WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » দশম শ্ৰেণীৰ অসমীয়া » ছাত্ৰ জীৱন আৰু সমাজ সেৱা (প্রশ্নোত্তৰ) Class X Question Answer

ছাত্ৰ জীৱন আৰু সমাজ সেৱা (প্রশ্নোত্তৰ) Class X Question Answer

ছাত্ৰ জীৱন আৰু সমাজ সেৱা
বিষয় অসমীয়া
কিতাপৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামছাত্ৰ জীৱন আৰু সমাজ সেৱা
শ্ৰেণী দশম (X)
অধ্যায়অধ্যায় 6
পাঠ্যক্ৰমছেবা (SEBA)

ছাত্ৰ জীৱন আৰু সমাজ সেৱা

গুৰুত্বপূৰ্ণ একাধিক বিকল্পপ্ৰশ্ন

১. “ পঢ়াই, পঢ়ে, ৰোৱে পাণ ।
এই তিনিয়ে নিচিন্তে আন । “ — ইয়াত পঢ়া কথাই কি বুজাইছে ?

ক) ‘পঢ়া ’ কথাই শিক্ষা লাভ কৰাৰ কথা কৈছে
খ) ‘পঢ়া ’ কথাই ভাটৌৰ দৰে কিতাপৰ পৰা আওৰোৱাক বুজাইছে
গ) ‘পঢ়া ’ কথাই সাঁতুৰিবলৈ জ্ঞান লাভ কৰা বুজাইছে
ঘ) ‘পঢ়া ’ কথাই লিখা-পঢ়া কৰিব পৰাক বুজাইছে
উত্তৰ: ক) ‘পঢ়া’ কথাই শিক্ষা লাভ কৰাৰ কথা কৈছে

২. ‘দেশৰ ভৱিষ্য়ত, আশা-ভৰসাৰ কলি’ কোন ?
ক) ঈশ্বৰ
খ) ছাত্ৰসকল
গ) ঋষিসকল
ঘ) শিক্ষকসকল
উত্তৰ: খ) ছাত্ৰসকল

৩)‘ প্ৰকৃত নাৰায়ণ সেৱা ’ বুলি কাক জনা যায় ?
ক) সন্তানৰ সেৱাক
খ) পৰিয়ালৰ সেৱাক
গ) ঈশ্বৰ সেৱাক
ঘ) সমাজ আৰু দেশৰ সেৱাক
উত্তৰ: ঘ) সমাজ আৰু দেশৰ সেৱাক

৪) তলৰ কোনশাৰী বাক্যত ‘পেন্দুকণা’ শব্দটোৰ অৰ্থ প্ৰকাশ পাইছে ?
ক) প্ৰৌঢ় মানুহজনে কামটো কৰিলে
খ) নিচেই সৰু ল’ৰাটোৱে কামটো কৰিলে
গ) নিষ্কৰ্মা মানুহজনে কামটো কৰিলে
ঘ) সহপাঠী ল’ৰাজনে কামটো কৰিলে
উত্তৰ:খ)নিচেই সৰু ল’ৰাটোৱে কামটো কৰিলে

৫)তলৰ কোনটো শব্দই ‘ শুকান ৰ’দ পৰা ঠাই ‘ ৰ বিপৰীত অৰ্থ প্ৰকাশ কৰিছে ?
ক) চেঁচুক
খ) কূৰ্চুট
গ) সাম্য
ঘ) দুহালিচা
উত্তৰ: ক)চেঁচুক

ছাত্ৰ জীৱন আৰু সমাজ সেৱা

চমুকৈ উত্তৰ দিয়াঃ

(ক) লিখকৰ মতে ছাত্ৰ জীৱনৰ প্রকৃত উদ্দেশ্য কি কি ?
উঃ কি কি কাম কৰিলে মনুষ্য জনম লােৱা সার্থক হয় তথা সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য হ’ব পাৰি এনেবিলাক বিষয়ৰ জ্ঞান অর্জন কৰাই হ’ল ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য।

(খ) বর্তমান প্রচলিত শিক্ষাৰ দোষ কি কি?
উঃ বর্তমান প্রচলিত শিক্ষা উন্নত আৰু কামৰ শিক্ষা নহয়, এয়ে হ’ল ইয়াৰ ঘাই দোষ। বর্তমান শিক্ষা কেৱল কিতাপৰ পাঠতে সীমাবদ্ধ হৈ থাকে, ব্যৱহাৰিক জীৱনৰ লগত ইয়াৰ সম্পর্ক নথকা বুলিয়েই ক’ব পাৰি। উদাহৰণস্বৰূপে বর্তমান শিক্ষার্থীসকলে পাঠ্যপুথিত পঢ়া দুখীয়াক মৰম কৰিবা’, ‘ডাঙৰক সম্মান কৰিবা’ আদিৰ দৰে বাক্যসমূহ আওৰাইহে থয়। বাস্তৱ জীৱনত ইয়াৰ অর্থ উপলব্ধি কৰিবলৈ সক্ষম নহয়। শিক্ষকসকলেও শিক্ষার্থীসকলক এই ধৰণৰ বাকাসমূহত অন্তর্নিহিত হৈ থকা প্রকৃত অর্থবােৰ বুজাই দিয়াৰ পৰিৱর্তে বাক্যটোত ব্যৱহৃত বানান সমূহৰ আ-কাৰ, ই-কাৰ শুদ্ধ কৰিয়ে নিজৰ পাঠদানৰ কর্তব্য সামৰি থয়। শিক্ষার্থীসকলে পঢ়ি-শুনি কি জ্ঞান লাভ কৰিছেনে নাই সেই বিষয়ে কোনেও নাভাবে। তেওঁলােকে বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে বা শ্ৰেণীত প্রথম বা দ্বিতীয় হৈ উত্তীর্ণ হ’ব পাৰিছেনে নাই সেই বিষয়তহে শিক্ষক আৰু শিক্ষার্থীসকলে গুৰুত্ব দিয়ে। এইবােৰে হ’ল বর্তমান প্রচলিত শিক্ষাৰ দোষ।

(গ) ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে ?
উঃ ছাত্ৰসকল হ’ল দেশৰ ভৱিষ্যৎ, আশা-ভৰসাৰ। সেয়ে ছাত্ৰসকলে ছাত্র অৱস্থাত যিমান দূৰ সম্ভৱ অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে।

(ঘ) ছাত্ৰসকলে কার্যকৰী শিক্ষা ক’ৰ পৰা কিদৰে লাভ কৰিব পাৰে?
উঃ ছাত্ৰসকলে কার্যকৰী শিক্ষা লাভ কৰাৰ উপযুক্ত স্থান হৈছে গাঁও অঞ্চল বর্তমান একবিংশ শতিকাতাে আমাৰ দেশৰ গাঁওসমূহত অজ্ঞানতাই ৰাজত্ব কৰি আছে, কু-সংস্কাৰ-অন্ধবিশ্বাসে সকলাে দিশ অন্ধকাৰাচ্ছন্ন কৰি দেশৰ প্রগতি আৰু উন্নতিৰ পথত হেঙাৰৰূপে থিয় দি আছে। এই বাধাসমূহ দূৰ কৰিবলৈ ছাত্ৰসকলে নিজৰ কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে গাঁওসমূহকে বাছি লৈ গাঁওবাসীক অজ্ঞানতা অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত কাম কৰি অভিজ্ঞতা লাভৰ দ্বাৰাহে কার্যকৰী জ্ঞান অর্জন কৰিব পাৰিব।

ছাত্ৰ জীৱন আৰু সমাজ সেৱা class 10 question answer

2. ছাত্র জীৱনৰ প্ৰকৃত উদ্দেশ্য সফল কৰিবলৈ ছাত্ৰসকলে শিক্ষাৰ সময়ছােৱাত কোনবােৰ পন্থা অবলম্বন কৰিব পাৰে? দেশ সেৱাত ব্ৰতী হ’বলৈ ছাত্র জীবনত বহুমুখী শিক্ষাৰ প্রয়ােজনীয়তা সম্বন্ধে আলােচনা কৰা।

উঃ ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য সফল কৰিবলৈ হ’লে শিক্ষাৰ সময়ছােৱাত ছাত্ৰসকলে একাগ্ৰতাৰে জ্ঞান অর্জনত ব্ৰতী হ’ব লাগে কাৰণ ছাত্ৰৰ একাগ্রতাই হৈছে উন্নতিৰ ঘাই মন্ত্র। শিক্ষাৰ সময়ছােৱাত শিক্ষার্থীয়ে মনৰ গতি সদায় একমুখী কৰি ৰাখিব লাগে, মনৰ গতি বহুমুখী হলে ছাত্র ছাত্রত্ব শক্তি লােপ পােৱাৰ সম্ভাৱনা থাকে। ছাত্ৰ অৱস্থাত ঘৰুৱা জঞ্জাল কিছুমান মূৰত জাপি ল’ব নালাগে, এনেবিলাক কথাত কাল আৰু পাত্রভেদে বিচাৰ কৰি চলিব লাগে।

তদুপৰি শিক্ষাৰ সময়ছােৱাত ছাত্ৰসকলে কেৱল পুথিগত শিক্ষা অর্জন কৰিলেই ছাত্রজীৱনৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব নােৱাৰে। ছাত্ৰসকলে মানুহৰ জীৱনৰ লক্ষ্য কি, কি কি কাম কৰিলে মনুষ্য জনম সার্থক হয়, সাংসাৰিক জীৱনত কি উপায়েৰে কাম কৰিলে কৃতকার্য হ’ব পাৰি এই ক্ষেত্ৰত ব্যৱহাৰিক তথা কার্যকৰী জ্ঞান আহৰণ কৰাতে গুৰুত্ব আৰােপ কৰিব লাগে। দেশসেৱাত ব্ৰতী হ’বলৈ হ’লে বহুমুখী শিক্ষাৰ অতিকৈ প্রয়ােজন আছে। বহুমুখী শিক্ষা প্রদানৰ জৰিয়তেহে ছাত্ৰসকলক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলিব পৰা যায় আৰু উপযুক্ত মানৱ সম্পদেহে দেশসেৱাত ব্ৰতী হৈ দেশৰ প্ৰগতিত অৰিহণা যােগাব পাৰে।

বর্তমান বিশ্বখন সলনি হৈছে, আর্থিক ব্যৱস্থাৰ পৰিৱৰ্তন হৈছে, মানুহৰ কাম কৰাৰ ধৰণ তথা কর্মক্ষেত্ৰৰ পৰিৱৰ্তন হৈছে এনে পৰিৱর্তিত সময়ত বহুমুখী শিক্ষাইহে ছাত্ৰসকলক এই বিশেষ ক্ষেত্ৰসমুহত দক্ষ আৰু সুনিপুণ কৰি দেশ সেৱাত ব্ৰতী হ’ব পৰাকৈ গঢ় দিব, নহ’লে ইয়াৰ অবিহনে দেশত নিবনুৱাৰ হাৰ বৃদ্ধি হৈ দেশৰ প্ৰগতিত বাধা জন্মব।

৩। “এইখিনি কাম তেওঁলােকৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ মাথােন।”কোনখিনি কাম তেওঁলােকৰ (ছাত্র-ছাত্রীসকলৰ) কার্যকৰী শিক্ষাৰ একোটি পাঠ বুজাই লিখা।
উঃ গাঁও অঞ্চলসমূহত ৰাজত্ব কৰি থকা অজ্ঞানতা, নিৰক্ষৰতা, কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ দৰে প্ৰগতিৰ বাটত বাধাৰ সৃষ্টি কৰা অন্তৰায়সমূহ দূৰ কৰিবলৈ ছাত্ৰসকলে গাঁৱত সােমাই ঘৰে ঘৰে গৈ অশিক্ষিত লােকসকলক তেওঁলােকৰ দুৰাৱস্থাৰ বিষয়ে চকু মুকলি কৰিব লাগিব; বাতৰি কাকত আৰু জ্ঞান তথা জগতৰ বাতৰি থকা পুথি পঢ়ি শুনাই তেওঁলােকৰ অজ্ঞানতা দূৰ কৰিবলৈ যত্ন কৰিব লাগিব; তেওঁলােকৰ মাজৰ পৰা কুচুটকপট গুচাবলৈ চাব লাগিব; গাঁৱত কোনাে নৰীয়া আদি হলে উপদেশেৰে বা আন উপায়েৰে সহায় কৰিব লাগিব; উপদেশেৰে আৰু উদাহৰণেৰে নিজৰ ঘৰ আৰু গাঁওখনক আদর্শ ঘৰ আৰু গাঁও কৰিবলৈ চাব লাগিব– এইধৰণৰ কামবােৰেই হ’ল ছাত্র-ছাত্রীসকলৰ কাৰ্যকৰী শিক্ষাৰ একোটি পাঠ।

class 10 assamese ছাত্ৰ জীৱন আৰু সমাজ সেৱা

ব্যাখ্যা কৰা 

(ক)“পঢ়াই, পঢ়ে, ৰােবে পাণ।
এই তিনিয়ে নিচিন্তে আন।।

উঃ  সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্র জীৱন আৰু সমাজসেৱা’ পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ ইয়াত কথাষাৰিৰ দ্বাৰা লেখকে বুজাব বিচাৰিছে যে পঢ়াৰ সময়ত শিক্ষার্থী আৰু শিক্ষকে অন্য কথা চিন্তা নকৰি নিষ্ঠা আৰু একাগ্ৰতাৰে পঢ়িলেহে বা পাঠদায় কৰিলে তাৰ সুফল লাভ কৰিব।

ব্যাখ্যাঃ পঢ়ুৱৈৰ প্ৰধান কাম হৈছে পঢ়া আৰু শিক্ষকৰ প্ৰধান কাম হৈছে পঢ়ুওৱা। পঢ়া আৰু পঢ়ুওৱা— এই দুয়ােটা কামেই হৈছে যথেষ্ট কষ্টকৰ কিয়নাে জ্ঞান অর্জন আৰু জ্ঞানদানৰ পৰিসৰ বিশাল। একাগ্রতা আৰু পৰিশ্ৰমেহে এই কাম সহজসাধ্য কৰিব পাৰে। একে কথা পাণ ৰােপণৰ ক্ষেত্ৰতত প্রযােজ্য। পাণ ৰােওঁতাৰ অন্যমনস্কতাৰ বাবে পাণ গঠনধৰি নুঠে, মৰিহে যায়। মানুহে কোনাে কাম কৰিলে নিষ্ঠা আৰু একাগ্ৰতাৰে কৰিলেহে কামটোত সফলতা লাভ কৰিব পাৰে। তেনেদৰে শিক্ষা লাভৰ ক্ষেত্ৰতাে শিক্ষক আৰু শিক্ষার্থীয়ে নিজৰ নিজৰ কাম নিষ্ঠা আৰু একাগ্ৰতাৰে কৰিব লাগিব তেতিয়াহে সফলতা অর্জন কৰিব পাৰিব। অর্থাৎ পঢ়াওঁতা আৰু পঢ়োঁতাৰ মন-মগজুৱে অন্য কথা চিন্তা-চৰ্চা নকৰি নিজৰ ধ্যান সদায় পঢ়াত ৰাখিলেহে বিচৰা ধৰণৰ ফল লাভ কৰিব পাৰিব। ব্যাখ্যেয় কথাফাকি লেখকে এনে অর্থতে ব্যৱহাৰি। কৰিছে।

(খ) কমাৰশালত গঢ়িবলৈ হ’লে আগতে জুইশালত গঢ়িচাব লাগিব। সাঁতুৰিবলৈ শিকিবলৈ হ’লে পানীত ননমাকৈ নহয়।
উঃ সংগতি: উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্র-জীৱন আৰু সমাজসেৱা’পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ কথাষাৰিৰ জৰিয়তে লেখকে কোনাে এটা বিষয়ৰ প্রকৃত শিক্ষা উপযুক্ত পৰিৱেশত হাতে-কামে লাগিহে যে অর্জন কৰিব পাৰি তাকেই প্রকাশ কৰিছে।

ব্যাখ্যাঃ মানুহৰ বাবে সমগ্র বিশ্বখনেই এখন ডাঙৰ পঢ়াশালি। ইয়াৰ আৰম্ভণি হয় মানুহৰ নিজ গৃহৰ পৰা। শিক্ষার্থীসকলক জীৱন্ত সংসাৰখনৰ লগত মােকাবিলা কৰিবলৈ প্রথম অভিজ্ঞতা নিজৰ ঘৰ আৰু বিদ্যালয়খনেই প্রদান কৰে, যিদৰে কমাৰশালত কোনাে বস্তু গঢ় দিয়াৰ আগতে জুইশালত তপতাই তাক গঢ় দিব পৰাকৈ প্রস্তুত কৰি লােৱা হয়। অর্থাৎ, যেনেদৰে এটুকুৰা লােহাক পিটি পিটি দা কুঠাৰ গঢ়িবলৈ জুইশালতে আঘাত সহিব পৰাকৈ প্রস্তুত কৰি লােৱা হয়, তেনেদৰে শিক্ষার্থীসকলকো সংসাৰৰ দুখ-কষ্ট, আঘাত সহিব পৰাকৈ প্ৰথমতে নিজৰ ঘৰ আৰু বিদ্যালয়তে ব্যৱহাৰিক শিক্ষা প্রদানৰ দ্বাৰা ধৈৰ্য্যশীল আৰু কষ্টসহিষ্ণু কৰি গঢ় দিব লাগিব। আকৌ শিক্ষার্থীসকলক কোনাে বিষয়ৰ প্রকৃত জ্ঞান প্রদান কৰিবলৈ হ’লে বিষয়টো সম্পর্কীয় পৰিৱেশৰ অতি প্রয়ােজন।

যেনেঃ সাঁতােৰ শিকিবলৈ হ’লে পানীত নামিবই লাগিব। ঠিক একেদৰে কিছুমান বিষয়ৰ প্রকৃত জ্ঞান পাঠ্যপুথিত পঢ়ি অর্জন কৰিব নােরাৰি, হাতে-কামে লাগিহে বিষয়টোৰ প্রকৃত জ্ঞান অর্জন কৰিব পাৰি। ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা লেখকে এই কথাকেই দাঙি ধৰিছে।

ছাত্ৰ জীৱন আৰু সমাজ সেৱা class 10

(গ) এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃ পূজাত লাগে। কাইট-কলিতে এইসকলক পুজাৰ উপহাৰস্বৰূপে মাতৃয়ে গ্রহণ নকৰে ।
উঃ, সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ছাত্র-জীৱন আৰু সমাজসেরা’ পাঠটোৰ পৰা লােৱা হৈছে।

প্রসংগঃ কথাফাৰিৰ জৰিয়তে লেখকে সকলাে জ্ঞান আৰু শিক্ষাৰে পৰিপুষ্ট হৈ পুর্ণতা লাভ কৰা ব্যক্তিৰ দ্বাৰাহে যে সমাজ তথা দেশৰ মংগল সাধন হয় তাকে প্রকাশ কৰিছে।

ব্যাখ্যাঃ কোনাে এটা কাম কৰিবলৈ মানুহক সদায় জ্ঞান আৰু দক্ষতাৰ প্রয়ােজন হয়। এই জ্ঞান আৰু দক্ষতা মানুহে এদিনতে আহৰণ কৰিব নােৱাৰে। এই জ্ঞান আৰু দক্ষতা অর্জন কৰিবলৈ হ’লে মানুহে ঢাপে ঢাপে আগ বাঢ়ি যাব লাগিব। যিদৰে এজোপা গছত প্ৰথমতে কলি হয়, তাৰ পাছত সেই কলি বিকশিত হৈ ফুল আৰু শেষত ফল হয়; সেইদৰে মানুহেও ছাত্ৰ অৱস্থাত যিমান দূৰ সৃম্ভৱ নকৰী, অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান অর্জন কৰি পৰিপুষ্ট হৈ দেশমাতৃৰ সেৱাৰ বাবে উপযুক্ত হৈ উঠিব লাগে।

ছাত্ৰসকলে সকলাে জ্ঞানৰে পৰিপূৰ্ণ হ’লেহে স্বদেশ আৰু স্বজাতিৰ মংগল সাধন কৰিব পাৰে। অপৰিপূর্ণ জ্ঞান আৰু দক্ষতাৰে কোনাে কাম কৰিলে দেশৰ কোনাে হিত বা মংগল নহয়, বৰঞ্চ দেশৰ অহিত বা অমংগল হােৱাৰ সম্ভাৱনাহে বাড়ে, যিদৰে অপৰিপক্ক ফল খালে বেমাৰ হােৱাৰ সম্ভাৱনা বাঢ়ে। এনে অপৰিপক্ক ফল খালেও দেহৰ কোনাে কামত নালাগে ঠিক একেদৰে অপৰিপূর্ণ জ্ঞান আৰু দক্ষতাকে কামেও দেশৰ হিত সাধনত কোনাে অৰিহণা যােগাব নােৱাৰে।

Class 10 Assamese Lesson 6 Question Answer

(ঘ) ‘নৰ সেৱাই প্রকৃত নাৰায়ণ সেৱা।”
উঃ • সংগতিঃ উদ্ধৃত কথাষাৰি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত ডিম্বেশ্বৰ নেওগদেৱৰ ৰচিত ‘ছাত্র-জীৱন আৰু সমাজসেৱা’ পাঠটোৰ পৰা লােৱা হৈছে।
প্রসংগঃ বাক্যশাৰীৰ দ্বাৰা লেখকে মানুহৰ সেৱা কৰিলেই যে ভগৱান সন্তুষ্ট হয় আৰু মানুহৰ সেৱা কৰিলেহে যে মানব জীবন সার্থক হয় তাকেই প্রকাশ কৰিছে।
ব্যাখ্যাঃ মানুহে মনৰ শান্তি লাভ অৰ্থে ভগৱানৰ পূজা-অর্চনা কৰে। মানুহে কেৱল নিজৰ মংগল কামনা কৰি নিজৰ মনৰ শান্তি বিচাৰিলেই সমাজ তথা বিশ্বৰ কোনাে উপকাৰ সাধন নহয়, বৰঞ্চ মানুহ দিনে দিনে স্বার্থপৰহে হ’বলৈ ধৰে। এনে স্বার্থপৰ মানুহ ভগৱানৰ কৃপাৰ পৰাও বঞ্চিত হয় আৰু মন সদায় অসন্তুষ্টি আৰু আশান্তিৰে পৰিপূৰ্ণ হৈ থাকে, কিন্তু যি মানুহে মানুহৰ দুখ-কষ্ট বুজি আৰ্তজনক উদ্ধাৰ কৰিবলৈ আগ বাঢ়ি যায়, সমাজ তথা দেশৰ মানুহৰ মংগলার্থে কাম কৰিবলৈ সদায় প্রস্তুত থাকে, তেনে মানুহৰ মন সদায় প্রাপ্তিৰে আৰু সন্তুষ্টিৰে ভৰি থাকে।

মানুহৰ মন প্রাপ্তি আৰু সন্তুষ্টিৰে ভৰি থাকিলে মনটোক পৱিত্ৰ মন্দিৰৰ দৰে অনুভৱ হয় আৰু তাতেই ভগৱানক বিচাৰি পােৱা যেন লাগে। অর্থাৎ মানৱ সেৱা কৰিলেই ভগৱান নাৰায়ণাে সন্তুষ্ট হয়, তাৰ বাবে ঠায়ে ঠায়ে গৈ ভগৱানৰ মুর্তি বিচাৰি যোৱাৰ প্ৰয়ােজন নাই। ব্যাখ্যেয় কথাফাকিৰ দ্বাৰা লেখকে সেয়ে মানুহৰ সেৱাৰ পাষকতা কৰিছে।

Also Read: নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ

দশম শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকা ছাত্ৰ জীৱন আৰু সমাজ সেৱা

(ক) ছাত্র জীৱন কিহৰ সময়?
উঃ ছাত্র জীবন শিক্ষালাভৰ সময়।

(খ) শিক্ষার্থীৰ উন্নতিৰ ঘাই মন্ত্র কি?
উঃ শিক্ষার্থীৰ উন্নতিৰ ঘাই মন্ত্র হ’ল একাগ্রতা।

(গ) ছাত্র ছাত্রত্ব শক্তি কেতিয়া লােপ পায় ?
উঃ ছাত্ৰৰ মনৰ গতি বহুমুখী হলে ছাত্র ছাত্রত্ব শক্তি লােপ পায়।

(ঘ) লেখকে কিহক ন্যায় বুলিব নােৱাৰাৰ কথা কৈছে?
উঃ জ্ঞান অর্জনৰ কালত জ্ঞান বিতৰণ কৰিবলৈ যােৱাটোক লেখকে ন্যায় বুলিব নােৱাৰাৰ কথা কৈছে।

(ঙ) ছাত্রজীবন আৰু সমাজ সেৱা’ পাঠটোৰ লেখক কোন?
উঃ ছাত্ৰজীৱন আৰু সমাজসেৱা’পাঠটোৰ লেখক হ’ল ডিম্বেশ্বৰ নেওগ।

(চ) লেখকে কিহক ধিক্কাৰৰ কথা বুলি কৈছে?
উঃ কুৰি শতিকাৰ মাজভাগতত আমাৰ দেশত অজ্ঞানতাই নির্বিবাদে ৰাজত্ব কৰি থকাকে লেখকে ধিক্কাৰৰ কথা বুলি কৈছে।

(ছ) নগৰৰ জনক জননী কোন?
উঃ নগৰৰ জনক-জননীহ’ল গাঁও।

(জ) ডিম্বেশ্বৰ নেওগৰ কেতিয়া আৰু ক’ত জন্ম হৈছিল ?
উঃ ডিম্বেশ্বৰ নেওগৰ ১৮৯৯ খ্রীঃত শিৱসাগৰৰ কমাৰফলীয়া গাঁৱত জন্ম হৈছিল।

প্ৰ: লিখকৰ মতে ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য কি কি?

উ : শিক্ষা আহৰণ কৰি প্রকৃত জ্ঞান লাভ কৰাটোৱেই হৈছে। ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য। এই সময়ছােৱা ছাত্ৰৰ বাবে সকলাে দিশৰ পৰাই মূল্যবান। লিখকৰ মতে শিক্ষাৰ শাৰীৰিক, নৈতিক, মানসিক আৰু আধ্যাত্মিক ভাগবােৰ অনুশীলন কৰাই ছাত্র জীৱনৰ প্রকৃত উদ্দেশ্য। মানুহৰ জীৱনৰ লক্ষ্য কি, কি কাম কৰিলে মানুহে জন্ম লােৱাৰ সার্থক হয়, সাংসাৰিক জীৱনত কি উ পায়েৰে কাম। কৰিলে কৃতকার্য হ’ব পাৰি এনে বিষয়ৰ জ্ঞানকে শিক্ষা বুলি ক’ব পাৰি।

প্ৰ: বর্তমানৰ প্রচলিত শিক্ষাৰ দোষ কি কি?

উ : বর্তমানৰ প্রচলিত শিক্ষা ব্যৱস্থাটোৰ বহুতাে দোষ আছে। বর্তমানৰ শিক্ষাই যি জ্ঞান দিছে সেই জ্ঞানে সমাজৰ উন্নতি কৰিব পৰা নাই। তাৰ মূলতে হ’ল বর্তমানৰ শিক্ষাটো নম্বৰমুখী হ’বলৈ ধৰিছে। কর্মমুখীৰ পৰিৱর্তে বৃত্তিমুখী হােৱাৰ বাবে পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈ ভাল চাকৰি পােৱাৰ বাবেহে সকলাে আগবাঢ়িছে। বর্তমানৰ । অভিভাৱকেও বিদ্যালয়ৰ পৰা কেনেদৰে শিক্ষা আয়ত্ব। কৰিছে তাকো লক্ষ্য নকৰে। শাৰীৰিক উন্নতিৰ বাবেও বর্তমানৰ শিক্ষা ব্যৱস্থাই শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব দিয়া দেখা নাযায়। কিন্তু উন্নত দেশৰ শিক্ষাব্যৱস্থাটো সম্পূর্ণ সুকীয়া। সেইবােৰ দেশে কর্মমুখী শিক্ষাৰ ওপৰতহে অধিক গুৰুত্ব দিয়ে।

প্ৰ: ছাত্ৰসকলে কি কি বিষয়ত জ্ঞান লাভ কৰি দেশসেৱাত ব্ৰতী হ’ব লাগে ?

উঃ ছাত্ৰসকলেই হৈছে এখন দেশৰ ভৱিষ্যত। সমাজৰ হকে ছাত্ৰসকলৰ বহুতাে সামাজিক দায়বদ্ধতা আছে। সেয়েহে তেওঁলােকে জ্ঞানকৰী, অর্থকৰী আৰু কাৰ্যকৰী জ্ঞান অর্জন কৰিব লাগে। তেতিয়াহে তেওঁলােকে দেশৰ সেৱাকার্যত নিজকে অর্পণ কৰিব পাৰিব, অর্থাৎ সমাজৰ পৰা ব্যভিচাৰ নির্মূল কৰিব পাৰিব, মানুহক শিক্ষিত কৰিব পাৰিব। সমাজৰ লােকক নিজৰ সন্মান আৰু দায়িত্বৰ কথা সোঁৱৰাই দিব পাৰিব।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam