প্ৰত্যাহ্বান Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

প্ৰত্যাহ্বান Class 7 Question Answer| অসম সপ্তম শ্ৰেণীৰ | Class 7 Assamese Question Answer Lesson 10 | সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ | Class 7 Assamese Chapter 10 | অংকুৰণ সপ্তম শ্ৰেণীৰ

বিষয় সপ্তম শ্ৰেণীৰ অসমীয়া
মাধ্যমঅসমীয়া
কিতাপখনৰ নামঅংকুৰণ সপ্তম শ্ৰেণীৰ
পাঠৰ নামপ্ৰত্যাহ্বান
অধ্যায় (Chapter) 10
শ্ৰেণী VII
অধ্যায় অধ্যায় 10

প্ৰত্যাহ্বান Class 7 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

১। পাঠটোৰ তিনিওটা খণ্ড মনোযোগেৰে পঢ়া আৰু তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া।

(ক) সৰু কালত প্রিন্সি গগৈয়ে ওচৰ-চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল ?
উঃ— সৰু কালত প্রিন্সি গগৈক ওচৰ-চুবুৰীয়া আৰু সমাজৰ কিছুমান লোকে সমমর্মিতাৰে আকোঁৱালি লৈছিল। আন কিছুমান লোকে তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল।

(খ) বিদ্যালয়ত নাম ভৰ্তি কৰোঁতে প্রিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল?
উঃ — বিদ্যালয়ত নাম ভৰ্তি কৰোঁতে প্রিন্সি গগৈয়ে সমস্যাৰ সন্মুখীন হৈছিল। এখন বিদ্যালয়ে তেওঁক নাম ভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ “ৰজাঢাপ প্রাথমিক বিদ্যালয়’ৰ কৰ্তৃপক্ষই তেওঁক নাম ভর্তি কৰিবলৈ সুবিধা দিছিল।

(গ) পঢ়া-শুনাৰ লগতে প্রিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছে?
উঃ— পঢ়া-শুনাৰ লগতে প্রিন্সি গগৈৰ ভৰিৰ আঙুলিৰ জৰিয়তে ছবি অঁকা আৰু গান গোৱাত ৰাপ আছে।

(ঘ) দুর্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল?
উঃ— দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাই প্ৰথমে বৰ অসহায় অনুভৱ কৰিছিল। এক সীমাহীন বিষাদ বেদনাই তেওঁক আৱৰি ধৰিছিল। তেওঁ যেন সকলো ফালে ধুৱলি-কুঁৱলি দেখিছিল। নানা চিন্তাই তেওঁক জুমুৰি দি ধৰিছিল। মনৰ দুখবোৰ তেওঁ কবিতাৰ মাজেৰে প্ৰকাশ কৰিছিল।

(ঙ) সংগ্রামজ্যোতিয়ে ক’ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল?
উঃ— ‘গুৱাহাটী আর্টিষ্ট গীল্ড’ ত সংগ্রামজ্যোতিয়ে চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল।

(চ) সংগ্রামজ্যোতি কি বিষয়ত পাৰদৰ্শী?
উঃ– সংগ্রামজ্যোতি চিত্ৰকলা বিষয়ত পাৰদৰ্শী।

(ছ) ‘আপোনাৰ দৰে মোৰো দুখন হাত আছিল’— কবিতাটি কোনে ৰচনা কৰিছিল?
উঃ— আপোনাৰ দৰে মোৰো দুখন হাত আছিল’—কবিতাটিৰ ৰচক হৈছে জুলী ৱৰুৱা।

প্ৰত্যাহ্বান Class 7 Question Answer

উত্তৰ দিয়া

২। (ক) কোনখন বিদ্যালয়ে প্রিন্সি গগৈক আঁকোৱালি লৈছিল?
উঃ— সোণাৰীৰ ‘ৰজাঢাপ প্রাথমিক বিদ্যালয়ে’ প্রিন্সি গগৈক আঁকোৱালি লৈছিল।

(খ) ‘এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰোঁ। —ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিব বিচাৰিছে?
উঃ— ইয়াত জুলি বৰুৱাই অনাদৰ অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগসকলক ছাঁ দিব বিচাৰিছে। আমাৰ সমাজত আজিও দিব্যাংগসকলৰ প্ৰতি অনাদৰ কৰা হয় বা তেওঁলোকক অৱহেলাৰ দৃষ্টিৰে চোৱা হয়। এনেলোকৰ মাজতো প্ৰচুৰ সম্ভাৱনা থকা দেখা যায়। কিন্তু সমাজৰ অনাদৰ অৱহেলাৰ বাবে এই সম্ভাৱনাবোৰে সাকাৰ ৰূপ এটা পাবলৈ সক্ষম নহয়। গতিকে জুলি বৰুৱাই এনে ধৰণৰ লোকসকলক এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰে। এওঁলোকৰ বাবে অন্ন, বস্ত্ৰ আৰু আবাস নিশ্চিত কৰি এওঁলোকৰ সম্ভাৱনাক সাকাৰ ৰূপ দিয়াৰ তেওঁ পৰিকল্পনা কৰিছে।

৩। সংগ্রামজ্যোতিয়ে বর্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্র অংকন কৰি নিজে কেনেকৈ সফলতা অর্জন কৰিলে সেই বিষয়ে লিখা।
উঃ— গুৱাহাটীৰ সংগ্ৰামজ্যোতি চৌধুৰী হৈছে তুলিকাৰ যাদুৰে একোটা বিষয়ক জীৱন্ত কৰি তোলা এজন মূকবধিৰ যুৱক। তেওঁ এখনৰ পাছত এখনকৈ চিত্র বর্ণময় আৰু প্ৰাণৱন্ত ৰূপত অংকন কৰি নিজৰ বিৰল প্ৰতিভাৰ পৰিচয় দিয়ে। তেওঁ “গুৱাহাটীৰ আৰ্টিষ্ট গীল্ড” ত চাৰুকলাৰ পাঁচবছৰীয়া ডিপ্লোমা লাভ কৰি পিছত নিজাকৈ “চিত্ৰাংকন কলাকেন্দ্র” খোলে আৰু তাত চিত্ৰকলাৰ শিক্ষাদান কৰে। সংগ্রামজ্যোতিক এজন সফল চিত্রশিল্পী হিচাপে গঢ় দিয়াত মাক শ্ৰীমতী আইমণি চৌধুৰীৰ ভূমিকা অপৰিসীম। সংগ্রামজ্যোতিয়ে এতিয়ালৈকে বিভিন্ন চিত্রাংকন প্রতিযোগিতাত অংশগ্রহণ কৰি সৰ্বভাৰতীয় পর্যায়ত অনেক বঁটা লাভ কৰিছে। পঞ্চম ভাৰতীয় কলা প্রতিযোগিতাত দিব্যাংগসকলৰ জীৱন সমৃদ্ধিৰ শিতানত তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰিছে। এইদৰে চিত্ৰকলাৰ বিভিন্ন দিশত তেওঁ পাৰদৰ্শিতা দেখুৱাই নিজ ৰাষ্ট্ৰৰ লগতে আন্তৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰত্যাহ্বান Class 7 Question Answer

৪। বিপৰীতার্থক শব্দ লিখা।
এন্ধাৰ, সফল, স্বাভাৱিক, জাগ্রত, অমংগল, সক্ষম, আনুষ্ঠানিক।
উঃ-

শব্দবিপৰীত শব্দ
এন্ধাৰপোহৰ
সফলবিফল
স্বাভাৱিকঅস্বাভাৱিক
জাগ্রতসুপ্ত
অমংগলমংগল
সক্ষমঅক্ষম
আনুষ্ঠানিকঅনানুষ্ঠানিক

৫। যুৰীয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি লিখা।
উঃ— মুখামুখি, বাধা-বিবাদ, বাধা-বিঘিনি, ধোঁৱা-কোঁৱা, লেখা-মেলা, কলা-কীর্তি ইত্যাদি।

৬। বাক্য ৰচনা কৰা।
আনুষ্ঠানিক, গতিপথ, প্রচেষ্টা, যন্ত্রণা, কর্তব্য, প্রশংসা।
উঃ— আনুষ্ঠানিক – আইতাজনীৰ আনুষ্ঠানিক শিক্ষা নাই যদিও তেওঁৰ জ্ঞান আৰু গুণৰ তুলনা নাই।
গতিপথ – বাছ দুৰ্ঘটনাটোৱে জুলী বৰুৱাৰ জীৱনৰ গতিপথ সলাই পেলাইছিল।
প্রচেষ্টা – ল’ৰাজনে আশাসুধীয়াকৈ কৰা প্ৰচেষ্টাৰ অন্তত পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ল।
যন্ত্রণা – যন্ত্রণা দহদিন অসহনীয় যন্ত্রণাত ছটফটাই থাকি অৱশেষত হাতীটোৰ মৃত্যু হ’ল।
কর্তব্য – আমি কেতিয়াও কৰ্তব্যৰ প্ৰতি অৱহেলা কৰিব নালাগে।
প্রশংসা – ভাল কাম কৰা লোকক সকলোৱে প্ৰশংসা কৰে।

Class 7 Assamese Question Answer Lesson 10

৭। আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা পাঠৰ সহায়ত বুজাই লিখা।
উঃ— আত্মবিশ্বাসে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। নিজৰ ওপৰত বিশ্বাস থাকিলে শাৰীৰিক প্রতিবন্ধকতাই বা বিশেষভাৱে সক্ষম হলেও কৃতকাৰ্যতাৰ পথত হেঙাৰ হ’ব নোৱাৰে। শাৰীৰিক বাধাগ্রস্ত বা বিশেষভাৱে সক্ষম মানে অক্ষমতাক নুবুজায়। শাৰীৰিক বাধাগ্রস্ত সকলো মৌখিক শক্তিৰে ভৰপূৰ। এই ক্ষেত্ৰত আমি প্রিন্সি গগৈ, জুলী বৰুৱা বা সংগ্রামজ্যোতি চৌধুৰীৰ কথা ক’ব পাৰোঁ। জন্মৰে পৰাই দুয়োখন হাত নথকা প্রিন্সি গগৈয়ে বর্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত স্নাতক পর্যায়ত অধ্যয়ন কৰি আছে আৰু লগতে গুৱাহাটীৰ ‘নেমকেয়াৰ হাস্পাতাল’ৰ অভ্যর্থনা কক্ষত কৰ্মৰত। এটা বাছ দুর্ঘটনাত দুয়োখন হাত হেৰুৱাই চিৰদিনলৈ এক শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জুলী বৰুৱা বৰ্তমান অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়াৰূপে কৰ্মৰত।

ইয়াৰ লগতে অনাদৰ-অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগসকলৰ বাবে ইতিবাচক কিবা এটা কৰাৰ বাৰে তেওঁৰ পৰিকল্পনা আছে। মূকবধিৰ যুৱক সংগ্রামজ্যোতি চৌধুৰীয়ে “গুৱাহাটী আৰ্টিষ্ট গীল্ড’ ত চাৰুকলাৰ পাঁচ বছৰীয়া ডিপ্লোমা লাভ কৰি নিজাববীয়াকৈ চিত্রাংকন কলাকেন্দ্র খুলি ছাত্র-ছাত্ৰীসকলক চিত্ৰকলাৰ শিক্ষাদান কৰি আছে। ইয়াৰ উপৰি চিত্ৰকলা বিষয়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন বঁটা-বাহনেৰে এওঁ পুৰস্কৃত হৈছে। গতিকে ক’ব পাৰি যে প্রবল আত্মবিশ্বাস থাকিলে বিশেষভাৱে সক্ষম বা দিব্যাংগ হ’লেও নিজৰ প্ৰতিভা বিকাশত কোনেও বাধা প্রদান কৰিব  নোৱাৰে। আত্মবিশ্বাসে মানুহক জীক্ষাই থকাৰ প্ৰেৰণা দিয়ে।

Class 7 Assamese Question Answer Lesson 10

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

১। প্রিন্সি গগৈয়ে জন্মৰ পৰাই কেনেদৰে জীৱন সংগ্ৰামৰ মুখামুখি হৈছিল?
উঃ– প্রিন্সি গগৈয়ে জন্মৰ পৰাই জীৱন সংগ্ৰামৰ মুখামুখি হ’বলগীয়া হৈছিল। জন্মৰে পৰাই দুয়োখন হাত নাছিল বাবে কিছুমান লোকে তেওঁৰ প্রতি সমমর্মিতা দেখুৱাইছিল আৰু কিছুমান লোকে তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল।

২। প্রিলি গগৈয়ে বিদ্যালয়ত কি দৰে লিখিছিল?
উঃ- প্রিপি গগৈয়ে বিদ্যালয়ত ভৰিৰে লিখিছিল।

৩। প্রিন্সি গগৈয়ে ক’ত স্নাতক পর্যায়ত অধ্যয়ন কৰি আছে?
উঃ- প্রিন্সি গগৈয়ে বর্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত অধ্যয়ন কৰি আছে।

৪। প্রিন্সি গগৈ বর্তমান ক’ত কৰ্মৰত?
উঃ— প্রিন্সি গগৈ বৰ্তমান গুৱাহাটীৰ নেমকেয়াৰ হাস্পাতালৰ অভ্যর্থনাই কক্ষত কৰ্মৰত।

৫। জুলী বৰুৱাই কেনেদৰে তেওঁৰ দুয়োখন হাত হেৰুৱাইছিল?
উঃ— জুলী বৰুৱাই গুৱাহাটীৰ পৰা লখিমপুৰলৈ গৈ থকা অৱস্থাত এক বাছ দুর্ঘটনাত পতিত হৈ নিজৰ দুয়োখন হাত হেৰুৱাইছিল।

৬। জুলী বৰুৱাই অনাদৰ-অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগ-সকলৰ বাবে কি কৰিবলৈ বিচাৰে বুলি কৈছে?
উঃ― জুলী বৰুৱাই অনাদৰ-অৱহেলাৰ মাজত জীয়াই থকা দিব্যাংগ সকলৰ বাবে এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰে। তেওঁ তেওঁলোকৰ বাবে আদৰ্শ স্বৰূপ হৈ তেওঁলোকৰ বাবে কাম কৰিব বিচাৰে। তেওঁলোকৰ বাবে অন্ন, বস্ত্ৰ আৰু আবাস নিশ্চিত কৰাৰ সপোন দেখে। তেওঁলোকৰ সম্ভাৱনাসমূহক সাকাৰ ৰূপ দিবলৈ এক পৰিকল্পনা গ্ৰহণ কৰিছে।

প্ৰত্যাহ্বান Class 7 Question Answer

৭। জুলী বৰুৱাই জীৱন নিৰ্বাহৰ বাবে কি কৰে?
উঃ– জুলী বৰুৱাই জীৱন নিৰ্বাহৰ বাবে অসম চৰকাৰৰ তথ্য আৰু জন সংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়াৰূপে বৰ্তমান কাম কৰে।

৮। সংগ্রামজ্যোতিক সফল চিত্রশিল্পী হিচাপে গঢ় দিয়াত কাৰ ভূমিকা অপৰিসীম?
উঃ— সংগ্রামজ্যোতিক সফল চিত্রশিল্পী হিচাপে গঢ় দিয়াত মাতৃ শ্ৰীমতী আইমণি চৌধুৰীৰ ভূমিকা অপৰিসীম।

৯। সংগ্রামজ্যোতি চৌধুৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোন কোন দেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল?
উঃ- সংগ্রামজ্যোতি চৌধুৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষকৈ জাপান, ফ্রান্স আদি দেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

১০। এই পাঠটিৰ পৰা তুমি কি শিকিলা?
উঃ– এই পাঠটিৰপৰা এই শিক্ষাই পোৱা যায় যে মনত আত্মবিশ্বাস থাকিলে শাৰীৰিক প্রতিবন্ধকতাই কেতিয়াও বাধাৰ সৃষ্টি কৰিব নোৱাৰে। সকলো মানুহেই মৌলিক শক্তিৰে ভৰপূৰ। গতিকে অদম্য সাহস আৰু মনোবলৰ সহায়ত মানুহে সকলোধৰণৰ বাধা হেলাৰঙে অতিক্ৰম কৰিব পাৰে।

(ক) সৰু কালত প্রিন্সি গগৈয়ে ওচৰ-চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল ?

উঃ— সৰু কালত প্রিন্সি গগৈক ওচৰ-চুবুৰীয়া আৰু সমাজৰ কিছুমান লোকে সমমর্মিতাৰে আকোঁৱালি লৈছিল। আন কিছুমান লোকে তেওঁক অমংগলীয়া বুলি গণ্য কৰিছিল।

(খ) বিদ্যালয়ত নাম ভৰ্তি কৰোঁতে প্রিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল?

উঃ — বিদ্যালয়ত নাম ভৰ্তি কৰোঁতে প্রিন্সি গগৈয়ে সমস্যাৰ সন্মুখীন হৈছিল। এখন বিদ্যালয়ে তেওঁক নাম ভৰ্তি কৰিবলৈ দিয়া নাছিল। কেৱল সোণাৰীৰ “ৰজাঢাপ প্রাথমিক বিদ্যালয়’ৰ কৰ্তৃপক্ষই তেওঁক নাম ভর্তি কৰিবলৈ সুবিধা দিছিল।

(গ) পঢ়া-শুনাৰ লগতে প্রিন্সি গগৈৰ কি কি বিষয়ত ৰাপ আছে?

উঃ— পঢ়া-শুনাৰ লগতে প্রিন্সি গগৈৰ ভৰিৰ আঙুলিৰ জৰিয়তে ছবি অঁকা আৰু গান গোৱাত ৰাপ আছে।

(ঘ) দুর্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাৰ মনত কি ভাব জাগি উঠিছিল?

উঃ— দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলী বৰুৱাই প্ৰথমে বৰ অসহায় অনুভৱ কৰিছিল। এক সীমাহীন বিষাদ বেদনাই তেওঁক আৱৰি ধৰিছিল। তেওঁ যেন সকলো ফালে ধুৱলি-কুঁৱলি দেখিছিল। নানা চিন্তাই তেওঁক জুমুৰি দি ধৰিছিল। মনৰ দুখবোৰ তেওঁ কবিতাৰ মাজেৰে প্ৰকাশ কৰিছিল।

Leave a Comment