কালিকা লগা পাট-কাপোৰ Class 7 – (প্ৰশ্ন উত্তৰ) Kalika Laga Part Kapoor

কালিকা লগা পাট-কাপোৰ Class 7 – Kalika Laga Part Kapoor | সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ অসম | Class 7 Assamese Lesson 2 Question Answer

সপ্তম শ্ৰেণীৰ অসমীয়া প্রথম পাঠ 2 (কালিকা লগা পাট-কাপোৰ) আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সমুহ ইয়াত উপলব্ধ ।

শ্ৰেণী সপ্তম শ্ৰেণী
পাঠ (Chapter)2 (কালিকা লগা পাট-কাপোৰ)
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject)সপ্তম শ্ৰেণী অসমীয়া
মাধ্যমঅসমীয়া
পাঠ্যক্ৰমNCERT

কালিকা লগা পাট-কাপোৰ Class 7

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

২। উত্তৰ দিয়া।
(ক) চহকী মানুহজন কোন দেশৰ আছিল?
উঃ- চহকী মানুহজন আচিক দেশৰ আছিল।

(খ) চহকী মানুহজনৰ ছােৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?
উঃ- মানুহজনৰ ছােৱালীজনী এজন দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল।

(গ) ছােৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?
উঃ- ছােৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাট কাপােৰ দিয়া হৈছিল।

(ঘ) কালিকালগা কাপোেৰখন দিওঁতে দেউতাকে কি কৈছিল?
উঃ- কালিকালগা কাপোেৰখন দিওঁতে দেউতাকে কৈছিল যে এটা মন্ত্র উচ্চাৰণ নকৰাকৈ কাপােৰখনত কোনােবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপােৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।

(ঙ) আচিক সম্প্রদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
উঃ- আচিক সম্প্রদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী ছােৱালী। কিয়নাে ই মাতৃ প্রধান জাতি।

(চ) ছােৱালীজনীয়ে কাপােৰখন ৰ’দত মেলি দি ক’লৈ গৈছিল?
উঃ- ছােৱালীজনীয়ে কাপােৰখন ৰ’দত মেলি দি ওচৰৰ জান এটাত চেপা (খােকা) পাতি মাছ ধৰিবলৈ গৈছিল।

(ছ) কাপােৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজনক কিহলৈ ৰূপান্তৰিত হ’ল?
উঃ- কাপােৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন ততালিকে এটা ডাঙৰ আৰু নানা বৰণীয়া জমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই (চিতৰী) লৈ ৰূপান্তৰিত হ’ল।

কালিকা লগা পাট-কাপোৰ Class 7

৩। চমু উত্তৰ দিয়া :

(ক) বাপেকে ছােৱালীজনীক দিয়া বনকৰা পাট কাপােৰখনৰ বিশেষত্ব কি আছিল?
উঃ- বাপেকে ছােৱালীজনীক দিয়া ‘বনকৰা’ পাট কাপােৰখনৰ বিশেষত্ব এয়াই আছিল যে এটা মন্ত্র উচ্চাৰণ নকৰাকৈ কাপােৰখনত কোনােবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হয় আৰু কাপােৰখন চৰাইটোৰ পাখি আৰু নেজ হৈ পৰিব।

(খ) গিৰিয়েকজন কিদৰে সুশােভিত চিতৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল?
উঃ—এদিনাখন ছােৱালীজনীয়ে মন্ত্রপুত কাপােৰখন পেৰাৰ পৰা উলিয়াই ৰ’দত মেলি দিয়ে আৰু ধাৰাসাৰ বৰষুণ বা শিল বৰষুণ আহিলেও যাতে গিৰিয়েকে সেইখন নােচোৱে সেই বিষয়ে সকীয়াই দি ওচৰৰ জান এটাত চেপা পাতি মাছ ধৰিবলৈ যায়। কিছু সময়ৰ পিছত কলা ডাৱৰে আকাশখন ছাটি ধৰি ধাৰাসাৰে বৰষুণ দিয়াত গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতে। সেই সময়তে শিল-বৰষুণ অহাত গিৰিয়েকে তাইৰ সতর্কবাণী পাহৰি, যায় আৰু কাপােৰখন সামৰি আনিবলৈ তাত হাত দিয়াৰ লগে লগে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জমকীয়া পাখিৰে সুশােভিত চিতৰী চৰাইলৈ ৰূপান্তৰিত হয়।

(গ) গিৰিয়েকজনে কাপােৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হল?
উঃ- গিৰিয়েকজনে মন্ত্রপুত কাপােৰখন চুই দিয়াৰ লগে লগে নানা বৰণীয়া জমকীয়া পাখিৰে সুশােভিত ময়ূৰ চৰাইলৈ ৰূপান্তৰিত হােৱা দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি যায় আৰু “কি কৰিলা ঔ” বুলি চিঞৰ মাৰি কাপােৰখনত হাত দিয়ে। লগে লগে তায়াে এজনী চৰাইলৈ ৰূপান্তৰিত হয়। তেতিয়াৰে পৰা গিৰিয়েকজন মতা ম’ৰা চৰাই আৰু ঘৈণীয়েকজনী মাইকী মৰা চৰাই হৈ পৰে।

কালিকা লগা পাট-কাপোৰ Class 7

৪। তলৰ শব্দবােৰৰ অৰ্থ বাকচৰপৰা বাছি উলিয়াই লিখা।

লগতে পঢ়ক:   প্ৰত্যাহ্বান Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ
সুসজ্জিত, ধনী, সুঠাম আৰু দেখিবলৈ ধুনীয়া, বহুত, চলি থকা।
শব্দঅৰ্থ
প্রচলিতচলি থকা
দেখনিয়াৰসুঠাম আৰু দেখিবলৈ ধুনীয়া
চহকীধনী
সুশােভিতসুসজ্জিত
সৰহবহুত

৫৷ তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি, বিৰাম চিহ্ন বহুওৱা।
এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপােৰখনত হাত দিলে, লগে লগে তায়াে এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই। মতাটোৰ পাখি বেছি। জমকীয়া কাৰণ সেই কাপােৰখনৰ সৰহ ভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।
উঃ- এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰ মাৰি কাপােৰখনত হাত দিলে। লগে লগে তায়াে এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই; আৰু ঘৈণীয়েকজনী হৈ পৰিল, মাইকী ম’ৰা চৰাই। মতাটোৰ পাখি বেছি জমকীয়া। কাৰণ, সেই কাপােৰখনৰ সৰহ ভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।

৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্রিয়াযুক্ত বাক্য বাকচটোত ভৰােৱা।

উঃ

সমাপিকা ক্রিয়াঅসমাপিকা ক্রিয়া
১। আচিক দেশত এজন, বৰ চহকী মানুহ আছিল।
২। লগে লগে তায়াে এজনী চৰাইৰ ৰূপ পালে।
১। এদিন ছােৱালীজনীয়ে কাপােৰখন পেৰাৰ পৰা উলিয়াই ৰ’দত মেলি দিলে।
২। বৰষুণত কাপােৰখন তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে।

কালিকা লগা পাট-কাপোৰ Class 7

৭। তলব বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্রিয়া বাছি উলিয়াই তলৰ বাকচত লিখা।
→ মই ঘৰলৈ যাম।
→ ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ।
→ পুৱা শুই উঠি মই বকুল ফুল বুটলিম।
→ মা-দেউতাই খবৰ কাগজ পঢ়ে।
→ স্কুলৰ পৰা আহি মই কিছুপৰ টি. ভি. চাওঁ।

উঃ-

সমাপিকা ক্রিয়াঅসমাপিকা ক্রিয়া
যাম, নাযাওঁ, বুটলিম, পঢ়ে, চাওঁউঠি, আহি

৮। পুৰণি কালত তােমাৰ ককা-আইতাৰাহঁতে কাপােৰ-কানি, বাচন বর্তন পেৰাত ভৰাই থৈছিল। তােমালােকে কাপােৰ-কানি, বাচন-বৰ্তন ক’ত থােৱা, তাৰ এখন তালিকা প্রস্তুত কৰা।

উঃ- পুৰণি কালত আমাৰ ককা-আইতাহঁতে কাপােৰ-কানি, বাচন-বৰ্তন পেৰাত ভৰাই থৈছিল। বর্তমান আমি কাপােৰ কানি, বাচন-বৰ্তন  আদি আলমাৰী, বক্সপালেং, চৌকেচ, মিটচেফ আদিত থওঁ।

Kalika Laga Part Kapoor

৯। ছবিখনত দিয়া সঁজুলিকেইবিধৰ নাম লিখি সেইবােৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা।

কালিকা লগা পাট-কাপোৰ Class 7

উঃ- ছবিখনত মাছ ধৰিবলৈ ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ চিত্র দিয়া হৈছে। সেই সঁজুলিবােৰ হ’ল বৰশী, পল’ বা জলুকি আৰু খালৈ।

বৰশী – ইয়াক মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয়।
প’ল’ বা জুলকি – ইয়াক মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয়।
খালৈ – মাছ ধৰি ভৰাই থবলৈ খালৈৰ ব্যৱহাৰ কৰা হয়।

১০। বাতৰি কাকতৰ শিশু পৃষ্ঠা/শিশু আলােচনী/গল্প পুথি পঢ়ি তাৰ পৰা এটা গল্প স্পষ্ট আখৰেৰে কাগজত লিখিবা। লগতে গল্পটোৰ পৰা কি
শিকিলা সেই বিষয়ে লিখি ডাঠ কাগজত লগাই শ্রেণীকক্ষত আঁৰি থােৱা। গল্পটোৰ লগত সংগতি থকা দুটামান চিত্রও লগাই দিবা।
উঃ- (তােমালােকে নিজে কৰিবলৈ চেষ্টা কৰিবা।)

১১। অসমৰ শিপিনীয়ে তাঁত শালত কি কি কাপােৰ বয়। তাৰ এখন তালিকা প্রস্তুত কৰা।
উঃ– অসমৰ শিপিনীয়ে তাঁত শালত আমাৰ দৈনন্দিন জীৱনত প্রয়ােজন হােৱা বিভিন্ন কাপােৰ বয়। যেনে—গামোচা, চাদৰ-মেখেলা, এৰী কাপােৰ, চেলেং, ৰিহা চাদৰ, ৰুমাল, আনা-কটা গামােচা আদি প্রস্তুত কৰে।

লগতে পঢ়ক:   বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers সপ্তম শ্ৰেণীৰ অসমীয়া

১২। উত্তৰ-পূৱ ভাৰতৰ মাতৃ প্রধান জাতিসমূহৰ এখন তালিকা প্রস্তুত কৰা।
উঃ- উত্তৰ-পূৱ ভাৰতৰ মাতৃ প্রধান জাতিসমূহ হৈছে – খাচীয়া- জয়ন্তীয়াসকল, গাৰােসকল, কাৰ্বিসকল ইত্যাদি।

Kalika Laga Part Kapoor

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

১। ‘কালিকা লগা পাট কাপােৰ’ পাঠটিত কোন জনজাতিৰ মাজত প্রচলিত পৰম্পৰা সমৃদ্ধ লােককথা প্রতিফলিত হৈছে?
উঃ- “কালিকা লগা পাট-কাপােৰ” পাঠটিত গাৰাে জনজাতিৰ মাজত প্রচলিত পৰম্পৰা সমৃদ্ধ লােককথা প্রতিফলিত হৈছে।

২। চহকী মানুহজন কোন দেশৰ লােক?
উঃ- চহকী মানুহজন আচিক দেশৰ লােক।

৩। মাতৃ প্রধান জাতিসমূহ কত দেখা যায় ?
উঃ- পৰ্বতীয়া জাতিসমূহৰ মাজত কেতবােৰ মাতৃ প্রধান জাতি দেখা যায়।

৪। মাতৃ প্রধান সমাজত পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন হয়?
উঃ- মাতৃ প্রধান সমাজত পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী ছােৱালী হয়।

৫। বাপেকে ছােৱালীজনীক মনে মনে কি কৈছিল?
উঃ- আচিক দেশৰ ধনী মানুহজনৰ জীয়েকজনীক সময়ত এজন দেখনিয়াৰ ডেকাৰ লগত বিয়া পাতি দিছিল। বিয়াত বাপেকে ছােৱালীজনীক আন আন সম্পত্তিৰ লগত এখন কালিকালগা বনকৰা পাটৰ কাপােৰ দিছিল। কাপােৰখন দি উঠি বাপেকে ছােৱালীজনীক মনে মনে কৈছিল যে এটা মন্ত্র উচ্চাৰণ নকৰাকৈ কাপােৰখনত কোনােবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোেৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। বাপেকে ছােৱালীজনীক মন্ত্ৰটো শিকাই দিছিল।

৬। ছােৱালীজনীৰ গিৰিয়েকে কাপােৰখনৰ কি গুণ আছে, সেয়া জানিছিলনে?
উঃ- ছােৱালীজনীৰ গিৰিয়েকে কাপােৰখনৰ গুণাগুণৰ বিষয়ে জনা। নাছিল।

৭। ছােৱালীজনীয়ে কাপােৰখন ক’ৰপৰা উলিয়াই ৰ’দত মেলি দিছিল?
উঃ- ছােৱালীজনীয়ে কাপােৰখন পেৰাৰপৰা উলিয়াই ৰ’দত মেলি দিছিল।

৮। মাছ মাৰিবলৈ যােৱাৰ সময়ত তাই গিৰিয়েকক কি কৈ গৈছিল ?
উঃ- মাছ মাৰিবলৈ যােৱাৰ সময়ত তাই গিৰিয়েকক কৈ গৈছিল যে ধাৰাসাৰে বৰষুণ বা শিল বৰষুণ দিলেও তেওঁ যাতে কাপােৰখন নুচুৱে।

Kalika Laga Part Kapoor

৯। ছােৱালীজনীয়ে ক’ত মাছ ধৰিবলৈ গৈছিল?
উঃ- ছােৱালীজনীয়ে তাইৰ ঘৰৰ কাষৰ জান এটাত মাছ ধৰিবলৈ গৈছিল।

১০। তাই কি পাতি মাছ ধৰিছিল?
উঃ- তাই চেপা পাতি মাছ ধৰিছিল।

১১। চেপাক গাৰো ভাষাত কি বুলি কোৱা হয়?
উঃ- চেপাক গাৰো ভাষাত খােকা বুলি কোৱা হয়।

১২। ধাৰাসাৰ বৰষুণ আহিলত গিৰিয়েকজনে কি কৰিছিল?
উঃ- ধাৰাসাৰ বৰষুণ আহিলত গিৰিয়েকজনে ৰ’দত মেলি দিয়া মন্ত্রপূত কাপােৰখন বৰষুণত তিতা দেখি ঘৈণীয়েকক চিঞৰি মাতিছিল। কিন্তু তাই আহি পােৱাৰ আগতে শিল-বৰষুণ আহিলত গিৰিয়কে তাইৰ সকীয়নি পাহৰি কাপােৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে আৰু লগে লগে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশােভিত মৰা চৰাই হৈ পৰিল।

১৩। মৰা চৰাইক গাৰাে ভাষাত কি বুলি কোৱা হয় ?
উঃ- ম’ৰা চৰাইক গাৰাে ভাষাত চিতৰী বুলি কোৱা হয়।

সপ্তম শ্ৰেণীৰ অসমীয়া প্রথম পাঠ 2

১৪। ঘৈণীয়েকজনীয়ে কেনেদৰে চৰাইৰ ৰূপ পালে?
উঃ- বহুদিন আগতে আচিক নামৰ এখন দেশ আছিল, তাত এজন চহকী মানুহে বাস কৰিছিল। তেওঁৰ এজনী ছােৱালী আছিল। আচিক দেশৰ লােকসকল মাতৃ প্রধান জাতিৰ আছিল। সেই সূত্রে ছােৱালীজনী পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হৈছিল। সময়ত ছােৱালীজনীৰ এজন দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল। বিয়াত দেউতাকে অন্যান্য সম্পত্তিৰ লগত এখন কালিকা লগা বন কৰা পাট কাপােৰ দিছিল আৰু ছােৱালীজনীক মনে মনে কৈছিল যে এটা মন্ত্র উচ্চাৰণ নকৰাকৈ কাপােৰখনত কোনােবাই হাত দিলে সি লগে লগে চৰাইলৈ ৰূপান্তৰ হ’ব আৰু কাপােৰখন চৰাইৰ নেজ আৰু পাখি হৈ পৰিব।

লগতে পঢ়ক:   জতুৱাৰ জঁট Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

তেওঁ ছােৱালীজনীক মন্ত্ৰটো শিকাই দিছিল। তাইৰ গিৰিয়েকে কাপােৰখনৰ গুণৰ বিষয়ে একো জনা নাছিল। মাক-দেউতাকৰ মৃত্যু হােৱাত জীয়েক জোঁৱায়েক ঘৰৰ গৰাকী হ’ল। এদিনাখন ছােৱালীজনীয়ে মন্ত্রপুত কাপােৰখন ৰ’দত মেলি দি ওচৰৰ জান এটাত মাছ মাৰিবলৈ যায় আৰু গিৰিয়েকক কোনাে পৰিস্থিতিতে কাপােৰখন নুচুবলৈ সকীয়াই থৈ যায়।

কিন্তু সেই সময়ত ধাৰাসাৰ শিল বৰষুণ অহাত তেওঁ ঘৈণীয়েকৰ সকীয়নি পাহৰি যায় আৰু কাপােৰখন সামৰি আনিবলৈ হাত দিয়াৰ লগে লগে এটা ডাঙৰ আৰু নানা বৰণীয়া জমকীয়া পাখিৰে সুশােভিত ময়ূৰ চৰাই হৈ পৰে। ঘৈণীয়েকে আহি এই কাণ্ড দেখি মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি যায় আৰু “কি কৰিলা ঔ” বুলি চিঞৰ মাৰি কাপােৰখন চুই দিয়ে। লগে লগে তায়াে এজনী চৰাইলৈ ৰূপান্তৰিত হ’ল।

Class 7 Assamese Lesson 2 Question Answer

১৫। মতা মৰা চৰাইৰ পাখি বেছি জমকীয়া হােৱাৰ কাৰণ কি?
উঃ – মন্ত্রপুত কাপােৰখনৰ সৰহভাগ মতা মৰা চৰাইটোৰ নেজ আৰু পাখিত লাগি ৰয় বাবে মতা মৰা চৰাইৰ পাখি বেছি জমকীয়া হােৱা দেখা যায়।

১৬। মেঘে গাজিলে বা বৰষুণ আহিলে মৰা চৰায়ে কিয় চিঞৰিবলৈ ধৰে?
উঃ- মেঘে গাজিলে বা বৰষুণ আহিলে মৰা চৰায়ে সিহঁতৰ ধুনীয়া পাখিবােৰ বৰষুণত তিতি নষ্ট হােৱাৰ ভয়ত চিঞৰিবলৈ ধৰে।

Class 7 Assamese Lesson 2 Question Answer

১। পাঠটো শুদ্ধ উচ্চাৰণ আৰু যতি, বিৰাম চিহ্নসমূহৰ প্রতি লক্ষ্য ৰাখি কেইবাবাৰাে পঢ়া আৰু সাধুটো নিজৰ কথাৰে কোৱা।
উঃ= তােমালােকে যতি, বিৰাম চিহ্নসমুহৰ প্রতি লক্ষ্য ৰাখি পাঠটো শুদ্ধকৈ পঢ়িবলৈ চেষ্টা কৰিবা।)

সাধুটো নিজৰ ভাষাৰে উল্লেখ কৰা হ’ল –
বহু যুগৰ আগৰ কথা। আচিক নামৰ এখন দেশত এজন বৰ চহকী মানুহে বাস কৰিছিল। তেওঁলােক মাতৃ প্রধান জাতিৰ লােক আছিল। তেওঁলােকৰ এজনী ছােৱালী আছিল আৰু মাতৃ প্রধান জাতিৰ নিয়ম অনুসৰি তাই পিতৃ মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হৈছিল। বিয়াৰ উপযুক্ত বয়স হােৱাত এজন ধুনীয়া আৰু সুঠাম ডেকাৰ লগত তাইৰ বিয়া পতা হয়। দেউতাকে ছােৱালীজনীক অন্যান্য সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাট কাপােৰ উপহাৰ স্বৰূপে দিছিল। “এটা মন্ত্র উচ্চাৰণ নকৰাকৈ কাপােৰখনত কোনােবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ পৰিৱর্তিত হ’ব আৰু কাপোেৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। দেউতাকে মনে মনে ছােৱালীজনীক এই কথা কৈছিল আৰু মন্ত্ৰটো শিকাই দিছিল।

ছােৱালীজনীয়ে গিৰিয়েকক এই বিষয়ে একো জনােৱা নাছিল আৰু কাপােৰখন দুয়ােজনে সযতনে পেৰাৰ ভিতৰত থৈ দিছিল। মাক-দেউতাকৰ মৃত্যু হােৱাত জীয়েক-জোঁৱায়েক ঘৰৰ গৰাকী হয়। এদিনাখন ছােৱালীজনীয়ে কাপােৰখন পেৰাৰ পৰা উলিয়াই ৰ’দত মেলি দিয়ে। ধাৰাসাৰ বৰষুণ বা শিল বৰষুণ আহিলেও যাতে গিৰিয়েকে কাপােৰখন নচপায়, সেই কথা কৈ তাই ওচৰৰ জান এটাত মাছ মাৰিবলৈ ধৰে। কিছু সময়ৰ পিছত সঁচাকৈয়ে ধাৰাসাৰ বৰষুণৰ লগতে শিলাবৃষ্টি হােৱাত কাপােৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে আৰু তাইৰ সকীয়নিৰ বিষয়ে পাহৰি গৈ কাপােৰখন সামৰি আনিবলৈ তাত হাত দিলে।

লগে লগে তেওঁ জকমকীয়া পাখিৰে সুশােভিত ময়ূৰ চৰাই হৈ পৰে। এই কাণ্ড দেখি ঘৈণীয়েকেও মন্ত্ৰৰ কথা পাহৰি “কি কৰিলা ঔ” বুলি কাপােৰখন চুই দিয়াত তায়াে এজনী চৰাইৰ ৰূপ পায়। তেতিয়াৰে পৰা গিৰিয়েকজন মতা মৰা চৰাই আৰু ঘৈণীয়েকজনী মাইকী ম’ৰা চৰাই হৈ পৰে। কাপােৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰােৱাৰ বাবে মতা ম’ৰা চৰাইবােৰ বেছি জকমকীয়া হােৱা দেখা যায়। ধুনীয়া পাখি বৰষুণত তিতি নষ্ট হয় বুলি আজিও ম’ৰা চৰায়ে ভয় খায় আৰু মেঘে গাজিলে বা বৰষুণ আহিলে চিঞৰিবলৈ ধৰে।

চহকী মানুহজন কোন দেশৰ আছিল?

উঃ- চহকী মানুহজন আচিক দেশৰ আছিল।

চহকী মানুহজনৰ ছােৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?

উঃ- মানুহজনৰ ছােৱালীজনী এজন দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল।

ছােৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?

উঃ- ছােৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাট কাপােৰ দিয়া হৈছিল।

কালিকালগা কাপোেৰখন দিওঁতে দেউতাকে কি কৈছিল?

উঃ- কালিকালগা কাপোেৰখন দিওঁতে দেউতাকে কৈছিল যে এটা মন্ত্র উচ্চাৰণ নকৰাকৈ কাপােৰখনত কোনােবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপােৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top