Home » বৈচিত্র্যময় অসম দশম শ্ৰেণী » মটক সকল Class 10 – বৈচিত্র্যময় অসম দশম শ্ৰেণী (X)

মটক সকল Class 10 – বৈচিত্র্যময় অসম দশম শ্ৰেণী (X)

মটকসকল Class 10
বিষয় অসমীয়া
কিতাপখনৰ নামবৈচিত্র্যময় অসম
পাঠৰ নামমটক সকল
শ্ৰেণী দশম (X)
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

মটক সকল Class 10

প্র : ১। মটক শব্দৰ অৰ্থ লিখা।
উঃ টাই ভাষাত ‘ম’ মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আৰু টক’ মানে উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত। অর্থাৎ মটক শব্দৰ অৰ্থ হ’ল— উপযুক্ত জ্ঞানী শক্তিশালী পণ্ডিতলােক।

প্রঃ ২। মটকসকল সাধাৰণতে কোন ধৰ্মৰ লােক?
উঃ মটকসকল সাধাৰণতে মায়ামৰা বৈষ্ণৱধৰ্মৰ লােক।

প্রঃ ৩। মটকসকলৰ লগত মােৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধ লিখা
উঃ মােৱামৰীয়া বিদ্ৰোহৰ প্রধান নেতা মটকসকলৰ ওপৰত ৰজাঘৰীয়া অত্যাচাৰ চলিছিল। বিদ্ৰোহৰ নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰাপৰাধী মানুহক বন্দী কৰি কাৰাগাৰত থৈছিল। মটক ৰজা সর্বানন্দই মােৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব লৈছিল। তেওঁৰ প্ৰচুৰ সাংগঠনিক দক্ষতা আছিল। কাৰাগাৰৰ ভিতৰে বাহিৰে সকলাে মটকলােকৰ মনােবল তেওঁ বঢ়াইছিল।

Winter Sale

প্রঃ ৪। মটকৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কামবােৰ লিখা।
উঃ স্বৰ্গদেউ সর্বানন্দ সিংহই বিভিন্ন জনকল্যাণমূলক কাম হাতত লৈছিল। আলি-পদূলি নির্মাণ কৰি যাতায়াত ব্যৱস্থাৰ উন্নতি কৰিছিল। তাৰে কেইটামান আলি হল—ৰঙাগড় আলি, হাতী আলি, ৰাজগড় আলি আদি। তেওঁ প্ৰজাৰ সুবিধার্থে ৰাজধানীৰ বাহিৰে ভিতৰে মুঠ চৌব্বিশটা পুখুৰী যেনে— বেংমৰা পুখুৰী, দেৱী পুখুৰী আদি খন্দাইছিল। সর্বানন্দই খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পৰৱৰ্তী সময়ত বেংমৰা নগৰখনৰ নাম তিনিচুকীয়া হৈ পৰিল।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam