ভাৰতৰ ৰাজনৈতিক দল Class 9 প্ৰশ্ন উত্তৰ (ৰাজনৈতি বিজ্ঞান)

শ্ৰেণীনৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয়সামজ বিজ্ঞান
অধ্যায়/ পাঠ1  (ৰাজনৈতি বিজ্ঞান)
পাঠ্যক্ৰমছেবা

ভাৰতৰ ৰাজনৈতিক দল

অনুশীলনীৰ প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ


প্ৰশ্ন ১। একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।
উঃ চীন।


প্ৰশ্ন ২। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি?
উঃ দ্বি-দলীয় ব্যৱস্থা।


প্ৰশ্ন ৩। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা।
উঃ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ’ল—
(ক) সংগঠন।
(খ) নীতি, আদর্শ আৰু আঁচনি।


প্ৰশ্ন ৪। ৰাজনৈতিক দলৰ এটা প্রধান কার্য উল্লেখ কৰা।
উঃ ৰাজনৈতিক দলে জনগণক ৰাজনৈতিক শিক্ষা প্রদানেৰে শিক্ষিত কৰে।


প্ৰশ্ন ৫। অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা।
উঃ অসম গণ পৰিষদ (A.G.P.)।


প্ৰশ্ন ৬। ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি?
উঃ ঝাৰখণ্ড মৰ্চা দল।


প্ৰশ্ন ৭। ইউ পি এ (UPA)ৰ সম্পূর্ণ অর্থ লিখা।
উঃ সংযুক্ত প্রগতিশীল মৰ্চা (United Progressive Alliance)।


প্ৰশ্ন ৮। ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো?
উঃ ভাৰতীয় জাতীয় কংগ্রেছ।


প্ৰশ্ন ৯। কাৰ নেতৃত্বত “দি ইণ্ডিয়ান এছ’চিয়েচন” গঠন হৈছিল?
উঃ এছ, এন বেনাৰ্জীৰ নেতৃত্বত।


প্ৰশ্ন ১০। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উঃ উমেশ চন্দ্র বেনার্জী।


চমু প্রশ্নোত্তৰ


প্ৰশ্ন ১। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্রধান বৈশিষ্ট্য কি?
উঃ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্রধান বৈশিষ্ট্য হ’ল বহুদলীয় শাসন ব্যৱস্থা। ইয়াত বিভিন্ন ৰাজনৈতিক দলে নির্বাচনত অংশগ্রহণ কৰে আৰু সংখ্যাগৰিষ্ঠ লাভ কৰা একাধিক দলে লগ লাগি সংযুক্ত চৰকাৰ গঠন কৰে। চৰকাৰৰ বাহিৰত থকা দলসমূহে বিৰােধী দল হিচাপে কাম কৰে।

লগতে পঢ়ক:   চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Class 9 Social Science Political Chapter 2 in Assamese

প্ৰশ্ন ২। গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে কি দলীয় ব্যবস্থা বিশেষভাৱে উপযােগী?
উঃ গণতান্ত্রিক ৰাষ্ট্র এখনৰ বাবে দ্বি-দলীয় ব্যৱস্থা বিশেষভাৱে উপযােগী। এই ব্যৱস্থাত গণতান্ত্রিক ৰাষ্ট্র এখন অধিক সুস্থিৰ আৰু সবল হয়।


প্ৰশ্ন ৩। ৰাজনৈতিক দলৰ প্রধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা।
উঃ ৰাজনৈতিক দলৰ প্রধান বৈশিষ্ট্য চাৰিটা হ’ল:
(ক) সংগঠন।
(খ) নীতি, আদর্শ আৰু আঁচনি।
(গ) ক্ষমতা দখলৰ বাবে থকা আকাংক্ষা।
(ঘ) জাতীয় স্বার্থৰ প্রতি সম্মান।


প্ৰশ্ন ৪। পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উঃ পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ’ল:

ক্রমদলৰ নামঅঞ্চল
অসম গণ পৰিষদঅসম
আকলি দলপাঞ্জাৱ
শিৱসেনামহাৰাষ্ট্র
তেলেগু দেশমঅন্ধ্রপ্রদেশ
দ্রাবিড় মুট্টো কাজগামতামিলনাড়ু

প্ৰশ্ন ৫। মৰ্চা চৰকাৰ বুলিলে কি বুজা?
উঃ যেতিয়া কোনাে এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অসমর্থ হয়, তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগােট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰকে মৰ্চা চৰকাৰ বােলা হয়।


দীঘল প্রশ্নোত্তৰ


প্ৰশ্ন ১। সংযুক্ত চৰকাৰ বুলিলে কি বুজা? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয়?
উঃ

  • সংযুক্ত চৰকাৰ বুলিলে: গণতান্ত্রিক দেশসমূহত নির্বাচনৰ মাধ্যমেদি বিভিন্ন ৰাজনৈতিক দলে ক্ষমতা দখলৰ বাবে প্রতিযােগিতাত অৱতীৰ্ণ হয়।
  • সংযুক্ত চৰকাৰ গঠন হয়: সংসদ বা বিধানমণ্ডলৰ নির্বাচনসমূহত যিটো ৰাজনৈতিক দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলেই চৰকাৰ গঠন কৰিব পাৰে।
  • এনেদৰে মৰ্চা চৰকাৰ গঠন হলে:
  • দেশখনে নতুন নির্বাচন অনুষ্ঠিত কৰাৰ খৰচৰ পৰা ৰেহাই পায়।
  • অপব্যয় হ্রাস পায়।
লগতে পঢ়ক:   মূল অৰ্থনৈতিক সমস্যাসমূহ নৱম – শ্ৰেণীৰ অর্থনীতি বিজ্ঞান অধ্যায় 02

প্ৰশ্ন ২। সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলােচনা কৰা।
উঃ
গুণ:
(ক) পৰিস্থিতি আৰু সময় সাপেক্ষ: মৰ্চা চৰকাৰ পৰিস্থিতি আৰু সময় সাপেক্ষ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশ আৰু পৰিস্থিতিত মৰ্চা চৰকাৰ গঠন ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্রিক ৰাষ্ট্ৰ এখনত সুস্থিতা বজাই ৰখাৰ ক্ষেত্ৰত অতীব প্রয়ােজন।
(খ) জাতীয় ঐক্য-সংহতি ৰক্ষাঃ: মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দল বিলাকে নিজা নীতি-আদর্শত কঠোৰভাৱে লাগি নাথাকি বুজাবুজিৰে কাম কৰে। ফলত জাতীয় ঐক্য-সংহতি ৰক্ষা হয়।

দোষ:
(ক) ক্ষণস্থায়ী অথবা অস্থিৰঃ মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ই ক্ষণস্থায়ী চৰকাৰ। মৰ্চাত অংশ গ্রহণ কৰা দলসমূহে নিজা স্বাৰ্থত আঘাত পৰিলে সেই দলে যিকোনাে সময়তে সমর্থন উঠাই লােৱাৰ সম্ভাৱনা থাকে। ফলত কার্যকাল সম্পূর্ণ হােৱাৰ আগতেই এনে চৰকাৰৰ পতন ঘটে।
(খ) দুর্বল চৰকাৰঃ মৰ্চা চৰকাৰ সাধাৰণতে দুর্বল হয়। মৰ্চাত অংশ গ্রহণকাৰী সকলাে দলকে সন্তুষ্ট ৰাখিবলগীয়া হােৱাৰ বাবে এই চৰকাৰ কোনাে বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নােৱাৰে।


প্ৰশ্ন ৩। গণতন্ত্রত বিৰােধী ৰাজনৈতিক দলৰ ভূমিকা আলােচনা।
উঃ

  • শাসনত থকা দলে যাতে দেশৰ স্বার্থ বিপৰীতে কোনাে কাম কৰিব নােৱাৰে: চকুৰখা।
  • চৰকাৰৰ আঁচনি আৰু পৰিকল্পনাৰােৰ পর্যবেক্ষণ আৰু পর্যালােচনা: সমালোচনা কৰি প্ৰয়ােজন সাপেক্ষে সংসদৰ মজিয়াত দাঙি ধৰি সকলােৰে দৃষ্টি আকর্ষণ কৰা।
  • বিকল্প চৰকাৰ গঠনৰ বাবে সাজু থকা: প্ৰয়ােজন সাপেক্ষে বিশেষ কোনাে দলৰ সহযােগিতা আৰু প্ৰতিনিধিত্ব পূৰণ কৰা।
  • জনমত গঠন কৰা: জনগণকৰ সচেতনতা বৃদ্ধি কৰা।
  • জনসাধাৰণকৰ ৰাজনৈতিক শিক্ষা প্রদান: দেশৰ প্ৰতি থকা দায়িত্বৰ প্রতি সজাগতা বৃদ্ধি কৰা।

প্ৰশ্ন ৪। আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলােচনা কৰা।
উঃ

  • ৰাষ্ট্ৰীয় দলৰ বৈষম্যমূলক নীতি: সংখ্যালঘু সম্প্রদায়বােৰৰ প্রতিনিধিত্ব নােপােৱাৰ ফলত আঞ্চলিক দলৰ জন্ম হয়।
  • সংখ্যালঘু সম্প্রদায়বােৰৰ নিৰাপত্তাহীনতাৰ অভাৱ: স্থানীয় সমস্যাৰ সমাধান কৰাৰ বাবে আঞ্চলিক দলৰ জন্ম হয়।
  • দেশৰ ভিতৰত বসবাস কৰি থকা বিভিন্ন জনগােষ্ঠী, সম্প্রদায়, ধৰ্ম আদিৰ মাজত থকা নীতিগত বা আদর্শগত সংঘাত: এই সংঘাতৰ ফলত আঞ্চলিক দলৰ জন্ম হয়।
  • কেন্দ্রীয় চৰকাৰৰ অধিক কেন্দ্রীয়কৰণৰ প্ৰৱণতা: এই কাৰণৰ ফলত আঞ্চলিক দলৰ জন্ম হয়।
  • ৰাষ্ট্ৰীয় দলত স্থান নােপােৱা নেতাসকলে বিকল্প হিচাপে নিজাববীয়াকৈ দলৰ সৃষ্টিকৰা: স্থানীয় সমস্যাৰ সমাধানত গুৰুত্ব দিয়া।
লগতে পঢ়ক:   ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Class 9 – ইতিহাস, অধ্যায় ২

প্ৰশ্ন ৫। গণতান্ত্রিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্রয়ােজনীয়তা সম্পর্কে লিখা।
উঃ

  • নীতি আদর্শ আৰু লক্ষ্য থাকে: নীতি আদর্শ বাস্তৱত ৰূপায়ি কৰাৰ জৰিয়তে দেশ এখনক প্ৰগতিৰ পথত আগুৱাই লৈ যােৱাৰ বাবে ৰাজনৈতিক দলৰ প্ৰয়ােজন আছে।
  • শাসক শ্ৰেণীৰ স্বেচ্ছাচাৰী হােৱাৰ পৰা ৰক্ষা কৰে: চৰকাৰৰ সমালোচনা কৰি সংসদত দাঙি ধৰি সকলােৰে দৃষ্টি আকর্ষণ কৰা।
  • জনগণকৰ সচেতনতা বৃদ্ধি কৰা: দেশৰ প্ৰতি থকা দায়িত্বৰ প্রতি সজাগতা বৃদ্ধি কৰা।
  • দেশৰ পৰ্যায়ৰ প্ৰতিনিধিত্ব পূৰণ কৰা: স্থানীয় সমস্যাৰ সমাধানত গুৰুত্ব দিয়া।
  • গণতন্ত্রকৰ সুৰক্ষা দিবলৈ: এই ব্যৱস্থা থকাৰ ফলত গণতন্ত্র সুৰক্ষা পায়।

প্ৰশ্ন ৬। ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কার্যাৱলী উল্লেখকৰা।
উঃ

  • সংগঠন: ৰাজনৈতিক দল এটা সংগঠনৰ দৰে কাম কৰে।
  • নীতি, আদর্শ আৰু লক্ষ্য: ৰাজনৈতিক দল নীতি, আদর্শ আৰু লক্ষ্যৰ ওপৰত প্রতিষ্ঠিত।
  • ক্ষমতা দখলৰ আকাংক্ষা: দলৰ সংখ্যাগৰিষ্ঠতা লাভৰ জৰিয়তে ক্ষমতা দখল কৰা।
  • জাতীয় স্বার্থত কাম কৰে: দেশৰ প্ৰগতি আৰু স্বার্থৰ প্ৰতি দৃষ্টি রাখা।

প্ৰশ্ন ৭। সংযুক্ত চৰকাৰৰ ব্যৱস্থাটোৱে বর্তমান সময়ত বিশেষ গুৰুত্ব লাভ কৰাৰ কাৰণ কেইটা আলােচনা কৰা।
উঃ

  • নিৰ্বাচনৰ খৰচ কম হয়: পুনৰ নির্বাচন অনুষ্ঠিত কৰাৰ খৰচ কম হয়।
  • আঞ্চলিক দলৰ প্রত্যাশা পূৰণ হয়: সংযুক্ত চৰকাৰে আঞ্চলিক দলৰ অংশগ্রহণ কৰাৰ ফলত প্রত্যাশা পূৰণ হয়।
  • দেশৰ সমস্যাৰ সমাধানত সহায় কৰে: বিভিন্ন দলৰ সমন্বয়ে সমস্যাৰ সমাধান কৰা।
  • সহনশীলতা আৰু সহযােগিতা বৃদ্ধি পায়: বিভিন্ন ৰাজনৈতিক দলৰ সমন্বয়ে সমিলমিলৰে কাম কৰাৰ ফলত সহনশীলতা আৰু সহযােগিতা বৃদ্ধি পায়।

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.