গছ ভালপোৱা ককাৰ খং Class 7 Question Answer অংকুৰণ সপ্তম শ্ৰেণীৰ

গছ ভালপোৱা ককাৰ খং  Class 7 Question Answer| গছ ভালপোৱা ককাৰ খং সপ্তম শ্ৰেণীৰ | Class 7 Assamese Question Answer Lesson 11 | সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ | Class 7 Assamese Chapter 11 | অংকুৰণ সপ্তম শ্ৰেণীৰ

বিষয় সপ্তম শ্ৰেণীৰ অসমীয়া
মাধ্যমঅসমীয়া
কিতাপখনৰ নামঅংকুৰণ সপ্তম শ্ৰেণীৰ
পাঠৰ নামগছ ভালপোৱা ককাৰ খং
অধ্যায় (Chapter) 11
শ্ৰেণী VII
অধ্যায় অধ্যায় 11

গছ ভালপোৱা ককাৰ খং Class 7 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

১। কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া।
উঃ– (কবিতাটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ যত্ন কৰা।)

২। কবিতাটো ছন্দ আৰু লয়ৰ সংগতি ৰাখি আবৃত্তি কৰা।
উঃ― (তোমালোকে নিজে কৰা।)

৩। কোৱা আৰু লিখা।
(ক) কবিতাটোত কাৰ বিয়াৰ কথা কৈছে?
উঃ— কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে।

(খ) আমলখি গছজোপা কিয় কাটিলে?
উঃ— ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভা দিবলৈ আমলখি গছজোপা কাটিলে।

(গ) কোনে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে?
উঃ— ৰঘুনাথৰ বোৱাৰীয়েকে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে।

(ঘ) সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে?
উঃ— সহজতে আমলখি গছজোপা ঘূৰাই নাপাব বুলি ককাই কৈছে।

গছ ভালপোৱা ককাৰ খং Class 7 Question Answer

৪। কোৱা আৰু লিখা।
(ক) বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল?
উঃ — বিয়া খাবলৈ আহি ককাই আমলখি গছজোপা কাটি ৰভা দিয়া দেখিছিল। সেইবাবে ককাৰ খং উঠিছিল। কাৰণ বিয়া শেষ হোৱাৰ পাছত আলহী-অতিথিসকল ঘৰাঘৰি গুচি যাব, ৰভাখনো নাইকিয়া হ’ব আৰু বোৱাৰীয়ে ঘৰখন পূৰাই দিব। কিন্তু ৰভা দিবলৈ কাটি পেলোৱা আমলখি গছজোপা সহজে ঘূৰাই পোৱাটো সম্ভৱ নহ’ব। সেয়েহে ককাই গছজোপা কাটি পেলোৱাৰ বাবে ৰঘুনাথক খং কৰিছিল।

(খ) বিয়া ঘৰত ককাই কিয় একো নাখালে?
উঃ- ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভা দিবৰ বাবে আমলখি গছজোপা কাটি পেলাইছিল। গছ ভালপোৱা ককাজনে বিয়া খাবলৈ আহি আমলখি গছজোপা কাটি পেলোৱা বাবে ৰঘুনাথক খং কৰিছিল আৰু সেই বাবে বিয়াঘৰত একো খোৱা নাছিল।

(গ) খং উঠাৰ পাছতো ককাই দৰাক কি দিব বিচাৰিছিল?
উঃ– খং উঠাৰ পাছতো ককাই দৰাক আশীৰ্বাদ দিব বিচাৰিছিল।

লগতে পঢ়ক:   নামৰ বেবেৰিবাং Class 7 Question Answer সপ্তম শ্ৰেণীৰ অসমীয়া

৫। তলৰ কবিতাফাকি গদ্যৰূপত লিখা
আলহী-অতিথি যাব
ৰভা নাইকিয়া হ’ব
বোৱাৰীয়ে ঘৰখন
দিবহি পূৰাই,
পিছে কোৱাচোন ৰঘুনাথ
আমলখি গছজোপা
সহজতে পাবানে ঘূৰাই?
উঃ— ৰঘুনাথৰ পুতেকৰ বিয়াত নিমন্ত্রিত গছ ভাল পোৱা ককাজনে বিয়া খাবলৈ আহি ৰভা দিবলৈ আমলখি গছজোপা কাটি পেলোৱা দেখি মনত বৰ বেজাৰ পাইছে। আৰু গছজোপা কাটি পেলোৱাৰ বাবে ৰঘুনাথক খং কৰিছে। বিয়া অনুষ্ঠান শেষ হোৱাৰ পাছত আলহী-অতিথিসকল ঘৰাঘৰি গুচি যাব, ৰভাখনো নাইকিয়া হ’ব আৰু বোৱাৰীয়ে ঘৰখন পুৰাই দিব, পিছে ৰঘুনাথে ৰভা দিবলৈ কাটি পেলোৱা আমলখি গছজোপা সহজে ঘুৰাই পাবনে বুলি ককাজনে ৰঘুনাথক প্রশ্ন কৰিছে।

গছ ভালপোৱা ককাৰ খং Class 7 Question Answer

৬। কবিতাটোৰ মূলভাব লিখা।
উঃ— গছ-গছনিয়ে প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। ইয়াক জধে-মধে কাটি তহিলং কৰিলে আমাৰ পৰিৱেশ বিনষ্ট হয়। গছ-গছনি অবিহনে পৃথিৱীত মানুহ নাইবা অন্যান্য প্রাণীসমূহ জীয়াই থাকিব নোৱাৰে। গছ ভালপোৱা ককা এজনৰ মনৰ কথা এই কবিতাৰ দ্বাৰা সুন্দৰকৈ প্ৰকাশ কৰা হৈছে। ৰঘুনাথে পুতেকৰ বিয়া উপলক্ষ্যে ককাক নিমন্ত্ৰণ কৰাত ককাই মনত সন্তোষ পাইছে। কিন্তু বিয়াৰ ৰভাখন দিবলৈ আমলখি গছজোপা কাটি পেলোৱাৰ বাবে ককাই মনত বৰ দুখ পাইছে আৰু ৰঘুনাথক খং কৰিছে। বিয়া অনুষ্ঠান শেষ হোৱাৰ পাচত আলহী-অতিথিবোৰ ঘৰাঘৰি যাবগৈ, ৰভাখন আঁতৰাই পেলোৱা হ’ব আৰু বোৱাৰীয়েকে ঘৰখন পূৰাই দিব কিন্তু ৰঘুনাথে সহজ আমলখি গছজোপা ঘুৰাই নাপাব। সেইবাবে খং আৰু বেজাৰত গছ ভাল পোৱা ককাজনে বিয়াৰ লুচি-ভাজি, ৰসগোল্লা একো নাখাই কেৱল দৰাজনক এজোলোকা আশীৰ্বাদ দি ঘৰলৈ গুচি গৈছে।

৭। বাক্য ৰচনা কৰা :-
এজোলোকা, আলহী-অতিথি, আশীর্বাদ, সহজতে, ঘূৰাই, ৰভা।
উঃ– এজোলোকা :- আইতাই নাতি বোৱাৰীয়েকক এজোলোকা আশীৰ্বাদ দি মৰমেৰে সাৱটি ধৰিছে।
আলহী-অতিথি :- বিয়া বুলি এইকেইদিন ঘৰখন আলহী-অতিথিৰে ভৰি আছে।
আশীর্বাদ :– সৰুৱে ডাঙৰক সম্মান কৰে আৰু ডাঙৰে সৰুক আশীর্বাদ দিয়ে।

সহজতে:– ল’ৰাজনে কঠিন কামটো সহজতে কৰি পেলালে।
ঘূৰাই:– হেৰাই যোৱা কলমডাল পুনৰ ঘূৰাই পাম বুলি মই আশা কৰা নাছিলোঁ।
ৰভা:– পুতেকৰ বিয়াৰ ৰভা দিবলৈ ৰঘুনাথে আমলখি গছজোপা কাটি পেলালে।

গছ ভালপোৱা ককাৰ খং Class 7 Question Answer

৮। ‘ক’ অংশৰ লগত ‘খ’ অংশৰ অৰ্থৰ মিল থকা শব্দবোৰ আঁচ টানি মিলোৱা-

উত্তৰ :-

ক অংশ‘খ’ অংশ
ৰভাকোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি
ঔষধদৰৱ
গছবৃক্ষ
লগতে পঢ়ক:   মিছাইল মানৱ Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

৯। তোমাৰ পৰিয়ালৰ অন্য সদস্যসকলক বা ওচৰ-চুবুৰীয়াক গছ-গছনি নাকাটিবলৈ কেনেদৰে বুজাবা কোৱা।
উঃ– গছ-গছনিয়ে প্রাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ পৰা আমি উশাহত লোৱা অক্সিজেন গেছ পাওঁ আৰু নিশাহত এৰি দিয়া কাৰ্বন-ডাই- অক্সাইড গেছ ই গ্ৰহণ কৰে। ইয়াৰ উপৰি বিভিন্ন কলকাৰখানা মেছিন আদিৰ পৰা নিৰ্গত হোৱা কার্বন-ডাই-অক্সাইড গেছো গছ-গছনিয়ে গ্ৰহণ কৰি পৃথিৱীত বায়ুমণ্ডলৰ সমতা ৰক্ষা কৰে। কিন্তু জধে-মধে গছ-গছনি কাটি পেলালে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বাঢ়ি যাব আৰু অদূৰ ভৱিষ্যতত ই জীৱকূলক ধ্বংসৰ গৰাহলৈ ঠেলি পঠাব। সেইবাবে আমি গছ-গছনি কাটিব নালাগে।

১০। ‘কেৱল বৃক্ষৰোপণ কৰিলেই নহয়, তাক প্ৰতিপালন কৰাটোও আমাৰেই দায়িত্ব’— কথাষাৰ দলীয়ভাৱে আলোচনা কৰা আৰু দলৰ এজনে বর্ণনা কৰা।
উঃ— প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ গছ-গছনি ৰোপণ কৰাটো বর্তমান সময়ত অতি প্রয়োজনীয় বিষয়। এই গছ-গছনিয়ে আমাক প্রয়োজনীয় অক্সিজেন গেছ যোগান ধৰে। সেই বাবে আমি বৃক্ষৰোপণ কৰিব লাগে। কিন্তু গছ পুলি এটা ৰুই থলেই নহ’ব, ইয়াক প্ৰতিপালন কৰি ডাঙৰ দীঘলো আমিয়েই কৰিব লাগিব। যিদৰে কেঁচুৱা এটা জন্ম হোৱাৰ লগে লগেই ডাঙৰ নহয়, যথেষ্ট যত্ন, পৰিচৰ্যা কৰিহে ইয়াক ডাঙৰ কৰা হয়, সেইদৰে গছ পুলিটোও ৰুই দিয়াৰ লগে লগে এজোপা ডাঙৰ গছ হ’ব নোৱাৰে। আমি ইয়াক সঠিক ৰূপত পৰিচৰ্যা কৰিব লাগিব। গছৰ গুৰিত পানী দিব লাগিব, সাৰ-গোবৰ দিব লাগিব, গৰু-ছাগলীৰ পৰা ৰক্ষা পাবলৈ বেৰ আদি দিব লাগিব। তেতিয়াহে ই সময়ত এজোপা সুস্থ, সবল গছত পৰিণত হ’ব পাৰিব। গতিকে ক’ব পাৰি যে কেৱল বৃক্ষৰোপণ কৰিলেই নহ’ব, তাক প্রতিপালন কৰাটোও আমাৰে দায়িত্ব।

Class 7 Assamese Question Answer Lesson 11

১১। ‘গছ আমাৰ পৰম মিত্র’— এই বিষয়টো লৈ শ্রেণীত পতা তর্ক প্রতিযোগিতাত অংশগ্ৰহণ কৰা।
উঃ- (তোমালোকে নিজে কৰিবা)।

১২। আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফলৰ বিষয়ে লিখা
উঃ- আমলখিৰ দৰে উপকাৰী আৰু সহজলভ্য পাঁচবিধ ফল হৈছে শিলিখা, কৰদৈ, ভোমোৰা, অমৰা আৰু জামু। এই ফলবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। এইবোৰ ঔষধি গুণ যুক্ত। কোষ্ঠকাঠিন্য, জণ্ডিচ, বহুমূত্র, আদি বিভিন্ন ৰোগ নিৰাময়ৰ বাবে এই ফলবোৰ খোৱা হয়। আমলখি, শিলিখা আদি শুকুৱাই বহুদিনলৈ সংৰক্ষণ কৰিব পাৰি। এইবোৰে মুখৰ ৰুচি বঢ়ায়। অমৰাৰ আঞ্জা ৰান্ধি বা থেতেলিয়াই নিমখ জলকীয়া সানি খাব পাৰি। জামুৰে জাম জেলি তৈয়াৰ কৰা হয়। কৰদৈ কেঁচাকৈ নিমখ জলকীয়া সানি বা আঞ্জা ৰান্ধি খাব পাৰি। ইয়াক আচাৰ বনাই বহু দিনলৈ সংৰক্ষণ কৰি থব পাৰি।

লগতে পঢ়ক:   বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers সপ্তম শ্ৰেণীৰ অসমীয়া

১৩। সাঁথৰ ভাঙা
(ক) খাল-বিল শুকাই গ’ল,
গছৰ আগত পানী ৰ’ল।
উঃ- নাৰিকল।
(খ) ৰজাৰ লাঠি
ঘন ঘন গাঁঠি
উঃ— কুঁহিয়াৰ

১৭। গছ সংৰক্ষণৰ বাবে পাঁচটা শ্লোগান প্ৰস্তুত কৰা।
উঃ— গছ সংৰক্ষণৰ বাবে পাঁচটা শ্লোগান প্ৰস্তুত কৰা হ’ল—
(i) গছ থাকিলেহে মানুহ থাকিব।
(ii) গছ গছনি মানুহৰ প্ৰাণ;
(iii) গছ জীৱৰ আত্মা; ইয়াক সংৰক্ষণ কৰা।
(iv) অধিক বৃক্ষৰোপণ কৰি বায়ুমণ্ডলক প্ৰদূষণ মুক্ত কৰা।
(v) বৃক্ষৰোপণ কৰা, পৃথিৱী বচোৱা।

১৮। ড. ভবেন্দ্র নাথ শইকীয়াই ৰচনা কৰা শিশু সাহিত্যসমূহ আৰু তেওঁ পৰিচালনা কৰা ছবিৰ নাম সংগ্ৰহ কৰি এখন তালিকা প্রস্তুত কৰা।
উঃ— ড. ভবেন্দ্রনাথ শইকীয়াই ৰচনা কৰা শিশু-সাহিত্যসমূহ হ’ল- মৰমৰ দেউতা, শান্ত-শিষ্ট-হৃষ্ট-পুষ্ট, মহাদুষ্ট মহাদুষ্টৰ দুষ্টবুদ্ধি, মৰম, তোমালোক ভালে থকা। ভবেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা ছবিসমূহ হৈছে— অগ্নিস্নান – ১৯৮৫, অনির্বাণ – ১৯৮১, আৱৰ্তন =১৯৯৩, সাৰথি – ১৯৯১, কোলাহল
১৯৮৯, ইতিহাস – ১৯৯৫, সন্ধ্যাৰাগ – ১৯৭৭

Class 7 Assamese Question Answer Lesson 11

পাঠভিত্তিক অতিৰিক্ত প্রশ্ন আৰু উত্তৰ

১। গছ ভালপোৱা ককাই কাৰ বিয়া খাবলৈ আহিছিল?
উঃ– গছ ভালপোৱা ককাই ৰঘুনাথৰ পুতেকৰ বিয়া খাবলৈ আহিছিল।

২। ৰঘুনাথে বিয়াৰ ৰভা দিবলৈ কাটি পেলোৱা গছজোপা কি গছ আছিল?
উঃ– ৰঘুনাথে বিয়াৰ ৰভা দিবলৈ কাটি পেলোৱা গছজোপা আমলখিৰ আছিল।

৩। ককাই ৰঘুনাথৰ পুতেকৰ বিয়াৰ লুচি-ভাজি খাইছিলনে?
উঃ— ককাই ৰঘুনাথৰ পুতেকৰ বিয়া খাবলৈ আহি ৰভা দিবলৈ আমলখি গছজোপা কাটি পেলোৱা দেখি মনত বৰ দুখ পালে আৰু সেইবাবে ৰঘুনাথক খং কৰি বিয়াৰ লুচি-ভাজি, ৰসগোল্লা নোখোৱাকৈ কেৱল দৰাক এজোলোকা আশীর্বাদ দি শুচি গৈছিল।

৪। ভাল পালোঁ ৰঘুনাথ
তুমি মোক পুতেৰাৰ
বিয়ালৈ মাতিলা,
পিছে ৰভাখন দিবলৈকে
আমলখি গছজোপা
কিয়নো কাটিলা?
উক্ত কবিতাফাকি গদ্যৰূপত লিখা।
উঃ– গছ ভাল পোৱা ককাজনক ৰঘুনাথে পুতেকৰ বিয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে মনত সন্তোষ পাইছে। কিন্তু ৰভাখন দিবলৈ আমলখি গছজোপা কাটি পেলোৱা বাবে মনত বৰ দুখ পাইছে।

(ক) কবিতাটোত কাৰ বিয়াৰ কথা কৈছে?

উঃ— কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে।

(খ) আমলখি গছজোপা কিয় কাটিলে?

উঃ— ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভা দিবলৈ আমলখি গছজোপা কাটিলে।

(গ) কোনে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে?

উঃ— ৰঘুনাথৰ বোৱাৰীয়েকে আহি ঘৰখন পূৰাব বুলি কোৱা হৈছে।

(ঘ) সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককাই কৈছে?

উঃ— সহজতে আমলখি গছজোপা ঘূৰাই নাপাব বুলি ককাই কৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top