নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল BA 1st Semester – তৃতীয় অধ্যায় শিক্ষা

Tools and Techniques of guidance

নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল BA 1st Semester Generic Elective (Education) | নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল  1st sem generic elective – Education | Guidance and counselling Chapter 3 Assamese Medium | শিক্ষা BA 1ST SEM| Tools and Techniques of guidance |  তৃতীয় অধ্যায় | BA 1st semester Education chapter 3

শ্ৰেণী BA 1st Semester
অধ্যায়তৃতীয় অধ্যায়
পাঠ নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল (Tools and Techniques of guidance)
কিতাপখনৰ নামGuidance and counselling
বিষয়ৰ ধৰণ (Subject Type)Generic Elective – Education
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় BA 1st Sem শিক্ষা (Education)
বিশ্ববিদ্যালয়ডিব্ৰুগড় বিশ্ববিদ্যালয়
খণ্ড (Unit)Unit – III
মাধ্যমঅসমীয়া
পাঠ্যক্ৰমDibrugarh University (CBCS)

নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল BA 1st Semester

অতি চমু প্রশ্নোত্তৰ

১. নির্দেশনা সেৱা কি?
(What is Guidance Service?)
উত্তৰ : নিৰ্দেশনা সেৱা হ’ল এনে এক সুসংগঠিত কার্যসূচী যিয়ে শিক্ষার্থীসকলক পৰীক্ষা কৰাত, মূল্যায়ণ কৰাত আৰু ব্যক্তিগত জীৱনৰ লক্ষ্য নিৰ্ধাৰণত সহায় কৰে আৰু শিক্ষাৰ্থীসকলক নিৰ্ধাৰিত লক্ষ্যৰ উপলব্ধি কৰাত সহায় কৰে।

২. নির্দেশনা সংগঠনৰ শিশুকেন্দ্রিক নীতি কি?
(What is child-centric principle of Guidance organization ?)
উত্তৰ :নিৰ্দেশনামূলক সেৱাৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰয়োজনীয়তা, আগ্রহ, উদ্দেশ্য ইত্যাদিক সন্মুখত ৰাখি নিৰ্দেশনামূলক কার্যৰ নীতিসমূহ নিৰ্ধাৰণ কৰাটোকে নির্দেশনা সংগঠনৰ শিশুকেন্দ্রিক নীতি বোলা হয়।

৩. পৰামৰ্শদান সেৱা কি?
(What is Couselling Service?)
উত্তৰ : পৰামৰ্শদান সেৱা হ’ল ছাত্ৰ-ছাত্ৰী আৰু নিৰ্দেশনা কৰ্মীৰ মাজত সম্পর্ক স্থাপন যত নিৰ্দেশনা কৰ্মীৰ মূল লক্ষ্য হ’ল ছাত্ৰ-ছাত্ৰীসকলক বাঞ্চিত শৈক্ষিক, বৃত্তীয়, ব্যক্তিগত, সামাজিক বিকাশ আৰু সমাযোজনত সহায় কৰা।

নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল BA 1st Semester

চমু প্রশ্নোত্তৰ

১. নির্দেশনা সেৱাৰ দুটা উদ্দেশ্য উল্লেল্লখ কৰা
(Mention two objectives of Guidance Service.)
উত্তৰ:নিৰ্দেশনা সেৱাৰ প্ৰধান উদ্দেশ্য দুটা তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল-
(ক)শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাসমূহ অধিক শুদ্ধভাৱে নিৰ্ধাৰণ কৰা।
(খ)উপযুক্ত সময়ত, উপযুক্ত ব্যক্তিক, উপযুক্ত স্থানত আৰু উপযুক্ত প্রকৃতি সংস্থাপিত কৰা।

২. নির্দেশনা সেৱা সংগঠিত কৰাৰ দুটা বৈশিষ্ট্য উল্লেল্লখ কৰা।
(Mention two characteristics of Organizing Guidance Service.)
উত্তৰঃ নির্দেশনা সেৱা সংগঠিত কৰাৰ দুটা বৈশিষ্ট্য তলত অতি চমুকৈ উল্লেখ কৰা হ’ল—
(ক) সংগঠিত নির্দেশনা সেৱাই সহকৰ্মীসকলক কৌশল, প্রশিক্ষণ আৰু আগ্রহসমূহ প্ৰয়োগৰ সুবিধা প্ৰদান কৰা ৷
(খ) নির্দেশনা আঁচনিত নিয়োজিত ব্যক্তিসকলৰ মাজত সহ-সম্বন্ধ স্থাপন কৰা ৷

৩. সংগঠিত নির্দেশনা সেৱাৰ দুটা প্ৰয়োগ উল্লেখ কৰা ।
(Mention two application of Organizing Guidance Service.)
উত্তৰঃ নির্দেশনা সেৱাৰ সংগঠনৰ দুটা প্রয়োগ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) নিৰ্দেশনা কৰ্মৰ সুশৃংখলাবদ্ধভাৱে পৰিকল্পনা কৰা৷
(খ) প্রশাসনিক আন্তঃগাঠনিৰ ভিতৰত সহ-সম্বন্ধ স্থাপন আৰু নিৰ্ধাৰিত কার্য সম্পাদন কৰা।

৪. বিদ্যালয়ত নির্দেশনা সেৱা সংগঠিত কৰাৰ দুটা সাধাৰণ উদ্দেশ্য উল্লেখ কৰা ।
(Mention two general objectives of Organisation of Guidance Services in school.)
উত্তৰঃ বিদ্যালয়ত নির্দেশনা সেৱা সংগঠিত কৰাৰ দুটা সাধাৰণ উদ্দেশ্য তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজস্ব দক্ষতা আৰু আগ্রহ অনুসৰি বিষয় নির্বাচনত সহায় কৰা।
(খ) শিক্ষার্থীসকলক নিজস্ব সিদ্ধান্ত গ্ৰহণত আৰু তেওঁলোকৰ সম্ভাৱনীয়তা সমূহৰ বিকাশ সাধনত সহায় কৰা

৫. বিদ্যালয়ত নির্দেশনা সেৱাৰ সংগঠনৰ দুটা বিশেষ উদ্দেশ্য উল্লেখ কৰা।
(Mention two specific objectives of Organization Guidance Services in school.)
উত্তৰ: বিদ্যালয়ত নির্দেশনা সেৱাৰ সংগঠনৰ দুটা বিশেষ উদ্দেশ্য তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) শিক্ষার্থীসকলক দেশৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শৈক্ষিক তথ্য আৰু ইয়াত নামভৰ্ত্তিৰ বাবে প্রয়োজন হোৱা অৰ্হতাৰ বিষয়ে তথ্যৰ যোগান ধৰা।
(খ) শিক্ষার্থীসকলক শিক্ষাৰ অন্তত উপযুক্ত নিযুক্তিত সহায় কৰা।

৬. এগৰাকী ভাল পৰামৰ্শদাতাৰ দুটা গুণ উল্লেখ কৰা ।
(Mention two qualities of good Counsellor.)
উত্তৰঃ এগৰাকী ভাল পৰামৰ্শদাতাৰ দুটা গুণ তলত উল্লেখ কৰা হ’ল-
(ক) বৌদ্ধিক যোগ্যতা : পৰামৰ্শদানৰ বাবে এজন ভাল পৰামর্শদাতার বিভিন্ন বিষয়ত উপযুক্ত জ্ঞান থকাটো অতি প্রয়োজন। শিক্ষাৰ্থীৰ প্ৰগতি আৰু নিৰ্ধাৰিত পৰিকল্পনাৰ ওপৰত সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্যৰ অনুসন্ধান কৰাটো ইয়াত অন্তর্ভুক্ত হৈ থাকে।
(খ) নমনীয়তা ঃ ভাল পৰামৰ্শদাতাই কামৰ বাবে এটা পদ্ধতিতে কঠোৰ হৈ থাকিব নালাগিব। তেওঁলোকে প্রশ্ন কৰিব পাৰে- “এটা বিশেষ ছাত্ৰৰ বাবে কোনটো কৌশল আটাইতকৈ বেছি কাৰ্যকৰী হ’ব।”

৭। নির্দেশনা সেৱা সংগঠনৰ সৈতে সম্পর্কিত দুটা নীতি উল্লেখ কৰা।
(Mention two principles related to the Organization of Guidance Service.)
উত্তৰঃ নির্দেশনা সেৱা সংগঠনৰ সৈতে সম্পর্কিত দুটা নীতি তলত অতি চমুকৈ উল্লেখ কৰা হ’ল–
(ক) নির্দেশনা সেৱা যিমান সম্ভৱ সহজসাধ্য হ’ব লাগিব।
(খ) শিক্ষাৰ্থীসকলৰ আত্ম-জ্ঞান আৰু আত্ম-নিৰ্দেশনাৰ উন্নতি সাধনৰ বাবে নির্দেশনা দিয়া উচিত।

Tools and Techniques of guidance Assamese

‘ৰচনাধৰ্মী প্রশ্নোত্তৰ

১. সংগঠিত নির্দেশনা সেৱাৰ ওপৰত চমুকৈ লিখা।
(Write briefly about Organizing Guidance Service.)
উত্তৰ : নির্দেশনা সেৱা আৰু আঁচনিৰ সুসংগঠনৰ ওপৰতেই নিৰ্দেশনা প্ৰক্ৰিয়াৰ কৃতকাৰ্যতা ঘাইকৈ নিৰ্ভৰশীল হোৱা দেখা যায়। এই বিষয়টো বিশেষ ক্ষেত্র আৰু বিশেষ মানৱ আৰু প্রাকৃতিক সম্পদৰ মাজতে সীমাবদ্ধ হৈ নাথাকে, কিন্তু নির্দেশনা সেৱাৰ সংগঠনে সকলো ধৰণৰ সমস্যা আৰু জটিলতাৰ সৈতে সম্পর্কিত হৈ থাকে। নির্দেশনা সেৱা এক ধাৰাবাহিক প্রক্রিয়া। নির্দেশনা সেৱাৰ অৰ্থ হ’ল এনে এবিধ সুসংগঠিত কার্যসূচী যিয়ে প্রত্যেকগৰাকী শিক্ষার্থীক পৰীক্ষা কৰা, মূল্যায়ণ কৰা আৰু ব্যক্তিগত লক্ষ্য নিৰ্ধাৰণ কৰাটো অনুভৱ কৰা আৰু শিক্ষার্থীয়ে লক্ষ্যবোৰৰ অনুভৱ কৰাত সহায় কৰাটোকে বুজায়। নির্দেশনা আঁচনিৰ কিছুমান নিৰ্ধাৰিত নীতি আছে যিয়ে শিক্ষার্থীক উপযুক্ত সেৱা আগবঢ়োৱাত সহায় কৰে।

সুসংগঠিত নির্দেশনা আঁচনিয়ে আধুনিক সমাজৰ জটিল সামাজিক সংঘাত নিবাৰণ কৰাত শিক্ষার্থীক সহায় কৰে। এখন সুসংগঠিত নির্দেশনা সেৱা আঁচনিয়ে শিক্ষার্থীসকলক পৰিৱৰ্তিত পৰিস্থিতিত সৃষ্টি হোৱা সংঘাতময় পৰিস্থিতিত সাহসেৰে মুখামুখি হোৱাত সহায় কৰে। এই আঁচনিয়ে শ্রেণী পৰিৱেশৰ উন্নতি সাধনতো অৰিহণা যোগায়।

২। পৰামৰ্শদান সেৱাৰ বিষয়ে চমুকৈ লিখা।
(Write briefly about the Counselling Service.)
উত্তৰ : পৰামৰ্শদান সেৱাই শিক্ষার্থী আৰু নিৰ্দেশনা দানকাৰী কৰ্মীৰ মাজত সম্পর্ক স্থাপন কৰে, য’ত নিৰ্দেশনাদানকাৰী কৰ্মীৰ প্ৰধান লক্ষ্য হ’ল শিক্ষার্থীসকলে শৈক্ষিক, বৃত্তীয়, ব্যক্তিগত, সামাজিক দিশত আশানুৰূপ বিকাশ সাধন কৰা আৰু সমাযোজনত সহায় কৰা। পৰামৰ্শদান সেৱা এগাবকী উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষক নাইবা পৰামৰ্শদাতা নাইবা বিদ্যালয় প্রশাসকৰ দ্বাৰা প্ৰদান কৰা হয়। এই পৰামর্শদানে শিক্ষার্থীসকলক তেওঁ কি কৰিব পাৰে আৰু তেওঁ কি কৰা উচিত, তাক নিৰ্ধাৰণ কৰাটো বুজি উঠাত সহায় কৰে আৰু আত্মবোধৰ জৰিয়তে তেওঁৰ সমস্যাসমূহ বুজি নিজে সিদ্ধান্ত গ্রহণত বিশেষভাৱে সহায় কৰে।

পৰামৰ্শদান প্ৰক্ৰিয়াটো তেতিয়াহে সম্ভৱপৰ হয় যেতিয়া পৰামৰ্শদাতাজনৰ শিক্ষাৰ্থীসকলৰ ওপৰত যথেষ্ট পৰিমাণৰ তথ্য মজুত থাকে। এই ক্ষেত্ৰত সাক্ষাৎকাৰ নাইবা নিৰ্ধাৰিত মনোবৈজ্ঞানিক অভীক্ষা অন্তর্ভুক্ত হৈ থাকে। এই প্রক্রিয়াই সমস্যাসমূহ বুজি উঠি সুস্থ সমাধান কৰাত সহায় কৰে। সেইবাবে এই সেৱাক এক স্পষ্ট নির্দেশনা সেৱা বুলি কোৱা হয়।

৩. নির্দেশনা সেৱাৰ মূল দিশসমূহ আলোচনা কৰা।
(Discuss the main assumptions of guidance services.)
উত্তৰঃ নিৰ্দেশনা সেৱা হ’ল এনে এক সুসংগঠিত কার্যসূচী যিয়ে শিক্ষার্থীসকলক পৰীক্ষা কৰাত, মূল্যায়ণ কৰাত আৰু ব্যক্তিগত জীৱনৰ লক্ষ্য নিৰ্ধাৰণত সহায় কৰে আৰু শিক্ষার্থীসকলক নিৰ্ধাৰিত লক্ষ্যৰ উপলব্ধি কৰাত সহায় কৰে। তলত নিৰ্দেশনা সেৱাৰ মূল দিশসমূহৰ বিষয়ে সংক্ষেপে আলোচনা কৰা হ’ল—

(ক) বৰ্তমান সমাজখনত দিনক দিনে জটিলতা বৃদ্ধি হৈ গৈ আছে। এই জটিলতাই বর্তমান সময়ত প্ৰত্যেকগৰাকী ব্যক্তিকে ব্যক্তিগতভাৱে আৰু সামাজিক সমাযোজনত সমস্যাৰ সৃষ্টি কৰিছে। শিক্ষাত নিৰ্দেশনা সেৱাই প্রত্যেকগৰাকী শিক্ষার্থীক সমাযোজন আৰু বিকাশৰ প্ৰক্ৰিয়াত সহায় কৰে।

(খ) শিক্ষাৰ এক অতি আৱশ্যকীয় লক্ষ্য হৈছে শিক্ষার্থীসকলক আত্ম-উপলব্ধি আৰু আত্ম- শুদ্ধিত সহায় কৰা আৰু এই লক্ষ্যত উপনীত হ’বৰ বাবে নির্দেশনা সেৱাই স্কুলীয়া ছাত্র- ছাত্রীসকলক আশাব্যঞ্জকভাৱে কাৰ্যকৰীকৰণত সহায় কৰে। এই সেৱাই ছাত্ৰ-ছাত্ৰীসকলৰ অন্তর্নিহিত ক্ষমতা আৰু প্ৰতিভাৰ বিকাশ সাধনৰ লগতে তেওঁলোকক সমাজত নিজস্ব বৰঙণি আগবঢ়োৱাৰ বাবে প্ৰস্তুত কৰি তোলে। নির্দেশনা সেৱাই ব্যক্তিক শৈক্ষিক, বৃত্তীয় প্রয়োজন আৰু সমস্যাসমূহ সমাধান কৰাৰ লগতে ব্যক্তিগতভাৱে সমাযোজন কৰাত সহায় কৰে।

(গ) প্ৰত্যেকগৰাকী ব্যক্তিয়ে উপযুক্ত সা-সুবিধা লাভ কৰিলে সমস্যা সমাধান কৰিব পাৰে। নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱাই ছাত্ৰ-ছাত্ৰীসকলক সমস্যা সমাধানৰ বাবে উপযুক্ত সা- সুবিধা তথা নীতি-নির্দেশনা প্রদান কৰে। কিন্তু অনাহকত সিদ্ধান্ত গ্রহণত জোৰ-জুলুম কৰিব নালাগে। নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱা তেতিয়াহে কৃতকার্য হয়, যেতিয়া ছাত্ৰ-ছাত্ৰীসকলে নিজস্বভাবে তাক গ্রহণ কৰে।

(ঘ) বিজ্ঞান আৰু কাৰিকৰী ক্ষেত্ৰত মানৱ সম্পদৰ অভাৱে নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱাৰ প্ৰতি অধিক আকর্ষণ অনুভূত কৰিছে। সেইবাবে উপযুক্ত প্রতিভাৰ চিনাক্তকৰণ কৰি, তেওঁলোকৰ বাবে বিশেষ প্রশিক্ষণ আঁচনি আৰু শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। পৰামৰ্শদাতাসকলৰ এটা প্রধান দায়িত্ব হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ অন্তর্নিহিত প্ৰতিভাৰ বিকাশত সহায় কৰা আৰু এইবোৰে সিহঁতৰ নিজস্ব আগ্রহ ব্যৱহাৰ কৰাৰ লগতে সমাজৰ ইচ্ছা আকাংক্ষা পূৰণৰ প্ৰতিও নজৰ দিব লাগিব।

৪. নির্দেশনা সেবা সংগঠিত কৰাৰ প্ৰধান বৈশিষ্ট্যবোৰ আলোচনা কৰা।
(Discuss the major characteristics of Organizing Guidance Services.)

উত্তৰঃ সংগঠিত নির্দেশনা সেৱাৰ প্ৰধান বৈশিষ্টবোৰ তলত অতি চমুকৈ উল্লেখ কৰা হ’ল—
(ক) সুচলকৰণ (Facilitation) : নির্দেশনা সেৱাই সহকৰ্মীসকলৰ কৌশল, প্রশিক্ষণ আৰু আগ্ৰহবোৰৰ ব্যৱহাৰ সুচল কৰে।

(খ) সংগঠন (Organization) : নির্দেশনা সেৱাত নিয়োজিত সকলো ব্যক্তিৰ সুসংগঠিত কার্য আঁচনিত অধিক গুৰুত্ব আৰোপ কৰে।
(গ) মিতব্যয়ী (Economy) : এক সুসংগঠিত কার্য আঁচনিয়ে সময়, অর্থ আৰু শ্ৰমৰ মিতব্যয়ী কৰি তোলে।

(ঘ) সু-সম্পর্ক স্থাপন (Good relationships) : নির্দেশনা সেৱাই সুস্থ মানৱ সম্পৰ্কৰ বিকাশ সাধন কৰে।

(ঙ) প্রয়োজনীয়তাৰ বোধ (Understanding need) : নিৰ্দেশনা সেৱাই মানুহৰ সকলো প্ৰকাৰৰ প্ৰয়োজন আৰু শাৰীৰিক, সামাজিক, আৱেগিক আৰু বৌদ্ধিক বৈশিষ্ট্যসমূহ বুজি উঠাত সহায় কৰে।

(চ) ব্যক্তি বৈষম্য বোধ (Understanding individual differences) : ছাত্র- ছাত্ৰীসকলৰ মাজত বিৰাজ কৰা বিভিন্ন দিশৰ ব্যক্তি বৈষম্যসমূহ শিক্ষকে বুজি উঠাত সহায় কৰে।

(ছ) দক্ষতা (Efficiency) : ই উপযুক্ত, নিৰ্ভৰযোগ্য আৰু বিজ্ঞানসন্মত তথ্য প্ৰদানত দক্ষতাৰ উন্নতি সাধন কৰে।

(জ) সামাজিক সম্পদ (Community resources) : সামূহিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ সুযোগ দিয়ে।

৫। নিৰ্দেশনা সংগঠনৰ নীতিসমূহ আলোচনা কৰা।”
(Discuss the principles of Guidance Organization)
উত্তৰ: নিৰ্দেশনা সেৱাৰ সংগঠনৰ নীতিসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল-

(ক) শিশুকেন্দ্রিকনীতিঃ নির্দেশনামূলক সেৱাৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্রয়োজনীয়তা, আগ্রহ, উদ্দেশ্য ইত্যাদিক আগত ৰাখি নিৰ্দেশনা সেৱাৰ কাৰ্যকৰীকৰণৰ নীতিসমূহ নিৰ্ধাৰণ কৰিব লাগে।

(খ) ধাৰাবাহিকতাৰ নীতিঃ নিৰ্দেশনা সেৱা সদায় অব্যাহত প্রক্রিয়া হিচাপে চলি থকা কাৰ্য হিচাপে বিবেচনা কৰা উচিত। কাৰণ ব্যক্তিয়ে জীৱনৰ প্ৰতিটো খোজতে সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত হৈ আহিছে। মুঠতে নির্দেশনা সেৱাই সকলোৰে বাবে হোৱা উচিত, কেৱল মাত্র অপসমাযোজিত সকলৰ বাবেই নহয়।

(গ) সামগ্ৰিকতাৰ নীতি: নিৰ্দেশনা সেৱা ব্যক্তিজনৰ সৈতে তেওঁৰ সামগ্ৰিক পৰিৱেশটোৰ লগত সম্পর্কিত। ইয়াক প্ৰয়োজন আৰু নীতি সকলোবিলাকক লৈ সম্পর্কিত কৰিব লাগে ৷

(ঘ) সাৱধানতা প্ৰতিকাৰৰ ব্যৱস্থাৰ নীতি: নিৰ্দেশনা দান সেৱা সংগঠনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈ ভয়ানক অৱস্থাৰ ক্ষেত্ৰতহে যে কৰিব লাগিব এনে নহয় বৰং কাৰণসমূহৰ পৰা সমস্যাৰ নিৰ্ণয় কৰি সমাধানৰ বাবে নিদানমূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত।

(ঙ) বিশেষীকৰণৰ নীতিঃ নির্দেশনা সেৱা হৈছে বিশেষীকৰণ কাৰ্য। এই কাৰ্য বিদ্যালয়ৰ নির্দেশনাদাতা, মনোবিদ, মনোৰোগ বিশেষজ্ঞ, সমাজকর্মী, চিকিৎসক, পাঠ্যক্ৰম প্ৰস্তুত কৰোঁতা, নিয়োগ ব্যৱস্থাৰ লগত জড়িত ব্যক্তি আদিৰ দ্বাৰা সমাধান কৰা উচিত। এই বিশেষজ্ঞসকলে লগ লাগি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অন্যান্য সকলোবিলাক ব্যক্তিৰে সমস্যাসমূহৰ সমাধানৰ ব্যৱস্থা কৰা দৰকাৰ।

(চ) আত্ম-নিৰ্দেশনাৰ নীতিঃ নির্দেশনা সেৱাই ছাত্ৰ-ছাত্ৰীসকলৰ আত্ম-জ্ঞান আৰু আত্ম- নিৰ্দেশনাৰ উন্নতি সাধনৰ ক্ষেত্ৰত নিৰ্দেশ দিয়ে। সকলো ধৰণৰ নিৰ্দেশনা দান কার্য আত্ম-জ্ঞান সৃষ্টিকাৰক আৰু আত্ম-নির্দেশক হোৱা উচিত, যাতে নিৰ্দেশনাদান কাৰ্যৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলে নিজে নিজৰ সমস্যা সমাধানৰ গধূৰ দায়িত্ব বহন কৰিব পাৰে।

(ছ) সহযোগিতাৰ নীতিঃ নিৰ্দেশনা সেৱাৰ ক্ষেত্ৰত অভিভাৱকসকলৰ সহযোগিতাৰ অতি প্ৰয়োজন। শিক্ষানুষ্ঠানৰ প্ৰত্যেকজন কৰ্মচাৰীৰ চেষ্টা আৰু আগ্ৰহে এই কাৰ্য্যৰ সফলতা বৃদ্ধি কৰে।

(জ) সৰলতাৰ নীতিঃ নির্দেশনা সেৱা যিমান সম্ভৱ সিমান সৰল আৰু সহজে ঢুকি পোৱা বিধৰ হ’ব লাগে।
(ঝ) তথ্য সংগ্ৰহ আৰু বিশ্লেষণৰ নীতি : নির্দেশনা সেৱাত ছাত্ৰ-ছাত্ৰীসকলৰ পৰা যিমান পাৰি সিমান তথ্য শুদ্ধভাৱে আৰু সম্পূৰ্ণভাৱে সংগ্ৰহ কৰি অতি সাৱধানতাৰে এই তথ্যবিলাক বিশ্লেষণ কৰিব লাগে।

(ঞ) পূর্বকার্য অনুসৰণ নীতি: ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় এৰাৰ পিছৰ পৰ্যায়ৰ বাবে উপযুক্ত পৰিকল্পনাৰ ব্যৱস্থা কৰা উচিত।

নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল BA 1st Semester

৬৷ পৰামৰ্শদানৰ কৌশলসমূহৰ বিষয়ে চমুকৈ লিখা।
(Write briefly the techniques of Counselling.)

উত্তৰঃ পৰামৰ্শদানৰ কৌশলসমূহৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল-
(ক)পৰামৰ্শদানৰ কৌশলসমূহ হ’ল- (১) সাক্ষাৎকাৰ, (২) প্রশ্নপদ, (৩) চেকলিষ্ট, (8) ৰেটিং স্কেল, (৫) সমুহীয়া আলোচনা আৰু (৬) অভীক্ষাসমূহ।

(খ) বিভিন্ন ধৰণৰ বৃত্তীয়, শৈক্ষিক আৰু ব্যক্তিগত তথ্যসমূহ শিক্ষার্থীসকলক যোগান ধৰি তেওঁলোকৰ জ্ঞানৰ পৰিসীমা বৃদ্ধি কৰি মনৰ পৰিধি বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা।

(গ) শিক্ষার্থীসকলক স্বাধীনভাৱে চিন্তা-চৰ্চা কৰিবলৈ, গভীৰভাৱে অনুভৱ কৰিবলৈ আৰু.স্বাধীন দৃষ্টিভঙ্গী প্ৰকাশ কৰিবলৈ সুবিধা দান কৰাৰ ব্যৱস্থা কৰা।

(ঘ) পৰামর্শদাতাসকলে শিক্ষার্থীসকলক পৰিকল্পিত পথেৰে তেওঁলোকৰ বৃত্তিতথা পাঠ্যক্ৰম নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা ব্যৱস্থা কৰা ।

(ঙ)নির্দেশনাদান কার্যত যাতে প্রত্যেকজন শিক্ষার্থীয়ে সম্পূর্ণভাৱে অংশগ্রহণ কৰিব পাৰে তাৰবাবে তেওঁলোকৰ মনত অভিৰোচন গঢ়ি তোলা।

(চ)পৰামৰ্শদাতাই প্রত্যেকজন শিক্ষার্থীকে নিজকে বুজি উঠি নিজৰ দুৰ্বলতা আৰু সামৰ্থখিনি উপলব্ধি কৰিবলৈ শিকোৱাৰ ব্যৱস্থা কৰিব লাগে।

(ছ) শিক্ষার্থীসকলে বিভিন্ন পদ্ধতিৰে সংগ্ৰহ কৰা তথ্যসমূহ বিশ্লেষণ কৰাৰ বিভিন্ন কৌশলসমূহ জনাৰ বাবে পৰামৰ্শদাতাই নিৰ্দেশনা দান কৰি তেওঁলোকক শিকাই-বুজাই পাৰ্গত কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে।

(জ) পৰামৰ্শদাতাই নিৰ্দেশনা গ্ৰহণ কৰোঁতাক কোনো এটা দিশত তেওঁৰ স্পষ্ট দৃষ্টিভঙ্গী নাথাকিলে সম্পূর্ণ নির্দেশনা দি বোধগম্য কৰি তুলিব লাগে।

(ঝ) যদি কোনো শিক্ষাৰ্থীয়ে তেওঁৰ পঢ়া বিষয়ৰ কোনো পাঠ্যবিষয় সলনি কৰিব বিচাৰে তেতিয়া পৰামৰ্শদাতাই সেই বিষয়টো ভালকৈ চালিজাৰি চাই শিক্ষার্থীজনক বিষয় সলনি কৰাৰ অনুমতি দিয়াৰ ব্যৱস্থা কৰিব লাগে।

(ঞ) পৰামৰ্শদাতাই সদায় বিভিন্ন দিশৰ পৰা পৰামৰ্শ গ্ৰহণ কৰোঁতাৰ কাৰ্যাৱলীসমূহ বিচাৰ কৰি চাব লাগে। তেতিয়াহে তেওঁলোকে নির্বাচন কৰা বিষয়ৰ দিশত সন্তুষ্টিদায়ক আৰু উন্নতি কৰিব পাৰিব।

(ট)পৰামৰ্শদাতাই শিক্ষার্থীসকলক এখন তালিকা প্রস্তুত কৰি দিব লাগে। সেইখনক ‘মূল্যায়ণ তালিকা’ হিচাপে নামাকৰণ কৰা হয়।

৭. এগৰাকী সু-পৰামৰ্শদাতাৰ গুণসমূহ আলোচনা কৰা।
(Discuss the qualities of a good Counsellor.)
উত্তৰঃ পৰামর্শদান প্ৰক্ৰিয়াৰ সাৰ্থকতা এগৰাকী পৰামৰ্শদাতাৰ ওপৰত বহুখিনি নির্ভর করে। তলত এগৰাকী সু-পৰামৰ্শদাতাৰ প্ৰধান গুণসমূহ আৰু আচৰণবোৰ অতি সংক্ষেপে আলোচনা কৰা হ’ল—

(ক) বৌদ্ধিক যোগ্যতা: পৰামৰ্শদানৰ বাবে বিভিন্ন বিষয়ত উপযুক্ত জ্ঞান পৃকা এগৰাকী ব্যক্তিৰ অতি প্রয়োজন। শিক্ষাৰ্থীৰ প্ৰগতি আৰু নিৰ্ধাৰিত পৰিকল্পনাৰ ওপৰত সিদ্ধান্ত গ্ৰহণৰ বাবে তথ্যৰ অনুসন্ধান কৰাটো ইয়াত অন্তৰ্ভুক্ত হৈ থাকে।

(খ) শক্তিঃ পৰামৰ্শদানকাৰী ব্যক্তিজন আৱেগিক আৰু মানসিকভাৱে শক্তিসম্পন্ন হোৱা দৰকাৰ। শিক্ষাৰ্থীসকলৰ মনোবল আৰু ইচ্ছাশক্তিক কার্যপ্ৰৱণ কৰিবলৈ হ’লে উচ্চ কনতাসম্পন্ন মানসিক শক্তিৰ প্ৰয়োজন হয়।

(গ) নমনীয়তাঃ এগৰাকী সু-পৰামৰ্শদাতাই কামৰ বাবে এটা পদ্ধতিতে কঠোৰ হৈ থাকিব নালাগিব। পৰামৰ্শদাতাসকল কর্মপ্ৰৱণতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত কেতিয়াও কঠোৰ আইনৰ ভিতৰত বন্দী হৈ নাথাকে। তেওঁলোক নমনীয় হ’ব লাগিব।

(ঘ) সমর্থন : ঘটনা সম্বন্ধে পৰামৰ্শ গ্ৰহণকাৰীজনৰ অভিজ্ঞতা থাকিব লাগিব যে ইয়াত, তেওঁক সমৰ্থন কৰা কোনোবা লোক আছে যিয়ে তেওঁ যি হয় সেই হিচাপে সন্মান কৰে।

(ঙ) সদ ইচ্ছা : পৰামর্শদানকাৰীৰ অভিপ্ৰায় আৰু উদ্দেশ্য নেতিবাচক আৰু ধ্বংসাত্মক নাই ধনাত্মক আৰু গঠনাত্মক হ’ব লাগিব।

(চ) আত্ম-সচেতনতা : পৰামৰ্শদাতা গৰাকীৰ পৰামৰ্শ গ্ৰহণ কৰোঁতাজনৰ সৈতে হোৱা আন্তৰিক সম্পৰ্কত মানসিক অনুভূতি আৰু সচেতনতা থকা উচিত। ইয়াৰ উপৰিও নিম্নলিখিত গুণসমূহ এগৰাকী সু-পৰামৰ্শদাতাৰ গাত থকা উচিত-

১)পৰামৰ্শদাতাজন সহযোগী আৰু সহানুভূতিশীলতাসম্পন্ন হ’ব লাগিব।
২) তেওঁৰ একাগ্রতা, একনিষ্ঠতা, আগ্রহ আৰু সু-মানসিকতাৰ মনোভাৱ থাকিব লাগিব।
(৩) তেওঁ মনোভাৱৰ প্ৰতি সচেতন, সুচতুৰ, ধৈৰ্যসম্পন্ন আৰু যোগাযোগসম্পন্ন হৈ গোপনীয়তা ৰক্ষা কৰিব পৰা ব্যক্তি হ’ব লাগিব।
(৪) পৰামৰ্শদাতাজন সহনশীল হোৱা দৰকাৰ আৰু তেওঁৰ মনত সমাধানমুখী প্ৰৱণতা তথা উদ্দেশ্যধর্মিতাৰ ভাৱধাৰা থাকিব লাগিব।
(৫) পৰামৰ্শদাতাজন সু-স্বাস্থ্যৰ অধিকাৰী আৰু দেখনিয়াৰ হোৱা উচিত।
(৬)পৰামৰ্শদাতাজনৰ বৃত্তিমুখী দায়বদ্ধতা থকা উচিত।
(৭)পৰামৰ্শদাতাজন শিক্ষাৰ্থীৰ সামৰ্থতাৰ প্ৰতি আগ্ৰহী আৰু বিশ্বাস সৃষ্টি কৰিব পৰা ব্যক্তি হ’ব লাগিব।
(৮) পৰামৰ্শদাতাজন শিক্ষার্থীসকলৰ আশা-আকাংক্ষা পূৰণৰ প্ৰতি উৎসাহ-উদ্দীপনা জনাব পৰা ব্যক্তি হ’ব লাগিব। শিক্ষার্থীসকলক উপযুক্ত দিশৰ পৰামৰ্শদান কৰি আগুৱাই নিবলৈ হলে পৰামৰ্শদাতাগৰাকী ওপৰোক্ত গুণসমূহৰ অধিকাৰী হ’ব লাগিব

লগতে পঢ়ক:   শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা – BA 1st Semester | Education and Vocational Guidance | Chapter 4

৮। ব্যক্তিগত সম্ভেদকাৰী কাৰ্যৰ সবিশেষ লিখা।
(Write details on Individual Inventory.)
উত্তৰ: ব্যক্তিৰ বিশেষ বিশেষ দিশসমূহৰ পৰিমাপন কৰাৰ উদ্দেশে ব্যৱহাৰ কৰা প্ৰশ্নসমূহক ব্যক্তিত্বৰ সম্ভেদকাৰী প্ৰশ্নাৱলী বুলি কোৱা হয়। এনেধৰণৰ প্ৰশ্নাৱলীত ব্যক্তিত্বৰ এটা বা একাধিক সংৰক্ষণৰ বিভিন্ন বৈশিষ্ট্যক ভিত্তি হিচাপে লোৱা হয়। এই প্রশ্নসমূহৰ উত্তৰৰ ভিত্তিত কোনো এজন ব্যক্তিৰ ক্ষেত্ৰত কোনো এটা বা একাধিক সংলক্ষণ কি মাত্ৰাত আছে তাক জানিব পৰা যায়। ব্যক্তিত্বৰ সম্ভেদকাৰী প্ৰশ্নাৱলীত কেইটামান নিৰ্ধাৰিত সংলক্ষণক পৰিমাপৰ বাবে অন্তর্ভুক্ত কৰা হয়। এই কৌশলত ব্যক্তিত্বৰ পৰিমাপৰ বাবে ইয়াত বিশ্লেষণাত্মক পদ্ধতি গ্ৰহণ কৰা হয়। সেয়েহে এই পদ্ধতিৰ যোগেদি ব্যক্তিত্বৰ সামগ্ৰিক ৰূপ সম্পর্কে বিশেষ কোনো ধাৰণা লাভ কৰিব পৰা নেযায়। এই পদ্ধতিৰ যোগেদি ব্যক্তিৰ আচৰণৰ লগত মনৰ অপ্ৰকট আচৰণসমূহৰে৷ সন্ধান পাব পাৰি।

ব্যক্তিৰ নিজৰ প্ৰতি অনুভৱ, আনৰ প্ৰতি মনোভাৱ, আৱেগিক প্রতিক্রিয়া, সামাজিক সমাযোজন, মানসিক জটিলতা ইত্যাদি অনেক দিশৰ প্ৰয়োজনীয় তথ্যৰ সন্ধান এই প্রশ্নাৱলীৰ সহায়ত জানিব পৰা যায়। প্ৰশ্নাৱলীসমূহ প্ৰয়োগ কৰাৰ আগতে আমি জানিবলৈ সক্ষম হওঁ যে ব্যক্তিয়ে লাভ কৰা বিভিন্ন অভিজ্ঞতাসমূহৰ কিছু অংশ বিভেদকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা আত্ম বা নিজস্ব অভিজ্ঞতাৰূপে চিহ্নিত হয়। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ব্যক্তিৰ আত্ম-ধাৰণাই গঢ় লৈ উঠে। এই আত্ম-ধাৰণা আনৰ লগত হোৱা পাৰস্পৰিক ক্ৰিয়া আৰু আত্ম-সচেতনতাৰ মাধ্যমেৰে গঢ় লয়। এই আত্ম ধাৰণা হৈছে এনে কিছুমান সুসংগঠিত বৈশিষ্ট্যৰ সমষ্টি যিবিলাক ব্যক্তিয়ে সম্পূর্ণ নিজৰ বুলি গ্ৰহণ কৰে। আত্ম ধাৰণা গঠন এক অবিৰত প্ৰক্ৰিয়া।

ব্যক্তিয়ে লাভ কৰা বিভিন্ন পাৰস্পৰিক আৰু সামাজিক অভিজ্ঞতাৰ ভিত্তিত এই আত্ম-ধাৰণা গঢ় লৈ উঠে। আন কথাত আমাৰ আভ্যন্তৰীণ জগত আৰু আমাৰ সামগ্ৰিক অভিজ্ঞতাসমূহৰ মাজত এক আন্তঃক্রিয়া সংঘটিত হয়। ইয়াৰ ফলতেই আমাৰ আত্ম ধাৰণাই গঢ় লৈ উঠে। ব্যক্তিয়ে লাভ কৰা সামাজিক মূলায়নৰ নিজস্ব অভিজ্ঞতাৰ ফলশ্রুতিয়েই হৈছে আত্ম-ধাৰণা। এই আত্ম-ধাৰণা প্রত্যেক ব্যক্তিৰে ব্যক্তিনিষ্ঠ অভিজ্ঞতা। কেতিয়াবা এই আত্ম-ধাৰণা বাস্তৱ বিবৰ্জিত হৈ ব্যক্তিৰ চাহিদা নিৰ্ভৰ হৈ উঠে।

কেতিয়াবা ব্যক্তিয়ে আদর্শভিত্তিক আত্ম-ধাৰণা গঢ়ি তোলে। অর্থাৎ আমাৰ প্ৰকৃত সত্তাৰ পৰিৱৰ্তে আমি কি হ’ব খোজো তাৰ ভিত্তিতহে আত্ম-ধাৰণা গঢ় দি তোলো। এজন ব্যক্তিৰ আত্ম-ধাৰণা গঢ় লোৱাৰ পিছত ব্যক্তিয়ে নিজৰ আচৰণ নিয়ন্ত্রিত কৰি ইয়াক অক্ষুণ্ণ ৰাখিব বিচাৰে। আমাৰ আত্ম-ধাৰণাৰ লগত সংগতিপূর্ণ দিশসমূহ আমি সচেতন স্তৰত সংৰক্ষণ কৰো আৰু আত্ম-ধাৰণাৰ লগত বিসংগতিপূর্ণ দিশসমূহ অচেতন মনত অৱদমিত কৰো। এজন ব্যক্তিক আন ব্যক্তিয়ে কেনেদৰে মূল্যায়ন কৰে তাৰ ওপৰতে ভিত্তি কৰিয়েই তেওঁৰ জৈৱিক সত্তা আৰু নিজস্ব বা আভ্যন্তৰীণ সত্তাৰ মাজত পাৰ্থক্যৰ সৃষ্টি হয়। এজন ব্যক্তিৰ সমাযোজন তেওঁৰ আত্ম-ধাৰণা আৰু তেওঁ জীৱন পৰিস্থিতিত লাভ কৰা অভিজ্ঞতাসমূহৰ সামঞ্জস্যতাৰ দ্বাৰা নিৰ্ধাৰিত হয়।

আত্ম-ধাৰণা আৰু বাস্তৱ পৰিস্থিতিত লাভ কৰা অভিজ্ঞতাৰ ব্যবধান কম হ’লে ব্যক্তি সামঞ্জস্যপূর্ণ ব্যক্তিত্বৰ অধিকাৰী হয়। ইয়াৰ বিপৰীতে এই ব্যৱধান বেছি হ’লে ব্যক্তিত্বত বিসংগতিয়ে দেখা দিয়ে। প্রত্যেক ব্যক্তিয়ে তেওঁৰ সম্ভাৱনীয়তা বা ক্ষমতাসমূহৰ পৰিপূৰ্ণ প্ৰকাশৰ বাবে কৰা প্ৰচেষ্টাৰ যোগেদি আত্ম বিকাশ সংঘটিত হয়। ইয়াৰ যোগেদি আত্মতৃপ্তি আৰু পৰিতৃপ্তি লাভ কৰে। ইয়াৰ বিপৰীতমুখী পৰিস্থিতিৰ সৃষ্টি হ’লেহে অনেক সংঘাতৰ সৃষ্টি হয়। যেতিয়া এজন ব্যক্তিক আনে ধনাত্মকভাবে মূল্যায়ন কৰে তেতিয়া জৈৱিক সত্তা আৰু আভ্যন্তৰীণ সত্তাৰ মাজত পাৰ্থক্য নাথাকে, অর্থাৎ জৈৱিক আৰু আভ্যন্তৰীণ সত্তা সামঞ্জস্যপূর্ণ হয়।

মনোবিজ্ঞানীসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে ব্যক্তিগত সম্ভেদকাৰী আহিলা ব্যৱহাৰ কৰিছিল। আমি জানো যে, প্রথম বিশ্বযুদ্ধ সংঘটিত হৈছিল ১৯১৪ চনত। সেই মহাযুদ্ধৰ সময়ত ব্যক্তিত্বৰ পৰিমাপৰ বাবে ব্যক্তিত্বৰ সম্ভেদকাৰী প্ৰশ্নাৱলীসমূহক প্রথম ব্যৱহাৰ কৰা হৈছিল। মনোবিদ উদ্ভৱৰ্থে “personal data sheet” নামৰ প্ৰথম ব্যক্তিত্বৰ সম্ভেদকাৰী প্ৰশ্নাৱলী প্রস্তুত কৰিছিল। বর্তমান ব্যক্তিত্বৰ বিভিন্ন ধৰণৰ সংৰক্ষণ পৰিমাপ কৰিবৰ বাবে অনেক প্রশ্নাৱলী ব্যৱহাৰ কৰা হয়। সাধাৰণতে নিৰ্দেশনাদান কাৰ্যৰ দ্বাৰা দুই ধৰণৰ কাৰ্য সম্পাদন কৰা হয়। প্রথমবিধ কাৰ্যৰ দ্বাৰা ব্যক্তিৰ আগ্ৰহ, সমৰ্থ ইত্যাদিৰ দিশটো বিচাৰ কৰা হয়। দ্বিতীয়বিধ কাৰ্যৰ দ্বাৰা ব্যক্তিৰ বৃত্তি

সম্পৰ্কীয় তথ্য-পাতি, প্ৰশিক্ষণৰ সুবিধা, সামাজিক সম্পৰ্ক আৰু সামাজিক কাম-কাজৰ বিষয়ে বিবেচনা কৰা হয়। ব্যক্তিৰ সামৰ্থ আৰু আগ্ৰহৰ প্ৰথম দিশটোক ব্যক্তিত্ব সম্ভেদকাৰী ব্যৱস্থাটোৱে সম্পূৰ্ণৰূপে বিচাৰ-বিবেচনা কৰে। Individual inventory অভীক্ষাটো ব্যক্তিত্বৰ এটা অতি প্রয়োজনীয় দিশ নির্ণায়ক অভীক্ষা। অভীক্ষাৰ এই দিশটোৱে এজন ব্যক্তিক আনজনতকৈ কেনে ধৰণেৰে পৃথক তাক নির্ণয় কৰিব পাৰে। এই দিশটোৱে বহলভিত্তিত ব্যক্তিৰ বিভিন্ন গুণাৱলীসমূহ যেনে— শাৰীৰিক বিকাশ, স্বাস্থ্যৰ বিকাশ, মানসিক বৈশিষ্ট্যসমূহ, শিক্ষামূলক পাৰদৰ্শিতা, সামাজিক পটভূমি, আগ্রহ আৰু বিশেষ ধৰণৰ গুণাৱলী নিৰ্ণয়ৰ ক্ষেত্ৰত সহায় কৰে। শিক্ষানুষ্ঠানত সংগ্ৰহ কৰি ৰখা আনুষ্ঠানিক ৰেকৰ্ড বা তথ্য-পাতিৰ মাজেৰে শিশুসকলৰ ইজনতকৈ সিজনৰ যোগ্যতা, গুণাৱলী, ব্যক্তিত্ব যে পৃথক সেই দিশটো নির্ণয় কৰা হয়।

Tools and Techniques of guidance Assamese

৯. তথ্য উজ্জ্বলকৰণ সেৱাৰ বিষয়ে বিতংকৈ আলোচনা কৰা।
(Describe in details on Information Orientation Service.)
উত্তৰ : নিৰ্দেশনাদান কাৰ্যৰ অতি প্রয়োজনীয় অংশবিশেষ হ’ল তথ্যৰ যোগান। শিক্ষার্থীসকলক সুবিধাজনক নির্বাচন, উপযুক্ত সমাযোজন ইত্যাদিবোৰ সম্পাদন কৰাৰ দিশত উপযুক্ত তথ্যৰ যোগানেহে সহায় কৰিব পাৰে । সেইবাবে নির্দেশনাদান কার্যত বয়স, যোগ্যতা অনুসৰি উপযুক্ত তথ্যৰ যোগান ধৰাটো প্রয়োজন। তলত তথ্য উজ্বলকৰণ সেৱাৰ ক্ষেত্ৰত তথ্যৰ সংগঠন কেনে ধৰণেৰে কৰিব পাৰি তাৰ কেইটামান আভাস দিয়া হ’ল—
(ক) শিক্ষাৰ্থীসকলৰ প্ৰত্যেকটো স্তৰৰ প্ৰশিক্ষণতে বহল আৰু বাস্তৱধৰ্মী দৃষ্টিভংগীৰ সুবিধা প্ৰদান কৰি সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে।

(খ) শিক্ষার্থীসকলক বৃত্তি সম্পৰ্কীয়, শিক্ষা-সম্পৰ্কীয় আৰু ব্যক্তিগত তথা সামাজিক সকলো ধৰণৰ তথ্যসমূহ যোগান ধৰি তেওঁলোকৰ প্ৰয়োজনসমূহ পূৰণৰ লগতে মনত সক্রিয় সচেতনতা সৃষ্টি কৰিবৰ বাবে যত্নপৰ হ’ব লাগে।

(গ) শিক্ষাৰ্থীসকলৰ সন্মুখত তথ্য সংগ্ৰহ কৰাৰ কৌশল তথ্যৰ উৎস বিচৰাৰ অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে। ইয়াৰ লগতে উপযুক্ত শিক্ষণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে অভিৰোচিত কৰিব পৰা দক্ষতাৰ সৃষ্টি কৰিব লাগিব।

(ঘ) শিক্ষাৰ্থীসকলৰ মনত সমাযোজন আৰু নির্বাচন উভয় দিশৰে কাৰ্যৰ ফলপ্ৰসূতা আনিবলৈ সন্তোষজনক নিৰ্বাচন কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব।

(ঙ)শিক্ষার্থীসকলক উন্নত আৰু নিৰ্দিষ্ট ধৰণৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকৰ মনত সুন্দৰ দৃষ্টিভংগী, আগ্রহ, অভিৰুচি আদি সৃষ্টি কৰি প্ৰকৃত উদ্দেশ্যৰ দিশে স্পষ্টভাৱে যাতে আগুৱাই যাব পাৰে তাক সহায় কৰিব লাগিব ।

বিদ্যালয়ত বিভিন্ন ধৰণৰ নিৰ্দেশনা সেৱাৰ ব্যৱস্থা কৰা হয় তাৰ ভিতৰত তথ্য উজ্বলকৰণ সেৱা, তথ্যমূলক সেৱা, গৱেষণা সেৱা আৰু মূল্যায়ন সেৱাই প্ৰধান । তথ্য উজ্বলকৰণ সেৱাই শিক্ষার্থীসকলক অধিক জ্ঞান লাভৰ আৰু শিক্ষণ লাভৰ প্ৰতি অভিৰোচিত কৰে বিদ্যালয়ৰ পৰম্পৰা, মূল দর্শন, সামগ্রিক উদ্দেশ্য তথা বিদ্যালয়ৰ উন্নতিৰ বাবে নিৰ্দেশনাৰ সা-সুবিধাসমূহৰ উপযুক্ত ব্যৱহাৰ হোৱা দৰকাৰ। তথ্য উজ্বলকৰণ সেৱাত অন্তর্ভুক্ত দিশসমূহ হ’ল— মুদ্রণ সামগ্ৰীৰ স্বাক্ষৰ, উজ্বলকৰণ দিৱসৰ সংগঠন কৰা, সমূহীয়া খেল-ধেমালিৰ ব্যৱস্থা কৰা ইত্যাদি।

এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্ত্তিকৰণৰ বাবে বিভিন্ন পৰিৱেশৰ পৰা শিক্ষার্থীসকল আহি ভিব কৰে। এই ভিন্ন পৰিৱেশৰ শিক্ষাৰ্থীসকলক উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলাৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে সামাজিক কৌশল, বৃত্তীয় কৌশল, দায়িত্ববোধ আৰু সৎ সাহসৰ বিকাশত গুৰুত্ব আৰোপ কৰে। সেয়েহে উজ্বলকৰণ সেৱাৰ প্ৰয়োজন আহি পৰে। তলত তথ্য উজ্জ্বলকৰণ সেৱাৰ প্ৰয়োজনীয়তাসমূহ চমুকৈ উল্লেখ কৰা হ’ল-

(ক) শিক্ষাৰ এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ স্পষ্টতা আৰু ধাৰাবাহিকতা প্ৰদান কৰাৰ বাবে, গাঁও-নগৰৰ পৰা মহানগৰলৈ, ব্যক্তিগত জীৱনৰ পৰা মহাবিদ্যালয়ৰ সমুহীয়া জীৱনলৈ আগবঢ়াই নিয়াৰ বাবে তথ্য উজ্বলকৰণ সেৱাৰ প্ৰয়োজন হয়।

(খ)মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ কৰ্ম তালিকা ইয়াৰ নীতি-নিয়ম, সা-সুবিধা আৰু ইয়াৰ বিভিন্ন বিভাগত কাম কৰা লোকসকলৰ নতুন তথ্যৰ যোগান ধৰাৰ বাবে উজ্বলকৰণ সেৱাৰ প্রয়োজন হয়।

(গ) শিক্ষার্থীসকলক তেওঁলোকৰ মহাবিদ্যালয়/বিশ্ববিদালয়ৰ পৰিৱেশৰ সৈতে তেওঁলোকে কৰা নূন্যতম ভুল আৰু ঊর্ধতম কৃতকার্যতা তথা সন্তুষ্টিৰ লগত নিজকে প্রতিষ্ঠা কৰাত সহায় কৰাৰ বাবে উজ্বলকৰণ সেৱাৰ আৱশ্যক।

(ঘ) ন-শিকাৰসকলক শিক্ষা ক্ষেত্রৰ এজন সদস্য হিচাপে তেওঁলোকৰ নিজস্ব স্থান, অধিকাৰ আৰু দায়িত্ব আৰু শিক্ষানুষ্ঠানৰ চৌহদত থকা শিকাৰু সেৱা আঁচনি গঠনৰ তথ্যৰ লগতে নাগৰিকত্বৰ শিক্ষা আৰু সামাজিক সমাযোজনত সহায় কৰাৰ প্ৰয়োজন।

(ঙ) শিক্ষার্থীসকলক শৈক্ষিক কৃতকাৰ্যতা লাভৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে তেওঁলোকক কৰা সহায়সমূহ হ’ল–

(১) উপযুক্তভাৱে অধ্যয়ন কৰিবলৈ শিকোৱা, উত্তম বোধগম্যতাৰে দ্রুত পঠন, অধ্যয়নৰ প্ৰতি আগ্রহ বৃদ্ধি, পৰীক্ষা লোৱা আৰু সময়ৰ ফলপ্ৰসূতাৰ আঁচনি তৈয়াৰ কৰা;

(২) বৈষয়িক পৰিকল্পনাৰ ক্ষেত্ৰত তথ্য যোগান যেনে— পুথিভঁৰাল, ছাত্রাবাস, শ্রেণীকোঠা, গৱেষণাগাৰ, খেলপথাৰ, সাঁতোৰ কেন্দ্ৰ আৰু অন্যান্য বৈষয়িক সুবিধাবোৰ;

(৩) প্ৰতিকাৰমূলক অধ্যয়ন আৰু ভাষা আঁচনিৰ বাবে সা-সুবিধাসমূহ

(৪) মহাবিদ্যালয়। বিশ্ববিদ্যালয়ৰ ন- শিকাৰুসকলৰ আত্ম-নিৰ্দেশনা, বৌদ্ধিক অভিজ্ঞতাৰ সৈতে যোগাযোগ কৰাৰ ব্যৱস্থাকৰণ।

(চ) বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বৃত্তিমূলক প্রতিষ্ঠান, আভিযান্ত্রিক মহাবিদ্যালয় আৰু অন্যান্য আনুষ্ঠানিক শিক্ষা প্রতিষ্ঠানৰ তথ্য সম্বলিত হাত পুথি আদি প্ৰদান কৰি শিকাৰুসকলক উজ্জ্বল কৰিব পাৰি।

(ছ) বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিব নাম, ঠিকনা আদি সম্বলিত বর্ণনাক্রমিক তালিকা আদি সংগ্ৰহ কৰি ৰাখিব লাগে।

(জ) বিভিন্ন জলপানি আৰু শিক্ষামূলক ঋণ আদিৰ তথ্য দিয়াৰ ব্যৱস্থা কৰিব পাৰি। যিবিলাক ভাৰত চৰকাৰ আৰু মানৱ সম্পদ উন্নয়ন বিভাগে পৰিচালনা কৰে তাক জনাব পাৰি। ইয়াৰ উপৰিও বেচৰকাৰী সংগঠন-সমিতি, সংস্থা আদিয়ে শিক্ষামূলক ঋণ হিচাপে বা জলপানি হিচাপে দিয়াৰ ব্যৱস্থা বিলাক শিকাৰসকলক তথ্য বা খবৰ হিচাপে যোগান ধৰাৰ ব্যৱস্থা কৰিব পাৰে।

(ঝ) বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে সাজু কৰিবলৈ ছপা কৰা বিভিন্ন আৰ্হি, কিতাপ, হাতপুথি, সমল-সামগ্ৰী আদিৰ যোগান ধৰাৰ ব্যৱস্থা কৰিব পাৰি।

(ঞ) শিক্ষা পদ্ধতি আৰু শৈক্ষিক সুবিধাসমূহৰ বাবে ছপা কৰি উলিওৱা কাহিনী, চাৰ্ট, পোষ্টাৰ, বৰ্ণনামূলক সামগ্ৰী আদিৰ দৰে শৈক্ষিক তথ্যসমূহৰ যোগান ধৰিব পাৰি।

(ট) বৃত্তি সম্পৰ্কীয় তথ্যৰ সাৰাংশ, নির্দেশনামূলক কিতাপ, তথ্যচিত্ৰ, প্ৰচাৰ পত্ৰ, বিজ্ঞাপন আদি যিবিলাক বিভিন্ন শৈক্ষিক গোট, ৰাজ্যিক সঞ্চালকালয়, নিয়োগ বিনিময় সংস্থা আদিয়ে প্ৰচাৰ কৰে তাৰ যোগান ধৰিব পাৰি।

(ঠ) বিভিন্ন নিযুক্তি সম্পৰ্কীয় বা-বাতৰিৰ বিজ্ঞাপন, চাকৰিত নিয়োগৰ বিভিন্ন নিয়ম-নীতি পৰা যায়। থকা হাতপুথি, নিয়োগ আদিত যোগদানৰ বিভিন্ন প্ৰ-পত্ৰসমূহ শিকাৰুসকলক যোগান ধৰিব তথ্য উজ্জ্বলকৰণ সেৱা আঁচনি অধিকভাৱে কাৰ্যকৰী কৰিবলৈ হ’লে নিৰ্দেশনাদাতা, পৰিচালক, শিক্ষক, পুথিভঁৰালী, স্বাস্থ্য বিষয়া, বিভিন্ন ছাত্র বা ছাত্রীনিবাসব দায়িত্বত থকা ব্যক্তিসকলে বহলভিত্তিত প্ৰচাৰ মাধ্যমৰ দ্বাৰা প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ লগতে পৰামৰ্শদাতা, মনোবিজ্ঞানী, নির্দেশক, শিক্ষা বিশেষজ্ঞ, অভিভাৱক আদি সকলোৱে লগ লাগি বিভিন্ন প্ৰচাৰ ব্যৱস্থাৰ দ্বাৰা এনেধৰণৰ নিৰ্দেশনামূলক ব্যৱস্থাসমূহৰ সফল প্ৰয়োগ কৰিবলৈ যত্নপৰ হ’ব লাগিব।

সাধাৰণতে উজ্বলকৰণ সেৱা হ’ল এখন অনুষ্ঠানৰ এক অবিৰত কাৰ্য। সিক্ষানুষ্ঠানৰ শৈক্ষিক বছৰৰৰ আৰম্ভণিতে এই কাৰ্যৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক অনুষ্ঠানখনৰ নিয়ম-নীতি, অনুষ্ঠানখনত থকা বিভিন্ন সা-সুবিধা আদিৰ বিষয়ে অৱগত কৰোৱাৰ ব্যৱস্থা কৰা হয় । পৰৱৰ্তী সময়ত পৰীক্ষা আদিৰ সম্পৰ্কত পৰামৰ্শ দিয়া হয়। ইয়াৰ পিছত বছৰেকীয়া খেল-ধেমালি আদিৰ সম্পৰ্কত ছাত্ৰ-ছাত্ৰীসকলক উজ্জ্বলকৰণ বা অৰিয়েণ্টেশ্বন কৰা দৰকাৰ। শেষত পৰীক্ষাৰ প্ৰয়োজনীয়তা আহি পৰে বাবে প্ৰ-পত্ৰ পূৰণৰ সময়ত সহায় কৰা আদিৰ দৰে বিভিন্ন ধৰণৰ উজ্বলকৰণ কাৰ্য কৰোৱাৰ

নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল BA 1st Semester

(১০) সংস্থাপনমূলক সেবা সম্বন্ধে চমুকৈ লিখা।
(Write briefly about placement service.)

উত্তৰ ঃ নিৰ্দেশনাদানৰ ক্ষেত্ৰখনত সংস্থাপনমূলক সেৱাৰ ভূমিকা বিশেষভাৱে তাৎপর্যপূর্ণ। ইয়াক নিয়োগ সম্পৰ্কীয় সেৱা হিচাপেও জনা যায়। নিয়োগ সম্পৰ্কীয় সেৱাৰ অৰ্থ হৈছে এক পুঞ্জ কামৰ সমষ্টি। এই কাম শিকাৰু এজনে পৰিৱেশৰ সৈতে সমাযোজন কৰিবলৈ বিশেষ ধৰণৰ শৈক্ষিক প্রশিক্ষণ হিচাপে নিৰ্বাচন কৰে। Clefford P. Frochlichৰ মতে, নিয়োগ সম্পৰ্কীয় সেৱাই শিক্ষার্থীসকলক শিক্ষা আহৰণৰ পিছৰছোৱাত সহায় কৰে। এইছোৱা কালত যিমানে যি কাৰ্য কৰা নহওঁক কিয় সংস্থাপন সম্পৰ্কীয় সেৱা হৈছে সকলো প্ৰকাৰৰ নিৰ্দেশনা দান কাৰ্যৰে চূড়ান্ত অৱস্থা। নিয়োগ ব্যৱস্থাই কর্মীসকলৰ নিৰ্দিষ্ট কামৰ প্ৰতি থকা চিহ্নকে বুজায়; যিটো কাম কৰ্মীজনৰ বাবে উপযুক্ত হ’ব পাৰে। উপযুক্ত অৰ্হতাসম্পন্ন কামৰ সৈতে যোগ্যতা আৰু সন্তুষ্টি জড়িত হৈ থাকে। সংস্থাপনমূলক সেৱা কাৰ্যই এজন শিকাৰুক তেওঁৰ পিছৰ পৰ্যায়লৈ গতি কৰা কথাটো বা কোনোধৰণৰ চাকৰি সম্পৰ্কীয় ব্যৱস্থাত উপনীত হোৱাকে সূচায়। নিয়োগ সম্পৰ্কীয় নিৰ্দেশনাৰ বৃত্তিমূলক দিশ, শিক্ষামূলক দিশ বা অন্যান্য দিশত প্ৰয়োজনীয়তা উপলব্ধি করা যায়। সংস্থাপন সম্পৰ্কীয় নিৰ্দেশনাৰ তিনিটা দিশ থাকে, যেনে-

(ক) শিক্ষাৰ্থীসকলৰ বাবে অংশকালীন কামৰ সুবিধা থকা; যেনে— বিদ্যালয় ছুটীৰ পিছত কৰিব পৰা কাম বা বিদ্যালয় বন্ধৰ সময়ত কৰা কাম।

(খ)বিদ্যালয় এৰি অহাৰ পিছত কৰিব পৰা কাম।
(গ)মাধ্যমিক বিদ্যালয়ৰ শিক্ষা শেষ হোৱাৰ পিছত কৰা কাম। সংস্থাপন বা নিয়োগ সম্পৰ্কীয় সেৱা কাৰ্য দুই ধৰণৰ হ’ব পাৰে। যেনে—

(১) শৈক্ষিক সংস্থাপন ব্যৱস্থা হৈছে নিয়মীয়া বা গতানুগতিক পাঠ্যক্ৰমৰ শৈক্ষিক ব্যৱস্থা। এই ব্যৱস্থা সহঃপাঠ্যক্রমিক ব্যৱস্থা বা উচ্চস্তৰীয় শিক্ষাৰ সৈতে জড়িত। এই ব্যৱস্থা কোনোধৰণৰ কৌশলেৰে সংগ্ৰহ কৰা ব্যৱস্থা নহয়। এই ব্যৱস্থা শিক্ষার্থীসকলে বিভিন্ন ধৰণৰ পৰিকল্পনা, পৰিচালনা আদিৰ মাজেৰে অৰ্জন কৰিব পাৰে। সংস্থাপন ব্যৱস্থা শিক্ষাৰ সকলো স্তৰৰ পৰা আৰম্ভ কৰিব পৰা যায়।

(২) শিক্ষার্থীসকলে শিক্ষা শেষ হোৱাৰ পিছত সংস্থাপন বিচাৰি পোৱাটো তেনেই সহজ হৈ পৰে। সকলো ধৰণৰ শিক্ষা নিয়োগ ব্যৱস্থাৰ সৈতে জড়িত যদিওঁ শিক্ষার্থীসকলে নির্দিষ্ট উপযুক্ত ঠাইত, নিয়োগৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব সেইক্ষেত্ৰত দোদুল্যমান অৱস্থাত পৰা দেখা যায় । তেতিয়া বৃত্তীয় ধাৰণাৰে আগবঢ়োৱা সংস্থাপন ব্যৱস্থাৰ দ্বাৰা তেওঁলোক উপকৃত হোৱা দেখা যায়।

এই নির্দেশনা দান ব্যৱস্থাৰ দ্বাৰা শিক্ষাৰ্থীসকলে নতুন স্থানৰ সংস্থাপনত সমাযোজন কৰাত সহায় লাভ কৰে। তেনে স্থানত কোনোধৰণৰ সমস্যাৰ উদ্ভৱ হ’লেও তেওঁলোকে সমাধান কৰিবও পাৰে। এগৰাকী ব্যক্তিয়ে তেওঁৰ দক্ষতা অনুসৰি সংস্থাপন লাভ কৰিলে তেওঁৰ নিজৰ লাভ হোৱাৰ লগতে সমাজেও তেওঁৰ পৰা উপকাৰ পাবলৈ সক্ষম হয়। এই দিশত সংস্থাপনমূলক সেৱাই যথেষ্ট সহায় আগবঢ়াব পাৰে। ইয়াৰ উপৰিও নিয়োগ বা সংস্থাপন দিয়া অনুষ্ঠানসমূহেও এই ব্যৱস্থাৰ দ্বাৰা উপযুক্ত প্রার্থী নিয়োগ কৰি নিজৰ অনুষ্ঠানৰ উন্নতি সাধন কৰিব পাৰে।

সংস্থাপনমূলক বা নিয়োগ সম্পৰ্কীয় সেৱাৰ ছয়টা স্তৰ দেখিবলৈ পোৱা যায়। সেইকেইটা হ’ল-
(ক)সাধাৰণ সংস্থামূলক সেৱা ।
(খ)বৃত্তীয় সম্পৰ্কীয় দিশৰ ক্ষেত্ৰখনলৈ আগ্রহ সৃষ্টি কৰাৰ সংস্থাপনমূলক সেৱা।
(গ)ব্যক্তিৰ-ব্যক্তিগত জ্ঞান-অভিজ্ঞতাক গোলকীয় জ্ঞান-অভিজ্ঞতালৈ পর্যবসিত কৰা।
(ঘ) বৃত্তিসম্পৰ্কীয় নিৰ্বাচনৰ সৃষ্টি।
(ঙ) নিযুক্তিৰ পঞ্চম চৰ্ত অনুসৰি নিৰ্দিষ্ট স্থানত পঢ়া-শুনাৰ বিভিন্ন ডিপ্ল’মা; চার্টিফিকেট আদি প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰা ।
(চ)পৰিৱৰ্তিত পৰ্যায়ৰ কাৰ্য।

Guidance and counselling Chapter 3 Assamese Medium

১১। নির্দেশনাদানৰ সঁজুলি আৰু কৌশলৰ প্ৰাথমিক ধাৰণা ব্যাখ্যা কৰা ।
(Explain the basic concept of tools and techniques of Guidance.)
উত্তৰঃ ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ লগতে এটা সুন্দৰ জীৱন আগুৱাই নিয়াৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰক্ৰিয়াকে নির্দেশনা বুলি অভিহিত কৰা হয়। আমাৰ অন্তর্নিহিত আৰু আৰ্জিত গুণৰ সমষ্টিয়েই হ’ল ব্যক্তিত্ব। মানুহ হ’ল বুদ্ধিদীপ্ত আৰু ই আমাৰ এটা অন্তর্নিহিত গুণ। বুদ্ধিবৃত্তিক ব্যৱহাৰ কৰিবলৈ পৰাটো হ’ল এটা আর্জিত গুণ। বিভিন্ন গুণৰাজিৰ বিষয়ে আমাৰ সন্মুখত আগবঢ়োৱা কথাখিনি হ’ল নির্দেশনা আৰু যিজনে আমাৰ বাবে কথাখিনি আগবঢ়াইছে তেওঁ হ’ল নিৰ্দেশক।

ব্যক্তিয়ে জন্মৰ পৰা মৃত্যুলৈকে নানা ধৰণৰ ঘাত-প্রতিঘাত আৰু সৰু-বৰ নানা সমস্যাৰ সন্মুখীন হ’বলগা হয়। সেই ঘাত-প্রতিঘাত আৰু সমস্যাসমূহ সমাধান কৰিবৰ বাবে প্ৰয়োজনীয় পথৰ সন্ধান দিয়া কাৰ্য ব্যৱস্থাটোক নির্দেশনাদান কার্য বোলে। এগৰাকী ব্যক্তি বা এদল ব্যক্তি সম্বন্ধে নির্দেশনাদানকাৰীয়ে প্রাথমিক তথ্য সংগ্ৰহ কৰাৰ সাধাৰণতে বিভিন্ন কৌশল প্রয়োগ কৰে। এই কৌশলসমূহৰ ভিতৰত প্ৰতিমানিকৃত আৰু অপ্ৰতিমানিকৃত উভয় বিধৰে কৌশল নিৰ্দেশনদানকাৰী কৰ্মীয়ে প্রয়োগ কৰে।

সাধাৰণতে নির্দেশনাদান কার্যত প্ৰয়োগ কৰা কৌশলসমূহ হ’ল – পর্যবেক্ষণ, চেকলিষ্ট, একত্রিত বৃত্তান্ত কার্ড, সাক্ষাৎকাৰ, এনে’কডটেল ৰেকৰ্ড ইত্যাদি। এই কৌশলসমূহৰ জৰিয়তে শিক্ষার্থীসকলৰ সৈতে জড়িত বিভিন্ন তথ্য উপযুক্তভাৱে সংগ্ৰহ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। ইয়াৰ উপৰিও ব্যক্তিগত আৰু সামূহিক উভয় ক্ষেত্ৰতে পৰামৰ্শদান কৌশলও প্রয়োগ কৰা হয়।

১২। দলগত নিৰ্দেশনাৰ কৌশলসমূহ আলোচনা কৰা।
(Discuss the techniques of group guidance.)
উত্তৰঃ দলগত নির্দেশনা হৈছে এক প্ৰকাৰৰ দলীয় কার্য। দলীয় অৱস্থাত সৰু বা ডাঙৰ দলৰ মাজত নিৰ্দেশনাদাম কৰাৰ কাৰ্যকে দলীয় নির্দেশনা বোলে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে দলৰ প্রত্যেকজন ব্যক্তিক নিজৰ নিজৰ সমস্যাসমূহক সমাধান কৰি পৰিবেশৰ লগত সমাযোজন কৰাৰ সুবিধা প্ৰদান কৰা। দলগত নিৰ্দেশনাই ব্যক্তিৰ মনত আত্মনিৰ্দেশনা, স্বজ্ঞান, আত্মবিশ্লেষণ, স্ব-নিয়োজন আদিৰ দৰে ভাবধাৰাবোৰৰ উদ্ৰেক কৰায়। এই কাৰ্যই ব্যক্তিগত, আবেগিক, বৃত্তি সম্পৰ্কীয়, ব্যৱসায়-বাণিজ্য সম্পৰ্কীয় পৰামৰ্শ আৰু তথ্য যৌথভাৱে ব্যক্তিক প্রদান কৰে। শিক্ষার্থী তথা সমাজৰ ডেকা-গাভৰুহঁতক দলগতভাৱে নির্দেশনাদানৰ বাবে বিভিন্ন কৌশল প্ৰয়োগ কৰিব পাৰি। নিৰ্দেশকসকলে শিক্ষাৰ্থীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে প্ৰয়োগ কৰা কৌশলসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল–

(ক) অভিবর্তন বা সন্মিলনী হৈছে শিক্ষাৰ্থীকলৰ সামূহিক মিলনক্ষেত্র। এনেকুৱা সন্মিলনীত অংশগ্ৰহণ কৰা প্ৰাৰ্থীসকলে দলৰ মাজত এক প্ৰকাৰৰ বান্ধোন অনুভৱ কৰে। তেনে অনুভৱৰ মাধ্যমেৰে নিজৰ মাজতে বিভিন্ন সমস্যাসমূহ সমাধান কৰিবৰ বাবে উপায় উদ্ভাৱন কৰিব পাৰে।

(খ) আলোচনাৰ দলৰ মাধ্যমত শিক্ষার্থীসকলে একেলগে লগলাগি স্বতঃস্ফূর্তভাৱে কোনো বিষয়ৰ ওপৰত আলোচনা কৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত সজাগ হৈ সমস্যা সমাধানত পাৰ্গত হৈ উঠিব পাৰে।

লগতে পঢ়ক:   পৰামৰ্শদান BA 1st Semester – দ্বিতীয় অধ্যায় (Education)

(গ) ভ্ৰমণসূচী হৈছে এটা সাৱধানতাৰে প্ৰস্তুত কৰা পৰিকল্পিত কাৰ্য। এই কাৰ্যৰ মাধ্যমত এটা দলে এখন ঠাই বা কোনো ধৰণৰ অনুষ্ঠান পৰিদৰ্শন কৰি তাৰ পৰা বিভিন্ন ধৰণৰ পৰ্যবেক্ষণ, অভিজ্ঞতাৰ অৰ্জন কৰিব পাৰে। ভ্ৰমণসূচীয়ে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণেৰে শিক্ষণ অভিজ্ঞতা অৰ্জন কৰাত অৰিহণা যোগায়।

(ঘ) বক্তৃতা অনুষ্ঠান হৈছে একো একোজন অভিজ্ঞ ব্যক্তিৰ দ্বাৰা এটা বিষয় সম্পৰ্কত প্রস্তুত কৰা মৌখিক উপস্থাপন ব্যৱস্থা। এই ব্যৱস্থাৰ মাধ্যমত বিষয়ৰ সাৱলীল উপস্থাপনৰ উপৰিও তাৰ সমস্যা সমাধানৰ বাবে উপায় প্রতিকৃত কৰা হয়। এই উপায়টো হ’ল আনুষ্ঠানিক। এই প্ৰক্ৰিয়াটোৱে সফল ৰাস্তা দেখুৱাই দি শিক্ষাৰ্থীসকলক জ্ঞানলব্ধ কৰি তোলে।

(ঙ) শিক্ষাৰ্থীৰ মনত অভিনয়ৰ ভূমিকা তাৎপর্যপূর্ণ হোৱা দেখা যায়। কোনো কোনো শিক্ষাৰ্থীয়ে তেওঁৰ জীৱনৰ ঘটনাৰাজিক দলৰ সন্মুখত অভিনয় কৰি বুজাই দিয়ে। এনে ধৰণৰ শিক্ষাৰ্থীৰ অভিনয়ত কোনো নীতিবচন নাথাকে। কোনো লিখিত নাটকীয় বক্তব্য বা বচনো |ইয়াত নাথাকে ৷ অভিনয় কৰোঁতাজনে নিজে নিজে সজাই পৰাই বাস্তৱত দেখা পোৱা কোনো সমস্যাৰ বৰ্ণনা দি তাৰ সমাধানৰ বাবেও অভিনয় কৰে। অভিনয়ক সাধাৰণতে কোনো এটা প্ৰয়োজনীয় সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। অভিনয়ৰ দ্বাৰা শিক্ষাৰ্থীসকলে নিজৰ সমস্যাবোৰৰ সমাধানৰ ৰাস্তা বিচাৰি উলিয়াই ল’ব পাৰে।

(চ)ব্যঙ্গাত্মক বা হাস্যকৰ নাটক হৈছে চুটি সংলাপসমৃদ্ধ। এজনতকৈ অধিক শিক্ষাৰ্থীৰ দ্বাৰা অভিনীত কৰা ই এক নাটকীয় উপস্থাপন। এনে ধৰণৰ অভিনয়ত চুটিকৈ কোনো ঘটনাৰ ব্যঙ্গাত্মক বা হাস্যকৰ উপস্থাপন কৰা হয়। তাৰ দ্বাৰা সমস্যাবোৰৰ সমাধানৰ পথ উলিয়াব পৰা যায়।

(ছ)আলোচনা চক্ৰক এটা নির্দিষ্ট বিষয়ক বিভিন্ন ধৰণেৰে বিশ্লেষণ কৰি দেখুওৱা পৰিকল্পিত বক্তৃতাৰ পুঞ্জ বুলিও ক’ব পৰা যায়। এজন বা দুজন অভিজ্ঞ, জ্ঞান সমৃদ্ধ, সমলযুক্ত, পাৰদৰ্শী ব্যক্তির সন্মুখত শিক্ষার্থীসকলে আলোচনা কৰিব লাগে। আলোচনা চক্ৰৰ আলোচ্য বিষয়ৰ পৰা শিক্ষ কলক যথেষ্ট উপকৃত হোৱা দেখা যায়।

(জ) কর্মশালা হ’ল ব্যৱহাৰিক জ্ঞান অৰ্জনৰ এক প্ৰক্ৰিয়া। ইয়াত ১০ ৰ পৰা ২৫ জন ছাত্র উপস্থিত থাকিব পাৰে। ইয়াত শিক্ষাৰ্থীসকলে বিভিন্ন বিষয়ৰ আলোচনা, গৱেষণা আৰু অধ্যয়নৰ যোগে কোনো বিষয়ৰ জ্ঞান অৰ্জন কৰি সমস্যা সমাধানৰ পথ বিচাৰি উলিয়াব পাৰে। কৰ্মশালাত কোনো এটা সমস্যাৰ চিনাক্তকৰণ কৰি উলিয়াই তাৰ সমাধানৰ উপায় নির্বাচন কৰি উলিওৱা হয়। কর্মশালাত আলোচ্য বিষয়টো কৰ্মশালাৰ শেষত বহলভিত্তিত গৱেষণাৰ বিষয়স্বৰূপে গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হয়।

Tools and Techniques of guidance Assamese

১৩। ব্যক্তিগত সম্ভেদকাৰী কাৰ্যৰ বিষয়ে চমুকৈ লিখা।
(Write briefly about Individual Inventory.)
উত্তৰঃ ব্যক্তিৰ বিশেষ বিশেষ দিশসমূহৰ পৰিমাপন কৰাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা প্ৰশ্নসমূহক ব্যক্তিত্বৰ সম্ভেদকাৰী প্ৰশ্নাৱলী বুলি কোৱা হয়। এনে ধৰণৰ প্ৰশ্নাৱলীত ব্যক্তিত্বত এটা বা একাধিক সংলক্ষণৰ বিভিন্ন বৈশিষ্ট্যক ভিত্তি হিচাপে লোৱা হয়। এই প্রশ্নসমূহৰ উত্তৰৰ ভিত্তিত কোনো এজন ব্যক্তিৰ ক্ষেত্ৰত কোনো এটা বা একাধিক সংলক্ষণ কি মাত্ৰাত আছে তাক জানিব পৰা যায়।

ব্যক্তিত্বৰ সম্ভেদকাৰী, প্ৰশ্নালৱীত কেইটামান নিৰ্ধাৰিত সংলক্ষণক পৰিমাপনৰ বাবে অন্তর্ভুক্ত কৰা হয়। এই কৌশলত ব্যক্তিত্বৰ পৰিমাপনৰ বাবে ইয়াত বিশ্লেষণাত্মক পদ্ধতি গ্ৰহণ কৰা হয়। সেয়েহে এই পদ্ধতিৰ যোগেদি ব্যক্তিত্বৰ সামগ্ৰিক ৰূপ সম্পর্কে বিশেষ কোনো ধাৰণা লাভ কৰিব পৰা নে যায়। এই পদ্ধতিৰ যোগেদি ব্যক্তিৰ আচৰণৰ লগত মনৰ অপ্ৰকট আচৰণসমূহৰো সন্ধান পাব পাৰি। ব্যক্তিৰ নিজৰ প্ৰতি অনুভৱ, আন প্রতি মনোভার, আবেগিক প্রতিক্রিয়া, সামাজিক সমাযোজন, মানসিক জটিলতা ইত্যাদি অনেক দিশৰ প্ৰয়োজনীয় তথ্যৰ সন্ধান এই প্রশ্নাৱলীৰ সহায়ত জানিব পৰা যায়।

প্রশ্নাৱলীসমূহ প্ৰয়োগ কৰাৰ আগতে ব্যক্তিয়ে লাভ কৰা বিভিন্ন অভিজ্ঞতাসমূৰ কিছু অংশ বিভেদকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা আত্ম বা নিজস্ব অভিজ্ঞতাস্বৰূপে চিহ্নিত হয়। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ব্যক্তিৰ আত্মধাৰণাই গঢ় লৈ উঠে। এই আত্মধাৰণা আনৰ লগত হোৱা পাৰস্পৰিক ক্ৰিয়া আৰু আত্মসচেতনতাৰ মাধ্যমেৰে গঢ় লয়। এই আত্মধাৰণা হৈছে এনে কিছুমান সুসংগঠিত বৈশিষ্ট্যৰ সমষ্টি যিবিলাক ব্যক্তিয়ে সম্পূর্ণ নিজৰ বুলি গ্ৰহণ কৰে। আত্মধাৰণা গঠন এক অবিৰত প্ৰক্ৰিয়া। ব্যক্তিয়ে লাভ কৰা বিভিন্ন পাৰস্পৰিক আৰু সামাজিক অভিজ্ঞতাৰ ভিত্তিত এই আত্ম ধাৰণাই গঢ় লৈ উঠে। ব্যক্তিয়ে লাভ কৰা সামাজিক মূল্যায়নৰ নিজস্ব অভিজ্ঞতাৰ ফলশ্রুতিয়েই হৈছে আত্মধাৰণা। ই আত্মধাৰণা প্রত্যেক ব্যক্তিৰে ব্যক্তিনিষ্ঠ অভিজ্ঞতা। কেতিয়াবা এই আত্মধাৰণা বাস্তৱ বিবৰ্জিত হৈব্যক্তিৰ চাহিদা নিৰ্ভৰ হৈ উঠে। কেতিয়াবা ব্যক্তিয়ে আদর্শভিত্তিক আত্মধাৰণা গঢ়ি তোলে। অর্থাৎ আমাৰ প্রকৃত সত্ত্বাৰ পৰিবৰ্তে আমি কি হ’ব খোজো তাৰ ভিত্তিতহে আত্মধাৰণা গঢ় দি তোলে।

এজন ব্যক্তিৰ আত্মধাৰণা গঢ় লোৱাৰ পিছত ব্যক্তিয়ে নিজৰ আচৰণ নিয়ন্ত্ৰিত কৰি ইয়াক অক্ষুণ্ণ ৰাখিব বিচাৰে। আমাৰ আত্মধাৰণাৰ লগত সংগতিপূর্ণ দিশসমূহ আমি সচেতন স্তৰত সংৰক্ষণ কৰো আৰু আত্মধাৰণাৰ লগত বিসংগতিপূর্ণ দিশসমূহ অচেতন মনত অবদমিত কৰো৷ এজন ব্যক্তিক আন ব্যক্তিয়ে কেনেদৰে মূল্যায়ন কৰে তাৰ ওপৰতে ভিত্তি কৰিয়েই তেওঁৰ জৈৱিক সত্ত্বা আৰু নিজস্ব বা আভ্যন্তৰীণ সত্ত্বাৰ মাজত পাৰ্থক্যৰ সৃষ্টি হয়। এজন ব্যক্তিৰ সমাযোজন তেওঁৰ আত্মধাৰণা আৰু তেওঁ জীৱন পৰিস্থিতিত লাভ কৰা অভিজ্ঞতাসমূহৰ সামঞ্জস্যতাৰ দ্বাৰা নিৰ্ধাৰিত হয়।

আত্মধাৰণা আৰু বাস্তৱ পৰিস্থিতিত লাভ কৰা অভিজ্ঞতাৰ ব্যৱধান কম হ’লে ব্যক্তি সামঞ্জস্যপূর্ণ ব্যক্তিত্বৰ অধিকাৰী হয়। ইয়াৰ বিপৰীতে এই ব্যৱধান বেছি হ’লে ব্যক্তিত্বত বিসংগতিয়ে দেখা দিয়ে। প্রত্যেক ব্যক্তিয়ে তেওঁৰ সম্ভাৱনীয়তা বা ক্ষমতাসমূহ পৰিপূৰ্ণ প্ৰকাশৰ বাবে কৰা প্ৰচেষ্টাৰ যোগেদি আত্মবিকাশ সংঘটিত হয়। ইয়াৰ যোগেদি আত্মতৃপ্তি আৰু পৰিতৃপ্তি লাভ কৰে। ইয়াৰ বিপৰীতমুখী পৰিস্থিতিৰ সৃষ্টি হ’লেহে অনেক সংঘাতৰ সৃষ্টি হয়। যেতিয়া এজন ব্যক্তিক আনে ধনাত্মকভাৱে মূল্যায়ন কৰে তেতিয়া জৈৱিক সত্ত্বা আৰু আভ্যন্তৰীণ সত্ত্বাৰ মাজত পার্থক্য নাথাকে; অর্থাৎ জৈৱিক আৰু আভ্যন্তৰীণ সত্ত্বা সামঞ্জস্যপূর্ণ হয়।

মনোবিজ্ঞানীসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াব মাধ্যমেৰে ব্যক্তিগত সম্ভেদকাৰী আহিলা ব্যৱহাৰ কৰিছিল । সাধাৰণতে নির্দেশনাদান কাৰ্যৰ দ্বাৰা দুই ধৰণৰ কাৰ্য সম্পাদন কৰা হয়। প্রথমবিধ কাৰ্যৰ দ্বাৰা ব্যক্তিৰ আগ্ৰহ, সামৰ্থ ইত্যাদিৰ দিশটো বিচাৰ কৰা হয়। দ্বিতীয়বিধ কাৰ্যৰ দ্বাৰা ব্যক্তিৰ বৃত্তি সম্পৰ্কীয় তথ্যপাতি, প্ৰশিক্ষণৰ সুবিধা, সামাজিক সম্পৰ্ক আৰু সামাজিক কাম-কাজৰ বিষয়ে বিবেচনা কৰা হয়। ব্যক্তিৰ সামৰ্থ আৰু আগ্ৰহৰ প্ৰথম দিশটোক ব্যক্তিত্ব সম্ভেদকাৰী ব্যৱস্থাটোৱে সম্পূৰ্ণৰূপে বিচাৰ বিবেচনা কৰে।

ব্যক্তিগত সম্ভেদকাৰী কাৰ্য অভীক্ষাটো ব্যক্তিত্বৰ এটা অতি প্রয়োজনীয় দিশ নির্ণায়ক অভীক্ষা। অভীক্ষাৰ এই দিশটোৱে এজন ব্যক্তিক আনজনতকৈ কেনে ধৰণেৰে পৃথক তাক নির্ণয় কৰিব পাৰে। এই দিশটোৱে বহল ভিত্তিক ব্যক্তিৰ বিভিন্ন গুণাৱলীসমূহ যেনে – শাৰীৰিক বিকাশ, স্বাস্থ্যৰ বিকাশ, মানসিক বৈশিষ্ট্যসমূহ, শিক্ষামূলক পাৰদৰ্শিতা, সামাজিক পটভূমি আগ্রহ আৰু বিশেষ ধৰণৰ গুণাৱলী নিৰ্ণয়ৰ ক্ষেত্ৰত সহায় কৰে। শিক্ষানুষ্ঠানত সংগ্ৰহ কৰি ৰখা আনুষ্ঠানিক ৰেকৰ্ড বা তথ্যপাতিৰ মাজেৰে শিশুসকলৰ ইজনতকৈ সিজনৰ যোগ্যতা, গুণাৱলী, ব্যক্তিত্ব যে পৃথক সেই দিশটো নিৰ্ণয় কৰা হয় ।

Guidance and counselling Chapter 3 Assamese Medium

১৪। তথ্য উজ্জ্বলকৰণৰ সেৱাৰ প্ৰয়োজনীয়তা আৰু আঁচনি সম্পর্কে আলোচনা কৰা।
(Discuss about the requirements and scheme of information Orientation Service.)
উত্তৰঃ নিৰ্দেশনাদান কাৰ্যৰ অতি প্রয়োজনীয় অংশবিশেষ হ’ল তথ্যৰ যোগান। শিক্ষার্থীসকলক সুবিধাজনক নির্বাচন, উপযুক্ত সমাযোজন ইত্যাদিবোৰ সম্পাদন কৰাৰ দিশত উপযুক্ত তথ্যৰ যোগানেহে সহায় কৰিব পাৰে। সেইবাবে নির্দেশনা দান কার্যত বয়স, যোগ্যতা অনুসৰি উপযুক্ত তথ্যৰ যোগান ধৰাটো প্রয়োজন। তলত তথ্য উজ্জ্বলকৰণ সেৱাৰ ক্ষেত্ৰত তথ্যৰ সংগঠন কেনে ধৰণেৰে কৰিব পাৰি তাৰ কেইটামান আভাষ দিয়া হ’ল –

(ক)শিক্ষাৰ্থীসকলৰ প্ৰত্যেকটো স্তৰৰ প্ৰশিক্ষণতে বহল আৰু বাস্তৱধৰ্মী দৃষ্টিভংগীৰ সুবিধা প্ৰদান কৰি সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে।

(খ)শিক্ষার্থীসকলক বৃত্তি সম্পৰ্কীয়, শিক্ষা সম্পৰ্কীয় আৰু ব্যক্তিগত তথা সামাজিক সকলো ধৰণৰ তথ্যসমূহ যোগান ধৰি তেওঁলোকৰ প্ৰয়োজন পূৰণৰ লগতে মনত সক্রিয় সচেতনতা সৃষ্টি কৰিবৰ বাবে যত্নপৰ হ’ব লাগে।

(গ) শিক্ষাৰ্থীসকলৰ সন্মুখত তথ্য সংগ্ৰহ কৰাৰ কৌশল তথ্যৰ উৎস বিচৰাৰ অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ লগতে উপযুক্ত শিক্ষণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে অভিৰুচিত কৰিব পৰা দক্ষতাৰ সৃষ্টি কৰিব লাগিব।

(ঘ) শিক্ষাৰ্থীসকলৰ মনত সমাযোজন আৰু নিৰ্বাচন উভয় দিশতে কাৰ্যৰ ফলপ্ৰসূতা আনিবলৈ সন্তোষজনক নিৰ্বাচন কৰাৰ অভ্যাস গঢ়ি তুলিব লাগিব।

(ঙ) শিক্ষার্থীসকলক উন্নত আৰু নির্দিষ্ট ধৰণৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকৰ মনত সুন্দৰ দৃষ্টিভংগী, আগ্রহ, অভিৰুচি আদি সৃষ্টি কৰি প্ৰকৃত উদ্দেশ্যৰ দিশে স্পষ্টভাৱে যাতে আগুৱাই যাব পাৰে তাক সহায় কৰিব লাগিব।

(চ) বিদ্যালয়ত বিভিন্ন ধৰণৰ নিৰ্দেশনা সেৱাৰ ব্যৱস্থা কৰা হয় তাৰ ভিতৰত তথ্য উজ্জ্বলকৰণ সেৱা, তথ্যমূলক সেৱা, গৱেষণা সেৱা আৰু মূল্যায়ন সেৱাই প্রধান। তথ্য উজ্জ্বলকৰণ সেৱাই শিক্ষার্থীসকলক অধিক জ্ঞান লাভ আৰু শিক্ষণৰ লাভৰ প্ৰতি অভিৰোচিত কৰে।

বিদ্যালয়ৰ পৰম্পৰা, মূল দর্শন, সামগ্রিক উদ্দেশ্য তথা বিদ্যালয়ৰ উন্নতিৰ বাবে নির্দেশনাৰ সা-সুবিধাসমূহৰ উপযুক্ত ব্যৱহাৰ হোঁৱা দৰকাৰ। তথ্য উজ্জ্বলকৰণ সেৱাত অন্তর্ভুক্ত দিশসমূহ হ’ল মুদ্রণ সামগ্ৰীৰ স্বাক্ষৰ, উজ্জলকৰণ দিৱসব সংগঠন কৰা, সমূহীয়া খেল আৰু ধেমালিৰ ব্যৱস্থা কৰা ইত্যাদি।

এখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তিকৰণৰ বাবে বিভিন্ন পৰিবেশৰ পৰা শিক্ষার্থীসকল আহি ভিৰ কৰে। এই ভিন্ন পৰিবেশৰ শিক্ষাৰ্থীসকলক উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলাৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহে সামাজিক কৌশল, বৃত্তীয় কৌশল, দায়িত্ববোধ আৰু সৎ সাহসৰ বিকাশত গুৰুত্ব আৰোপ কৰে। সেয়েহে উজ্জ্বলকৰণ সেৱাৰ প্ৰয়োজন আহি পৰে। তথ্য উজ্জ্বলকৰণ সেৱাৰ প্ৰয়োজনীয়তাসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল –

(ক) শিক্ষাৰ এটা পৰ্যায়ৰ পৰা আন এটা পৰ্যায়লৈ স্পষ্টতা আৰু ধাৰাবাহিকতা প্ৰদান কৰাৰ বাবে নগৰ-গাওঁৰ পৰা মহানগৰলৈ, ব্যক্তিগত জীৱনৰ পৰা মহাবিদ্যালয়ৰ সমূহীয়া জীৱনলৈ আগবঢ়াই নিয়াৰ বাবে তথ্য উজ্জ্বলকৰণ সেৱাৰ প্ৰয়োজন হয়।

(খ) মহাবিদ্যালয় / বিশ্ববিদ্যালয়ৰ কৰ্ম তালিকা ইয়াৰ নীতি-নিয়ম, সা-সুবিধা আৰু ইয়াৰ বিভিন্ন বিভাগত কাম কৰা লোকসকলৰ নতুন তথ্যৰ যোগান ধৰাৰ বাবে উজ্জ্বলকৰণ সেৱাৰ প্রয়োজন হয়।

(গ) শিক্ষার্থীসকলক তেওঁলোকৰ মহাবিদ্যালয় / বিশ্ববিদ্যালয়ৰ পৰিৱেশৰ সৈতে তেওঁলোকে কৰা নূন্যতম ভুল আৰু উর্ধতম কৃতকাৰ্যতা তথা সন্তুষ্টিৰ লগত নিজকে প্রতিষ্ঠা কৰাত সহায় কৰাৰ বাবে উজ্জ্বলকৰণ সেৱাৰ আৱশ্যক।

(ঘ) ন-শিকাৰুসকলক শিক্ষাক্ষেত্ৰৰ এজন সদস্য হিচাপে তেওঁলোকৰ নিজস্ব স্থান, অধিকাৰ আৰু দায়িত্ব আৰু শিক্ষানুষ্ঠানৰ চৌহদত থকা শিকাৰু সেৱা আঁচনি গঠনৰ তথ্যৰ লগতে নাগৰিকত্বৰ শিক্ষা আৰু সামাজিক সমাযোজনত সহায় কৰাৰ প্ৰয়োজন।

(ঙ) শিক্ষার্থীসকলক শৈক্ষিক কৃতকাৰ্যতা লাভৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে তেওঁলোক কৰা সহায়সমূহ হ’ল-

(১) উপযুক্তভাৱে অধ্যয়ন কৰিবলৈ শিকোৱা, উত্তম বোধগম্যতাৰে দ্ৰুত গঠন, অধ্যয়নৰ প্রতি আগ্রহ বৃদ্ধি, পৰীক্ষা লোৱা আৰু সময়ৰ ফলপ্ৰসূতাৰ আঁচনি তৈয়াৰ কৰা

(২) বৈষয়িক পৰিকল্পনাৰ ক্ষেত্ৰত তথ্য যোগান যেনে – পুথিভঁৰাল, ছাত্রাবাস, শ্রেণীকোঠা, গৱেষণাগাৰ, খেলপথাৰ, সাতোৰ কেন্দ্ৰ আৰু অন্যান্য বৈষয়িক সুবিধাবোৰ;
(৩)প্ৰতিকাৰমূলক অধ্যয়ন আৰু ভাষা আঁচনিৰ বাবে সা-সুবিধাসমূহ।
(8) মহাবিদ্যালয় / বিশ্ববিদ্যালয়ৰ ন-শিকাকসকলৰ আত্ম-নিৰ্দেশনা, বৌদ্ধিক অভিজ্ঞতাৰ সৈতে যোগাযোগ কৰাৰ ব্যৱস্থাকৰণ।

(চ)বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ নাম, ঠিকনা আদি সম্বলিত বর্ণনানুক্রমিক তালিকা আদি সংগ্ৰহ কৰি ৰাখিব লাগে।

(ছ) বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বৃত্তিমূলক প্রতিষ্ঠান, অভিযান্ত্রিক মহাবিদ্যালয় আৰু অন্যান্য আনুষ্ঠানিক শিক্ষা প্রতিষ্ঠানৰ তথ্য সম্বলিত হাতপুথি আদি প্ৰদান কৰি শিক্ষাৰ্থীসকলক উজ্জ্বল কৰিব পাৰি।

(জ) বিভিন্ন জলপানি আৰু শিক্ষামূলক ঋণ আদিৰ তথ্য দিয়াৰ ব্যৱস্থা কৰিব পাৰি। যিবিলাক ভাৰত চৰকাৰ আৰু মানৱ সম্পদ উন্নয়ন বিভাগে পৰিচালনা কৰে তাক জানিব পাৰি। ইয়াৰ উপৰিও বেচৰকাৰী সংগঠন সমিতি, সংস্থা আদিয়ে শিক্ষামুলক ঋণ হিচাপে বা জলপানি হিচাপে দিয়াৰ ব্যৱস্থাবিলাক শিক্ষাৰ্থীসকলক তথ্য বা খবৰ হিচাপে যোগান ধৰাৰ ব্যৱস্থা কৰিব পাৰে।

(ঝ) বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে সাজু কৰিবলৈ ছপা কৰা বিভিন্ন আৰ্হি, কিতাপ, হাতপুথি, সমল সামগ্ৰী আদিৰ যোগান ধৰাৰ ব্যৱস্থা কৰিব পাৰি।

(ঞ) শিক্ষা পদ্ধতি আৰু শৈক্ষিক সুবিধাসমূহৰ বাবে ছপা কৰি উলিওৱা কাহিনী, চাৰ্ট, পোষ্টাৰ, বৰ্ণনামূলক সামগ্ৰী আদিৰ দৰে শৈক্ষিক তথ্যসমূহৰ যোগান ধৰিব পাৰি।

(ট) বৃত্তি সম্পৰ্কীয় তথ্যৰ সাৰাংশ, নির্দেশনামূলক কিতাপ, তথ্যচিত্ৰ, প্ৰচাৰ পত্ৰ, বিজ্ঞাপন আদি যিবিলাক বিভিন্ন শৈক্ষিক গোট, ৰাজ্যিক সঞ্চালকালয়, নিয়োগ বিনিয়োগ সংস্থা আদিয়ে প্ৰচাৰ কৰে তাৰ যোগান ধৰিব পাৰি।

(ঠ) বিভিন্ন নিযুক্তি সম্পৰ্কীয় বা-বাতৰিৰ বিজ্ঞাপন, চাকৰিত নিয়োগৰ বিভিন্ন নিয়ম-নীতিৰ হাতপুথি, নিয়োগ আদিত যোগদানৰ বিভিন্ন প্ৰ-পত্ৰসমূহ শিক্ষার্থীসকলক যোগান ধৰিব পৰা যায়।

তথ্য উজ্জ্বলকৰণ সেৱাৰ আঁচনি অধিকভাৱে কাৰ্যকৰী কৰিবলৈ হ’লৈ নিৰ্দেশনাদাতা, পৰিচালক, শিক্ষক, পুথিভঁৰাল, স্বাস্থ্য বিষয়া, বিভিন্ন ছাত্র বা ছাত্রী নিবাসৰ দায়িত্বত থকা ব্যক্তিসকলে বহলভিত্তিত প্ৰচাৰ মাধ্যমৰ দ্বাৰা প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ লগতে পৰামৰ্শদাতা, মনোবিজ্ঞানী, নির্দেশক, শিক্ষা বিশেষজ্ঞ, অভিভাবক আদি সকলোৱে লগ লাগি বিভিন্ন প্ৰচাৰ ব্যৱস্থাৰ দ্বাৰা এনে ধৰণৰ নিৰ্দেশনামূলক ব্যৱস্থাসমূহৰ সফল প্রয়োগ কৰিবলৈ যত্নপৰ হ’ব লাগিব।

সাধাৰণতে উজ্জ্বলকৰণ সেৱা হ’ল এখন অনুষ্ঠানৰ এক অবিৰত কাৰ্য। শিক্ষানুষ্ঠানৰ শৈক্ষিক বছৰৰ আৰম্ভণিতে এই কাৰ্যৰ দ্বাৰা শিক্ষার্থীসকলক অনুষ্ঠানখনৰ নীতি-নিয়ম, অনুষ্ঠানখনত থকা বিভিন্ন সা-সুবিধা আদিব বিষয়ে অৱগত কৰোৱাৰ ব্যৱস্থা কৰা হয়। পরবর্তী সময়ত পৰীক্ষা আদিৰ সম্পৰ্কত পৰামৰ্শ দিয়া হয়। ইয়াৰ পিছত বছৰেকীয়া খেল-ধেমালী আদিৰ সম্পৰ্কত শিক্ষার্থীসকলক উজ্জ্বলকৰণ বা অরিয়েন্টেশন বৰা দৰকাৰ। শেষত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পুৰণৰ সময়ত সহায় কৰা আদিৰ দৰে বিভিন্ন ধৰণৰ উজ্জ্বলকৰণ কাৰ্য কৰোৱাৰ প্রয়োজনীয়তা আহি পৰে।

১৫। সংস্থাপনমূলক সেৱা সম্বন্ধে চমুকৈ আলোচনা কৰা।
(Write briefly about placement service.)
উত্তৰঃ নিৰ্দেশনা দানৰ ক্ষেত্ৰখনত সংস্থাপনমূলক সেৱাৰ ভূমিকা বিশেষভাৱে তাৎপর্যপূর্ণ। ইয়াক নিয়োগ সম্পৰ্কীয় সেৱা হিচাপেও জনা যায়। নিয়োগ সম্পৰ্কীয় সেৱাৰ অৰ্থ হৈছে এক পুঞ্জ কামৰ সমষ্টি। এই কাম শিক্ষার্থী এজনে পৰিবেশৰ সৈতে সমাযোজন কৰিবলৈ বিশেষ ধৰণৰ শৈক্ষিক প্রশিক্ষণ হিচাপে নির্বাচন কৰে। Clefford P. Frochlich ৰ মতে, নিয়োগ সম্পৰ্কীয় সেৱা কাৰ্থীসকলক শিক্ষা আহৰণৰৰ পিছৰছোৱাত সহায় কৰে। এই ছোৱাকালত যিমানে যি কাৰ্য কৰা নহওঁক কিয় সংস্থাপন সম্পৰ্কীয় সেৱা হৈছে সকলো প্ৰকাৰৰ নিৰ্দেশনা দান কৰে চূড়ান্ত অৱস্থা।

নিয়োগ ব্যৱস্থাই কৰ্মীসকলৰ নিৰ্দিষ্ট কামৰ প্ৰতি থকা চিহ্নকে বুজায়; যিটো কাম কৰ্মীজনৰ বাবে উপযুক্ত হ’ব পাৰে। উপযুক্ত অৰ্হতাসম্পন্ন কামৰ সৈতে যোগ্যতা আৰু সন্তুষ্টি জড়িত হৈ থাকে। সংস্থাপনমূলক সেৱা কাৰ্যই এজন শিক্ষার্থীক তেওঁৰ পিছৰ পৰ্যায়লৈ গতি কৰা কথাটো বা কোনো ধৰণৰ চাকৰি সম্পৰ্কীয় ব্যৱস্থাত উপনীত হোৱাকে সূচায়। নিয়োগ সম্পৰ্কীয় নিৰ্দেশনাৰ বৃত্তিমূলক দিশ, শিক্ষামূলক দিশ বা অন্যান্য দিশত প্ৰয়োজনীয়তা উপলব্ধি কৰা যায়। সংস্থাপন সম্পৰ্কীয় নিৰ্দেশনাৰ তিনিটা দিশ থাকে; যেনে –

(ক) শিক্ষাৰ্থীসকলৰ বাবে অংশকালীন কামৰ সুবিধা থকা; যেনে – বিদ্যালয় ছুটীৰ পিছত কৰিব পৰা কাম বা বিদ্যালয় বন্ধৰ সময়ত কৰা কাম।
(খ) বিদ্যালয় এৰি অহাৰ পিছত কৰিব পৰা কাম।
(গ) মাধ্যমিক বিদ্যালয়ৰ শিক্ষা শেষ হোৱাৰ পিছত কৰা কাম।

সংস্থাপন বা নিয়োগ সম্পৰ্কীয় সেৱা কাৰ্য দুই ধৰণৰ হ’ব পাৰে। যেনে –
(ক) শৈক্ষিক সংস্থাপন ব্যৱস্থা হৈছে নিয়মীয়া বা গতানুগতিক পাঠ্যক্ৰমৰ শৈক্ষিক ব্যৱস্থা। এই ব্যৱস্থা সহঃপাঠ্যক্ৰমিক ব্যৱস্থা বা উচ্চস্তৰীয়া শিক্ষাৰ সৈতে জড়িত। এই ব্যৱস্থা কোনো ধৰণৰ কৌশলেৰে সংগ্ৰহ কৰা ব্যৱস্থা নহয়। এই ব্যৱস্থা শিক্ষার্থীসকলে বিভিন্ন ধৰণৰ পৰিকল্পন পৰিচালনা আদিৰ মাজেৰে অৰ্জন কৰিব পাৰে। সংস্থাপন ব্যৱস্থা শিক্ষাৰ সকলো স্তৰৰ পৰা আৰম্ভ কৰিব পৰা যায়।

(খ)শিক্ষার্থীসকলে শিক্ষা শেষ হোৱাৰ পিছত সংস্থাপন বিচাৰি পোৱাটো তেনেই সহজ হৈ পৰে। সকলো ধৰণৰ শিক্ষা নিয়োগ ব্যৱস্থাৰ সৈতে জড়িত যদিও শিক্ষার্থীসকলে নির্দিষ্ট উপযুক্ত ঠাইত, নিয়োগৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব সেই ক্ষেত্ৰত দোদুল্যমান অৱস্থাত পৰ দেখা যায়৷ তেতিয়া বৃত্তীয় ধাৰণাৰে আগবঢ়োৱা সংস্থাপন ব্যৱস্থাৰ দ্বাৰা তেওঁলোক উপকৃত হোৱা দেখা যায়।

এই নির্দেশনাদান ব্যৱস্থাৰ দ্বাৰা শিক্ষার্থীসকলে নতুন স্থানৰ সংস্থাপনত সমাযোজন কৰাত সহায় লাভ কৰে। তেনে স্থানত কোনো ধৰণৰ সমস্যাৰ উদ্ভৱ হ’লেও তেওঁলোকে সমাধান কৰিবও পাৰে। এগৰাকী ব্যক্তিয়ে তেওঁৰ দক্ষতা অনুসৰি সংস্থাপন লাভ কৰিলে তেওঁৰ নিজৰ লাভ হোৱাৰ লগতে সমাজেও তেওঁৰ পৰা উপকাৰ পাবলৈ সক্ষম হয়। এই দিশত সংস্থাপনমূলক সেৱাই যথেষ্ট সহায় আগবঢ়াব পাৰে। ইয়াৰ উপৰিও নিয়োগ বা সংস্থাপন দিয়া অনুষ্ঠানসমূহেও এই ব্যৱস্থাৰ দ্বাৰা উপযুক্ত প্রার্থী নিয়োগ কৰি নিজৰ অনুষ্ঠানৰ উন্নতি সাধন কৰিব পাৰে।

সংস্থাপনমূলক বা নিয়োগ সম্পৰ্কীয় সেৱাৰ ছয়টা স্তৰ দেখিবলৈ পোৱা যায়। সেইকেইটা হল-

(ক) সাধাৰণ সংস্থাপনমূলক সেৱা।
(খ) বৃত্তীয় সম্পৰ্কীয় দিশৰ ক্ষেত্ৰখনলৈ আগ্রহ সৃষ্টি কৰাৰ সংস্থাপনমূলক সেৱা।
(গ) ব্যক্তিৰ ব্যক্তিগত জ্ঞান-অভিজ্ঞতাক গোলকীয় জ্ঞান-অভিজ্ঞতালৈ পর্যবসিত কৰা।
(ঘ)বৃত্তি সম্পৰ্কীয় নিৰ্বাচনৰ সৃষ্টি।
(ঙ) নিযুক্তিৰ পঞ্চম চৰ্ত অনুসৰি নিৰ্দিষ্ট স্থানত পঢ়াশুনাৰ বিভিন্ন ডিপ্ল’মা, চার্টিফিকেট আদি প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰা।
(চ) পৰিবৰ্তিত পৰ্যায়ৰ কাৰ্য।

নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল BA 1st Semester

১৬। পূর্বকাৰ্য অনুসৰণ সেৱাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।
(Discuss briefly about Follow Up Service.)
উত্তৰঃ নির্দেশনা কাৰ্য সংগঠনৰ শেষ অৱস্থাটো হ’ল পৰিবৰ্তিত পৰ্যায়ৰ কাৰ্য বা পূৰ্বকাৰ্য অনুসৰণ সেৱা। নিৰ্দেশনা আৰু পৰামৰ্শদান সেৱাৰ ফলাফল সম্বন্ধে জ্ঞান লাভ কৰিবলৈ পূৰ্বকাৰ্য অনুসৰণ সেৱাৰ প্ৰয়োজন অনুভৱ কৰা হয়। এনে অনুসৰণ সেৱা হ’ল পদ্ধতিগত মূল্যায়ন বা পুনঃৰীক্ষণ। ইয়াৰ জৰিয়তে শিক্ষাক্ষেত্ৰত নিৰ্দেশনা সেৱাই শিক্ষাৰ্থীৰ সাধাৰণ প্রয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ সক্ষম হৈছে নে নাই তাক বুজিব পৰা যায়। এই সেৱা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে তেওঁলোকৰ দক্ষতা আৰু যোগ্যতা অনুসৰি কিমানখিনি অগ্ৰসৰ হ’ব পাৰিছে, পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্রমিক কাৰ্যসূচী কিমান শুদ্ধতাৰে নিৰ্ধাৰণ কৰিবলৈ সক্ষম হৈছে আৰু অংশকালীন তথা পূর্ণকালীন জীৱিকাত কেনেকৈ সমাযোজন কৰিবলৈ সক্ষম হৈছে তাক বুজিব পৰা যায়।

লগতে পঢ়ক:   নিৰ্দেশনা BA 1st Semester – প্ৰথম অধ্যায় Elective Education D.U

পূৰ্বকাৰ্য অনুসৰণ সেৱাৰ কৌশলৰ দৃষ্টান্তৰূপে তলত উল্লেখ কৰা এটা বা অধিক কৌশল প্ৰয়োগ কৰিব পাৰি। যেনে – সাক্ষাৎকাৰ, পোষ্টকাৰ্ড চাৰভে বা প্রশ্নাৱলী। এই দৃষ্টিভঙ্গীসমূহৰ কিছুমান সুবিধা বা অসুবিধাও নোহোৱা নহয়। সাক্ষাৎকাৰৰ জৰিয়তে লাভ কৰা তথ্য যথেষ্ট। বৈধ কিন্তু ই যথেষ্ট সময়সাপেক্ষে আৰু খৰচী ধৰণৰ। ঠিক সেইদৰে পোষ্টকার্ড চার্ভে কৌশলটো কম খৰচী আৰু ইয়াক সম্পন্ন কৰিবলৈ সহজ যদিও ইয়ার ফলাফল যথেষ্টভাৱে সীমাবদ্ধ। পূৰ্বকাৰ্য অনুসৰণ সেৱা সাক্ষাৎকাৰ অনুসৰণ সেৱাৰ দ্বাৰা সুস্থভাৱে পৰিচালনা কৰিব পাৰি। ইয়াৰ জৰিয়তে শিক্ষার্থীসকলে নতুন কার্য নিযুক্তি সম্বন্ধে আৰু নতুন পৰিস্থিতিত তেওঁৰ সহকৰ্মীসকলৰ বিষয়ে জানিব পাৰে। নতুন পৰিৱেশত পূর্ব অনুসৰণ নিৰ্দেশনাই দিয়া তথ্যই আত্ম-উপলব্ধি লাভত তেওঁৰ সহায়ক হৈছে নে নাই তাক সহজে জানিব পাৰে।

পূৰ্বকাৰ্য অনুসৰণ সেৱাৰ জৰিয়তে লাভ কৰা তথ্যৰ মাধ্যমত পাঠ্যক্ৰমৰ উন্নতি সাধন, উত্তম শিক্ষাদানত উৎসাহ প্রদান, নিৰ্দেশনা সেৱাৰ মূল্য বৃদ্ধিকৰণ আৰু ভাল শিক্ষানুষ্ঠান স্থাপন আৰু সমাজৰ সৈতে সুস্থ সম্পর্ক স্থাপন কৰিব পৰা যায় ।

১৭। পৰামৰ্শদান সেৱাৰ সংগঠন সম্বন্ধে চমুকৈ আলোচনা কৰা।
(Discuss briefly about the organization of counselling services.)
উত্তৰঃ পৰামৰ্শদান সেৱাৰ সংগঠনৰ প্ৰকাৰসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল—
(ক) কেন্দ্ৰস্থ আৰ্হি (The Centralised form) : নিৰ্দেশনা কার্য সম্পন্ন কৰিবলৈ হ’লে বিশেষজ্ঞ ব্যক্তিৰ প্ৰয়োজন হয় কাৰণ বহু সময়ত নিৰ্দেশনা কাৰ্যসম্পন্ন কৰিবলৈ শিক্ষকসকল উপযুক্ত প্ৰশিক্ষণৰ অভাৱ থকা পৰিলক্ষিত হয়। যিসকল শিক্ষাৰ্থীৰ একে ধৰণৰ সমস্যা সমাধান কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত শিক্ষকসকলে উপযুক্তভাৱে শিক্ষাৰ্থীসকলক কোনো ধৰণৰ সহায় আগবঢ়াব নোৱাৰে। নিৰ্দেশনাদান আঁচনিৰ কেন্দ্ৰস্থ আৰ্হিৰ অৰ্থ হ’ল নিৰ্দেশনা কাৰ্যসূচীবোৰ কেন্দ্ৰীয় নির্দেশনা দানকাৰী বিষয়াৰ দ্বাৰা নির্দেশনাদান কার্যসম্পন্ন আৰু নিয়ন্ত্ৰণ কৰে। এই বিষয়াজনৰ পৰিদৰ্শনত আৰু নিৰ্দেশত সকলো শিক্ষকে তেওঁলোকৰ দায়িত্ব সম্পাদন কৰে।

(খ) বিকেন্দ্ৰীকৰণ আৰ্হি (Decentralized form) : নিৰ্দেশনাদান কাৰ্যৰ বিকেন্দ্ৰীকৰণ আৰ্হিৰ অৰ্থ হ’ল – এগৰাকী দায়িত্বপূৰ্ণ শিক্ষকৰ জৰিয়তে নিৰ্দেশনাদান কার্যসম্পন্ন কৰা। বাকী শিক্ষকসকলে তেওঁৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে ঘনিষ্ঠ সম্পর্ক বৰ্তাই ৰাখে। শিক্ষকজনে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন আৰু সমস্যাবোৰ উপযুক্তভাৱে বুজি পায়। সেইবাবে শিক্ষকজনে ছাত্র-ছাত্ৰীসকলক খুব ভাল ধৰণে সহায় কৰিব পাৰে । সেইবাবে এখন বিদ্যালয় নিৰ্দেশনাদান কাৰ্যসূচী এগৰাকী দায়িত্বপূৰ্ণ শিক্ষকৰ হাতত অৰ্পণ কৰা অতি উত্তম ব্যৱস্থা।

(গ) সংমিশ্রিত আৰ্হি (Mixed form) : নির্দেশনাদান কাৰ্যৰ কেন্দ্ৰস্থ আৰ্হিৰ বিকেন্দ্ৰীকৰণ আৰু নিজস্ব সুবিধা আৰু অসুবিধা আছে। কিন্তু কোনোটো আৰ্হি নিৰ্দেশনাদান কাৰ্যৰ ব্যৱহাৰিক ক্ষেত্ৰত স্বতন্ত্রভাৱে কাৰ্য সম্পন্ন কৰাটো সম্ভৱ নহয়। সেইবাবে কিছু সংখ্যক বিশেষজ্ঞই মতপ্রকাশ কৰিছে যে নির্দেশনাদান সেৱা এক প্ৰকাৰ সংমিশ্ৰিত আৰ্হি হোৱা উচিত। সংমিশ্রিত আৰ্হিৰ অর্থ হ’ল নির্দেশনা দান কার্য শিক্ষক আৰু বিশেষজ্ঞ উভয়ৰে দ্বাৰা সম্পন্ন কৰা। এনেকুৱা কিছুমান সেৱা আছে য’ত শিক্ষকসকলে বেছি ভাল পাৰদৰ্শিতা দেখুৱায়, যেনে –শিক্ষাৰ্থীসকলৰ সৈতে জড়িত বিভিন্ন তথ্য সংগ্রহ কৰা। আনহাতে এনেকুৱা কিছুমান কার্য আছে য’ত বিশেষজ্ঞসকলে অধিক ভাল পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হয়।

BA 1st Sem শিক্ষা (Education)

১৮। নির্দেশনাদান কাৰ্যৰ কৌশলসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা।
(Discuss briefly about the types of Guidance techniques.)
উত্তৰঃ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তিনি প্ৰকাৰৰ নিৰ্দেশনা কৌশল প্ৰয়োগ কৰা হয়। সেই তিনি প্ৰকাৰৰ কৌশল হ’ল –
(ক) পৰামৰ্শদান – ব্যক্তিগত আৰু দলগত।
(খ) দলগত নির্দেশনা কৌশল।
(গ) নৈদানিক দৃষ্টিভঙ্গী।

উক্ত তিনি প্ৰকাৰ নিৰ্দেশনা কৌশলৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল –
(ক)  পৰামৰ্শদান — ব্যক্তিগত আৰু দলগত (Counselling Individual and Group) : পৰামৰ্শদান হ’ল নিৰ্দেশনা কাৰ্যৰ পৰিসৰৰ অন্তৰ্গত এক বিশেষ ক্রিয়া ব্যৱস্থা। পৰামৰ্শদান কার্য সমাজৰ সমানে পুৰণি। মানৱ জীৱনৰ বিভিন্ন স্তৰত যেনে – পৰিয়ালত, অভিভাৱকে সিহঁতৰ ল’ৰা-ছোৱালীক পৰামৰ্শ দান কৰে, সমাজত ডাক্তৰে ৰোগীক, উকীলে মক্কেলক, শিক্ষকে ছাত্ৰক পৰামৰ্শদান কৰা আমি দেখি আহিছো। সাধাৰণতে পৰামৰ্শদান কার্যত দুজন ব্যক্তিয়ে কোনো উদ্দেশ্য আগত ৰাখি এটা বিষয়ৰ ওপৰত মত বিনিময় কৰে। এজনে কোনো প্রয়োজন বা ব্যক্তিগত সমস্যাৰ সন্মুখীন হৈ পৰামৰ্শ বিচাৰে। আনজনে নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰ মাধ্যমেৰে সেই প্ৰয়োজন আৰু সমস্যা সম্বন্ধে পৰামৰ্শ আগবঢ়ায়। পৰামৰ্শদান হ’ল এটা গতিশীল প্ৰক্ৰিয়া। ইয়াত দুজন ব্যক্তিৰ মাজত এটা উদ্দেশ্যপূৰ্ণ সম্পর্ক থাকে।

ইজনে সিজনৰ সৈতে সমস্যা সমাধানৰ ওপৰত আলোচনা কৰে৷ দুয়োজনৰ ভিতৰত যিজনৰ অধিক সমস্যা থাকে তেওঁক সমস্যাটো সমাধান কৰিবলৈ আনজনে সহায় কৰে। পৰামৰ্শদান কাৰ্যৰ বাবে পৰামৰ্শ প্ৰাৰ্থীৰ প্ৰয়োজনভিত্তিক ইচ্ছা, আগ্রহ, আন্তৰিকতা আৰু মানসিক প্রস্তুতিৰ প্ৰয়োজন হয়। সেইদৰে পৰামৰ্শ দাতাৰো ব্যক্তিগত জ্ঞান-অভিজ্ঞতা, আন্তৰিকতা আৰু সহানুভূতি কৌশল হ’ল সাক্ষাৎকাৰ মনোভাৱেৰে সহায় কৰিব পৰা ক্ষমতাৰ প্ৰয়োজন হয়।

ব্যক্তিগত পৰামৰ্শদানৰ এক উল্লেখযোগ্য দলগত পৰামৰ্শদান কাৰ্য মানুহ সহায় কৰাৰ এক তুলনামূলকভাবে নতুন কার্যপন্থা। যিসকল ছাত্ৰই ব্যক্তিগত পৰামৰ্শদানৰ প্ৰতি উপযুক্ত সহাৰি নিদিয়ে তেতিয়া সামূহিক বা দলগত পৰামৰ্শ দানে সফলতা দেখুৱায়। এই প্রক্রিয়া বিশেষকৈ কৈশোৰ কালৰ সমনীয়া দলৰ সদস্যসকলৰ বাবে এটি ফলপ্রসু উপায়। এই আস্তক্ৰিয়াৰ জৰিয়তে এগৰাকী ছাত্ৰই তেওঁৰ নিজৰ সমস্যা বুজিবলৈ সক্ষম হয়। দলগত পৰামৰ্শদান কাৰ্যৰ জৰিয়তে ছাত্ৰ এজনে আনৰ জটিলতা আৰু সমস্যা সম্বন্ধে আলোচনাৰ মাধ্যমত অতি সহজে নিজৰ সমস্যাসমূহ বুজি পায়।

(খ) দলগত নির্দেশনা কৌশল (Group Guidance Techniques) : দলীয় অৱস্থাত সৰু বা ডাঙৰ দলৰ মাজত নিৰ্দেশনাদান কৰা কাৰ্যকে দলীয় নির্দেশনা বোলে। ইয়াৰ প্ৰাথমিক উদ্দেশ্য হৈছে দলৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে নিজৰ নিজৰ সমস্যাসমূহ সমাধান কৰি পৰিৱেশত সুস্থভাৱে সমাযোজন কৰাৰ সুবিধা কৰি ল’ব পাৰে। এই কাৰ্যই ব্যক্তিগত, আবেগিক, বৃত্তি সম্পৰ্কীয়, ব্যৱসায়-বাণিজ্য সম্পৰ্কীয় পৰামৰ্শ আৰু তথ্য যৌথভাৱে ব্যক্তিক প্রদান করে। এই তথ্যসমূহ সাধাৰণতে কৰ্মশালাৰ দৰে প্ৰদান কৰা হয়। দলগত নির্দেশনাত আলোচনাৰ ওপৰত গুৰুত্ব দিয়া নহয়। অৱশ্যে আলোচনা কৰাৰ কাৰ্যক বাধা আৰোপ কৰাও নহয়। শ্ৰেণীকোঠা এটাৰ নিচিনাকৈ নিৰ্দেশনাদানৰ ঠাইখিনি সজাই লোৱা হয়। নির্দিষ্ট ঠাইখিনিৰ ভিতৰত দলটোৰ ছাত্ৰ-ছাত্ৰীসকলক বহুৱাই লৈ নিৰ্দেশনা দিয়া হয়। দলগত নির্দেশনাই ছাত্ৰ-ছাত্ৰীক সমূহীয়া জীৱনত সুন্দৰভাৱে বিকাশৰ পথ দেখুৱাই দিয়ে। এনে নিৰ্দেশনাদান কাৰ্যৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ মাজত আত্ম-উপলব্ধি, আত্ম- জ্ঞান আৰু আত্মনিয়ন্ত্ৰণৰ ধাৰণা যোগায় তোলা। এনে ধৰণৰ কাৰ্য প্ৰক্ৰিয়াৰ পৰামৰ্শদাতাই প্রত্যেকজন ব্যক্তিকে সন্তুষ্টিদায়কভাৱে সমাযোজন কৰাৰ বাবে প্ৰস্তুত কৰি তোলে। দলগত নির্দেশনাই ব্যক্তি মনত আত্ম-নির্দেশনা, স্ব-জ্ঞান, আত্ম-বিশ্লেষণ, স্ব-নিয়োজন আদিৰ দৰে ভাবধাৰাবোৰৰ উদ্ৰেক কৰায়। ইয়াৰ মূল উদ্দেশ্য হৈছে দলৰ প্ৰত্যেকজন ব্যক্তিকে নিজৰ নিজৰ সমস্যাসমূহক সমাধান কৰি পৰিবেশৰ লগত সমাযোজন কৰাৰ সুবিধা প্ৰদান কৰা।

দলগত নিৰ্দেশনাদান কাৰ্যৰ প্ৰধান কৌশলসমূহ হ’ল – অনানুষ্ঠানিক আলোচনা (Informal discussions), সমূহীয়া প্রতিবেদন (Group Reports), বক্তৃতা (Lectures), অভিনয় (Dramatics), প্রশ্নবাকচ (Question box), সম্মিলনী (Conference) ইত্যাদি।

দলগত নিৰ্দেশনাৰ তাৎপৰ্যসমূহ হ’ল-
(১)দলগত নির্দেশনা একে সময়তে বহুতো ছাত্র-ছাত্রীক একেলগে দিব পৰা যায়।
(২)দলগত নির্দেশনাৰ সময় ৰাহি হয়।

(৩)শিক্ষাৰ্থীসকলৰ সাধাৰণ সমস্যাসমূহ দলগত নিৰ্দেশনাৰ মাধ্যমেৰে একেলগে আলোচনা কৰিব পৰা যায়।
(৪) দলগত নির্দেশনাদানৰ সময়ত শিক্ষার্থীসকলৰ বিভিন্ন আচৰণ আৰু ব্যক্তিত্বৰ দিশবোৰ চিনাক্তকৰণ আৰু পৰ্যবেক্ষণ কৰাৰ সুবিধা প্ৰদান কৰিব পৰা যায়।

দলগত পৰামৰ্শদান কাৰ্য মানুহ সহায় কৰাৰ এক তুলনামূলকভাবে নতুন কার্যপন্থা। যিসকল ছাত্ৰই ব্যক্তিগত পৰামৰ্শদানৰ প্ৰতি উপযুক্ত সহাৰি নিদিয়ে তেতিয়া সামূহিক বা দলগত পৰামৰ্শ দানে সফলতা দেখুৱায়। এই প্রক্রিয়া বিশেষকৈ কৈশোৰ কালৰ সমনীয়া দলৰ সদস্যসকলৰ বাবে এটি ফলপ্রসু উপায়। এই আস্তক্ৰিয়াৰ জৰিয়তে এগৰাকী ছাত্ৰই তেওঁৰ নিজৰ সমস্যা বুজিবলৈ সক্ষম হয়। দলগত পৰামৰ্শদান কাৰ্যৰ জৰিয়তে ছাত্ৰ এজনে আনৰ জটিলতা আৰু সমস্যা সম্বন্ধে আলোচনাৰ মাধ্যমত অতি সহজে নিজৰ সমস্যাসমূহ বুজি পায়।

(গ) নৈদানিক দৃষ্টিভঙ্গী (Clinical Appproach) : নৈদানিক দৃষ্টিভংগীৰ অৰ্থ হ’ল ব্যক্তিৰ বাবে পৰামৰ্শ আৰু চিকিৎসাৰ বাবে বিজ্ঞানভিত্তিক পদ্ধতিৰ ব্যৱহাৰ হোৱাঢোকে বুজায়। ব্যক্তিৰ জটিলতাসমূহ আঁতৰ কৰাৰ বাবে দলৰ সহযোগিতামূলক কাৰ্যৰ জৰিয়তে চেষ্টা কৰা হয়। ব্যক্তিৰ সমস্যা সমাধানৰ বাবে শিক্ষক, অভিভাবক, পৰামৰ্শদানকাৰী বিষয়া, মনোবিদ মনোচিকিৎসক, ডাক্তৰ আদি আটাইয়ে যুটীয়াভাৱে সহযোগিতা মূলকভাবে কার্য সম্পাদন কৰে। প্ৰথমতে সমস্যাসমূহৰ চিনাক্তকৰণ আৰু তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু পূৰ্বকাৰ্য অনুসৰণৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰা হয়।

১৯। পৰামৰ্শদান সেৱাৰ প্ৰাথমিক আহিলা হিচাপে মনোবৈজ্ঞানিক অভীক্ষাৰ বিষয়ে আলোচনা কৰা।
(Discuss about the psychological test as a basic tool of counselling services.)
উত্তৰ: মনোবৈজ্ঞানিক অভীক্ষাসমূহ হ’ল শাব্দিক বা অশাব্দিক অনুক্ৰিয়াৰ নমুনা বা আন আচৰণৰ সহায়ত ব্যক্তিত্বৰ এক বা একাধিক দিশ নিৰপেক্ষভাৱে পৰিমাপ কৰাৰ এক প্রতিমানীকৃত সঁজুলি। মনোবিজ্ঞান আৰু শিক্ষাৰ ক্ষেত্ৰত নানা ধৰণৰ নতুন গৱেষণা আৰু অধ্যয়নৰ ফলস্বৰূপেই পৰিমাপ সঁজুলি হিচাপে এই অভীক্ষাসমূহ উদ্ভাৱিত হৈছে। আধুনিক ধাৰণা অনুসৰি সকলো মানবীয় বৈশিষ্ট্য, আচৰণগত বৈশিষ্ট্য অথবা সক্ষমতাসমূহ এই অভীক্ষাসমূহৰ দ্বাৰা ব্যক্তিনিষ্ঠতাৰে সাৰ্থকভাৱে আৰু অতি নিখুত ৰূপত পৰিমাপ কৰিব পৰা যায়। আধুনিক মনোবিজ্ঞানীসকলে মানৱ আচৰণৰ বিভিন্ন দিশ বস্তুনিষ্ঠভাৱে অধ্যয়ন কৰিবৰ বাবে মনোবৈজ্ঞানিক অভীক্ষাসমূহৰ প্ৰস্তুতকৰণৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিছে। কাৰণ মনোবৈজ্ঞানিক অভীক্ষাসমূহৰ সাৰ্থকতাৰ ওপৰতেই মনোবিজ্ঞানৰ জ্ঞান-অভিজ্ঞতাসমূহৰ বিকাশ বিশেষভাৱে নিৰ্ভৰশীল। মনোবৈজ্ঞানিক অভীক্ষাসমূহৰ দ্বাৰা মানৱ আচৰণৰ বিভিন্ন দিশসমূহ পৰিমাণমূলক(Quantitatively) ভাৱে প্ৰকাশ কৰা হয়।

ক্ৰিমেনৰ মতে – ব্যক্তিত্বৰ একক অথবা একাধিক দিশ নমুনামূলকভাৱে ভাষিক অথবা ভাষাবিহীন অথবা আন কোনো আচৰণ যোগে বস্তুনিষ্ঠভাৱে পৰিমাপ কৰিবৰ বাবে মানবিশিষ্টভাৱে প্ৰস্তুত কৰা আহিলাকেই মনোবৈজ্ঞানিক অভীক্ষা বুলি কোৱা হয়। (“A psychological test is a standardised instrument designed to measure objectively one or more aspects of personality by means of samples of verbal or non-verbal responses or by means of other behaviour” Freeman)

এনাষ্টাচিৰ ভাষাত – “মনোবৈজ্ঞানিক অভীক্ষ্ণ হৈছে কোনো এক নমুনামূলক আচৰণৰ নৈর্ব্যক্তিক আৰু মানবিশিষ্ট পৰিমাপ ব্যৱস্থা” (A psychological test is essentially an objective and standardized measure of a sample of behaviour”-Anastasi) । কৰ্ণবেকৰ মতে –“মনোবৈজ্ঞানিক অভীক্ষা হৈছে দুজন বা ততোধিক ব্যক্তিৰ আচৰণ তুলনামূলকভাৱে অধ্যয়ন কৰাৰ এক শৃংখলাবদ্ধ পদ্ধতি।” (A psychological test is a systematic procedure for comparing the behaviour of two or more persons Cornbach)

মনোবিদ মাৰ্চেলে কৈছিল – “মনোবৈজ্ঞানিক অভীক্ষা এনে কিছুমান সুনির্বাচিত আৰু সুবিন্যস্ত উদ্দীপনাৰ সমন্বয় যাৰ মাধ্যমেৰে অভীক্ষা গ্রহণকারী ব্যক্তিৰ বিশেষ মানসিক বৈশিষ্ট্যৰ প্ৰতিক্রিয়া সৃষ্টি কৰিব পৰা (A psychological test may be defined as a pattern of stimuli, selected and organised to elicit responses which will reveal action characteristics in the person who takes them -Marshell) |

ওপৰৰ উল্লেখ কৰা সংজ্ঞাসমূহৰ পৰা ক’ব পাৰি যে মনোবৈজ্ঞানিক অভীক্ষাসমূহ হৈছে-
(ক) এক প্ৰকাৰৰ পৰিমাণ কৌশল।
(খ) অভীক্ষা হৈছে এক সুশৃংখলিত পদ্ধতি। সুনিৰ্ধাৰিত নীতি অনুসৰণ কৰি অভীক্ষাসমূহ প্রস্তুত, প্রয়োগ আৰু মানাংকন কৰা হয়।
(গ) মনোবৈজ্ঞানিক পৰিমাপৰ ক্ষেত্ৰত মানসিক বৈশিষ্ট্যসমূহ আচৰণৰ মাধ্যমেৰে প্ৰকাশিত নোহোৱা পর্যন্ত পৰিমাপ কৰিব পৰা নাযায়। গতিকে মনোবৈজ্ঞানিক অভীক্ষসমূহ হৈছে এনে কিছুমান উদ্দীপনাৰ সমষ্টি যিবিলাকৰ সহায়ত প্রতিক্রিয়া বা আচৰণৰ সৃষ্টি কৰিব পৰা যায়।
(ঘ) অভীক্ষাৰ উদ্দেশ্যানুযায়ী অভীক্ষাৰ, উদ্দীপকসমূহ নির্বাচন কৰা হয়।
(ঙ)অভীক্ষাৰ দ্বাৰা নমুনামূলকভাৱে নিৰ্ধাৰিত আচৰণ পৰিমাপ কৰা হয়।

সাধাৰণতে অভীক্ষাৰ দ্বাৰা পৰিমাপ কৰিব খোজা বিশেষ মানসিক বৈশিষ্ট্যৰ পৰিপ্ৰেক্ষিতত অভীক্ষাৰ নামকৰণ কৰা হয়। যেনে বুদ্ধিৰ অভীক্ষা, ব্যক্তিত্বৰ অভীক্ষা, আগ্ৰহৰ অভীক্ষা ইত্যাদি। মনোবৈজ্ঞানিক অভীক্ষাসমূহত উদ্দীপক হিচাপে ব্যৱহাৰ কৰা প্রশ্ন বা সমস্যাসমূহক পৰিমাপৰ ভাষাত অভীক্ষাপদ বুলি কোৱা হয়। এই অভীক্ষা পদ বা প্রশ্নপদসমূহ ভাষামূলকো হ’ব পাৰে বা নিৰ্দ্দিষ্ট কোনো কর্মভিত্তিকো হ’ব পাৰে। অনেক মনোবৈজ্ঞানিক অভীক্ষাত কিছুমান একে জাতীয় অভীক্ষা পদ থাকে। সমজাতীয় অভীক্ষাসমূহ অভীক্ষাত একত্রভাবে বিন্যাস কৰা হয় । অভীক্ষাত এনেদৰে একত্ৰিতভাৱে অন্তর্ভুক্ত কৰা সমজাতীয় অভীক্ষা পদসমূহক একত্রে অভীক্ষাংশ বুলি কোৱা হয়। এটা অভীক্ষাত কেবাটাও অভীক্ষাংশ থাকিব পাৰে। অভীক্ষাৰ্থীৰ প্ৰতিক্ৰিয়াৰ সামঞ্জস্যতা বিচাৰৰ বাবে আৰু পৰিমাপৰ ক্ষেত্ৰত সামগ্রিকভাৱে অভীক্ষাত অন্তৰ্ভুক্ত কৰিবৰ উদ্দেশ্য কোনো এটা অভীক্ষাক একেদৰে বিভিন্ন অভীক্ষাংশত ভাগ কৰা হয় । এই অভীক্ষাসমূহৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সমস্যাসমূহৰ বুজলৈ উপযুক্ত পৰামৰ্শদান কৰিব পাৰি।

BA 1st Sem শিক্ষা (Education)

২০। পৰামৰ্শদানৰ এক প্ৰাথমিক আহিলা হিচাপে সাক্ষাৎকাৰৰ বিষয়ে আলোচনা কৰা।
(Discuss about interview as a basic tool of Counselling.)

উত্তৰঃ সাক্ষাৎকাৰ হ’ল এটি অতি গুৰুত্বপূৰ্ণ পৰামৰ্শদান কৌশল। ই হৈছে ব্যক্তিগতভাৱে এজন লোকৰ সমুখা-সমুখিকৈ প্ৰত্যক্ষভাৱে তেওঁৰ ব্যক্তিত্ব সম্বন্ধীয় ক্ৰিয়া আচৰণ নিৰীক্ষণ আৰু অধ্যয়ন কৰা কাৰ্য। এনে সাক্ষাৎকাৰ ব্যৱস্থা বর্তমান সকলোবিধৰ কৰ্ম নিযুক্তিৰ বাবে ব্যক্তি নিৰ্বাচনৰ ক্ষেত্ৰত অপৰিহাৰ্য হৈ পৰিছে। ব্যক্তিৰ উচ্চ পৰ্যায়ৰ অধ্যয়ন আৰু গৱেষণাৰ ক্ষেত্ৰতো ব্যক্তিত্ব পৰিমাপনৰ বেলিকা ই অপৰিহাৰ্য। সাক্ষাৎ গ্ৰহণকাৰীয়ে প্ৰয়োজন বুলি বিবেচনা কৰা ব্যক্তিৰ কেতবোৰ নিৰ্দিষ্ট ব্যক্তিত্ব সংলক্ষণৰ ওপৰত তথ্য-পাতি আৰু বা-বাতৰি সংগ্ৰহ কৰে আৰু তেওঁৰ প্ৰতিক্ৰিয়া, আচৰণ আদিক নিৰীক্ষণ কৰে। ইয়াত ব্যক্তি সম্বন্ধে নিৰীক্ষণকাৰীয়ে নিজ চকুৰে দেখা অভিজ্ঞতা অধিক বস্তুনিষ্ঠ আৰু নিৰ্ভৰযোগ্য হৈ উঠিব পাৰে। সেই হেতুকে অভিজ্ঞ সাক্ষাৎ গ্ৰহণকাৰীয়ে কম সময়তে আৰু সহজে ব্যক্তিত্ব সম্বন্ধে ইয়াৰ পৰা মূল্যবান তথ্য পাব পাৰে। অৱশ্যে অনভিজ্ঞ আৰু ব্যক্তিত্বৰ সাধুতা গুণৰ অভাৱ হোৱা নিৰীক্ষকৰ পৰা তেনে ফল পাব পৰা নাযায়।

পৰামৰ্শদানকাৰী সাক্ষাৎকাৰৰ উদ্দেশ্যসমূহঃ যিকোনো প্ৰকাৰৰ সাক্ষাৎকাৰৰ প্ৰধান উদ্দেশ্যবোৰ নিম্নলিখিত বিধৰ –
(ক) এগৰাকী ব্যক্তি সম্বন্ধে তথ্য আৰু জ্ঞান লাভ কৰা ।
(খ)ব্যক্তিগৰাকীক নিজৰ সম্বন্ধে আগ্রহ জন্মোৱাত উৎসাহিত কৰা।
(গ)ব্যক্তিগৰাকীৰ শৈক্ষিক, বৃত্তিমূলক আৰু মনোবৈজ্ঞানিক সমস্যাবোৰৰ সমাধান কৰাত সহায় কৰা আৰু সমাযোজন সহায় কৰা।
(ঘ)পৰামৰ্শদাতাৰ সৈতে বন্ধুত্বপূর্ণ সম্বন্ধ স্থাপনত সহায় কৰা ।
(ঙ)নতুন বিষয়া নাইবা কৰ্মচাৰীৰ নিৰ্বাচন কৰা।
(চ)সমাযোজনৰ সৈতে জড়িত সমস্যাবোৰ সমাধান কৰা।
(ছ)সাক্ষাৎকাৰ পদ্ধতিৰ দ্বাৰা অনুভৱ, মনোভাব আৰু আদৰ্শ সম্বন্ধে জ্ঞান আহৰণ কৰা।
(জ) সাক্ষাৎকাৰৰ জৰিয়তে বিভিন্ন পাঠ্যক্রম নাইবা নতুন শ্ৰেণীত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণত সহায় কৰা।
(ঝ) মনো-বিশ্লেষণাত্মক সাক্ষাৎকাৰৰ জৰিয়তে ব্যক্তিৰ চিকিৎসা কৰা ।
(ঞ) সাক্ষাৎকাৰ পদ্ধতিৰ জৰিয়তে বিভিন্ন ধৰণৰ গৱেষণা কাৰ্যসম্পন্ন করা, ইত্যাদি।

২১। পৰামৰ্শদান সেৱাৰ সঁজুলি হিচাপে চিহ্নাংকন সূচী আৰু সমাজমিতিৰ বিষয়ে চমুকৈ লিখা।
(Write briefly about checklist and sociometry as a basic tools of counselling services.)

উত্তৰঃ পৰামৰ্শদান সেৱাৰ বিভিন্ন সঁজুলি বা আঁহিলাৰ ভিতৰত চিহ্নাংকন সূচী বা চেকলিষ্ট আৰু সমাজমিতিৰ এক বিশেষ স্থান আছে। তলত এই দুবিধ আহিলাৰ বিষয়ে সংক্ষেপে আলোচনা কৰা হ’ল –

(ক) চিহ্নাংকন সূচী (Cheecklist) : চিহ্নাংকন সূচী হ’ল পৰামৰ্শদান সেৱাৰ এবিধ সৰল আহিলা। শিশুসকলে বিভিন্ন পৰিস্থিতিত ভিন্ন ধৰণৰ আচৰণ প্ৰদৰ্শন কৰে। শিক্ষকসকলে শিশুৰ সেই ভিন্ন আচৰণবোৰ একেৰাহে নিৰীক্ষণ কৰিব লাগে। সেই আচৰণবোৰ যদি সদায়ে লিপিবদ্ধ কৰা হয়, তেতিয়া সেইবোৰে উপযুক্ত পৰামৰ্শদান সেৱাত অনেক মূল্যবান হৈ উঠিব পাৰে। চিহ্নাংকন সূচী এনে এবিধ আহিলা যাক শিক্ষাৰ্থীৰ আচৰণসমূহ অধ্যয়নৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়। ইয়াক প্ৰস্তুত কৰিবলৈ সহজ, প্ৰয়োগ কৰিবলৈ সহজ আৰু ব্যক্তিৰ আচৰণজনিত সমাযোজনৰ বিভিন্ন দিশ অন্তর্ভুক্ত কৰি প্ৰস্তুত কৰিব পাৰি। চিহ্নাংকন সূচী শিক্ষকসকলে নাইবা শিক্ষার্থীসকলে নিজস্বভাবেও মূল্যায়নৰ অগ্ৰগতি সম্বন্ধে জানিবলৈ প্ৰয়োগ কৰিব পাৰে। ই এক প্ৰকাৰ প্ৰশ্নাৱলীৰ আৰ্হিৰ দৰে। ইয়াত ছাত্ৰ-ছাত্ৰীসকলে হয়’ নাইবা নহয়’ৰ জৰিয়তে উত্তৰ দিব পাৰে। তাৰোপৰি শুদ্ধ চিন (~) নাইবা কটা চিন (×)ও ব্যৱহাৰ কৰিব পাৰে।

(খ) সমাজমিতি (Sociometry) : সমাজমিতিৰ ইংৰাজী প্রতিশব্দ ‘Sociometry মূল লেটিন ভাষা ‘Socius’ আৰু ‘metrum’ ৰ পৰা উদ্ভৱ হৈছে। যাৰ অৰ্থ ক্ৰমে ‘Socius’ ৰ অৰ্থ হ’ল Social বা সমাজ আৰু ‘metrum’ ৰ অৰ্থ হ’ল পৰিমাপ বা measure। সেইবাবে সমাজমিতিৰ অৰ্থ হ’ল ব্যক্তিৰ মাজত বিৰাজ কৰা সম্পৰ্কৰ মাত্ৰাৰ পৰিমাপন উপায়ক বুজোৱা হয়। ১৯৪৭ চনত জে. এল. মৰেণো (Jacob Levy Moreno) আৰু হেলেন জেনিংচে (Helen Jennigs) এই পদ্ধতিৰ উদ্ভাৱন কৰে।

জেনিংচৰ মতে – “Sociometry is a means of presenting simply and graphically the entire structure of the relations existing at a given time among the members of the given group. The major lines of communication or the pattern of attraction and rejection in its full scope are made readily comprehensive at a glance,” এই পদ্ধতিৰ যোগেদি একোটা দল বা সামাজিক গোটৰ মাজত থকা ভিন ভিন ব্যক্তিৰ স্থান, মান, জনপ্রিয়তা, গ্রহণযোগ্যতা আদি সম্বন্ধে বস্তুনিষ্ঠভাবে আলেখ্য প্রস্তুত কৰি জানিব পৰা যায়।

এটা সুসংগঠিত সামাজিক দলৰ বিভিন্নজন লোকৰ মাজত সামাজিক পাৰস্পৰিকতাৰ এক আমোদজনক সম্বন্ধ অন্তর্নিহিত হৈ থাকে। একোটা শ্ৰেণীকোঠাত কোনজন ছাত্ৰা সকলোতকৈ প্রিয়, কোনজন সকলোতকৈ অপ্রিয়। কোনজন সকলোবে গ্রহণযোগ্য, কোনজন পরিত্যক্ত আৰু অকলশৰীয়া। কোনজনে নেতৃত্ব দিব পাৰে, কোনজনৰ নেতৃত্ব আনসকলে নিবিচাৰে। কোনজন হয় সকলোৰে সহায়কাৰী, বোনজন হয় আক্রমণাত্মক মনোভাৱৰ, আকৌ কোনজন হয় সম্পূর্ণরূপে নিসংগ। এনেবোৰ পাৰস্পৰিক সম্বন্ধ জানি উঠিবৰ বাবে প্রয়োজনীয় প্রশ্নাবলী প্ৰয়োগ কৰি মতামত সংগ্রহ করা হয়। এইদৰে সংগ্ৰহ কৰা মতামতৰ ওপৰত ভিত্তি কৰি পাৰস্পৰিক সম্বন্ধ আলেখ্য চিত্র প্রস্তুত কৰা হয় যাক সমাজ আলেখ্য (sociogram) বোলা হয়।

নির্দেশনা সেৱা কি?

উত্তৰ : নিৰ্দেশনা সেৱা হ’ল এনে এক সুসংগঠিত কার্যসূচী যিয়ে শিক্ষার্থীসকলক পৰীক্ষা কৰাত, মূল্যায়ণ কৰাত আৰু ব্যক্তিগত জীৱনৰ লক্ষ্য নিৰ্ধাৰণত সহায় কৰে আৰু শিক্ষাৰ্থীসকলক নিৰ্ধাৰিত লক্ষ্যৰ উপলব্ধি কৰাত সহায় কৰে।

নির্দেশনা সংগঠনৰ শিশুকেন্দ্রিক নীতি কি?

উত্তৰ :নিৰ্দেশনামূলক সেৱাৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰয়োজনীয়তা, আগ্রহ, উদ্দেশ্য ইত্যাদিক সন্মুখত ৰাখি নিৰ্দেশনামূলক কার্যৰ নীতিসমূহ নিৰ্ধাৰণ কৰাটোকে নির্দেশনা সংগঠনৰ শিশুকেন্দ্রিক নীতি বোলা হয়।

পৰামৰ্শদান সেৱা কি?

উত্তৰ : পৰামৰ্শদান সেৱা হ’ল ছাত্ৰ-ছাত্ৰী আৰু নিৰ্দেশনা কৰ্মীৰ মাজত সম্পর্ক স্থাপন যত নিৰ্দেশনা কৰ্মীৰ মূল লক্ষ্য হ’ল ছাত্ৰ-ছাত্ৰীসকলক বাঞ্চিত শৈক্ষিক, বৃত্তীয়, ব্যক্তিগত, সামাজিক বিকাশ আৰু সমাযোজনত সহায় কৰা।

নির্দেশনা সেৱাৰ দুটা উদ্দেশ্য উল্লেল্লখ কৰা

উত্তৰ:নিৰ্দেশনা সেৱাৰ প্ৰধান উদ্দেশ্য দুটা তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল-
(ক) শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাসমূহ অধিক শুদ্ধভাৱে নিৰ্ধাৰণ কৰা।
(খ)উপযুক্ত সময়ত, উপযুক্ত ব্যক্তিক, উপযুক্ত স্থানত আৰু উপযুক্ত প্রকৃতি সংস্থাপিত কৰা।

সংগঠিত নির্দেশনা সেৱাৰ দুটা প্ৰয়োগ উল্লেখ কৰা ।

উত্তৰঃ নির্দেশনা সেৱাৰ সংগঠনৰ দুটা প্রয়োগ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) নিৰ্দেশনা কৰ্মৰ সুশৃংখলাবদ্ধভাৱে পৰিকল্পনা কৰা৷
(খ) প্রশাসনিক আন্তঃগাঠনিৰ ভিতৰত সহ-সম্বন্ধ স্থাপন আৰু নিৰ্ধাৰিত কার্য সম্পাদন কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top