ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 প্ৰশ্ন উত্তৰ

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
বিষয়  সমাজ বিজ্ঞান
প্রথম খণ্ড ইতিহাস
মাধ্যম অসমীয়া
পাঠৰ নাম ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
শ্ৰেণী  দশম
অধ্যায়  চতুৰ্থ অধ্যায়
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

প্রঃ ১। শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(ক) আছাম এছচিয়েছনৰ প্ৰথমখন অধিবেশন ১৯০৫ চনত কত অনুষ্ঠিত হৈছিল ?
(ক) শিৱসাগৰত (খ) যােৰহাটত (গ) ডিব্ৰুগড়ত (ঘ) গােলাঘাটত।
উ : (গ) ডিব্ৰুগড়ত।

(খ) হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ প্ৰকাশৰ ক্ষেত্ৰত অগ্রণী ভূমিকা লােৱা অনুষ্ঠানটো আছিল-
(ক) জ্ঞান প্রদায়িনী সভা (খ) অসমীয়া লিটাৰেৰী ছ’চাইটি (গ) অসমীয়া ভাষা উন্নতি সাধিনী সভা (ঘ) অসম এছচিয়েছন।
উঃ (গ) অসমীয়া ভাষা উন্নতি সাধিনী সভা।

অতি চমু উত্তৰৰ প্রশ্ন :

প্র : ২। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছেল?
উঃ ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত।

প্রঃ ৩। কোম্পানীৰ আমােল বুলিলে কোনটো সময়ক বুজোৱা হয় ?
উ : ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈকে।

প্র  :৪। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?
উ : ১৮৩৭ চনত।

প্র : ৫। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?
উ : ১৮৭৩ চনত৷

প্রঃ ৬। অৰুণােদয় কাকতৰ প্রথম সম্পাদক কোন আছিল ?
উ : নাথান ব্রাউন।

প্র : ৭। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল?
উঃ মিলন।

প্র : ৮। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?
উঃ ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল গ্রেজিং কৰ বন্ধ কৰা, মাটিৰ খজনা হ্রাস কৰা আৰু পূর্ববংগৰ পৰা হােৱা প্ৰব্ৰজন ৰােধ কৰা।

প্রঃ ৯। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?
উ : ১৯৩৩ চনত।

প্রঃ ১০ | আহােম সভাৰ সম্পাদক কোন আছিল ? 

উ : পদ্মনাথ গোঁহাই বৰুৱা।

প্রঃ ১১। যােৰহাট সার্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
উঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যােৰহাট সার্বজনিক সভা গঠন হৈছিল।

প্রঃ ১২। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?
উঃ নবীনচন্দ্ৰ বৰদলৈ।

প্রঃ ১৩। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি কোন আছিল?
উঃ বিষ্ণুৰাম মেধি।

প্রঃ ১৪। অসমৰ প্রথম প্রধানমন্ত্রী কোন আৰু কেতিয়া নির্বাচিত হৈছিল ?
উঃ অসমৰ প্রথম প্রধানমন্ত্রী (বর্তমানৰ মুখ্যমন্ত্রী) গােপীনাথ বৰদলৈ আৰু তেওঁ ১৯৪৬ চনত নির্বাচিত হৈছিল।

প্রঃ ১৫। অসমত স্থাপিত হােৱা প্ৰথমখন-জাতীয় অনুষ্ঠান কি?
উ : তিলক সোঁৱৰণী স্কুল।

প্রঃ ১৬। কুশল কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল?
উ : বৰপথাৰত ৰেল বগৰােৱাৰ অভযােগত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল।

প্র : ১৭। গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?
উ : ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।

প্র : ১৮। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ?
উঃ ১৯৪৭ চনৰ ৩ নবেম্বৰত।

প্র : ১৯। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?
উঃ ১৯৬০ চনৰ ২০ ছেপ্তেম্বৰত আৰম্ভ হয়।

দশম শ্ৰেণীৰ ইতিহাস চতুৰ্থ অধ্যায়

চমু উত্তৰৰ প্রশ্নঃ

প্রঃ ১। অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
উঃ ১৯১৩ চনত কৰিমগঞ্জত আৰু ১৯২৩ চনত তিতাবৰত কৃষি গৱেষণা কেন্দ্র প্রতিষ্ঠা হােৱাৰ লগে লগে অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি হয় বুলি ক’ব পাৰি। যদিও এই কেন্দ্রসমূহহে গৱেষণা আৰু প্রশিক্ষণ অবিৰামভাৱে চলাই আছিল তথাপি এখন সুখীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়েহে ১৯৪৮ চনত নগাঁৱত ‘অসম পশু মহাবিদ্যালয় আৰু ‘যােৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হয়। এই দুয়ােখন মহাবিদ্যালয় সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয়।

প্র : ২। অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা।
উঃ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হয় ডিব্ৰুগড়ত। ১৯০০ চনত ড° জন বেৰী হােৱাইটৰ ৫০,০০০ টকাৰ অনুদানেৰে বেৰী হােৱাইট মেডিকেল স্কুল স্থাপন হৈছিল। তেওঁ আছিল লক্ষিমপুৰ জিলাৰ চিভিল চার্জন। ১৯১০ চনত এই চিকিৎসালয়লৈ ইংলেণ্ডৰ পৰা দুটা এক্সৰে মেচিন আমদানি কৰা হৈছিল। ইয়াৰ লগে লগে তাত ৰেডিঅ’লজি বিভাগ আৰম্ভ হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল। যিখন যুদ্ধৰ সময়ত আমেৰিকাৰ সৈন্যবাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নবেম্বৰত এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে ‘অসম চিকিৎসা মহাবিদ্যলয়’ নামেৰে নামাকৰণ কৰা হয়।

প্রঃ ৩। আহােম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা।
উঃ ১৮৯৩ চনত পদ্মনাথ গোহাঞিবৰুৱাৰ নেতৃত্বত আহােম সভা প্রতিষ্ঠা হৈছিল। আহােম জনগােষ্ঠীৰ ৰাজনৈতিক, অর্থনৈতিক, শৈক্ষিক আদি দিশৰ অৱনতিৰ প্রতি চিন্তা কৰি এই সভা গঠন কৰা হৈছিল। এই সভাৰ ৰাজনৈতক দাবী আছিল— আহােমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্রদায়ৰ মর্যাদা প্রদান কৰি তেওঁলােকৰ বাবে বিধানসভাৰ আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা।

প্রঃ ৪। কানিৰ প্ৰচলন সম্পর্কে যােৰহাট সার্বজনিক সভাৰ স্থিতি কি আছিল চমুকৈ লিখা।
উঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত সার্বজনিক সভাৰ জন্ম হয়। এই সভাই অসমৰ মুখ্য সচিবৰ জৰিয়তে ৰাজকীয় কানি আয়ােগলৈ স্মাৰক পত্ৰযােগে কানিৰ একাধিক উপকাৰিতা বিৱৰি চৰকাৰৰ কানি নীতিৰ পৰিৱর্তন বা কানি নিবাৰণৰ প্রস্তাবৰ বিৰােধিতা কৰিছিল।

প্র : ৫। আছাম এছ’চিয়েছনে ব্রিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?
উ : আছাম এছে’ছিয়েচনে ব্রিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়বােৰ হ’ল—
(১) পৌৰসভাত চৰকাৰী বিষয়া আৰু লােকেল ব’র্ডৰ চাহ খেতিয়কৰ আধিপত্যৰ বিৰােধিতা কৰা।
(২) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰােধিতা কৰা।
(৩) স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকৰণৰ দাবী উত্থাপন
(৪) শিক্ষাৰ দিশত অসমক আসাম এছ’ছিয়েচনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।

প্র : ৬। অসমত অসহযােগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা।
উ : ১৯২০ চনত মহাত্মাগান্ধীৰ নেতৃত্বত আৰম্ভ হােৱা অসহযােগ আন্দোলনত অসমেও জঁপিয়াই পৰিছিল। অসমত অসহযােগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকল আছিল লক্ষীধৰ শৰ্মা, ৰােহিণীকান্ত হাতীবৰুৱা, তৰুণ ৰাম ফুকন, মুহিবুদ্দিন আহমেদ, নবীন চন্দ্র বৰদলৈ, বিষ্ণুৰাম মেধি, বেণুধৰ শৰ্মা, কনক চন্দ্ৰ বৰুৱা আদি।

প্র : ৭। অসমীয়া লিটাৰেৰী ছ’চাইটীৰ বিষয়ে চমুকৈ লিখা।
উঃ কলিকতালৈ উচ্চ শিক্ষাৰ বাবে- যােৱা আৰু অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নয়নৰ বাবে দেৱীচৰণ বৰুৱা আৰু গুণগােবিন্দ ফুকনৰ নেতৃত্বত ১৮৭২ চনত অসমীয়া লিটাৰেৰী ছ’চাইটি’ নামৰ প্রথমটি সংগঠন কলিকতাত গঠন হয়। এই অনুষ্ঠানটি প্রধান উদ্দেশ্য আছিল সাহিত্য চর্চা কৰাৰ জৰিয়তে অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশ সাধন কৰা। অৱশ্যে ই ৰাজনৈতিক চিন্তা আৰু সচেতনতাৰৰ প্রকাশ ঘটাইছিল। ১৮৭২ চনত এই সংগঠনৰ প্ৰসিদ্ধ সদস্য জগন্নাথ বৰুৱা আৰু মাণিক চন্দ্র বৰুৱাই উক্ত ছ’চাইটিৰ তৰফৰপৰা সেই সময়ৰ ভাইৰয় লর্ড নর্থব্রুক এখন স্মাৰকপত্র দাখিল কৰিছিল। সেইখনত তেওঁলােকে অসমৰ প্ৰাকৃতিক সম্পদ উন্নয়ন আৰু অসম আৰু বংগৰ মাজত ৰেল সংযােগ স্থাপনৰ বাবে যাবতীয় পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনাইছিল। ১৮৮৫ চনলৈকে অসমীয়া লিটাৰেৰী ছ’চাইটি সক্রিয় হৈ আছিল।

প্রঃ ৮। জোনাকী যুগ বুলিলে কোনটো সময় বুজোৱা হয়? এই যুগৰ উল্লেখযােগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাষ দিয়া।
উঃ জোনাকী যুগ বুলিলে ১৮৮৯ চনৰ পিছৰ দশকটোকে বুজায়। অসমীয়া ভাষাৰ স্বতন্ত্রতাৰ ওপৰত হােৱা আক্ৰমণৰ প্রৱণতাৰ লক্ষ্য কৰি অসমীয়া ভাষা আৰু সাহিত্যৰ বিকাশ আৰু উন্নয়নৰ বাবে কলিকতাত কেইজনমান অসমীয়া ছাত্ৰৰ উদ্যোগত ১৮৮৮ চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হয়। এই সভাই ‘জোনাকী নামৰ এখন অসমীয়া কাকত উলিয়ায়। এই আলােচনীয়ে অসমীয়া সুধী সমাজত এক নতুন আলােড়ন সৃষ্টি কৰিছিল। অৰুণােদয়ৰ জৰিয়তে আৰম্ভ হােৱা সাহিত্যিক নৱজাগৰণে জোনাকীৰ পাততেই পৰিপূৰিৰ্ণতা লাভ কৰিছিল। চন্দ্ৰকুমাৰ আগৰৱালা আছিল এই আলােচনীখনৰ প্রথম সম্পাদক। এই কাকতৰ তিনিজন সাহিত্যিক তথা পৃষ্ঠপােষক আছিল যথাক্রমে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্র গােস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা।

লগতে পঢ়ক:   অসমৰ ভূগোল Class 10 প্ৰশ্ন উত্তৰ দশম শ্ৰেণীৰ ভূগোল অধ্যায় ৪

জোনাকীৰ প্রথম সংখ্যাত এটা বিষয় স্পষ্ট হৈ পৰিছিল। যে ই ৰাজনীতিৰ পৰা মুক্ত হৈ থাকিব। কিন্তু কালক্ৰমত স্বাভাৱিকভাৱেই ‘জোনাকী’ত প্রকাশিত কবিতা, প্ৰৱন্ধ নিৱন্ধ আদিত লেখকসকলৰ জাতীয়তাবাদী চিন্তাৰ প্রতিফলন ঘটিছিল। অসমত ব্ৰিটিছসকলৰ আগমনৰ ফলত অসমৰ থলুৱা উদ্যোগ আৰু বাণিজ্যত যি নেতিবাচক প্রভাৱ পৰিছিল সেই বিষয়ে ‘জোনাকী’য়ে সচেতনতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল। এনে পৰিপ্ৰেক্ষিতত কমলাকান্ত ভট্টাচার্য, কনকলাল বৰুৱাই নিয়মীয়াকৈ অসমৰ অর্থনৈতিক অনগ্ৰসৰতা আৰু প্ৰগতিৰ ধাৰা সম্পর্কীয় নিৱন্ধ প্রকাশ কৰিছিল। লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অসম সংগীত’, ‘মােৰ দেশ’, ‘বীণ বৰাগী আদি আৰু অম্বিকাগিৰি ৰায় চৌধুৰীৰ ৰচনাই দেশপ্রেমৰ জয় গান গাইছিল। জোনাকীয়ে এক সাহিত্যিক তথা সামাজিক চেতনা জাগ্রত কৰিছিল। এনেদৰে ‘জোনাকী’ কাকতে অসমত জাতীয়তাবাদী ভাৱধাৰাৰ উত্তৰণত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল।

প্রঃ ৯। অসমত বিদেশী বস্তু বর্জন আন্দোলনৰ কার্যাৱলী সম্পর্কে চমুকৈ লিখা।
উঃ  স্বদেশী আন্দোলনৰ প্ৰভাৱ অসমতাে পৰিছিল। ১৯০৫ চনত ভাৰতৰ ভাইৰয় লর্ড কার্জনৰ বংগ ভংগৰ সময়তে পদ্মনাথ গােহাঞিবৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, প্ৰমুখ্যে এচাম মুখিয়াল ব্যক্তিয়ে অসমবাসীৰ মাজত বংগ ভংগৰ বিৰুদ্ধে প্রচাৰ চলাইছিল। অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গােবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্রোহী সংগঠন গঢ়ি তুলিছিল। গুৱাহাটীৰ এদল ছাত্ৰই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপার্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। বংগ ভংগ আঁচনিৰ প্রতিবাদ স্বৰূপে বিদেশী বস্তু বর্জন আৰু স্বদেশী বস্তু ব্যৱহাৰৰ পক্ষে আন্দোলন আৰম্ভ হয়। অসমৰ তেজপুৰ, বৰপেটা, ধুবুৰী, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আদি বিভিন্ন ঠাইত বিদেশী বস্তু বর্জনৰ সপক্ষে প্রতিবাদী সভাসমূহ অনুষ্ঠিত হৈছিল। বিভিন্ন সম্প্রদায়ৰ লােকে এই প্রতিবাদী সভাসমূহত অংশ গ্রহণ কৰিছিল। বিদেশী বস্ত্ৰ আৰু সামগ্রী বর্জন, জাতীয় শিক্ষানুষ্ঠান স্থাপন আৰু থলুৱা সামগ্ৰীৰ ব্যৱহাৰ এই তিনটা স্বদেশী আন্দোলনৰ মুখ্য বিষয় আছিল। বংগদেশতকৈ ব্ৰহ্মপুত্র উপত্যকাত এই আন্দোলন পৃথক আছিল। সেই সময়ত অসমৰ জনসাধাৰণে নিমখৰ পৰিৱর্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি আৰু বিদেশী বস্ত্ৰৰ পৰিৱর্তে থলুৱা কাপােৰ যেনে— এড়ি, মুগা আদি ব্যৱহাৰ কৰিছিল।

দশম শ্ৰেণীৰ ইতিহাস চতুৰ্থ অধ্যায়

প্রঃ ১০। কানিংহাম চাকুলাৰে অসমত আইন অমান্য আন্দোলনৰ ক্ষেত্ৰত কেনে প্রভাৱ পেলাইছিল?
উঃ মহাত্মাগান্ধীয়ে সতীর্থসকলৰ সৈতে নিজে নিমখ তৈয়াৰ কৰি চৰকাৰী লােণ আইন ভংগ কৰি আইন অমান্য আন্দোলন আৰম্ভ কৰে। মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হােৱা আইন অমান্য আন্দোলনত অসমৰ ছাত্ৰসকলে এক বলিষ্ঠ ভূমিকা লৈছিল। ছাত্ৰসকলক আন্দোলনৰ পৰা বিৰত ৰাখিবলৈ শিক্ষাধিকাৰ জে আৰ কানিংহামে এখন চাকুলাৰ উলিয়ায়। সেই ঘােষণা পত্রকে ‘কানিংহাম চাকুলাৰ বুলি কোৱা হয়। এই নির্দেশ অনুসৰি তেওঁ ছাত্ৰসকলৰ অভিভাৱকৰ পৰা এখন লিখিত প্রতিশ্রুতি বিচাৰিছিল যে তেওঁলােকৰ লগতে সন্তানসকলেও আন্দোলনত যােগদান নকৰি শিক্ষা বিভাগৰ নীতি-নিয়ম মানি চলিব। ছাত্ৰসকলে এই অপমানজনক নির্দেশনাৰ বিৰুদ্ধে। তীব্র প্রতিক্রিয়া প্রকাশ কৰিছিল যিয়ে পিছলৈ অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত অৰিহণা যােগাইছিল। অসম ছাত্ৰ সন্মিলনে ইয়াৰ আঁচনি আৰু কাৰ্যপন্থাৰ বিষয়ে আলােচনা কৰিবলৈ গুৱাহাটীত এখন বিশেষ সভা অনুষ্ঠিত কৰি চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জনৰ সিদ্ধান্ত লৈছিল। ১৯৩০ চনত জুলাই আৰু আগষ্ট মাহত ১৫,১৮৬ জন মুঠ ছাত্ৰৰ প্রায় ৩১১৭ জনে নিজৰ শিক্ষানুষ্ঠান এৰিছিল।

প্রঃ ১১। গােপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হােৱা সমস্যা সম্পর্কে চমুকৈ লিখা।
উঃ ১৯৪৬ চনত অনুষ্ঠিত হােৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাৰ সখ্যাংগৰিষ্ঠ আসন লাভ কৰাত গােপীনাথ বৰদলৈৰ নেতৃত্বত অসমত মন্ত্রীসভা গঠন হয়। গােপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হােৱা সমস্যাসমূহ হ’ল— স্বাধীনতাৰ পিছে পিছে উত্তৰ-পূর্বাঞ্চলে সীমান্ত সমস্যাৰ সন্মুখীন হ’বলগা হৈছিল। ১৯৪৭ চনৰ দেশ বিভাজনে ভাৰতবৰ্ষৰ আন আন অঞ্চলৰ লগত উত্তৰ- পূব ভাৰতৰ যােগাযােগ বিঘ্নিত কৰিছিল। বিভাজনৰ পিছত পশ্চিম বংগ আৰু অসমৰ মাজৰ ৰেলপথ আৰু নদী পৰিবহন হঠাতে পূর্ব পাকিস্তানৰ অন্তৰ্গত হৈছিল। ফলত পৰিবহন ব্যৱস্থাত সমস্যাৰ সৃষ্টি হৈছিল। বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত থকা অর্থনৈতিক সম্পর্ক বিঘ্নিত হৈছিল। অর্থনৈতিক সমস্যাৰ মুখামুখি হােৱাৰ লগে লগে উত্তৰ-পূব ভাৰতে অনুপ্রৱেশকাৰীৰ সমস্যা ভৌগােলিক পুনৰগঠনৰ সমস্যাৰ সন্মুখীন হৈছিল। ১৯৬২ চনৰ চীনৰ ভাৰত আক্রমণে উত্তৰ-পূব ভাৰতৰ নিৰাপত্তাৰ প্ৰতিও প্রচণ্ড ভাবুকিৰ সৃষ্টি কৰিছিল।

Class 10 Social Science Chapter 4 question Answer in Asamese

দীঘল উত্তৰৰ প্ৰশ্ন 

প্রঃ ১। যােৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কার্যাৱলী সম্পর্কে লিখা।
উঃ ১৮৮৪ চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যােৰহাট সার্বজনিক সভা স্থাপিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ। জগন্নাথ বৰুৱাৰ আশাশুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনেই আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক সভা। এই সভাৰ মূল উদ্দেশ্যসমূহ আছিল-
(১) ৰাইজৰ আশা, আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰাৰা।
(২) চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা।
(৩) জনসাধাৰণৰ অৱস্থা উন্নত কৰা।

এই সভাৰ কার্যাৱলীবােৰ হ’ল-
(১) ১৮৮৬ চনৰ চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল।
(২) ১৮৯২-৯৩ চনত সভাই কৃষক সমাজৰ লগত একেলগে বধিত কৰৰ বিৰােধ কৰিছিল।
(৩) ১৮৯৩ চনত সভাই অসমৰ মুখ্য সচিবৰ জৰিয়তে ৰাজকীয় কানি আয়ােগলৈ স্মাৰক পত্ৰযােগে কানিৰ একাধিক উপকাৰিতাৰ লেখ দি চৰকাৰৰ কানি নীতি পৰিৱৰ্তন বা কানি নিবাৰণৰ প্রস্তাবৰ বিৰােধীতা কৰিছিল।

প্র : ২। অসমত ভাৰত ত্যাগ আন্দোলনৰ কার্যাৱলী আৰু প্ৰভাৱ সম্পর্কে এটি খতিয়ান দাঙি ধৰা
উঃ ১৯৪২ চনৰ ৮ আগষ্টত কংগ্ৰেছৰ মুম্বাই অধিৱেশনত ঐতিহাসিক ভাৰত ত্যাগ’ প্রস্তাৱ গ্ৰহণ কৰা হয়। গান্ধীজীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত সমগ্র দেশবাসী নামি পৰে। মহাত্মাগান্ধী, জৱাহৰলাল নেহৰু আদি কংগ্ৰেছৰ শীর্ষস্থানীয় নেতাসকলক চৰকাৰে গ্ৰেপ্তাৰ কৰাত সমগ্র দেশজুৰি প্রতিবাদৰ জোৱাৰ উঠিছিল। এই আন্দোলনৰ মুখ্য শ্লোগান আছিল হয় দেশ স্বাধীন কৰিম নহয় প্রাণ বিসর্জন দিম’। অসমতাে এই ধ্বনি শুনিবলৈ পােৱা গৈছিল। দেশৰ আন ঠাইৰ দৰে অসমতাে হিংসাত্মক কার্যকলাপ বৃদ্ধি পাইছিল। চৰকাৰী কাৰ্যালয়ত অগ্নি সংযােগ, ৰেল বগৰােৱা, টেলিগ্রাফ লাইন ছিঙা আদি সঘনে সংঘটিত হৈছিল। গােলাঘাটৰ সৰু পথাৰত ৰেল বগৰােৱা ঘটনাৰ লগত জড়িত বুলি কোশল কোঁৱৰক ফাঁচী দিয়া হৈছিল। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতাে এই আন্দোলন এইদৰে বিয়পি পৰিছিল। জেলত থকা, নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰে সীমা চেৰাই যােৱাত এই আন্দোলনে বিপ্লৱ বা হিংসাত্মক ৰূপ লৈছিল। জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ পথসমুহ ধ্বংস কৰি। দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী ঘৰ- দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াবােক হাৰাশাস্তি কৰা হৈছিল। ভাৰত ত্যাগ আন্দোলনৰ সময়ত চৰকাৰী দমননীতিয়ে চূড়ান্তৰূপ লৈছিল। দৰঙৰ গহপুৰ, নগাঁৱৰ বেবেজীয়া, বঢ়মপুৰ, বৰপূজীয়া, ঢেকীয়াজুলি, বৰপেটাৰ পাটাছাৰকুছি, গােৱালপাৰা আৰু ফকিৰাগ্ৰামত পুলিচৰ গুলীত অতি কমেও ২৭ গৰাকী লােক শহীদ হৈছিল। এইসকলৰ ভিতৰত অন্যতম আছিল বাউত্যাৰাম কোচ, মদনচন্দ্র বর্মন, ভােগেশ্বৰী ফুকননী, মুকুন্দ কাকতী আৰু কনকলতা বৰুৱা। এনেদৰে ভাৰত ত্যাগ আন্দোলনত অসমে এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল।

প্র : ৩। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা। 
উঃ ১৯৩০ চনৰ ১২ মার্চ তাৰিখে মহাত্মা গান্ধীয়ে ডাণ্ডিত লােণ আইন ভংগ কৰি ‘আইন অমান্য আন্দোলন আৰম্ভ কৰে। এই আইন অমান্য আন্দোলন সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতাে বিয়পি পৰিল। মহাত্মা গান্ধীয়ে সাগৰৰ পানী তপতাই লােণ প্রস্তুত কৰি লােণ আইন ভঙ্গ কৰাৰ সময়তে অসমত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়াবুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰি ৰায় চৌধুৰী আদিৰ নেতৃত্বত গুৱাহাটীৰ জর্জ খেলপথাৰত সকলাে একত্ৰিত হৈ গান্ধীৰ লােণ সত্যাগ্রহৰ প্রতি নিজৰ আনুগত্য প্রদর্শন কৰিছিল। সেই সময়ত কলিকতাৰ চি. টি. কলেজত পঢ়ি থকা লীলাধৰ বৰুৱাই মহাত্মা গান্ধীৰ ডাণ্ডী যাত্ৰাত অংশ লৈছিল।

লগতে পঢ়ক:   পৰিবেশ আৰু পৰিবেশৰ সমস্যা (উত্তৰ) দশম শ্ৰেণী ভূগোল অধ্যায় ২

ছাত্ৰসকলেও মিলিত হৈ আইন অমান্য। আন্দোলনৰ কাৰ্যসূচীত অংশ গ্রহণ কৰিছিল। কটন কলেজৰ ছাত্ৰসকলে আইন অমান্য আন্দোলনৰ কাৰ্যসূচীত আগভাগ লৈছিল। সিদ্ধিনাথ শর্মা অমিয় কুমাৰ দাস আদি নেতাই সমগ্র অসমতে আন্দোলনৰ কাৰ্যসূচী বিয়পাই দিছিল। মহিলাসকলেও এই আন্দোলনত যােগদান কৰিছিল। ১৯৩০ চনৰ ৫ মে তাৰিখে মহাত্মা গান্ধী গ্রেপ্তাৰ হােৱাৰ প্ৰতিবাদত আইন অমান্য আন্দোলন জোৰদাৰ হৈছিল। ছাত্ৰসকলে এই আন্দোলনত জঁপিয়াই পৰাত অসমৰ শিক্ষাধিকাৰ কানিংহামে এখন নির্দেশনামা জাৰি কৰিছিল। এই নির্দেশ অনুসৰি তেওঁলােকৰ অভিভাৱকৰ পৰা এখন লিখিত প্রতিশ্রুতি বিচাৰিছিল যে তেওঁলােকৰ সন্তানে আন্দোলনত যােগদান নকৰি শিক্ষা বিভাগৰ নীতি- নিয়ম মানি চলিব। এই নির্দেশনামাৰ বিৰুদ্ধে ছাত্ৰসকলে উদ্যমেৰে এই আন্দোলন সক্রিয় কৰিছিল। বহুতাে ছাত্রই চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰি বেচৰকাৰী অনুষ্ঠানত নাম ভর্তি কৰিছিল। অসম ছাত্র সম্মিলনে ইয়াৰ আঁচনি আৰু কার্যপন্থাৰ বিষয়ে আলােচনা কৰিবলৈ গুৱাহাটীত এখন। বিশেষ সভা অনুষ্ঠিত কৰিছিল। তেওঁলােকে চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জনৰ সিদ্ধান্ত লৈছিল। ১৯৩০ চনত জুলাই আৰু আগষ্ট মাহত ১৫,১৮৬ জন মুঠ ছাত্ৰৰ প্রায় ৩১১৭ জনে নিজৰ শিক্ষানুষ্ঠান এৰিছিল। ইয়াৰ পিছতেই কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰা হৈছিল। ৫০ শতাংশ মাটিৰ খাজনা হ্রাসৰ দাবীৰে খেতিয়কসকলাে আন্দোলনত জড়িত হৈ পৰিছিল। ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা কৰিছিল। ছাত্ৰসকলৰ এই আন্দোলন সুমা উপত্যকালৈয়াে প্ৰসাৰিত হৈছিল। এনেদৰে আইন অমান্য আন্দোলনত অসমে এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল।

প্রঃ ৪। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উঃ কৃষকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে তেজপুৰ আৰু নগাঁৱত ৰায়ত সভাৰ জন্ম হৈছিল। চৰকাৰে প্রবর্তন কৰা জন্ম হৈছিল। ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে এই ৰায়ত সভাৰ ৰায়ত সভাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল এনে ধৰণৰ
(ক) গ্রেজিং কৰ বন্ধ কৰা।
(খ) বর্ধিত মাটিৰ খাজানা হ্রাস কৰা।
(গ) জনসাধাৰণৰ অভাব আৰু অভিযােগসমূহ চৰকাৰৰ দৃষ্টিগােচৰ কৰা।
(ঘ) পূর্ববংগৰ পৰা হােৱা প্ৰব্ৰজন ৰােধ কৰা।

১৮৬১-১৮৯৩ চনত চৰকাৰে অসমত ৰাজহ বৃদ্ধি কৰাৰ প্ৰতিবাদত উত্তৰ কামৰূপৰ সৰ্থেবাৰী, লাচিমা, ৰঙিয়া আৰু দৰং জিলাৰ পথৰুঘাটত কৃষকসকলে গঢ়ি তােলা বিদ্রোহত ৰায়ত সভাই উদ্যোগ লােৱা নাছিল। অৱশ্যে আইন অমান্য আন্দোলনৰ সময়ছােৱাত অসম প্রাদেশিক কংগ্ৰেছ সমিতিৰ তত্বাৱধানত পুনৰ ৰায়ত সভাৰ সূচনা হৈছিল। এই সময়ছােৱাত ছয় দুৱাৰ, ন দুৱাৰ, শিৱসাগৰ আদি ঠাইত ৰায়ত সভা সংগঠিত হৈছিল। ৰায়ত সভাসমূহক অধিক সক্রিয় আৰু শক্তিশালী কৰিবলৈ এক উমৈহতীয়া কেন্দ্রীয় সমিতি-সদৌ অসম ৰায়ত সভা ১৯৩৩ চনত গঠন কৰা হয়। ইয়াৰ প্রথম অধিবেশন যােৰহাটৰ টিলিকি আমত ১৯৩৩ চনৰ ৮ এপ্রিল তাৰিখে কংগ্ৰেছ নেতা নবীন চন্দ্র বৰদলৈৰ সভাপতিত্বত অনুষ্টিত হৈছিল। ১৯৩৪ চনত দেৰগাঁৱত অনুষ্ঠিত হােৱা দ্বিতীয়খন অধিৱেশনত কমেও ৩০০০ কৃষকে অংশগ্রহণ কৰিছিল। এই অধিৱেশনৰ সভাপতি আছিল ডাঃ হৰেকৃষ্ণ দাস। ১৯৩৪-৩৯ চনৰ ভিতৰত অসমত প্রায় ৩০০খন ৰায়ত সভা আছিল। কংগ্ৰেছ মন্ত্রীসভা গঠন হােৱাৰ পিছৰ পৰা কংগ্ৰেছ সমিতিসমূহে ৰায়ত সভাসমূহক সামৰি লৈছিল।

দশম শ্ৰেণীৰ ইতিহাস চতুৰ্থ অধ্যায়

প্র : ৫। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পর্কে সংক্ষিপ্ত বিৱৰণ দিয়া।
উ : ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্রেছৰ জন্মই এক নতুন অধ্যায়ৰ সূচনা কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছে সর্বভাৰতীয় স্তৰত প্ৰসাৰ লাভ কৰে। অসমতাে বিভিন্ন অনুষ্ঠানৰ প্রতিনিধিসকলে প্রথমৰে পৰা জাতীয় কংগ্রেছৰ অধিৱেশন সমূহত অংশ গ্ৰহণ কৰি আহিছিল। আছাম এছচিয়েচনে ১৯২১ চনৰ অসহযােগ আন্দোলনত অংশ গ্রহণ কৰি লাহে লাহে সৰ্বভাৰতীয় ৰাজনীতিলৈ অগ্ৰসৰ হৈছিল। সেই সুযােগতে আছাম এছচিয়েচনৰ একাংশ নেতা-কর্মীয়ে এছ’চিয়েচনক কংগ্ৰেছৰ প্রাদেশিক কমিটিলৈ ৰূপান্তৰিত কৰিছিল। আছাম এছ’চিয়েচনক কংগ্ৰেছ সংগঠনলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে ছবিলাল উপাধ্যায়ৰ পৌৰহিত্যত ১৯২১ চনৰ ১৮ এপ্রিলত যােৰহাটত এখন বিশেষ অধিৱেশন অনুষ্ঠিত হয়। সেই বছৰৰে জুন মাহত নবীন চন্দ্র বৰদলৈ, ছবিলাল উপাধ্যায় আৰু কৃষ্ণকান্ত ভট্টাচাৰ্যৰ উদ্যোগত অসম প্রদেশ কংগ্রেছ কমিটি গঠন হয়। ১৯২০ চনত নাগপুৰত অনুষ্ঠিত হােৱা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাষাৰ ওপৰত ভিত্তি কৰি ৰাজ্য পুনর্গঠনৰ প্ৰস্তাৱ গৃহীত হৈছিল। কংগ্ৰেছৰ এই নীতিয়ে জাতীয়তাবাদী সকলক বাৰুকৈয়ে
উৎসাহিত কৰি কংগ্ৰেছৰ প্রতি আকর্ষিত কৰি তুলিছিল। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন সভাপতি কুলধৰ চলিহা আছিল আৰু নবীনচন্দ্ৰ বৰদলৈ সম্পাদক আছিল। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ তত্বাৱধানত ১৯২১ চনত মহাত্মা গান্ধীক অসমত অসহযােগ আন্দোলন প্রচাৰ কৰিবলৈ নিমন্ত্রণ কৰি অনা। হৈছিল। গান্ধীৰ আগমনে অসম প্রদেশ কংগ্ৰেছ কৰ্মীসকলৰ মাজত আলােড়ন সৃষ্টি কৰিছিল। ফলস্বৰূপে অসহযােগ আন্দোলন অসমত সক্রিয় হৈ পৰিছিল। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত হােৱা প্ৰথমজন সভাপতি আছিল বিষ্ণুৰাম মেধি। তেওঁ ১৯৩০ চনৰ পৰা ১৯৩৯ চনলৈ সভাপতিৰ কার্যভাৰ চলাইছিল। ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰাত গােপীনাথ বৰদলৈৰ নেতৃত্বত অসমত প্রথম মন্ত্রীসভা গঠন হয়।

৬/ স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া।
উঃ ১৯০৫ চনত লর্ড কার্জনৰ বংগভংগ আঁচনিৰ প্রতিবাদত বিদেশী বস্তু বর্জন কৰি স্বদেশী বস্তু গ্ৰহণৰ উদ্দেশ্যে স্বদেশী আন্দোলন আৰম্ভ হয়। ব্রিটিছে অসমত প্ৰদান কৰা ইংৰাজী শিক্ষা বর্জন কৰি জাতীয় শিক্ষা গ্রহণ কৰাৰ সিদ্ধান্ত লৈছিল। এই কার্যসূচীৰ ৰূপায়ন কৰোঁতে প্রাচীন অসমীয়া শিক্ষা, সাহিত্য-সংস্কৃতি আৰু ভাষাৰ ওপৰত অধিক গুৰুত্ব প্রদান। কৰা হৈছিল যাতে মানুহে অতীতক লৈ গৌৰৱবােধ কৰিব পাৰে। অসমৰ তেজপুৰ, ধুবুৰী, বৰপেটা, গৌৰীপুৰ, গুৱাহাটী আদি ঠাইত প্রতিবাদী সভাসমূহ অনুষ্ঠিত হৈছিল। অসমৰ জনসাধাৰণে নিমখৰ পৰিৱর্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি আৰু বিদেশী বস্ত্ৰৰ বিপৰীতে থলুৱা কাপােৰ ব্যৱহাৰ কৰিছিল। সুৰমা ভেলী এছচিয়েছনৰ নেতৃত্বত সুৰমা উপত্যকাত এই আন্দোলন যথেষ্ট জনপ্রিয় হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে হবিগঞ্জ, শ্রীহট্ট, শ্রীমংগল, লখাই বনিয়াচগ, শিলচৰ, কৰিমগঞ্জ আদি ঠাইত বহুতাে জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল।

প্র : অসহযােগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি চমু বর্ণনা লিখা।
উঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযােগ আন্দোলন এক গুৰুত্বপূর্ণ অধ্যায়। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন ১৯২০ চনৰপৰা ১৯২২ চনলৈ চলিছিল। গান্ধীৰ সবল নেতৃত্বত এই আন্দোলনে অহিংস পথেৰে ব্রিটিছ শাসনৰপৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ দৃঢ় প্রতিজ্ঞ হৈছিল। ১৯২০ চনৰ ডিচেম্বৰত তেজপুৰত বহা আসাম এছ’চিয়েচনৰ ১৭ সংখ্যক অধিৱেশনত তীব্র বাক- বিতণ্ডাৰ অন্তত অসহযােগ আন্দোলনত অংশগ্ৰহণৰ প্ৰস্তাৱ গ্রহণ হৈছিল আৰু আন্দোলনৰ সমৰ্থনত কংগ্ৰেছৰ নীতি- নির্দেশনা মানি চলিবলৈ সিদ্ধান্ত লােৱা হৈছিল। ১৯২১ চনৰ জুন মাহত অসম প্রদেশ কংগ্ৰেছ কমিটী গঠন হােৱাত এই আন্দোলন সােনকালেই ৰাষ্ট্ৰীয় আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল।

১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমনে এই আন্দোলন অধিক জনপ্রিয় কৰি তুলিছিল। গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বিদেশী বস্ত্র বর্জন আন্দোলনত অংশগ্রহণ কৰি। বিদেশী বস্তুসমূহৰ জুই লগাই দিছিল। হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, চন্দ্রনাথ শর্মা, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বর্জন কৰি এই আন্দোলনত অংশ লৈছিল। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্র বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ বিষ্ণুৰাম মেধি আদি উকীলসকলেও ওকালতি এৰি আন্দোলনত অংশগ্রহণ। কৰিছিল। বহুতাে চৰকাৰী বিষয়া আৰু শিক্ষকেও তেওঁলােকৰ দায়িত্ব এৰি দিছিল। আন্দোলনৰ বৰ্দ্ধিত প্ৰভাৱৰ ফলতেই গুৱাহাটী, নলবাৰী, যােৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ, মৌলবী বজাৰ আদি ঠাইত জাতীয় শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰা হৈছিল। ১৯২১ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত প্রথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত ‘তিলক সোঁৱৰণী স্কুল প্রতিষ্ঠা কৰা হৈছিল। অসমত এই আন্দোলনৰ এক উল্লেখযােগ্য প্রভাৱ আছিল কানিৰ প্ৰচলন বন্ধ কৰা। আন্দোলনত কংগ্রেছ। কর্মীসকলে সবলৰূপে কানিৰ প্ৰচলন বন্ধ কৰিবৰ বাবে গ্রহণ কৰা কাৰ্যপন্থাৰ পৰিপ্ৰেক্ষিততে কানিৰ ব্যৱহাৰ হ্রাস হৈছিল।

লগতে পঢ়ক:   বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science Chapter 1 Question Answer in Assamese Medium

এই আন্দোলনৰ আন এটা উল্লেখযােগ্য গঠনমূলক কাম আছিল– খাদীৰ প্ৰচলন জনপ্রিয় কৰি তােলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা। চাহবাগিচাৰ বনুৱাসকলে মজুৰি বৃদ্ধিৰ দাবী জনােৱাৰ লগতে গান্ধীৰ জয় ধ্বনি দি শশাষণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। মালিকসকলে বনুৱাসকলক বল প্রয়ােগ কৰি ওভােতাই আনিবলৈ জিলা প্ৰশাসনক হেঁচা দিছিল। এনে বল প্রয়ােগৰ ফলত বহুতাে বনুৱাৰ মৃত্যু হৈছিল আৰু বাকী সকল বাগিচালৈ উভতি আহিবলৈ
বাধ্য হৈছিল।

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

প্র : ৮। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কার্যাৱলীৰ বিষয়ে আলােচনা কৰা।
উঃ অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নয়নৰ বাবে কলিকতাত অধ্যয়ন কৰি থকা কিছুমান অসমীয়া ছাত্ৰৰ উদ্যোগত ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হয়। এই সভাৰ জন্মৰ অন্তৰালত আছিল। হেমচন্দ্র গােস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, কনকলাল বৰুৱা, ৰমাকান্ত বৰকাকতি আদি ব্যক্তিসকল। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসম্মত উত্তৰণৰ লগতে অসমৰ সকলাে পাঠশালাত শুদ্ধ আৰু উন্নত মানৰ ব্যাকৰণৰ প্ৰয়ােগৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। তদপৰি সভাই এক সর্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামাে হাতত লৈছিল। এই সভাই হেমচন্দ্ৰ বৰুৱাৰ অভিধান ‘হেমকোষ’ প্ৰকাশৰ দায়িত্ব লৈছিল। এই সভাই অসমৰ ইতিহাস, সাহিত্য আৰু ভাষা সম্পর্কে আলােচনা অব্যাহত ৰাখিছিল। এই সভাৰ বহুতাে শাখা অসমৰ ভিন ভিন প্ৰান্তত প্রতিষ্ঠা হয়। বহুতাে অসমীয়া যুৱকে কলিকতাত শিক্ষা সমাপ্ত কৰি অসমলৈ ঘূৰি আহি কোহিমা, ডিব্ৰুগড়, তেজপুৰ, নগাঁও, শিৱসাগৰ, যােৰহাট, গােৱালপাৰা, বৰপেটা, গুৱাহাটী আদি ঠাইত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ শাখা গঠনত অগ্রণী ভূমিকা গ্রহণ কৰিছিল। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ নেপথ্যত থকা ব্যক্তিসকলেই ‘জোনাকী নামৰ আলােচনী উলিয়াই অসমীয়া ভাষা সাহিত্যত এক নতুন যুগৰ সূচনা কৰিছিল।

প্রঃ ৯। বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হােৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া।
উঃ ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু দলৰ নেতা হিচাপে গােপীনাথ বৰদলৈ অসমৰ প্ৰথমজন প্রধানমন্ত্রী (পিছলৈ। মুখ্যমন্ত্রী) হয়। তেওঁৰ দিনত মানৱ সম্পদৰ বিকাশ হােৱাৰ উদ্দেশ্যে অসমত উচ্চ শিক্ষাৰ কেইবাটাও অনুষ্ঠানৰ জন্ম হয়। তাৰ ভিতৰত উল্লেখযােগ্য তিনিখন অনুষ্ঠানৰ নাম হ’ল— অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্বিবিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয়। তলত এই তিনিখন উচ্চ শিক্ষানুষ্ঠান স্থাপনৰ বিষয়ে আলােচনা কৰা হ’ল।

(১) অসম কৃষি বিশ্ববিদ্যালয় : ১৯১৩ চনত কৰিমগঞ্জত আৰু ১৯২৩ চনত তিতাবৰত কৃষি গৱেষণা কেন্দ্ৰৰ প্রতিষ্ঠাই অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি হােৱা বুলি ক’ব পাৰি। যদিও এই কেন্দ্রসমূহে গৱেষণা আৰু প্রশিক্ষণ অবিৰামভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়ে ১৯৪৮ চনত নগাঁৱত ‘অসম পশু মহাবিদ্যালয় আৰু ‘যােৰহাটত অসম কৃষি মহাবিদ্যালয় প্রতিষ্ঠা কৰা হয়। এই দুয়ােখন মহাবিদ্যালয় সামৰি ১৯৬৯ চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয়।

(২) গুৱাহাটী বিশ্ববিদ্যালয় : ১৯৪৮ চনৰ ২৬ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। ই উত্তৰ-পূব ভাৰতৰ প্ৰথম আৰু পুৰণি চৰকাৰী বিশ্বিবিদ্যালয়। ১৯১৭ চনৰ ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হেৱা আছাম এছচিয়েচনৰ বার্ষিক অধিৱেশনত অসমত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজহুৱা দাবী উত্থাপন কৰা হয়। ইয়াৰ পৰৱৰ্তী কালত যাৱতীয় তথ্যপাতি সংগ্রহ কৰি এখন উপযুক্ত স্থানৰ বিচাৰ কৰাৰ বাবে ১৯৪০ চনত সূর্যকুমাৰ ভূএক বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল। অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ৰ অধীনত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। প্রতিষ্ঠাকালত ইয়াৰ অধীনত ১৭ খন মহাবিদ্যালয় আৰু ৮ টি স্নাতকোত্তৰ বিভাগ আছিল। মহানগৰীৰ কেন্দ্ৰৰপৰা কার্যক্রম আৰম্ভ কৰা বিশ্ববিদ্যালয়খন ১৯৫৫-৫৬ চনত বৰ্তমানৰ জালুকবাৰী চৌহদলৈ স্থানান্তৰিত হয়।

(৩) অসম চিকিৎসা মহাবিদ্যালয় : উত্তৰ-পূব ভাৰতৰ প্রথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হয় ডিব্ৰুগড়ত। জন বেৰী হােৱাইটৰ ৫০,০০০ টকাৰ অনুদানেৰে বেৰী হােৱাইট মেডিকেল কলেজ স্থাপন হৈছিল। তেওঁ আছিল লক্ষীমপুৰ জিলাৰ চিভিল চার্জন। ১৯১০ চনত এই চিকিৎসালয়খনলৈ ইংলেণ্ডৰ পৰা দুটা এক্সৰে মেছিন আমদানি কৰা হৈছিল। ইয়াৰ লগে লগে তাত ৰেডিঅ’লজি বিভাগ আৰম্ভ হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিদ্যালয়খনৰ
ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল যিখন যুদ্ধৰ সময়ত আমেৰিকাৰ সৈন্যবাহিনীয়ে ব্যৱহাৰ কৰিছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নবেম্বৰত এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামে নামাকৰণ কৰা হয়।

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10

প্র : ১০| আছাম এছচিয়েচনৰ ব্রিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা।
উ : ১৯০৩ চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ’চিয়েচন নামৰ অনুষ্ঠানৰ জন্ম হৈছিল। আছাম এছচিয়েছনে অসমৰ ৰাইজৰ মুখপাত্র হিচাপে সেৱা আগবঢ়াইছিল। অৱশ্যে এই অনুষ্ঠানটোৱে প্রত্যক্ষ আৰু সক্রিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কার্যপন্থালৈ শান্তিপূর্ণভাৱে আৰু সাংবিধানিক আৰু প্রশাসনিক সংস্কাৰৰ মাধ্যমেৰেহে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পােষকতা কৰিছিল। ১৯১৭ চনৰ ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হেৱা আছাম এছচিয়েচনৰ বার্ষিক অধিৱেশনত অসমত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজহুৱা দাবী উত্থাপন কৰা হয়। আছাম এছচিয়েছনে সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদানসমূহ হ’ল-

(১) পৌৰসভাত চৰকাৰী বিষয়া আৰু লােকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰােধীতা কৰিছিল।
(২) স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল।
(৩) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰােধিতা কৰিছিল।
(৪) শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছ’চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল।
(৫) বংগ বিভাজনৰ বিৰােধিতা কৰি অসমক পূর্ববংগৰ পৰা পৃথক কৰিবলৈ ১৯০৭ চনত এছচিয়েছনে চৰকাৰৰ ওচৰত স্মাৰক পত্র দাখিল কৰিছিল।
(৬) বিধান সভাত প্রতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল।

প্রঃ ১১। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা।
উঃ ১৯১৬ চনত অসম ছাত্ৰ সন্মিলন’ গঠন হয়। অসম ছাত্র সন্মিলন গঠন অসমৰ ইতিহাসত এক গুৰুত্বপূর্ণ ঘটনা। এই সন্মিলনৰ প্ৰথম অধিৱেশন বহিছিল গুৱাহাটীত। সন্মিলনত সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা ছাত্র সম্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত বিনিময় কৰি এটা নতুন সম্পর্ক স্থাপন কৰাৰ চেষ্টা কৰিছিল। এই সন্মিলনে যদিও প্রথম অৱস্থাত ৰাজনৈতিক আলােচনা বা ৰাজনীতিত। সক্রিয়ভাৱে জড়িত হােৱা নাছিল, কিন্তু পিছলৈ ই দেশৰ জাতীয় আন্দোলনত সক্রিয়ভাৱে অংশ লৈছিল।
এই সন্মিলনৰ বার্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, চিন্তাবিদ, শিক্ষাবিদ আৰু ৰাজনীতিবিদসকলে অংশ। লৈছিল। সেইসকলৰ ভিতৰতস পদ্মনাথ গোহাঞিবৰুৱা, আচার্য প্রযু চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ, লক্ষ্মীনাথ বেজবৰুৱা আদি ব্যক্তিসকল অন্যতম আছিল। অসম ছাত্র সন্মিলনৰ মুখপত্ৰখনৰ নাম আছিল ‘মিলন। এইদৰে অসম ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি চর্চাৰ লগতে সাম্প্রদায়িক সম্প্রীতি আৰু জাতীয় চেতনা গঢ়াত বহুতাে অৱদান আগবঢ়াইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top