প্ৰাকৃতিক সম্পদ | |
বিষয় | সমাজ বিজ্ঞান |
পাঠৰ নাম | প্ৰাকৃতিক সম্পদ |
খণ্ড | ভূগোল |
শ্ৰেণী | অষ্টম শ্ৰেণী |
পাঠৰ নং | অধ্যায় ১ |
পাঠ্যক্ৰম | ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) |
প্ৰাকৃতিক সম্পদ Class 8
পাঠৰ চমু বিৱৰণ:
- প্ৰাকৃতিক সম্পদৰ সংজ্ঞা আৰু গুৰুত্ব।
- ভূমি, বনজ, জলজ আৰু শক্তি সম্পদৰ ব্যৱহাৰ।
- সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা।
- প্ৰাকৃতিক সম্পদৰ অৱক্ষয় আৰু ইয়াৰ প্ৰতিৰোধৰ উপায়।
অনুশীলনীৰ ৰচনাধর্মী প্ৰশ্নোত্তৰ
প্ৰশ্ন ১: ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। (৮০ টা মান শব্দৰ ভিতৰত)
উত্তৰ: ভূমি সম্পদ জীৱজগতৰ মূল আধাৰ। ই মানৱ সভ্যতাৰ উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ। কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদিৰ বাবে ভূমিৰ প্ৰয়োজন। পৃথিৱীৰ মাত্ৰ ২৯% মাটি, কিন্তু জনসংখ্যা বৃদ্ধিৰ লগে ব্যৱহাৰযোগ্য মাটি কমি আহিছে। ভূমিৰ ব্যৱহাৰ জলবায়ু, মাটিৰ গুণাগুণ আৰু পানীৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰে। সমতল আৰু নদী-উপত্যকাত কৃষি আৰু জনবসতিৰ বাবে বেছি ব্যৱহাৰ হয়।
প্ৰশ্ন ২: তুমি থকা ঠাইখনৰ ভূমিসম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে?
উত্তৰ: মই গুৱাহাটীত থাকোঁ। যোৱা বিছ বছৰত ভূমি সম্পদৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন হৈছে:
- সৰুসজাইত ষ্টেডিয়াম নিৰ্মাণ।
- গুৱাহাটী-শ্বিলং ৰাস্তাত ফ্লাই অভাৰ দলং।
- চন্দ্ৰপুৰ, পলাশবাৰীত ইটা-ভাটা আৰু উদ্যোগ গঢ়ি উঠিছে।
- বহু মহলা ফ্লেট নিৰ্মাণ।
প্ৰশ্ন ৩: বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা ল’বা উচিত?
উত্তৰ:
- বনজ সম্পদ: বনৰ পৰা কাঠ, ঔষধ, খাদ্য আদি পোৱা যায়। বাণিজ্যিকভাৱে খৰি, আচবাব আৰু পৰিস্থিতিকভাৱে অক্সিজেন, মাটি সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা উচিত।
- জলজ সম্পদ: পানী ঘৰুৱা কাম, কৃষি, শক্তি উৎপাদন, পৰিবহণ আৰু মাছ পালনৰ বাবে ব্যৱহাৰ হয়। ইয়াক মিতব্যয়ীভাৱে ব্যৱহাৰ কৰি সংৰক্ষণ কৰা উচিত।
প্ৰশ্ন ৪: শক্তিসম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে?
উত্তৰ: জীৱাশ্ম ইন্ধনৰ ভঁৰাল কমি আহিছে। সেয়ে মিতব্যয়ী ব্যৱহাৰ, অপচয় ৰোধ আৰু অপৰম্পৰাগত শক্তি (যেনে সৌৰশক্তি) আহৰণৰ ব্যৱস্থা কৰা উচিত।
প্ৰশ্ন ৫: বনজ সম্পদসমূহ সংৰক্ষণ আৰু বৃদ্ধি কৰিবৰ বাবে গ্ৰহণ কৰিব পৰা উপায়সমূহ উল্লেখ কৰা।
উত্তৰ:
- বৃক্ষৰোপণ বৃদ্ধি।
- অৰণ্য ধ্বংস বন্ধ।
- পৰিস্থিতিক ভাৰসাম্য ৰক্ষাৰ বাবে সচেতনতা।
- পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে বন সংৰক্ষণ।
প্ৰশ্ন ৬: চমুটোকা লিখা।
- (ক) বন্যপ্রাণী: বনৰ জীৱ-জন্তুৰ পৰা চামৰা, দাঁত আদি পোৱা যায়। চিৰিয়াখানা আৰু পৰ্যটনৰ জৰিয়তে আৰ্থিক লাভ হয়।
- (খ) জীৱাশ্ম ইন্ধন: কয়লা, পেট্ৰ’লিয়াম আদি অনবীকৰণযোগ্য শক্তি। ইয়াক মিতব্যয়ীভাৱে ব্যৱহাৰ কৰা উচিত।
- (গ) মৰুকৰণ: মাটিৰ উৰ্বৰতা হ্ৰাস আৰু বন ধ্বংসৰ ফলত মৰুভূমিৰ সৃষ্টি।
- (ঘ) সৌৰশক্তি: সূৰ্যৰ পৰা পোৱা নবীকৰণযোগ্য শক্তি। বিদ্যুৎ, হিটাৰ আদিত ব্যৱহাৰ হয়।
- (ঙ) ভূমিস্খলন: পাহাৰৰ মাটি খহি পৰা ঘটনা। বৃষ্টি আৰু মানুহৰ কাৰ্যৰ ফলত হয়।
প্ৰশ্ন ৭: পার্থক্য দেখুওৱা।
- (ক) গ্রামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ:
গ্রামাঞ্চলৰ ভূমি | নগৰীয়া অঞ্চলৰ ভূমি |
---|---|
প্ৰধানকৈ কৃষি, ঘাঁহনি, মাছ পালনৰ বাবে। | উদ্যোগ, ফ্লেট, বজাৰ, ৰাস্তাৰ বাবে। |
- (খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি:
পৰম্পৰাগত শক্তি | অপৰম্পৰাগত শক্তি |
---|---|
কয়লা, পেট্ৰ’ল; অনবীকৰণযোগ্য। | সৌৰশক্তি, জলশক্তি; নবীকৰণযোগ্য। |
প্ৰশ্ন ৮: ভূমি অৱক্ষয় ৰোধ কৰাৰ বাবে দুটা উপায় উল্লেখ কৰা।
উত্তৰ:
- বৃক্ষৰোপণ বৃদ্ধি।
- পাহাৰৰ মাটি কটা বন্ধ।
প্ৰশ্ন ৯: পানী সংৰক্ষণৰ চাৰিটা পৰামর্শ দিয়া।
উত্তৰ:
- প্ৰদূষণ বন্ধ।
- বৃক্ষৰোপণ।
- কৃষিত পানীৰ অপচয় ৰোধ।
- বাষ্পীভৱন কমাবলৈ গছ ৰোপণ।
প্ৰশ্ন ১০: পানীৰ প্ৰদূষণ কমাবলৈ কি ব্যৱস্থা ল’ব পাৰি?
উত্তৰ:
- পাঠ্যক্ৰমত প্ৰদূষণ শিক্ষা।
- চৰকাৰী প্ৰচেষ্টা।
- নৰ্দমা পৰিষ্কাৰ।
- শিল্পৰ বিষাক্ত বৰ্জ্য নিয়ন্ত্ৰণ।
অতি চমু প্ৰশ্নোত্তৰ
প্ৰশ্ন ১: মাটিৰ চাহিদা বৃদ্ধিৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ:
- জনসংখ্যা বৃদ্ধি।
- খাদ্য আৰু বাসস্থানৰ প্ৰয়োজন।
প্ৰশ্ন ২: জনসংখ্যাৰ বসতি ঘন হোৱাৰ কাৰণ কি?
উত্তৰ:
- জলবায়ু আৰু পানীৰ সুবিধা।
- কৃষি আৰু উদ্যোগৰ সুবিধা।
প্ৰশ্ন ৩: ভূমি অৱক্ষয়ৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰ:
- ভূমিস্খলন।
- গৰাখহনীয়া।
- মৰুকৰণ।
- মাটিৰ ক্ষয়।
প্ৰশ্ন ৪: পানীৰ সংকটৰ দুটা কাৰণ লিখা।
উত্তৰ:
- বন ধ্বংস।
- অত্যধিক জলসিঞ্চন।
প্ৰশ্ন ৫: তলৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ বাছি উলিওৱা।
- (ক) পানী সংৰক্ষণত কোনটোৱে সহায় কৰে?
উত্তৰ: বৰষুণৰ পানী জমা কৰা। - (খ) নির্মল পানী পাবলৈ কি কৰিব লাগে?
উত্তৰ: পানীৰ উৎস প্ৰদূষিত নকৰা। - (গ) শক্তি সংৰক্ষণত কোনটোৱে সহায় নকৰে?
উত্তৰ: জীৱাশ্ম ইন্ধনৰ অধিক ব্যৱহাৰ।