মুদ্রা আৰু বেংক ব্যবস্থা Class 10 দশম শ্ৰেণী সকলো প্ৰশ্ন উত্তৰ

মুদ্রা আৰু বেংক ব্যবস্থা class 10

মুদ্ৰা আৰু বেংক ব্যবস্থা
বিষয় (Subject) সামাজ বিজ্ঞান
কিতাপখনৰ নাম অৰ্থনীতি
পাঠৰ নাম মুদ্ৰা আৰু বেংক ব্যবস্থা
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ১
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

মুদ্রা আৰু বেংক ব্যবস্থা class 10

পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান)

প্রঃ ভাৰতীয় ৰিজাৰ্ভ বেংক এটা 
(ক) বাণিজ্যিক বেংক (খ) ভাৰতীয় উদ্যোগিক উন্নয়ন বেংক (গ) আঞ্চলিক গ্রামীণ বেংক (ঘ) কেন্দ্রীয় বেংক
উঃ (ঘ) কেন্দ্রীয় বেংক।

অতি চমু উত্তৰৰ প্রশ্ন :

প্রঃ ১। বিনিময় প্রথা কি ?
উঃ কোনাে বস্তুৰ সলনি আন এটা বস্তুৰ প্ৰত্যক্ষ আদান- প্রদান কৰা প্রণালীটোকে বিনিময় বােলে।

প্র : ২। মুদ্রা কি ?
উঃ মুদ্রা হ’ল বিনিময় মাধ্যম আৰু সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ। মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থাকিব লাগে।

প্রঃ ৩। মুদ্ৰাৰ এটা মূখ্য কাৰ্য উল্লেখ কৰা।
উঃ মুদ্রাই বিনিময়ৰ মাধ্যম হিচাপে কার্য সম্পাদন কৰে।

প্র : ৪। অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।
উঃ চেক মুদ্রা।

প্রঃ ৫। প্রতিনিধিত্বমূলক কাগজী মুদ্রা কি ?
উ : যি কাগজী মুদ্রা সমমূল্যৰ সােণ বা ৰূপলৈ ৰূপান্তৰিত হয় তাকে প্রতিনিধিত্বমূলক কাগজী মুদ্রা বােলে।

প্র : ৬। বেংক কি?
উঃ বেংক হৈছে ঋণৰ ব্যৱসায় কৰা এবিধ বিত্তীয় অনুষ্ঠান।

প্রঃ ৭। ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল?
উঃ ১৯৩৫ চনত।

প্রঃ ৮। চলিত আমানত কি?
উঃ চলিত আমানত বুলিলে ইয়াকে বুজা যায় যে এই আমানতত সঞ্চয়কাৰীয়ে বা আমানত কাৰীয়ে সঞ্চয় কৰিলে বা জমা ৰাখিলে, নিজৰ সঞ্চয় যিকোনাে সময়তে চেকৰ যােগেদি উলিয়াই আনিব পাৰে।

প্রঃ ৯। ১৭৭০ চনত ভাৰতত প্রথমে কোনটো বেংক স্থাপন কৰা হয় ?
উঃ বেংক অৱ হিন্দুস্থান।

মুদ্রা আৰু বেংক ব্যবস্থা চমু উত্তৰৰ প্রশ্ন 

প্র : ১। মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?
উ : মুদ্রাক সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয় কাৰণ সা-সামগ্রী যেনে— মাছ, কণী বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নােৱাৰি। মুদ্রা ব্যৱস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি। সামগ্ৰীৰ দৰে মুদ্রা নষ্ট হৈ নাযায়। ইয়াক বেংকত জমা ৰাখিব পাৰি আৰু প্রয়ােজন সাপেক্ষে উলিয়াই সা- সামগ্রী ক্রয় কৰিব পাৰি। সেয়ে মুদ্রা হ’ল সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ।

প্র : ২। সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?
উঃ এজন ব্যক্তিৰ অভাৱ আন এজন ব্যক্তিৰ অভাৱৰ সৈতে সংগতি নথকাটোকেই ‘অভাৱৰ পাৰস্পৰিক সংগতিহীনতা’ বুলি কোৱা হয়। অর্থাৎ বিনিময় প্রথা
কার্যকৰী হােৱাৰ বাবে দুজন ব্যক্তিৰ অভাৱ পৰস্পৰ পৰিপূৰক হ’ব লাগে। উদাহৰণ স্বৰূপে এজন ব্যক্তিয়ে যদি কাপােৰৰ সলনি চাউল বিচাৰে আৰু আন এজন ব্যক্তিয়ে চাউলৰ সলনি যদি কাপােৰ বিচাৰে তেতিয়া অভাৱৰ পৰস্পৰ সংগতি থকা বুলি কোৱা হয়। কিন্তু কাপােৰৰ গৰাকীয়ে যদি কাপােৰৰ পৰিৱর্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰে, তেতিয়া তাৰ অভাৱৰ পাৰম্পৰিক সংগতিহীনতা’ বুলি কোৱা হয় তেনে অৱস্থাত ব্যক্তিদুজনৰ মাজত বিনিময় হ’ব নােৱাৰে। বিনিময় প্রথাত এই পাৰস্পৰিক সংগতিবিহীন অভাৱে সমস্যাৰ সৃষ্টি কৰে।

প্রঃ ৩| মুদ্ৰাৰ তাৰল্য গুণ কি?
উ : যিকোনাে মুদ্ৰাক সমমূল্যৰ সা-সামগ্রীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰ কৰিব পৰা গুণটোক মুদ্ৰাৰ তাৰল্য গুণ’ বুলি কোৱা হয়।

প্রঃ ৪। মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতােকৈ গুৰুত্বপূর্ণ আৰু কিয় ?
উ : মুদ্ৰাৰ সবাতােকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হ’ল—ইয়াৰ সাধাৰণ গ্রহণযােগ্যতা। এই বৈশিষ্ট্যৰ অবিহনে মুদ্রা বিনিমুয়ৰ মাধ্যম হ’ব নােৱাৰে।

লগতে পঢ়ক:   ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 প্ৰশ্ন উত্তৰ

প্রঃ ৫। “মুদ্রা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী”— ব্যাখ্যা কৰা।
উ : কোনাে এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্রা প্রদান কৰিব লাগে তাকে বস্তুটোৰ ‘দাম’ বুলি কোৱা হয়। সকলাে আর্থিক বস্তুৰ মূল্য মুদ্ৰাৰ দ্বাৰা নিৰ্দ্ধাৰণ কৰা হয়। সেয়েহে “মুদ্রা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী”।

প্রঃ ৬। অনা-বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি অর্থাত বেলেগ?
উ : অনা বেংক বিত্তীয় প্রতিষ্ঠানসমূহত চেকৰ ব্যৱস্থা নাথাকে। সেয়েহে বেংকৰ দৰে চেকৰ দ্বাৰা মানুহে লেনদেন কার্য সম্পাদন কৰিব নােৱাৰে।

প্র : ৭। সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পার্থক্য কি?
উঃ যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেন-দেনহে সম্পন্ন কৰিব পাৰি, সেই মুদ্রাক সসীম বিহিত মুদ্রা বুলি কোৱা হয়। আনহাতে যি বিহিত মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেন-দেন সম্পন্ন কৰিব পাৰি তাকে অসীম বিহিত মুদ্রা বােলা হয়।

মুদ্রা আৰু বেংক ব্যবস্থা class 10 দীঘল উত্তৰৰ প্ৰশ্ন

প্রঃ ১। মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা প্রধান অসুবিধা ব্যাখ্যা কৰা।

উঃ মুদ্রাই সৃষ্টি কৰিব পৰা চাৰিটা, প্রধান অসুবিধা তলত ব্যাখ্যা কৰা হ’ল-
(১) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবােৰ জটিল সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্রাস হ’লে ৰাইজৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্রী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয়। ঠিক সেইদৰে সামগ্ৰীৰ মূল্য অতিপাত কমি গ’লে অর্থাৎ মুদ্ৰাৰ মূল্য বৃদ্ধি হলে উৎপাদনকাৰীয়ে লােকচান ভৰিবলগীয়া হয় আৰু উৎপাদন হ্রাস হলে নিবনুৱাৰ সৃষ্টি হয়।

(২) মুদ্রা অর্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ’ব পাৰে। মুদ্রা সর্বস্ব অর্থনীতিত মুদ্রা অর্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সামাজিক বৈষম্যৰ সৃষ্টি কৰে।

(৩) মুদ্ৰাৰ প্ৰতি থকা দুর্বলতাই কেতিয়াবা সামাজিক মূল্যবােধৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। মুদ্ৰাৰ লােভত মানুহে সমাজত দুর্নীতি, অনিয়ম, অবিচাৰ আদি সংঘটিত কৰা দেখা যায়।
(৪) মুদ্ৰাৰ পৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’লা মুদ্রা এক অর্থনৈতিক অপৰাধ (আয়কৰ ফাকি)ৰ সৈতে জড়িত।

প্রঃ ২। বিনিময় প্রথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা।
উঃ বিনিময় প্রথাৰ চাৰিটা অসুবিধা হৈছে–
(১) বিভাজনীয়তাৰ অসুবিধা : বিনিময়ত ভাগ লােৱা এনে কিছুমান সামগ্রী আছে যে তাক ভাগ কৰিব নােৱাৰি। উদাৰহণস্বৰূপে- এক কিলােগ্রাম চাউলৰ প্রয়ােজন হােৱা এজন মানুহে তেওঁৰ হাতত থকা হাতীটো দিব নােৱাৰে বা হাতীটো খণ্ড খণ্ড কৰি কাটি চাউলৰ প্রয়ােজনত দিব নােৱাৰে। এইদৰে বিনিময় প্রথাত বিভাজনীয়তাত অসুবিধাৰ সৃষ্টি হয়।

(২) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱঃ বিনিময় প্রথাত দ্রব্যৰ মূল্যাংকনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। বিনিময়ৰ ক্ষেত্ৰত বিভিন্ন সামগ্ৰীৰ মূল্য নির্ধাৰণৰ উমৈহতীয়া একক নাথাকে। অর্থাৎ পণ্য বিনিময় প্রথাত এটা বস্তুৰ কিমান পৰিমাণৰ বিপৰীতে আনটো বস্তুৰ কিমান পৰিমাণ সংগ্রহ কৰা হ’ব তাৰ কোনাে নির্দিষ্ট মাপকাঠী নাথাকে।

(৩) মূল্যৰ ভাণ্ডাৰৰ অভাৱ: বিনিময় প্রথাত সামগ্রীবােৰ বেছিদিনলৈ সঞ্চয় কৰি ৰাখিব নােৱাৰি। যেনে- মাছ, কণী বেছিদিন থ’লে বেয়া হৈ যাব। বিনিময় প্রথাত সঞ্চয়ৰ ভাণ্ডাৰ নাই।

(৪) পাৰম্পৰিক সংগতিহীনতাৰ অভাৱ: এজন ব্যক্তিৰ অভাৱ আন এজন ব্যক্তিৰ অভাৱৰ সৈতে সংগতি নথকাটোৱেই অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলি কোৱা হয়। বিনিময় প্রথাৰ বাবে দুজন ব্যক্তিৰ অভাৱ পৰস্পৰ পৰিপূৰক হ’ব লাগে। উদাহৰণস্বৰূপে এজন ব্যক্তিয়ে কাপােৰৰ সলনি চাউল বিচাৰে আন এজন ব্যক্তিয়ে চাউলৰ সলনি কাপােৰ বিচাৰিলে অভাৱৰ পৰম্পৰ সংগ থকা বুলি কোৱা হয়। কিন্তু কাপােৰৰ গৰাকীয়ে যদি কাপােৰৰ পৰিৱর্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰে, তেতিয়া তাক অভাৱৰ পাৰস্পৰিক সংগতিহীনতা বুলি কোৱা হয়।

লগতে পঢ়ক:   অর্থনৈতিক উন্নয়ন class 10 দশম শ্ৰেণী সামাজ বিজ্ঞান প্ৰশ্ন উত্তৰ

প্রঃ ৩। মুদ্রাই সম্পাদন কৰা চাৰিটা কার্য ব্যাখ্যা কৰা।
উঃ মুদ্রাই সম্পাদন কৰা চাৰিটা কার্য তলত ব্যাখ্যা কৰা হল-
(১) বিনিময়ৰ মাধ্যম : সকলাে সামগ্ৰী আৰু সেৱাকাৰ্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। সেই কাৰণে মুদ্রা বিনিময়ৰ মাধ্যম বুলিও কোৱা হয়। মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থকা বাবে যিকোনাে সামগ্রী বা সেৱাকাৰ্যৰ বিনিময় মুদ্ৰাৰ মাধ্যমেৰে সম্পন্ন কৰাটো সহজ সাধ্য হৈ উঠিছে।

(২) মূল্যৰ মাপকাঠী : মুদ্রাই মূল্যৰ মাপকাঠী হিচাপে কাম কৰে। সকল বস্তুৰ উৎপাদন ব্যয় আৰু বিক্ৰীমূল্য বা বিনিময় মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। সেইবাবে মুদ্রাই মূল্যৰ মাপকাঠী।

(৩) মূল্যৰ ভাণ্ডাৰ: মানুহে উপার্জনৰ এটা অংশ সাঁচি ৰাখিব বিচাৰে। কাৰণ মুদ্ৰাৰ স্থায়ীত্ব গুণ অধিক আৰু মুদ্রাক সঞ্চয় কৰি ৰখাটোও সহজ। ইয়াৰােপৰি মুদ্রা সহজে নষ্ট নহয়।

(৪) স্থগিত দেনা-পাওনাৰ মানদণ্ড : মুদ্রাই স্থগিত দেনা- পাওনাৰ মাধ্যমৰূপে কাম কৰে। আধুনিক অর্থ-ব্যৱস্থাই কেৱল চলিত লেন-দেনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নােৱাৰে। মুদ্রাই ঋণ গ্রহণ, ঋণ প্রদান আৰু ঋণ পৰিশােধ আদি সকলাে লেন-দেনৰ মাধ্যম হিচাপে কাম কৰে।

৪। মুদ্ৰাৰ যিকোনাে চাৰিটা প্রধান বৈশিষ্ট্য ব্যাখ্যা
উঃ মুদ্ৰাৰ চাৰিটা প্রধান বৈশিষ্ট্য হল—
(ক) মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে— মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থাকিব লাগিব নহলে ই বিনিময়ৰ মাধ্যম হ’ব নােৱাৰে।
(খ) মুদ্ৰাৰ গ্রহণযােগ্যতা সহজ হ’ব লাগিব। আন সকলাে সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্রী বেচা-কিনাত জটিলতাই দেখা দিব।
(গ) মুদ্রা সহজতে নষ্ট হৈ যােৱা সামগ্রী হ’ব নােৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদিৰ কোনােটোৱেই মুদ্রা হ’ব নােৱাৰে। কাৰণ এইবােৰ সামগ্রী বেছি দিনলৈ নিটিকে। মুদ্রা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিলে মুদ্রা বেছি দিনলৈ টিকিব লাগিব।
(ঘ) মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। যিকোনাে মুদ্রা সমসমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ’লেই মুদ্ৰাৰ তাৰল্য গুণ আছে বুলি কোৱা হয়।

প্রঃ ৫] চেক এখন মুদ্রা নে? তােমাৰ উত্তৰৰ সপক্ষে যুক্তি দশোৱা।
উঃ চেক এখন মুদ্রা নহয়। ই মুদ্রা পৰিশােধৰ এটা আদেশহে কিয়নাে চেক এখনৰ সাধাৰণ গ্রহণযােগ্যতা নাথাকে। কোনাে ব্যক্তিযে চেক গ্রহণ নকৰিলে তেওঁৰ বিৰুদ্ধে কোনাে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব নােৱাৰে। গ্ৰহণ কৰা নকৰাটো নিজৰ ওপৰতহে নিৰ্ভৰ কৰে। সেয়ে চেক মুদ্রা নহয়। ইয়াক ধনাদেশ বা নিকট মুদ্ৰা বুলি কোৱা হয়।

প্রঃ ৬। কেন্দ্রীয় বেংকৰ চৰিটা কার্য ব্যাখ্যা কৰা।
উঃ কেন্দ্রীয় বেংকৰ চাৰিটা কার্য তলত ব্যাখ্যা কৰা হল-
(১) কাগজী মুদ্রা প্রচলন: কেন্দ্রীয় বেংকে কাগজী মুদ্ৰাৰ প্রচলন কৰিব পাৰে। ই কেন্দ্রীয় বেংকৰ একচেতীয়া অধিকাৰ। ভাৰতৰ ৰিজাৰ্ভ বেংকে এই নীতিত মুদ্রা ছপা কৰে।
(২) বেংকসমূহৰ বেংক: কেন্দ্রীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কার্য সম্পাদন কৰিব লাগে। গােটেইবােৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্রীয় বেংকে পৰীক্ষা কৰে। কেন্দ্রীয় বেংক অন্যান্য বেংকৰ বিপদৰ বন্ধু। আর্থিক সংকটৰ সময়ত কেন্দ্রীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্রয়স্থল।
(৩) চৰকাৰৰ বেংক : কেন্দ্রীয় বেংকে চৰকাৰৰ বিত্তৰ যােগান ধৰােতা। বাজেটত দেখুওৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হলে বাজেট ঘাটিয়ে দেখা দিয়ে। বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশত কেন্দ্রীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ বিত্তীয় সাহায্য ল’ব পাৰে। কেন্দ্রীয় বেংকে নতুন মুদ্রা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায়।

লগতে পঢ়ক:   Class 10 Social Science MCQ Chapter 10 – ভাৰতীয় গণতন্ত্ৰ

(৪) ঋণ নিয়ন্ত্রণ: কেন্দ্রীয় বেংকে আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰে। এই মুদ্রা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্রা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে। কেন্দ্রীয় বেংকে ঋণ নিয়ন্ত্রণ ব্যবস্থাৱলী গ্রহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্রদান ক্ষমতা নিয়ন্ত্রণ কৰিব পাৰে।

দশম শ্ৰেণী  অৰ্থনীতি অধ্যায় ১

প্রঃ ৭। বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য ব্যাখ্যা কৰা।
উঃ বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা প্রধান কার্য তলত উল্লেখ কৰা হ’ল-
(১) সঞ্চয় সংগ্রহ : বাণিজ্যিক বেংকে সঞ্চয় গ্রহণ বা সংগ্রহ কৰে। এই সঞ্চয় তিনি প্ৰকাৰৰ— (ক) চলিত আমানত (খ) স্থিৰ আমানত (গ) সঞ্চয় আমানত। চলিত আমানতৰ ক্ষেত্ৰত সঞ্চয়কাৰীয়ে যিকোনাে সময়ত চেকৰ জৰিয়তে নিজৰ সঞ্চয় উলিয়াই আনিব পাৰে। এনে আমানতত বেংকে কোনাে সুদ প্রদান নকৰে। কিন্তু স্থিৰ আমানত আৰু সঞ্চয় আমানত ক্ষেত্ৰত বেংকে সঞ্চয়কাৰীক বিভিন্ন হাৰত সুদ প্রদান কৰে।

(২) ঋণৰ যােগান: বাণিজ্যিক বেংকসমূহে ঋণৰ যাে ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ, ঠেলাচালক, ৰিক্সাচালককে ধৰি সমাজৰ বিভিন্ন শ্রেণীৰ লােকে
বাণিজ্যিক বেংকৰপৰা ঋণ লাভ কৰে। বাণিজ্যিক বেংকসমূহে ঋণ গ্রহণকাৰীৰ পৰা এক নির্দিষ্ট হাৰত সুদ আদায় কৰে। এনেদৰে বাণিজ্যিক বেংকসমূহ আর্থিকভাৱে লাভৱান হ’ব পাৰে।

প্র : ৮। তলত উল্লেখ কৰা প্রতিষ্ঠানসমূহে কি কার্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা।
(ক) কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক (NABARD): ১৯৮২ চনত কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক স্থাপন কৰা হয়। ই সম্পাদন কৰা কাৰ্যবােৰ হ’ল-
(১) গাঁও অঞ্চলত যিমানবােৰ অনুষ্ঠান বিনিয়ােগ আৰু উৎপাদনৰ সৈতে জড়িত আছে আটাইবােৰৰ শীর্ষ বিত্ত যােগানকাৰী প্রতিষ্ঠান হ’ল নাবার্ড।
(২) ঋণ প্রদান প্রক্রিয়া, আঁচনিৰ পুনৰীক্ষণ আৰু পর্যালােচনা, প্রশিক্ষণ আদিৰ সুদৃঢ়কৰণৰ বাবে নাবার্ডে ব্যৱস্থা গ্ৰহণ কৰে।
(৩) সকলােবােৰ বিত্তীয় প্রতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক আদিৰ সৈতে নাবার্ডে সমন্বয় ৰক্ষা কৰি চলে।

(খ) আই ডি বি আই (IDBI) : ১৯৬৪ চনত আই ডি বি আই স্থাপন কৰা হৈছিল। এই বেংকৰ কাৰ্যসমূহ হ’ল-
(১) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্রতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা। এই বেংকে উদ্যোগ সমূহলৈ ঋণৰ ৰূপত প্রত্যক্ষ ভাৱে বা পৰােক্ষভাৱে
আর্থিক সাহায্য আগবঢ়ায়।
(২) অর্থনৈতিক দিশত পিছপৰা অঞ্চলসমূহৰৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত ঋণ আগবঢ়ায়।
(৩) ঔদ্যোগিক প্রতিষ্ঠানসমূহলৈ বিত্তীয় সাহার্য প্রদান কৰে।
(৪) বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহলৈ ঔদ্যোগিক উদ্যম বৃদ্ধি কৰিবলৈ চেষ্টা কৰে।

(গ) ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক (SIDBI): ১৯৮৯ চনত সংসদত ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংক (ছিদবি) আইন গৃহীত হয় আৰু ১৯৯০ চনৰ পৰা ছিদবি কার্যকৰী হৈ উঠে। ইয়াৰ মুখ্য কার্যালয় লক্ষ্ণৌত অৱস্থিত। ছিদবিৰ মুখ্য কার্যাৱলী হ’ল—
(১) ক্ষুদ্র উদ্যোগসমূহৰ বাবে উন্নত প্রযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা।
(২) ক্ষুদ্র উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ ব্যৱস্থা কৰা।

(৩) অর্ধ-নগৰ এলেকাত ক্ষুদ্র উদ্যোগসমূহত অধিক নিয়ােগৰ ব্যৱস্থা কৰি অর্ধ-নগৰ এলেকাৰপৰা চহৰলৈ জনসংখ্যাৰ বহির্গমনত বাধা জন্মােৱা।
(৪) ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু আঞ্চলিক গ্রাম্য বেংকসমূহলৈ অর্থ সাহায্য আগবঢ়োৱা।

(ঘ) আঞ্চলিক গ্রাম্য বেংক (Regional Rural Bank): ১৯৭৫ চনত আঞ্চলিক গ্রাম্য বেংক স্থাপন কৰা হয়। এই বেংকৰ প্রধান কার্য দুটা হ’ল—
(১) বেপাৰী, মহাজন আদিৰ পৰা অত্যধিক সুদত ঋণ লােৱা গাঁওবাসীলৈ অতি কম সুদত ঋণ প্রদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া।
(২) গ্রাম্য সঞ্চয় সংগ্রহ কৰি উৎপাদনমূলক কার্যত সেই সঞ্চয় ব্যয় কৰা।

লগতে পঢ়কঅর্থনৈতিক উন্নয়ন

3 thoughts on “মুদ্রা আৰু বেংক ব্যবস্থা Class 10 দশম শ্ৰেণী সকলো প্ৰশ্ন উত্তৰ”

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5