Home » নামঘোষা » Tumi Chitta Biti Muro – তুমি চিত্তবৃত্তি মোৰ – প্ৰাৰ্থনা – নামঘোষা ( ১২৯-১৫৪)

Tumi Chitta Biti Muro – তুমি চিত্তবৃত্তি মোৰ – প্ৰাৰ্থনা – নামঘোষা ( ১২৯-১৫৪)

 Tumi Chitta Biti Muro – তুমি চিত্তবৃত্তি মোৰ – প্ৰাৰ্থনা –

প্ৰাৰ্থনা

তুমি চিত্তবৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ
তুমি নাথ মঞি নাথৱন্ত।

চৰণ ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
কৰা দায়া মোক ভগৱন্ত।।১২৯৷৷

তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
জানি কৃপ৷ কৰা হৃষীকেশ।

Winter Sale

দান্তে তৃণ তুলি লঞো যিমতে সেৱাত ৰঞো
দিয়া মোক সেহি উপদেশ।।১৩০৷৷

তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু
তুমি বিনে নাহি মোৰ আৰ।

কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
দিয়া মোক সেৱাৰস সাৰ।।১৩১৷৷

তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে
অনুগ্ৰহ কৰি আছা মোক।

অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ
তযু নামে সদা ৰতি হৌক।।১৩২৷৷

হে কৃষ্ণ হে বাসুদেৱ দৈৰকী নন্দন হৰি
নমো নন্দগোপৰ কুমাৰ।

কৃপাময় শ্ৰীগোৰিন্দ তযু পদ অৰবিন্দ
কৰে মঞি লক্ষ নমস্কাৰ।।১৩৩।।

পদ্মসম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
নমো দিব্য পদ্মমালাধাৰী।

নমো পদ্ম সম নেত্ৰ পদ যাৰ শতপত্ৰ
নমো ভকতৰ ভয়হাৰী।।১৩৪৷৷

বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট
কংস চাণুৰাদি বিমৰ্দ্দন।
দেৱকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ

তযু পাবে কৰোহো বন্দন।।১৩৫৷৷
মোৰ সম পাপী লোক নাহিকে ই তিনি লোক
তুমি সম নাহি পাপহাৰী।
ই জানি গোৱিন্দ মোক যেন যুৱাই কৰিয়োক
তুৱা পদে কৰোহো গোহাৰি।।১৩৬৷৷
সহস্ৰ সহমব আতি অপৰাধ দিনে ৰাতি
কৰো মঞি মহা মূঢ়জন।
আমি প্ৰভু তযু দাস আকে মানি জগবাস
ক্ষমিয়োক শ্ৰীমধুসূদন।।১৩৭৷৷

ধৰ্ম্মক জানোহো মঞি তথাপি প্ৰবৃত্তি নাই
অধ্ৰ্ম্মতো নিবৃত্তি নোহয়।

হৃদিস্থিত হুয়া তুমি যেন কৰাবাহা স্বামি
হৃষীকেশ কৰিবো তেহন়্।।১৩৮৷৷

নজানোহো আৱাহন নজানোহো বিসৰ্জ্জন
পূজামন্ত্ৰ নজানো কিঞ্চিত।

এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
মোৰ গতি সাধিবে উচিত।।১৩৯৷৷

নামাম্বয়

কৃষ্‌ হেন শব্দ ইটো পৃথিৱী বাচক ভৈল
৭ আনন্দত প্ৰৱৰ্ত্তয়।

দুইৰো এক পদ ভৈলে পৰম্ৰন্ধৰূপ কৃষ্ণ
নাম আনন্দক মাত্ৰ কয়।।১৪০৷৷

ইশ্বৰৰ পদসেৱা কৰন্তে জীৱৰ যত
কৃশতা গুচয় নিৰন্তৰ।

এহি হেতুতেসে জানা ইমশ্বৰক বুলি কৃষ্ণ
প্ৰসিদ্ধ অন্বয় মনোহৰ।।১৪১৷৷

নিৰন্তৰে নিজানন্দ- সুখ পৰিপূৰ্ণ ৰূপ
অখণ্ড আনন্দ নুগুচয়।

এতেকেসে সদানন্দ নিত্যানন্দ নামে ইটো
ইম্বৰকে বুলিয় নিশ্চয়।।১৪২৷৷

ক্‌, অ, ই্ৰশ পদে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ
প্রতি প্রতি তিনিৰো অন্বয়।

ৰ পদে নাৰায়ণে তিনিকো আছয় ছান্দি
এহি হেতু কেশৱ বোলয়।।১৪৩৷৷

ইশ্বৰ কৃষ্ণৰ পদ সেৱন্তে জীৱৰ চ্যুতি
গুচয় সংসাৰ অদভূত।

এহি হেতুতেসে জানা যতেক মহন্তসৱে
ইশ্বৰৰ বোলয় অচ্যুত।।১৪৪৷৷

ইশ্বৰ কৃষ্ণৰ পদে ভজিয়া অধমসবো
আতিশয় হোৱয় উত্তম।

এহি হেতুতেসে জানা লোকত প্ৰসিদ্ধ ভৈল
ইশ্বৰৰ নাম নৰোত্তম।।১৪৫৷৷

ইশ্বৰৰ জানি নৰে ভজিয়া মায়াক তৰে
সিংহ যেন ভ্ৰমন্ত নিৰ্ভয়।

এতেকেসে দ্শ্বৰৰ নাম নৰসিংহ ভৈল
মহাজনসকলে কহয়।।১৪৬৷৷

ইশ্বৰৰ পাদপদ্ম ভজি শুদ্ধচিত্ত হুয়া
অধমো তেজয় বামানয়।

এহি হেতুতেসে থাকি নিৰন্তৰে মহাজনে
ইশ্বৰৰ বামন বোলয়।।১৪৭৷৷

মোক্ষ আদি কৰি সুখ ইশ্বৰ সেৱাৰ জানা
অণু একো নুহি সমসৰ।

এহি হেতু মহাজনে জানিবা পৰমানন্দে
নাম ধৰি আছন্ত ই্শ্বৰ।।১৪৮৷৷

যিহেতু কৃষ্ণেসে আত্মা এতেকেসে জীৱৰাশি
নিৰন্তৰে আনন্দ লভয়।

এহি হেতু সৰ্ব্বানন্দ নাম ধৰি আছা হৰি
মহাজনে জানিবা নিশ্চয়।।১৪৯৷৷

যি কাৰণে নাৰায়ণে পঞ্চভূতে পঞ্চবৰ্ণ
মালা পিন্ধি প্ৰকাশ কৰন্ত।

এহি হেতু নিৰন্তৰে জানিবাহা বনমালী
নাম ধৰি আছা ভগৱন্ত।।১৫০৷৷

ইশ্বৰ সেৱাৰ সুখ লভিয়া ইন্দ্ৰিয় জন্য
সুখ জীৱে অধ্যকৃত কৰে।

এহি কাৰণত সৱে জানিবাহা অধোক্ষজ
নাম ধৰি আছা দামোদৰে।।১৫১৷৷

চৈতন্যত কৰি পৰ মায়াত উপজি যত
আছে তাক ৰমাৱন্ত হৰি।

এহিসে কাৰণে জানা পৰম ইশ্বৰ প্ৰভূ
পৰ্শ্তুৰাম নাম আছা ধৰি।।১৫২৷৷

চৈতন্য শক্তিৰ দ্বাৰে ইটো জড় জগতক
ৰমাৱন্ত কৰ্ম্ম অনুৰূপে।

এতেকেসে স্টশ্বৰৰ পৰম প্ৰসিদ্ধ ৰাম
নাম আক জানিবা স্বৰূপে।।১৫৩৷৷

অননম্ভ চৈতন্য আত্মা সদানন্দ ই্টশ্বৰত
যোগীজনে সদায় ৰময়।

এহি হেতু ৰাম পদে পৰমব্ৰহ্ম স্বৰূপক
কহে ৰামনামৰ অন্বয়।।১৫৪৷৷

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam