Home » সপ্তম শ্ৰেণীৰ বিজ্ঞান » প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ – Class 7 Science

প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ – Class 7 Science

মাধ্যমঅসমীয়া (Assamese)
বিষয়সাধাৰন বিজ্ঞান (General Science)
পাঠৰ নামপ্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ  
শ্ৰেণীসপ্তম শ্ৰেণীৰ (Class VII)
অধ্যায়অধ্যায় 9 (Chapter 9)
পাঠ্যক্ৰমছেবা (NCERT)

প্ৰাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্ৰ 

অনুশীলনী

১) ১ নং স্তম্ভৰ লগত ২ নং স্তম্ভ মিলোৱা

স্তম্ভ-১স্তম্ভ-২
i) পত্ৰৰন্ধ্ৰb) প্ৰস্বেদন
ii) জাইলেমd) পানী পৰিবহণ
iii) চুলি শিপাa) পানী শোষণ
iv) ফ্ল’ৱেমe) কাৰ্ব’হাইড্ৰেট পৰিবহণ

২) খালী ঠাই পূৰ কৰা।
i) ধমনীৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।
ii) লোহিত ৰক্তকোষত হিম’গ্লবিন পোৱা যায়।
iii) ধমনী আৰু শিৰাবোৰ কৈশিক জালিকাৰ দ্বাৰা সংলগ্ন।
iv) হৃদযন্ত্ৰৰ সুসংহত প্ৰসাৰণ আৰু সংকোচনক হৃদস্পন্দন বোলা হয়।
v) মানুহৰ প্ৰধান বৰ্জিত দ্ৰব্য হ’ল মূত্ৰ
vi) ঘামত পানী আৰু লৱণ থাকে।
vii) জুলীয়া অৱস্থাত বৃক্কই অপসাৰণ কৰা বৰ্জিত দ্ৰব্যক মূত্ৰ বোলা হয়।
viii) শোষণ টানৰ জড়িয়তে পানী গছৰ উচ্চতালৈ পৰিবহন হোৱাৰ কাৰণ হ’ল প্ৰস্বেদন

Winter Sale

৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা
a) i) জাইলেম
b) iii) ফেনৰ তলত

৪) উদ্ভিদ বা প্ৰাণীৰ উপাদানসমূহৰ পৰিবহনৰ কিয় প্ৰয়োজন ব্যাখ্যা কৰা।
উত্তৰঃ পৰিবহন তন্ত্ৰই খাদ্য, অক্সিজেন, খনিজ লৱণ আদি শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহন কৰে আৰু বৰ্জিত পদাৰ্থবোৰ দেহৰ পৰা আঁতৰাই আনে।

৫) যদি তেজত অনুচক্ৰিকা নাথাকে তেতিয়া কি হব লিখা?
উত্তৰঃ তেজ জমাট নাবান্ধে, আঘাত পাই তেজ বেছিকৈ বৈ যাব।

৬) পত্ৰৰন্ধ্ৰ কি? পত্ৰৰন্ধ্ৰৰ দুটা কাম উল্লেখ কৰা।
উত্তৰঃ পাতত থকা সৰু ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বোলে।
কামঃ

  1. কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে
  2. পানী বাষ্পীভৱন কৰে (প্ৰস্বেদন)

৭) প্ৰস্বেদনে উদ্ভিদৰ প্ৰয়োজনীয় কাম কৰেনে? ব্যাখ্যা কৰা।
উত্তৰঃ হয়, প্ৰস্বেদনে পানীৰ শোষণ বল সৃষ্টি কৰি ওখ গছলৈ পানী তুলি নেয় আৰু গছজোপাক শীতল কৰে।

৮) তেজৰ উপাদানসমূহ কি কি?
উত্তৰঃ প্লাজমা, লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা, অনুচক্ৰিকা।

৯) শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্ৰয়োজন?
উত্তৰঃ খাদ্য, অক্সিজেন পৰিবহণ আৰু বৰ্জিত পদাৰ্থ নিষ্কাশনৰ বাবে।

১০) কিহে তেজৰ ৰঙা ৰং প্ৰদান কৰে?
উত্তৰঃ হিম’গ্লবিনে।

১১) হৃদযন্ত্ৰৰ কাৰ্য বৰ্ণনা কৰা।
উত্তৰঃ তেজ পাম্প কৰি শৰীৰৰ সকলো অংশলৈ পৰিবহণ কৰে।

১২) বৰ্জিত দ্ৰব্য দেহৰ পৰা উলিয়াই দিয়াটো কিয় প্ৰয়োজন?
উত্তৰঃ বিষাক্ত পদাৰ্থ দেহৰ পৰা আঁতৰাবলৈ।

১৩) মানুহৰ ৰেচন তন্ত্ৰৰ এখন ছবি আঁকা আৰু তাৰ বিভিন্ন অংশসমূহ চিহ্নিত কৰা।
উত্তৰঃ

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam