Home » দশম শ্ৰেণীৰ অসমীয়া » ৰামসিংহৰ অসম আক্রমণ দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ

ৰামসিংহৰ অসম আক্রমণ দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ

ৰামসিংহৰ অসম আক্রমণ

ৰামসিংহৰ অসম আক্রমণ
বিষয় (Subject)অসমীয়া (Assamese)
কিতাপখনৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামৰামসিংহৰ অসম আক্রমণ
শ্ৰেণী (Class)দশম (X)
অধ্যায় (Chapter)অধ্যায় ১৩
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

ৰামসিংহৰ অসম আক্রমণ

অর্থ লিখা :

তাজী→আৰৱী,| শৰাইত→ শৰাইঘাটত, | পাঁজি-তাটৰি→শত্রু ভেটা দিবলৈ পােতা জোঙা বাঁহ| ২ ঘটিমান→দুই ঘণ্টামান, তাঞি→ তেওঁ,| খঙ্কৈ→খং কৰি, |ৰাজ্য→ৰাইজ,| ৰাস→হ্রাস।

প্রঃ ১। ৰামসিংহ কোন আছিল?
উঃ ৰামসিংহ শৰাইঘাটৰ যুদ্ধৰ মােগল পক্ষৰ সেনাপতি আছিল।

Winter Sale

প্র : ২। ৰামসিংহক কোনে অসম আক্ৰমণৰ বাবে পঠাইছিল?
উঃ মােগল সম্রাট ঔৰংজেৱে ৰামসিংহক অসম আক্ৰমণৰ বাবে পঠাইছিল।

প্রঃ ৩। মােগল কটকী পীৰােজ খাঁক ক’ত বন্দী কৰি ৰখা হৈছিল?
উঃ মােগল কটকী পীৰােজ খাক লতাশিলত বন্দী কৰি ৰখা হৈছিল।

প্র : ৪। ৫ খন বুৰঞ্জীৰ নাম লিখা।
উঃ (১) অসম বুৰঞ্জী (২) দেওধাই বুৰঞ্জী (৩) কামৰূপৰ বুৰঞ্জী (৪) কছাৰী বুৰঞ্জী আৰু (৫) পাদশাহ বুৰঞ্জী।

প্রঃ ৫। শৰাইঘাটৰ যুদ্ধ পাঠটিৰ মূল পুথি কি? বুৰঞ্জী শব্দৰ অর্থ কি?
উঃ শৰাইঘাটৰ যুদ্ধ পাঠটিৰ মূল পুথিখন হ’ল— পুৰণি অসম বুৰঞ্জী। বুৰঞ্জী শব্দৰ অৰ্থ হ’ল— নজনা কথাৰ ভঁৰাল।

প্রঃ ৬। ৰামসিংহ কোন? তেওঁক কোনে কাঠৰ চৰাই খুজিছিল।
উঃ ৰামসিংহ অম্বৰৰ ৰজা আৰু মােগলৰ সেনাপতি। তেওঁক অসমীয়া কটকী ৰামচৰণে কাঠৰ চৰাই খুজিছিল।

ৰামসিংহৰ অসম আক্রমণ দশম শ্ৰেণী

প্রঃ ৭। কৃষ্ণসিংহ কোন? তেওঁ কিয় আৰু কিহৰ সতে যুদ্ধত লিপ্ত হৈছিল? ইয়াৰ ফলাফল কি হল?

উঃ কৃষ্ণসিংহ হ’ল অম্বৰৰ ৰজা তথা মােগল সেনাপতি ৰামসিংহৰ পুত্র। মােগল সম্রাটে ৰং চাবৰ নিমিত্তে কৃষ্ণসিংহক বাঘৰ সৈতে যুদ্ধ কৰিবলৈ আদেশ দিছিল। কৃষ্ণসিংহ অতি সাহসী বীৰ আছিল। কৃষ্ণসিংহই ৰজাৰ আদেশ মানি জালৰ ভিতৰত সােমাই বাঘৰ সতে যুদ্ধত লিপ্ত হৈছিল। যুদ্ধত বাঘে প্রথমে দুবাৰমান জাপ মাৰি কৃষ্ণসিংহক ধৰিব খুজিছিল। কিন্তু কৃষ্ণসিংহই বাৰু’ পাতি নিজকে ৰক্ষা কৰিলে। পিছত কৃষ্ণসিংহই তৰােৱালেৰে ঘপিয়াই বাঘটো নিধন কৰিলে। কৃষ্ণসিংহৰ মাতৃয়ে এই কথাটো সহজভাৱে ল’ব পৰা নাছিল। তেওঁ সন্দেহ কৰিছিল যে আচলতে কৃষ্ণসিংহৰ বল বিক্ৰমৰ কথা বুজি তেওঁৰ
দ্বাৰা ভৱিষ্যতে কিবা বিপদ হ’ব পাৰে বুলি সম্রাটে তামাচা’চোৱাৰ চলেৰে বাঘৰ হতুৱাই কৃষ্ণসিংহক মাৰিব খুজিছিল।

প্রঃ ৮। মােক বঙালে ধৰি নিয়ক’– কথাষাৰৰ পৰা বক্তাৰ ব্যক্তিত্বৰ আভাস দিয়া।
উঃ উক্ত কথাষাৰৰ বক্তা হ’ল আহােম সেনাপতি মহাবীৰ লাচিত বৰফুকন। মােগল সেনাপতি ৰামসিংহই অসমীয়া সৈন্যক স্থলযুদ্ধত পৰাস্ত কৰিব নােৱাৰিলে। সেয়ে ৰামসিংহৰ সৈন্যই পানীৰে উজাই আহি জুৰিয়া পর্বত পালেহি। গণকৰ বাধা আৰােপ কৰা শুনি অসমীয়া সৈন্যই ৰামসিংহৰ সৈন্যলৈ। গুলী বর্ষণ কৰা নাছিল। অসমীয়া সৈন্যই হােহকি আহি। অশ্বক্লান্ত পালেহি। সেই সময়ত লাচিত বৰফুকন নৰিয়া পাটীত পৰি আছিল। অসমীয়া সেনা পিছ হুহকি অহা শুনি লাচিত বৰফুকনে নৰিয়া গাৰেই নাৱত উঠি ৰণলৈ যাবলৈ সাজু হ’ল। তেওঁ এইবুলি ক’লে যে তেওঁক বঙালে ধৰি নিয়ক তথাপি ৰাজ্য সুখেৰে থাকক। ইয়াকে দেখি অন্যান্য অসমীয়া সৈন্যয়াে সাহস পাই নাও মেলি আগবাঢ়ি গৈ বঙালক কচু কটা দিলে। কিছুমান পানীত পৰি মৰিল। মােগল সৈন্যই তর্কিবই নােৱাৰিলে। উক্ত কথাষাৰৰ মাজেদি মহান বীৰ লাচিত বৰফুকনৰ স্বদেশপ্রেম, কর্তব্য নিষ্ঠা, কর্ম তৎপৰতা, নিঃস্বার্থতা আদি মহান গুণসমূহৰ ফুৰণ ঘটিছে। “জননী জন্ম ভূমি স্বৰ্গতকৈ শ্রেষ্ঠ”— এনেহেন জন্ম ভূমিক বঙালৰ হাতৰ পৰা মুক্ত কৰিবলৈ নিজৰ জীৱন তুচ্ছ কৰি লাচিত বৰফুকনে যি নেতৃত্ব দিলে তাৰ পৰাহে পিছ হােহকি দিয়া অসমীয়া সৈন্যই সাহস পাই আগবাঢ়ি গৈ মহাবিক্ৰমেৰে যুঁজি বঙালক ৰণত ঘটুৱালে।

প্র : ৯। অম্বৰৰ ৰজা কোন আছিল? তেওঁক কোনে কিয় লেখা দিছিল?

উ : অম্বৰৰ ৰজা আছিল ৰামসিংহ। তেওঁলৈ তেওঁৰ পত্নীয়ে লেখা দিছিল, অর্থাৎ চিঠি দিছিল। মােগল সম্রাটে ৰং চাবৰ নিমিত্তে ৰামসিংহৰ পুত্র
কৃষ্ণসিংহক বাঘৰ সৈতে যুদ্ধ কৰিবলৈ নির্দেশ দিছিল। কৃষ্ণসিংহ বৰ সাহসী বীৰ আছিল। কৃষ্ণসিংহই কৌশলেৰে যুঁজি বাঘটো নিধন কৰিছিল। কৃষ্ণসিংহৰ মাতৃয়ে এই কথাটো সহজভাৱে ল’ব পৰা নাছিল। তেওঁ স্বামী। ৰামসিংহলৈ এখন চিঠি প্ৰেৰণ কৰিছিল। চিঠিখনৰ সাৰ মর্মটো আছিল যে— কৃষ্ণসিংহৰ বল বিক্ৰমৰ কথা অনুমান কৰি সম্রাটে তামাচা চোৱাৰ চলেৰে বাঘৰ হতুৱাই কৃষ্ণসিংহক নিধন কৰিব খুজিছিল।

ৰামসিংহৰ অসম আক্রমণ Class 10

প্রঃ ১০| শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ পৰিণতি কেনে আছিল?

উ : আহােম আৰু মােগল সৈন্যৰ মাজত ১৯৭১ চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। আহােমৰ ঘাই সেনাপতি আছিল মহাবীৰ লাচিত বৰফুকন আৰু মােগলৰ সেনাপতি আছিল অম্বৰৰ ৰজা ৰামসিংহ। ৰামসিংহই সৈন্যসামন্ত লৈ অসম আক্রমণ কৰিবলৈ আহি ৰৌৰয়াৰ মুখ পালেহি। আহােম ৰজায়গা অসমীয়া সৈন্যসকলক ভাগে ভাগে সাজু হৈ থাকিবলৈ নির্দেশ দিলে। লাচিত বৰফুকনে নিজৰ সৈন্যবল বৃদ্ধি কৰিবলৈ ৰামসিংহক তাতে কিছুদিন ৰখাবৰ বুদ্ধি কৰি একো নজনাৰ ভাবত ৰামসিংহ অসমলৈ পুনৰ কিয় আহিছে তাকে জানিবলৈ কটকী পঠালে। ৰামসিংহই আহােমৰ কটকীক জনালে যে পূৰ্বৰ চুক্তি মতে আহােমে মােগলক গুৱাহাটী এৰি দিব লাগে। লাচিত বৰফুকনে ৰামসিংহক জনালে যে গুৱাহাটী মােগলক কোনাে কমেই এৰি দিয়া নহ’ব। মােগল সৈন্যই স্থলপথেৰে আগুৱাই আহি আহােম সৈন্যক আক্রমণ কৰে। আহােম সৈন্যই মােগলৰ সৈন্যক কচুকটা দিয়ে। মােগলৰ কিছু সৈন্য দৰঙলৈ উজাই গ’ল। কিন্তু দৰঙী সেনায়াে বুদ্ধি কৰি পৰ্বতৰ মাজৰ জুৰিত সুমুৱাই আটাইখিনি মােগল সৈন্য বধ কৰিলে। ৰামসিংহই পুনৰ লাচিত বৰফুকনৰ ওচৰলৈ কটকী পঠাই গুৱাহাটী এৰি দিবলৈ অনুৰােধ জনালে। লগতে ৰামসিংহই এইটোও জনালে যে বৰফুকনে যদি এই কামৰ লৰচৰ কৰে তেতিয়া তেওঁক পৰমেশ্বৰীয়ে খাব। তেওঁ কণ্ঠৰ মুকুতামণি হাতেৰে ধৰি ক’লে যদি তেওঁ কথা এৰে তেওঁক সেই মহালক্ষ্মীয়ে এৰিব, তেওঁৰ পূৰ্বপুৰুষ নৰকগামী হ’ব। ৰামসিংহই শপত খাই ক’লে যে বৰফুকনে যি বিচাৰে তেওঁ তাকে দিব। লাচিত বৰফুকনে কিন্তু ৰামসিংহৰ কথাত পতিয়ন নগ’ল। শেষত ৰামসিংহই স্থলেৰে যুদ্ধ কৰিব নােৱাৰি পানীৰে যুদ্ধ কৰিবলৈ আগুৱাই আহিল। তেতিয়া বৰফুকনে নৰীয়া গাৰেই নাৱত উঠি আগুৱাই আহিল। বৰফুকনৰ উদ্যম দেখি বাকীবােৰ অসমীয়া সৈন্যয়াে মহা বিক্ৰমেৰে যুঁজি ৰামসিংহৰ সৈন্যক কাটি-মাৰি খাজাং কৰে। আহােম সৈন্যই মােগলৰ সৈন্যক কচুকটা দিয়ে। মােগলৰ সৈন্য দৰঙলৈ উজাই গ’ল। কিন্তু দৰঙী। সেনায়াে বুদ্ধি কৰি পৰ্বতৰ মাজৰ জুৰিত সুমুৱাই আটাইখিনি মােগল সৈন্য বধ কৰিলে। ৰামসিংহই পুনৰ লাচিত বৰফুকনৰ ওচৰলৈ কটকী পঠাই গুৱাহাটী এৰি দিবলৈ অনুৰােধ জনালে। লগতে ৰামসিংহই এইটোও জনালে যে বৰফুকনে যদি এই কামৰ লৰচৰ কৰে তেতিয়া তেওঁক পৰমেশ্বৰীয়ে খাব। তেওঁ কষ্টৰ মুকুমণি হাতেৰে ধৰি ক’লে যদি তেওঁ কথা এৰে তেওঁক সেই মহালক্ষ্মীয়ে এৰিব, তেওঁৰ পূৰ্বপুৰুষ নৰকগামী হ’ব। ৰামসিংহই শপত খাই ক’লে যে বৰফুকনে যি বিচাৰে তেওঁ তাকে দিব। লাচিত বৰফুকনে কিন্তু ৰামসিংহৰ কথাত পতিয়ন নগ’ল। শেষত ৰামসিংহই স্থলেৰে যুদ্ধ কৰিব নােৱাৰি পানীৰে যুদ্ধ কৰিবলৈ আগুৱাই আহিল। তেতিয়া বৰফুকনে নৰীয়া গাৰেই নাৱত উঠি আগুৱাই আহিল। বৰফুকনৰ উদ্যম দেখি বাকীবােৰ অসমীয়া সৈন্যয়াে মহা বিক্ৰমেৰে যুঁজি ৰামসিংহৰ সৈন্যক কাটি-মাৰি খাজাং কৰিলে। আহােম সৈন্যৰ বিক্রম দেখি ৰামসিংহ ঠাৱৰিব নােৱাৰি ভটিয়াই গ’ল। যাবৰ পৰত মাধৱক সেৱা কৰি ব্রাহ্মণসকলক ক’লে যে বৰফুকন সামান্য বীৰ নহয়। যন্ত্রৰদৰে নিমিষতে গড় বান্ধে। ৰামসিংহই অসমীয়া সেনাৰ বীৰত্ব বখানি অসম আক্ৰমণৰ আশা এৰি গুচি গ’ল। মানাহেই অসমৰ পশ্চিমসীমা আগৰদৰে নিৰ্ধাৰণ হ’ল।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam