ধাতু আৰু অধাতু Class 10 {সকলো প্ৰশ্ন উত্তৰ} দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩

ধাতু আৰু অধাতু {সকলো প্ৰশ্নউত্তৰ} দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩ | Class 10 Science chapter 3 in Assamese

ধাতু আৰু অধাতু
বিষয় অসমীয়া
কিতাপৰ নাম সাধাৰন বিজ্ঞান
পাঠৰ নাম ধাতু আৰু অধাতু
শ্ৰেণী  দশম (X)
অধ্যায়  অধ্যায় ৩
পাঠ্যক্ৰম  ছেবা (SEBA)

ধাতু আৰু অধাতু Class 10

প্রঃ খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবােৰত টিনৰ প্রলেপ দিয়া হয়, জিংকৰ নহয়। কিয়নাে (H.S.L.C −18)
(a) টিনতকৈ জিংক দামী
(b) জিংকৰ গলনাংক টিনতকৈ বেছি
(c) জিংক টিনতকৈ অধিক সক্রিয়।
(d) জিংক টিনতকৈ কম সক্রিয়।
উঃ (c) জিংক টিনতকৈ অধিক সক্রিয়।

প্রঃ ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু– (H.S.L.C −17)
(i) সাধাৰণ উষ্ণতাত জুলীয়া।
(ii) কটাৰিৰে সহজে কাটিব পাৰি।
(i) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।
উ : (i) পাৰা (Hg) (ii) ছডিয়াম (Na) (iii) কপাৰ (Cu) (iv) লেড (Pb)।

প্র : তলত নাম দিয়া ধাতুবােৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্রভাৱে বিক্রিয়া কৰে ?(H.S.L.C −17)
(a) Na (b) Fe (c) Cu (d) Ag
উ : (a) Na

প্র : ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলােচনা কৰা।
উ : ঘাত সহনীয়তাঃ ধাতুৰ যি ধৰ্মৰ বাবে তাক হাতুৰীৰে কোবাই সহজে মিহি আৰু দীঘল কৰিব পাৰি, তাকে ঘাত সহনীয়তা বােলে।

ধাতুৰ নমনীয়তাঃ ধাতুৰ যি ধৰ্মৰ বাবে তাক টানি পাতল পাতলকৈ ৰূপান্তৰ কৰি তাৰৰ ৰূপ দিব পাৰি, তাকে ধাতুৰ নমনীয়তা বােলে।

প্রঃ  ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়। (H.S.L.C −15, 18)
উ: ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় কাৰণ ইহঁতে ইমান প্ৰৱণতাৰে বিক্রিয়া কৰে যে মুক্ত বায়ুত বিক্রিয়া ঘটিলে জুই জ্বলি উঠে। দুর্ঘটনা ৰােধ কৰিবলৈ তেলত ইহঁতক ডুবাই ৰখা হয়।

প্রঃ  তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা।
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰণৰ বিক্রিয়া।
(i) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।
উ: (i) 3Fe+4H2০→Fe34+4H2
(ii) Ca+2H20→Ca(OH)2+H2

প্রঃ ইথানলৰ লগত ছ’ডিয়াম ধাতু যােগ কৰিলে কি ঘটে? বিক্রিয়াটোৰ প্ৰয়ােজনীয় ৰাসায়নিক সমীকৰণ লিখা। (H.S.L.C −17)
উঃ ইথানলৰ লগত ছডিয়াম ধাতু যােগ কৰিলে ইহঁত দুয়ােটাৰ মাজত বিক্রিয়া ঘটি ছডিয়াম ইথক্সাইড আৰু হাইড্রজেন গেছ উৎপন্ন হয়।
বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণটো হল—
2Na + 2CH2CH3OH→CH3CH2O‾ Na +H2

প্রঃ আইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হােৱা বিক্রিয়াটো লিখা।(H.S.L.C −18)
উঃ আইৰন (II) ছালফেটৰ জলীয় দ্ৰৱত যিংক মিহলি কৰিলে আইৰন ছালফেটৰ সেউজীয়া ৰং লাহে লাহে বৰণহীন হৈ পৰিব আৰু যিংকৰ ওপৰত আইৰনৰ প্রলেপ পৰিব। Zn(s)+FeSO4(aq)→ ZnSO4(aq)+Fe(g)

প্রঃ (i) ছডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেকট্রন বিন্দু গঠন লিখা।
| (ii) ইলেকট্রনৰ স্থানান্তৰৰ জৰিয়তে Na2০ আৰু MgOৰ গঠন লিখা।
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?
উঃ i) ছডিয়ামৰ ইলেকট্রন বিন্দু গঠন- Na•
অক্সিজেনৰ ইলেকট্রন বিন্দু গঠন- :0•
মেগনেছিয়ামৰ ইলেকট্রন বিন্দু গঠন- Mg:

Class-10-Science-Chapter-3-Quest (1)

প্রঃ  আয়নীয় যৌগৰ গলনাংক কিয় বেছি।
উঃ আয়নীয় যৌগবােৰৰ আন্তঃআয়নীয় বিদ্যুত স্থিতীয় আকর্ষণ বল অতি বেছি। ফলত আনসমূহ পৃথক কৰিবলৈ যথেষ্ট তাপ শক্তি প্রয়োজন। সেইবাবে এইবােৰৰ গলনাংক বেছি।

প্রঃ তলত দিয়াবােৰৰ সংজ্ঞা লিখা। (H.S.L.C −17)
i) মণিক (ii) আকৰ (iii) খনিজ মল।
উ : (i) মণিকঃ পৃথিৱীৰ খােলাত যিবােৰ বস্তু মৌল বা যৌগ অবস্থাত পাব পাৰি সেইবােৰক মণিক বােলে।
(ii) আকৰঃ যিবােৰ পদাৰ্থৰ পৰা কম খৰচতে ধাতু এটাক বিশুদ্ধ অবস্থাত আহৰণ কৰিব পাৰি, সেইবােৰক ধাতুটোৰ আকৰ বুলি কোৱা হয়।
(iii) খনিজ মলঃ খনিৰ পৰা আহৰণ কৰাৰ পিছত ধাতুৰ আকৰবােৰৰ লগত যিবােৰ অপদ্রবা ৰা অশুদ্ধি মিহলি হৈ থাকে তাক খনিজ মল বােলে।

প্রঃ অধাতু আৰু অক্সিজেনৰ মাজত যােজন হ’লে কোন প্রকাৰৰ অক্সাইড উৎপন্ন হয়? (H.S.L.C −17)
উ : অধাতু আৰু অক্সিজেনৰ মাজত যােজন হলে অধাতুৰ অক্সাইড উৎপন্ন হয়।

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩

প্রঃ প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা এটা ধাতুৰ নাম

উঃ প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা এটা ধাতুৰ নাম হল- সােণ।

প্রঃ মাৰকিউৰিক অক্সাইড (Hg0) উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ লিখা।
উ : মাৰকিউৰিক অক্সাইড উত্তপ্ত কৰিলে ই বিজাৰিত হৈ মাৰকিউৰি (Hg) আৰু অক্সিজেন (02) উৎপন্ন হয়। ৰাসায়নিক সমীকৰণটো হ’ল—
2Hgo তাপ→ 2Hg+O2

প্রঃ  অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়ােগ কৰা হয় ?
উঃ বিজাৰণ পদ্ধতি প্রয়ােগ কৰা হয়।

প্রঃ কোনবােৰ ধাতু সহজে ক্ষয় নহয় ?
উঃ গােল্ড, ৰূপ, প্লেটিনাম, টাইটেনিয়াম।

প্রঃ সংকৰ ধাতু কি ?
উঃ দুই বা ততােধিক ধাতু বা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্রণকে সংকৰ ধাতু বােলে।

প্রঃ  তলৰ কোনবােৰৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব ?
(a) NaCIৰ দ্ৰৱ আৰু কপাৰ ধাতু।
(b) MgCI2ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।
(c) FeSO4ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু।
(d) AgNO3ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
উঃ AgNO3ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

লগতে পঢ়ক:   মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন [প্ৰশ্নউত্তৰ] দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 5

প্র :  লােৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ’ব?
(a) গ্রীজ ব্যৱহাৰ কৰি।
(b) ৰং ব্যৱহাৰ কৰি।
(c) যিংকৰ প্রলেপ দি।
(d) ওপৰৰ সকলাে।
উঃ (c) যিংকৰ প্রলেপ দি।

প্র :  এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভবপৰ মৌলটো লিখা।
(a) কেলছিয়াম (b) কার্বন (c) ছিলিকন (d) আইন

উ : (a) কেলছিয়াম।

প্র: খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবােৰত টিনৰ প্ৰলেপ। দিয়া হয়, যিংকৰ নহয়। কিয়নাে—
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি
(c) যিংক টিনতকৈ অধিক সক্রিয়।
(d) যিংক টিনতকৈ কম সক্রিয়
উ : (c) যিংক টিনতকৈ অধিক সক্রিয়।

প্রঃ ২০। তােমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাৰ আৰু এটা ছুইচ দিয়া হ’ল। (H.S.L.C −15)
(a) এই বস্তুবােৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা ?
(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাৰবাৰৰ উপযােগিতা উল্লেখ কৰিবা।
উঃ (a) হাতুৰীৰে কোবালে ধাতু পাতল হ’ব। আনহাতে অধাতু গুড়ি হব।
উ : (b) ধাতু আৰু অধাতুৰ চিনাক্তকৰণ প্ৰক্ৰিয়াটোত হাতুৰী ব্যৱহাৰ কৰিব লাগে। কাৰণ ধাতুবােৰক কোবাই চেপেটা কৰিব পাৰি। আনহাতে অধাতুক নােৱাৰি।

প্রঃ উভধর্মী অক্সাইড কাক বােলে? দুটা উভধর্মী অক্সাইডৰ নাম লিখা।
উঃ যিবােৰ অক্সাইডে এছিড আৰু ক্ষাৰ উভয়ৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেইবােৰক উভধর্মী অক্সাইড বােলে। উদাহৰণ : যিংক অক্সাইড আৰু এলুমিনিয়াম অক্সাইড।

প্রঃ দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰপৰা হাইড্রজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।
উঃ হাইড্রজেন অপসাৰণ কৰা দুটা ধাতু হল- ছ’ডিয়াম আৰু কেলছিয়াম। অপসাৰণ নকৰা ধাতু হৈছে- কপাৰ আৰু ছিলভাৰ।

প্রঃ  M ধাতুৰ বৈদ্যুতিক শােধনৰ বেলিকা এন ‘ড, কেথড আৰু বিদ্যুত বিশ্লেষ্য কি ল’ব লাগিব ?
উঃ অশুদ্ধ ধাতু Mক এনড হিচাপে আৰু বিশুদ্ধ Mক কেথ’ড হিচাপে M ধাতুৰ লৱণ বিশ্লেষ্য ব্যৱহাৰ কৰিব লাগিব।

ধাতু আৰু অধাতু Class 10

প্রঃ  প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে উদ্ভৱ হোৱা গেছটো এটা পৰীক্ষানলী ওভোতাকৈ ধৰি সংগ্ৰহ কৰিলে।
(a) (i) শুষ্ক লিটমাছ কাগজৰ লগত (ii) সিক্ত লিটমাছ কাগজৰ লগত গেছটাৰ বিক্রিয়া কেনে হ’ব?
(b) ইয়াত বিক্রিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।
উঃ (a) (i) শুল্ক লিটমাছ কাগজৰ লগত কোনাে বিক্রিয়া নকৰে।
(ii) গেছটোৱে সিক্ত লিটমাছৰ লগত বিক্রিয়া কৰি কাগজক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব।
(b) সংঘটিত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো হ’ল-
SO2+H20 → H2S04 + 2H+S03

প্রঃ  মাৰকিউৰিক অক্সাইড মাৰকিউৰিকলৈ বিজাৰিত হয়। (H.S.L.C −17)
বিক্রিয়াটো: 2Hgo(s)→2Hg(l) + O2(g)

প্রঃ লোত মামৰে ধৰা ৰােধ কৰিবলৈ দুটা উপায় বর্ণনা
উঃ (i) ৰং কৰা।। (ii) দস্তালেপন।

প্রঃ  অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?
উঃ অধাতুবিলাকে অক্সিজেনৰ লগত বিক্রিয়া কৰি আম্লিক অক্সাইড উৎপন্ন কৰে।

Seba Class 10 General science chapter 3

প্রঃ  কাৰণ দর্শাৱা।
(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়। (H.S.L.C −15/18)

উঃ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ধাতুবােৰ যথেষ্ট কঠিন, উজ্জ্বল, উচ্চ ঘাতসহনশীল আৰু নমনীয়। এইবােৰ সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। সেই কাৰণে এইবােৰক অলংকাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়

উঃ (b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতুবােৰ অতি সক্রিয় হােৱা বাবে ইহঁতে বায়ুত থকা অক্সিজেন, জলীয় বাষ্প আৰু কার্বন-ডাই-অক্সাইডৰ লগত বিক্রিয়া কৰে। যাতে ইহঁতে বিক্রিয়া কৰিব নােৱাৰে সেইবাবে এইবােৰক তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। (H.S.L.C −15/18)

উঃএলুমিনিয়াম তাপৰ সুপৰিবাহী। ই বায়ুত থকা অক্সিজেনৰ লগত বিক্রিয়া কৰি উৎপন্ন কৰা এলুমিনিয়াম অক্সাইড অধিক সুস্থিৰ। এই এলুমিনিয়াম অক্সাইডৰ প্রলেপে ভিতৰৰ এলুমিনিয়ামক ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰে আৰু ই অধিক উষ্ণতাতাে নষ্ট নহয়। সেইবাবে ইয়াক ৰন্ধা বাচন- বৰ্তনত ব্যৱহাৰ কৰা হয়।

(d) ধাতু নিষ্কাষণৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইজলৈ ৰূপান্তৰ কৰা হয়। (H.S.L.C −15)
উঃ যিহেতু ধাতুৰ অক্সাইডৰ পৰা ধাতু নিষ্কাষণ কৰা অতি সহজ, সেয়েহে ধাতুৰ কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

প্র : চেকালগা কপাৰৰ পাত্র নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় বাৱহাৰ কৰে?
উ : কপাৰৰ পাত্ৰৰ চেকা কপাৰ কার্বনেটৰ এটা প্রলেপ। এই কপাৰ কার্বনেট এচিডত দ্ৰৱীভূত হয়। সেইবাবে এই পাত্ৰবােৰ নেমু বা তেতেলী টেঙাৰ ৰসেৰে পৰিষ্কাৰ কৰা হয়। নেমু আৰু তেতেলী ৰসত ক্রমে ছাইট্রিক এছিড আৰু টাৰিটাৰিক এছিড থাকে।

ধাতু আৰু অধাতু Class 10

প্র: ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পার্থক্য লিখা।
উঃ ধাতু আৰু অধাতুৰ মাজত পার্থক্য হল—
(1) ধাতুবােৰে ধণাত্মক আধান উৎপন্ন কৰে কিন্তু অধাতুরে ঋণাত্মক আধান উৎপন্ন কৰে।
(2) ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে। কিন্তু অধাতুৱে আম্লিক অক্সাইড গঠন কৰে।
(3) ধাতুৰ হাইড্রাইডবােৰ আয়নীয় প্ৰকৃতিৰ আনহাতে অধাতুৰ হাইড্রাইডবােৰ সহযােজী প্রকৃতি।

লগতে পঢ়ক:   ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ [প্ৰশ্ন উত্তৰ] দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 1

প্রঃ গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ  ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কিয়?
উঃ ষ্টিলতকৈ কপাৰ অধিক পৰিবাহী, ই সহজে ক্ষয় নাযায় আৰু মামৰে নধৰে। সেই বাবে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহৰ কৰা হয়।

প্রঃ ধাতৱ দ্যুতি কাক বােলে ?
উঃ বিশুদ্ধ ধাতুৰ পৃষ্ঠৰ চিকমিকনিক ধাতৱ দ্যুতি বােলে।

প্রঃ  ধাতু ‘আৰু অধাতুৰ চাৰিটাকৈ ধৰ্ম উল্লেখ কৰা।

উঃ ধাতুৰ চাৰিটা ধর্ম হল-
(১) ধাতুৰ চিকমিকনি আছে।
(২) ধাতুবােৰৰ গলনাংক আৰু উতলাংক বেছি।
(৩) ধাতুবােৰ বিদ্যুতৰ সুপৰিবাহী।
(৪) ধাতুবােৰ ঘাতসহনীয় আৰু নমনীয়।

অধাতুৰ চাৰিটা ধর্ম হ’ল
(১) অধাতুবােৰ তাপৰ কুপৰিবাহী।
(২) অধাতু হাইড্রাইডবােৰ সহযােজী।
(৩) অধাতুৰ গলনাংক সাধাৰণতে অতি কম।।
(8) অধাতুবােৰ বিদ্যুতৰ কুপৰিবাহী।

প্রঃ  কপাৰ আৰু যিংক, কপাৰ আৰু টিন আৰু লেড আৰু টিনৰ সংকৰ ধাতুৰ নাম লিখা।
উঃ কপাৰ আৰু যিংকৰ সংকৰ ধাতু পিতল। কপাৰ আৰু টিনৰ সংকৰ ধাতু ব্ৰঞ্জ। লেড আৰু যিংকৰ সংকৰ ধাতু—ছ’ল্ডাৰ।

প্রঃ  উভধর্মী অক্সাইড কাক বােলে? উদাহৰণ দিয়া।
উঃ যিবােৰ অক্সাইডে এছিড আৰু ক্ষাৰকৰ লগত বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সেইবােৰক উভধর্মী অক্সাইড বােলে।
উদাহৰণ—এলুমিনিয়াম অক্সাইড, যিংক অক্সাইড আদি।

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩

প্র :  কাৰণ দর্শোৱা :
(১) খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।
উঃ (১) এলুমিনিয়াম কোবাই সহজে পাতল পাতলৈ পৰিৱৰ্তন কৰিব পাৰি। সেইবাবে খাদ্যসামগ্রী মেৰিয়াবলৈ এলুমিনিয়াম ব্যৱহাৰ কৰা হয়।

প্রঃ কি ঘটিব যেতিয়া—
(ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়।
(খ) কপাৰ ছালফেট দ্ৰৱত লােৰ গজাল ৰখা হয়।
বিক্রিয়াসমূহ উপযুক্ত সমীকৰণ লিখিবা।
উঃ (ক) তামৰ প্লেটৰ ওপৰত ছালফিউৰিক এছিড দিলে কপাৰ ছালফেট আৰু হাইড্রজেন গেছ উৎপন্ন হয়।
Cu+H2S04→CuSO4+H2

(খ) কপাৰ ছালফেট দ্ৰৱত লােৰ গজাল ৰাখিলে, আইৰনে কপাৰ ছালফেটৰ পৰা কপাৰক অপসাৰিত কৰে।
CuSO4+Fe→FeSO4+Cu

প্রঃ  পানীৰ সৈতে বিক্রিয়া নকৰা দুবিধ ধাতুৰ নাম লিখা।
উ : সােণ আৰু ৰূপ।

প্রঃ তাপজাৰণ আৰু দন্ধীকৰণ পদ্ধতিৰ সংজ্ঞা দিয়া।
উঃ অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰক ধাতৱ অক্সাইড়লৈ ৰূপান্তৰ কৰা পদ্ধতিকে তাপজাৰণ বােলা হয়।
পৰিমিত বায়ুৰ পৰিৱেশত উচ্চ তাপত উত্তপ্ত কৰি কার্বনেট আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰ কৰা পদ্ধতুিক দগ্ধীকৰণ পদ্ধতি বােলা হয়।

প্রঃ আয়নীয় বা ইলেকট্র’যােজী যৌগ কাক বােলে? উদাহৰণ দিয়া।
উঃ ধাতুৰ পৰা অধাতুলৈ ইলেকট্রন স্থানান্তৰ হওঁতে সৃষ্টি হােৱা যৌগক আয়নীয় বা ইলেকট্র’যোজী যৌগ বােলে।
উদাহৰণ– NaCl, CaCl, CaO, MgCI, আদি।

প্র : এমালগাম কি?
উঃ এমালগাম এটা সংকৰ ধাতু। কোনাে ধাতু আৰু পাৰাৰ সংকৰ ধাতুৱে এমালগাম।

প্রঃ  ধাতুকল্প কাক বােলে ?
উঃ যিবােৰ মৌলই ধাতু আৰু অধাতু দুয়ােৰে ধৰ্ম দেখুৱায় তেনেবােৰ মৌলক ধাতুকল্প বােল।
যেনে—Ge, As, Te

ধাতু আৰু অধাতু পাঠটোৰ কিছুমান গুৰুত্বপূৰ্ণ সংজ্ঞা

ধাতু সংজ্ঞা

জৌতিক ধৰ্মৰ আধাৰত : তেনেবোৰ যিবোৰ দেখাত চক্‌চকীয়া; কঠিন, ঘাতসহনীয়, নমনীয়, তাপ আৰ বিদ্যুতৰ সুপৰিবাহী, উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট আৰু কঠিন পদাৰ্থত আঘাত কৰিলে শব্দ উৎপন্ন কৰে (নিনাদীগুণ বিশিষ্ট)।

ৰাসায়নিক ধৰ্মৰ আধাৰত : এনে মৌল যিয়ে অতি সহজে ৰাসায়নিক বিক্ৰিয়াত যোজক কক্ষৰ পৰা ইলেক্ট্ৰ’ন এৰি দি ধনাত্মক আধানযুক্ত আয়ন অৰ্থাৎ কেটায়নৰ সৃষ্টি কৰে।

অধাতু সংজ্ঞা

ভৌতিক ধৰ্মৰ আধাৰত : এনে মৌলই ধাতুৰ ধৰ্ম প্রদৰ্শন নকৰে। ই গেছ অথবা গোটা পদাৰ্থ হ’ব পাৰে (অৱশ্যে ইয়াৰ ব্যতিক্ৰমো নথকা নহয়) |

ৰাসায়নিক ধৰ্মৰ আধাৰত : এনে মৌলই ইলেক্ট্ৰ’ন গ্ৰহণ কৰি খ৷ণাত্মক আধানযুক্ত আয়ন উৎপন্ন কৰে যাক এনায়ন বোলা হয়।

ধাতৱ দ্যুতি: বিশুদ্ধ থকা ধাতুৰ চিক্‌মিকনি

ঘাত সহনীয়তা : ধাতুৰ এনে গুণ যাৰ বাবে ইয়াক পাতল চেপেটা আকাৰ দিব পাৰি।

নমনীয়তা : ধাতুৰ এনে ধৰ্ম যাৰ বাবে ইয়াক মিহি তাৰলৈ ৰূপান্তৰ কৰিব পাৰি।

নিনাদীগুণ:ধাতুৰ এনে ধৰ্ম যাৰ ফলত টান পর্দাথ আঘাত কৰিলে ইয়াৰ পৰা উচ্চ শব্দ উৎপন্ন হয়।

বিদ্যুৎ পৰিবাহী : এনে পদাৰ্থ যাৰ মাজেৰে বৈদ্যুতিক আধান পাৰ হৈ যাব পাৰে।
উষ্ণতা অথবা তাপ পৰিবাহী : এনে পদাৰ্থ যিয়ে তাপ বা তাপশক্তি কঢ়িয়াব পাৰে।
বহুৰূপতা : ভিন্ন সাংগঠনিক ৰূপত বিৰাজ কৰিব পৰা একোটা মৌলৰ ধৰ্ম । প্ৰত্যেক ৰূপৰ ভৌতিক ধৰ্ম ভিন্ন যদিও ৰাসায়নিক ধৰ্ম একে। উদাহৰণস্বৰূপে: কাৰ্বনে বহুৰূপতা প্ৰদৰ্শন কৰে।

বহুৰূপ:  একেবিধ মৌলৰে বিভিন্ন ৰূপ যিয়ে বহুৰূপতা দেখুৱায়। উদাহৰণস্বৰূপে : হীৰা আৰু গ্রেফাইট কাৰ্বনৰে বহুৰূপ
ক্ষাৰ ধাতু : আধুনিক পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ 1ৰ মৌল যিয়ে ইয়াৰ পৰমাণুৰ বহিৰতম কক্ষৰ পৰা ইলেক্ট্ৰীন সহজে ত্যাগ কৰি ধনাত্মক আয়ন উৎপন্ন কৰে।

উভধর্মী অক্সাইড (Amphoteric oxides): ধাতীয় অক্সাইড যিবােৰে এছিড আৰু ক্ষাৰ দুয়ােবিধৰ লগতে বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।
উদাহৰণস্বৰূগেঃ এলুমিনিয়াম অক্সাইড (A1203,), যিংক অক্সাইড (ZnO), ইত্যাদি।
এনভীকৰণ (Anodising) মামৰ প্ৰতিৰােধ কৰাৰ বাবে বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে এলুমিনিয়ামৰ ওপৰত এলুমিনিয়াম অক্সাইডৰ ডাঠ প্রলেপ দিয়া প্রক্রিয়া।

লগতে পঢ়ক:   আমাৰ পৰিবেশ দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৫ (প্রশ্নোত্তৰ)

4Al + 3O2 → 2A1203,
এলুমিনিয়াম + অক্সিজেন → এলুমিনিয়াম
অম্লজ  ঃ গাঢ় হাইড্রক্লৰিক এছিড (HCl) আৰু নাইট্রিক এছিড (HNO3) 3:1 অনুপাতত মিহলাই তৈয়াৰ কৰা। ই প্লেটিনাম আৰু সােণ দ্রবীভূত কৰিব পাৰে।
ধাতুৰ সক্রিয়তা ক্রম (Reactivity series of metals): সক্রিয়তাৰ অধঃক্রমত সজোৱা তালিকা
সম্রান্ত (নিষ্ক্রিয়) গেছ (Noble (inert) gases) : আধুনিক পর্যাবৃত্ত তালিকাৰ 18 বৰ্গৰ মৌলসমূহ যাৰ যােজক কক্ষ পূর্ণ হৈ থাকে। এনে মৌলৰ ৰাসায়নিক বিক্রিয়াত ভাগ লােৱাৰ প্রৱণতা কম।

বিজাৰণ (Reduction) : ধাতুৰ সক্রিয়তা শ্ৰেণীৰ মাজৰ অংশত থকা ধাতুৰ ধাত্রীয় অক্সাইডক উপযুক্ত বিজাৰক যেনে – কার্বন (C2)ৰ দ্বাৰা বিজাৰণ ঘটাই ধাতু আহৰণ কৰাৰ প্রক্রিয়া।
থার্মিট বিক্রিয়া (Thermit reaction): তাপবর্জী বিক্রিয়া য’ত অতিশয় সক্রিয় ধাতু (ছডিয়াম, কেলছিয়াম, এলুমিনিয়াম আদি)ক বিজাৰক পদার্থ হিচাপে ব্যৱহাৰ কৰি কম সক্রিয় ধাতুবােৰক সিহঁতৰ যৌগ [মেংগানিজ ডাই-অক্সাইড (MnO2), আইৰণ (iii) অক্সাইড (Fe,03) ইত্যাদি] ৰ পৰা অপসাৰণ ৰা হয়। ইয়াৰ উৎকৃষ্ট উদাহৰণ হৈছে এলুমিনিয়ামে আইৰণক ইয়াৰ অক্সাইডৰ পৰা অপসাৰিত কৰাৰ প্রক্রিয়া। ৰে’ললাইন, ভগা মেচিন আদি জোৰা লগাবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় ।
Fe203 (s) + 2Al (s) – 2Fe(l) + Al203(s) + তাপ
বিদ্যুৎ বিজাৰণ (Electrolytic reduction): ধাতুৰ সক্রিয়তা শ্ৰেণীৰ ওপৰফালে থকা অতিশয় সক্রিয় ধাতু। (যেনে– ছ’ডিয়াম, কেলছিয়াম, মেগনেছিয়াম, এলুমিনিয়াম আদি) কসিহঁতৰ বিগলিত ক্ল’ৰাইডৰ বিদ্যুৎ বিশ্লেষণেৰে নিষ্কাশন কৰাৰ প্রক্রিয়া। বিদ্যুৎ বিজাৰণ প্রক্রিয়াত ধাতুৰ আয়নে কেথ’ডৰপৰা ইলেক্ট্রন গ্ৰহণ কৰি ধাতুলৈ বিজাৰিত হয়।
ধাতুৰ শােধন (Refining of metals): ধাতু এটাক বিশুদ্ধ অৱস্থাত পাবৰ বাবে অশুদ্ধ ধাতুৰপৰা অশুদ্ধিসমূহ আঁতৰ কৰাৰ প্রক্রিয়া।
ধাতুৰ বিদ্যুৎ পৰিশােধন পদ্ধতি (Electrolytic refining of metals) ঃ এই প্রক্রিয়াত অশুদ্ধ ধাতুক এনড হিচাপে আৰু বিশুদ্ধ ধাতুৰ পাতল পাতক কেথড হিচাপে ব্যৱহাৰ কৰি বিদ্যুৎ বিশ্লেষণ প্রক্রিয়াৰে ধাতু (যেনে-কপাৰ, যিংক, টিন, নিকেল, ৰূপ, সােণ আদি) ৰ শােধন কৰা হয়। ধাতুৰ থৰ ঘৰক এই প্রতি বিদ্যুৎ বিশ্লেষ্য হিচাপে ব্যৱহাৰ কৰা হয়।

এনড বোকা (Anode mud) : ধাতু শােধনৰ বিদ্যুৎবৈজেযিক প্রক্রিয়াত বিদ্যুৎকোষৰ এনীতৰ তলত জমা হােৱা অশুদ্ধি।
ক্ষয়ীভবন (Corosion) : বায়ুত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ সৈতে ধাতু এটাই সংঘটিত কৰাৰাসায়নিক বিক্রিয়াৰ ফলত সংশ্লিষ্ট ধাতুৰ ক্রমাগত বিনাশ।
বিদ্যুৎলেপন (Galvanisation) : ধাতু, লাে আৰু তীখাৰ ক্ষয়ীভৱন ৰােধ কৰাৰ বাবে যিংকৰ পাতল আৱৰণ দিয়া বৈদ্যুতিক পদ্ধতি।
সংকৰ ধাতু (Alloy) : দুটা বা ততােধিক ধাতু বা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্রণ।
এমালগাম (Amalgam) পাৰা আৰু অন্য ধাতু মিশ্রণৰ পৰা তৈয়াৰী সংকৰ ধাতু।
পিতলঃ যিংক (Zn) আৰু কপাৰ (Cu) মিশ্রিত সংকৰ ধাতু
ব্রঞ্জ (Bronze কপাৰ (Cu) আৰু টিন (Sn) মিশ্রিত সংকৰ ধাতু।
ছল্ডাৰ (Solde) টিন (Sn) আৰু লেড (Pb) মিশ্রিত সংকৰ ধাতু
কেৰেট (Carat) সােণৰ বিশুদ্ধতা জোখাৰ একক (বিশুদ্ধ সােণত 24 কেৰেট থাকে)।

লগতে পঢ়ক: ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

Class 10 Science Chapter 3 Question Answer In Assamese

Here we have updated detailed Assam Seba Board 10th Class General Science Chapter 3 (ধাতু আৰু অধাতু) question And Answer of Assamese Book. Class 10 Science Answer Guide, Assam Text Book Class 10th Assamese Medium Questions and Answers, Chapter Wise Notes PDF, Model Question Papers, Study Material To help the students to understand the concepts behind each question in a simple and detailed manner.

প্রঃ  ধাতুকল্প কাক বােলে ?

উঃ যিবােৰ মৌলই ধাতু আৰু অধাতু দুয়ােৰে ধৰ্ম দেখুৱায় তেনেবােৰ মৌলক ধাতুকল্প বােল।

প্রঃ সংকৰ ধাতু কি ?

উঃ দুই বা ততােধিক ধাতু বা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্রণকে সংকৰ ধাতু বােলে।

প্র: ধাতু আৰু অধাতুৰ পার্থক্য লিখা।

উঃ ধাতু আৰু অধাতুৰ মাজত পার্থক্য হল—
(1) ধাতুবােৰে ধণাত্মক আধান উৎপন্ন কৰে কিন্তু অধাতুরে ঋণাত্মক আধান উৎপন্ন কৰে।
(2) ধাতুৱে ক্ষাৰকীয় অক্সাইড গঠন কৰে। কিন্তু অধাতুৱে আম্লিক অক্সাইড গঠন কৰে।
(3) ধাতুৰ হাইড্রাইডবােৰ আয়নীয় প্ৰকৃতিৰ আনহাতে অধাতুৰ হাইড্রাইডবােৰ সহযােজী প্রকৃতি।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top