পৰিবেশ আৰু পৰিবেশৰ সমস্যা (উত্তৰ) দশম শ্ৰেণী ভূগোল অধ্যায় ২

পৰিবেশ আৰু পৰিবেশৰ সমস্যা
বিষয় সমাজ বিজ্ঞান
প্রথম খণ্ড ভূগোল
মাধ্যম অসমীয়া
পাঠৰ নাম পৰিবেশ আৰু পৰিবেশৰ সমস্যা
শ্ৰেণী  দশম (X)
অধ্যায় অধ্যায় ২
পাঠ্যক্ৰম ছেবা (SEBA)

পৰিবেশ আৰু পৰিবেশৰ সমস্যা Class 10

 চমু উত্তৰ দিয়া

প্রঃ ১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
প্র : এছিড বৰষুণ সাধাৰণতে সৃষ্টি হয়— 
(ক) মেৰু অঞ্চলত (খ) অৰণ্য অঞ্চলত (গ) ঔদ্যোগিক অঞ্চলত (ঘ) ঘাঁহনি অঞ্চলত
উ : (গ) ঔদ্যোগিক অঞ্চলত

প্রঃ মৰুভূমিবােৰে পৃথিৱীৰ স্থলভাগৰ কিমান শতাংশ সামৰি আছে?
(ক) ৩০% (খ) ৪০% (গ) ২০% (ঘ) ৪৫%
উ (গ) ২০%

প্র : গােলকীয় উত্তাপ বৃদ্ধিত সর্বাধিক অৰিহণা যােগােৱা গেছটো হল—
(a) মিথেন। (b) ক্ল’ৰফ্ল’ৰ কার্বন। (c) নাইট্রাছ। (d) কার্বন-ডাই-অক্সাইড
উ : (d) কার্বন-ডাই-অক্সাইড।

(ঘ) বায়ুমণ্ডলত নাইট্রজেনৰ পৰিমাণ—
(a) 0.035% (6) 0.01% (c) 78.08% (d) 87.08%
উ : (c) 78.08%

প্রঃ ২। পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।
উ : পৰিৱেশ বুলিলে সাধাৰণতে আমাৰ চাৰিওফালৰ অৱস্থাক বুজায়। ই জীৱীয় আৰু অজীৱীয় সকলাে ধৰণৰ উপাদানক সামৰি লয়।

প্রঃ ৩। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।
উঃ পৰিৱেশৰ কেইটামান জৈৱ উপাদান হ’ল বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, বৃহৎ আকাৰৰ প্রাণী আদি।
পৰিৱেশৰ কেইমান অজৈৱ উপাদান হ’ল— মাটি, পানী আৰু বায়ু আদি।

প্র : ৪। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা।
উ : পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা। এইকেইটা পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। ইহঁতৰ মাজত সদায় আন্তঃক্রিয়া চলি আছে আৰু এই আন্তঃক্রিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডল চাৰিটাৰ পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জালিৰ যােগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ নিৰূপিত হৈছে। স্থান আৰু কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে। এই পৰিৱেশ পৰিৱৰ্তনশীল।

প্র : ৫। পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰধান কাৰকবােৰ উল্লেখ কৰা।
উঃ পৃথিৱীৰ প্রায় 4600 নিযুত বছৰীয়া ইতিহাসত নানা ধৰণৰ পৰিৱর্তন ঘটিছে। ইয়াৰ পৰিৱেশৰ মাটি, পানী, বায়ু, জীৱ আদি প্রধান উপাদানবােৰ ব্যাপক পৰিৱৰ্তনৰ সন্মুখীন হৈছে। এই পৰিৱৰ্তনৰ কাৰবােৰ আছিল মূলতঃ প্রাকৃতিক। কিন্তু শেহতীয়াকৈ পৃথিৱীৰ পৰিৱেশৰ যিবােৰ পৰিৱর্তন ঘটিছে সেইবােৰৰ বেছিভাগেই মানৱসৃষ্ট। পৃথিৱীৰ বায়ুমণ্ডলৰ পৰিৱৰ্তন প্রাকৃতিক কাৰণতেই ঘটিছিল যদিও সম্প্রতি বায়ুমণ্ডলৰ লগতে ভূ-পৃষ্ঠতাে যি ধৰণে উত্তাপ বৃদ্ধি পাব ধৰিছে, তাৰ প্ৰধান কাৰক হিচাপে বিজ্ঞানীসকলে মানুহৰ ক্রিয়াকলাপলৈকে আঙুলিয়াইছে। গােলকীয় উত্তাপ বৃদ্ধি (Global warming) বুলি অভিহিত এই বিশেষ সমস্যাই পৃথিৱীবাসীক বর্তমানে বেয়াকৈ শংকিত কৰিছে।

পৰিবেশ আৰু পৰিবেশৰ সমস্যা

৬। গােলকীয় উত্তাপ বৃদ্ধি কি? ইয়াৰ কাৰকবােৰ উল্লেখ কৰা।
উঃ প্রাকৃতিক আৰু মানৱসৃষ্ট ক্রিয়া-কলাপৰ ফলত সম্প্রতি বায়ুমণ্ডলৰ লগতে ভূ-পৃষ্ঠত যি উত্তাপ বৃদ্ধি পাইছে তাক গােলকীয় উত্তাপ বৃদ্ধি বােলে। গােলকীয় উত্তাপ বৃদ্ধিৰ কাৰকবােৰ হ’ল কল কাৰখানা, মটৰ গাড়ী আদিৰ পৰা নির্গত হােৱা ধোঁৱা, ছাই কার্বন-ডাই-অক্সাইড, মিথেন, জলীয় বাষ্প আদি। এইবােৰে বায়ুমণ্ডলৰ লগত মিহলি হৈ বায়ুৰ স্বাভাৱিক গুণ বিনষ্ট কৰি গােলকীয় উত্তাপ বৃদ্ধি কৰি আছে।

প্র : ৭। ভৌগােলিক দিশৰপৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।
উঃ ভৌগােলিক দিশৰপৰা পৰিৱেশৰ সমস্যাক তিনি ভাগত ভগাব পাৰি— (ক) আঞ্চলিক সমস্যা (খ) গােলকীয় সমস্যা আৰু (গ) স্থানীয় সমস্যা।

প্রঃ ৮। জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।
উ : জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অর্থাৎ উদ্ভিদ আৰু প্রাণী থকা অংশবােৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবােৰ, হৈছে—স্থলপৃষ্ঠ, সাগৰ-মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই- চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে প্রায় ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্রজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ হৈছে এটা মাত্র প্রজাতি।

প্রঃ ৯। বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
উ : বায়ুমণ্ডল অক্সিজেন, নাইট্রজেন, হাইড্রজেন, কার্বন- ডাই-অক্সাইড, আর্গন আদি গেছৰ দ্বাৰা গঠিত।

প্র : ১০ | জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।
উ : সাগৰ-মহাসাগৰ, নদ-নদী, হ্রদ আদি জলাশয়বােৰ জলমণ্ডলৰ ভিতৰত পৰে। ভূ-পৃষ্ঠৰ প্ৰায় ৭১ শতাংশ জলমণ্ডলে আগুৰি আছে।

প্র : ১১। স্থলমণ্ডল বুলিলে কি বুজায় লিখা।
উ : শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বােলা হয়। ই ভূপৃষ্ঠৰ প্ৰায় ২৯ শতাংশ আগুৰি আছে। পাহাৰ-পর্বত, সমভূমি, নদী-উপত্যকা, মালভূমি, উপকূল আদি স্থলমণ্ডলৰ ভিতৰত পৰে।

প্র : ১২। পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।
উ : যি সমস্যা এক নির্দিষ্ট সৰু অঞ্চলত সীমাবদ্ধ হৈ থাকে তাকে স্থানীয় সমস্যা বােলে। যেনে—উদ্যোগ প্রতিষ্ঠানৰ পৰা নিৰ্গত ধোঁৱাই অঞ্চলটোত সৃষ্টি কৰ সমস্যা।

প্রঃ ১৩। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া।
উঃ পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ তলত উল্লেখ কৰা হ’ল- (১) বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা। (২) অসমৰ ব্ৰহ্মপুত্র বা বৰাক উপত্যকাৰ বানপানী সমস্যা।

প্রঃ ১৪। কোনবােৰ সমস্যাক গােলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।
উঃ যিবােৰ সমস্যাই সমগ্র বিশ্বক প্ৰভাৱিত কৰে, তেনে সমস্যাক গােলকীয় সমস্যা বােলে। যেনে—মাটিৰ উৰ্বৰতা হ্রাস গােলকীয় উত্তাপ বৃদ্ধিৰ সমস্যা ইত্যাদি।

প্র : ১৫। পৰিৱেশৰ প্ৰধান সমস্যাসমূহ উল্লেখ কৰা।
উঃ পৰিৱেশৰ প্রধান সমস্যাসমূহ হ’ল- (ক) ভূমিক্ষয় (খ) ভূমিস্খলন (গ) মৰুকৰণ (ঘ) নানা ধৰণৰ প্ৰদূষণ (ঙ) সাগৰৰপৃষ্ঠৰ উত্থান (চ) গােলকীয় উত্তাপ বৃদ্ধি আদি।

প্রঃ ১৬। স্থলমণ্ডল কি?
উ : শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বােলে।

প্রঃ ১৭। বায়ুমণ্ডল কি?
উঃ পৃথিৱীৰ উপৰিভাগক আগুৰি থকা গেছীয় আৱৰণটোক বায়ুমণ্ডল বােলে।

লগতে পঢ়ক:   অর্থনৈতিক উন্নয়ন class 10 দশম শ্ৰেণী সামাজ বিজ্ঞান প্ৰশ্ন উত্তৰ

প্র : ১৮ | জলমণ্ডল কি?
উঃ সাগৰ মহাসাগৰ, নদনদী, হ্রদ, খাল-বিল আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ জলভাগকে জলমণ্ডল বােলা হয়।

১৯। মাটি প্ৰদূষণ কি?
উ : সাধাৰণতে মাটিৰ লগত কোনাে ৰাসায়নিক পদার্থ মিহলি হৈ মাটিৰ স্বাভাৱিক উৰ্বৰতা হ্রাস কৰাকে মাটি প্ৰদূষণ বােলে।

২০। প্ৰদূষণৰ অৰ্থ লিখা।
উ : অনিষ্টকাৰী দ্ৰৱই পৰিৱেশ বিনষ্ট কৰা প্রক্রিয়াকে সহজ কথাত প্ৰদূষণ বুলি কোৱা হয়। প্রধানকৈ মানুহে সৃষ্টি কৰা দ্ৰৱ অধিক মাত্ৰাত পৰিৱেশত সংযােজিত হলে জীৱ জগতৰ প্রতি ক্ষতিকাৰক হৈ পৰে। পৰিৱেশৰ ক্ষতি সাধন কৰা দ্রব্যক প্ৰদূষক বুলি কোৱা হয়। ধূলি-বালি, ছাই, দুর্গন্ধ, ধােৱা ছালফাৰ ডাই-অক্সাইড, কার্বন মন’ক্সাইড আদি কিছুমান প্ৰদূষকৰ উদাহৰণ।

পৰিবেশ আৰু পৰিবেশৰ সমস্যা

প্রঃ ২১। পৰিৱেশৰ সমস্যা কি ব্যাখ্যা কৰা।
উ : পৰিৱেশৰ সমস্যা বুলিলে প্রকৃতিৰ বিভিন্ন উপাদানসমূহৰ মাজত স্বাভাৱিক ভাৰসাম্য ব্যাহত হােৱা অৱস্থাক বুজায়। বর্তমানে পৰিৱেশৰ যিবােৰ সমস্যাই মানুহৰ লগতে জীৱ-জগতৰ ব্যাপক ক্ষতিসাধন কৰিবলৈ লৈছে, সেইবােৰৰ ভিতৰত নানা ধৰণৰ প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়, গােলকীয় উত্তাপ বৃদ্ধি, কৃত্রিম বান, সাগৰপৃষ্ঠৰ উত্থান আদি প্রধান। পৰিৱেশৰ সমস্যা সৃষ্টিত প্রধান জগৰীয়া হৈছে মানুহ। মানুহৰ সাংখ্যিক বৃদ্ধি আৰু সম্পদৰ ইমানেই প্রয়ােজন হ’ব ধৰিছে যে পৰিৱেশৰ উপাদানবােৰৰ মাজৰ সম্পর্ক স্বাভাৱিক হৈ নাথাকিব। উদাহৰণস্বৰূপে মানুহে নিজৰ খাদ্য আৰু বাসস্থানৰ বাবে অৰণ্যভূমি চাফা কৰি খেতি কৰিবলৈ লৈছে। ফলত মৰুভূমিৰ পৰিমাণ বৃদ্ধি পাইছে। ঠিক সেইদৰে কল-কাৰখানা বৃদ্ধি পােৱাত সেইবােৰৰ পৰা নিৰ্গত ধোঁৱাই বায়ুমণ্ডলত কার্বন-ডাই- অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিছে। এনেদৰে পৰিৱেশৰ সমস্যা প্রতিদিনে বৃদ্ধি পােৱাত মানুহাে বেয়াকৈ আক্রন্ত হৈছে।

প্রঃ ২২। বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।
উ : বায়ুৰ লগত বিভিন্ন ধৰণৰ বিষাক্ত গেছ, ধোঁৱা ছাই আদি মিহলি হৈ ইয়াৰ স্বাভাৱিক গুণ বিনষ্ট হােৱা প্রক্রিয়াক বায়ু প্ৰদূষণ বুলি কোৱা হয়। মানুহৰ বিভিন্ন কার্যই প্রধানকৈ বায়ুমণ্ডল প্ৰদূষিত কৰিছে। বায়ু প্ৰদূষণকাৰী প্রাকৃতিক কাৰকসমূহৰ ভিতৰত আগ্নেয়গিৰি উদৰ্গীৰণেই প্রধান। উদগীৰণৰ সময়ত নির্গত হােৱা ধোঁৱা ছাই আৰু গেছীয় পদার্থই বায়ু প্ৰদূষিত কৰে। এচিড বৰষুণেও বায়ু প্ৰদূষিত কৰে। বায়ু প্ৰদূষণৰ মানৱ সৃষ্ট কাৰকবােৰৰ ভিতৰত শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বর্ধিত ব্যৱহাৰ, আনৱিক বিস্ফোৰণ আদিৰ বাবে বায়ুমণ্ডলত ধোঁৱা, ছাই, কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি পাই বায়ু প্ৰদূষিত কৰে

২৩। মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা।
উ : মাটিৰ লগত কোনাে ৰাসায়নিক পদার্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্রিয় পদার্থ, এচিড বৰষুণ আদি মিহলি হৈ মাটিৰ স্বাভাৱিক গুণ বিনষ্ট হােৱাকে মাটি প্ৰদূষণ বােলে। মাটি হ’ল মানুহৰ সকলাে খাদ্য ভাণ্ডাৰৰ উৎস। কিন্তু আজি এই ভূমিকো মানুহে নিজৰ স্বাৰ্থ ৰক্ষার্থে ভৱিষ্যতৰ প্ৰতি আওকান কৰি প্ৰদূষিত কৰি আছে। সাধাৰণতে আধুনিক কৃষিকার্য, উদ্যোগৰ প্ৰসাৰ আৰু ক্রমবর্ধিত হাৰত চলি থকা বননি ধ্বংসই মাটি প্ৰদূষণৰ বাবে প্রধানকৈ জগৰীয়া। কৃষিৰ আধুনিকীকৰণে কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰব আদিৰ প্রয়ােগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰ প্রয়ােগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে ভূ-গর্ভস্থ পানী কৃষি ক্ষেত্ৰত প্ৰয়ােগ কৰিলেও ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। সাধাৰণতে ভূমিত প্রয়ােগ কৰা ৰাসায়নিক সাৰ, কীটনাশক দ্ৰৱ আৰু ৰবৰ বা প্লাষ্টিক জাতীয় সামগ্রী পেলাই ভূমিৰ উৎপাদিকা শক্তি নাশ কৰি আছে। আজি বিশ্বত প্লাষ্টিক জাতীয় সামগ্ৰীৰ ব্যৱহাৰ ইমানেই বাঢ়িছে যে সেইবােৰে মাটি প্ৰদূষিত কৰিছে।

প্র : ২৪। পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।
উ : পানীৰ লগত কোনাে ৰাসায়নিক পদার্থ, পদার্থকণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটোৱা প্ৰক্ৰিয়াটোকে পানী প্রদূষণ বুলি কোৱা হয়। সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত অপদ্রব্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। পানী প্ৰদূষণে জীৱ জগতৰ বিস্তৰ ক্ষতি কৰে, বেমাৰ-আজাৰৰ বীজাণুৰ জন্ম দিয়ে।

প্র : ২৫। মৰুভূমি কাক বােলে ? মৰুকৰণৰ সংজ্ঞা দিয়া।
উঃ পৃথিৱীৰ যিবােৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি যাৰ ফলত সেই অঞ্চল শুকান গছ- গছনি কম তেনে অঞ্চলকে মৰুভূমি বােলে
মৰুকৰণ হৈছে এনে এক প্রক্রিয়া যিয়ে ক্রান্তীয় অঞ্চলৰ উৎপাদনক্ষম ভূমিক মৰুভূমিত পৰিণত কৰে। মৰুকৰণ’ শব্দটোৱে প্ৰকৃততে মৰুভূমিৰ কাষৰীয়া এলেকাৰ বোৰলৈ মৰুভূমিৰ সম্প্ৰসাৰণ ঘটাকে বুজায়। মৰুকৰণে মাটিৰ জৈৱিক ক্ষমতা বিনষ্ট কৰে।

প্র : ২৬। মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?
উঃ মৰুকৰণজনিত সমস্যাৰ সমাধান সমগ্র বিশ্ববাসীৰ সমুখত এতিয়া এটা জটিল প্রত্যাহ্বান। আন্তর্জাতিক সহযােগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয়। মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ। অৱেশ্য ইয়াৰ বাবে এক দীর্ঘম্যদী আঁচনিৰ প্রয়ােজন। হাবিবননিৰ পৰিমাণ বৃদ্ধি কৰি, বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্রণ কৰি, মৰুময় অঞ্চলত বৃক্ষ ৰােপণ আঁচনি গ্ৰহণ কৰিব লাগিব। এইদৰে মৰুকৰণৰ সমস্যা সমাধান কৰিব পাৰি।

প্র : ২৭ মৰুকৰণৰ কাৰণ দর্শোৱা। 
উ : সাধাৰণতে নানা ধৰণৰ প্রাকৃতিক আৰু মানৱ-সৃষ্ট কাৰকে মৰুকৰণ প্রক্রিয়াক ইন্ধন যােগাই আছে। প্রাকৃতিক কাৰকবােৰৰ ভিতৰত খৰাং বতৰ আৰু গােলকীয় উত্তাপ বৃদ্ধিয়েই প্রধান। বৃষ্টিপাতৰ অভাৱত মৰুভূমিত প্ৰায়েই খৰাং অৱস্থাৰ সৃষ্টি হয়। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্রাস কৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্রভাৱ পেলায়। ইয়ে মৰুকৰণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে। অৱশ্যে মানুহৰ কার্যকলাপেই মৰুকৰণৰ বাবে অধিক জগৰীয়া। মানুহৰ কার্যকলাপৰ ভিতৰত অত্যধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ, হাবিবননিৰ অবাধ ধ্বংস কার্য আদিয়েই প্রধান।

প্রঃ ২৮। গােলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।
উ : গােলকীয় উত্তাপ বৃদ্ধিয়ে বহু ধৰণৰ সমস্যাৰ সৃষ্টি কৰে। সেইবােৰৰ ভিতৰত মেৰু অঞ্চলৰ বিশাল বৰফৰ গলন, সাগৰপৃষ্ঠৰ উত্থান, শস্য উৎপাদন হ্রাস, মৰুকৰণ আদি প্রধান। বৈজ্ঞানিকসকলে সমীক্ষাত প্ৰকাশ কৰিছে যে বায়ুমণ্ডলৰ উত্তাপ ২-৩ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি পালে উত্তৰ আৰু দক্ষিণ মেৰুত জমা হৈ থকা বৰফবােৰ গলি যাব। ফলস্বৰূপে সাগৰপৃষ্ঠ ওপৰলৈ উঠি আহিব। এইদৰে সাগৰ পৃষ্ঠ বর্তমানতকৈ এক মিটাৰ ওপৰলৈ উঠি আহিলে পৃথিৱীৰ উপকূল অঞ্চলৰ প্রায় ৫ নিযুত বর্গ কিলােমিটাৰ পৰিমাণৰ ভূমি জলমগ্ন হ’ব। বহুতাে জনবসতিপূর্ণ দ্বীপ, ব-দ্বীপ, প্রবাল দ্বীপ আদি পানীত বুৰ যাব।

লগতে পঢ়ক:   মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম দশম শ্ৰেণীৰ ইতিহাস

২৯। গােলকীয় উত্তাপ বৃদ্ধি ৰােধ কৰাৰ উপায় কি?
উ : গােলকীয় উত্তাপ বৃদ্ধিৰােধ কৰাটো বৰ প্রয়ােজন হৈ পৰিছে। ইয়াৰ বাবে বিশ্বব্যাপী জনসচেতনতাৰ প্রয়ােজন হ’ব। গােলকীয় উত্তাপ বৃদ্ধিৰ মূলতে থকা কাৰবােৰ নিয়ন্ত্রণলৈ আনিব লাগিব। বৰষুণৰ পৰিমাণ বৃদ্ধিৰ বাবে অৰণ্য অঞ্চলৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। যানবাহনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব। কলকাৰখানাৰ ব্যৱহাৰ সীমিত কৰিব লাগিব। আণৱিক বিস্ফোৰণ বন্ধ কৰিব লাগিব। গােলকীয় উত্তাপ বৃদ্ধি ৰােধ কৰিবৰ কাৰণে বিশ্বৰ ৰাষ্ট্রসমূহে একত্ৰিত হৈ উমৈহতীয়া প্রচেষ্টা গ্ৰহণ কৰিব লাগিব। সেউজগৃহ গেছৰ পৰিমাণ হ্রাস কৰিব লাগিব।

পৰিবেশ আৰু পৰিবেশৰ সমস্যা Class 10

প্রঃ বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত কিমান পৰিমাণৰ কার্বনডাই অক্সাইড থাকে ?
উত্তৰঃ ০.০৩৫ শতাংশ।

প্রঃ স্থানীয় সমস্যাৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ নৈৰ গৰাখহনীয়া।

প্রঃ গােলকীয় সমস্যাৰ এটা উদাহৰণ উল্লেখ কৰা।
উত্তৰঃ গােলকীয় উত্তাপ বৃদ্ধি (Global warming)

প্রঃ ব্রহ্মপুত্র নদীৰ অৱৱাহিকাৰ মাটিকালি কিমান?
উত্তৰঃ ৫,৮০,০০০ বর্গ কি.মি.

প্রঃ যােবা শতিকাৰ কিমান চনত অসমত বৰভুইকঁপ হৈছিল?
উত্তৰঃ ১৯৫০ চনৰ ১৫ আগষ্টত।

প্রঃ ১৯৫০ চনৰ ভূইকপৰ প্রাবল্য কিমান আছিল?
উত্তৰঃ ৮.৭

প্রঃ বৰদৈচিলা অসমলৈ কেতিয়া আহে?
উত্তৰঃ এপ্রিল মাহত।

প্রঃ অসম তথা উত্তৰ-পূৱ ভাৰত অৱস্থিত ভূমিকম্প বলয়টোৰ নাম কি ?
উত্তৰঃ আল্পছহিমালয়-ভূকম্পবলয় (Alps-Himalayan Earthquake Belt)

প্রঃ ৰিখটাৰ স্কেল কাক কয়?
উত্তৰঃ যি স্কেল বা মাপনিৰ সহায়ত ভূমিকম্প প্রাবল্য (Intensity) জোখা বা নিৰূপন কৰা হয় তাকে ৰিখটাৰ স্কেল (Rickter Scale) বােলা হয়।

পৰিবেশ বুলিলে কি বুজা নিজৰ ভাষাত লিখা।
উত্তৰঃ কোনাে জীৱ বা জীৱসমষ্টিৰ কেউকাষৰ অৱস্থাকে সাধাৰণতে পৰিৱেশ বুলি কোৱা হয় ।এই উপাদানবােৰৰ ওপৰত। জীৱৰ স্থিতি আৰু বিকাশ নির্ভৰ কৰে। পৰিৱেশৰ উপাদানবােৰে জড় আৰু জীৱ উভয়কে সামৰি লয়। সহজ অথত পৰিৱেশ। বুলিলে সেয়ে কোনাে এখন ঠাই বা অঞ্চলত বিৰাজ কৰা উপাদানবােৰৰ মাজৰ সম্পৰ্কৰ জালিখনকে বুজায়।

পৰিবেশ আৰু পৰিবেশৰ সমস্যা

প্রঃ  বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
উত্তৰঃ অক্সিজেন, নাইট্রজেন, হাইড্ৰে’জেন, কার্বন-ডাই-অক্সাইড, আর্গন আদি গেছৰদ্বাৰা বায়ুমণ্ডল গঠিত হয়।

প্রঃ গােলকীয় পাৰিৱেশিক সমস্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ যি বিলাক পাৰিৱেশিক সমস্যাই গােটেই বিশ্ব ব্যাপী জড়িত হৈ থাকে তেনেবােৰ সমস্যাক গােলকীয় পাৰিৱেশিক সমস্যা (Global environmental problem) বােলা হল। পৃথিৱীত জনসংখ্যা তীব্র হাৰত বাঢ়ি অহাৰ লগে লগে, উদ্যোগীকৰণৰ উন্নতি, যানবাহনৰ সংখ্যা বৃদ্ধিয়ে পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰত বাৰুকৈয়ে প্রভার পেলাইছে। ইয়াৰ উপৰিও বনাঞ্চল ধ্বংসই ইয়াত ইন্ধন যােগাইছে। যাৰ ফলত বায়ুমণ্ডলৰ উত্তাপ দিনক দিনে বাঢ়িব ধৰিছে। যিটো এই বিশ্বৰ মানৱ জাতিৰ লগতে জীৱ-জন্তুৰ প্ৰতিও ভাবুকি স্বৰূপ হৈ পৰিছে। সেয়ে এনে ধৰণৰ পাৰিৱেশিক সমস্যাক আমি গােলকীয় সমস্যা হিচাপে উল্লেখ কৰিব পাৰো।

প্রঃ অসমৰ পাৰিৱেশিক সমস্যাবােৰ এটি চমু আভাষ দিয়া।
উত্তৰঃ প্রাকৃতিক দিশৰ পৰা অসম এখন অতি সুন্দৰ ৰাজ্য়। ইয়াৰ প্রাকৃতিক সৌন্দৰ্য্য অসীম। কিন্তু দুখৰ বিষয় এই যে জনসংখ্যা বাঢ়ি অহাৰ লগে লগে আমাৰ সুন্দৰ অসম খনত বহু পাৰিৱেশিক সমস্যাই দেখা দিছে। যিবােৰে ৰাজ্যখনক উন্নয়নৰ পথত আগুৱাই যােৱাত বাধাৰ সৃষ্টি কৰিছে। বৰ্ত্তমান ৰাজ্যখনত দেখা দিয়া পাৰিৱেশিক সমস্যাবোৰৰ ভিতৰত তলত দিয়া কেইটাই উল্লেখযােগ্য

(ক) বানপানী আৰু গৰাখহনীয়া। (খ) ভূমিস্খলন (গ). ধুমুহা বতাহ। (ঘ) ভূমিকম্প। (ঙ) প্ৰদূষণ জাতীয় সমস্যা।

প্রঃ অসমৰ বানপানী সমস্যাৰ চাৰিটা কাৰণ উল্লেখকৰা।
উত্তৰঃ অসমৰ বানপানী সমস্যাৰ চাৰিটা কাৰণ হ’ল—
(ক) কম সময়ৰ ভিতৰত অধিক বৰষুণ যাৰ ফলত অধিক পানী বৈ যাব নােৱাৰি উপত্যকা অঞ্চলত বানপানী সমস্যাৰ সৃষ্টি কৰে।
(খ) অসমৰ প্রধান নদী ব্রহ্মপুত্ৰৰ তলিখন গভীৰ নহয় (Shallow) যাৰ ফলত বেছি পানী বহন কৰাৰ ক্ষমতা নাই, সেয়ে অতিৰিক্ত পানীখিনিয়ে কিছুদিনৰ বাবে ইয়াৰ উপত্যকা অঞ্চল বানপানীৰ সৃষ্টি কৰে।
(গ) অসম তথা ব্ৰহ্মপুত্ৰৰ সমতলখনৰ ঢাল (Slope) অতি সামান্য (১৩চে.মি. প্রতি কি.মি.) সেয়ে বৰষুণৰ পানীবােৰ লাহে লাহে বৈ যাওতে ইয়াৰ উপত্যকা অঞ্চলত বানপানীৰ সৃষ্টি কৰে

(ঘ) ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈ সমূহৰ ব্যাপক গৰাখহনীয়াৰ ফলত দ অঞ্চলবােৰত অৱক্ষেপন (Deposition) হােৱাৰ বাবে অসমত বানপানী সমস্যাৰ সৃষ্টি কৰে।

প্রঃ বানপানীৰ দুটা ধনাত্মক দিশৰ কথা উল্লেখ কৰা।
উত্তৰঃ বানপানীৰ দুটা ধনাত্মক দিশ হ’ল—
(ক) বানবানীৰ ফলত মাটিৰ পলস পৰে ফলত মাটিৰ উবৰা শক্তি বৃদ্ধি পায় আৰু শস্য উৎপাদন ভাল হয়।
(খ) বানপানীৰ আৱৰ্জনাই বা অবক্ষেপনৰ ফলত বহু পিতনি বা জলাশয় ভূমি পােত হােৱাৰ ফলত কৃষি ভূমিৰ পৰিমাণ বৃদ্ধি পায়।

প্রঃ গৰাখহনীয়া সমস্যাৰ প্ৰধান কাৰণবােৰ উল্লেখ কৰা।
উত্তৰঃ ক’বলৈ গলে গৰাখহনীয়া এটা প্রাকৃতিক পৰিঘটনা। যদিও ইয়াৰ প্ৰধান কাৰণবােৰ হ’ল-

(ক) নদ-নদীৰ কাষৰীয়া অঞ্চলত গছ-গছনি নােহােৱা হােৱাৰ ফলত নদীবােৰৰ গৰাখহনীয়াৰ প্রকোপ বাড়ি সমস্যাৰ সৃটি কৰে।

লগতে পঢ়ক:   পৃথিৱীৰ ভূগোল দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায়

(খ) নদ-নদীৰ কাষৰীয়া মাটি বিলাক ঢিলা মাটি হােৱা বাবে পানীৰ লগত সহজে মিহলি হয়। সেয়ে বানপানী হােৱাৰ আগে পাছে ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰে।

পৰিবেশ আৰু পৰিবেশৰ সমস্যা

প্রঃ ভূমিস্খলন মানে কি?
উত্তৰঃ পাহাৰ-পর্বত বা ওখ ঠাইৰ মাটি-বতাহ-বৰষুণৰ প্ৰভাৱত বা ভূমিকম্পৰ সময়ত মধ্যাকর্ষণ শক্তিৰ ফলত ভূপৃষ্ঠৰ ঢাল অনুসৰি তললৈ নামি আহে। ইয়াকে ভূমিস্খলন (Landslide) বােলা হয়।

প্রঃ ভূমিস্খলন সংঘটিত হােৱাৰ প্ৰধান কাৰণ কি ?
উত্তৰঃ ভূমিস্খলন সংঘটিত হােৱাৰ বহুতাে কাৰণ আছে যদিও তলত দিয়া কেইটাই উল্লেখযােগ্য
(ক)পাহাৰত থকা গছ-গছনি মানুহে কাটি নাইকিয়া কৰাৰ ফলত মাটিৰ বান্ধোন ঢিলা হৈ পৰে ফলত, পাহাৰৰ মাটি তললৈ নামি আহে।
(খ) ভূমিকম্পৰ ফলত পাহাৰৰ মাটিত ফাট মেলে আৰু তাত নেৰানেপেৰা বৰষুণ পৰিলে পাহাৰৰ ফাট মেলা মাটি খন্ড তললৈ নামি আহে। জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ বাসস্থানৰ অভাৱ হ’ব ধৰিলে। বিশেষকৈ নগৰ-মহানগৰবােৰত মানুহ পাহাৰ কটি বসবাস কৰিব ললে। ইয়াৰ ফলত পাহাৰৰ মাটিৰ বান্ধোন শিথিল হ’ব ধৰিলে। অলপ বৰষুণ বা ভূমিকম্প হলেই পাহাৰৰ মাটি তললৈ নামি আহি ভূমিস্খলন ঘটে।

Also Read:  অসমৰ ভৌগােল

প্রঃ বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।
উত্তৰঃ পৃথিৱীৰ বায়ুমণ্ডল প্রধানকৈ গেছীয় পদার্থৰ দ্বাৰা গঠিত। বায়ু দুষিতকারী প্রাকৃতিক কাৰকৰ ভিতৰত আগ্নেয় উদগিৰণেই প্রধান। উদগিৰণৰ সময়ত নির্গত হােৱা ধােৱা, চাই আৰু গেছীয় পদার্থই বায়ু প্ৰদূষিত কৰে। ইয়াৰ উপৰি পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰায়ে সংঘটিত বনজুয়েও বায়ুমণ্ডল দূষিত কৰে। বায়ুমণ্ডল প্রধানকৈ মানুহৰ কার্যাৱলীয়ে প্ৰদূষিত কৰিছে। শিল্প উদ্যোগৰ প্ৰসাৰ, নগৰীকৰণ, যান-বাহনৰ বর্ধির্তব্যৱহাৰ, আণবিক বিস্ফোৰণ আদি মানুহৰ কাৰ্যসমূহ হ’ল পৃথিৱীৰ বায়ুমণ্ডল দুষিত হােৱাৰ প্ৰধান কাৰক।

প্রঃ মৰুভূমি কাক বােলে? মৰুকৰণৰ সংজ্ঞা দিয়া।
উত্তৰঃ যিবােৰ অঞ্চল বালিৰে আবৃত্ত হৈ থাকে তাকে মৰুভূমি বোলে। এইবােৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাস্পীভবন বেছি বাবে মৰুভূমিৰ পৰিৱেশ শুকান। এইবােৰ অঞ্চলত গছ-গছনিও কম থাকে।
মৰুকৰণৰ সংজ্ঞাঃ মৰুকৰণ এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। মৰুকৰণ প্রক্রিয়াই মৰুভূমিবােৰৰ সম্প্ৰসাৰণ ঘটায় আৰু নতুন নতুন ঠাইক মৰুভূমিত পৰিণত কৰে।

প্রঃ মৰুকৰণৰ কাৰণ দশোৱা।
উত্তৰঃ মৰুকৰণ হৈছে এনে এটা প্রক্রিয়া যিয়ে মৰুভূমিবােৰৰ সম্প্ৰসাৰণ ঘটায় আৰু নতুন নতুন ঠাইক মৰুভূমিত পৰিণত কৰে। মৰুকৰণৰ কাৰণবােৰ তলত দিয়া হল-
(ক) প্রাকৃতিক কাৰকবােৰৰ ভিতৰত খৰাং বতৰে মৰুকৰণ প্ৰক্ৰিয়াত সহায় কৰে। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্রাস কৰাৰ লগতে উদ্ভিদ বৃদ্ধিত নেতিবাচক প্রভাৱ পেলায়। ইয়ে মৰুকৰণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে।
(খ) দ্বিতীয়তে, গােলকীয় উত্তাপ বৃদ্ধিয়ে মৰুকৰণ প্ৰক্ৰিয়াক ভয়াবহ ৰূপ দিছে। উত্তাপ বৃদ্ধিয়ে উষ্ণ মৰুভূমিবােৰৰ পৰিৱেশ আৰু অধিক শুকান কৰি তুলি আছে।
(গ)তৃতীয়তে, মানুহৰ কার্যকলাপেও মৰুকৰণ প্রক্রিয়াক সহায় কৰে। মানুহৰ কার্যকলাপৰ ভিতৰত অত্যাধিক পশুচাৰণ, কৃষিৰ প্ৰসাৰ আৰু বননি ধ্বংসই প্রধান।

প্রঃ মৰুকৰণৰ সমস্যাৰ সমাধান সম্ভৱনে?
উত্তৰঃ মৰুকৰণৰ সমস্যা এটা ডাঙৰ সমস্যা। মৰুকৰণ জনিত সমস্যাৰ সমাধান সমগ্র বিশ্ববাসীৰ সন্মুখত এতিয়া এটা জটিল প্রত্যাহ্বান। আন্তর্জাতিক সহযােগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয়। গৈালকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ কাৰণে মৰুকৰণ সমস্যা ক্রমে জটিল হৈ আহিছে। মানুহৰ কার্যাৱলীৰ বাবে এই সমস্যা আৰু অধিক জঢিল হৈ পৰিছে। এই সমস্যা সমাধানৰ বাবে সাধাৰণ আৰু লগতে চৰকাৰে কিছুমান পদক্ষেপ হাতত ল’ব লাগিব। জনসাধাৰণৰ  মাজত পৰিৱেশৰ প্রতি সজাগতা আনিবলৈ কিছুমান সংস্থা আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় পর্যায়ত স্থাপন কৰিলে ভৱিষ্যতে এই সমস্যাটো সমাধান কৰিব পৰা যাব।

প্রঃ পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা।

উ : পৰিৱেশ বুলিলে সাধাৰণতে আমাৰ চাৰিওফালৰ অৱস্থাক বুজায়। ই জীৱীয় আৰু অজীৱীয় সকলাে ধৰণৰ উপাদানক সামৰি লয়।

প্র : পৰিৱেশৰ স্থানীয় সমস্যা কি? উদাহৰণ দি লিখা।

উ : যি সমস্যা এক নির্দিষ্ট সৰু অঞ্চলত সীমাবদ্ধ হৈ থাকে তাকে স্থানীয় সমস্যা বােলে। যেনে—উদ্যোগ প্রতিষ্ঠানৰ পৰা নিৰ্গত ধোঁৱাই অঞ্চলটোত সৃষ্টি কৰ সমস্যা।

প্র : মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?

উঃ মৰুকৰণজনিত সমস্যাৰ সমাধান সমগ্র বিশ্ববাসীৰ সমুখত এতিয়া এটা জটিল প্রত্যাহ্বান। আন্তর্জাতিক সহযােগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয়। মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱ। অৱেশ্য ইয়াৰ বাবে এক দীর্ঘম্যদী আঁচনিৰ প্রয়ােজন। হাবিবননিৰ পৰিমাণ বৃদ্ধি কৰি, বায়ুমণ্ডলৰ উত্তাপ নিয়ন্ত্রণ কৰি, মৰুময় অঞ্চলত বৃক্ষ ৰােপণ আঁচনি গ্ৰহণ কৰিব লাগিব। এইদৰে মৰুকৰণৰ সমস্যা সমাধান কৰিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top