ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 (ইতিহাস)

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
বিষয় (Subject) সমাজ বিজ্ঞান
প্রথম খণ্ড ইতিহাস
মাধ্যম অসমীয়া
পাঠৰ নাম ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
শ্ৰেণী  দশম (X)
অধ্যায়  অধ্যায় 5
পাঠ্যক্ৰম  ছেবা (SEBA)

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য

শুদ্ধ উত্তৰটো বাছি উলিওৱা:

প্রঃ ১। কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ আগবঢ়োৱা অৱদান সমূহৰ এবিধ অৱদান
(ক) অষ্ট্ৰিকসকলৰ (খ) নিগ্রোসকলৰ (গ) দ্রাবিৰসকলৰ (ঘ) মংগােলীয়সকলৰ।
উঃ (ক) অষ্ট্ৰিকসকলৰ।

প্রঃ ২। ভাৰতৰ স্থাপত্যশিল্পৰ ভিতৰত মধ্যমণিস্বৰূপ স্থাপত্যটো হ’ল-
(ক) সাঁচীৰ স্কুপ (খ) অজন্তাৰ গুহা মন্দিৰসমূহ (গ) আগ্রাৰ তাজমহল (ঘ) অশােক স্তম্ভ
উঃ (গ) আগ্রাৰ তাজমহল।

অতি চমু প্রশ্নোত্তৰ:

প্র : ৩। সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ?
উঃ সিন্ধু উপত্যকাৰ পূব সীমা গাংগেয় উপত্যকাৰ মীৰাটলৈকে বিস্তৃত আছিল।

প্রঃ ৪। সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল ?
উ : খ্রীষ্টপূর্ব চতুর্থ সহস্রাব্দত হৈছিল।

প্র : ৫। ঋকবেদৰ আনুমানিক ৰচনা কাল কি?
উঃ ঋকবেদৰ আনুমানিক ৰচনাকাল হ’ল খ্রীষ্টপূর্ব ১৫০০ চনৰ পৰা খ্রীষ্টপূর্ব ১০০০ চন।

প্রঃ ৬। ভাৰতৰ ৰাষ্ট্ৰীয় প্রতীকত থকা সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লােৱা হৈছে?
উঃ মুণ্ডক উপনিষদ’ৰ পৰা লােৱা হৈছে।

প্র : ৭। প্রাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্রন্থখনৰ নাম কি?
উঃ কৌটিল্যৰ ‘অর্থশাস্ত্র।

প্র : ৮। বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উঃ জৱাহৰলাল নেহৰুৰ ভাৰত সম্ভেদ’ (discovery of India) গ্ৰন্থৰ জৰিয়তে।

প্রঃ ৯। ভাৰতৰ ভাস্কর্য শিল্পকলাৰ কোনটো শৈলীত গ্রীক- ৰােমান কলা-কৌশলৰ প্ৰয়ােগ হৈছিল?
উ : গান্ধাৰ শৈলীত।

প্রঃ ১০। ভৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল?
উ : খ্রীষ্টপূর্ব ২০০ৰ পৰা খ্রীষ্টীয় ২০০ মানৰ ভিতৰত ভৰত মুনিৰ নাট্যশাস্ত্ৰ ৰচিত হৈছিল।

প্রঃ ১১। ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?
উঃ ৬০০০টা।

প্রঃ ১২। হেৰাকা আন্দোলন কি?
উঃ নগালেণ্ডৰ স্বাধীনতা সংগ্রামী ৰাণী গাইডালুৱে নগালেণ্ডৰ পৰম্পৰাগত ধর্ম বিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱর্তনৰ উদ্দেশ্যে এটা আন্দোলন গঢ়ি তুলিছিল। ইয়াকে হেৰাকা আন্দোলন বােলা হয়।

প্র : ১৩। নগালেণ্ডৰ ‘হর্ণবিল’ উৎসৱ কি জীৱৰ নামত উৎসর্গিত?
উ : ধনেশ পক্ষীৰ নামত উৎসর্গিত।

প্র : ১৪। চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ ?
উঃ মিজোৰামৰ মিজোসকলৰ পৰম্পৰাগত উৎসৱ।

প্র : ১৫। মিজো শব্দৰ অর্থ কি?
উঃ মিজো শব্দৰ অৰ্থ হ’ল- পাহাৰৰ বাসিন্দা।

প্র : ১৬। উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্রিক সমাজ ব্যৱস্থা প্রচলিত?
উ : মেঘালয়ত।

প্র : ১৭। মণিপুৰী নৃত্য কি মূল বিষয়বস্তুক আলম কৰি গঢ়ি উঠিছে?
উঃ চৈতন্য মহাপ্রভূৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলম কৰি মণিপুৰী নৃত্য গঢ়ি উঠিছে।

প্র : ১৮। অসমৰ প্রাচীন নাম কি আছিল?
উ : অসমৰ প্রাচীন নাম প্রাগজ্যোতিষপুৰ আৰু কামৰূপ আছিল।

প্রঃ ১৯। কি বড়ােমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হােৱা বুলি অনুমান কৰা হয় ?
উঃ বড়ােসকলৰ হা-চোম শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হােৱা বুলি অনুমান কৰা হয়।

দশম শ্ৰেণীৰ ইতিহাস পঞ্চম অধ্যায়

প্র : ২০। চর্যাপদ মানে কি?
উঃ চর্যাপদ মানে হ’ল- সহজযান পন্থীয়ে ৰচনা কৰা কেইটামান গীত। খ্রীষ্টীয় দশম শতিকাৰ পৰা চতুর্দশ শতিকাৰ সময়ছােৱাৰ ভিতৰত চর্যাপদসমূহ ৰচিত হৈছিল।

প্র : ২১। চর্যাপদ কেতিয়া ৰচিত হৈছিল ?
উঃ খ্রীষ্টীয় দশম শতিকাৰ পৰা চতুর্দশ শতিকাৰ ভিতৰত চর্যাপদসমূহ ৰচিত হৈছিল।

প্র : ২২। মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপােষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল ?
উঃ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্টপােষকতাত মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ’ অনুবাদ কৰিছিল।

প্রঃ ২৩। অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ?
উ : ভট্টদেৱে কৰিছিল।

প্রঃ ২৪। জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল ?
উঃ অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ-মিলানে জিকিৰ আৰু জাৰি ৰচনা কৰিছিল।

প্রঃ ২৫। আজানপীৰ কোন?
উঃ আজানপীৰ অসমলৈ অহা এজন চুফী সাধক আছিল। তেওঁ অসমত প্রচলিত জিকিৰ ৰচনা কৰিছিল।

প্র : ২৬। আজানপীৰ কেতিয়া অসমলৈ আহিছিল ?
উ : আহােম স্বৰ্গদেউ গদাধৰ সিংহৰ ৰাজত্বকালত আজানপীৰ অসমলৈ আহিছিল।

প্র : ২৭ | দ-পৰ্বতীয়াৰ শিলৰ তােৰণখন কেতিয়া নির্মিত হৈছিল?
উ : দ-পৰ্বতীয়াৰ শিলৰ তােৰণখন খ্রীষ্টীয় ষষ্ঠ শতিকাত নির্মিত হৈছিল।

প্র : ২৮। চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল ?
উঃ আহােম শাসন ব্যৱস্থাত চাংৰুং ফুকন মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্রাসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কার্য, জোখ- মাখ আদি চোৱা-চিতা কৰাৰ দায়িত্বত ন্যাস্ত আছিল।

See also  ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 প্ৰশ্ন উত্তৰ

প্র : ২৯। লােক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্রী সম্মান প্রদান কৰা হৈছিল ?
উ : প্রতিমা পাণ্ডে বৰুৱাক।

প্র : ৩০। অসমৰ প্ৰথম বাৰ্তালােচনীখনৰ নাম কি ?
উঃ অৰুণােদয়।

প্র : ৩১। উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্রিক নৃ-গােষ্ঠীৰ অন্তর্ভূক্ত জনজাতিটো কি?
উঃ মেঘালয়ৰ খাছীয়া লােকসকল।

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য প্ৰশ্ন উত্তৰ

প্রঃ ৩২। ৰচয়িতাসকলৰ নাম লিখা ?

গ্রন্থ ৰচয়িতা
(ক) অর্থশাস্ত্র। কৌটিল্য
(খ) হস্তিবিদ্যার্ণব সুকুমাৰ বৰকাইথ
(গ) কীর্তন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ
(ঘ) নামঘােষা। শ্রীশ্রীমাধৱদেৱ
(ঙ) চোৰধৰা , পিম্পৰা, গুচোৱা মাধৱদেৱ
(চ) কালিয়দমন শংকৰদেৱ
(ছ) ৰামবিজয় শংকৰদেৱ
(জ) কথাগীতা ভট্টদেৱ
(ঝ) ৰাজতৰঙ্গিনী  কলহন
(ঞ) ভাৰত সম্ভেদ জৱাহৰলাল নেহৰু

চমু উত্তৰৰ প্রশ্ন :

প্রঃ ১। ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথিৰ নাম লিখা।
উঃ ক্ষুদ্রাকাৰ চিত্রযুক্ত অসমৰ দুখন সাঁচিপতীয়া পুথি হ’ল- হস্তিবিদ্যাৰ্ণৱ আৰু চিত্র ভাগৱত।

প্র : ২। UNESCOৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভূক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।
উঃ UNESCOৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভূক্ত হােৱা ভাৰতৰ তিনিটা স্থাপত্য হল-
(১) সাঁচীৰ স্তূপ (২) তাজমহল আৰু (৩) অজন্তাৰ গুহাসমূহ।

প্র : ৩। ভাৰতৰ ভাস্কর্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী কি কি?
উঃ ভাৰতৰ ভাস্কর্য শিল্প-কলাৰ তিনিটা প্রধান শৈলী হ’ল—(১) গান্ধাৰ শিল্প কলা (২) মথুৰা শিল্পকলা আৰু (৩) অমৰাৱতী শিল্পকলা।

প্র : ৪। প্রাচীন ভাৰতৰ স্থাপত্য নিদর্শনসমূহক ঘাইকৈ কি কি ভাগত ভগােৱা হৈছে।
উঃ প্রাচীন ভাৰতৰ স্থাপত্য শিল্পৰ নিদর্শন ঘাইকৈ মঠ- মন্দিৰ, স্তুপ আদি ধর্মীয় উপাসনাৰ কেন্দ্রস্থল আছিল। এই স্থাপত্য নিদর্শনসমূহৰ নির্মাণশৈলীক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ’, দক্ষিণ ভাৰতীয় দ্রাবিড়’ আৰু বিন্ধ্য আৰু কৃষ্ণানদীৰ মাজভাগত দেখিবলৈ পােৱা ‘ৱেচৰ’ শৈলী এই তিনিটা ভাগত ভগাব পাৰি।

প্র : ৫। ভাৰতৰ প্রাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উ : প্রাচীন যুগৰ ভাৰতৰ দুগৰাকী বিজ্ঞানী হ’ল— (১) বৰাহমিহিৰ আৰু (২) আর্যভট্ট।

প্রঃ ৬। অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
উঃ অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হ’ল- (১) তেওঁলােকৰ ধর্মীয় পৰম্পৰাগত সেন্দুৰৰ ব্যৱহাৰ, হালধিৰ ব্যৱহাৰ কৌশল উদ্ভাৱন কৰিছিল।
(২) তেওঁলােকে ধান খেতি কৰা, কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰা, কপাহৰ পৰা সূতা তৈয়াৰ কৰি কাপােৰ বােৱা আদি কৌশলৰ সূচনা কৰিছিল।

প্রঃ ৭। প্রাচীন ভাৰতবৰ্ষৰ দুগৰাকী দার্শনিকৰ নাম লিখা।
উঃ (১) ৰামানুজ আৰু (২) জৈমিনি।

প্রঃ ৮। খ্রীষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা ?
উঃ খ্রীষ্টীয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতি হল-
(১) ওলন্দাজসকল আৰু (২) পর্তুগীজ।

প্রঃ ৯। সিন্ধু উপত্যকাত আবিষ্কৃত হােৱা ধর্মীয় উদ্দেশ্যত ব্যৱহৃত হােৱা দুটা মূৰ্তিৰ নাম লিখা ?
উঃ (১) মাতৃদেৱীৰ মূর্তি আৰু (২) যাড়গৰুৰ মূর্তি

প্রঃ ১০। বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উ : বেদৰ চাৰিখন সংহিতা হল-
(১) ঋকবেদ সংহিতা (২) যজুঃবেদ সংহিতা (৩) সাম বেদ সংহিতা (৪) অথর্ব বেদ সংহিতা।

প্রঃ ১১। ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টি কৰাৰ ক্ষেত্ৰত ভৌগােলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্রহণ কৰিছে ?
উঃ ভাৰতীয় সংস্কৃতিত বর্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগােলিক পৰিস্থিতিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছে। কাৰণ ভাৰতৰ কৃষি উপযােগী সাৰুৱা ভূমি, যাতায়ত ব্যৱস্থা, যােগাযােগৰ বাবে সুচলতা আৰু প্রাকৃতিক সম্পদৰ গুণ আৰু মানৰ ভিন্নতাৰ বাবে অঞ্চল আর্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু কিছুমান অঞ্চলৰ অৱস্থা কম স্বচ্ছল বাবে কষ্টকৰ জীৱন যাপন কৰিবলগা হয়।

প্র : ১২। সাংস্কৃতিক বহুত্ববাদ মানে কি?
উ : সাংস্কৃতিক বহুত্ববাদ হ’ল কোনাে এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনােভাৱ। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন লােকে পৃথকে পৃথকে নিজৰ কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ কৰিব বিচৰাৰ সময়ত আনৰ কৃষ্টি-সংস্কৃতিৰ প্রতি সন্মানৰ ভাৱ পােষণ কৰা দেখা যায়।

প্রঃ ১৩। অশােকৰ দ্বাদশ মুখ্য শিলালিপিত ধর্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উঃ অশােকৰ দ্বাদশ মুখ্য শিলালিপিত ধর্মীয় উদাৰতাৰ বিষয়ে থকা কথাষাৰ হ’ল— কোনেও একমাত্র নিজৰ ধর্মটোক প্রশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলাে ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে।

See also  অর্থনৈতিক উন্নয়ন class 10 দশম শ্ৰেণী সামাজ বিজ্ঞান প্ৰশ্ন উত্তৰ

প্রঃ ১৪। প্রাচীন ভাৰতৰ দুখন চিকিৎসাশাস্ত্ৰৰ নাম লিখা।
উ : (১) চৰক সংহিতা আৰু (২) সুশ্রুত সংহিতা।

প্র : ১৫। ভাৰতীয় চিত্রকলাক কি কি ভাগত ভগাব পাৰি?
উ : (১) ক্ষুদ্রাকাৰ চিত্ৰ আৰু (২) বৃহাদাকাৰ দেৱাল চিত্র।

প্রঃ ১৬। চিত্রকলাৰ প্রতি পৃষ্ঠপােষকতা আগবঢ়োৱা দুগৰাকী মােগল বাদছাহৰ নাম লিখা।
উঃ চিত্রকলাৰ প্ৰতি পৃষ্ঠপােষকতা আগবঢ়োৱা দুগৰাকী মােগল বাদছাহ হ’ল—(১) আকবৰ আৰু (২) জাহাঙ্গীৰ।

প্র : ১৭। হস্তিবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
উঃ হস্তিবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকী চিত্ৰকৰৰ নাম হ’ল- (১) দোচাই আৰু (২) দিলবৰ।

প্র : ১৮। ঝুম খেতি মানে কি বুজা?
উঃ কোনাে পাহাৰীয়া অঞ্চলত হাবি-জঙ্গল ছাফা কৰি জ্বলাই দি সেই মাটিত পৰম্পৰাগত পদ্ধতিত খেতি কৰাকে ঝুম খেতি’ বােলে।

প্র : ১৯। ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উঃ ওজাপালিৰ দুটা ভাগৰ নাম হ’ল- (১) সুন্নী ওজাপালি আৰু (2) ব্যাসৰ ওজাপালি।

ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10

প্রঃ ২০। জেং বিহু মানে কি?
উঃ উজনি অসমৰ মহিলাসকলে নির্জন ঠাইত পুৰুষে নেদেখাকৈ বহাগ বিহুৰ সময়ত পতা বিহুক ‘জেং বিহু’ বােলে।

প্র : ২১। আহােম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উ : আহােম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম হ’ল- (১) দেওধাই বুৰঞ্জী আৰু (2) তুংখুঙ্গীয়া বুৰঞ্জী

প্রঃ ২২। দৰঙৰ দুবিধ লােক নৃত্যৰ নাম উল্লেখ কৰা।
উ : (১) দেওধনী নৃত্য (২) বৰঢুলীয়া নৃত্য।

প্র : ২৩। বিহুৰ সমধর্মী হিচাপে নামনি অসমত উদ্যাপিত হােৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।
উ : (১) পুৰণি কামৰূপৰ ভঠেলী উৎসৱ আৰু (২) দৰং জিলাৰ দেউল উৎসৱ

প্রঃ ২৪। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
উঃ ভাৰতীয় সংস্কৃতিক অনৈক্যৰ মাজত একতা সৃষ্টি
কৰা তিনিটা কাৰক হ’ল—
(১) হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা তথা উদাৰতা।
(২) বিভিন্ন সময়ত গঢ়ি উঠা সাম্রাজ্যবাদে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস আৰু
(৩) বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা।

প্রঃ ২৫। ভাৰতত থকা মূল নৃ-গােষ্ঠী কেইটা কি কি?
উঃ ভাৰতত থকা মূল নৃ-গােষ্ঠীকেইটা হ’ল- নিগ্রোগােষ্ঠী, প্রট’ অষ্ট্ৰলয়ড গােষ্ঠী আৰু মংগােলীয় গােষ্ঠী।

প্র : ২৬। ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নির্মাণ কৰা হৈছিল ?
উ : ভাৰতৰ ভাস্কর্য শিল্পত নির্মাণ কৰা মূর্তিসমূহ হ’ল- যেনে- মহাবীৰ, গৌতম বুদ্ধ, হিন্দু দেৱ-দেৱী, যক্ষ- যক্ষিণী, অপেশ্বৰী, হিন্দু তথা বৌদ্ধ ধর্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূর্তি।

প্রঃ ২৭ | ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কি বুজা লিখা।
উ : সাংস্কৃতিক একতাৰ জালিকা’ বুলিলে কোনাে এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনােভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি, উপজাতিয়ে তেওঁলােকৰ স্বকীয় কৃষ্টি-সংস্কৃতিৰ সংৰক্ষণ তথা সংবর্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি- সংস্কৃতিৰ সতে সহবর্তিতা আৰু সন্মানৰ ভাৱ পােষণ কৰা দেখা যায়। সেয়েহে সাংস্কৃতিক একতাৰ জালিকা বুলি কোৱা হয়।

প্র : ২৮। দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উ : (১) মহাৰাষ্ট্র (২) তামিলনাড়ু আৰু (৩) মধ্যপ্রদেশ।

প্রঃ ২৯। মােগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্রন্থৰ নাম লিখা।
উঃ মােগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্র সম্বলিত তিনিখন গ্রন্থ হ’ল- (১) তুতিনামা (২) জাহাংগীৰ নামা আৰু (৩) দাস্তান-ই-আমি।

প্র : ৩০। চিত্রকলাৰ ষড়াংগ মানে কি বুজা?
উঃ খ্রীঃপূর্ব প্রথম শতিকাত চিত্র অংকনৰ বাবে ৬টা প্রয়ােজনীয় কৌশল আছিল। যেনে—জোখ-মাখ, আকৃতি,আবেগ অনুভূতি প্রকাশক কৌশল, কলাত্মক
উপস্থাপন, সাদৃশ জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়ম। এই নিয়মকেইটাক ‘চিত্রকলাৰ ষড়াংগ’ বুলি কোৱা হৈছিল।

প্রঃ ৩১। ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উ : ভাৰতৰ স্থাপত্য শিল্পৰ নিদর্শন ঘাইকৈ মঠ-মন্দিৰ, স্তুূপ আদি ধর্মীয় উপাসনা গৃহসমূহত দেখা যায়। চুলতানী আৰু বাদশাহী যুগত মুখ্যত চাৰি প্ৰকাৰৰ স্থাপত্য দেখা যায়। যেনে— মঞ্জিল, মছজিদ, মিনাৰ আৰু মাকোৱাৰা। উভয় যুগৰ এই স্থাপত্য ঐতিহ্যসমূহ লক্ষ্য কৰিলে দেখা যায় যে এইবােৰৰ নিৰ্মাণ ৰাজকীয় পৃষ্ঠপােষকতাত সম্ভৱ হৈছিল। প্রাচীন কালত শিলেৰে নির্মিত মঠ-মন্দিৰসমূহৰ নির্মাণ শৈলীক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্রাবিড়, বিন্ধ আৰু কৃষ্ণ নদীৰ মাজভাগত দেখিবলৈ পােৱা ৱেচৰ শৈলী। এই তিনি ভাগত ভাগ কৰিব পাৰি।

See also  মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম দশম শ্ৰেণীৰ

উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (শিখৰ) অর্ধবৃত্তাকাৰ আৰু দক্ষিণভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ আয়তাকাৰেৰে ক্ৰমে ওপৰলৈ সৰু হৈ যােৱা ধৰণৰ। ৱেচৰ শৈলীৰ মন্দিৰসমূহত নাগৰ আৰু দ্রাবিড় শৈলীৰ মিশ্রণ ঘটা দেখা যায়। প্রতিটো শৈলীতে অনেক স্থূল আৰু সুক্ষ্ম কলা-কৌশল বিদ্যমান।

প্র : ৩২। ভাৰতৰ যােগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উঃ যােগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য। মহর্ষি পতঞ্জলিয়ে ‘যােগসূত্র’ নামৰ গ্ৰন্থখন ৰচনা কৰি এই বিদ্যাক এক সু-সংহত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধনৰ এক সক্রিয় পদ্ধতি হিচাপে গঢ় দিছিল।

প্র : ৩৩। ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?
উ : ৰঙালি বিহুৰ সাতদিনক ক্রমান্বয়ে—(১) গৰু বিহু (২) মানুহ বিহু (৩) গোঁসাই বিহু (৪) কুটুম বিহু (৫) চেনেহী বিহু (৬) মেলা বিহু আৰু (৭) চেৰা বিহু
বুলি কোৱা হয়।

প্র : ৩৪। অসমৰ প্রাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উঃ অসমৰ প্রাচীন নাম ‘প্রাগজ্যোতিষপুৰ আৰু কামৰূপ’ বুলি উল্লেখ থকা উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম হল- (১) মহাভাৰত (২) কালিকা পুৰাণ (৩) যােগিনী তন্ত্র।

প্র : ৩৫। কামৰূপী লােকগীত আৰু গােৱালপৰীয়া লােকগীতৰ মূল বিষয়বস্তু কি?
উঃ কামৰূপী লােকগীত আৰু গােৱালপৰীয়া লােকগীতত ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্রশান্তি আদি প্রকাশ পায়। ইয়াৰ উপৰি গােৱালপৰীয়া লােকগীতত স্থানীয় কিংবদন্তী তথা হাতী ধৰা আৰু পােহ মনােৱা বিষয়ক মূল বিষয়বস্তু হিচাপে প্রকাশ পায়।

class 10 social science history chapter 5 questions and answers in assamese

দীঘল উত্তৰৰ প্রশ্ন :

প্র : ১। ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।
উঃ ভাৰত হৈছে ধর্ম নিৰপেক্ষ দেশ। ইয়াত বিভিন্ন ধর্মৰ মানুহে বাস কৰে। ভাৰত হৈছে ঋষি-মুনি আৰু মহাপুৰুষৰ দেশ। ধর্মীয় দিশত ভাৰতত বিভিন্নতা দেখা যায় যদিও ভাৰতৰ সকলাে ধৰ্মৰ মূল শিকনিসমূহ হৈছে সৰল জীৱন যাপনৰ জৰিয়তে আত্মাৰ নির্বাণ। ভাৰতবর্ষ হৈছে হিন্দু ধর্ম, বৌদ্ধ ধর্ম, জৈন, ধর্ম, শিখ ধর্ম, বৈষ্ণৱ ধৰ্ম আদি আদিৰ জন্ম স্থান। ইয়াৰ উপৰিও সময়ে সময়ে চেমিটিক ধর্ম অর্থাৎ ইছলাম ধৰ্ম, পাছী ধর্ম, ইহুদি ধর্মৰ লােকে স্থায়ীভাৱে প্ৰব্ৰজন কৰি বসবাস কৰি আছে। অৱশ্যে ভাৰতত জন্ম গ্রহণ কৰা হিন্দু ধর্ম ধর্ম উপাস্য দেৱতাৰ বিবিধতা দেখা যায়। বৈদিক ধর্ম ব্যৱস্থাত বহু দেৱ-দেৱীৰ লগতে এক পৰমেশ্বৰৰ ধাৰণা বিদ্যমান আছিল। ভাৰতৰ প্রাচীনতম ধর্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহবর্তিতা, সংযােজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক দ্বিধাহীন নীতি গ্রহণ কৰিছিল। ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশােধন, নতুন ব্যাখ্যা আৰু বিৰােধৰ প্রতিও শ্রদ্ধাৰ ভাৱ ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেবাটাও তত্বগতভাৱে পৰস্পৰ বিৰােধী দর্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবােৰ মূল তত্ত্বৰ বিৰােধিতা কৰা সত্ত্বেও খ্রীঃপূঃ ষষ্ঠ শতিকাত আত্মপ্রকাশ কৰা বৌদ্ধ ধর্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দু ধৰ্মৰ সংঘর্ষ হােৱা নাছিল। একেটা কাৰণতে হিন্দু ধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল। পৰৱৰ্তীকালৰ বিভিন্ন ৰাজবংশই ধর্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপােষকতা কৰা দেখা যায়। অশােকৰ গিৰ্ণাৰত থকা লিপিত এই কথা লিপিবদ্ধ হৈ আছে যে- “কোনেও একমাত্র নিজৰ ধর্মটোকে মাত্র প্রশংসা আৰু আনৰ ধৰ্ম হীন বুলিব নালাগে। খ্রীষ্টপূর্ব তৃতীয় শতিকাত সম্রাট অশােকে বৌদ্ধ ধর্ম গ্রহণ কৰি এই ধৰ্মক ৰাজধৰ্মত পৰিণত কৰে আৰু দেশে বিদেশে বৌদ্ধ ধৰ্মৰ উদাৰ নীতি প্ৰচাৰত পৃষ্ঠপােষকতাৰ ভূমিকা গ্রহণ কৰে। পৰৱৰ্তী সময়ত বিশ্বৰ অন্যান্য প্রান্তত উদ্ভৱ হােৱা খ্রিষ্টিয়ান, ইছলাম, জোৰাৰ, ইহুদী আদি ধর্মৰাে ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্ৰ নিৰ্ভৰ। ধর্মবােৰৰ উপৰি ভাৰতৰ চুকে-কোণে বিভিন্ন বিশ্বাস তথা ৰীতি-নীতিৰে অনেক জনজাতীয় ধর্মপন্থা বিদ্যমান।

প্র : চর্যাপদ মানে কি?

উঃ চর্যাপদ মানে হ’ল- সহজযান পন্থীয়ে ৰচনা কৰা কেইটামান গীত। খ্রীষ্টীয় দশম শতিকাৰ পৰা চতুর্দশ শতিকাৰ সময়ছােৱাৰ ভিতৰত চর্যাপদসমূহ ৰচিত হৈছিল।

প্র : ঝুম খেতি মানে কি বুজা?

উঃ কোনাে পাহাৰীয়া অঞ্চলত হাবি-জঙ্গল ছাফা কৰি জ্বলাই দি সেই মাটিত পৰম্পৰাগত পদ্ধতিত খেতি কৰাকে ঝুম খেতি’ বােলে।

প্র : হস্তিবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।

উঃ হস্তিবিদ্যার্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকী চিত্ৰকৰৰ নাম হ’ল- (১) দোচাই আৰু (২) দিলবৰ।

Leave a Comment