WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান » আমাৰ মৌলিক কৰ্তব্য Class 8

আমাৰ মৌলিক কৰ্তব্য Class 8

শ্ৰেণীঅষ্টম শ্ৰেণী (Class 8)
বিষয়সমাজ বিজ্ঞান (Social Science)
পাঠৰ নামআমাৰ মৌলিক কৰ্তব্য
খণ্ডৰাজনৈতিক (political)
পাঠৰ নংঅধ্যায় 4 (Chapter 4)
পাঠ্যক্ৰমৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

১। চমু উত্তৰ লিখা

(ক) নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা?
উত্তৰ: সংবিধানে নাগৰিকক অধিকাৰ প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰ আৰু সমাজৰ প্ৰতি তেওঁলোকৰ দায়িত্বসমূহক নাগৰিকৰ কৰ্তব্য বোলে।

(খ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি?
উত্তৰ: ২০০২ চনৰ ৮৬ তম সংশোধনীৰ দ্বাৰা সংযোজিত কৰ্তব্য হ’ল— “৬ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ শিক্ষাৰ সুযোগ প্ৰদান কৰা।”

(গ) জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে?
উত্তৰ: জাতীয় পতাকা দেশৰ স্বাধীনতা আৰু সন্মানৰ প্ৰতীক, সেয়ে আমি ইয়াক সন্মান জনোৱা উচিত।

(ঘ) বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি?
উত্তৰ: বিদ্যালয়ৰ নিয়ম পালন কৰা, সম্পত্তিৰ ক্ষতি নকৰা আৰু শান্তিপূৰ্ণভাৱে আচৰণ কৰা।


২। সংবিধানত উল্লেখিত যিকোনো পাঁচটা কৰ্তব্যৰ বিষয়ে লিখা

উত্তৰ:

  1. সংবিধান মানি চলা: সংবিধান, জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰা।
  2. স্বাধীনতাৰ আদৰ্শ পোষণ: স্বাধীনতা সংগ্ৰামৰ মহান আদৰ্শক অনুসৰণ কৰা।
  3. দেশৰ ঐক্য ৰক্ষা: ভাৰতৰ সাৰ্বভৌমত্ব আৰু সংহতি অটুট ৰখা।
  4. দেশৰ সেৱা: দেশৰ প্ৰতিৰক্ষাৰ বাবে সেৱা আগবঢ়োৱা।
  5. ভাতৃত্ববোধ: বিভিন্ন ধৰ্ম-ভাষাৰ মানুহৰ মাজত সম্প্ৰীতি বজাই ৰখা আৰু মহিলাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা।

৩। এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ’ব পাৰে লিখা

উত্তৰ:
(ক) দেশপ্ৰেম ও সমাজসেৱা: দেশৰ প্ৰতি দায়িত্ববোধ আৰু সমাজৰ উন্নতিৰ বাবে কাম কৰাৰ মনোভাৱ।
(খ) শৃংখলা ও নেতৃত্ব: নিয়মানুৱৰ্তিতা আৰু দলীয় কামৰ নেতৃত্ব দিয়াৰ ক্ষমতা।


৪। প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত?

উত্তৰ:
(ক) জীৱজগতৰ সুৰক্ষা আৰু প্ৰতিপালন কৰা।
(খ) প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু উন্নয়নৰ ব্যৱস্থা কৰা।
(গ) প্ৰদূষণ ৰোধ কৰা।
(ঘ) গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গছপুলি ৰোপণ কৰা।
(ঙ) পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰা।


৫। খালী ঠাই পূৰ কৰা

(ক) আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে।
(খ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে।
(গ) ৬-১৪ বছৰৰ সকলো শিশুক প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে।
(ঘ) ভাৰতীয় সংবিধানত মুঠ ১১টা কৰ্তব্যৰ কথা উল্লেখ আছে।


৬। শুদ্ধটো বাছি উলিওৱা

(ক) ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব নালাগে/লাগে
উত্তৰ: লাগে।

(খ) নলা-নৰ্দমাত প্লাষ্টিকৰ বেগ, জাঁবৰ-জোথৰ পেলাব লাগে/নালাগে
উত্তৰ: নালাগে।

(গ) বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে/নালাগে
উত্তৰ: লাগে।

(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব নালাগে/লাগে
উত্তৰ: লাগে।

(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে/নালাগে
উত্তৰ: লাগে।


৭। জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা

উত্তৰ:
(ক) শিক্ষাৰ প্ৰসাৰ: শিক্ষাৰ জৰিয়তে জনসাধাৰণৰ মাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰি বৈজ্ঞানিক যুক্তি আৰু চিন্তাধাৰাৰ বিকাশ ঘটাব পাৰি। বিদ্যালয় আৰু সমাজত বিজ্ঞানমেলা বা প্ৰদৰ্শনীৰ আয়োজন কৰিলে এই দৃষ্টিভংগী জাগ্ৰত হয়।

(খ) জনসচেতনতা কাৰ্যসূচী: বিজ্ঞানভিত্তিক সভা, আলোচনা বা প্ৰচাৰৰ জৰিয়তে মানুহক প্ৰকৃতিৰ নিয়ম, স্বাস্থ্যৰক্ষা আৰু পৰিৱেশ সুৰক্ষাৰ বিষয়ে সচেতন কৰি বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলা যায়।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam