পৰামৰ্শদান BA 1st Semester – দ্বিতীয় অধ্যায় (Education)

পৰামৰ্শদান BA 1st Semester Generic Elective (Education) | নিৰ্দেশনা আৰু পৰামৰ্শদান  1st sem generic elective – Education | Guidance and counselling Chapter 2 Assamese Medium | শিক্ষা BA 1ST SEM| counselling | পৰামৰ্শদান প্ৰথম অধ্যায় | BA 1st semester Education chapter 2

শ্ৰেণী  BA 1st Semester
অধ্যায় দ্বিতীয় অধ্যায়
পাঠ  পৰামৰ্শদান (Counseling)
কিতাপখনৰ নাম Guidance and counselling
বিষয়ৰ ধৰণ (Subject Type) Generic Elective – Education
সমাধান পাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয়  BA 1st Sem শিক্ষা (Education)
বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়
খণ্ড (Unit) Unit – II
মাধ্যম অসমীয়া
পাঠ্যক্ৰম Dibrugarh University (CBCS)

পৰামৰ্শদান BA 1st Semester

অতি চমু প্রশ্নোত্তৰ

1. পৰামৰ্শদান কি?
(What is Counselling?)
উত্তৰঃ পৰামৰ্শদান প্ৰক্ৰিয়া হ’ল নিৰ্দেশনাৰ অন্তৰ্গত এক বিশেষ কার্য বিশেষ য’ত সাধাৰণতে দুজন ব্যক্তিয়ে কোনো এটা বিষয়ৰ ওপৰত মত বিনিময় কৰে। পৰামৰ্শদান কাৰ্যৰ বাবে পৰামৰ্শ গ্রহণকাৰীৰ প্ৰয়োজনভিত্তিক ইচ্ছা, আগ্রহ, আন্তৰিকতা আৰু মানসিক প্রস্তুতিৰ প্ৰয়োজন হয়।

2.পৰামৰ্শদানৰ এটা উপযুক্ত সংজ্ঞা দিয়া।
(Give a suitable definition of Counselling)
উত্তৰ : Wren ৰ মতে, – “পৰামৰ্শদান হ’ল এটা গতিশীল আৰু দুগৰাকী ব্যক্তিৰ মাজৰ এটা উদ্দেশ্যপূর্ণ সম্পর্ক য’ত উভয়ে ইজনে সিজনৰ সৈতে এটা সমস্যা সমাধানৰ ওপৰত আলোচনা কৰে আৰু দুয়োজনৰ ভিতৰত যিজন অপৈণত বা অধিক সমস্যাজড়িত তেওঁক নিজেই সমস্যাটো নিষ্পত্তি কৰিবলৈ আনজনে সহায় কৰে।

3. নিৰ্দেশনাত্মক পৰামৰ্শদানৰ মুখ্য উদ্ভাৱক কোন?
(Who is the chief exponent of Directive Counselling?)
উত্তৰ : ই. জি উইলিয়ামচন (E.G. Williamson )

4. অনিৰ্দেশনাত্মক পৰামৰ্শদানৰ মুখ্য উদ্ভাৱক কোন?
(Who is the chief exponent of Non-directive Counselling ? )
উত্তৰ: কার্ল ব’গাৰ্চ (Carl Rogers)।

5. সাৰগ্ৰাহী পৰামৰ্শদানৰ উদ্ভাৱক কোন ?
(Who is the Exponent of eclectic Counselling?)
উত্তৰঃ এফ.চি.থৰ্ণ (F.C. Thorne)।

পৰামৰ্শদান BA 1st Semester

চমু প্রশ্নোত্তৰ

1.পৰামৰ্শদানৰ দুটা প্রকৃতি উল্লেখ কৰা।
(Mention two nature of Counselling.)
উত্তৰঃ পৰামৰ্শদান প্ৰক্ৰিয়াৰ দুটা প্ৰকৃত্তিতলত উল্লেখ কৰা হ’ল—
(ক)পৰামৰ্শদান প্ৰক্ৰিয়া হৈছে পৰস্পৰ সম্পর্কযুক্ত প্রক্রিয়া।
(খ) পৰামৰ্শদান হৈছে দুগৰাকী ব্যক্তিৰ মাজত ভাব আদান-প্রদান কৰা কাৰ্য। ইয়াৰ মাধ্যমত পৰামৰ্শ গ্ৰহণকাৰীয়ে ব্যক্তিগতভাৱে উপকৃত হ’ব পাৰে ৷

২। পৰামৰ্শদানৰ প্ৰধান প্ৰকাৰ কেইটা কি কি?
(What are the major types of Counselling ?)
উত্তৰঃ পৰামৰ্শদান প্ৰক্ৰিয়াৰ প্ৰধান প্ৰকাৰ কেইটা হ’ল—
(ক)নিৰ্দেশনাত্মক পৰামৰ্শদান
(খ)অনির্দেশনাত্মক পৰামৰ্শদান
(গ)সাৰগ্ৰাহী পৰামৰ্শদান।

3. পৰামৰ্শদানৰ উপাদানসমূহ কি কি?
(What are the elements of Counselling ? )
উত্তৰ: পৰামৰ্শদান প্ৰক্ৰিয়াৰ প্ৰধান উপাদানসমূহ হ’ল-
(ক)পৰামৰ্শদাতা
(খ)পৰামৰ্শ গ্ৰহণকাৰী
(গ)পৰামৰ্শদান পৰিৱেশ।

4. পৰামৰ্শদান প্ৰক্ৰিয়াৰ দুটা প্রধান উদ্দেশ্য উল্লেখ কৰা।
(Mention two major objectives of Counselling)
উত্তৰ : পৰামৰ্শদান প্ৰক্ৰিয়াৰ দুটা প্রধান উদ্দেশ্য অতি সংক্ষেপে তলত উল্লেখ কৰা হ’ল—
(ক) শিক্ষাৰ্থীসকলক তেওঁলোকৰ জীৱনৰ উন্নতিৰ বাবে প্রয়োজনীয় তথ্য, ভৱিষ্যত কাৰ্যপন্থা আদিৰ উপৰিও বিভিন্ন ধৰণৰ খবৰ-বতৰা সম্পৰ্কে পৰামৰ্শ আগবঢ়োৱা।
(খ) ব্যক্তিসকলক নিজৰ সম্পৰ্কত অধিক বাস্তবমুখী আৰু অৰ্থপূৰ্ণ কৰি তোলাৰ ব্যৱস্থা কৰা।

5.পৰামৰ্শদানৰ দুটা কৌশল উল্লেখ কৰা।
(Mention two techniques of Counselling.)
উত্তৰ : পৰামৰ্শদানৰ দুটা কৌশল তলত উল্লেখ কৰা হ’ল-
১.সাক্ষাৎকাৰ
2.প্রশ্নপদ।

6.পৰামৰ্শদানৰ দুটা পৰ্যায় উল্লেখ কৰা।
(Mention two stages of Counselling?)
উত্তৰঃ পৰামৰ্শদানৰ দুটা পৰ্যায় হ’ল—
১.সম্পর্ক স্থাপন (Relationship Building)।
2.পৰামৰ্শদানৰ লক্ষ্য নিৰ্ধাৰণ (Formulation of Counselling goals) |

7. পৰামৰ্শদান প্ৰক্ৰিয়াৰ কৃতকাৰ্যতাৰ মুখ্য দিশ চাৰিটা উল্লেখ কৰা ।
(Mention four main aspects of success of counselling process.)
উত্তৰঃ পৰামৰ্শদান প্ৰক্ৰিয়াৰ কৃতকাৰ্যতা মুখ্যত চাৰিটা মূলদিশৰ ওপৰত নিৰ্ভৰশীল। সেই চাৰিটা হ’ল—
প্ৰথমতে, এইটো ধাৰণা কৰা হয় যে শিক্ষার্থীয়ে পৰামৰ্শদান প্রক্রিয়াত স্বইচ্ছাই অংশগ্রহণ কৰিব লাগিব।
দ্বিতীয়তে, পৰামৰ্শদানকাৰীৰ উপযুক্ত প্রশিক্ষণ, অভিজ্ঞতা আৰু দায়িত্বপূৰ্ণভাৱে কাম কৰাৰ ব্যক্তিগত মনোভাৱ থাকিব লাগিব।
তৃতীয়তে, সাক্ষাৎকাৰৰ প্ৰকৃতি অনুসৰি এটা উপযুক্ত পৰিৱেশৰ প্ৰয়োজন, যি পৰিৱেশে গোপনীয়তাৰ নিশ্চয়তা প্রদান কৰিব পাৰে, এটা চিন্তাযুক্ত ভাৱনা বা উপযুক্ত তথ্যৰ সমল যোগাব পাৰে।

চতুৰ্থতে, পৰামৰ্শদান প্ৰক্ৰিয়াত পৰামৰ্শদানকাৰী আৰু পৰামৰ্শ গ্ৰহণকাৰীৰ মাজত এটা সুস্থিৰ সম্পর্ক থাকিব লাগিব, যিয়ে প্রয়োজন সাপেক্ষে হ্রস্বকালীন বা দীর্ঘকালীন যোগাযোগ ৰক্ষা কৰিব পাৰে।

নিৰ্দেশনা আৰু পৰামৰ্শদান

ৰচনাধৰ্মী প্ৰশ্ন

1.পৰামৰ্শদান প্ৰক্ৰিয়া বুলিলে কি বুজা ? ব্যাখ্যা কৰা ।
(What do you mean by Counselling? Explain.)
উত্তৰ : পৰামৰ্শদানৰ ইংৰাজী প্রতিশব্দ ‘Counselling’- শব্দটো নিৰ্দেশনা প্ৰক্ৰিয়াৰ অন্তৰ্গত স্বৰূপে ইয়াক এক বিশিষ্ট অৰ্থত প্ৰয়োগ কৰা হয়। বিশেষজ্ঞসকলৰ মতে পৰামৰ্শদান প্ৰক্ৰিয়া হৈছে দুজন ব্যক্তিৰ মাজত কোনো বিশেষ ধৰণৰ বিষয় সম্বন্ধে মত বিনিময় কাৰ্য। এই প্ৰক্ৰিয়াত পৰামৰ্শদানকাৰী আৰু পৰামৰ্শগ্ৰহণকাৰী হিচাপে দুজন ব্যক্তি জড়িত হৈ থাকে। এজনে কোনো ব্যক্তিগত সমস্যাৰ সন্মুখীন হৈ পৰামৰ্শ বিচাৰে আৰু আনজনে নিজৰ জ্ঞান আৰু কাৰ্যকৰী অভিজ্ঞতাৰে সেই পৰামৰ্শদান কাৰ্য বাস্তৱায়িত কৰে।

পৰামৰ্শদান হ’ল এটা গতিশীল প্রক্রিয়া। ইয়াত দুজন ব্যক্তিৰ মাজৰ এটা উদ্দেশ্যপূর্ণ সম্পর্ক থাকে। ইজনে-সিজনৰ সৈতে সমস্যা সমাধানৰ ওপৰত আলোচনা কৰে। দুয়োজনৰ ভিতৰত যিজনৰ অধিক সমস্যা থাকে তেওঁক সমস্যাটো সমাধান কৰিবলৈ আনজনে সহায় কৰে।

পৰামৰ্শদান প্ৰক্ৰিয়া হ’ল পৰস্পৰ মত আদান-প্রদান কৰা বা একেলগে ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰা এক তাৎপৰ্য্যপূর্ণ কাৰ্য। ইয়াক এক শিক্ষাভিত্তিক প্রক্রিয়া বুলি কোৱা হয়। ই আন্তঃসম্পৰ্কৰ জৰিয়তে অধিক জ্ঞান লাভত সহায় কৰে। এই প্রক্রিয়াই সহায় কৰা মূল দিশসমূহ হ’ল- আত্মসম্বন্ধে আনৰ সম্পৰ্কত, অৱস্থা বা ঘটনা সম্পৰ্কত আৰু সমাজৰ এজন সুদক্ষ সদস্য হিচাপে এইবোৰ সুস্থভাৱে বুজি উঠাত ৷ পৰামৰ্শদান প্ৰক্ৰিয়াৰ জৰিয়তে ব্যক্তি এজনৰ
যিকোনো সমস্যা সম্বন্ধে স্পষ্টভাৱে আলোচনা কৰিব পাৰে আৰু আত্ম ধাৰণাৰ দ্বাৰা ব্যক্তিগত বৃদ্ধি আৰু ধনাত্মক পৰিৱৰ্তন সাধন কৰিবও পাৰে।

পৰামৰ্শদান হৈছে এক প্ৰকাৰৰ গতিশীল কার্য। ইয়াত এজনে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আন কোনো এজন বিশেষ ব্যক্তিক আমন্ত্ৰিত কৰি আনে। আমন্ত্ৰণ কৰি অনা ব্যক্তিজনৰ কোনো বিশেষ দিশত অভিজ্ঞতা থকাৰ প্রয়োজন হয়। সেইদৰে এজন ব্যক্তিয়ে তেওঁৰ ব্যক্তিগত জীৱনত তেওঁ অনুভৱ কৰাৰ দৰে কথা কোৱাৰ অভ্যাস, আনৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰাৰ অভ্যাস আৰু কোনো কামৰ প্ৰতি যোগ্যতা অর্জন আদি বিষয়ত অসুবিধাৰ সন্মুখীন হলে তেওঁ আনৰ পৰা পৰামৰ্শ গ্ৰহণৰ প্রয়োজনীয়তা অনুভৱ কৰা দেখা যায় ।

২। পৰামৰ্শদানৰ উপাদানসমূহ কি কি? ব্যাখ্যা কৰা।
(What are the elements of Counselling? Explain.)
উত্তৰ: পৰামৰ্শদান প্ৰক্ৰিয়াৰ সৈতে সাধাৰণতে তিনিটা উপাদান জড়িত হৈ থকা দেখা যায়। সেই উপাদান তিনিটা তলত অতি চমুকৈ আলোচনা কৰা হ’ল—
(ক) পৰামৰ্শদাতা (The Counsellor) : পৰামৰ্শদাতা ব্যক্তিজন উপযুক্ত প্রশিক্ষণপ্রাপ্ত, আগ্রহী, সহানুভূতিশীল, সক্রিয়, নমনীয় আৰু বিশেষজ্ঞ তথা সমলযুক্ত ব্যক্তি হোৱা উচিত। তেওঁ পৰামৰ্শগ্ৰহণকাৰী ব্যক্তিজনৰ লগত সুস্থ সম্পৰ্ক ৰক্ষা কৰিব পৰা ব্যক্তি হ’ব লাগিব। পৰামৰ্শগ্ৰহণকাৰী ব্যক্তিজনক তেওঁৰ নিজৰ সমস্যা বা প্রয়োজনসমূহ পূৰণ কৰাৰ বাবে পৰামৰ্শদাতাই সহায় কৰিব বুলি অনুভৱ কৰিব লাগিব ।

(খ) পৰামৰ্শ গ্ৰহণকাৰী (The Counsellee) : পৰামৰ্শগ্ৰহণকাৰীজন যিকোনো প্ৰকাৰৰ এজন ব্যক্তি হ’ব পাৰে। তেওঁৰ মনত কোনো সমস্যা সঞ্চিত হৈ আছে, যাক তেওঁ সমাধান কৰিবলৈ কাৰোবাৰ সহায়ৰ প্ৰয়োজন অনুভৱ কৰিছে।

(গ)পৰামৰ্শদান পৰিৱেশ (The Counselling environment) : পৰামৰ্শদান পৰিৱেশ সুন্দৰ আৰু গ্ৰহণযোগ্য হোৱা উচিত য’ত পৰামৰ্শ গ্ৰহণকাৰীয়ে পৰামৰ্শদাতাক বিশ্বাসত ল’ব পাৰে। পৰামৰ্শদানকাৰী আৰু গ্ৰহণকাৰী দুয়োজনৰ বাবে উপযুক্ত কোঠাৰ ব্যৱস্থা থাকিব লাগে আৰু তাৰ পৰিৱেশ গহীন, নির্মল আৰু উজ্বল পোহৰৰ ব্যৱস্থা থকা উচিত।

৩। পৰামৰ্শদানৰ পাঁচটা প্রকৃতি উল্লেখ কৰা ৷
(Mention five nature of Counselling.)
উত্তৰঃ পৰামৰ্শদানৰ পাঁচটা প্রকৃতি তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল-
(ক) পৰামৰ্শদান প্ৰক্ৰিয়াটো হৈছে দুজন ব্যক্তিৰ মাজত ভাৱ আদান-প্ৰদান কৰা কাৰ্য। ইয়াৰ মাধ্যমত পৰামৰ্শ গ্ৰহণকাৰীয়ে ব্যক্তিগতভাৱে উপকৃত হ’ব পাৰে।
(খ) এই প্ৰক্ৰিয়াত পৰামৰ্শদানকাৰী ব্যক্তিজন নির্দিষ্ট বিষয়ত অভিজ্ঞতালব্ধ হ’ব লাগে।
(গ) পৰামৰ্শদান প্ৰক্ৰিয়া হৈছে পৰস্পৰভাৱে সম্পর্কযুক্ত তথা অংশগ্ৰহণৰ প্ৰক্ৰিয়া। সাধাৰণতে এই আন্তঃক্রিয়া মৌখিক যোগাযোগৰ মাধ্যমত সম্পাদন হয়।
(ঘ) পৰামৰ্শদান প্ৰক্ৰিয়া পৰামৰ্শ গ্ৰহণকাৰীৰ অনুভূত প্ৰয়োজনৰ ওপৰত ভিত্তি কৰিহে গঢ় লৈ উঠে। এই প্রক্রিয়াটো ধাৰাবাহিকভাৱে চলি থাকে, যেতিয়ালৈকে পৰামৰ্শগ্ৰহণকাৰীয়ে সমস্যাটো নিজে সমাধান কৰিব পৰাকৈ আচৰণৰ পৰিৱৰ্তন সাধন কৰিব পৰা অৱস্থাত উপনীত হয়।

(ঙ)পৰামৰ্শদান প্ৰক্ৰিয়াত আত্ম-নিৰ্দেশ আৰু আত্ম-স্বীকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। এইটো এনে এটা প্ৰক্ৰিয়া য’ত পৰামৰ্শগ্ৰহণকাৰীয়ে মুক্তভাৱে সকলো কথা প্ৰকাশ কৰিব পাৰে। কোনটো বিষয়ৰ ওপৰত তেওঁ আলোচনা কৰিব বিচাৰে তাক তেওঁ স্পষ্টভাৱে ব্যক্ত কৰিবলৈ সক্ষম হয়।

নিৰ্দেশনা আৰু পৰামৰ্শদান

8.পৰামৰ্শদান প্ৰক্ৰিয়াৰ প্ৰধান পাঁচটা উদ্দেশ্য উল্লেখ কৰা ।
(Mention the five major objectives of Counselling.)
উত্তৰঃ পৰামৰ্শদান প্ৰক্ৰিয়াৰ প্ৰধান পাঁচটা উদ্দেশ্য তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল-
(ক) শিক্ষার্থীসকলক তেওঁলোকৰ জীৱনৰ উন্নতিৰ বাবে প্ৰয়োজনীয় তথ্য, ভৱিষ্যত কাৰ্যপন্থা আদিৰ উপৰিও বিভিন্ন ধৰণৰ বা-বাতৰি সম্পৰ্কে পৰামৰ্শ আগবঢ়োৱা।
(খ)ব্যক্তিসকলক নিজৰ সম্পৰ্কত অধিক বাস্তৱমুখী আৰু অৰ্থপূৰ্ণ কৰি তোলাৰ ব্যৱস্থা কৰা ।
(গ) শিক্ষার্থীসকলে কেনেকুৱা সমস্যাৰ সন্মুখীন হ’ব আৰু সেইবোৰৰ প্ৰকৃত সমাধান সম্পৰ্কে পৰামৰ্শ আগবঢ়োৱাৰ ব্যৱস্থা কৰা৷
(ঘ) শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলা।
(ঙ) শিক্ষার্থীসকলক তেওঁলোকৰ নিজস্ব মনোভাৱ, আগ্রহ আদি জানি উঠাত সহায় আগবঢ়োৱা।

লগতে পঢ়ক:   শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা – BA 1st Semester | Education and Vocational Guidance | Chapter 4

৫। পৰামৰ্শদান প্ৰক্ৰিয়াৰ স্তৰবোৰ উল্লেখ কৰা ।
(Mention the steps of Counselling.)
উত্তৰঃ পৰামৰ্শদান প্ৰক্ৰিয়াৰ স্তৰকেইটা তলত চমুকৈ উল্লেখ কৰা হ’ল
(ক) সম্পর্ক স্থাপন (Relationship Building)।
(খ) নিৰ্ধাৰণ আৰু পৰামৰ্শদান (Assesment of diagnosis)।
(গ) পৰামৰ্শদানৰ লক্ষ্য নিৰ্ধাৰণ (Formulation of counselling goals)।
(ঘ) হস্তক্ষেপন আৰু সমস্যা সমাধান (Intervention and problem solving)।
(ঙ) সমাপ্তি আৰু পূর্বকাৰ্য অনুসৰণ (Termination and follow up)।
(চ) গৱেষণা আৰু মূল্যায়ন (Research and evaluation)।

6. পৰামৰ্শদানৰ প্ৰকৃতি আলোচনা কৰা।
(Discuss the nature of Counselling)
উত্তৰঃ পৰামৰ্শদান প্ৰক্ৰিয়াৰ প্ৰধান প্ৰকৃতিসমূহ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) পৰামৰ্শদান প্ৰক্ৰিয়া হৈছে পৰস্পৰ সম্পৰ্কযুক্ত প্ৰক্ৰিয়া। ইয়াত পৰামৰ্শদানকাৰী আৰু পৰামৰ্শ গ্ৰহণকাৰী স্বৰূপে দুজন ব্যক্তিৰ মাজত আন্তঃসম্পর্ক গঢ়ি উঠে যাক অইনে প্রত্যক্ষ কৰিব নোৱাৰে আৰু অধিক উচ্চ পৰ্যায়ৰ গোপনীয়তা ৰক্ষা কৰা হয় ।

(খ) পৰামৰ্শদান এক আন্তঃক্ৰিয়াৰ প্ৰক্ৰিয়া। এই আন্তঃক্ৰিয়াৰ ধৰণ হৈছে মৌখিক যোগাযোগ।
(গ) পৰামৰ্শদান প্ৰক্ৰিয়া পৰামৰ্শগ্ৰহণকাৰীৰ অনুভূত প্রয়োজনৰ ওপৰত ভিত্তি কৰি গঢ় দিয়া হয়। এই প্রক্রিয়াটো ধাৰাবাহিকভাৱে তেতিয়ালৈ চলি থাকে, যেতিয়ালৈকে পৰামৰ্শ গ্ৰহণকাৰীয়ে সমস্যাটো নিজে সমাধান কৰিব পৰাকৈ আচৰণৰ পৰিৱৰ্তন সাধন কৰিব পৰা নহয়।

(ঘ) পৰামর্শদান প্রক্রিয়াত আত্ম-নিৰ্দেশ আৰু আত্ম-স্বীকাৰৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰা হয়। এইটো এনে এটা প্ৰক্ৰিয়া য’ত পৰামৰ্শ গ্ৰহণকাৰীয়ে মুক্তভাৱে সকলোবোৰ প্ৰকাশ কৰিব পাৰে আৰু কোনটো বিষয়ৰ ওপৰত তেওঁ আলোচনা কৰিব বিচাৰে তাক তেওঁ স্পষ্টভাৱে ব্যক্ত কৰিব পাৰে।

(ঙ) পৰামৰ্শদান প্ৰক্ৰিয়া হৈছে দুজন ব্যক্তিৰ মাজত ভাৱ আদান-প্রদান কৰা কাৰ্যৰ মাধ্যমত পৰামৰ্শ গ্ৰহণকাৰীয়ে ব্যক্তিগতভাৱে উপকৃত হ’ব পাৰে।
(চ)পৰামৰ্শদান প্ৰক্ৰিয়াত পৰামৰ্শদানকাৰী ব্যক্তিজন ব্যৱসায়িকভাৱে নির্দিষ্ট বিষয়ত প্রশিক্ষণ প্রাপ্ত আৰু কাৰ্যকৰী অভিজ্ঞতালব্ধ হ’ব লাগে।
(ছ) পৰামৰ্শদান প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য হৈছে সমস্যাজড়িত ব্যক্তিক তেওঁৰ বাস্তৱ সমস্যাৰ সন্মুখীন হোৱাত আৰু তাক ব্যক্তিগতভাৱে নিস্পত্তি কৰাত সহায় কৰা ।
(জ) পৰামৰ্শদান প্ৰক্ৰিয়াৰ কাৰ্যৰ বাবে পৰামৰ্শদানকাৰীৰ মনত পৰামৰ্শগ্ৰহণকাৰীৰ প্ৰতি সহায়-সহানুভূতি আৰু আন্তৰিকতাৰ মনোভাৱ থাকিব লাগে।
(ঝ) পৰামৰ্শদান প্ৰক্ৰিয়াৰ কাৰ্যৰ যোগেদি বক্তিৰ মনত কোনো বিষয়ৰ প্ৰতি থকা নেতিবাচক মনোভাৱ অথবা অজ্ঞতা গুচাই এক সুস্থ ইতিবাচক মনোভাৱ গঢ় দি তোলা হয়।
(ঞ) পৰামৰ্শদান প্ৰক্ৰিয়াৰ কাৰ্যৰ যোগেদি পৰামৰ্শগ্ৰহণকাৰীয়ে তেওঁৰ পূৰ্বৰ দৃষ্টিভঙ্গী সলনি কৰি পৰিস্থিতিত সুস্থ সমাযোজন কৰিব পৰাকৈ নতুন দৃষ্টিভঙ্গী গ্ৰহণ কৰে।

৭। পৰামৰ্শদানৰ উদ্দেশ্যসমূহ কি কি? ব্যাখ্যা কৰা।
(What are the objectives of Counselling? Explain.)
উত্তৰঃ পৰামৰ্শদান প্ৰক্ৰিয়াৰ উদ্দেশ্য সমূহ হ’ল

(ক) শিক্ষাৰ্থীৰ বিভিন্ন ধৰণৰ সমস্যাসমূহৰ সমাধান কৰাৰ ক্ষেত্ৰত কাৰ্যব্যৱস্থা প্ৰস্তুত কৰাত সহায় কৰা।
(খ) শিক্ষার্থীৰ ভৱিষ্যত কাৰ্যপন্থা, জীৱনৰ উন্নতিৰ বাবে আৱশ্যক হোৱা তথ্য-পাতিৰ উপৰিও বিভিন্ন ধৰণৰ খবৰ-বাতৰি সম্পৰ্কে পৰামৰ্শ দিয়া।
(গ) শিক্ষার্থীসকলে কেনেধৰণৰ সমস্যাৰ সম্মুখীন হ’ব আৰু সেইবোৰৰ প্ৰকৃত সমাধান সম্পর্কে পৰামৰ্শ আগবঢ়োৱাৰ উপযুক্ত ব্যৱস্থা কৰা।
(ঘ) শিক্ষার্থীর নিজস্ব মনোভাৱ, আগ্রহ আদি বুজি উঠাত সহায় কৰা।
(ঙ) শিক্ষাৰ্থীৰ শৈক্ষিক আৰু বৃত্তিমূলক প্রয়োজন পূৰণৰ বাবে প্ৰকৃত পথৰ সন্ধান দিয়া।
(চ) শিক্ষার্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলাৰ সু-ব্যৱস্থা কৰা।
(ছ) শিক্ষাৰ্থীৰ মনত শুদ্ধ দৃষ্টিভঙ্গী গঠন কৰি বিশেষ ধৰণৰ দক্ষতা অর্জন কৰাৰ ক্ষেত্ৰত উৎসাহ-উদ্দীপনা যোগোৱা।
(জ)ব্যক্তিসকলক নিজৰ সম্পৰ্কত অধিক বাস্তৱমুখী আৰু অৰ্থপূৰ্ণ কৰি তোলাৰ ব্যৱস্থা কৰা।

1st sem generic elective – Education

8. পৰামৰ্শদান প্ৰক্ৰিয়াৰ তাৎপৰ্য্যৰ বিষয়ে চমুকৈ লিখা।
(Write briefly about the significance of Counselling.)
উত্তৰ: পৰামৰ্শদান প্ৰক্ৰিয়াটো যথেষ্ট তাৎপৰ্যপূৰ্ণ। তলত ইয়াৰ তাৎপৰ্য্যখিনি অতি চমুকৈ উল্লেখ কৰা হ’ল—
(ক) পৰামৰ্শদান প্ৰক্ৰিয়া হৈছে দুজন ব্যক্তিৰ মাজত মত বিনিময় কৰা কাৰ্য। ইয়াৰ জৰিয়তে পৰামৰ্শগ্ৰহণকাৰীজন ব্যক্তিগতভাৱে উপকৃত হ’ব পাৰে।
(খ) পৰামৰ্শদান প্ৰক্ৰিয়াৰ বাবে নিৰ্বাচন কৰা ব্যক্তিজন নির্দিষ্ট বিষয়ত প্রশিক্ষণপ্রাপ্ত আৰু কাৰ্যকৰীভাৱে অভিজ্ঞতালব্ধ হোৱা অতি জৰুৰী।
(গ) পৰামৰ্শদান প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য হৈছে পৰামৰ্শ ল’বলৈ বিচৰা ব্যক্তিজনক বাস্তৱ সমস্যাৰ সন্মুখীন হোৱাত আৰু তাক ব্যক্তিগতভাৱে সমাধান কৰাত সহায় আগবঢ়োৱা।
(ঘ) পৰামৰ্শদানৰ বাবে পৰামৰ্শদাতাৰ মনত পৰামৰ্শ গ্ৰহণকাৰীজনৰ প্ৰতি সহায়-সহানুভূতি আৰু আন্তৰিকতাৰ মনোভাৱ গঢ় লৈ উঠিব লাগিব।

(ঙ)পৰামৰ্শদান কাৰ্যৰ জৰিয়তে ব্যক্তিজনৰ মনত কোনো বিষয়ৰ প্ৰতি থকা নেতিবাচক মনোভাৱ আঁতৰাই সুস্থ, সবল আৰু ইতিবাচক মনোভাৱ গঢ় দি তোলাৰ ব্যৱস্থা কৰিব লাগিব।
(চ)পৰামৰ্শদান প্ৰক্ৰিয়াৰ যোগেদি পৰামৰ্শ গ্ৰহণকাৰীয়ে তেওঁৰ পূৰ্বৰ দৃষ্টিভঙ্গী আৰু মনোভাৱ সলনি কৰি পৰিস্থিতিৰ লগত সমাযোজন কৰিব পৰাকৈ নতুন দৃষ্টিভঙ্গী আৰু মনোভাৱ গ্ৰহণ কৰিব লাগিব।
(ছ)পৰামৰ্শদাতা আৰু গ্ৰহণ কৰোতাৰ মুখামুখী সম্পর্ককে পৰামৰ্শদান কাৰ্য হিচাপে গণ্য কৰা হয়।
(জ) পৰামৰ্শদান প্ৰক্ৰিয়াই দুজন ব্যক্তিৰ সকলো ধৰণৰ কাৰ্যতে ইজনে-সিজনক বিভিন্ন পৰিৱেশৰ লগত সুচাৰুৰূপে সমাযোজন কৰাৰ ক্ষেত্ৰত সহায় কৰা কাৰ্যক বুজায়।
(ঝ) পৰামৰ্শদান প্রক্রিয়া হ’ল এজন ব্যক্তিৰ আন এজন নতুন ব্যক্তিৰ লগত হোৱা মুখামুখী সম্পৰ্ক। ই ব্যক্তিজনৰ আচৰণ আৰু মনোভাৱৰ পৰিৱৰ্তন আনিব পাৰে।
(ঞ) পৰামৰ্শদান প্রক্রিয়া হ’ল দুগৰাকী ব্যক্তিৰ মাজৰ ব্যক্তিগত আৰু গতিশীল সম্পর্ক। ইয়াত প্ৰথমজন সুবিবেচক দ্বিতীয়জন ব্যক্তি প্রথমজনতকৈ কম জ্ঞানী, কম অভিজ্ঞতাসম্পন্ন ব্যক্তি হোৱা দেখা যায়।
(ট) পৰামৰ্শদান প্ৰক্ৰিয়া হৈছে এনে এবিধ সম্পর্ক’ত এজনে আনজনক তেওঁৰ জীৱনকালত এক প্ৰকাৰৰ সুখদায়ক সমাযোজনৰ আৰু আত্ম প্রত্যয়ৰ সৃষ্টি কৰি তুলিব পাৰে।

৯।. পৰামৰ্শদান প্ৰক্ৰিয়াৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা ।
( Discuss the scope of Counselling.)
উত্তৰ: পৰামৰ্শদান প্ৰক্ৰিয়াটো নির্দেশনা সেৱা আঁচনিৰ অন্তৰ্গত এক বিশিষ্ট অংগস্বৰূপ। পৰামৰ্শদান প্ৰক্ৰিয়াটো মানুহে বিভিন্ন কার্যক্ষেত্ৰত যেনে- শিক্ষা, নিযুক্তি আৰু বিয়া-বাৰুৰ ক্ষেত্ৰত প্ৰয়োগ কৰা দেখা যায়। পৰামৰ্শদান প্ৰক্ৰিয়াৰ এটা অতি গুৰুত্বপূৰ্ণ দিশ হ’ল পৰামৰ্শ গ্ৰহণকাৰীক নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পৰাকৈ সহায় কৰা। পৰামৰ্শদান প্ৰক্ৰিয়াৰ পৰিসৰ অতি ব্যাপক। বর্তমান সময়ত বিভিন্ন দিশৰ আৰ্থ-সামাজিক আৰু ব্যৱসায়িক জটিলতালৈ চাই আমাৰ বিভিন্ন দিশত বিশেষজ্ঞ লোকৰ পৰামৰ্শ গ্ৰহণৰ প্ৰয়োজন হৈ পৰিছে যাৰ বাবে পৰামৰ্শদান প্ৰক্ৰিয়াৰ পৰিসৰ দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে।

আধুনিক শিক্ষা ব্যৱস্থাৰ উন্নয়ন সম্বন্ধে আলোচনা কৰিবলৈ হ’লে পাঠ্যক্ৰম পৰিকল্পনা আঁচনি, অর্থনৈতিক আৰু স্বাস্থ্য সম্বন্ধীয় ঘটনা, পাৰিবাৰিক সমস্যা, সামাজিক আৰু আৱেগিক সমাযোজন এই আটাইবোৰ দিশ সাধাৰণভাৱে পৰামৰ্শদান প্ৰক্ৰিয়াৰ পৰিসৰৰ অন্তৰ্গত৷ উদাহৰণস্বৰূপে শিক্ষার্থীর “বৃত্তীয় সমস্যা।” আৰু “আৱেগিক সমস্যা” আদিৰ ওপৰত পৰামৰ্শদান প্রক্রিয়াই বিশদভাবে আলোচনা কৰে। শৈক্ষিক ক্ষেত্ৰত শিক্ষার্থীৰ নাম ভৰ্ত্তিকৰণ, উপযুক্ত বৃত্তীয় পাঠ্যক্রম নির্ধাৰণ, উন্নত অধ্যয়ন আদি যথেষ্ট জটিল পৰিস্থিতিৰ শিক্ষার্থীসকল মুখামুখি হ’ব লগা হয়।

এই সমস্যাসমূহ নিজস্বভাবে সমাধান কৰিবলৈ শিক্ষার্থীসকলক উপযুক্ত পৰামৰ্শৰ প্ৰয়োজন হয়। শিক্ষার্থীসকলৰ এই প্রয়োজন পুৰুণ সম্বন্ধে বা সমস্যাসমূহ নিজস্বভাৱে সমাধানত পৰামৰ্শদান প্রক্রিয়াই সহায় কৰে। অর্থাৎ শিক্ষাৰ ক্ষেত্ৰত শিক্ষার্থীসকলে মুখামুখি হোৱা বিভিন্ন সমস্যা নিজস্বভাবে সমাধান কৰাত আৰু উপযুক্ত অনুশাসন পালন কৰি আগবঢ়াত পৰামৰ্শদান প্রক্রিয়াই শিক্ষার্থীসকলক বিশেষভাবে সহায় কৰে।

১০। শিক্ষাত পৰামৰ্শদান প্ৰক্ৰিয়াৰ প্ৰয়োজন আৰু গুৰুত্ব সম্বন্ধে আলোচনা কৰা।
(Discuss the need and importance of Counselling in education.)
উত্তৰ: আধুনিক শিক্ষা ব্যৱস্থাত ক্রমে জটিলতা বৃদ্ধি হৈ উঠাৰ লগে লগে পৰামৰ্শদানৰ গুৰুত্ব আৰু প্রয়োজনীয়তাও ক্রমে অধিকভাৱে অনুভৱ কৰি উঠা হৈছে। পুৰণি কালত শিক্ষাদান কাৰ্য আৰু ইয়াৰ ক্ৰিয়া পৰিসৰো আছিল অতি সীমিত বিধৰ। কিন্তু বর্তমান এই অৱস্থাৰ পৰিৱৰ্তন ঘটিছে। মৌখিক আৰু পুথিগত জ্ঞানদান আৰু তাৰ যুক্তিহীনভাবে অন্ধ অনুকৰণৰ পৰিবৰ্তে ছাত্ৰক তাৰ আত্ম-শিক্ষা প্ৰচেষ্টাৰ বাবে প্ৰয়োজনীয় পৰামৰ্শদান কৰাটো বৰ্তমান শিক্ষকৰ প্ৰধান কৰ্তব্যস্বৰূপে বিবেচনা কৰা হ’ল। আধুনিক শিক্ষা ব্যৱস্থাত শিক্ষকৰ ভূমিকা হৈছে পৰোক্ষ বিধৰ কিন্তু অধিক দায়িত্বপূর্ণ। এনে দৃষ্টিভঙ্গীয়ে স্বাভাৱিকতেই শিক্ষা ক্ষেত্ৰত পৰামৰ্শদানৰ প্ৰয়োজনীয়তা অধিক বৃদ্ধি কৰি তুলিছে। তলত পৰামৰ্শদান প্ৰক্ৰিয়াৰ গুৰুত্ব আৰু প্রয়োজনীয়তাব প্রধান দিশসমূহ অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) সামাজিক পৰিৱেশত ব্যক্তিয়ে সুস্থভাৱে সমাযোজন কৰিবৰ বাবে পৰামৰ্শদানৰ প্ৰয়োজন অনুভূত হয়।
(খ) যিকোনো সময়তে শিক্ষণৰ ক্ষেত্ৰত দেখা দিয়া প্রতিবন্ধকতা আঁতৰ কৰাৰ ক্ষেত্ৰত পৰামৰ্শদানৰ প্ৰয়োজন হয়।
(গ) যেতিয়া ছাত্ৰ এজনে তেওঁৰ ব্যক্তিগত জটিলতাৰ নিৰ্ভৰযোগ্য তথ্যৰ সমানে সেইবোৰৰ ব্যাখ্যাৰ বাবেও পৰামৰ্শৰ প্ৰয়োজন হয়।
(ঘ) যেতিয়া এজন ছাত্ৰই এগৰাকী বিজ্ঞ, সহানুভূতিশীল আৰু অভিজ্ঞতাসম্পন্ন শ্ৰোতাৰ প্রয়োজন অনুভৱ কৰে, যিগৰাকীৰ ওপৰত তেওঁৰ সমস্যাবোৰৰ বিষয়ে ক’ব পাৰে আৰু তাৰ সমাধানৰ বাবে পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
(ঙ) যেতিয়া পৰামৰ্শদাতাই শিক্ষাৰ্থীৰ সমস্যাৰ সমাধানৰ বাবে সুবিধা কৰি দিবলৈ ওচৰ চাপে।
(চ) যেতিয়া শিক্ষার্থীয়ে হঠাৎ তেওঁ সমস্যাৰ সন্মুখীন হয় আৰু তাক নিৰ্ধাৰণ কৰিবলৈ অক্ষম হয় তেতিয়া পৰামৰ্শদানৰ প্ৰয়োজন হয়।
(ছ) শিক্ষার্থীয়ে যেতিয়া সমস্যাটো বুজি উঠে কিন্তু স্বতন্ত্রভাৱে তেওঁ তাক সমাধান কৰিব নোৱাৰে তেতিয়া পৰামৰ্শদানৰ প্ৰয়োজন হয়।
(জ) মানুহক নিজৰ মনোভাৱ আৰু দৃষ্টিভঙ্গী সম্বন্ধে বিবেচক হ’বলৈ পৰামৰ্শদানৰ প্ৰয়োজন হয়।

লগতে পঢ়ক:   নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল BA 1st Semester – তৃতীয় অধ্যায় শিক্ষা

Guidance and counselling Assamese

১১। নিৰ্দেশনাত্মক পামৰ্শদান বুলিলে কিবুজা? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা ।
(What do you mean by Directive Counselling? Discuss it advantages and disadvantages.)
উত্তৰ: E.G. Williamson ৰ পৃষ্ঠপোষকতাত বিকাশ লাভ কৰা নিৰ্দেশনাত্মক পৰামৰ্শদান প্ৰক্ৰিয়াক পৰামৰ্শদাতা কেন্দ্ৰিক পৰামৰ্শদান (Counsellor-Centred Counselling) বুলিও জনা যায়। নির্দেশনাত্মক পৰামৰ্শদাতাকেন্দ্ৰিক বুলি কোৱাৰ কাৰণ হ’ল পৰামৰ্শগ্ৰহণকাৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত পৰামৰ্শদানকাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

পৰামৰ্শদানকাৰীয়ে পৰামৰ্শ গ্ৰহণকাৰীৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰত্যেকটো দিশ যেনে তথ্য সংগ্রহ, ব্যাখ্যাকৰণ, বিশ্লেষণ আৰু পৰামৰ্শদান আদি যথাসম্ভৱ সহায় কৰে। নিৰ্দেশনাত্মক পৰামৰ্শদানত এটা সমস্যাৰ ক্ষেত্ৰত সাক্ষাৎকাৰৰ ওপৰত গুৰুত্ব দিয়া হয় আৰু ইয়াৰ সম্ভাব্য সমাধানৰ চেষ্টা কৰা হয়। এই পৰামৰ্শদানত পৰামৰ্শদাতাজনে পৰামৰ্শ গ্ৰহণ কৰোতাজনক সম্ভাৱনাপূর্ণ সদ উপদেশ আগবঢ়াব পাৰে। ইয়াত পৰামৰ্শদাতাজনে পৰামৰ্শদান, বৰ্ণনা, নির্বাচন, উপদেশ আদি পৰামৰ্শ গ্ৰহণ কৰোঁতাৰ সন্মুখত উপস্থাপন কৰে।

নিৰ্দেশনাত্মক পৰামৰ্শদানৰ ক্ষেত্ৰত বিশ্লেষণ (Analysis), সংশ্লেষণ (Synthesis), নিৰ্ধাৰণ (Diagnosis), ভৱিষ্যত অৱস্থা জনা কৌশল (Prognosis), চিকিৎসা (Treatment) নাইবা পৰামৰ্শদান (Counselling) আৰু পূৰ্বকাৰ্য অনুসৰণ (Follow-up) ইত্যাদি প্রধান স্তৰকেইটা অন্তৰ্ভুক্ত হৈছে। এনেধৰণে বিভিন্ন দিশসমূহ অতিক্রম কৰাৰ পিছত পৰামৰ্শ গ্ৰহণ কৰোঁতাজনক নিৰ্ধাৰিত সময়ৰ ভিতৰত সমস্যা সমাধানৰ উপায় দিয়া হয়। তলত নিৰ্দেশনাত্মক পৰামৰ্শদানৰ প্ৰধান বৈশিষ্ট্যসমূহ সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) নির্দেশনাত্মক পৰামৰ্শদানত পৰামৰ্শদানকাৰীয়ে তাৎপর্যপূর্ণ ভূমিকা পালন কৰে।
(খ) পৰামর্শদানকাৰীয়ে পৰামৰ্শ গ্ৰহণকাৰীক সাধ্য অনুসৰি সমস্যা সমাধানত সহায় কৰে।
(গ)পৰামৰ্শকৰীয়ে যাতে উপযুক্ত সমাধান কৰিব পাৰে তাৰ বাবে পৰামৰ্শদানকাৰীয়ে দিহা-পৰামৰ্শ, ব্যাখ্যাকৰণ, পছন্দ, উপদেশ আদি প্রত্যক্ষভাৱে পৰামর্শ গ্রহণকাৰীক প্ৰদান কৰে।

নিৰ্দেশনাত্মক পৰামৰ্শদান প্রক্রিয়াটো যথেষ্টভাৱে সুবিধাজনক। তলত ইয়াৰ প্ৰধান সুবিধাসমূহ সংক্ষেপে উল্লেখ কৰা হ’ল-
(ক) এইবিধ পৰামৰ্শদানত সময়ৰ ব্যৱহাৰত মিতব্যয়ীতা অৱলম্বন কৰা হয়।
(খ) নির্দেশনাত্মক পৰামৰ্শদানত সমস্যাৰ ওপৰতহে মনোযোগ দিয়া হয়, ব্যক্তিৰ ওপৰত।
(গ) এইবিধ পৰামর্শদানত পৰামৰ্শদানকাৰীয়ে পৰামৰ্শ গ্ৰহণকাৰীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আরেগিক দিশতকৈ বৌদ্ধিক দিশৰ ওপৰতহে গুৰুত্ব আৰোপ কৰি চেষ্টা অব্যাহত ৰাখে।
(ঘ) নির্দেশনাত্মক পৰামৰ্শদানত প্রত্যক্ষ, ব্যাখ্যাসমূহ আৰু সংকেতপূর্ণ পদ্ধতি প্রয়োগ কৰা

নিৰ্দেশনাত্মক পৰামৰ্শদানৰ প্ৰধান অসুবিধাসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) নির্দেশনাত্মক পৰামৰ্শদান প্রক্রিয়াত পৰামৰ্শদাতাই পৰামৰ্শ গ্ৰহণ কৰোঁতাক শ্রুতলিপি দিয়াৰ নিচিনা বিভিন্ন কামৰ পৰামৰ্শ দিয়া দেখা যায়।
(খ)পৰামৰ্শ গ্ৰহণকাৰীয়ে পৰামৰ্শদানকাৰীৰ ওপৰত নিৰ্ভৰশীল হয়।
(গ) পৰামৰ্শ গ্রহণকাৰীৰ সমস্যা সম্বন্ধে অন্তদর্শন জাগ্রত নহয় কাৰণ ইয়াত আৱেগিক দিশৰ ওপৰত গুৰুত্ব প্রদান কৰা নহয়।
(ঘ) বিহেতু পৰামৰ্শগ্রহণকাৰীৰ আৱেগিক দিশৰ ওকৰত গুৰুত্ব দিয়া নহয়, সেইবাবে তথ্য সংগ্রহত অভাব বোধ দেখা দিয়ে, যিয়ে ভুল পৰামৰ্শ দিয়াৰ সম্ভাৱনা নুই কৰিব নোৱাৰে।
(ঙ) এইবিধ পৰামৰ্শদানে এইটো নিশ্চিত কৰিব নোৱাৰে যে পৰামৰ্শ গ্রহণকাৰীয়ে ভৱিষ্যত ভুল নকৰিব।

১২। অনির্দেশনাত্মক পৰামৰ্শদান কি? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা।
(What is Non-directive Counselling? Discuss its advantages and disadvantages.)
উত্তৰঃ অ-নির্দেশনাত্মক পৰামৰ্শদানক পৰামৰ্শ গ্ৰহণকাৰী কেন্দ্ৰিক পৰামৰ্শদান বুলিও কোৱা হয় কাৰণ ইয়াত পৰামৰ্শ গ্রহণকাৰীয়ে মুখ্য ভূমিকা পালন কৰে। এই প্রকাৰৰ পৰামৰ্শদানৰ প্রধান প্রবক্তা হ’ল কার্ল ৰ’গাছ (Carl Rogers)। এইবিধ পৰামৰ্শদানত পৰামৰ্শ গ্ৰহণকাৰীয়ে সক্রিয় ভূমিকা পালন কৰে য’ত পৰামৰ্শদাতাই নিষ্ক্রিয় ভূমিকা গ্ৰহণ কৰি পৰামৰ্শ গ্রহণ কৰোঁতাজনক পৰামৰ্শদান কাৰ্যৰ প্ৰতি সজাগ কৰি তোলে। পৰামৰ্শ গ্ৰহণকাৰীক পৰামৰ্শদাতাজনে নেতিবাচক ধাৰণা আতৰাই সমস্যা সমাধানৰ প্ৰচেষ্টা নিজে নিজে হাতত ল’বলৈ উৎসাহ- উদ্দীপনা যোগায়। পৰামৰ্শ গ্রহণ কৰোঁতাজনৰ সদৰ্থক দিশটো বাচি উলিয়াই পৰামৰ্শদাতাজনে কাৰ্যত ব্যৱহাৰ কৰিবলৈ লয়।

অনির্দেশনাত্মক ভাগটোত পৰামৰ্শদান কাৰ্যই পৰামৰ্শ গ্রহণ কৰোঁতাসকলৰ মনত গভীৰভাৱে অন্তদৃষ্টিৰ ভাৱধাৰা সৃষ্টি কৰে। ইয়াৰ উপৰিও এই প্রক্রিয়াই পূৰ্ণ আৰু শুদ্ধ বোধ ক্ষমতাৰ সৃষ্টি কৰি সদৰ্থক দৃষ্টিভঙ্গীৰ ধাৰণাৰ উদয় কৰে। ই পৰামৰ্শ গ্ৰহণকাৰী ব্যক্তিজনৰ মনত স্বাৱলম্বিতাৰ অনুভূতি বিকাশ কৰিবলৈ যত্ন কৰা দেখা যায়। অনিৰ্দেশনাত্মক পৰামৰ্শদানৰ স্তৰসমূহৰ ভিতৰত অভিৱৰ্তন বা কাৰ্যসূচীৰ আৰম্ভণি (Starting the session), যোগাযোগ স্থাপন (Establishing Report), সমস্যাজনিত অৱস্থাৰ নিৰ্ধাৰণকৰণ (Defining problematic situation), মুক্তভাৱে অনুভূতিবোৰৰ প্ৰকাশকৰণ (Expressing feelings freely), যোগাত্মক আৰু নেতিবাচক অনুভূতিৰ শ্ৰেণীকৰণ (Clas- sifying positive and negative feelings), সমস্যা ব্যাখ্যাকৰণ (Problem explanation), সমস্যাৰ কাৰণবোৰ নিৰ্ধাৰণ (Finding problem causes), সমাধান পোৱা (Assining alternative solutions), কাৰ্যসূচীৰ সমাপ্তকৰণ (Session termination), কাৰ্যসূচীৰ অনুসৰণ (Follow-up session) আদি অন্তর্ভুক্ত।

তলত অনিৰ্দেশনাত্মক পৰামৰ্শদানৰ মূল বৈশিষ্ট্যসমূহ অতি সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) অনির্দেশনাত্মক পৰামৰ্শদানত পৰামৰ্শ গ্ৰহণকাৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
(খ) এইবিধ পৰামৰ্শদানত ব্যক্তয়ে এজন পৰামৰ্শদাতাৰ পৰা সহায় বিচাৰে।
(গ) সহায়ৰ অৱস্থা নিৰ্ধাৰণ কৰাটো ইয়াৰ আন এটা প্রধান বৈশিষ্ট্য।
(ঘ) অনির্দেশনাত্মক পৰামৰ্শদানত পৰামৰ্শদাতাৰ আগত ব্যক্তিয়ে নিজৰ অনুভূতি মুক্তভাৱে প্ৰকাশ কৰিবলৈ উৎসাহিত কৰে।
(ঙ) ইয়াত পৰামৰ্শদানকাৰীয়ে নেতিবাচক অনুভূতিবোৰ পৰিশোধন কৰে আৰু গ্ৰহণ কৰে ৷
(চ) এইবিধ পৰামৰ্শদানত পৰামৰ্শ গ্ৰহণকাৰীৰ নেতিবাচক অনুভূতিবোৰ যোগাত্মক অনুভূতিলৈ ৰূপান্তৰিত কৰা হয়।
(ছ) এইবিধ পৰামৰ্শদানে এটা সম্পূৰ্ণ আৰু সুস্থ বুজাবুজিৰ জৰিয়তে এক গভীৰ অন্তদৰ্শনৰ বিকাশ সাধন কৰি সমস্যাটো সমাধানত ধনাত্মক কার্যকৰণৰ বাবে সহায় কৰে।
(জ) অনুভূতিৰ স্বকীয়তা বৃদ্ধিৰে ব্যক্তিয়ে বিকাশ সাধন কৰে।

তলত অনিৰ্দেশনাত্মক পৰামৰ্শদানৰ প্ৰধান সুবিধাসমূহ সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) যদিও এইটো প্ৰক্ৰিয়া লেহেমীয়া, তথাপি এইবিধ পৰামৰ্শদান এবিধ নিশ্চিত প্রক্রিয়া যিয়ে ব্যক্তিক সমাযোজন কৰিবলৈ সক্ষম কৰে।
(খ) ইয়াত কঠোৰ পৰিশ্ৰমী আৰু জটিল পৰীক্ষাবোৰ এৰাই চলা হয়।
(গ) এইবিধ পৰামর্শদানত আৱেগিক দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়, যিয়ে আৱেগিক আৰু মানসিক প্রতিবন্ধকবোৰ আঁতৰ কৰি পৰামৰ্শ গ্ৰহণকাৰীৰ মনৰ উদ্বেগ হ্রাস কৰে।

তলত অনিৰ্দেশনাত্মক পৰামৰ্শদান প্ৰক্ৰিয়াৰ অসুবিধা কেইটামান অতি সংক্ষেপে উল্লেখ কৰা হ’ল-
(ক) অনির্দেশনাত্মক পৰামৰ্শদান সময় খৰছী পদ্ধতি।
(খ) পৰামৰ্শদাতাৰ সহনীয় মনোভাৱ বা পৰোক্ষ ভূমিকা দেখি পৰামৰ্শ গ্ৰহণকাৰীৰ খং উঠিব পাৰে আৰু তেওঁৰ অনুভূতি মুক্তভাৱে প্ৰকাশ নকৰিবও পাৰে।
(গ) এজন অপৈণত পৰামৰ্শ গ্ৰহণকাৰীয়ে তেওঁৰ নিজৰ ওপৰত লোৱা সিদ্ধান্ত উপযুক্ত আৰু শুদ্ধ নহ’বও পাৰে।

Guidance and counselling Chapter 2 Assamese Medium

১৩। সাৰগ্ৰাহী বা মধ্যস্থতাকাৰী পৰামৰ্শদান বুলিলে কি বুজা? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা।
(What do you mean by Eclectic Counselling? Discuss its advantages and disadvantages.)
উত্তৰ : সাৰগ্ৰাহী বা মধ্যস্থতাকাৰী পৰামৰ্শদান হ’ল নিৰ্দেশনাত্মক আৰু অনির্দেশনাত্মক পৰামৰ্শদান উভয়ৰে সমন্বয় স্বৰূপ। F.C. Thorne হ’ল সাৰগ্ৰাহী পৰামৰ্শদানৰ উদ্ভাৱক। পৰামৰ্শ গ্ৰহণকাৰী আৰু পৰামৰ্শদাতাৰ মাজত সম্পৰ্কৰ কোনো ব্যাঘাত নজন্মোৱাকৈ উভয় পৰামৰ্শদান পদ্ধতি একে অভিৱর্তন বা সাক্ষাৎকাৰত পৰামৰ্শদাতাই বিকল্প হিচাপে কাম কৰিব পাৰে। ইয়াত পৰামৰ্শদাতাজন সক্রিয়ও নহয় সহনশীলও নহয়, কিন্তু তেওঁ উগ্র নির্দেশনাত্মক আৰু
অনিৰ্দেশনাত্মক পৰামৰ্শদানৰ মধ্যস্থতাকাৰীৰ ভূমিকাহে পালন কৰে। পৰামৰ্শ প্ৰক্ৰিয়াটোৱে যেতিয়া উন্নতি হ’বলৈ ধৰিব আৰু পৰামৰ্শদানকাৰীয়ে যদি ভাৱে যে সেইবিশেষ অৱস্থাটোৰ বাবে এইটো উপযুক্ত তেতিয়া তেওঁ সেই দৃষ্টিভঙ্গীটোৱে পছন্দ বা নিৰ্ধাৰণ কৰিব। যিজন ব্যক্তিক তেওঁ পৰামৰ্শ দিব সেই প্ৰক্ৰিয়াটোত তেওঁৰ দৃষ্টিভঙ্গীত এটা অতুলনীয় বন্ধন অন্তর্ভুক্ত হ’ব। পৰামৰ্শদানকাৰীৰ মনত নিৰ্ধাৰিত লক্ষ্য আৰু কৌশল প্রয়োগত পৰিৱৰ্তনশীল হ’ব। লাগিব।

সাৰগ্ৰাহী পৰামৰ্শদানৰ প্ৰধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—
(ক)সমতুল্য পদ্ধতি যিটো পৰামৰ্শদানকাৰী আৰু পৰামর্শ গ্রহণকাৰীৰ উভয়ৰে বাবে উপযুক্ত আৰু কেতিয়াবা কেতিয়াবা পৰিৱৰ্তন কৰিও ব্যৱহাৰ কৰিব পাৰি।
(খ) কৌশল প্রয়োগব নমনীয়তাই পৰামৰ্শদান প্ৰক্ৰিয়াত মুখ্য ভূমিকা পালন কৰে।
(গ)পৰামৰ্শদানকাৰীয়ে বিভিন্ন পদ্ধতিৰ মাজৰ পৰা উপযুক্ত পদ্ধতিটো মুক্তভাৱে পছন্দ কৰিব পাৰে যিটো উপযোগী আৰু সমাযোজনযোগ্য হয়।
(ঘ) পৰামৰ্শগ্রহণকাৰীক তেওঁৰ সমস্যাৰ সমাধান নিৰ্ধাৰণত যথেষ্ট সা-সুবিধা প্ৰদান কৰা হয়।

তলত সাগ্ৰাহী পৰামৰ্শদানৰ সুবিধাসমূহ অতি সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) সাৰগ্ৰাহী পৰামৰ্শদানত পৰামৰ্শ গ্ৰহণকাৰীৰ আৱেগিক মুক্ততা আৰু অন্তদৰ্শনৰ দ্বাৰা সহায় লাভ কৰে, যাৰ যোগেদি তেওঁ নিজ পৰিস্থিতিত তেওঁৰ ধাৰণা আৰু মনোভাৱৰ পৰিৱৰ্তন সাধন কৰিব পাৰে।
(খ) ইয়াৰ বিকাশশীলতা, প্ৰতিৰোধমূলক আৰু প্ৰতিকাৰমূলক মূল্য আছে।
(গ)পৰামৰ্শ গ্ৰহণকাৰীৰ আদৰ্শ আৰু মনোভাৱৰ সংশোধনব উদ্দেশ্য নির্দেশনাত্মক পৰামৰ্শদানক উপযোগী বুলি বিবেচনা কৰা হয়।
(ঘ) পৰামৰ্শ গ্ৰহণকাৰীৰ প্ৰকৃতি আৰু পৰিস্থিতিৰ দাবী অনুসৰি অধিক নমনীয়ভাৱে ইয়াৰ পৰিৱৰ্তন সাধন কৰা হয়।

তলত সাৰগ্ৰাহী পৰামৰ্শদানৰ অসুবিধা দুটা অতি সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) নির্দেশনাত্মক আৰু অনির্দেশনাত্মক পদ্ধতি দুটাক এটা আনটোৰ সৈতে একেলগ কৰিব নোৱাৰি।
(খ) এই পদ্ধতিটো সুবিধাবাদী বিধৰ হয়।

১৪। নির্দেশনাত্মক আৰু অনিৰ্দেশনাত্মক পৰামৰ্শদানৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা ।
(Discuss the difference between Directive and Non-directive counselling.)
উত্তৰঃ পৰামর্শদান প্রক্ৰিয়াৰ ক্ষেত্ৰত নিৰ্দেশনাত্মক আৰু অনিৰ্দেশনাত্মক পৰামৰ্শদানে সুকীয়া ভূমিকা পালন কৰা দেখা যায়। তলত ইহঁতৰ মাজত বিৰাজ কৰা পাৰ্থক্যসমূহ অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) নির্দেশনাত্মক পৰামৰ্শদান প্ৰক্ৰিয়াৰ অধ্যয়নৰ মূল বিষয়বস্তু সমস্যাকেন্দ্রিক আনহাতে অনিৰ্দেশনাত্মক পৰামৰ্শদানৰ অধ্যয়নৰ মূল বিষয়বস্তু হ’ল পৰামৰ্শ গ্ৰহণকাৰীকেন্দ্রিক।
(খ)নির্দেশনাত্মক পৰামর্শদানত পৰামৰ্শদাতাই সমস্যা সমাধান কৰিবলৈ পৰামৰ্শ গ্ৰহণকাৰীক সহায় কৰে আনহাতে, অনির্দেশনাত্মক পৰামৰ্শদানত এইটো আশা কৰা হয় যে পৰামৰ্শ গ্ৰহণকাৰীয়ে নিজে নিজে সমস্যাটো সমাধান কৰিব পাৰিব।
(গ) নির্দেশনক পৰামৰ্শদানত সমস্যাৰ গুৰি উলিওৱাৰ ক্ষেত্ৰত পৰীক্ষা খতিয়ান আৰু অতীত বুৰঞ্জী অতি গুৰুত্বপূৰ্ণ আনহাতে, অনির্দেশনাত্মক পৰামৰ্শদানত তেওঁলোকে সমস্যা সমাধানৰ ক্ষেত্ৰত কৌশল, পৰীক্ষা, খতিয়ান, অতীত বুৰঞ্জী আদি সম্পূৰ্ণৰূপে এৰাই চলে।
(ঘ) নির্দেশনাত্মক পৰামৰ্শদানত বৌদ্ধিক দিশত গুৰুত্ব আৰোপ কৰা হয়, আনহাতে অনিৰ্দেশনাত্মক পৰামৰ্শদানত বৌদ্ধিক দিশতকৈ আৱেগিক দিশতহে গুৰুত্ব আৰোপ কৰা হয়।
(ঙ) নিৰ্দেশনাত্মক পৰামৰ্শদানত যোগাযোগ বিশেষ আৱশ্যক নহয়, কিন্তু অনির্দেশনাত্মক পৰামৰ্শদান যোগাযোগ অধিক আৱশ্যক।
(চ) নিৰ্দেশনাত্মক পৰামৰ্শদানত পৰামৰ্শদাতাৰ ভূমিকা সক্রিয়, কিন্তু অনির্দেশনাত্মক পৰামৰ্শদানত পৰামৰ্শদাতাৰ ভূমিকা সহনীয় বা পৰোক্ষ
(ছ) নিৰ্দেশনাত্মক পৰামৰ্শদানক পৰামৰ্শদাতা কেন্দ্ৰিক বুলি অভিহিত কৰা হয়, আনহাতে অনিৰ্দেশনাত্মক পৰামৰ্শদানক পৰামৰ্শ গ্ৰহণকাৰী কেন্দ্ৰিক বুলি অভিহিত কৰা হয় ।

লগতে পঢ়ক:   নিৰ্দেশনা BA 1st Semester – প্ৰথম অধ্যায় Elective Education D.U

Guidance and counselling Chapter 2 Assamese Medium

১৫। নির্দেশনা আৰু পৰামৰ্শদান প্ৰক্ৰিয়াৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
(Discuss the relationship between Guidance and Counselling.)
উত্তৰঃ নির্দেশনা দান প্ৰক্ৰিয়া আৰু পৰামৰ্শদান প্ৰক্ৰিয়াৰ মাজত এক এৰাব নোৱাৰা ধৰণৰ সম্পর্ক বিৰাজমান হোৱা দেখা যায়। উভয়ে একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি স্বৰূপ। দুয়োটা প্ৰক্ৰিয়াৰে প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ বিভিন্ন দিশ বিস্তৃতভাৱে অধ্যয়ন কৰাৰ সুবিধা প্রদান কৰা আৰু তাৰ পিছত ব্যক্তিজনক এটা সুস্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰা। নিৰ্দেশনা হ’ল এটা ব্যাপক ধাৰণা য’ত পৰামৰ্শদান এটা অন্তর্নিহিত প্রক্রিয়া হিচাপে বিবেচনা কৰা হয়। নির্দেশনাই ব্যক্তিৰ স্বতন্ত্রতা, উদ্দেশ্যপূর্ণ কাৰ্যকৰণ আৰু ফলপ্রসূ সিদ্ধান্ত গ্রহণত সহায় কৰে। এই দৃষ্টিকোণৰ পৰা ক’ব পাৰি যে পৰামৰ্শদান প্ৰক্ৰিয়াটো নিৰ্দেশনাৰ এক বিশিষ্ট অংগ। যেতিয়া কোনো এটা সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয়, সেই সময়ত নির্দেশনা প্রক্রিয়াই এক বিশেষ স্থান দখল কৰে।

আনহাতে পৰামৰ্শদান প্ৰক্ৰিয়াই- (ক) দ্ৰাচলতে এটা সিদ্ধান্ত লোৱাৰ আগতে তাৰ সম্ভাৱনীয় সকলোবোৰ দিশ বিবেচনা কৰাত সহায় কৰে, (খ) যেতিয়া এটা সিদ্ধান্ত লোৱা হয় আৰু তাৰ সংস্কাৰ, পুনঃগঠন বা তেনে সিদ্ধান্ত ত্যাগ কৰিব লগা হয়, তেতিয়া পৰামৰ্শদানে বিশেষ স্থান দখল কৰে। এই সম্বন্ধে তলত এটা উদাহৰণ দাঙি ধৰা হ’ল-

ধৰা হ’ল এজন উচ্চ মাধ্যমিক শিক্ষা উত্তীর্ণ ছাত্রই এখন মহাবিদ্যালয়ত কোনো নিৰ্ধাৰিত পাঠ্যবিষয়ত অধ্যয়নৰ বাবে নাম পঞ্জীয়ন কৰিলে। নিৰ্ধাৰিত পাঠ্যসূচীত দুটা ভাগ আছে যেনে- বাধ্যতামূলক আৰু ঐচ্ছিক পাঠ্যসূচী। বাধ্যতামূলক পাঠ্যসূচী সকলোৰে বাবে একে। ঐচ্ছিক পাঠ্যসূচীত কিছু পছন্দৰ কথা জড়িত হৈ আছে। শিক্ষকে ছাত্ৰজনক উদাহৰণস্বৰূপে নির্দেশনা সেৱা বিষয়টো উপযুক্ত ঐচ্ছিক বিষয়সূচী বুলি নিৰ্ধাৰণ কৰাত সহায় কৰি দিলে। অনুমান কৰা হ’ল যে পঞ্জীয়নৰ পিছত বিষয়টো কিছুক্ষেত্ৰত শিক্ষার্থীজনে সমস্যাৰ সন্মুখীন হৈছে। শিক্ষার্থীজনে পাঠ্যটোৰ কিছু বক্তৃতাৰ সৈতে উপযুক্তভাৱে সমন্বয় কৰিব পৰা নাই আৰু সমস্যাত পৰিছে। কেনেকৈ তেওঁ এই সমস্যাটো সমাধান কৰি সমাযোজন কৰিবলৈ সক্ষম হ’ব সেই সম্বন্ধে উপযুক্ত উপদেশ প্রদান কৰাটোৱে হ’ল- পৰামৰ্শদান।

পৰামৰ্শদান কার্য হৈছে নির্দেশনাদান কাৰ্যৰ গুৰুত্বপূৰ্ণ অংশ যিটো অংশই পৰামৰ্শ গ্রহণ কৰোঁতাজনক এটা দিশ নির্বাচন কৰাৰ সুযোগ দিয়ে, লগতে তেওঁৰ সন্মুখত উদ্ভৱ হোৱা সমস্যাৰ সমাধান বিচাৰি উলিওৱাত সহায় আগবঢ়ায় ৷ পৰামৰ্শদাতাজনে সমস্যা সমাধানৰ প্ৰকৃত পথ দেখুৱাই দিয়ে অথবা বিকল্প পথৰ সন্ধান দিয়ে। নির্দেশনাদানত পৰামৰ্শদান কাৰ্যই প্রাথমিক চৰ্ত হিচাপে কাম কৰে। নির্দেশনাদান কাৰ্য সুকলমে সমাধান কৰিবলৈ হ’লে পৰামৰ্শদান কাৰ্যৰ সহযোগিতাৰ প্ৰয়োজন হ’বই। উপযুক্ত পৰামৰ্শদান কৰি শিক্ষাৰ্থীসকলক প্ৰকৃতভাৱে গঢ়ি তোলাৰ পিছতহে বিভিন্ন দিশত যেনে- সংস্থাপন, চাকৰি সম্পৰ্কীয় তথ্য সংগ্রহ, প্রশিক্ষণ, অধ্যয়ন, সাজুকৰণ আদিৰ দৰে নিৰ্দেশনাদান কৰিব পৰা যায় নিৰ্দেশনাদান কাৰ্যৰ সফলতা প্রকৃততে পৰামৰ্শদান কাৰ্যৰ প্ৰয়োগৰ ওপৰত নিৰ্ভৰ কৰে।

১৬। নির্দেশনা আৰু পৰামৰ্শদানৰ প্ৰধান সমস্যাসমূহ আলোচনা কৰা ।
(Discuss the major problem of Guidance and Counselling.)
উত্তৰ: নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ক্ষেত্ৰত দেখা দিয়া প্রধান সমস্যাসমূহ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) নিৰ্দেশনা আৰু পৰামৰ্শদানৰ প্ৰয়োজনীয়তা সম্বন্ধে জনসাধাৰণৰ মাজত আজিও সজাগতাৰ অভাৱ পৰিলক্ষিত হয়। যাৰ বাবে নির্দেশনা আৰু পৰামৰ্শদান আঁচনিয়ে উপযুক্ত গতি লাভ কৰিব পৰা নাই।
(খ)নিৰ্দেশনা আৰু পৰামৰ্শদান প্ৰক্ৰিয়াৰ ক্ষেত্ৰত দেখা দিয়া আন এটা প্রধান সমস্যা হৈ পৰিছে অভূতপূৰ্ব শিক্ষাৰ্থীৰ বিস্ফোৰণ। বর্ধিত শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি এজনকৈ হ’লেও পূর্ণকালীন পৰামৰ্শদাতা প্রত্যেকখন বিদ্যালয়ত নিযুক্তি দিয়াটো দেশখনৰ বাবে ব্যয়বহুল।

(গ)বিদ্যালয়বোৰত স্বেচ্ছাচাৰী প্ৰশাসন সংগঠন আৰু ব্যৱস্থাপনা অবিৰতভাৱে বাঢ়ি অহাটোও নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে।
(ঘ) লিংগ বৈষম্যতাও এই ক্ষেত্ৰত বিশেষ হেঙাৰস্বৰূপ হৈ উঠিছে। এজন পুৰুষ পৰামৰ্শদাতাৰ ওচৰত মহিলা পৰামৰ্শদানকাৰীয়ে সকলোবোৰ কথা মুকলিকৈ প্ৰকাশ কৰাটো সমস্যা হৈ পৰে, ঠিক সেইদৰে এগৰাকী মহিলা পৰামৰ্শদাতাৰ ওচৰত এজন পুৰষেও সমস্যাৰ সৈতে জড়িত সকলোবোৰ দিশ মুকলিমূৰীয়াকৈ প্ৰকাশ কৰাটোও জটিলতাই দেখা দিয়ে। যাৰ বাবে নিৰ্দেশনা আৰু পৰামৰ্শদান প্ৰক্ৰিয়াৰ সম্প্ৰসাৰণত সমস্যাই দেখা দিছে।

(ঙ) প্রশাসন ব্যৱস্থাৰ মানদণ্ড হ্রাস পোৱাটোও নিৰ্দেশনা আৰু পৰামৰ্শদানৰ এটি প্রধান সমস্যা।
(চ) নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বিকাশৰ বাবে আর্থিক উৎস আৰু তাৰ অংশ নিৰূপণ অতি সামান্য হোৱা বাবে এই প্ৰক্ৰিয়াৰ উপযুক্ত সম্প্ৰসাৰণ হোৱা নাই।
(ছ) নিৰ্দেশনা আৰু পৰামৰ্শদান প্রদানকাৰী অনুষ্ঠানসমূহলৈ উপযুক্ত সাহার্য প্রদান আৰু উপযুক্ত নীতি নিৰ্ধাৰণৰ অভাৱ বাৰুকৈয়ে পৰিলক্ষিত হোৱা দেখা যায়।
(জ) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে এইক্ষেত্ৰৰ পৰা দক্ষতাবিহীন কৰ্মীবোৰক আঁতৰাই দিয়াৰ বাবেও কিছু সমস্যাই গা কৰি উঠা দেখা যায়।
(ঝ) শিক্ষক তথা নিৰ্দেশকসকলৰ পৰম্পৰাগত মনোভাৱ নিৰ্দেশনা আৰু পৰামৰ্শদানৰ বাবে উৎসাহজনক নহয়।
(ঞ) জনসংখ্যাৰ বিস্ফোৰণ হ’ল নির্দেশনা আৰু পৰামৰ্শদানৰ এটা উল্লেখযোগ্য সমস্যা। ই নিৰ্দেশনা আৰু পৰামৰ্শদানৰ উপযুক্ত বিকাশত হেঙাৰস্বৰূপ হৈ ঠিয় দিছে।

পৰামৰ্শদান BA 1st Semester

১৭। নিৰ্দেশনা আৰু পৰামৰ্শদান প্ৰক্ৰিয়াৰ উন্নতি সাধনৰ উপায়সমূহ কি কি?
(What are the ways to improve Guidance and Counselling?)
উত্তৰঃ নিৰ্দেশনা আৰু পৰামৰ্শদান প্ৰক্ৰিয়াৰ উন্নতি সাধনৰ বাবে উক্ত দুয়োটা দিশতে দেখা দিয়া সমস্যাসমূহ আঁতৰ কৰিব লাগিব। তাৰ বাবে গ্ৰহণ কৰিবলগীয়া কেইটামান উপায় তলত চমুকৈ উল্লেখ কৰা হ’ল-
(ক) নির্দেশনা আৰু পৰামৰ্শদানৰ বাবে ৰাজ্যিকভিত্তিত এটা সুসংগঠিত অনুস্থান স্থাপন কৰিব লাগিব।
(খ) কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে শৈক্ষিক সম্প্ৰসাৰণ কাৰ্যসূচীক প্রাধান্যতা প্রদান কৰিব লাগিব।
(গ) সকলো শৈক্ষিক অনুষ্ঠানৰ বাবে নিৰ্দেশনা আৰু পৰামৰ্শদানৰ আঁচনি উপযুক্তভাৱে পৰিকল্পনা কৰিব লাগিব ।
(ঙ) জনসাধাৰণক নিৰ্দেশনা আৰু পৰামৰ্শদানৰ প্ৰয়োজনীয়তাৰ প্ৰতি দৃষ্টি আকর্ষণ কৰিব লাগিব।
(চ) B. Ed আৰু M. Ed পৰ্য্যায়ৰ পাঠ্যক্ৰমত নিৰ্দেশনা আৰু পৰামৰ্শদান এটা মূল বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিব লাগিব।
প্ৰাক্ চাকৰিকালীন আৰু চাকৰিকালীন শিক্ষক প্রশিক্ষণ আঁচনিত নির্দেশনা আৰু পৰামৰ্শদানক বাধ্যতামূলক কৰিব লাগিব।
(ছ) নিৰ্দেশনা আৰু পৰামৰ্শদান আঁচনিৰ পৰীক্ষণ সঁজুলিবোৰৰ বিকাশ সাধনৰ চেষ্টা কৰিব লাগিব।
(জ) সকলো শৈক্ষিক অনুষ্ঠানতে হ্রস্বকালীন আঁচনিৰ উপযুক্ত পৰিকল্পনা কৰিব লাগিব।
(ঝ) প্রত্যেক বিদ্যালয়তে উপযুক্ত ব্যৱসায়িক প্রশিক্ষণ প্রাপ্ত ব্যক্তিৰ অধীনত একোটা নির্দেশনা আৰু পৰামৰ্শদান কোষ স্থাপন কৰিব লাগিব।
(ঞ) নির্দেশনা আৰু পৰামৰ্শদান আঁচনিব অধিক ফলপ্রসূ বিকাশ সাধনৰ বাবে বিদ্যালয় আৰু গৃহ পৰিৱেশৰ মাজত এটা বন্ধু ভাৱৰ সম্পৰ্ক আৰু সহযোগিতা গঢ়ি তুলিব লাগিব।

১৮। পৰামৰ্শদানৰ বিভিন্ন কৌশলসমূহ আলোচনা কৰা৷
(Discuss the various techniques of Counselling.)
উত্তৰঃ পৰামৰ্শদান কাৰ্যৰ বিভিন্ন কৌশলসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল—

(ক) পৰামৰ্শদানৰ কৌশলসমূহ হ’ল—(১) সাক্ষাৎকাৰ, (২) প্রশ্নপদ (৩) চেক্‌লিষ্ট, (৪) ৰেটিংস্কেল, (৫) সমূহীয়া আলোচনা আৰু (৬) অভীক্ষাসমূহ।
(খ) বিভিন্ন ধৰণৰ বৃত্তীয় শৈক্ষিক আৰু ব্যক্তিগত তথ্যসমূহ শিক্ষার্থীসকলক যোগান ধৰি তেওঁলোকৰ জ্ঞানৰ পৰিসীমা বৃদ্ধি কৰি মনৰ পৰিধি বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা।
(গ) শিক্ষার্থীসকলক স্বাধীনভাৱে চিন্তা-চৰ্চা কৰিবলৈ, গভীৰভাৱে অনুভৱ কৰিবলৈ আৰু স্বাধীন দৃষ্টিভঙ্গী প্ৰকাশ কৰিবলৈ সুবিধা দান কৰাৰ ব্যৱস্থা কৰা।
(ঘ) পৰামৰ্শদাতাসকলে শিক্ষার্থীসকলক পৰিকল্পিত পথেৰে তেওঁলোকৰ বৃত্তি তথা পাঠ্যক্রম নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ ব্যৱস্থা কৰা।
(ঙ) নির্দেশনা দান কার্যত যাতে প্রত্যেকজন শিক্ষার্থীয়ে সম্পূর্ণভাৱে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকৰ মনত অভিৰোচন গঢ়ি তোলা।
(চ) শিক্ষার্থীসকলে বিভিন্ন পদ্ধতিৰে সংগ্ৰহ কৰা তথ্যসমূহ বিশ্লেষণ কৰাৰ বিভিন্ন কৌশলসমূহ জনাৰ বাবে পৰামৰ্শদাতাই নির্দেশনাদান কৰি তেওঁলোকক শিকাই বুজাই পাৰ্গত কৰি তোলাৰ ব্যৱস্থা কৰিব লাগে।
(ছ) পৰামৰ্শদাতাই প্রত্যেকজন শিক্ষার্থীকে নিজকে বুজি উঠি নিজৰ দুৰ্বলতা আৰু সামৰ্থখিনি। উপলব্ধি কৰিবলৈ শিকোৱাৰ ব্যৱস্থা কৰিব লাগে।
(জ) পৰামৰ্শদাতাই নিৰ্দেশনা গ্ৰহণ কৰোঁতাক কোনো এটা দিশত তেওঁৰ স্পষ্ট দৃষ্টিভঙ্গী নাথাকিলে সম্পূর্ণ নির্দেশনা দি বোধগম্য কৰি তুলিব লাগে৷
(ঝ) যদি কোনো শিক্ষাৰ্থীয়ে তেওঁৰ পঢ়া বিষয়ৰ কোনো পাঠ্যবিষয় সলনি কৰিব বিচাৰে তেতিয়া পৰামৰ্শদাতাই সেই বিষয়টো ভালকৈ চালিজাৰি চাই শিক্ষার্থীজনক বিষয় সলনি কৰাৰ অনুমতি দিয়াৰ ব্যৱস্থা কৰিব লাগে।
(ঞ) পৰামৰ্শদাতাই সদায় বিভিন্ন দিশৰ পৰা পৰামৰ্শগ্ৰহণ কৰোতাৰ কাৰ্যাৱলীসমূহ বিচাৰ কৰি চাব লাগে । তেতিয়াহে তেওঁলোকে নির্বাচন কৰা বিষয়ৰ দিশত সন্তুষ্টিদায়ক আৰু উন্নতি কৰিব পাৰিব।
ট) পৰামৰ্শদাতাই শিক্ষার্থীসকলক এখন তালিকা প্রস্তুত কৰি দিব লাগে। সেইখনক “মূল্যায়ন তালিকা” হিচাপে নামাকৰণ কৰা হয় ।

প্রশ্ন: পৰামৰ্শদান কি?

উত্তৰঃ পৰামৰ্শদান প্ৰক্ৰিয়া হ’ল নিৰ্দেশনাৰ অন্তৰ্গত এক বিশেষ কার্য বিশেষ য’ত সাধাৰণতে দুজন ব্যক্তিয়ে কোনো এটা বিষয়ৰ ওপৰত মত বিনিময় কৰে। পৰামৰ্শদান কাৰ্যৰ বাবে পৰামৰ্শ গ্রহণকাৰীৰ প্ৰয়োজনভিত্তিক ইচ্ছা, আগ্রহ, আন্তৰিকতা আৰু মানসিক প্রস্তুতিৰ প্ৰয়োজন হয়।

প্রশ্ন: পৰামৰ্শদানৰ এটা উপযুক্ত সংজ্ঞা দিয়া।

উত্তৰ : Wren ৰ মতে, – “পৰামৰ্শদান হ’ল এটা গতিশীল আৰু দুগৰাকী ব্যক্তিৰ মাজৰ এটা উদ্দেশ্যপূর্ণ সম্পর্ক য’ত উভয়ে ইজনে সিজনৰ সৈতে এটা সমস্যা সমাধানৰ ওপৰত আলোচনা কৰে আৰু দুয়োজনৰ ভিতৰত যিজন অপৈণত বা অধিক সমস্যাজড়িত তেওঁক নিজেই সমস্যাটো নিষ্পত্তি কৰিবলৈ আনজনে সহায় কৰে।

প্রশ্ন: নিৰ্দেশনাত্মক পৰামৰ্শদানৰ মুখ্য উদ্ভাৱক কোন?

উত্তৰ : ই. জি উইলিয়ামচন (E.G. Williamson )

প্রশ্ন: অনিৰ্দেশনাত্মক পৰামৰ্শদানৰ মুখ্য উদ্ভাৱক কোন?

উত্তৰ: কার্ল ব’গাৰ্চ (Carl Rogers)।

প্রশ্ন: সাৰগ্ৰাহী পৰামৰ্শদানৰ উদ্ভাৱক কোন ?

উত্তৰঃ এফ.চি.থৰ্ণ (F.C. Thorne)।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top