তিৱা সকল Class 10 – (প্ৰশ্নোত্তৰ) বৈচিত্র্যময় অসম দশম শ্ৰেণী

তিৱা সকল Class 10
বিষয় অসমীয়া
কিতাপখনৰ নামবৈচিত্র্যময় অসম
পাঠৰ নামতিৱা সকল
শ্ৰেণী দশম (X)
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

তিৱা সকল Class 10 Question Answer

প্রঃ ১। ভাষিক দিশৰপৰা তিৱাসকল কোনটো ঠালৰলােক?
উঃ ভাষিক দিশৰপৰা তিৱাসকল ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বর্মীয় ভাষা-গােষ্ঠী পৰিয়ালৰ বৃহত্তৰ বড়াে’ ঠালৰ লােক।

প্রঃ ২। তিৱাসকলে তেওঁলােকৰ উৎসৱ-পার্বণত ব্যৱহাৰ কৰা বিভিন্ন বাদ্যযন্ত্রবােৰ কি কি?
উঃ খ্ৰাম্ (ঢােল) বাৰ, খ্রাম খুজুৰা, খ্রাম্ পান্থাই, দুমদিং, দগৰ, পাংশী আদি।

প্রঃ ৩। তিৱা সমাজত ‘জেলা’ বুলি কাক কোৱা হয় ?
উঃ পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱা হয়। আনহাতে খেলৰ প্রশাসনিক আৰু সামাজিক মূৰব্বীজনক ভৈয়ামত জেলা বুলি কোৱা হয়।

প্র : ৪। তিৱাসকলৰ কেইটিমান উৎসৱৰ নাম লিখা।
উঃ তিৱাসকলৰ  পাহাৰ অঞ্চলৰ উৎসৱ হৈছে— ৱানছুৱা, ছগ্রা, য়াংলী, লাংখন আদি। ভৈয়াম অঞ্চলৰ উৎসৱ হৈছে— জোনবিল মেলা, বৰত, গোঁসাই উলিওৱা মেলা, বিহু আদি।

প্র : ৫। ফুলগুৰিৰ ধেৱা কি?
উঃ ফুলগুৰি হ’ল তিৱা জনগােষ্ঠীৰ এখন গাঁৱৰ নাম। অসমৰ প্ৰথম কৃষক বিদ্রোহটোৰ নাম হ’ল ‘ফুলগুৰি ধেৱা। এই বিদ্রোহ ব্রিটিছৰ অর্থনৈতিক শােষণৰ বিৰুদ্ধে তিৱাসকলৰ নেতৃত্বত হৈছিল।

প্র : ৬। তিৱাসকলৰ কেইবিধমান সাজপাৰৰ নাম লিখা।
উ : পুৰুষে থানা, তাগলা, থেনাচ, ফালি, ফাগা মহিলাই কাছ্যং, ফাছকাই, নাৰা আদি পৰিধান কৰে।

প্র : ৭। বলাইৰাম সেনাপতিৰ গীতৰ পুথিখনৰ নাম লিখা।
উঃ বলাইৰাম সেনাপতিৰ গীতৰ পুথিখনৰ নাম হ’ল- মুকুল।

প্রঃ ৮। তিৱাচা মিচন কোনে আৰু কেতিয়া জন্ম দিয়ে?
উঃ ১৯৬০ চনত থাৰাকুঞ্জী গাঁৱত ইন্দ্রচিং দেউৰীয়ে তিৱাচা মিচন নামৰ এটা সামাজিক অনুষ্ঠানৰ জন্ম দিয়ে।

💬 Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam