শ্ৰেণী | নৱম শ্ৰেণী |
বিষয় | সমাজ বিজ্ঞান |
অধ্যায়/পাঠ | প্রথম অধ্যায় (অর্থনীতি বিজ্ঞান) |
পাঠ্যক্ৰম | ছেবা |
অর্থনীতিৰ মৌলিক বিষয় সমূহ
পাঠৰ চমু বিৱৰণ
- অর্থনীতিৰ উৎপত্তি: অর্থনীতি শব্দটো গ্রীক শব্দ ‘Oikonomia’ৰ পৰা আহিছে, যাৰ অৰ্থ পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম।
- অর্থনীতিৰ সংজ্ঞা: এডাম স্মিথ, আলফ্রেড মাছেল, লায়নেল ৰবিন্স আৰু ছেমুৱেলছনৰ দৰে অর্থনীতিবিদসকলে অর্থনীতিৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে।
- মৌলিক ধাৰণা: অভাৱ, উপযোগিতা, সম্পদ, দুষ্প্রাপ্যতা আৰু দক্ষতাৰ ধাৰণা।
- অর্থনীতিৰ পৰিসৰ: ভোগ, উৎপাদন, বিতৰণ, বিনিময়, মুদ্ৰা, আয়, ৰাজস্ব আদি বিষয়।
- ব্যষ্টি আৰু সমষ্টি অর্থনীতি: ব্যক্তিগত আৰু সামগ্রিক আর্থিক কাৰ্যকলাপৰ অধ্যয়ন।
অনুশীলনীৰ প্রশ্নোত্তৰ
প্রশ্ন ১: অর্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে?
উত্তৰ: অর্থনীতি শব্দটো গ্রীক ভাষাৰ শব্দৰ পৰা আহিছে।
প্রশ্ন ২: অর্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে?
উত্তৰ: অর্থনীতি শব্দটো গ্রীক শব্দ ‘Oikonomia’ৰ পৰা লোৱা হৈছে।
প্রশ্ন ৩: অর্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন?
উত্তৰ: এডাম স্মিথ।
প্রশ্ন ৪: অর্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰ: এডাম স্মিথে।
প্রশ্ন ৫: অর্থবিজ্ঞানৰ কল্যাণভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰ: আলফ্রেড মাছেলে।
প্রশ্ন ৬: অর্থবিজ্ঞানৰ দুপ্রাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল?
উত্তৰ: লায়নেল ৰবিন্সে।
প্রশ্ন ৭: এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰ: এডাম স্মিথে ১৭৭৬ চনত তেওঁৰ গ্ৰন্থ ‘An Enquiry into the Nature and Causes of the Wealth of Nations’ত অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।
প্রশ্ন ৮: আলফ্রেড মাছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰ: আলফ্রেড মাছেলে ১৮৯০ চনত তেওঁৰ গ্ৰন্থ ‘Principles of Economics’ত অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।
প্রশ্ন ৯: লায়নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰ: লায়নেল ৰবিন্সে ১৯৩২ চনত তেওঁৰ গ্ৰন্থ ‘An Essay on the Nature and Significance of Economic Science’ত অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল।
প্রশ্ন ১০: এডাম স্মিথৰ সংজ্ঞাটো যক্ষৰ বাণী বুলি কোনে কৈছিল?
উত্তৰ: সমাজ বিজ্ঞানী কার্লাইল আৰু ৰাস্কিনে।
প্রশ্ন ১১: দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অর্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল?
উত্তৰ: ছেমুৱেল আৰু নৰ্দহাছে।
প্রশ্ন ১২: কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয়?
উত্তৰ: উপযোগিতা।
প্রশ্ন ১৩: উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয়?
উত্তৰ: উপযোগী সামগ্ৰী বুলি কোৱা হয়।
প্রশ্ন ১৪: ‘Micro’ আৰু ‘Macro’ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে?
উত্তৰ: গ্রীক শব্দ ‘Mikros’ আৰু ‘Macros’ শব্দ দুটাৰ পৰা লোৱা হৈছে।
চমু প্রশ্নোত্তৰ
প্রশ্ন ১: এডাম স্মিথৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ: এডাম স্মিথে কৈছিল যে অর্থনীতি হ’ল সম্পদৰ বিজ্ঞান। তেওঁ ১৭৭৬ চনত তেওঁৰ গ্ৰন্থত এই কথা কৈছিল। এই সংজ্ঞাক সম্পদভিত্তিক সংজ্ঞা বুলি কোৱা হয়।
প্রশ্ন ২: মাছেলৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ: আলফ্রেড মাছেলে কৈছিল যে অর্থনীতি হ’ল মানুহৰ দৈনন্দিন জীৱনৰ কাম-কাজৰ অধ্যয়ন। ই মানুহৰ ব্যক্তিগত আৰু সমাজৰ কাম-কাজৰ সেই অংশৰ অধ্যয়ন কৰে যি মানুহৰ কল্যাণৰ সৈতে জড়িত। তেওঁ এই কথা ১৮৯০ চনত তেওঁৰ গ্ৰন্থ ‘Principles of Economics’ত কৈছিল।
প্রশ্ন ৩: ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ: লায়নেল ৰবিন্সে কৈছিল যে অর্থনীতি হ’ল এনে এটা বিজ্ঞান যি মানুহৰ আচৰণৰ অধ্যয়ন কৰে। ই মানুহৰ অসীম ইচ্ছা আৰু সীমিত সম্পদৰ মাজৰ সম্পর্কৰ কথা কয়।
প্রশ্ন ৪: ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ: ছেমুৱেলছন আৰু নৰ্দহাছে কৈছিল যে অর্থনীতি হ’ল এনে এটা বিষয় যি সীমিত সম্পদক দক্ষতাৰ সৈতে ব্যৱহাৰ কৰি সমাজ গঠনৰ কথা কয়। তেওঁলোকে দুষ্প্রাপ্যতাৰ সৈতে দক্ষতাৰ কথাও যোগ কৰিছিল।
প্রশ্ন ৫: ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণাকেইটা কি কি?
উত্তৰ: ৰবিন্সৰ সংজ্ঞাৰ মৌলিক ধাৰণা তিনিটা হ’ল:
- মানুহৰ ইচ্ছা অসীম, অৰ্থাৎ মানুহৰ চাহিদাৰ কোনো শেষ নাই।
- সম্পদ সীমিত, অৰ্থাৎ আমাৰ হাতত থকা সম্পদৰ পৰিমাণ কম।
- সীমিত সম্পদক বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি।
প্রশ্ন ৬: ব্যষ্টিবাদী অর্থবিজ্ঞান কাক বোলে?
উত্তৰ: ব্যষ্টিবাদী অর্থবিজ্ঞান হ’ল এনে অর্থনীতি যি একক ব্যক্তি বা প্রতিষ্ঠানৰ আর্থিক কাম-কাজৰ কথা অধ্যয়ন কৰে। যেনে:
- এজন ভোক্তা কি কিনে?
- এজন উদ্যোক্তা কি উৎপাদন কৰে?
- এখন বজাৰত কি কিনা-বেচা হয়?
প্রশ্ন ৭: সমষ্টিবাদী অর্থবিজ্ঞান কাক বোলে?
উত্তৰ: সমষ্টিবাদী অর্থবিজ্ঞান হ’ল এনে অর্থনীতি যি গোটেই দেশৰ আর্থিক কাম-কাজৰ কথা অধ্যয়ন কৰে। যেনে:
- দেশৰ মুঠ জনসংখ্যা।
- দেশত কিমান লোকৰ চাকৰি আছে।
- দেশৰ কৃষি আৰু শিল্পৰ অৱস্থা।
প্রশ্ন ৮: আর্থিক বস্তু আৰু অনাআর্থিক বস্তুৰ পার্থক্য লিখা।
উত্তৰ: আর্থিক বস্তু আৰু অনাআর্থিক বস্তুৰ পার্থক্য:
আর্থিক বস্তু: | অনাআর্থিক বস্তু |
এইবোৰৰ পৰিমাণ সীমিত, অৰ্থাৎ বেছি নাথাকে। এইবোৰৰ দাম থাকে, টকা দি কিনিব লাগে। টকাৰ জৰিয়তে এইবোৰ কিনা-বেচা কৰা হয়। উদাহৰণ: খাদ্য, কাপোৰ, বিজুলী। | এইবোৰৰ পৰিমাণ সীমিত নহয়, অৰ্থাৎ প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবোৰৰ দাম নাথাকে, বিনামূলীয়া। টকাৰ জৰিয়তে কিনা-বেচা কৰিব নোৱাৰি, প্ৰকৃতিৰ দান। উদাহৰণ: সূৰ্যৰ পোহৰ, বতাহ, বৰষুণৰ পানী। |
প্রশ্ন ৯: ৰাষ্ট্ৰীয় আয় কাক বোলে?
উত্তৰ: ৰাষ্ট্ৰীয় আয় হ’ল এখন দেশত এটা বছৰত উৎপাদন হোৱা সকলো সামগ্ৰী আৰু সেৱাৰ মুঠ টকাৰ মূল্য।
প্রশ্ন ১০: জনমূৰি আয়ৰ সূত্ৰটো লিখা।
উত্তৰ: জনমূৰি আয় মানে দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যি পোৱা যায়।
সূত্ৰ: জনমূৰি আয় = ৰাষ্ট্ৰীয় আয় ÷ দেশৰ মুঠ জনসংখ্যা
দীঘল প্রশ্নোত্তৰ
প্রশ্ন ১: অর্থবিজ্ঞান অধ্যয়নৰ প্রয়োজনীয়তা উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰ: অর্থবিজ্ঞান অধ্যয়ন কৰাটো জৰুৰী কাৰণ ই আমাক সমাজৰ আৰু নিজৰ আর্থিক কাম-কাজ বুজিবলৈ সহায় কৰে। কেইটামান কাৰণ আৰু উদাহৰণ:
- চৰকাৰৰ কাম বুজিবলৈ: এজন নাগৰিকে জানিব বিচাৰে চৰকাৰে টকা ক’ৰ পৰা আনে আৰু ক’ত খৰচ কৰে। যেনে, চৰকাৰে ৰাস্তা বনোৱাৰ বাবে টকা কেনেকৈ ব্যৱহাৰ কৰে, সেইটো জানিবলৈ অর্থনীতিৰ জ্ঞান লাগে।
- দৰিদ্ৰতাৰ কাৰণ জানিবলৈ: কোনোবাই দৰিদ্ৰতাৰ কাৰণ জানিব বিচাৰিলে অর্থনীতিৰ জ্ঞানৰ প্ৰয়োজন। যেনে, কিয় কিছুমান মানুহৰ চাকৰি নাই, সেইটো বুজিবলৈ অর্থনীতি পঢ়িব লাগে।
- বজাৰৰ দাম বুজিবলৈ: বজাৰত সামগ্ৰীৰ দাম কিয় বাঢ়ে, সেইটো জানিবলৈ অর্থনীতিৰ জ্ঞান লাগে। যেনে, চাউলৰ দাম কিয় বাঢ়িল, সেইটো বুজিব পাৰি।
- বিশ্বায়ন বুজিবলৈ: বিশ্বায়নৰ ভাল-বেয়া দিশ জানিবলৈ অর্থনীতি পঢ়িব লাগে। যেনে, বিদেশৰ সামগ্ৰী আমাৰ দেশত কিয় আহে, সেইটো জানিব পাৰি।
- অর্থনৈতিক উন্নতি বুজিবলৈ: দেশৰ উন্নতি আৰু পৰিৱেশৰ কথা জানিবলৈ অর্থনীতিৰ জ্ঞান লাগে।
প্রশ্ন ২: অর্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযোগ্য আৰু কিয়? ব্যাখ্যা কৰা।
উত্তৰ: অর্থবিজ্ঞানৰ আটাইতকৈ গ্রহণযোগ্য সংজ্ঞা হ’ল লায়নেল ৰবিন্সৰ সংজ্ঞা। তেওঁ ১৯৩২ চনত তেওঁৰ গ্ৰন্থ ‘An Essay on the Nature and Significance of Economic Science’ত এই সংজ্ঞা দিছিল।
ৰবিন্সৰ সংজ্ঞা: অর্থনীতি হ’ল এনে এটা বিজ্ঞান যি মানুহৰ আচৰণৰ অধ্যয়ন কৰে। ই মানুহৰ অসীম ইচ্ছা আৰু সীমিত সম্পদৰ মাজৰ সম্পর্কৰ কথা কয়।
কিয় গ্রহণযোগ্য:
- এই সংজ্ঞাত তিনিটা গুৰুত্বপূৰ্ণ কথা আছে:
- মানুহৰ ইচ্ছা অসীম।
- সম্পদ সীমিত।
- সীমিত সম্পদক বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি।
- এই কথাবোৰৰ পৰা আমি বুজিব পাৰোঁ যে অর্থনীতিৰ মূল সমস্যা হ’ল পছন্দৰ সমস্যা। যেনে, সীমিত টকাৰে আমি কি কিনিম, সেইটো ঠিক কৰা।
- এই সংজ্ঞাৰ কিছু সমালোচনাও আছে। কিছুমানে কয় যে বৰ্তমান সময়ত অর্থনৈতিক উন্নতিৰ কথা বেছি গুৰুত্বপূৰ্ণ, কিন্তু ৰবিন্সৰ সংজ্ঞাত সেই কথা নাই। তথাপি এই সংজ্ঞা সকলোৰে বাবে গ্রহণযোগ্য।
প্রশ্ন ৩: অর্থবিজ্ঞানৰ পৰিসৰ সম্পর্কে লিখা।
উত্তৰ: অর্থবিজ্ঞানৰ পৰিসৰ মানে অর্থনীতিত কি কি বিষয়ৰ কথা অধ্যয়ন কৰা হয়। ইয়াত কেইটামান গুৰুত্বপূৰ্ণ বিষয় আছে:
- ভোগ: আমি কেনেকৈ সামগ্ৰী ব্যৱহাৰ কৰি আমাৰ অভাৱ পূৰণ কৰোঁ, সেই কথা। যেনে, আমি কি খাদ্য কিনোঁ।
- উৎপাদন: সামগ্ৰী বা সেৱা কেনেকৈ বনোৱা হয়। যেনে, কাপোৰ কেনেকৈ তৈয়াৰ কৰা হয়।
- বিতৰণ: উৎপাদন কৰা সামগ্ৰী মানুহৰ মাজত কেনেকৈ ভাগ কৰা হয়। যেনে, কাপোৰ দোকানত কেনেকৈ বিক্ৰী কৰা হয়।
- বিনিময়: সামগ্ৰী কিনা-বেচাৰ কথা। যেনে, দেশৰ ভিতৰত বা দেশৰ বাহিৰত কেনেকৈ বেচা-কিনা হয়।
- মুদ্ৰা: টকাৰ ব্যৱহাৰৰ কথা। যেনে, টকাৰে কেনেকৈ সামগ্ৰী কিনা হয়।
- আয়: দেশৰ মুঠ আয় আৰু জনমূৰি আয়ৰ কথা।
- ৰাজস্ব: চৰকাৰৰ আয়, খৰচ আৰু ঋণৰ কথা।
- কল্যাণ: মানুহৰ ভালৰ বাবে কি কৰা হয়, সেই কথা।
- পৰিৱেশীয় অর্থনীতি: পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ কথা।
- দক্ষতা: সীমিত সম্পদক কেনেকৈ ভালদৰে ব্যৱহাৰ কৰা যায়।
পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ১: অর্থনীতিৰ মূল বিষয়বস্তু কি?
উত্তৰ: ব্যক্তিৰ আর্থিক কাৰ্যকলাপৰ অধ্যয়ন।
প্রশ্ন ২: ‘Oikonomia’ শব্দটোৰ অৰ্থ কি?
উত্তৰ: ‘Oikonomia’ এটা গ্রীক শব্দ। ইয়াৰ অৰ্থ হ’ল পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম। ‘Oikos’ মানে পৰিয়াল আৰু ‘nomos’ মানে নিয়ম।
প্রশ্ন ৩: ৰবিন্সৰ সংজ্ঞাটোৰ আন এটা নাম কি?
উত্তৰ: দুষ্প্রাপ্যতা বা নাটনিৰ সংজ্ঞা।
প্রশ্ন ৪: ভোগ মানে কি?
উত্তৰ: ভোগ মানে আমাৰ অভাৱ পূৰণৰ বাবে সামগ্ৰী বা সেৱা ব্যৱহাৰ কৰা। যেনে, খাদ্য খোৱা।
প্রশ্ন ৫: উৎপাদন মানে কি?
উত্তৰ: উৎপাদন মানে উপযোগী সামগ্ৰী বা সেৱা তৈয়াৰ কৰা। যেনে, কাপোৰ বনোৱা।
প্রশ্ন ৬: বিতৰণ মানে কি?
উত্তৰ: বিতৰণ মানে উৎপাদন কৰা সামগ্ৰী মানুহৰ মাজত ভাগ কৰা। যেনে, কাপোৰ দোকানত বিক্ৰী কৰা।
প্রশ্ন ৭: মুদ্ৰা কি?
উত্তৰ: মুদ্ৰা মানে টকা, যাক আমি সামগ্ৰী কিনা-বেচাৰ বাবে ব্যৱহাৰ কৰোঁ।
প্রশ্ন ৮: প্রত্যক্ষ বিনিময়ৰ এটা উৎকৃষ্ট উদাহৰণ দিয়া।
উত্তৰ: অসমৰ মৰিগাঁও জিলাৰ জোনবিল মেলা, য’ত টকাৰ পৰিৱৰ্তে সামগ্ৰীৰ সৈতে সামগ্ৰী বিনিময় কৰা হয়।
প্রশ্ন ৯: ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান কাক বোলে?
উত্তৰ: ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান হ’ল চৰকাৰৰ আয়, খৰচ আৰু ঋণৰ অধ্যয়ন।
প্রশ্ন ১০: কল্যাণকামী অর্থনীতিক জনপ্রিয় কৰি তোলা চাৰিজন অর্থনীতিবিদৰ নাম লিখা।
উত্তৰ:
- এ. চি. পিগু
- ভিলফ্রেড পেটো
- হিক্স
- অমৰ্ত্য সেন
প্রশ্ন ১১: অর্থনীতিৰ ন’বেল বঁটা লাভ কৰা ভাৰতীয় অর্থনীতিবিদজনৰ নাম লিখা।
উত্তৰ: অমৰ্ত্য সেন।
প্রশ্ন ১২: উপযোগিতা মানে কি?
উত্তৰ: উপযোগিতা মানে কোনো সামগ্ৰী বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰাৰ ক্ষমতা। যেনে, পানীয়ে আমাৰ পিয়াহ মিটায়।
প্রশ্ন ১৩: সম্পদ মানে কি?
উত্তৰ: সম্পদ মানে মানুহৰ জীৱনৰ বাবে প্ৰয়োজনীয় সকলো বস্তু। যেনে, পানী, মাটি, গছ।
প্রশ্ন ১৪: অভাৱ মানে কি?
উত্তৰ: অভাৱ মানে কোনো বস্তুৰ প্ৰয়োজন হোৱাৰ ইচ্ছা। যেনে, পিয়াহ লাগিলে পানীৰ অভাৱ হয়।
প্রশ্ন ১৫: দৰ মানে কি?
উত্তৰ: দৰ মানে কোনো সামগ্ৰীৰ টকাৰ মূল্য। যেনে, চাউলৰ দাম কিলোত ৫০ টকা।
প্রশ্ন ১৬: চাহিদা মানে কি?
উত্তৰ: চাহিদা মানে কোনো সামগ্ৰী কিনিবলৈ মানুহৰ ইচ্ছা। যেনে, আমি চাউল কিনিব বিচাৰোঁ।
প্রশ্ন ১৭: যোগান মানে কি?
উত্তৰ: যোগান মানে উৎপাদন কৰা সামগ্ৰীৰ যি অংশ বজাৰত বিক্ৰীৰ বাবে আনা হয়। যেনে, দোকানত চাউল বিক্ৰীৰ বাবে ৰখা।
প্রশ্ন ১৮: বজাৰ মানে কি?
উত্তৰ: বজাৰ মানে এনে এটা ঠাই য’ত সামগ্ৰী কিনা-বেচা হয়।
প্রশ্ন ১৯: অর্থবিজ্ঞানত বজাৰ বুলিলে কি বুজা?
উত্তৰ: অর্থবিজ্ঞানত বজাৰ মানে এনে এটা ব্যৱস্থা য’ত ক্রেতা আৰু বিক্রেতা সামগ্ৰী কিনা-বেচা কৰে। এইটো প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ’ব পাৰে।
প্রশ্ন ২০: মূলধন মানে কি?
উত্তৰ: মূলধন মানে উৎপাদনৰ বাবে ব্যৱহাৰ কৰা আহিলা। যেনে, কাপোৰ বনোৱাৰ বাবে তাঁতশাল।
প্রশ্ন ২১: সঞ্চয় মানে কি?
উত্তৰ: সঞ্চয় মানে আয়ৰ যি অংশ আমি খৰচ নকৰি জমা ৰাখোঁ।
প্রশ্ন ২২: বিনিয়োগ মানে কি?
উত্তৰ: বিনিয়োগ মানে মূলধনক উৎপাদনৰ কামত ব্যৱহাৰ কৰা। যেনে, তাঁতশালত কাপোৰ বনোৱা।
প্রশ্ন ২৩: চাৰিজন অর্থবিজ্ঞানীৰ নাম লিখা।
উত্তৰ:
- এডাম স্মিথ
- আলফ্রেড মাছেল
- লায়নেল ৰবিন্স
- ছেমুৱেলছন
প্রশ্ন ২৪: অর্থবিজ্ঞান সম্পদৰ বিজ্ঞান বুলি কোনে অভিহিত কৰিছিল?
উত্তৰ: এডাম স্মিথে।
প্রশ্ন ২৫: মাছেলৰ সংজ্ঞাটোৰ এটি দোষ লিখা।
উত্তৰ: মাছেলৰ সংজ্ঞাৰ এটা দোষ হ’ল ই কেৱল পাৰ্থিৱ কল্যাণৰ কথাহে কয়, অপাৰ্থিৱ কল্যাণৰ কথা নকয়।
প্রশ্ন ২৬: আয়তনৰ হিচাপত পৃথিৱীৰ সপ্তম বৃহত্তম দেশখনৰ নাম কি?
উত্তৰ: ভাৰতবৰ্ষ।