Home » সপ্তম শ্ৰেণীৰ বিজ্ঞান » পানী ঃএক অমূল্য সম্পদ – Class 7 বিজ্ঞান

পানী ঃএক অমূল্য সম্পদ – Class 7 বিজ্ঞান

মাধ্যমঅসমীয়া (Assamese)
বিষয়সাধাৰন বিজ্ঞান (General Science)
পাঠৰ নামপানী ঃএক অমূল্য সম্পদ
শ্ৰেণীসপ্তম শ্ৰেণীৰ (Class VII)
অধ্যায়অধ্যায় 16 (Chapter)
পাঠ্যক্ৰমছেবা (NCERT)

পানী ঃএক অমূল্য সম্পদ


প্ৰশ্ন ১: উক্তিটো যদি সঁচা হয় (স) আৰু মিছা হয় (মি) ৰে চিহ্নিত কৰা।
(ক) পৃথিৱীৰ নদী আৰু হ্রদত থকাতকৈ ভূ-গৰ্ভৰ জমা হৈ থকা নিৰ্মল পানীৰ পৰিমাণ যথেষ্ট বেছি।
উত্তৰ: ✅ (স)
(খ) গাঁও অঞ্চলত বাস কৰা মানুহে পানীৰ নাটনিৰ সমস্যাত ভোগে।
উত্তৰ: ❌ (মি) [কিছু গাঁৱত ভূ-গৰ্ভৰ পানী পোৱা যায়]
(গ) খেতিপথাৰত কৰা জলসিঞ্চনৰ একমাত্র উৎস হ’ল নদীৰ পানী।
উত্তৰ: ❌ (মি) [ভূ-গৰ্ভৰ পানী, বৰষুণৰ পানীও ব্যৱহাৰ কৰা হয়]
(ঘ) বৰষুণ হ’ল পানীৰ প্রধান উৎস।
উত্তৰ: ✅ (স)


প্ৰশ্ন ২: ভূ-গৰ্ভৰ পানী কেনেকৈ পূৰ হয় কৰা হয় ব্যাখ্যা কৰা।
উত্তৰ:

  • বৰষুণৰ পানী মাটিৰ মাজেৰে অন্তঃপৰিস্ৰাৱণ (Infiltration) প্রক্রিয়ায়ে ভূ-গৰ্ভলৈ সোমায়।
  • নদী, পুখুৰীৰ পানীও মাটিৰ তৰপেৰে নিগৰি গৈ জলপৃক্ত স্তৰ (Aquifer) পূৰ কৰে।

প্ৰশ্ন ৩: পঞ্চাশঘৰ মানুহৰ মাজত দহটা নলীনাদ আছে। ভূ-গৰ্ভৰ জলপৃষ্ঠৰ ওপৰত কি দীর্ঘদিনীয়া প্ৰভাৱ পৰিব পাৰে?
উত্তৰ:

Winter Sale
  • নলীনাদেৰে অত্যধিক পানী তুলিলে জলপৃষ্ঠৰ স্তৰ নামি যায়।
  • ফলত অঞ্চলটোৰ পানীৰ নাটনি হ’ব পাৰে (জলস্তৰ অৱনমন)।

প্ৰশ্ন ৪: তোমাক এখন বাগিচা পৰিচালনা কৰিবলৈ কোৱা হ’ল। তুমি কেনেকৈ কম পানী ব্যৱহাৰ কৰি পৰিচালনা কৰিবা?
উত্তৰ:

  • ড্ৰিপ ইৰিগেশ্যন (টোপালে টোপালে পানী দিয়া পদ্ধতি) ব্যৱহাৰ কৰিব পাৰি।
  • ৰাতিপুৱা বা সন্ধিয়া জলসিঞ্চন কৰিলে পানীৰ বাষ্পীভৱন কম হয়।

প্ৰশ্ন ৫: ভূ-গৰ্ভৰ জলপৃষ্ঠৰ অৱনমনৰ কাৰণে দায়ী কাৰকসমূহ ব্যাখ্যা কৰা।
উত্তৰ:
১) অত্যধিক উত্তোলন: জনসংখ্যা বৃদ্ধিৰ লগে লগে পানীৰ চাহিদা বেছি হয়।
২) বনাঞ্চল ধ্বংস: মাটিৰ পানী শোষণ ক্ষমতা কমে।
৩) অপ্ৰচুৰ বৰষুণ: পানীৰ পুনৰভৰণ কম হয়।


প্ৰশ্ন ৬: উপযুক্ত উত্তৰেৰে খালী ঠাই পূৰ কৰা:
(ক) দমকল আৰু হস্তচালিত টুৱাব দ্বাৰা মানুহে ভূ-গৰ্ভৰ পানী পায়।
(খ) পানীৰ তিনিটা ৰূপ হ’ল গোটা, জুলীয়া আৰু গেছীয়
(গ) পৃথিৱীৰ পানী বহন কৰা স্তৰটো হ’ল জলপৃক্ত স্তৰ
(ঘ) যি প্ৰক্ৰিয়াৰদ্বাৰা পানী নিগৰি মাটিৰ তললৈ সোমাই যায় তাক অন্তঃপৰিস্ৰাৱণ বোলা হয়।


প্ৰশ্ন ৭: তলৰ কোনটো পানীৰ নাটনিৰ কাৰণ নহয়?
(ক) উদ্যোগৰ দ্রুত বৃদ্ধি
(খ) জনসংখ্যা বৃদ্ধি
(গ) প্ৰচুৰ বৰষুণ ✅
(ঘ) জল সম্পদৰ সু-ব্যৱস্থাপনাৰ অভাৱ

ব্যাখ্যা: প্ৰচুৰ বৰষুণে পানীৰ ভৰাল পূৰ কৰে, গতিকে ই নাটনিৰ কাৰণ নহয়।


প্ৰশ্ন ৮: শুদ্ধ উত্তৰটো বাছি উলিওৱা।
মুঠ পানীৰ পৰিমাণ একে থাকে—
(ক) পৃথিৱীৰ হ্ৰদ আৰু নদী সমূহত ❌
(খ) ভূ-গৰ্ভত ❌
(গ) পৃথিৱীৰ সাগৰ আৰু মহাসাগৰ সমূহত ❌
(ঘ) গোটেই পৃথিৱীৰ ✅

ব্যাখ্যা: পানী চক্ৰৰ জৰিয়তে পৃথিৱীৰ মুঠ পানীৰ পৰিমাণ স্থিৰ থাকে (কেৱল ৰূপান্তৰিত হয়)।


Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam