শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা – BA 1st Semester | Education and Vocational Guidance | Chapter 4

শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা BA 1st Semester Generic Elective (Education) | শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা  1st sem generic elective – Education | Guidance and counselling Chapter 4 Assamese Medium | শিক্ষা BA 1ST SEM| Education and Vocational Guidance |  চতুৰ্থ অধ্যায় | BA 1st semester Education chapter 4

শ্ৰেণী BA 1st Semester
অধ্যায়চতুৰ্থ অধ্যায়
পাঠ শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা (Education and Vocational Guidance)
কিতাপখনৰ নামGuidance and counselling
বিষয়ৰ ধৰণ (Subject Type)Generic Elective – Education
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় BA 1st Sem শিক্ষা (Education)
বিশ্ববিদ্যালয়ডিব্ৰুগড় বিশ্ববিদ্যালয়
খণ্ড (Unit)Unit – III
মাধ্যমঅসমীয়া
পাঠ্যক্ৰমDibrugarh University (CBCS)

শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা

অতি চমু প্রশ্নোত্তৰ

১. বৃত্তীয় নির্দেশনা কি ?
(What is Vocational Guidance?)
উত্তৰঃ সাধাৰণতে যি নির্দেশনা কার্যই শিক্ষার্থীসকলক এটা প্রগতিশীল, শৃংখলাবদ্ধ উন্নত জীৱন-যাপন আৰু তেওঁলোকৰ বৃত্তীয় সমস্যাসমূহ সমাধান কৰাত সহায় কৰে, তেনে নিৰ্দেশনাকে বৃত্তীয় নির্দেশনা বোলে।

২. শৈক্ষিক নিৰ্দেশনাৰ মূল নীতিটো কি ?
(What is the main principles of Educational Guidance?)
উত্তৰঃ শৈক্ষিক নির্দেশনাৰ মূল নীতিটো হ’ল শৈক্ষিক নির্দেশনা সকলো শিক্ষার্থীকে প্রদান কৰা হয় ।

৩. দলগত পৰামৰ্শদান কি?
(What is Group Counselling?)
উত্তৰ : দলগত পৰামৰ্শদানে সৰু দলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাধাৰণ বিষয়বস্তুবোৰ বুজি পোৱা আৰু সম্প্ৰসাৰণ কৰা, ব্যক্তিগত বিচার্য বিষয়সমূহ প্ৰকাশ কৰা আৰু দলৰ নেতৃত্বৰ অধীনত নতুন কৌশল শিকাৰ সুবিধা প্ৰদান কৰে। ই হ’ল এক আন্তঃব্যক্তিক প্রক্রিয়া যিয়ে সচেতন চিন্তা, অনুভৱ আৰু আচৰণ সম্বন্ধে আলোচনা কৰে।

Chapter 4 – Education and Vocational Guidance

চমু প্রশ্নোত্তৰ

১।দলগত নির্দেশনাৰ দুটা তাৎপৰ্য উল্লেখ কৰা।
(Mention two significance of Group Guidance.)
উত্তৰঃ তলত দলগত নিৰ্দেশনাৰ দুটা তাৎপৰ্য উল্লেখ কৰা হ’ল—
(ক)দলগত নির্দেশনাই একে সময়তে বহুতো শিক্ষার্থীক একেলগে দিব পৰা যায়।
(খ)শিকাৰসকলৰ সাধাৰণ সমস্যাবোৰ দলগত নিৰ্দেশনাৰ মাধ্যমেৰে একেলগে আলোচনা কৰিব পৰা যায়।

২. দলগত নিৰ্দেশনাৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।
(Mention two uses of Group Guidance.)
উত্তৰঃ দলগত নিৰ্দেশনাৰ দুটা ব্যৱহাৰ হ’ল—
(ক) দলগত নির্দেশনাই স্বাভাৱিকতে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমস্যাজনিত ছাত্র-ছাত্রীকো সহায় কৰে।
(খ) ইয়াত ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণ সমস্যাসমূহ আলোচনাৰ সুবিধা দিয়া হয় ।

৩. শৈক্ষিক নিৰ্দেশনাৰ দুটা মূল উদ্দেশ্য লিখা।
(Write the two main objectives of Educational Guidance.)
উত্তৰঃ শৈক্ষিক নিৰ্দেশনাৰ মূল উদ্দেশ্যসমূহহ’ল—
(ক) এজন ব্যক্তিৰ জীৱনজোৰা শৈক্ষিক অভিজ্ঞতাৰ ক্ষেত্ৰখনত বহুতো শৈক্ষিক পছন্দৰ নিৰ্বাচনৰ সুযোগ দান কৰা।
(খ)এজন শিশুৱে যেনেকুৱা ধৰণৰ শৈক্ষিক স্তৰত থাকে তেনেকুৱা ধৰণৰ লগত সম্পর্কিত বিষয় অধ্যয়নৰ অভ্যাসৰ দ্বাৰা দক্ষতা বৃদ্ধি কৰা।

৪. শৈক্ষিক নিৰ্দেশনাৰ প্ৰয়োজনীয়তা কি?
(What are the requirements of Educational Guidance?)
উত্তৰঃ বৰ্তমান সময়ত শিক্ষানুষ্ঠানসমূহৰ সকলোবিলাকৰে পাঠ্যক্রম যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। বৃত্তিমুখী পাঠ্যক্রম শিক্ষাক্ষেত্ৰৰ বিভিন্ন স্থানত উদ্ভৱ হোৱা দেখা গৈছে। প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ দ্বাৰা ছাত্র-ছাত্রীসকলক বিভিন্ন ক্ষেত্রলৈ নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেয়েহে নির্দেশনা দান কাৰ্যৰ দ্বাৰা বিভিন্ন পৰামৰ্শ আদি গ্ৰহণ কৰাৰ প্রয়োজনীয়তাও আহি পৰিছে।

৫. ৰাষ্ট্ৰীয় বৃত্তিমূলক নির্দেশনা সংস্থাৰ তিনিটা প্রাথমিক নিয়মসমূহ কি কি?
(What are the basic three outline of National Vocational Guidance Association?)
উত্তৰঃ ৰাষ্ট্ৰীয় বৃত্তিমূলক নির্দেশনা সংস্থাৰ প্ৰাথমিক নিয়মসমূহ হ’ল-
(ক) নিয়োগ ব্যৱস্থাটোৰ ঐতিহাসিক ধাৰা।
(খ)নিয়োগ ব্যৱস্থাটোৰ গুৰুত্ব আৰু সামাজিক সম্পর্ক নির্ণয়।
(গ)নিয়োগ ব্যৱস্থাটোৰ সৈতে কিমান শ্রমিক জড়িত আছে তাৰ তথ্য।

৬.বৃত্তিমূলক নির্দেশনাৰ দুটা উদ্দেশ্য কি কি?
(What are the two purpose of Vocational Guidance?)
উত্তৰঃ বৃত্তীয় নির্দেশনাৰ দুটা উদ্দেশ্য হ’ল—
(ক) বৃত্তিমূলক নির্দেশনাৰ মূল উদ্দেশ্য হ’ল, শিক্ষাৰ্থীসকলৰ ব্যৱসায়িক আৱশ্যকতাৰ প্ৰতি থকা সিহঁতৰ শক্তি, ক্ষমতা আৰু আগ্ৰহৰ আৱিষ্কাৰ কৰাত সহায় কৰা।
(খ) এই নির্দেশনাৰ উদ্দেশ্য হ’ল বৃত্তীয় প্রশিক্ষণৰ ওপৰত পৰ্যাপ্ত পৰিমাণৰ তথ্যৰ যোগান ধৰা।

Chapter 4 – Education and Vocational Guidance

ৰচনাধর্মী প্রশ্নোত্তৰ

১. বৃত্তীয় নির্দেশনা সম্পর্কে লিখা।
(Write about Vocational Guidance.)
উত্তৰঃ সাধাৰণতে যি নির্দেশনা কার্যই শিক্ষার্থীসকলক এটা প্রগতিশীল, শৃংখলাবদ্ধ উন্নত জীৱন-যাপন আৰু তেওঁলোকৰ বৃত্তীয় সমস্যাসমূহ সমাধান কৰাত সহায় কৰে, তেনে নির্দেশনাকে বৃত্তীয় নির্দেশনা বোলে। আমেৰিকাৰ ৰাষ্ট্ৰীয় বৃত্তীয় নির্দেশনা সংস্থাই কৈছে যে, বৃত্তীয় নির্দেশনা হ’ল ব্যক্তিক এটা বৃত্তি নির্বাচন কৰা, তাৰবাবে প্রস্তুত কৰা, বৃত্তিটোত নিয়োজিত হোৱা আৰু তাৰ উন্নতি সাধনত সহায় কৰা প্ৰক্ৰিয়া। ই প্রত্যেকগৰাকী ছাত্ৰী-ছাত্রীকে তলত উল্লেখ কৰা
দিশসমূহৰ বিস্তৃত আৰু সম্পূর্ণ জ্ঞান প্ৰদানত সহায় কৰে। যেনে— কৰ্মৰ প্ৰকৃতি, তাৰ কৃতকাৰ্যতাৰ বাবে প্রয়োজনীয় লক্ষণসমূহ, সাহসেৰে কৰা আৰু কৰ্ম সন্তুষ্টি লাভ কৰা, বৃত্তীয় সা-সুবিধাৰ সম্পর্কিত যথার্থ তথ্য সংগ্রহ, বিভিন্নপ্রকাৰৰ প্ৰয়োজনীয় প্রশিক্ষণ, এইক্ষেত্ৰত অগ্ৰসৰ হোৱা সা-সুবিধা ইত্যাদি। এই নির্দেশনাত শিক্ষার্থীসকলক বিভিন্ন দিশৰ পৰা পৰীক্ষা কৰা হয় আৰু তাৰ পিছত সিহঁতৰ নিজস্ব শক্তি, ক্ষমতা আৰু প্ৰৱণতাৰ ভিত্তিত সিহঁতৰ অৰ্হতাক্ৰমৰ বাবে উপদেশ দিয়া হয়। এটা উপযুক্ত বৃত্তি নির্বাচনৰ বাবে প্রয়োজনীয় তথ্য সিহঁতক যোগান ধৰা হয়। বৃত্তীয় নির্দেশনাক অইন নির্দেশনা যেনে— শৈক্ষিক, সামাজিক, স্বাস্থ্য ইত্যাদি নির্দেশনাব প্রকৃতি যিমান মনোবৈজ্ঞানিক সিমান সমাজতান্ত্রিকো। নির্দেশনা সেৱাই প্ৰকৃতাৰ্থত এজন ব্যক্তিব সম্পূর্ণ ব্যক্তিত্ব বিকাশত সহায় কৰে। বৃত্তীয় নির্দেশনাই ব্যক্তিক শ্ৰমৰ মৰ্যাদা আৰু কৰ্মৰ প্রমূল্য সম্বন্ধে জ্ঞান প্রদান কৰে। ই বৃহত্তৰ কৰ্মৰ পৃথিৱীখন আৰু মানুহক প্রাথমিক প্রয়োজনসমূহৰ আৱশ্যকতা সম্বন্ধে জ্ঞাত কৰি কৰ্ম নিযুক্তিত সহায় কৰে।

বর্তমান সময়ত অধিকসংখ্যক ছাত্র-ছাত্রীয়ে নির্দিষ্ট পছন্দ নোহোৱাকৈয়ে শিক্ষাগ্রহণ কৰিবলৈ। যায়। কিছুমান ছাত্র-ছাত্রীয়ে পৰিয়ালৰ হেঁচা আৰু লগৰীয়াসকলৰ লগ লাগি নিজৰ বৃত্তি নিৰ্বাচন কৰি লয়। প্ৰকৃততে নিবনুৱাৰ সমস্যা চাকৰি নোহোৱাৰ বাবে নহয়। সাধাৰণতে উপযুক্ত অৰ্হতা বা দক্ষতা নথকাৰ বাবেহে নিবনুৱাৰ সৃষ্টি হয়। উপযুক্ত সময়ত ছাত্ৰ-ছাত্ৰীসকলক উপযুক্তভাৱে তেওঁলোকৰ নিজৰ সামৰ্থৰ ভিতৰত কৰিব পৰা বৃত্তীয় ব্যৱস্থাৰ বাবে নির্দেশনা দান কৰি আগুৱাই নিবলৈ যত্ন কৰা উচিত। উপযুক্ত নির্দেশনা, পৰামৰ্শ আদিৰ অভাৱত বহুতো ছাত্র-ছাত্রীয়ে কর্মক্ষেত্র এখন দখল কৰি নিজৰ কৰ্মদক্ষতা দেখুৱাবলৈ সমৰ্থবান হোৱা দেখা নাযায়। ভৱিষ্যত জীৱন সুখ আৰু স্বাচ্ছন্দেৰে অতিবাহিত কৰিবলৈ হ’লে প্রত্যেককে একোটা জীৱিকা বা উপাৰ্জনৰ পথৰ প্ৰয়োজন। সেইকাৰণেই বৃত্তিমূলক শিক্ষাৰ এখন বিস্তৃত তালিকা আগত ৰাখি শিক্ষাৰ্থীসকলক তেওঁলোকৰ ৰুচি আৰু সামর্থ অনুযায়ী বৃত্তিৰ লগত পৰিচিত কৰোৱাৰ প্ৰয়োজনীয়তা আছে। মাধ্যমিক সিক্ষা শেষৰ অন্তত আৱশ্যক হলে কোনো এটা বৃত্তি অৱলম্বন কৰিব পৰাকৈ বৃত্তিমূলক প্রশিক্ষণ প্ৰদানৰো ব্যৱস্থা থকা উচিত। শিক্ষা নোপোৱাসকলৰ বাবে একোটা নির্দিষ্ট পর্যায়লৈ কেনেধৰণৰ সংস্থাপন ব্যৱস্থা কৰা উচিত তাৰ সম্ভেদ দিয়াটো বৃত্তিমূলক নির্দেশনাৰ ভিতৰুৱা বিষয়। সংস্থাপন দিয়াটো প্ৰকৃততে বৃত্তিমূলক নিৰ্দেশনাৰ উদ্দেশ্য নহয়। সংস্থাপন লাভ কৰিব পৰাকৈ কেনেধৰণৰ শিক্ষা লোৱা উচিত? তেনে শিক্ষাৰ অনুষ্ঠান ক’ত আছে? বৃত্তি এটা অৱলম্বন কৰিবলৈ হ’লে কি কি কৰিব লাগিব? ইত্যাদি বিভিন্ন প্ৰশ্নৰ সমাধান দিবলৈ প্ৰয়াস কৰাটো বৃত্তিমূলক নিৰ্দেশনাৰ উদ্দেশ্য হোৱাটো দৰকাৰ। বৃত্তিমূলক নিৰ্দেশনাৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি বৃত্তিমূলক নির্দেশনা বিভাগ নামেৰে এটা বিভাগ আছে। শিক্ষা আৰু বৃত্তীয় নির্দেশনা এই দুটা দিশ সামৰি একোজন বিষয়াৰ তত্বাৱধানত State Educational and Vocational Guidance Bureau নামেৰে এটা বিভাগ চলাই থকা হৈছে। এই বিভাগৰ উপযুক্ত সম্প্ৰসাৰণ ঘটাব পাৰিলে নিৰক্ষৰ, স্বাক্ষৰ আৰু প্ৰশিক্ষণপ্রাপ্ত নিবনুৱাসকলে কিছু উপকাৰ পাব বুলি আশা কৰিব পৰা যায়।

২। বৃত্তিমূলক নির্দেশনাৰ উদ্দেশ্যসমূহ চমুকৈ উল্লেল্লখ কৰা।
(Mention beiefly about the purpose of Vocational Guidance.)
উত্তৰঃ বৃত্তিমূলক নির্দেশনাই ব্যক্তিক ভৱিষ্যত জীৱনৰ বাবে এটা বৃত্তি নিৰ্বাচন কৰা আৰু বৃত্তিটোৰ বাবে নিজকে প্রস্তুত কৰি তোলাৰ বাবে সহায় কৰে। তলত বৃত্তীয় নির্দেশনাৰ প্ৰধান উদ্দেশ্যসমূহ চমুকৈ উল্লেখ কৰা হ’ল—

(ক) বৃত্তিমূলক নির্দেশনাৰ মূল উদ্দেশ্য হ’ল, শিক্ষার্থীসকলৰ ব্যৱসায়িক আৱশ্যকতাৰ প্ৰতি থকা সিহঁতৰ শক্তি, ক্ষমতা আৰু আগ্ৰহৰ আৱিষ্কাৰ কৰাত সহায় কৰা।
(খ)এই নির্দেশনাৰ উদ্দেশ্য হ’ল বৃত্তীয় প্রশিক্ষণৰ ওপৰত পর্যাপ্ত পৰিমাণৰ তথ্যৰ যোগান ধৰা।
(গ) শিক্ষার্থীসকলক বৃত্তি নিৰ্বাচনত সহায় কৰাটো হ’ল বৃত্তীয় নির্দেশনাৰ আন এটা উল্লেখযোগ্য উদ্দেশ্য।
(ঘ) বৃত্তিমূলক নির্দেশনাই শিক্ষার্থীসকলক নির্বাচিত বৃত্তীয় সমাযোজন কৰাৰ ক্ষেত্ৰত সহায় কৰে।
(ঙ) শিক্ষার্থীসকলক আবেগিক ভারসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰাটো হ’ল বৃত্তীয় নির্দেশনাৰ উদ্দেশ্য।
(চ)এইবিধ নির্দেশনাৰ উদ্দেশ্য হ’ল শিক্ষার্থীসকলক ভৱিষ্যত জীৱনত সুস্থভাবে সমাযোজন কৰাত সহায় কৰা।
(ছ) বৃত্তিমূলক নির্দেশনাই ব্যক্তি আৰু সমাজলৈ সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰে।
(জ) বৃত্তিমূলক নির্দেশনাই প্রকৃত নিৰ্বাচনৰ দ্বাৰা এটা নিৰ্দিষ্ট বৃত্তিৰ নিৰ্বাচন কৰি লৈ প্ৰকৃত উন্নতিৰ দিগন্ত মেলি দিয়াত সহায় কৰে।
(ঝ) ই অপসমাযোজন আৰু অসন্তুষ্টিৰ প্ৰতি বাধা দান কৰাৰ নিৰ্দেশনা দিয়ে।
(ঞ) এই নির্দেশনাই মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰৰ নিশ্চয়তা আনি দিয়ে।
(ট) এই নির্দেশনাই ব্যৱসায়, শিল্প আদিৰ ক্ষেত্ৰলৈ উপযুক্ত মানৱ সম্পদ গঢ়ি তোলাত সহায় কৰে।

লগতে পঢ়ক:   নিৰ্দেশনা BA 1st Semester – প্ৰথম অধ্যায় Elective Education D.U

শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা – BA 1st Semester

৩। নিৰ্দেশনা দানৰ ক্ষেত্ৰত বৃত্তিমূলক তথ্যৰ যোগান সম্পর্কে চমুকৈ লিখা।
(Write briefly about the Occupational Information in Guidance.)
উত্তৰঃ শিক্ষার্থীসকলে পঢ়া-শুনা কার্য সম্পাদন কৰাৰ পিছত নিজৰ যোগ্যতা অনুসৰি কোনো বৃত্তিত নিয়োজিত হ’ব নোৱাৰিলে পঢ়া-শুনাৰ অভিজ্ঞতা অথলে যোৱা যেন লাগে। বৃত্তি সম্পৰ্কীয় বিভিন্ন তথ্য-পাতিৰে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ যোগ্যতা অনুসৰি কোনো এটা বৃত্তিত নিয়োজিত হোৱাৰ সুযোগ দিয়াৰ ব্যৱস্থা কৰাটো অতিশয় প্রয়োজন। কিছুবছৰ আগতে ভাৰতবৰ্ষত কোনো বৃত্তি সম্পৰ্কীয় তথ্য-পাতিৰ যোগান ধৰাৰ ব্যৱস্থা নাছিল। পোন প্ৰথমবাৰৰ বাবে ‘প্রতিরক্ষা মন্ত্রণালয়ে’ সেনাবাহিনীৰ জোৱান নিযুক্তিৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সুবিধাসমূহ আৰু দৰকাৰী কিছুমান তথ্য যোগান ধৰিছিল। কিছুমান ব্যক্তিগত প্রতিষ্ঠানেও নিজৰ ব্যৱসায়ৰ সৈতে জড়িত আৰু আর্থিক লাভালাভৰ বিষয়ে যাৱতীয় খা-খবৰ প্ৰকাশ কৰি উলিয়াইছিল। সামগ্রিকভাবে এইবিলাকে নির্দেশনাৰ উদ্দেশ্য পূৰণ কৰিব পৰা নাছিল। পৰৱৰ্তী সময়ত ১৯৫৩ চনত দিল্লীৰ জীৱিকা সম্পৰ্কীয় অনুষ্ঠান এখনে কোনো নির্দিষ্ট চাকৰিৰ খবৰ উল্লেখ নকৰাকৈ নিয়োগ সম্পৰ্কীয় প্ৰশিক্ষণৰ বিষয়ে খবৰ প্ৰকাশ কৰিছিল। বৃত্তীয় সম্পৰ্কীয় নির্দেশনাৰ সংস্থাই বিভিন্ন ৰাজ্যত নিয়োগ আৰু প্ৰশিক্ষণৰ খা-খবৰ থকা পুস্তিকা, বাতৰি কাকত, ইত্যাদিবোৰো প্ৰচাৰৰ ব্যৱস্থা কৰিছিল। ইয়াৰ পিছত ‘ৰাষ্ট্ৰীয় নিয়োগ সেৱা’ ব্যৱস্থাই ‘নিয়োগ বিনিয়োগ’ কেন্দ্ৰৰ সৈতে সংযুক্ত হৈ বৃত্তি সম্পৰ্কীয় বিভিন্ন তথ্য যোগানৰ সংস্থাৰ সৃষ্টি কৰিছিল।

সেইবিলাকেই প্রয়োজন সাপেক্ষে বিভিন্ন তথ্য ছাত্র-ছাত্ৰীসকলক যোগান ধৰি আছে। বৃত্তি সম্পৰ্কীয় তথ্য যোগান ধৰাৰ ক্ষেত্ৰত বৃত্তীয় গৱেষণা সংস্থাই ৰাষ্ট্ৰীয় বৃত্তীয় নির্দেশনা সংস্থাৰ তলত থাকি বিভিন্ন গৱেষণা সম্পৰ্কীয় কাম কৰি আছে। বৰ্তমান সময়ত আন্তঃজালি ব্যৱস্থাৰে তথ্য যোগান ধৰাৰ ব্যৱস্থা কৰি থকা হৈছে। বিভিন্ন স্থানৰ পৰা প্ৰকাশিত বাতৰি কাকতবোৰৰ লগতে নানাধৰণৰ প্ৰচাৰ পত্রিকা, বিজ্ঞাপন, দূৰদৰ্শন, ৰেডিঅ’ আদিৰ মাধ্যমতো তথ্যৰ যোগান ধৰাৰ ব্যৱস্থা আছে।

8। বৃত্তিমূলক নিৰ্দেশনাৰ কাৰ্যাবলীসমূহ লিখা।
(Write the functions of Vocational Guidance.)
উত্তৰঃ বৃত্তিমূলক নির্দেশনা হৈছে একপ্ৰকাৰৰ উপযুক্ত সাহায্য। ইয়াৰ দ্বাৰা ব্যক্তিয়ে এটা উপযুক্ত বৃত্তি নিজৰ ইচ্ছা, মনোযোগ, আগ্রহ আদিৰ মাধ্যমত গ্ৰহণ কৰিবলৈ সুবিধা পায়। এইক্ষেত্ৰত শিক্ষানুষ্ঠানৰ পৰামৰ্শদাতাই শিশুসকলক পৰামৰ্শ দান কৰি নিয়োগ সম্পৰ্কত সুখ আৰু সন্তুষ্টিদায়ক পৰিস্থিতি গ্ৰহণ কৰিবলৈ সুবিধা কৰি দিয়ে। বৃত্তিমূলক নিৰ্দেশনাৰ কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল

(ক) বৃত্তিমূলক নির্দেশনাই চাকৰি সম্পৰ্কত আগ্রহ সৃষ্টি কৰা কাৰ্য সম্পাদন কৰে।
(খ) ই সিদ্ধান্ত গ্ৰহণৰ দক্ষতা অর্জনত সহায় আগবঢ়ায়।
(গ) ই ছাত্ৰ-ছাত্ৰীসকলক পৰিপক্ক আৰু উদ্দেশ্যপূর্ণভাৱে এটা বৃত্তি বাচি লোৱাত সহায় আগবঢ়ায়।
(ঘ) বৃত্তিমূলক নির্দেশনাই বিকাশৰ যিকোনো স্তৰতে প্ৰয়োজন অনুসাৰে উদগনি দিব পাৰে।
(ঙ) ই ছাত্র-ছাত্রীসকলক ভৱিষ্যতে কোনো এটা দিশ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ভুল পথেৰে পৰিচালিত হৈ বিপদত পৰিব পৰাৰ সম্ভাৱনীয়তা নোহোৱা কৰে।
(চ) শিক্ষার্থীসকলক যিকোনো এটা বৃত্তিৰ বাবে প্ৰয়োজনীয় অর্হতা, বয়স, লিংগ, প্রস্তুতি আদি সম্বন্ধে লগা সাধাৰণ আৰু বিশেষ দক্ষতা, কৌশল ইত্যাদি নিৰ্বাচনত বৃত্তীয় নির্দেশনাই সহায় কৰাটো হ’ল প্রধান কাম।
(ছ) বৃত্তিমূলক নির্দেশনাই শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ ভিতৰ আৰু বাহিৰৰ অভিজ্ঞতাক নিজস্ব দক্ষতাৰে আৱিষ্কাৰ কৰি ব্যাপক আগ্ৰহৰ বিকাশ সাধনত সহায় কৰিব লাগিব। নির্দিষ্ট বৃত্তিৰ লগত জড়িত তথ্য শিক্ষাৰ্থীক যোগান ধৰাৰ সুবিধা প্ৰদান কৰিব লাগিব।
(জ) শিক্ষার্থীসকলক শ্ৰমৰ মৰ্যাদা বুজাত সহায় কৰাটো হ’ল বৃত্তিমূলক নিৰ্দেশনাৰ আন এটা প্রধান কার্য।
(ঝ) শিক্ষার্থীসকলক যিকোনো এটা বৃত্তিৰ সম্বন্ধে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ আগতে ব্যৱসায়িক তথ্যৰ বিশ্লেষণ কৌশল আহৰণত সহায় কৰাটো হ’ল বৃত্তীয় নির্দেশনাৰ আন এটা কার্য।
(ঞ) শিক্ষার্থীসকলক বিভিন্ন শৈক্ষিক প্রতিষ্ঠানে বৃত্তীয় প্ৰশিক্ষণৰ বাবে প্ৰদান কৰা সা-সুবিধা আৰু নামভৰ্তিকৰণৰ উপযুক্ত জ্ঞান প্ৰদান কৰাটো হ’ল বৃত্তিমূলক নিৰ্দেশনাৰ এটা কাৰ্য ।
(ট)শ্রমিকসকল, যিসকলে ইতিমধ্যে কর্মত নিয়োজিত হৈ আছে, তেওঁলোক বৃত্তিৰ লগত জড়িত অইন শ্রমিকৰ লগত আৰু সামগ্রিকভাৱে সমাজৰ লগত তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে বুজি উঠাত বৃত্তিমূলক নির্দেশনাই সহায় কৰাটো হ’ল আন এটা বিশেষ কাম।
(ঠ) বৃত্তিমূলক নির্দেশনাৰ আন এটা কাৰ্য হ’ল শিক্ষার্থীর নিজস্ব দক্ষতা আৰু আগ্ৰহ অনুযায়ী বৃত্তিনির্বাচনত সহায় আগবঢ়োৱা।
(ড) ইয়াৰ আন এটা প্ৰধান কাম হ’ল নির্বাচিত বৃত্তিত সুস্থভাৱে সমাযোজন কৰাৰ কৌশল প্ৰদান কৰা।

(ঢ) শিক্ষার্থীসকলক আবেগিক ভাৰসাম্য ৰক্ষা কৰা আৰু মানসিকভাৱে নিৰ্বাচিত বৃত্তিত মনোনিৱেশ কৰাৰ বাবে প্ৰস্তুত কৰি তোলাটো হ’ল এইবিধ নিৰ্দেশনাৰ আন এক প্ৰধান কাম।
(ণ) বৃত্তিমূলক নির্দেশনাৰ আন এটা প্ৰধান কাৰ্য হ’ল শিক্ষাৰ্থীৰ ভৱিষ্যত জীৱন সুস্থভাৱে সমাযোজন কৰাৰ ক্ষেত্ৰত সহায় কৰা।

Chapter 4 – Education and Vocational Guidance

৫। শৈক্ষিক নিৰ্দেশনা আৰু বৃত্তিমূলক নির্দেশনাৰ মাজৰ সম্বন্ধ সম্পর্কে আলোচনা কৰা।
(Discuss about the relationship between Educational Guidance and Vocational Guidance.)
উত্তৰঃ আধুনিক শিক্ষাত মনোবিজ্ঞানৰ নীতি আৰু পদ্ধতিসমূহৰ প্ৰয়োগ বাঢ়ি আহিছে। ইয়াৰ লগে লগে ব্যক্তি পার্থক্য অধ্যয়নৰ আৱশ্যকতা সমান্তৰাল গতিৰে বৃদ্ধি হৈছে। ফলত শৈক্ষিক নির্দেশনা আৰু বৃত্তিমূলক নির্দেশনাৰ গুৰুত্বও অধিক হোৱা দেখা গৈছে। শিক্ষা প্রক্রিয়াত প্ৰত্যেকগৰাকী শিক্ষাৰ্থীৰ নিজস্ব দেহ-মানসিক ক্ষমতা অনুসৰি তেওঁলোকে অনুভৱ কৰা দেহ-মানসিক আৰু শৈক্ষিক সমস্যাসমূহৰ নিৰাময়ৰ উপায় উদ্ভাৱন কৰাৰ প্ৰয়োজনীয়তা আছে। তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বাবে প্রয়োজন হোৱা উপযুক্ত বৃত্তি নিৰ্বাচনত সহায় কৰাৰ বাবে শৈক্ষিক আৰু বৃত্তিমূলক নির্দেশনা প্ৰদানৰ প্ৰয়োজনীয়তাও অধিক। তেনে দিশবোৰলৈ চাই এই দুয়োবিধ নিৰ্দেশনাৰ মাজত এক গভীৰ সম্পৰ্ক আছে বুলি ক’ব পৰা যায়।

বৰ্তমান শিক্ষাৰ প্ৰধান দায়িত্ব হৈছে শিক্ষাৰ্থীৰ অন্তর্নিহিত প্রতিভাসমূহ আৰু ক্ষমতাসমূহক চিনাক্তকৰণ কৰা। সেই অনুক্ৰমে তাৰ বিকাশত সহায় কৰা, যাতে শিক্ষার্থীয়ে ভৱিষ্যত জীৱনত সুস্থভাৱে সমাযোজন কৰিব পাৰে। বিদ্যালয়ত শিক্ষকৰ সমগ্ৰ শিক্ষাৰ দায়িত্ব এক নির্দেশনা কাৰ্যৰ বাহিৰে আন একো নহয়। শিক্ষানুষ্ঠানত শিক্ষাৰ শ্ৰেণীৰ ভিতৰত যি ব্যাপক পৰিসৰৰ পাঠ্যসূচী আৰু কাৰ্যসূচী থাকে তাত অংশগ্ৰহণৰ বাবে শিক্ষার্থীসকলক বিভিন্নভাৱে দিহা-পৰামৰ্শ দিব লাগে। পাঠ্যক্ৰমৰ কোনবোৰ বিষয় তেওঁলোকৰ বাবে উপযোগী, পাঠ গ্রহণ আৰু আয়ত্বকৰণৰ বাবে কেনে শিক্ষণ পদ্ধতি গ্রহণ কৰিব লাগে, কোনবোৰ শিক্ষণ সঁজুলি প্রয়োগ কৰিব লাগে, সহপাঠ্যক্রমিক কাৰ্যসূচীৰ কোনবোৰ দিশত অংশগ্ৰহণ কৰি অৱসৰৰ সময় কটাব লাগে, ব্যক্তিত্বৰ কোনবোৰ প্ৰয়োজনীয় সংলক্ষণ গঢ় দি তুলি সমাজত নিজকে সুস্থ সমাযোজন কৰিব লাগে, দেশ আৰু সমাজৰ প্ৰতি কেনেদৰে আনুগত্য আৰু অনুশাসনৰ ভাব প্রকাশ কৰিব লাগে, নিজ যোগ্যতা আৰু সম্ভাৱনীয়তাৰ ভিত্তিত ভৱিষ্যতৰ বাবে কেনে বৃত্তিবা ব্যৱসায়ৰ প্রশিক্ষণ ল’ব লাগে এই সকলোবোৰ কথা শৈক্ষিক নিৰ্দেশনা কাৰ্যসূচীৰ ভিতৰত পৰে। সাধাৰণতে শিক্ষা আমাৰ বৃত্তীয় জীৱনৰ বাবেই প্রয়োজন হয়। বর্তমান শিক্ষাৰ উদ্দেশ্য হৈছে শিক্ষার্থীক অর্থনৈতিকভাৱে উৎপাদনশীল আৰু স্বাৱলম্বী কৰি তোলা। সকলো শিক্ষার্থী বৃত্তিমূলক আৰু উৎপাদনমূলক ক্ৰিয়াৰ বাবে সমানে উপযোগী বুলি বিবেচনা কৰিব নোৱাৰি।

এইক্ষেত্ৰত ব্যক্তিগত বৈষম্যৰ প্ৰশ্নও ইয়াৰ লগত জড়িত। বিভিন্ন বৃত্তিৰ বিশেষত্ব অনুসৰি তাক আয়ত্ব কৰাৰ বাবে কোনবোৰ যোগ্যতাৰ প্ৰয়োজন, তেনেবোৰ যোগ্যতা তথা সম্ভাৱনীয়তা কোনবোৰ শিক্ষাৰ্থীৰ ব্যক্তিত্বত অন্তর্নিহিত হৈ আছে আৰু সেই যোগ্যতাৰ আশানুরূপ বিকাশত কিদৰে সহায়-সহানুভূতি যোগাব পাৰে ইত্যাদিবোৰ যথেষ্টভাৱে গুৰুত্বপূৰ্ণ কাম। এইকামসমূহৰ সম্পাদনত শৈক্ষিক নির্দেশনাই শিক্ষার্থীসকলক বিশেষভাবে সহায় কৰে। ইয়াৰ উপৰিও বৰ্তমান সমাজত ভাবিব নোৱাৰাধৰণে বৃত্তিসমূহৰ পৰিৱৰ্তন সাধন হৈছে। বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু কাৰিকৰী বিজ্ঞানৰ প্রয়োগে ব্যক্তিক দ্রুতভাৱে আধুনিকীকৰণৰ পথলৈ লৈ যোৱাৰ লগে লগে জীৱন আৰু জীৱিকাৰ চাহিদা অধিকভাৱে বৃদ্ধি পাই উঠিছে। কাৰিকৰী বিজ্ঞানভিত্তিক নতুন- নতুন বহুবোৰ বৃত্তীয় সম্ভাৱনীয়তাই বর্তমান দেখা দিছে। এই দিশৰ প্ৰতি শিক্ষাৰ্থীৰ দৃষ্টি আকর্ষণ কৰিব পৰাটো আৰু তাৰবাবে প্ৰয়োজনীয় নির্দেশনা দিয়াটো সময়ৰ এক প্ৰত্যাহ্বানস্বৰূপ বুলি গণ্য কৰিব পাৰি। বৃত্তীয় নির্দেশনাই ব্যক্তিৰ ভৱিষ্যত জীৱনৰ বাবে উপযুক্ত বৃত্তি নিৰ্বাচন কৰি তাৰ সৈতে সুস্থ সমাযোজন গঢ়ি তোলাত সহায় কৰে। সেয়েহে দুয়োবিধ নির্দেশনাৰ মাজতে এক গভীৰ আৰু স্পষ্ট সম্পৰ্ক থকা বুলি ক’ব পৰা যায়।

৬। জীবিকা বা অৰ্হতাক্ৰম আৰু বৃত্তি সম্পৰ্কীয় তথ্য সম্পর্কে আলোচনা কৰা।
(Discuss the Career and Occupational Information.)
উত্তৰঃ জীবিকা বা অৰ্হতাক্ৰম শব্দটোৰ বহল অর্থটো হৈছে কোনো এজন ব্যক্তিৰ জীৱিকা অৰ্জনৰ বৃত্তিটোৰ বাবে আৰম্ভ কৰা শিক্ষামূলক অনুশীলন। ব্যক্তিজনে ভৱিষ্যতৰ বাবে কোনো কামত মকৰল বা নিয়োজিত হ’বলৈ কোনো বিষয়ৰ শিক্ষা অভিজ্ঞতা লাভ কৰা কাৰ্য। জীৱিকাক জীয়াই থকাৰ উপায় বুলি কোৱা হয়। নির্দেশনাদান কার্যই ব্যক্তিক উপযুক্ত মানৱ সম্পদ হিচাপে জীয়াই থকাৰ উপায় গ্ৰহণৰ সুবিধা দান কৰে। বৃত্তিমূলক নির্দেশনাদান কাৰ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ জীৱিকা অৰ্জনৰ পথত আগবঢ়াই নিবলৈ সুবিধা কৰি দিয়া কাৰ্য। উপযুক্ত বৃত্তিমূলক নিৰ্দেশনাদান কাৰ্যৰ দ্বাৰা ব্যক্তি উপযুক্ত মানৱ সম্পদত পৰিণত হয়। জীৱিকা সৃষ্টিৰ ক্ষেত্ৰত বৃত্তিমূলক তথ্য সামগ্ৰীসমূহে প্ৰায়বোৰ ব্যক্তিকে সহায় কৰে। সেয়েহে ক’ব পৰা যায়, জীৱিকা আৰু বৃত্তীয় তথ্য যোগান ব্যৱস্থা ইটোৰ সৈতে সিটোৰ বিশেষ সম্পর্ক আছে। Career শব্দটো এটা বোধগম্য শব্দ। ইয়াৰ প্ৰকৃত শব্দার্থ নিৰ্ণয় কৰাটো কঠিন। আমাৰ লিখনিত ব্যৱহাৰ কৰা শব্দটো হ’ল জীৱিকা বা অৰ্হতাক্রম। তাৰ অনুৰূপ ইংৰাজী শব্দ হ’ল Career। Career শব্দটো লেটিন শব্দ ‘Carrus’ৰ পৰা আহিছে। ইয়াৰ অৰ্থ Wagon অর্থাৎ মাল কঢ়িওৱা চাৰিচকীয়া গাড়ী। সেয়েহে Career শব্দৰ অৰ্থ উন্নতিৰ পথত আগবাঢ়ি যোৱা কার্য বুলি কোৱা হয়। Career শব্দটোৰ অৰ্থৰ সৈতে শিক্ষাগত অৰ্হতা বা অৰ্হতাক্ৰম আৰু জীৱিকা সম্পর্কীয় উন্নতিকো বুজায়।

লগতে পঢ়ক:   নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল BA 1st Semester – তৃতীয় অধ্যায় শিক্ষা

