ভূ পৃষ্ঠৰ পৰিৱৰ্তন Class 9 (ভূগোল) প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ

ভূ পৃষ্ঠৰ পৰিৱৰ্তন Class IX প্রশ্ন উত্তৰ নৱম শ্ৰেণীৰ ভূগোল অধ্যায় 1 অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ || Class 9 social science geography chapter 1 Assamese

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
শ্ৰেণী নৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয় সামজ বিজ্ঞানৰ ভূগোল
অধ্যায়/ পাঠ 1
পাঠ্যক্ৰম ছেবা

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

পাঠভিত্তিক প্রশ্নোত্তৰ 

১। ভূ-পৃষ্ঠৰ মহাদেশ আৰু মহাসাগৰৰ বিতৰণৰ এটি আভাস দিয়া।
উঃ ভূ-পৃষ্ঠ মহাদেশ আৰু মহাসাগৰেৰে গঠিত। ইয়াৰ ৭১ শতাংশ জল আৰু ২৯ শতাংশ স্থলভাগে আগুৰি আছে। স্থলভাগত সমভূমি, পাহাৰ-পর্বত, নদনদী,উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি আছে। আনহাতে মহাসাগৰ কেইখন পানীত বুৰ গৈ আছে। ইয়াৰ তলিত মালভূমি, সমতল, গভীৰ খাদ, পাহাৰৰ লানি, সৰু-ডাঙৰ দ্বীপ আদি আছে।

২। ভূ-পৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।
উঃ কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ বাবে ভূপৃষ্ঠৰ পৰিৱর্তন ঘটে। বাহ্যিক কাৰক হ’ল বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ,নদ- নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। আনহাতে আভ্যন্তৰীণ কাৰকবােৰ হ’ল – ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদৰ্গীৰণ।

৩। বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰনাম লিখা।
উঃ যিবােৰ কাৰকৰ বাবে বাহিৰৰ ফালৰ পৰা ভূ- পৃষ্ঠৰ পৰিৱৰ্তন সংঘটিত হয়, তাকে বাহ্যিক কাৰক বােলে। কেইটামান বাহ্যিক কাৰক হ’লঃ বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ,নদনদী, সাগৰৰ ঢৌ, হিমবাহ আদি।

৪। ভূমিকম্প আৰু আগ্নেয়গিৰিক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়?

উঃ ভূমিকম্প আৰু আগ্নেয়গিৰি ভূ-পৃষ্ঠৰ ভিতৰ ভাগৰ পৰা সংঘটিত হয় বাবে এইবােৰক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। এই কাৰকবােৰে ভূ-পৃষ্ঠৰ উপৰিভাগ আনকি অন্তর্ভাগতো পৰিৱৰ্তন সাধন কৰে।

৫। নদী অবাহিকা বুলিলে কি বুজায় ? নদী অববাহিকাৰ এটি চিত্র আঁকা।
উঃ এখন নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ যােগেদি বৰষুণৰ পানী, পৰ্বতৰ ওপৰত জমা হৈ থকা পানী, বৰফৰ পানী আদি কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে যি অঞ্চলৰ মাজেদি পানী কঢ়িয়াই নিয়ে সেই অঞ্চলক নদী অৱবাহিকা’ বােলে।

নদী অববাহিকাৰ এটি চিত্র

৬। উপনদী কি ? ব্ৰহ্মপুত্ৰৰ দুখন প্রধান উপনদীৰ নাম লিখা ।
উঃ যিবােৰনদী কোনাে উৎসৰ পৰা সমভূমিৰ মাজেদি বৈ আহি অইন কোনাে ডাঙৰ নদীত পৰে তাকে উপনদী বােলে। ব্ৰহ্মপুত্ৰৰ দুখন উপনদী হল – মানাহ আৰু ধনশিৰি।

৭ নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া।
উঃ নদীৰ সোঁতে ইয়াৰ নামনি অঞ্চলত পাৰ ভাঙি নিয়া কার্যক নদীৰ খনন কার্য বােলে। যেতিয়া নদীয়ে অধিক পানী বহন কৰিব লগা হয় তেতিয়া ইয়াৰ পানীৰ গতিয়ে দুয়ােপাৰে হেঁচা দিয়ে। ফলত খনন কার্য সংঘটিত হয়। সাধাৰণতে বাৰিষাকালত খনন কার্য বৃদ্ধি পায়। নদীৰ খনন কার্যই উচ্চ অঞ্চলৰ পৰা শিল, বালি, মাটি আদি কঢ়িয়াই নিম্ন অঞ্চলত জমা কৰে।

লগতে পঢ়ক:   মানৰ অসম আক্ৰমণ Class IX প্রশ্ন উত্তৰ নৱম শ্ৰেণীৰ (ইতিহাস)

ভূ পৃষ্ঠৰ পৰিৱৰ্তন question answer

৮। নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজায় ?
উঃ নদী এখন উচ্চ ভূমিৰ পৰা বৈ আহােতে ইয়াৰ গতিৰ পৰিৱর্তন ঘটে। ভৈয়াম অঞ্চলত ইয়াৰ গভীৰতা কম হয় বাবে ই ধাৰণ কৰা পানী বৈ নিবলৈ দুয়ােপাৰে হেঁচা প্রয়ােগ কৰে। ফলত নদীৰ দুয়ােপাৰ খহিবলৈ ধৰে। এনেদৰে নদীৰ দুয়ােপাৰ খহি যােৱাকে নদীৰ পাৰ্শ্বখনন বােলে।

৯। অশ্বখুৰা হ্রদ কি। চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কৈনেকৈ হয় বুজোৱা।
উঃ নদী এখন সমতল ভূমিৰে বৈ যাওঁতে ইয়াৰ গতিপথ-একা-বেঁকা হয়। একা-বেঁকা পথেৰে নদীয়ে কৰা এনে গতিক বক্ৰগতি বা সর্পিল গতি বােলে। কোনাে কোনাে অঞ্চলত নদীৰ গতিপথ অধিক ভাঁজযুক্ত হয়। বাৰিষা কালত এনে গতিত নদীয়ে অধিক পানী কঢ়িয়াব নােৱাৰি নিজৰ গতিপথৰ ভাজ থকা অংশ এৰি পােনভাৱে গতি কৰে। এনেদৰে এৰি যােৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰাৰ আকৃতি হয় আৰু পিছত তাত পানী জমা হৈ হ্রদৰ সৃষ্টি হয়। ইয়াকে অশ্বখুৰা হ্রদ বােলে।

অশ্বখুৰা হ্রদ
চিত্ৰ: অশ্বখুৰা হ্রদ

১০। প্লাৱন ভূমি কি আৰু ইয়াৰ সৃষ্টি কেনেকৈ হয় লিখা।
উঃ বানপানীৰ সময়ত নদীৰ সোঁতে কঢ়িয়াই অনা বােকা, পলস আদি নদীৰ দুয়ােপাৰে বিয়পি পৰি প্লাবন ভূমিৰ সৃষ্টি কৰে। প্লাবনভূমি সাৰুৱা হয় বাবে এনে ভূমি খেতিৰ বাবে অতি উপযােগী।

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন Class 9

১১। নদীৰ গতিপথৰ ক’ত কেনেকৈ বালিচৰৰ সৃষ্টি হয় লিখা।
উঃ নদীৰ বুকুত বালি, বােকা আদি কেতিয়াবা নদীৰ দাঁতিত আৰু কেতিয়াবা নদীৰ মাজভাগত জমা হৈ বালিচৰৰ সৃষ্টি কৰে। বালিচৰবােৰ অস্থায়ী আৰু বিভিন্ন আকৃতিৰ  হয়।

১২। বদ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।
উঃ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য’ত কোনাে নৈ গৈ পৰে, তাত নৈয়ে কঢ়িয়াই নিয়া গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এনে দ্বীপৰ আকৃতি ইংৰাজী (Delta) দৰে অর্থাৎ অসমীয়াত ব’ আকৃতিৰ হয় বাবে এনে দ্বীপক ব-দ্বীপ’ বােলে।

১৩।মৰুভূমিত বতাহৰ ক্রিয়া কিয় প্রবল হয় লিখা।
উঃ মৰুভূমিত গছ-গছনি নথকা বাবে বতাহে এনে অঞ্চলত অধিক ক্রিয়া কৰিব পাৰে। সেয়ে মৰুভূমিত বতাহৰ ক্রিয়া প্ৰৱল হয়।

১৪। অৱনমন বুলিলে কি বুজায় ?
উঃ মৰুভূমিত গছ-গছনি নথকা বাবে বতাহ প্ৰৱল হয়। প্ৰৱল বতাহে মৰুভূমিৰ বালি এঠাইৰ পৰা কঢ়িয়াই আন ঠাইত তৰপে তৰপে জমা কৰে। এনেদৰে বালি উৰুৱাই নিয়া কাৰ্যক ‘অৱনমন’ বােলে।

১৫। বালিয়াৰিৰ সৃষ্টি কেনেকৈ হয়?
উঃ অৱনমন প্রক্রিয়াৰে কঢ়িয়াই নিয়া ধূলি-বালিবােৰ এঠাইত জমা হৈ মৰুপৃষ্ঠ ক্রমে ওখ হৈ পাহাৰৰ ৰূপ লয়। এনে পাহাৰক বালিৰ পাহাৰ বা বালিয়াৰি বােলে।

লগতে পঢ়ক:   ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ

Class 9 social science assamese medium chapter 1

১৬। ইন্ছেলবার্গ কি?
উঃ ইন্ছেলবার্গ হৈছে মৰুভূমিত অৱস্থিত একো- একোটা ক্ষয়প্রাপ্ত চাপৰ পাহাৰ। অর্থাৎ ই একোখন পৰ্বতৰ ক্ষয় হৈ ৰৈ যােৱা কঠিন অংশ মাথােন ইন্ছেলবার্গ’ শব্দটি জাপানী শব্দ। ইয়াৰ অৰ্থ হ’ল দ্বীপৰ দৰে অকলশৰীয়া পাহাৰ।

১৭।হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পার্থক্য কি লিখা।
উঃ পৃথিৱীৰ অতি শীতল দুই মেৰু অঞ্চলৰ পাহাৰবােৰত তৰপে তৰপে বৰফ জমা হৈ আছে। এনেদৰে জমা হৈ থকা বৰফবােৰ ভূ-পৃষ্ঠৰ ঢাল অনুসৰি লেহেম গতিৰে নামি আহে। এনেদৰে নামি অহা বৰফক ‘হিমবাহ বােলে।
নদী আৰু হিমবাহৰ মাজত থকা পার্থক্যবােৰ হ’ল —
(ক) নদীৰ সোঁতৰ গতি প্ৰৱল হয়। কিন্তু হিমবাহৰ গতি লেহেম হয়।
(খ) নদী হ’ল বােৱতী পানীয়ে সৃষ্টি কৰা জলৰাশি। কিন্তু হিমবাহ হ’ল জমা হৈ থকা হিম খণ্ড।
(গ) সাধাৰণতে নদী গ্রীষ্ম প্রধান অঞ্চলত সৃষ্টি হয়। কিন্তু হিমবাহ শীত প্রধান অঞ্চলত সৃষ্টি হয়।

১৮।গ্রাব কি? চিত্র আঁকিবিভিন্ন শ্রেণীৰ গ্ৰাববােৰ দেখুওৱা।
উঃ হিমবাহেকঢ়িয়াই অনা বৰফৰ উপৰি অন্য বহুতাে পদার্থ কঢ়িয়াই আনে। এনেদৰে কঢ়িয়াই অনা অন্য পদার্থবােৰক সামগ্রিকভাৱে ‘গ্রাব’ বােলে ।
গ্রাব চাৰি প্ৰকাৰৰ: (ক) পার্শ্বগ্রাব (খ) ভূমিগ্রাব (গ) মধ্যগ্রাব আৰু (ঘ) প্রান্ত গ্রাব।

হিমবীহীয় গ্ৰাব
চিত্র – হিমবীহীয় গ্ৰাব

১৯। হিমবাহৰ ক্ৰিয়াৰ ফলত জোঙা শৃঙ্গৰ সৃষ্টি কেনেকৈ হয় লিখা।
উঃ হিমবাহে বৰফখণ্ডৰ লগত শিল, বালি, আৰু অন্যান্য জৈৱিক পদার্থ কঢ়িয়াই আনি গতিপথত খনন কার্য চলায়। প্ৰৱল ঘর্ষনৰ ফলত গতিপথ গভীৰ আৰু থিয় ধৰণৰ হয়। সকলাে ফালৰ খনন কাৰ্যৰ ফলত পৰ্বতৰ শীৰ্ষাংশ জোঙা হৈ জোঙা শৃঙ্গৰ সৃষ্টি কৰে।

২০। উপকূল কাক বােলে?
উঃ সাগৰ-মহাসাগৰৰ তীৰ বা পাৰক উপকূল বােলে।

ভূ পৃষ্ঠৰ পৰিৱৰ্তন question answer

২১। বালিয়াতট কি? ইয়াৰ গুৰুত্ব সম্বন্ধে লিখা।
উঃউপকূলত সদায় ঢৌয়ে ক্রিয়া কৰি থকাৰ ফলত ওখােৰা-মােখােৰা হয়। উপকূলৰ তট অংশত জমা হােৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ’লে এক প্ৰকাৰৰ সমতল অবয়বৰ সৃষ্টি কৰে। এনে বালি জমা হৈ সৃষ্টি হােৱা ঢালযুক্ত অবয়বক বালিয়াতট’ বােলে। বালিয়াতটৰ বালি অতি মিহিৰ পৰা শিলৰ আকাৰৰ
হ’ব পাৰে। উপকূলৰ বালিয়াতটবােৰ মানুহক বিনােদন কাৰণে আকর্ষণ কৰে।

২২। সাগৰ মহাসাগৰৰ ঢৌৱে উপকূলৰ কেনেদৰে পৰিৱর্তন সাধন কৰে  চমুকৈ লিখা।
উঃ উপকূল অঞ্চলত একাধিক বাহ্যিক কাৰকে ক্রিয়া কৰে।বৰষুণ, বতাহ আৰু সাগৰৰ ঢৌ আদিয়ে অহৰহ ক্রিয়া কৰি উপকূল অঞ্চলত ব্যাপক পৰিৱর্তন সাধন কৰে। সাগৰৰ ঢৌৱে উপকূলৰ ভূ-তাত্বিক গঠন, কাষৰীয়া সাগৰৰ গভীৰতা, নৈৰ উপস্থিতি, বতাহ ক্রিয়া, উপকূলীয় উদ্ভিদৰ আভৰণ আদিৰ বহুতাে পৰিবর্তন সাধন কৰে।

লগতে পঢ়ক:   ভাৰতবৰ্ষৰ ভূগোল Class 9 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) ভূগোল অধ্যায় ৩

২৩। তলত দিয়া কাৰক আৰু অৱয়ববােৰৰ কোনটো কাৰ সৃষ্টি কাড় চিনেৰে দেখুওৱা।
উঃ কাৰক ↔অবয়ব

নদী →প্লাৱন ভূমি
বতাহ →বালিৰ পাহাৰ
হিমবাহ →U-উপত্যকা
সাগৰৰ ঢৌ →উপকূল

২৪। ভূ-পৃষ্ঠত ভবিষ্যতে কেনেধৰণৰ পৰিৱর্তন ঘটিব পাৰে চিন্তা কৰি লিখা।
উঃ পৃথিৱীৰ উপৰিভাগ আৰুআভ্যন্তৰীণ ভাগৰ বিভিন্ন কাৰকে ভূ-পৃষ্ঠত পৰিবর্তন সাধন কৰি আছে। এই পৰিবর্তন পৃথিৱী সৃষ্টিৰ পাতনিৰে পৰা ঘটি আছে আৰু ঘটি থাকিব। কিন্তু ভৱিষ্যতে এইপৰিবর্তন কেনে হ’ব সেয়া নিশ্চিতভাৱে ক’ব নােৱাৰি যদিও পৃথিৱীৰ মানৱ-সৃষ্ট পৰিবেশৰ ওপৰতাে ভূ-পৃষ্ঠৰ পৰিবর্তন নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে পৃথিৱীত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বেছি হ’লে ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি পাব। উত্তাপ বৃদ্ধি পালে মেৰু অঞ্চলত জমা হৈ থকা
বৰফবােৰ গলি সাগৰত পানীৰ পৰিমাণ বৃদ্ধি পাব আৰু সাগৰত জলৰ পৰিমাণ বৃদ্ধি পালে জলপৃষ্ঠ ওপৰলৈ উঠি আহিব। ফলত পৃথিৱীৰ বহুতাে দেশ সাগৰৰ বুকুত ডুব যাব। ভূ-পষ্ঠৰ ওপৰত বতাহ গতি বৃদ্ধি পাব। ফলত সঘনে ঘূর্ণি বতাহ হব, সমভূমি অঞ্চল মৰুভূমিত পৰিণত হ’ব, নদীৰ গতিপথ সলনি হ’ব, শস্য উৎপাদনৰ পৰিমাণ কমি যাব। পৃথিৱীখন মানুহৰ বাবে বসবাসৰ অনুপযােগী হ’ব।

FAQs of Class 9 social science assamese medium chapter 1

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা।

উঃ কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ বাবে ভূপৃষ্ঠৰ পৰিৱর্তন ঘটে। বাহ্যিক কাৰক হ’ল বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ,নদ- নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। আনহাতে আভ্যন্তৰীণ কাৰকবােৰ হ’ল – ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদৰ্গীৰণ।

বদ্বীপৰ সৃষ্টি কেনেকৈ হয় লিখা।

উঃ উপকূলৰ কাষৰীয়া অগভীৰ সাগৰত, য’ত কোনাে নৈ গৈ পৰে, তাত নৈয়ে কঢ়িয়াই নিয়া গেদ জমা হৈ দ্বীপৰ সৃষ্টি হয়। এনে দ্বীপৰ আকৃতি ইংৰাজী (Delta) দৰে অর্থাৎ অসমীয়াত ব’ আকৃতিৰ হয় বাবে এনে দ্বীপক ব-দ্বীপ’ বােলে।

উপকূল কাক বােলে?

উঃ সাগৰ-মহাসাগৰৰ তীৰ বা পাৰক উপকূল বােলে।

3 thoughts on “ভূ পৃষ্ঠৰ পৰিৱৰ্তন Class 9 (ভূগোল) প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top