অৱ ষ্টিল চুক্তি সম্পাদন কৰে। ১৯২১ চনৰ ২১ আগষ্টত জার্মানীয়ে ছোভিয়েট ৰাছিয়াৰ লগত অনাক্রমণ চুক্তি সম্পাদন কৰি বিশ্বত বৈদেশিক নীতিৰ ক্ষেত্ৰত চৰম সাফল্য প্রদর্শন কৰে। এতিয়া চুক্তিবদ্ধ দেশবোৰৰ পৰা কোনো বাধা নোপোৱাকৈ হিটলাৰে সাম্ৰাজ্যৰ আয়তন বৃদ্ধি কৰিব পৰা হ’ল। এয়ে হিটলাৰৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্য।

লগতে পঢ়ক:   দ্বিতীয় বিশ্বযুদ্ধ Class 10 – চতুর্থ অধ্যায় বুৰঞ্জী (ঐচ্ছিক)

Class 10 History Chapter 3 Assamese Medium

(৬) ১৯১৯-৪১ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভ্যুদয়ৰ বিষয়ে চমুকৈ আলোচনা কৰা। বা প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ কালছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভ্যুদয়ৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ : প্রথম বিশ্বযুদ্ধত মিত্রপক্ষৰ বিজয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱদান আছিল উল্লেখযোগ্য। আমেৰিকাই যুদ্ধত অংশ গ্ৰহণ কৰাৰ ওপৰিও ধন, জন, যুদ্ধাস্ত্র দি মিত্রশক্তিৰ দেশবোৰক সহায় কৰিছিল। কিন্তু আমেৰিকা শত্ৰু দেশৰ দ্বাৰা আক্ৰান্ত নোহোৱাকৈ ক্ষতিগ্রস্ত নোহোৱাকৈ আছিল। বৰং যুদ্ধই আমেৰিকাৰ অৰ্থনীতিৰ দ্ৰুত উন্নয়নতহে সহায় কৰিছিল। প্রথম বিশ্বযুদ্ধৰ অন্ত পেলাবলৈ উদ্যোগ লৈ
আমেৰিকাই ভাৰ্চাই সন্ধি কৰাৰ সময়তে জাতি সংঘ নামে এটা আন্তঃৰাষ্ট্ৰীয় সংগঠন গঢ়াৰ চৰ্ত আৰোপ কৰিছিল। তাৰে ভিত্তিত ১৯২০ চনৰ ১০ জানুৱাৰীত জাতি সংঘ প্রতিষ্ঠা হয়। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰ্চাই সন্ধিচুক্তিক আন্তঃৰাষ্ট্ৰীয় মর্যদা দিয়া নাছিল আৰু জাতি সংঘৰ সদস্য পদো গ্রহণ কৰা নাছিল। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুমোদন আৰু জাতিসংঘত যোগদান নোহোৱা বাবে ভাৰ্চাই সন্ধি চুক্তি আৰু জাতি সংঘ দুয়োটাই প্রায় অপ্রাসঙ্গিক হৈ পৰিছিল। উল্লিখিত ভূমিকাৰ বাবে প্রথম বিশ্বযুদ্ধৰ শেষৰফালে বিশ্ব ৰাজনীতিত যুক্তৰাষ্ট্ৰই গুৰুত্ব লাভ কৰিছিল।

ইতিমধ্যে শিল্প উদ্যোগৰ উন্নয়নে আমেৰিকা যুক্তৰাষ্ট্ৰক বিশ্বৰ সবাতোকৈ ধনী দেশ হিচাপে প্রতিষ্ঠা লাভ কৰোৱাইছিল। যুদ্ধ বিধ্বস্ত দেশবোৰে যুক্তৰাষ্ট্ৰৰ আৰ্থিক সাহাৰ্য্যৰ বাবে বাট চাই ৰ’ব লগা অৱস্থা হৈছিল। হলা গছত বাগী কুঠাৰ মৰাৰ দৰে যুক্তৰাষ্ট্ৰয়ো সেই দেশবোৰত ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। অৱশেষত জার্মানী, অষ্ট্ৰিয়া আৰু বুলগেৰিয়াৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰি যুক্তৰাষ্ট্ৰই বিশ্বযুদ্ধখনৰ অন্ত পেলাইছিল। প্রথম মহাযুদ্ধৰ পৰিলেক্ষিতত জাপানৰ প্রতিপত্তি বৃদ্ধি পাইছিল। জাৰ্মানীৰ সহযোগিতাত প্রশান্ত মহাসাগৰ অঞ্চলত জাপানে বিশ্বৰ তৃতীয় নৌ শক্তি হিচাপে প্রতিষ্ঠা লভিছিল। জাপানে ইয়াৰ পিছত চীনৰ ফালে আগ্রাসী নীতি গ্রহণ কৰাত যুক্তৰাষ্ট্ৰ সচেতন হৈ উঠিল।

১৯২১-১৯২২ চনত নখন ৰাষ্ট্ৰৰ লগত সাত দফীয়া এক চুক্তি কৰি, ১৯২১ চনত ব্ৰিটেইন, ফ্রান্স, জাপানৰ লগত ‘চাৰি শক্তি’ৰ চুক্তি কৰি আৰু ১৯২২ চনৰ ৬ ফেব্ৰুৱাৰীত নখন ৰাষ্ট্ৰৰ লগত আন এখন চুক্তি কৰি জাপানক চেৰাই আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰায় নিষ্কণ্টক হৈছিল। ৰাষ্ট্ৰপতি ৰুজভেল্টৰ নেতৃত্বত ১৯৩৩ চনত ছোভিয়েট দেশৰ সৈতে কূটনৈতিক সম্পর্ক স্থাপন কৰে আৰু ফিলিপাইনছ দ্বীপক স্বাধীনতা প্রদান কৰাত জোৰ দিয়ে। ১৯৩৯ চনত একৈশখন দেশৰ সৈতে এক অর্থনৈতিক সহযোগিতাৰ চুক্তি সম্পাদন কৰাত সফল হয়।

দ্বিতীয় মহাযুদ্ধৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰ নিৰপেক্ষ হৈ আছিল। কিন্তু ১৯৪১ চনৰ ৭ ডিচেম্বৰত জাপানে পাৰ্ল হাৰ্বাৰ বন্দৰত বোমা বৰ্ষণ কৰাত পিছদিনাই জাপানৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰই দ্বিতীয় বিশ্বযুদ্ধত জপিয়াই পৰে। এইদৰেই ১৯১৯-১৯৪১ চনৰ ভিতৰত বিশ্ব ৰাজনীতিত এক চমকপ্রদ শক্তিৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভ্যুদয় হয়।

অৱন্তীৰ সম্পাদক কোন আছিল?

উত্তৰ : মুছুলিনি।

কোন দেশক ভূমধ্যসাগৰীয় কয়দী বোলা হয়?

উত্তৰ : ইটালীক ভূমধ্যসাগৰীয় কয়দী বোলা হয়।

ভাৰ্চাই শান্তি চুক্তিৰ সময়ত ইটালীৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰ : অৰলাণ্ডো।

ফেছিষ্ট আদর্শ কি?

উত্তৰ : সমাজবাদৰ বিৰোধিতা, গণতন্ত্র তথা ব্যক্তি স্বাধীনতাৰ বিৰোধিতা, সংবাদপত্ৰৰ স্বাধীনতাৰ বিৰোধিতা, শান্তি আৰু মুক্ত বাণিজ্যৰ বিৰোধিতা, এইবোৰেই ফেছিষ্ট আদর্শ। সামৰিক সংঘর্ষ আৰু যুদ্ধ ফেছিষ্ট আদৰ্শৰ মূল চালিকা শক্তি।

ফেছিবাদৰ চাৰিটা নীতিৰ উল্লেখ কৰা।

উত্তৰ : ১। ফেছিবাদ গণতন্ত্ৰৰ পৰিপন্থী। ইয়াত ব্যক্তি স্বাধীনতাৰ কোনো স্থান নাই।
২। ফেছিবাদৰ নীতি মতে দেশত এটাই মাত্র ৰাজনৈতিক দল থাকিব লাগিব।
৩। ফেছিবাদত ৰাজনৈতিক দলৰ নেতাজনেই একছত্রী কর্তা।
৪। ফেছিবাদ সমাজবাদৰ পৰিপন্থী।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top