জীৱিকা আৰু বৃত্তি সম্পৰ্কীয় তথ্যপাতিসমূহে শিক্ষার্থীসকলক ভৱিষ্যতে শিক্ষাগ্ৰহণ কৰি কোনো এটা নিৰ্দিষ্ট কৰ্মত নিয়োজিত হ’বলৈ সুযোগ দিয়ে। ইয়াৰ উপৰিও শিক্ষানুষ্ঠান এখনক ভৱিষ্যতৰ প্রয়োজন অনুসৰি পাঠ্যক্ৰম আদি প্ৰস্তুত কৰি শিক্ষার্থীসকলক জীৱিকা সম্পৰ্কত সহায় কৰাত অংশগ্ৰহণ কৰে। ই বৃত্তিগত তথ্য সংস্থাপনৰ সুযোগ সৃষ্টি কৰে, শিক্ষা আৰু প্ৰশিক্ষণৰ সুবিধা দান কৰে, কোনো অনুষ্ঠান-প্ৰতিষ্ঠানত শিক্ষা নবীচ হিচাপে কাম কৰাৰ সুযোগ দিয়ে। বর্তমান সময়ত তথ্যৰ নতুন সংযোজন অতি প্রয়োজনীয় বিষয়। কোনো কোনো নিয়োগ ক্ষেত্ৰত বিভিন্নধৰণৰ নতুন সুবিধা ওলোৱাৰ সুযোগ থাকে। কেতিয়াবা কোনো কোনো ক্ষেত্ৰত নতুন সুবিধাবিলাক নোহোৱা হৈ যোৱাৰ সম্ভাৱনাও থাকে। এইক্ষেত্ৰত নির্দেশকজন সম্পূর্ণরূপে প্রশিক্ষণপ্রাপ্ত আৰু বৃত্তীয় আৰু শৈক্ষিক দিশত পৈণত ব্যক্তি হোৱা উচিত। এই ব্যৱস্থাৰ দ্বাৰা শিক্ষার্থীসকলক পৰিৱৰ্তিত সমাজৰ চাহিদা পূৰণ কবি নতুন নতুন সংস্থাপনৰ ক্ষেত্ৰত নিজস্ব সাহসেৰে আগবাঢ়ি গৈ নিজকে নিয়োজিত কৰিব পৰাৰ ক্ষেত্ৰত সক্ষম কৰি তুলিব পৰা যায়। এই ব্যৱস্থাটো যথেষ্ট সমলযুক্ত হোৱাটো প্রয়োজন।

শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা – BA 1st Semester Education

৭। ৰাষ্ট্ৰীয় বৃত্তিমূলক নির্দেশনা সংস্থাৰ প্ৰাথমিক নিয়মসমূহ উল্লেল্লখ কৰা।
(Mention the basic outline of National Vocational Guidance Association.)
উত্তৰঃ ৰাষ্ট্ৰীয় বৃত্তিমূলক নির্দেশনা সংস্থাৰ প্ৰাথমিক নিয়মসমূহ হ’ল—
(ক) নিয়োগ ব্যৱস্থাটোৰ ঐতিহাসিক ধাৰা।
(খ) নিয়োগ ব্যৱস্থাটোৰ গুৰুত্ব আৰু সামাজিক সম্পর্ক নির্ণয়।
(গ) নিয়োগ ব্যৱস্থাটোৰ সৈতে কিমান শ্রমিক জড়িত আছে তাৰ তথ্য।
(ঘ) নিয়োগ ব্যৱস্থাটোলৈ কৰ্মীসকলৰ প্ৰৱণতাৰ মাপকাঠী।
(ঙ) কামৰ তালিকা কি কি? যেনে– (১) কোনো বিশেষধৰণৰ কাম, যুক্ত হৈ কৰা কাম, (২) বৃত্তি সম্পর্কে সম্পূর্ণ জ্ঞানমূলক তথ্য।
(চ) অহতা বা যোগ্যতা— লিঙ্গ, বয়স, জাতি, বিশেষ, শাৰীৰিক, মানসিক, সামাজিক আৰু নৈতিক গুণাৱলী অভিজ্ঞতাৰ পৰিচয় পত্র, ইত্যাদি।
(ছ) ব্যক্তিগত পৰিচয় আৰু গুণাবলী সংক্রান্তীয় তথ্যসমূহ— বিশেষধৰণৰ প্ৰশিক্ষণ, অভিজ্ঞতাৰ পৰিচয় পত্র, ইত্যাদি।
(জ) আবেদন কৰাৰ পদ্ধতি।
(ঝ) পদোন্নতি সম্পৰ্কীয় তথ্য দৰমহাৰ বৃদ্ধি সম্পৰ্কীয় ব্যৱস্থাৱলী ইত্যাদি।
(ঞ) নিয়োগ ব্যৱস্থাটোৰ সৈতে সম্পর্কিত অন্যান্য নিয়োগ সম্পৰ্কীয় দিশবিলাকৰ চিনাক্তকৰণ।
(ট) আর্জন সম্পৰ্কীয় দিশ। যেনে— দৈনিক, আংশিক, উপৰুৱা সময়ৰ আয় ইত্যাদি।
(ঠ) স্বাস্থ্য সম্পৰ্কীয় সুবিধা, দুর্ঘটনাজনিত সুবিধা, বাসস্থানৰ সুবিধা ইত্যাদি।
(ড) স্থানান্তৰ্তিকৰণৰ সুবিধা, চাকৰিয়ালৰ ধন জমা সম্পৰ্কীয় পুঁজিৰ সুবিধা ইত্যাদিৰ বিষয়ে বৃত্তিমূলক খবৰ-বাতৰিৰ দ্বাৰা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে।

৮। শৈক্ষিক নিৰ্দেশনাৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।
(Discuss about the needs of Educational Guidance.)
উত্তৰঃ বর্তমান সময়ত শিক্ষানুষ্ঠানসমূহৰ সকলোবিলাকৰে পাঠ্যক্রম যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। বৃত্তিমুখী পাঠ্যক্রম শিক্ষাক্ষেত্ৰৰ বিভিন্ন স্থানত উদ্ভৱ হোৱা দেখা গৈছে। প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰলৈ নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেয়েহে নির্দেশনা দান কাৰ্যৰ দ্বাৰা বিভিন্ন পৰামৰ্শ আদি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাও আহি পৰিছে। এইক্ষেত্ৰত তলত উল্লেখ কৰা ধৰণৰ শৈক্ষিক নিৰ্দেশনা আগবঢ়াব পৰা যায়—

(ক) প্রাথমিক নামভৰ্ত্তি নির্দেশনা (Pre-admission Guidance) : নির্দেশনা দান কাৰ্যই ছাত্ৰ-ছাত্ৰীৰ জন্মগত গুণ, সামর্থ, আগ্রহ, মনোযোগ আদিৰ ওপৰত নিৰ্ভৰ কৰি ছাত্ৰ- ছাত্ৰীক উপযুক্ত শিক্ষা গ্রহণ, উপযুক্ত পাঠ্যক্ৰমৰ নিৰ্বাচন আদি কাৰ্যত সহায় কৰাটো প্ৰয়োজনীয় দিশ। এই নির্বাচিত পাঠ্যক্রমসমূহৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক, আবেগিক আৰু শাৰীৰিক বিকাশ সম্ভৱ হৈ উঠে।

(খ) উত্তৰ-নামভৰ্ত্তিৰ বাবে নির্দেশনা (Post admission Guidance) : কোনো শিক্ষানুষ্ঠানত নামভৰ্ত্তি কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্রম কেনেদৰে সফল কৰিব পাৰে সেইটো নিৰ্ভৰ কৰে উপযুক্ত শৈক্ষিক পৰিকল্পনাৰ ওপৰত। তেওঁলোকৰ মনত ভাল পঢ়াৰ অভ্যাস গঢ়ি তোলা, পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি তোলা, পৰীক্ষাৰ সময়ত যাতে মনোবল হেৰুৱাই নেপেলায় তাৰবাবে পৰামৰ্শ দান কৰা কাৰ্য অতি প্রয়োজনীয়।

(গ) বৃত্তি সম্পৰ্কীয় দিশৰ প্ৰয়োজনীয়তা (Vocational Aspects) : শৈক্ষিক নিৰ্দেশনাৰ অতি দৰকাৰী দিশটো হৈছে– বৃত্তি সম্পৰ্কীয় পৰামৰ্শদান কার্য। কোনো ব্যক্তিয়ে কোনো এটা দিশৰ বৃত্তিৰ বাবে উপযুক্ত হৈ নাহে। তেওঁলোকক শিক্ষা, নিৰ্দেশনা, পৰামৰ্শদান, উপযুক্ত পৰিৱেশ আদিৰ সুবিধা দান কৰি কোনো জীৱিকালৈ প্ৰস্তুত কৰি তুলিব লাগে। পৰিৱেশৰ সুস্থতা, স্বাস্থ্যৰ উন্নতি তথা বেমাৰ-আজাৰৰ পৰা ৰক্ষা পৰি থাকিবলৈ তলত উল্লেখ কৰা ধৰণৰ শৈক্ষিক নিৰ্দেশনাৰ প্ৰয়োজন হয়। যেনে—

(১) নির্দেশকসকলে মহাবিদ্যালয়, বিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ পৰিৱেশ সুস্থ ৰাখি ছাত্ৰ- ছাত্ৰীসকলৰ খাদ্যাভ্যাস, ছাত্রবাস-ছাত্রীবাস, কলেজ কেপ্টিন আদিত স্বাস্থ্যসম্মত খাদ্যৰ পৰিৱেশন কৰা কাৰ্য আদিৰ বিষয়ে সজাগ হৈ মাজে মাজে পৰীক্ষা কৰিব লাগে।।

(২) টাইফয়েড, কলেৰা, বসন্ত আদি সংক্রামক বেমাৰৰ প্ৰতিষেধকৰ ব্যৱস্থা, চাফ-চিকুণতা আদিৰ বিষয়ে ছাত্র-ছাত্রীসকলক সজাগ কৰাটো প্রয়োজনীয় উদ্দেশ্য।

(৩) স্বাস্থ্য সম্পৰ্কীয় শিক্ষা আনুষ্ঠানিক নাইবা অনানুষ্ঠানিক শিক্ষাৰ মাজেৰে দিবলৈ যত্ন কৰা উচিত।

এনেদৰে শৈক্ষিক নিৰ্দেশনাৰ দ্বাৰা শিক্ষাক্ষেত্ৰত নানা সুবিধাজনক পৰিৱেশ সৃষ্টি কৰি শিক্ষাকার্য ছাত্র-ছাত্ৰীসকলৰ বাবে বেছি ফলদায়ক মনোগ্রাহী আৰু উৎসাহজনক হিচাপে গঢ়ি তোলা কার্যই হ’ল শিক্ষা নির্দেশনাৰ প্রধান উদ্দেশ্য।

৯। শৈক্ষিক নির্দেশনাৰ মূল উদ্দেশ্যসমূহ লিখা।
(Write the main objectives of Educational Guidance.)
উত্তৰঃ শৈক্ষিক নিৰ্দেশনাৰ মূল উদ্দেশ্যসমূহ হ’ল-
(ক) এজন ব্যক্তিৰ জীৱনজোৰা শৈক্ষিক অভিজ্ঞতাৰ ক্ষেত্ৰখনত বহুতো শৈক্ষিক পছন্দৰ নিৰ্বাচনৰ সুযোগ দান কৰা। এবার
(খ) এজন শিশুৱে যেনেকুৱা ধৰণৰ শৈক্ষিক স্তৰত থাকে তেনেকুৱা ধৰণৰ লগত সম্পর্কিত বিষয় অধ্যয়নৰ অভ্যাসৰ দ্বাৰা দক্ষতা বৃদ্ধি কৰা ।
(গ) ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত উপযুক্ত যোগ্যতা অর্জন কৰাৰ সুযোগ দিয়া ।
(ঘ) তলৰ এটা শ্ৰেণীৰ পৰা ওপৰৰ শ্ৰেণীলৈ দক্ষতাৰে উত্তীর্ণ হোৱা প্রয়োজনীয় দিশ সৃষ্টি কৰা।
(ঙ) কৌশলগতভাৱে আৰু ফলপ্রসূভাৱে সময়ৰ সদ্ব্যৱহাৰ কৰাৰ সুবিধা দান কৰা।
(চ) বহলভিত্তিক বৃত্তীয় সুবিধা থকা বিষয় অধ্যয়নৰ সুবিধা গ্ৰহণ কৰা সুবিধা দিয়া।
(ছ) শৈক্ষিক নিৰ্দেশনাৰ প্ৰধান উদ্দেশ্য হ’ল শিক্ষার্থীৰ ভৱিষ্যত স্কুলীয়া জীৱনৰ আৱশ্যকতা আৰু সম্ভাৱনীয়তা সম্বন্ধে তথ্য সংগ্ৰহত সহায় কৰা।
(জ) শিক্ষার্থীসকলে যি বিদ্যালয়ত উপস্থিত থাকিব তেনে বিদ্যালয়ৰ লক্ষ্য আৰু কাৰ্য সম্বন্ধে জ্ঞান লাভত সহায় কৰাটো শৈক্ষিক নিৰ্দেশনাৰ আন এটা প্ৰধান উদ্দেশ্য।
(ঝ) শিক্ষার্থীয়ে যি বিদ্যালয়ত অধ্যয়ন কৰিব সেই বিদ্যালয়ে প্রদান কৰিবলগীয়া সম্পূর্ণ তথ্য তেওঁক জানিবলৈ সক্ষম কৰা ।
(ঞ) শিক্ষার্থীর পছন্দ আৰু ৰুচিবোধ সন্মত বিদ্যালয়ত প্ৰৱেশৰ বাবে প্রয়োজনীয় অর্হতা সম্বন্ধে জনাত তেওঁক সহায় কৰা।

Chapter 4 – Education and Vocational Guidance

১০। শৈক্ষিক নিৰ্দেশনাৰ মূল নীতিসমূহ উল্লেখ কৰা।
(Mention the main principles of Educational Guidance.)
উত্তৰঃ শৈক্ষিক নির্দেশনাৰ প্ৰধান নীতিসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল—

(ক) শৈক্ষিক নির্দেশনা সকলো শিক্ষার্থীকে প্রদান কৰা হয়।
(খ) বিদ্যালয়ত শৈক্ষিক নির্দেশনাৰ যিকোনো আঁচনিবে নির্দেশনামূলক উপাদানৰ ভিত্তি শিক্ষাৰ্থীৰ আগ্রহ, উদ্দেশ্য আৰু প্রয়োজন হোৱা উচিত।
(গ) শৈক্ষিক নির্দেশনা সেৱাত ব্যক্তিক সামগ্রিকভাৱে আচৰণ কৰা উচিত।
(ঘ)শৈক্ষিক নির্দেশনা সেৱাত শিক্ষার্থীৰ সম্পূর্ণ পৰিৱেশ বিবেচনাধীন হোৱা উচিত।
(ঙ)  শৈক্ষিক নির্দেশনা সেৱাই স্কুলীয়া ছাত্ৰৰ বিশেষ প্রয়োজনবোৰ আৰু সমস্যাবোৰৰ সমাধানত সহায় কৰা উচিত।
(চ) সমস্যাবোৰে জটিল ৰূপ ধাৰণ কৰাৰ আগতে আলোচনা কৰা উচিত।
(ছ) ব্যৱসায় সম্বন্ধীয় আৰু শৈক্ষিক অৰ্হতাৰ সা-সুবিধাৰ বিষয়ে উপযুক্ত তথ্য প্ৰদান কৰিব লাগিব।
(জ) নির্দেশনা সেৱা যিমান পাৰি সিমান সহজ হোৱা উচিত।
(ঝ) শৈক্ষিক নির্দেশনা সেৱা শিক্ষাৰ সকলোবোৰ মাধ্যমৰ সৈতে সম্পর্কযুক্ত আক নেতৃত্ব বহনকাৰী হোৱা উচিত।
(ঞ) শৈক্ষিক নির্দেশনা সেৱা শিক্ষার্থীর আত্মজ্ঞান আৰু আত্ম-নিৰ্দেশৰ উন্নতি সাধনকাৰীবিধৰ হোৱা উচিত।

১১। শৈক্ষিক নির্দেশনাৰ কাৰ্যসমূহ উল্লেখ কৰা
(Mention the functions of Educational Guidance.)
উত্তৰঃ মানৱ জীৱনৰ বিকাশৰ সকলো স্তৰতে শৈশৱকালৰ পৰা বৃদ্ধাৱস্থালৈ সকলো দিশতে যেনে— শাৰীৰিক, মানসিক, সামাজিক আৰু আবেগিক দিশত নির্দেশনা কাৰ্যৰ প্ৰয়োগ কৰা হয়। শৈক্ষিক নিৰ্দেশনাৰ প্ৰধান কাৰ্য কেইটামান চমুকৈ তলত আলোচনা কৰা হ’ল—
(ক) শিক্ষার্থীসকলক বিদ্যালয়পূর্বক অৱস্থা আৰু তেওঁলোকৰ এটা সু-আৰম্ভণিত সহায় কৰা: শিশুসকলে ঘৰুৱা জীৱনৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়ৰ বৃহত্তৰ পৰিৱেশত প্ৰৱেশ কৰে আৰু তাৰ পৰিৱেশৰ সৈতে সমাযোজনত ভয়ানক সমস্যাৰ সম্মুখীন হয়। শৈক্ষিক নির্দেশনা আঁচনিয়ে আধাতে স্কুল এৰা সমস্যা ৰোধ কৰি সম্পূৰ্ণ শিক্ষাৰ উদ্দেশ্য সাধনত গুৰুত্ব আৰোপ কৰে আৰু পৰ্যাপ্ত মানৱ সম্পদৰ সৎ ব্যৱহাৰ কৰিব পাৰে।

(খ) শিক্ষার্থীক ফলপ্রসূ শিকণত সহায় কৰা: নিৰ্দেশনা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীৰ মাজত থকা ব্যক্তিগত বৈষম্য নিৰ্ণয়ৰ যত্ন কৰে আৰু শিকণ জটিলতাসমূহ যেনে— পঢ়া, লিখা আৰু র‍্যাখ্যাকৰণ আদি উলিয়াই তাৰ প্ৰতিকাৰমূলক আঁচনি প্ৰদান কৰে।

(গ) পিছপৰা শিশুৰ বাবে বিশেষধৰণৰ শিক্ষাদান পদ্ধতিৰ ব্যৱস্থা কৰা : নির্দেশনাদান কাৰ্যৰ এটা উল্লেখযোগ্য দিশ হৈছে বিশেষধৰণৰ শিশুৰ বাবে বিশেষধৰণৰ নিৰ্দেশনা দান কাৰ্যৰ পৰিকল্পনা কৰা। সাধাৰণতে যিসকল ছাত্র-ছাত্ৰী পৰীক্ষাত কেবাবাৰো অকৃতকাৰ্য হৈছে, শিক্ষানুষ্ঠানৰ নিয়ম-কানুন নামানে, স্কুলৰ পৰা ক্লাচৰ সময়ত পলায়ন কৰে, বয়ঃসন্ধি কালৰ অপৰাধী নাইবা প্রকৃতিগতভাৱে কোনো দিশৰ বিকাশত বাধাগ্রস্ত তেনে শিশুৰ বাবে বিশেষধৰণৰ শৈক্ষিক ব্যৱস্থাপনা ৰখা অতি প্রয়োজনীয়। এনে ক্ষেত্ৰত সঞ্চয়ী ৰেকৰ্ড কাৰ্ড, অভিভাৱকক দিয়া সূচী, নিজে তৈয়াৰ কৰি লোৱা সমস্যাসূচী আদি তৈয়াৰ কৰি লৈ সমস্যাসমূহ চালিজাৰি চাই সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

লগতে পঢ়ক:   পৰামৰ্শদান BA 1st Semester – দ্বিতীয় অধ্যায় (Education)

(ঘ) প্রতিভাশালী শিশুৰ বাবে বিশেষধৰণৰ শিক্ষাৰ ব্যৱস্থা কৰা : প্রতিভাশালী শিশুৰ বাবে নির্দেশনাদান কার্য সাধাৰণ শিশুতকৈ বেলেগ হোৱাটো অতি প্রয়োজনীয় বিষয়। প্রতিভাশালী শিশুসকলে সাধাৰণতে বৌদ্ধিক দিশত বহুখিনি আগবঢ়া হয়। সেয়েহে, স্কুলৰ পাঠ্যক্ৰম অধ্যয়ন কৰি কেৱল পৰীক্ষা পাছ কৰা বিষয়টোতে তেওঁলোকে স্থিৰ হৈ থাকিব নোখোজে। তেওঁলোকক পাঠ্যক্ৰমৰ উপৰিও বিশেষধৰণৰ উন্নত জ্ঞান, অভিজ্ঞতা লাভ কৰাৰ ক্ষেত্ৰত নির্দেশকসকলে সহায় কৰিব লাগিব। অন্যথাই এনেকুৱা ছাত্র-ছাত্রী বেয়া পথেৰে পৰিচালিত হোৱাৰ সম্ভাৱনা থাকে।

(ঙ) প্ৰতিভাৰ দিশ নির্ণয় কৰা : প্রতিভাসম্পন্নসকলৰ বিশেষ বিশেষ প্ৰতিভাৰ দিশবোৰ বৌদ্ধিক অভীক্ষা, প্ৰৱণতাৰ অভীক্ষা, অৰ্হতাৰ পৰীক্ষা, অনুৰাগৰ অভীক্ষা আদি বিভিন্ন মানসিক অভীক্ষাৰ প্ৰয়োগ কৰি নিৰ্দেশকসকলে নির্ণয় কৰি ল’ব লাগে। ইয়াৰ পিছত যিবোৰ দিশত তেওঁলোকৰ প্ৰতিভাৰ বিশেষত্ব ধৰা পৰে সেইবোৰৰ অধিক বিকাশ আৰু সংৰক্ষণৰ বাবে প্ৰয়োজনীয় অনুশীলনৰ সুবিধা প্ৰদান কৰিব লাগে। “বিদ্যালয় নির্দেশনা নিদান” প্ৰতিষ্ঠা কৰি বিদ্যালয়ৰ বেলেগ বেলেগ শ্রেণীত থকা প্রতিভাসম্পন্নসকলক বিশেষভাৱে সহায় কৰাৰ ব্যৱস্থা কৰিব লাগে।

(চ) বৃত্তীয় সাহায্য প্রদান কৰা: বহুতো প্রতিভাসম্পন্ন শিশুৰ প্ৰতিভা বিকাশৰ বাবে লাগতিয়াল কিতাপ-পত্ৰ আৰু অন্যান্য সা-সুবিধাৰ অভাৱৰ বাবে ক্ৰমাৎ প্ৰতিভা মৰহি যাবলৈ ধৰে। সেয়েহে আর্থিকভাৱে দুর্বল প্রতিভাসম্পন্ন ছাত্র-ছাত্ৰীসকলক বাচি উলিয়াব লাগে আৰু বৃত্তীয় সাহায্য প্রদান কৰিব লাগে। এইক্ষেত্ৰত বহুত সময়ত সাধাৰণ স্কুলৰ শিক্ষকৰ ছাত্ৰ-ছাত্ৰীসকলক বাচি উলিয়াই উপযুক্ত নির্দেশনা, পৰামর্শ দিয়া সম্ভৱ নহয়। সেয়েহে, বিশেষকৈ এইক্ষেত্ৰত নিৰ্দেশক নাইবা পৰামৰ্শদাতাই বিচাৰি উলিয়াই প্রয়োজনীয় ব্যৱস্থাৰ বাবে স্কুল কর্তৃপক্ষৰ লগত যোগাযোগ কৰা প্ৰয়োজনীয় বিষয়।

(ছ) শিক্ষাৰ্থীৰ আগ্ৰহ আৰু ৰুচিক প্রাধান্য দিয়া : ছাত্ৰ-ছাত্ৰীসকলৰ আগ্রহ, ৰুচিবোধ, স্মৃতিশক্তি, বুদ্ধিবৃত্তি, মনোযোগ, চিন্তা কৰাৰ ক্ষমতা আদি পৰিয়ালৰ বংশগত প্ৰভাৱ আৰু পৰিৱেশীয় প্ৰভাৱ এই দুটা দিশে প্ৰভাৱান্বিত কৰে। সাধাৰণতে দেখা যায় কোনো এটা পৰিয়ালত অংকশাস্ত্ৰৰ প্ৰতি ৰাপ থকা নাইবা সংগীত চৰ্চাৰ প্ৰতি আগ্ৰহ থকা কেবাজনো সদস্যৰ জন্ম হ’ব পাৰে। এনেদৰে আন এটা পৰিয়ালত সাহিত্য চৰ্চাৰ প্ৰতি ৰাপ থকা ব্যক্তি নাইবা আন এটা পৰিয়ালত কম্পিউটাৰৰ প্ৰতি ৰাপ থকা ব্যক্তিৰ জন্ম হ’ব পাৰে। এই সকলোবিলাক বংশগত প্ৰভাৱ আৰু পৰিৱেশীয় প্রভাৱৰ ওপৰতে নিৰ্ভৰশীল হোৱা দেখা যায়। এনেধৰণৰ তথ্য- পাতিবিলাক পৰিকল্পিতভাৱে লিপিবদ্ধ কৰি সংৰক্ষণ কৰি ৰাখিব লাগে।

(জ) শিক্ষার্থীর আশু ভৱিষ্যত পরিকল্পনাত সহায় কৰা : শিশুসকলে পৰিকল্পনাৰ প্রয়োজনীয়তা সম্বন্ধে সম্পূৰ্ণৰূপে অজ্ঞ অৱস্থাত থাকে। সেইবাবে সিহঁতৰ জীৱনৰ প্ৰাৰম্ভিক অৱস্থাতে দৈনন্দিন কাৰ্যসূচীৰ সৈতে এটা সুস্থ পৰিকল্পনাৰ প্ৰক্ৰিয়াৰ সৈতে পৰিচয় কৰি দিব লাগে।

(ঝ) অভিভাৱকসকলক বিদ্যালয়ৰ সৈতে সহযোগিতা কৰাত সহায় কৰা : বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ কাৰ্যাৱলী আৰু সিহঁতৰ বিকাশ সম্বন্ধে জ্ঞান লাভ কৰাৰ বাবে অভিভাৱকসকলে শিক্ষকসকলৰ সৈতে এটা গভীৰ সম্পৰ্ক বজাই ৰাখিব লাগে। বিদ্যালয় আৰু ঘৰত শিশুসকলৰ সৰ্বাঙ্গীণ বিকাশৰ বিষয়ে বুজি উঠাৰ বাবে শিক্ষক-অভিভাৱকৰ সমিতি, বিদ্যালয়ৰ কাৰ্যসূচী পৰ্যবেক্ষণৰ বাবে বিদ্যালয় পৰিদৰ্শন আৰু শিক্ষক-অভিভাৱক-শিশু সন্মিলন অতি গুৰুত্বপূর্ণ।

(ঞ) শিক্ষার্থীসকলক কৰ্ম সংস্থাপনত সহায় কৰা : মাধ্যমিক বিদ্যালয়ৰ পৰ্যায়ৰ পৰা শিক্ষার্থীসকলক কৰ্ম অভিজ্ঞতা, সামাজিকভাৱে উপযোগী আৰু উৎপাদনক্ষম কৰ্ম আৰু সম্প্ৰদায় আৰু সমাজসেৱাৰ কাৰ্যাৱলীত আগ্ৰহ আৰু মনোভাব প্রকাশ কৰিব পৰা সা-সুবিধা শিক্ষার্থীসকলক দিব পাবি। এই কার্যসমূহে ভৱিষ্যত জীৱনব কর্মস্পৃহাক নিৰ্ধাৰণ কৰা এটা উপায় আৰম্ভণি কৰিব পাৰি।

শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা – BA 1st Semester

১২। প্রাথমিক বিদ্যালয়ত কেনেধৰণৰ নিৰ্দেশনাৰ ব্যৱস্থা কৰিব লাগে তাৰ চমু বৰ্ণনা দিয়া।
(Briefly describe what type of Guidance is necessary in Primary School.)
উত্তৰঃ প্রাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ বয়স ৬ বছৰব পৰা ১০ বছৰৰ ভিতৰত থাকে। মানৱ বিকাশৰ স্তৰ অনুযায়ী এই কালছোৱাক বাল্যকাল বুলি কোৱা হয়। বাল্যকালত ল’ৰা-ছোৱালীৰ শাৰীৰিক, মানসিক, সামাজিক আৰু আবেগিক দিশত কিছুমান বিশেষত্ব প্রকাশ পায়। শাৰীৰিক বিকাশৰ ক্ষেত্ৰত এই সময়ছোৱাত ইয়াৰ আগৰ সময়ছোৱাৰ দ্ৰুততা পৰিলক্ষিত নহয়। কিন্তু মানসিক দিশত দ্রুত বিকাশৰ সূচনা হয়। চকু আৰু হাতৰ সমন্বয় মন কৰিবলগীয়া হয়। ইয়াৰ ফলত লিখা, ছবি অঁকা, চিলোৱা, বাদ্যযন্ত্র বজোৱা আদি কৌশলবোৰ অতি সোনকালে আয়ত্ব কৰিব পাৰে। এই বয়সৰ ল’ৰা-ছোৱালীয়ে সঞ্চিত শক্তি ব্যৱহাৰ কৰিবৰ বাবে খেলাধূলা বৰ ভাল পায়। মানসিক বয়স বৃদ্ধি পোৱাৰ ফলত লিখা-পঢ়া কৰা আৰু অন্যান্য জ্ঞান তথা কৌশল আয়ত্ব কৰিবলৈ সক্ষম হয়। লগৰ ল’ৰা-ছোৱালীৰ লগত খেলা ভালপোৱা প্ৰৱণতাই তেওঁলোকৰ সামাজিক মনোভাবৰ বিকাশৰ কথাই সূচায়। সময়ছোৱাৰ শেষৰফালে ল’ৰা আৰু ছোৱালীৰ আচৰণৰ পাৰ্থক্য লক্ষ্য কৰিব পাৰি। সেয়ে সিহঁতৰ মনলৈ লজ্জাবোধ অহা দেখা যায়। সিহঁত আবেগিক হ’বলৈ আৰম্ভ কৰে। কামৰ ভাল-বেয়া, শুদ্ধ-অশুদ্ধ ধাৰণা ক্রমাগতভাৱে স্পষ্ট হৈ আহে। সর্বশিক্ষা অভিযানমতে প্রাথমিক শিক্ষাৰ বয়স হ’ল ৬ৰ পৰা ১৪ বছৰ।

এনেধৰণৰ বৈশিষ্ট্যবোৰলৈ মন কৰিলেই প্রাথমিক স্তৰৰ নিৰ্দেশনা কেনেকুৱা হ’ব লাগে সেই বিষয়ে নিশ্চয় এটা ধাৰণা কৰিব পাৰি। ব্যক্তিগত আৰু সামাজিক নিৰ্দেশনাৰ প্ৰয়োগ এই সময়ছোৱাত সর্বাধিক হোৱা উচিত। এই সময়ছোৱাত বিভিন্ন প্ৰকাৰৰ বিকাশৰ বাবে অনুকূল হলেও সকলো ল’বা-ছোৱালী সমানভাৱে বিকশিত নহয়। প্রতিভাসম্পন্ন আৰু অনগ্ৰসৰ ল’ৰা-ছোৱালীবোৰ এই বয়সতে চিনাক্ত কৰিব পাৰি। সেয়েহে ব্যক্তিগত নিৰ্দেশনাৰ কাৰ্যসূচীত প্রতিভাসম্পন্নসকলক সন্তুষ্ট কৰিব পৰাকৈ প্ৰস্তুত কৰিব লাগে। আনহাতে, অনগ্ৰসৰ শিশুসকলৰ বাবে অধিককৈ নির্দেশনাৰ প্ৰয়োজন হয়। স্বাস্থ্য সম্পৰ্কীয় নির্দেশনাৰ যোগেদি ল’ৰা-ছোৱালীৰ শাৰীৰিক দুৰ্বলতাসমূহ দূৰ কৰাৰ ব্যৱস্থা ল’ব লাগে। বিকলাংগসকলৰ বাবে বিশেষধৰণৰ নিৰ্দেশনাৰ ব্যৱস্থা কৰিব লাগে, যাতে তেওঁলোকে ভৱিষ্যত জীৱনত সুষমাংগসকলৰ দৰেই স্বাভাৱিক জীৱন-যাপন কৰিবলৈ সক্ষম হৈ উঠে। প্ৰাথমিক স্তৰটো যিহেতু আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণিৰ স্তৰ; সেয়েহে এই স্তৰত শিক্ষা নিৰ্দেশনাৰ দায়িত্বও গধূৰ হয়। প্ৰাক্‌-প্রাথমিক স্তৰৰ শিক্ষাৰ সুবিধা নোপোৱাখিনিয়ে বিদ্যালয়ৰ নতুন পাঠ্যক্ৰম আৰু নিয়মানুবর্তিতাৰ মাজত নিজকে আচহুৱা বুলি ভাবে। পঢ়া-শুনাৰ প্ৰতিও অনীহা প্ৰকাশ কৰে। বিদ্যালয়লৈ পঠাবলৈ অভিভাৱকে বল প্রয়োগ কৰিব লগা হয়। মানৱ জীৱনৰ প্ৰাথমিক স্তৰটোৱে হ’ল জীৱনৰ বুনিয়াদী স্তব। এই স্তৰত প্ৰাথমিক শিক্ষা প্ৰদানৰ ওপৰত যিমান গুৰুত্ব দিয়া হয় জীৱনৰ অন্যান্য দিশৰ বিকাশৰ ওপৰতো সমানে গুৰুত্ব দিয়া উচিত।

১৩। মাধ্যমিক বিদ্যালয়ত নিৰ্দেশনাৰ প্ৰয়োজনীয়তা সম্পর্কে লিখা।
(Write about the needs of Guidance in Secondary School.)
উত্তৰঃ মাধ্যমিক শিক্ষাত জটিলতা বৃদ্ধি হৈ উঠাৰ লগে লগে নিৰ্দেশনাৰ প্ৰয়োজনীয়তাও অধিকভাৱে অনুভৱ কৰি উঠা হৈছে। পুৰণি কালত শিক্ষাদান কাৰ্য আৰু তাৰ ক্ৰিয়া পৰিসৰো সীমিতবিধৰ। বৰ্তমান এই অৱস্থাৰ পৰিৱৰ্তন হৈছে। মৌখিক আৰু পুথিগত জ্ঞানদান আৰু যুক্তিহীনভাৱে অন্ধ অনুকৰণৰ পৰিৱৰ্তে শিক্ষার্থীক তাৰ আত্ম-শিক্ষা প্ৰচেষ্টাৰ বাবে প্রয়োজনীয় নির্দেশনা দিয়াটোহে বৰ্তমান শিক্ষকৰ কৰ্তব্যস্বৰূপে বিবেচনা কৰা হয়। মাধ্যমিক বিদ্যালয়ত নিৰ্দেশনাৰ প্ৰয়োজনীয়তা সম্বন্ধে চমুকৈ আলোচনা কৰা হ’ল—

(ক) মাধ্যমিক বিদ্যালয়ৰ নিৰ্দেশনাই শিক্ষাৰ্থীৰ সুস্থ জীৱন দৰ্শন গঢ় দি তোলাত বিশেষভাবে সহায় আগবঢ়ায়।
(খ) এই ঔৰৰ নিৰ্দেশনাই শিক্ষাৰ্থীৰ মাজত থকা ব্যক্তিগত বৈষম্য উপলব্ধি কৰাত উপযুক্তভাৱে সহায় কৰে।
(গ) শিক্ষাৰ্থীৰ মনত যৌন ৰহস্য উদ্ঘাটন আৰু যৌন সমস্যা সমাধানত মাধমিক স্তৰৰ বিদ্যালয়ৰ নিৰ্দেশনাই বিশেষ ভূমিকা গ্ৰহণ কৰে।
(ঘ) শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উপযুক্ত যত্ন লোৱাৰ বাবে মাধ্যমিক বিদ্যালয়ৰ নির্দেশনাই বিশেষ পথ উদ্ঘাটন কৰি লোৱাত সহায় কৰে।
(ঙ) বিদ্যালয়ৰ বিশেষ প্রশিক্ষণ আঁচনিৰ কাৰ্যকৰী প্ৰয়োগৰ ক্ষেত্ৰত শিক্ষার্থীসকলক এই ‘ স্তৰত নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে।
(চ) মাধ্যমিক বিদ্যালয়ৰ শিক্ষার্থীক নিজস্ব সত্বাৰ গুৰুত্ব উপলব্ধিত নির্দেশনাই বিশেষভাৱে সহায় কৰে।
(ছ) শিক্ষাৰ্থীৰ আচৰণৰ বিভিন্ন সমস্যা সমাধানত গৃহ, পৰিৱেশ আৰু বিদ্যালয়ৰ পৰিৱেশত সিহঁতক নির্দেশনাই বিশেষ সহায় কৰে।
(জ) আবেগিকভাৱে বাধাগ্রস্ত শিক্ষার্থীসকলৰ আবেগিক সমস্যা সমাধানত মাধ্যমিক বিদ্যালয়ৰ নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে।
(ঝ) মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীক আত্ম-অনুশাসনৰ মূল্য উপলব্ধিত নির্দেশনাই উপযুক্তভাৱে সহায় কৰে।
(ঞ) মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীক স্বাধীনতাৰ মূল্য উপলব্ধিত নির্দেশনাই বিশেষভাৱে সহায় কৰে ।

১. বৃত্তীয় নির্দেশনা কি ?

উত্তৰঃ সাধাৰণতে যি নির্দেশনা কার্যই শিক্ষার্থীসকলক এটা প্রগতিশীল, শৃংখলাবদ্ধ উন্নত জীৱন-যাপন আৰু তেওঁলোকৰ বৃত্তীয় সমস্যাসমূহ সমাধান কৰাত সহায় কৰে, তেনে নিৰ্দেশনাকে বৃত্তীয় নির্দেশনা বোলে।

২. শৈক্ষিক নিৰ্দেশনাৰ মূল নীতিটো কি ?

উত্তৰঃ শৈক্ষিক নির্দেশনাৰ মূল নীতিটো হ’ল শৈক্ষিক নির্দেশনা সকলো শিক্ষার্থীকে প্রদান কৰা হয় ।

৩. দলগত পৰামৰ্শদান কি?

উত্তৰ : দলগত পৰামৰ্শদানে সৰু দলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সাধাৰণ বিষয়বস্তুবোৰ বুজি পোৱা আৰু সম্প্ৰসাৰণ কৰা, ব্যক্তিগত বিচার্য বিষয়সমূহ প্ৰকাশ কৰা আৰু দলৰ নেতৃত্বৰ অধীনত নতুন কৌশল শিকাৰ সুবিধা প্ৰদান কৰে। ই হ’ল এক আন্তঃব্যক্তিক প্রক্রিয়া যিয়ে সচেতন চিন্তা, অনুভৱ আৰু আচৰণ সম্বন্ধে আলোচনা কৰে।

৪। দলগত নির্দেশনাৰ দুটা তাৎপৰ্য উল্লেখ কৰা।

উত্তৰঃ তলত দলগত নিৰ্দেশনাৰ দুটা তাৎপৰ্য উল্লেখ কৰা হ’ল—
(ক) দলগত নির্দেশনাই একে সময়তে বহুতো শিক্ষার্থীক একেলগে দিব পৰা যায়।
(খ) শিকাৰসকলৰ সাধাৰণ সমস্যাবোৰ দলগত নিৰ্দেশনাৰ মাধ্যমেৰে একেলগে আলোচনা কৰিব পৰা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top