মটক সকল Class 10 – বৈচিত্র্যময় অসম দশম শ্ৰেণী (X)

Advertisements
মটকসকল Class 10
বিষয়  অসমীয়া
কিতাপখনৰ নাম বৈচিত্র্যময় অসম
পাঠৰ নাম মটক সকল
শ্ৰেণী  দশম (X)
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

মটক সকল Class 10

প্র : ১। মটক শব্দৰ অৰ্থ লিখা।
উঃ টাই ভাষাত ‘ম’ মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আৰু টক’ মানে উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত। অর্থাৎ মটক শব্দৰ অৰ্থ হ’ল— উপযুক্ত জ্ঞানী শক্তিশালী পণ্ডিতলােক।

প্রঃ ২। মটকসকল সাধাৰণতে কোন ধৰ্মৰ লােক?
উঃ মটকসকল সাধাৰণতে মায়ামৰা বৈষ্ণৱধৰ্মৰ লােক।

প্রঃ ৩। মটকসকলৰ লগত মােৱামৰীয়া বিদ্ৰোহৰ সম্বন্ধ লিখা
উঃ মােৱামৰীয়া বিদ্ৰোহৰ প্রধান নেতা মটকসকলৰ ওপৰত ৰজাঘৰীয়া অত্যাচাৰ চলিছিল। বিদ্ৰোহৰ নেতাসকলক বিচাৰি নাপাই সাধাৰণ নিৰাপৰাধী মানুহক বন্দী কৰি কাৰাগাৰত থৈছিল। মটক ৰজা সর্বানন্দই মােৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব লৈছিল। তেওঁৰ প্ৰচুৰ সাংগঠনিক দক্ষতা আছিল। কাৰাগাৰৰ ভিতৰে বাহিৰে সকলাে মটকলােকৰ মনােবল তেওঁ বঢ়াইছিল।

প্রঃ ৪। মটকৰাজ্যৰ উন্নতিৰ বাবে সৰ্বানন্দ সিংহই কৰা জনকল্যাণমূলক কামবােৰ লিখা।
উঃ স্বৰ্গদেউ সর্বানন্দ সিংহই বিভিন্ন জনকল্যাণমূলক কাম হাতত লৈছিল। আলি-পদূলি নির্মাণ কৰি যাতায়াত ব্যৱস্থাৰ উন্নতি কৰিছিল। তাৰে কেইটামান আলি হল—ৰঙাগড় আলি, হাতী আলি, ৰাজগড় আলি আদি। তেওঁ প্ৰজাৰ সুবিধার্থে ৰাজধানীৰ বাহিৰে ভিতৰে মুঠ চৌব্বিশটা পুখুৰী যেনে— বেংমৰা পুখুৰী, দেৱী পুখুৰী আদি খন্দাইছিল। সর্বানন্দই খন্দোৱা তিনিকোণীয়া পুখুৰীৰ নাম অনুসাৰে পৰৱৰ্তী সময়ত বেংমৰা নগৰখনৰ নাম তিনিচুকীয়া হৈ পৰিল।

লগতে পঢ়ক:   দেউৰীসকল Class 10 – দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম দেউৰীসকল

Leave a Comment