Home » দশম শ্ৰেণীৰ বিজ্ঞান » এছিড ক্ষাৰক আৰু লৱণ Class 10 Science Chapter 2 Question Answer In Assamese

এছিড ক্ষাৰক আৰু লৱণ Class 10 Science Chapter 2 Question Answer In Assamese

SEBA Class 10 Science Chapter 2 Question Answer In Assamese | এছিড ক্ষাৰক আৰু লৱণ। Class 10 General Science Question and Answer Assam | দশম শ্ৰেণী প্ৰশ্ন আৰু উত্তৰ ।

মাধ্যমঅসমীয়া (Assamese)
বিষয়সাধাৰন বিজ্ঞান (General Science)
পাঠৰ নামএছিড ক্ষাৰক আৰু লৱণ
শ্ৰেণীদশম (Class X)
অধ্যায়অধ্যায় 2 (Chapter 2)
পাঠ্যক্ৰমছেবা (SEBA)

দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ দ্বিতীয় অধ্যায় “এছিড, ক্ষাৰক আৰু লৱণ” (Acids, Bases and Salts) পাঠটিৰ সকলো প্ৰশ্নৰ উত্তৰ তলত আগবঢ়োৱা হ’ল।

এছিড ক্ষাৰক আৰু লৱণ

পাঠৰ মাজত থকা প্ৰশ্নোত্তৰ

পৃষ্ঠা নং: ১৮

Winter Sale

প্ৰশ্ন ১: তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা?
উত্তৰ:
প্ৰথমে, ৰঙা লিটমাছ কাগজখন তিনিওটা পৰীক্ষানলৰ দ্ৰৱত ডুবাই পৰীক্ষা কৰা হ’ব। যিটো দ্ৰৱই ৰঙা লিটমাছক নীলা কৰিব, সেইটোৱেই হ’ব ক্ষাৰকীয় দ্ৰৱ

এতিয়া নীলা হৈ পৰা লিটমাছ কাগজখন বাকী দুটা পৰীক্ষানলত পৰীক্ষা কৰা হ’ব। যিটো দ্ৰৱই এই নীলা লিটমাছক পুনৰ ৰঙা কৰিব, সেইটোৱেই হ’ব এছিড দ্ৰৱ

যিটো দ্ৰৱত লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয়, সেইটোৱেই হ’ব পাতিত পানী


পৃষ্ঠা নং: ২২

প্ৰশ্ন ১: দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
উত্তৰ: দৈ আৰু অন্য টেঙা খাদ্যবস্তুত এছিড থাকে। এছিডে পিতল বা তামৰ দৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰি ক্ষতিকাৰক লৱণ উৎপন্ন কৰে, যিয়ে খাদ্যক বিষাক্ত কৰি তুলিব পাৰে। সেয়েহে, খাদ্য বিষক্ৰিয়াৰ পৰা হাত সাৰিবলৈ এনে খাদ্যবস্তু পিতল বা তামৰ পাত্ৰত ৰখা নহয়।

প্ৰশ্ন ২: এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা?
উত্তৰ: এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে হাইড্ৰ’জেন গেছ (H₂) নিৰ্গত হয়।
উদাহৰণ: যিংক ধাতুৱে লঘু ছালফিউৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি যিংক ছালফেট আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
Zn(s) + H₂SO₄(aq) → ZnSO₄(aq) + H₂(g)
পৰীক্ষা: নিৰ্গত হোৱা গেছটোৰ ওচৰলৈ এডাল জ্বলি থকা মমবাতি আনিলে গেছটো ‘ফট্ ফট্’ শব্দ কৰি জ্বলি উঠে, যিয়ে হাইড্ৰ’জেন গেছৰ উপস্থিতি প্ৰমাণ কৰে।

প্ৰশ্ন ৩: এটা ধাতৱ যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।
উত্তৰ: যিহেতু উৎপন্ন হোৱা গেছটোৱে জ্বলি থকা মম নুমুৱায়, ই নিশ্চয় কাৰ্বন ডাই অক্সাইড (CO₂) গেছ। যিহেতু ধাতৱ যৌগটোৱে এছিডৰ সৈতে বিক্ৰিয়া কৰি CO₂ উৎপন্ন কৰিছে, ই নিশ্চয় এটা ধাতৱ কাৰ্বনেট। বিক্ৰিয়াত কেলছিয়াম ক্ল’ৰাইড উৎপন্ন হোৱাৰ বাবে, ধাতৱ যৌগ A হ’ল কেলছিয়াম কাৰ্বনেট (CaCO₃)
সন্তুলিত ৰাসায়নিক সমীকৰণটো হ’ল:
CaCO₃(s) + 2HCl(aq) → CaCl₂(aq) + H₂O(l) + CO₂(g)


পৃষ্ঠা নং: ২৫

প্ৰশ্ন ১: জলীয় দ্ৰৱত HCl, HNO₃ ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়?
উত্তৰ: HCl আৰু HNO₃ পানীৰ দ্ৰৱত বিযোজিত হৈ হাইড্ৰ’জেন আয়ন (H⁺) উৎপন্ন কৰে, যাৰ বাবে ইহঁতে আম্লিক ধৰ্ম দেখুৱায়। আনহাতে, এলক’হল আৰু গ্লুক’জৰ দৰে যৌগবোৰে জলীয় দ্ৰৱত H⁺ আয়ন উৎপন্ন নকৰে, সেয়েহে ইহঁতে আম্লিক ধৰ্ম নেদেখুৱায়।

প্ৰশ্ন ২: এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে?
উত্তৰ: এছিডৰ জলীয় দ্ৰৱত মুক্ত আয়ন থাকে। এই মুক্ত আয়নবোৰৰ চলাচলৰ বাবেই এছিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে।

প্ৰশ্ন ৩: শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়?
উত্তৰ: শুকান HCl গেছে H⁺ আয়ন উৎপন্ন নকৰে। কেৱল জলীয় অৱস্থাতহে ই বিযোজিত হৈ H⁺ আয়ন দিয়ে। সেয়েহে, পানীৰ অনুপস্থিতিত শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে।

প্ৰশ্ন ৪: এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?
উত্তৰ: এছিড লঘু কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবৰ্জী। যদি পানী গাঢ় এছিডত যোগ কৰা হয়, তেন্তে উৎপন্ন হোৱা তাপে মিশ্ৰণটো ছিটিকা মাৰি বাহিৰলৈ উলিয়াই দিব পাৰে আৰু দুৰ্ঘটনা সংঘটিত কৰিব পাৰে। সেয়েহে, সদায় লাহে লাহে লৰাই লৰাই পানীত এছিড যোগ কৰা হয়।

প্ৰশ্ন ৫: এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হয়?
উত্তৰ: এছিডৰ দ্ৰৱ এটা লঘু কৰিলে, প্ৰতি একক আয়তনত হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) ৰ সংখ্যা কমি যায়। ফলত, হাইড্ৰ’নিয়াম আয়নৰ গাঢ়তা হ্ৰাস পায়।

প্ৰশ্ন ৬: ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ব?
উত্তৰ:
ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে, প্ৰতি একক আয়তনত হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ সংখ্যা বৃদ্ধি পাব, যাৰ ফলত ইয়াৰ গাঢ়তাও বৃদ্ধি পাব।


পৃষ্ঠা নং: ২৮

প্ৰশ্ন ১: তোমাৰ হাতত A আৰু B টা দ্ৰৱ আছে। দ্ৰৱ A ৰ pH ৰ মান 6 আৰু দ্ৰৱ B ৰ pH ৰ মান 8। কোনটো দ্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?
উত্তৰ: যি দ্ৰৱৰ pH মান কম, তাত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি। সেয়েহে, দ্ৰৱ A ত হাইড্ৰ’জেন আয়নৰ গাঢ়তা বেছি।
pH মান 7 তকৈ কম হোৱা বাবে দ্ৰৱ A আম্লিক আৰু pH মান 7 তকৈ বেছি হোৱা বাবে দ্ৰৱ B ক্ষাৰকীয়

প্ৰশ্ন ২: দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H⁺(aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ থাকে?
উত্তৰ: H⁺(aq) আয়নৰ গাঢ়তাই দ্ৰৱ এটাৰ আম্লিকতা নিৰ্ধাৰণ কৰে। H⁺ আয়নৰ গাঢ়তা যিমানেই বেছি হয়, দ্ৰৱটো সিমানেই বেছি আম্লিক হয়।

প্ৰশ্ন ৩: ক্ষাৰকীয় দ্ৰৱত H⁺(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়?
উত্তৰ: হয়, ক্ষাৰকীয় দ্ৰৱতো H⁺(aq) আয়ন থাকে। কিন্তু, সেই দ্ৰৱত H⁺ আয়নৰ তুলনাত হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা বহু বেছি হয়। OH⁻ আয়নৰ আধিক্যৰ বাবেই দ্ৰৱটোৱে ক্ষাৰকীয় ধৰ্ম দেখুৱায়।

প্ৰশ্ন ৪: মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) বা চক (কেলছিয়াম কাৰ্বনেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা?
উত্তৰ: যেতিয়া মাটিৰ আম্লিকতা বৃদ্ধি পায় (অৰ্থাৎ pH মান কমি যায়), তেতিয়া কৃষক এজনে ইয়াক প্ৰশমিত কৰিবলৈ পোৰা চূণ, শিথিলিত চূণ বা চকৰ দৰে ক্ষাৰকীয় পদাৰ্থ প্ৰয়োগ কৰে। এই পদাৰ্থবোৰে মাটিৰ অতিৰিক্ত এছিডক প্ৰশমিত কৰি মাটিৰ pH মান উদ্ভিদৰ বৃদ্ধিৰ বাবে উপযোগী কৰি তোলে।


পৃষ্ঠা নং: ৩৩

প্ৰশ্ন ১: যৌগ CaOCl₂ ৰ সাধাৰণ নামটো কি?
উত্তৰ: ব্লিচিং পাউদাৰ (Bleaching Powder)।

প্ৰশ্ন ২: ক্ল’ৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।
উত্তৰ: শিথিলিত চূণ বা কেলছিয়াম হাইড্ৰ’ক্সাইড [Ca(OH)₂]।

প্ৰশ্ন ৩: কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা।
উত্তৰ: কাপোৰ ধোৱা ছ’ডা বা ছ’ডিয়াম কাৰ্বনেট ডেকাডাইহাইড্ৰেট (Na₂CO₃·10H₂O)।

প্ৰশ্ন ৪: ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণটো দিয়া।
উত্তৰ: ছ’ডিয়াম হাইড্ৰ’জেনকাৰ্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ই বিযোজিত হৈ ছ’ডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে।
2NaHCO₃(s) –(তাপ)–> Na₂CO₃(s) + H₂O(l) + CO₂(g)

প্ৰশ্ন ৫: প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্ৰিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।
উত্তৰ: CaSO₄·½H₂O + 1½H₂O → CaSO₄·2H₂O
(প্লাষ্টাৰ অব পেৰিছ) + (পানী) → (জিপছাম)

অনুশীলনীৰ প্ৰশ্নোত্তৰ

(পৃষ্ঠা নং: ৩৪-৩৫)

প্ৰশ্ন ১: এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ’ব পাৰে—
উত্তৰ: (d) 10

প্ৰশ্ন ২: এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে—
উত্তৰ: (b) HCl

প্ৰশ্ন ৩: NaOH দ্ৰৱ এটাৰ 10mL এ HCl দ্ৰৱএটাৰ 8mL সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ পৰিমাণ হ’ব—
উত্তৰ: (d) 16mL

প্ৰশ্ন ৪: অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?
উত্তৰ: (c) অম্লনাশক

প্ৰশ্ন ৫: সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া—
(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।
উত্তৰ: Zn(s) + H₂SO₄(aq) → ZnSO₄(aq) + H₂(g)

(b) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিতাৰে সৈতে বিক্ৰিয়া কৰে।
উত্তৰ: Mg(s) + 2HCl(aq) → MgCl₂(aq) + H₂(g)

(c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্ৰিয়া কৰে।
উত্তৰ: 2Al(s) + 3H₂SO₄(aq) → Al₂(SO₄)₃(aq) + 3H₂(g)

(d) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।
উত্তৰ: Fe(s) + 2HCl(aq) → FeCl₂(aq) + H₂(g)

প্ৰশ্ন ৬: এলক’হল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্ৰেণীভূক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰ: এলক’হল আৰু গ্লুক’জৰ দৰে যৌগবোৰে জলীয় দ্ৰৱত H⁺ আয়ন উৎপন্ন নকৰে, যি আম্লিক ধৰ্মৰ বাবে দায়ী। ইয়াক এটা পৰীক্ষাৰ সহায়ত দেখুৱাব পাৰি: এটা বিকাৰত এলক’হল বা গ্লুক’জৰ দ্ৰৱ লৈ তাত দুটা গ্ৰেফাইটৰ দণ্ড ডুবাই এটা বাল্ব আৰু বেটাৰীৰ সৈতে সংযোগ কৰিলে বাল্বটো নজ্বলে। ইয়াৰ পৰা প্ৰমাণ হয় যে দ্ৰৱটোত কোনো মুক্ত আয়ন নাই, সেয়েহে ইহঁত আম্লিক নহয়।

প্ৰশ্ন ৭: পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?
উত্তৰ: পাতিত পানী বিশুদ্ধ হোৱাৰ বাবে ইয়াত কোনো মুক্ত আয়ন নাথাকে, সেয়ে ই বিদ্যুৎ পৰিবহন নকৰে। আনহাতে, বৰষুণৰ পানী বায়ুমণ্ডলৰ মাজেৰে আহোঁতে কাৰ্বন ডাই অক্সাইডৰ দৰে গেছৰ সৈতে মিহলি হৈ কাৰ্বনিক এছিডৰ দৰে দুৰ্বল এছিড গঠন কৰে, যি পানীত আয়ন উৎপন্ন কৰে। সেয়ে বৰষুণৰ পানীয়ে বিদ্যুৎ পৰিবহন কৰে।

প্ৰশ্ন ৮: পানীৰ অনুপস্থিতিত এছিডে এছিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?
উত্তৰ: পানীৰ অনুপস্থিতিত এছিডে H⁺ আয়ন উৎপন্ন কৰিব নোৱাৰে। সেয়েহে, এছিডে ইয়াৰ আম্লিক ধৰ্ম প্ৰদৰ্শন কৰিবলৈ পানীৰ উপস্থিতি অপৰিহাৰ্য।

প্ৰশ্ন ৯: পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্ৰৱ…
উত্তৰ:
(a) প্ৰশম: দ্ৰৱ D (pH=7)
(b) তীব্ৰ ক্ষাৰকীয়: দ্ৰৱ C (pH=11)
(c) তীব্ৰ আম্লিক: দ্ৰৱ B (pH=1)
(d) মৃদু আম্লিক: দ্ৰৱ A (pH=4)
(e) মৃদু ক্ষাৰকীয়: দ্ৰৱ E (pH=9)
H⁺ আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰম: C < E < D < A < B

প্ৰশ্ন ১০: পৰীক্ষানল A আৰু B ত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিতা লোৱা হ’ল। পৰীক্ষানল A ত হাইড্ৰ’ক্ল’ৰিক এছিড (HCl) আৰু পৰীক্ষানল B ত এছেটিক এছিড যোগ কৰা হ’ল। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয়?
উত্তৰ: পৰীক্ষানল A ত অধিক বেগেৰে বুৰবুৰণি ওলাব। কাৰণ HCl এটা তীব্ৰ এছিড, যি সম্পূৰ্ণৰূপে বিযোজিত হৈ অধিক H⁺ আয়ন দিয়ে। আনহাতে, এছেটিক এছিড এটা মৃদু এছিড, যি আংশিকভাৱেহে বিযোজিত হয়। সেয়ে HCl ৰ বিক্ৰিয়াৰ হাৰ বেছি হ’ব।

প্ৰশ্ন ১১: কেঁচা গাখীৰৰ pH ৰ মান 6। ই দৈত পৰিণত হ’লে pH সলনি হ’বনে? ব্যাখ্যা কৰা।
উত্তৰ: হয়, pH মান সলনি হ’ব। কেঁচা গাখীৰৰ pH মান 6, যি মৃদু আম্লিক। যেতিয়া ই দৈলৈ পৰিণত হয়, তেতিয়া লেক্ট’বেচিলাছ বেক্টেৰিয়াই গাখীৰৰ লেক্ট’জ শৰ্কৰাক লেকটিক এছিডলৈ ৰূপান্তৰ কৰে। ফলত, এছিডৰ পৰিমাণ বাঢ়ি যায় আৰু pH মান কমি যায়, অৰ্থাৎ ই অধিক আম্লিক হয়।

প্ৰশ্ন ১২: এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে।
(a) কিয় তেওঁ কেঁচা গাখীৰৰ pH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে?
উত্তৰ: গোৱালজনে কেঁচা গাখীৰত বেকিং ছ’ডা যোগ কৰে কাৰণ বেকিং ছ’ডা ক্ষাৰকীয়। ই গাখীৰৰ pH মান সামান্য বঢ়াই দিয়ে, যাৰ ফলত গাখীৰ সোনকালে টেঙা হৈ নাযায়।
(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?
উত্তৰ: এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কাৰণ বেকিং ছ’ডাই প্ৰথমে উৎপন্ন হোৱা লেকটিক এছিডক প্ৰশমিত কৰে। যেতিয়া সকলো ক্ষাৰক প্ৰশমিত হৈ যায়, তাৰ পিছতহে pH মান কমিবলৈ আৰম্ভ কৰে আৰু দৈ গঠন হয়।

প্ৰশ্ন ১৩: প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ’ব লাগে। কিয়? ব্যাখ্যা কৰা।
উত্তৰ: প্লাষ্টাৰ অব পেৰিছ (CaSO₄·½H₂O) জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিলে পানী শোষণ কৰি জিপছাম (CaSO₄·2H₂O) নামৰ এবিধ কঠিন পদাৰ্থলৈ ৰূপান্তৰিত হয়, যাৰ ফলত ই ব্যৱহাৰৰ অনুপযোগী হৈ পৰে। সেয়েহে ইয়াক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত ৰখা হয়।

প্ৰশ্ন ১৪: প্ৰশমন বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।
উত্তৰ:
প্ৰশমন বিক্ৰিয়া: যি বিক্ৰিয়াত এছিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, তাক প্ৰশমন বিক্ৰিয়া বোলে।
উদাহৰণ: H₂SO₄ + 2KOH → K₂SO₄ + 2H₂O

কাপোৰ ধোৱা ছ’ডাৰ ব্যৱহাৰ: (i) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত। (ii) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ।
বেকিং ছ’ডাৰ ব্যৱহাৰ: (i) বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ। (ii) অম্লনাশক (antacid) হিচাপে।

HCl + NaOH → NaCl + H₂O

এছিড ক্ষাৰক আৰু লৱণ Class 10


MCQ প্ৰশ্নোত্তৰ

প্রশ্ন ১. তিনিটা পৰীক্ষানলত পাতিত পানী, এছিড আৰু ক্ষাৰকীয় দ্ৰৱ থাকিলে ৰঙা লিটমাছ কাগজে কোনটোক নীলা কৰিব?
ক) পাতিত পানী
খ) এছিড দ্ৰৱ
গ) ক্ষাৰকীয় দ্ৰৱ
ঘ) কোনোটোৱেই নহয়
উত্তৰ: গ) ক্ষাৰকীয় দ্ৰৱ


প্রশ্ন ২. দৈ আৰু টেঙা খাদ্যবস্তু তামৰ পাত্ৰত কিয় ৰখা নহয়?
ক) ইয়াৰ সোৱাদ সলনি হয়
খ) বিষাক্ত যৌগ গঠন হয়
গ) পাত্ৰৰ ৰং সলনি হয়
ঘ) খাদ্যৰ পুষ্টি কমি যায়
উত্তৰ: খ) বিষাক্ত যৌগ গঠন হয়


প্রশ্ন ৩. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোন গেছ নিৰ্গত হয়?
ক) অক্সিজেন
খ) কার্বন ডাই অক্সাইড
গ) হাইড্ৰ’জেন
ঘ) ক্ল’ৰিন
উত্তৰ: গ) হাইড্ৰ’জেন


প্রশ্ন ৪. হাইড্ৰ’জেন গেছৰ উপস্থিতি কিদৰে পৰীক্ষা কৰা হয়?
ক) চুণপানী ঘোলা হয়
খ) জ্বলন্ত শলা নুমায়
গ) নীলা লিটমাছ ৰঙা হয়
ঘ) ৰঙা লিটমাছ নীলা হয়
উত্তৰ: খ) জ্বলন্ত শলা নুমায়


প্রশ্ন ৫. CaCO₃ আৰু HClৰ বিক্ৰিয়াত কোন গেছ উৎপন্ন হয়?
ক) হাইড্ৰ’জেন
খ) কার্বন ডাই অক্সাইড
গ) অক্সিজেন
ঘ) ক্ল’ৰিন
উত্তৰ: খ) কার্বন ডাই অক্সাইড


প্রশ্ন ৬. জলীয় দ্ৰৱত HCl আম্লিক ধৰ্ম দেখুৱায় কাৰণ ই—
ক) H⁺ আয়ন মুক্ত কৰে
খ) OH⁻ আয়ন মুক্ত কৰে
গ) কোনো আয়ন মুক্ত নকৰে
ঘ) পানীৰ সৈতে মিলিত নহয়
উত্তৰ: ক) H⁺ আয়ন মুক্ত কৰে


প্রশ্ন ৭. এছিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে কাৰণ—
ক) ইয়াত মুক্ত আয়ন থাকে
খ) ইয়াৰ গাঢ়তা বেছি
গ) ইয়াৰ ৰং সলনি হয়
ঘ) ই পানীৰ সৈতে মিলি যায়
উত্তৰ: ক) ইয়াত মুক্ত আয়ন থাকে


প্রশ্ন ৮. শুকান HCl গেছে লিটমাছৰ ৰং সলনি নকৰে কাৰণ—
ক) ইয়াত H⁺ আয়ন নাই
খ) ই পানীৰ সৈতে মিলিত নহয়
গ) ই গেছীয় অৱস্থাত থাকে
ঘ) ওপৰৰ সকলো
উত্তৰ: ক) ইয়াত H⁺ আয়ন নাই


প্রশ্ন ৯. এছিড লঘু কৰোঁতে পানীত এছিড যোগ কৰা হয় কিয়?
ক) তাপ শোষণৰ বাবে
খ) বিস্ফোৰণ ৰোধৰ বাবে
গ) গাঢ়তা বঢ়াবলৈ
ঘ) ৰং সলনিৰ বাবে
উত্তৰ: খ) বিস্ফোৰণ ৰোধৰ বাবে


প্রশ্ন ১০. এছিডৰ দ্ৰৱ লঘু কৰিলে H₃O⁺ আয়নৰ গাঢ়তা কি হয়?
ক) বাঢ়ে
খ) কমে
গ) একেই থাকে
ঘ) শূন্য হয়
উত্তৰ: খ) কমে


প্রশ্ন ১১. NaOH দ্ৰৱত অধিক ক্ষাৰক যোগ কৰিলে OH⁻ আয়নৰ গাঢ়তা কি হয়?
ক) বাঢ়ে
খ) কমে
গ) একেই থাকে
ঘ) শূন্য হয়
উত্তৰ: খ) কমে


প্রশ্ন ১২. pH ৪ থকা দ্ৰৱৰ তুলনাত pH ৬ থকা দ্ৰৱত H⁺ আয়নৰ গাঢ়তা কি হয়?
ক) বেছি
খ) কম
গ) সমান
ঘ) শূন্য
উত্তৰ: খ) কম


প্রশ্ন ১৩. ক্ষাৰকীয় দ্ৰৱত H⁺ আয়ন থাকিলেও ই ক্ষাৰকীয় কিয়?
ক) OH⁻ আয়ন বেছি থাকে
খ) H⁺ আয়ন বেছি থাকে
গ) কোনো আয়ন নাথাকে
ঘ) পানীৰ পৰিমাণ বেছি
উত্তৰ: ক) OH⁻ আয়ন বেছি থাকে


প্রশ্ন ১৪. মাটিৰ এছিড প্ৰশমনৰ বাবে কি ব্যৱহাৰ কৰা হয়?
ক) কেলছিয়াম অক্সাইড
খ) কেলছিয়াম কার্বনেট
গ) কেলছিয়াম হাইড্ৰক্সাইড
ঘ) ওপৰৰ সকলো
উত্তৰ: ঘ) ওপৰৰ সকলো


প্রশ্ন ১৫. CaOCl₂ৰ সাধাৰণ নাম কি?
ক) বেকিং ছ’ডা
খ) ব্লিচিং পাউদাৰ
গ) কাপোৰ ধোৱা ছ’ডা
ঘ) প্লাষ্টাৰ অৱ পেৰিছ
উত্তৰ: খ) ব্লিচিং পাউদাৰ


প্রশ্ন ১৬. ব্লিচিং পাউদাৰ কোন যৌগৰ পৰা উৎপন্ন হয়?
ক) কেলছিয়াম কার্বনেট
খ) কেলছিয়াম হাইড্ৰক্সাইড
গ) ছ’ডিয়াম কার্বনেট
ঘ) ছ’ডিয়াম ক্ল’ৰাইড
উত্তৰ: খ) কেলছিয়াম হাইড্ৰক্সাইড


প্রশ্ন ১৭. কঠিন পানী কোমল কৰিবলৈ কোন যৌগ ব্যৱহাৰ হয়?
ক) NaCl
খ) Na₂CO₃
গ) NaOH
ঘ) NaHCO₃
উত্তৰ: খ) Na₂CO₃


প্রশ্ন ১৮. NaHCO₃ উত্তপ্ত কৰিলে কোন গেছ উৎপন্ন হয়?
ক) হাইড্ৰ’জেন
খ) অক্সিজেন
গ) কার্বন ডাই অক্সাইড
ঘ) ক্ল’ৰিন
উত্তৰ: গ) কার্বন ডাই অক্সাইড


প্রশ্ন ১৯. ৰঙা লিটমাছ নীলা কৰা দ্ৰৱৰ pH মান কিমান হ’ব পাৰে?
ক) ১
খ) ৪
গ) ৭
ঘ) ১০
উত্তৰ: ঘ) ১০


প্রশ্ন ২০. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে কোন ধৰণৰ ঔষধ ব্যৱহাৰ হয়?
ক) এন্টিবায়টিক
খ) বেদনানাশক
গ) অম্লনাশক
ঘ) বীজাণুবাৰক
উত্তৰ: গ) অম্লনাশক


Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam