ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Class 12 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দ্বাদশ শ্ৰেণী

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ
শ্ৰেণী  দ্বাদশ শ্ৰেণী
অংশ (ক)
পাঠৰ নং (Chapter)  4
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ

খালী ঠাই পূৰ কৰা: (Final-15)
(ক) ১৯৬২ চনৰ চীন আৰু ভাৰতৰ মাজৰ সীমা বিবাদ প্রধানত অৰুণাচল প্রদেশ আৰু লাডাখৰ আকচাই অঞ্চলৰ বাবে হৈছিল।

প্রঃ ভাৰত আছিয়ানASEANৰ এখন সদস্য ৰাষ্ট্র। (হয় অথবা নহয়) (Final-15) উঃ নহয়।

প্রঃ মুক্ত দ্বাৰ নীতি বা খােলা দুৱাৰ কি? (Final-15/16)
উ : ১৯৭৮ চনত সেই সময়ৰ চীনৰ নেতা ডেং ডিয়াঅ’ পিঙে চীনত মুক্ত দ্বাৰ’ (Open Door) নীতি ঘােষণা কৰিছিল। এই নীতি আছিল বিদেশৰ পৰা অনা মূলধন আৰু প্ৰযুক্তিবিদ্যা বিনিয়ােগ কৰি উচ্চ উৎপাদনশীলতা সৃষ্টি কৰা ।

প্রঃ আছিয়ান কোন চনত গঠন হৈছিল আৰু আৰম্ভণিত ইয়াৰ কিমান সদস্য আছিল? (Final-17)
নাইবা
আছিয়ান সম্প্রদায় কি? ইয়াৰ প্ৰধান সংস্থাকেইটাৰ বিষয়ে লিখা। (Final-18/19)
উঃ ১৯৬৭ চনত দক্ষিণ-পূর্ব এছিয়া অঞ্চলৰ কেইখনমান ৰাষ্ট্র অর্থাৎ ইন্দোনেছিয়া, মালয়েছিয়া, ফিলিপাই, ছিংগাপুৰ আৰু থাইলেণ্ডে সম্মিলিতভাৱে ইয়াৰ জন্ম দিছিল। আছিয়ানৰ প্ৰধান তিনিটা সংস্থা হৈছে ক্রমে নিৰাপত্তা কমিউনিটি, আর্থিক কমিউনিটি আৰু সামাজিক- সাংস্কৃতিক কমিউনিটি।

আছিয়ান নিৰাপত্তা কমিউনিটিঃ (ক) এই কমিউনিটিৰ প্ৰধান লক্ষ্য হৈছে দক্ষিণ এছীয়া ৰাষ্ট্ৰসমূহৰ মাজত শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা। নিৰাপত্তা বিষয়ত এইৰাষ্ট্ৰসমূহ প্রায়ে মিলিত হৈ নিজৰ নিৰাপত্তাজনিত সমস্যাসমূহ সমাধান কৰে। (খ) এইৰাষ্ট্রসমূহে তেওঁলােকৰ এই অঞ্চলক শান্তিৰ অঞ্চল হিচাপে গঢ়ি তুলিব বিচাৰে। সেয়ে সন্ত্রাসবাদী আৰু উগ্ৰপন্ঠী সমস্যাসমূহ দমন কৰাৰ বাবে এওঁলােকে সম্মিলিতভাৱে কার্য নির্বাহ কৰে।

আছিয়ান অর্থনৈতিক কমিউনিটি : (ক) ইয়াৰ লক্ষ্য হৈছে আছিয়ান ৰাষ্ট্ৰসমূহৰ বাবে এখন সমূহীয়া বজাৰ আৰু উৎপাদনস্থলী গঢ়ি তােলা আৰু এই অঞ্চলৰ সামাজিক আৰু আর্থিক উন্নতিৰ বাবে সহায়-সহযােগিতা আগবঢ়োৱা। (খ) ইয়াৰ আন এটা লক্ষ্য হৈছে মুক্ত বাণিজ্য অঞ্চল স্থাপন কৰা যত ধন, শ্রমিক আৰু বিভিন্ন ধৰণৰ সেৱাৰ বিনিয়োেগ সম্ভৱ।

আছিয়ানৰ সামাজিক-সাংস্কৃতিক কমিউনিটি : (ক) আছিয়ান দেশসমূহে পৃথিৱীৰ সকলাে অঞ্চলৰ লগত ঘনিষ্ঠ সাংস্কৃতিক সম্পর্ক ৰক্ষা কৰিব বিচাৰে। আছিয়ান আৰু অ-আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজত প্ৰায়ে খেলুৱৈ দল, সাংস্কৃতিক গােষ্ঠীৰ আদান-প্রদান হয়। (খ) তেওঁলােকে ভাৱে যে ঘনিষ্ঠ সাংস্কৃতিক সম্বন্ধইআজ্জিান ৰাষ্ট্ৰসমুহৰ মাজত ঐক্যৰ বান্ধোন আৰু অধিক শক্তিশালী কৰিব। আছিয়ান অঞ্চলৰ ভিতৰত তেওঁলােকে সাহিত্যিক বঁটা প্ৰদানৰ ব্যৱস্থাও কৰিছে।

হয় অথবা নহয় লিখা। (Final-18)
প্রঃ চীনে “মুক্ত দুৱাৰ” নীতি গ্রহণ কৰিছিল। উঃ হয়।

প্রঃ ভাৰত-চীন সম্পর্কৰ বিষয়ে বহলাই আলােচনা (Final-15/18)
উঃ ভাৰত আৰু চীন হৈছে এছিয়া মহাদেশৰ দুই বৃহৎ শক্তি। ভাৰত আৰু চীনে সমসাময়িকভাৱে ক্রমে ১৯৪৭ চন আৰু ১৯৪৯ চনত স্বাধীনতা লাভ কৰিছিল। দুয়ােখন দেশেই পূর্বতে উপনিৱেশিক শাসকৰ অভিজ্ঞতা লাভ কৰিছিল। আনহতে, তৃতীয় বিশ্বৰ আগশাৰীৰ দেশ হিচাপেও দুয়ােখন দেশৰ মাজত সাদৃশ্য আছে। চীন হৈছে পৃথিৱীৰ বৃহৎ সাম্যবাদী দেশ। আনহতে, ভাৰত হৈছে পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশ। স্বাধীনতাৰ ঠিক পিছইে দুয়ােখন দেশৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন হয় আৰু ১৯৫৪ চনত দুয়ােখন দেশৰ মাজত ঐতিহাসিক পঞ্চশীল চুক্তি স্বাক্ষৰ হৈছিল। কিন্তু, ১৯৫০ চনত তিব্বতক চীনে দখল কৰা কাৰ্যই আৰু দালাই লামাক ভাৰতত আশ্রয় দিয়া কথাটোৱে আৰু দুয়ােখন দেশৰ মাজৰ সীমা সমস্যাই ভাৰত-চীন সংঘাত তীব্রতৰ কৰি তুলিলে আৰু ১৯৬২ চনত দুয়ােখন দেশৰ মাজতে এখন পূর্ণকালীন যুদ্ধ হৈছিল। তাৰ পৰৱৰ্তী সময়ত ১৯৪৭ চনলৈকে দুয়ােখন দেশৰ মাজত কূটনৈতিক আৰু ব্যৱসায়িক সম্পর্ক খুউব দুর্বল আছিল। তাৰ পিছত ৮০ দশকৰ পৰা দুয়ােখন দেশৰ মাজত সীমা আৰু অন্যান্য দ্বি-পাক্ষিক বিষয়সমূহ আলােচনাৰ মাধ্যমেৰে সমাধানৰ প্ৰচেষ্টা কৰা হয়। ১৯৮৮ চনৰ ডিচেম্বৰ মাহত ৰাজীৱ গান্ধীৰ চীন ভ্রমণে ভাৰত-চীন সম্পর্ক উন্নত কৰাত অৰিহণা যােগাইছিল। তেতিয়াৰ পৰা দুয়োখন চৰকাৰে সীমান্ত বিৰােধ আঁতৰাই শান্তি আৰু স্থিৰতা ৰক্ষাৰ বাবে ব্যৱস্থা গ্রহন কৰিছে। তেওঁলােকে সাংস্কৃতিক বিনিময় আৰু বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ ক্ষেত্ৰত সহযােগিতাৰ চুক্তি স্বাক্ষৰ কৰিছে আৰু বাণিজ্যৰ বাবে চাৰিটা সীমান্ত চকী মুকলি কৰিছে। ১৯৯৯ চনৰ পৰা ভাৰত আৰু চীনৰ মাজৰ বাণিজ্য প্রত্যেক বছৰে শতকৰা ৩০ ভাগকৈ বাঢ়ি অহাত চীনৰ লগত থকা সম্পৰ্কত অধিক ইতিবাচক দিশৰ সূচনা হৈছে। বর্তমান, ভাৰত আৰু চীন হৈছে বৃহৎ ব্যৱসায়িক সহযােগী। তাৰােপৰি, এতিয়াও কেতবােৰ বিষয় আছে যিবিলাকৰ বাবে ভাৰত-চীন সম্পর্ক তিক্ত হৈ আছে। যেনে—পাকিস্তানলৈ চীনৰ বর্ধিত সাহাৰ্য আৰু শ্রীলংকা, ম্যানমাৰ, বাংলাদেশত ক্রমাগতভাৱে বৃদ্ধি পােৱা খােপনিয়ে দুয়ােখন দেশৰ সম্পৰ্কত সমস্যা আনিছে। শেহতীয়াকৈ, অৰুণাচলকে ধৰি অসমৰ তেজপুৰলৈ চীনে নিজৰ বুলি দাবী কৰা আৰু লাখ অঞ্চলত ই আৰম্ভ কৰা ব্যাপক নির্মাণ আঁচনিয়ে দুয়ােখন দেশৰ মাজৰ সম্পর্ক বেয়া কৰিছে। আনহাতে, ব্ৰহ্মপুত্ৰক ভেটি চীনে নির্মাণ কৰিবলগীয়া বৃহৎ নদীবান্ধসমূহে ভাৰতৰ উত্তৰ-পূব তথা বাংলাদেশৰ জলৰাশিত ব্যাপক প্রভাৱ পেলােৱাৰ আশংকায়াে দুয়ােখন দেশৰ সম্পর্ক আৰু বেছি বেয়া কৰিছে।

লগতে পঢ়ক:   জাতি গঠনৰ প্ৰত্যাহ্বান Class 12 – (প্ৰশ্ন উত্তৰ) HS 2nd Year ৰাজনীতি বিজ্ঞান

Class 12 Political Science Chapter 4 Question Answer In Assamese

প্র : বিশ্বৰ এখন উন্নয়নশীল দেশ হিচাপে চীনৰ বিষয়ে লিখা। (Final-19)
নাইবা
চীনা অর্থনীতি সম্পর্কে বহলাই আলােচনা কৰা।
উঃ  ১৯৪৯ চনত গণপ্রজাতান্ত্রিক চীনৰ মাও-চে-টুঙৰ নেতৃত্বত জন্ম লাভ হয়। সাম্যবাদী আদৰ্শৰ ভিত্তিত চীন দেশৰ আর্থসামাজিক আৰু ৰাজনৈতিক বিষয়সমূহ স্থিৰ কৰা হৈছে। বর্তমান বিশ্ব অর্থনীতিত চীনৰ স্থান আমেৰিকাৰ পিছতেই। তাৰােপৰি, বিশ্ব বাণিজ্য, প্রযুক্তিগত উন্নয়ন আৰু বিজ্ঞানসম্মত জনসংখ্যা নিয়ন্ত্রনে চীনা অর্থনীতিক বিশেষ ৰূপ দিবলৈ সক্ষম হৈছে। ১৯৭৮ চনত চীনৰ অর্থনৈতিক সংস্কাৰ আৰম্ভ হয়। এই সংস্কাৰৰ জৰিয়তে চীনৰ অৰ্থনীতিত পৃথিৱীৰ অন্যান্য আর্থিকভাৱে উন্নত দেশসমূহৰ লগত সম্পর্ক স্থাপন হয়। ইয়াৰ ফলত চীনা অর্থনীতিৰ দ্রুত প্রসাৰ আৰম্ভ হয়। উদাহৰণস্বৰূপে— ১৯৭২ চনত চীনে মার্কিন অর্থনীতিৰ লগত সম্পর্ক স্থাপন কৰে। কৃষি উদ্যোগ, বিজ্ঞান প্রযুক্তিবিদ্যা আৰু সামৰিক খণ্ডত ১৯৭৩ চনত চীনত আধুনিকীকৰণ প্রক্রিয়া আৰম্ভ হয়। এই প্রক্রিয়াত আৰু গতি প্রদান কৰি ১৯৭৮ চনত ডেং-জিয়ং-পিঙে চীনত মুক্ত দুৱাৰ (Open door) অর্থনীতিৰ সূচনা কৰে। তাৰ পিছত পর্যায়ক্রমে ১৯৮২ চনত চীন কৃষিখণ্ডৰ ব্যক্তিগতকৰণ প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটিল। ১৯৯৮ চনত উদ্যোগৰ ব্যক্তিগতকৰণ কৰিছিল। আনহাতে, চীনে ইয়াৰ কিছু অঞ্চলত বিশেষ অর্থনৈতিক মণ্ডল হিচাপে (SEZ) ঘােষণা কৰিলে যত সহজতেই বিদেশী বিনিয়ােগ আৰম্ভ কৰিব পৰা যায়। উদ্যোগ আৰু কৃষিখণ্ডত ব্যক্তিগতকৰণৰ ফলত দুয়ােটা খণ্ডতে দ্রুত অর্থনৈতিক বিকাশ আৰম্ভ হ’ল। ইয়াৰ ফলত চীনত বৈদেশিক মুদ্রাৰ ভঁৰাল বৃদ্ধি
পালে। ২০০১ চনত চীনে বিশ্ব বাণিজ্য সংস্থাৰ সদস্যপদ গ্রহণ কৰিলে আৰু বিশ্ব বাণিজ্য ক্ষেত্ৰৰ এক গুৰুত্বপূর্ণ শক্তিলৈ পৰিণত হল। তাৰােপৰি, চীনে ইয়াৰ ব্যাপক আর্থিক আৰু ৰাজনৈতিক সমতাক লগত লৈ আমেৰিকা, ৰাছিয়া, লেটিন আমেৰিকা, ইউৰােপ,ভাৰত, পাকিস্তান, মধ্য প্রাচ্য আদিৰ লগত সুসম্পর্ক স্থাপন কৰি বৃহৎ অর্থনীতি হিচাপে নিজকে চিনাকি দিব পাৰিছিল। প্রযুক্তিবিদ্যা আৰু সামৰিকভাৱেও চীন অত্যন্ত শক্তিশালী। বর্তমান ই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ীসদস্য। বিশেষজ্ঞৰ অনুমান অনুসৰি ২০৪০ চনত চীনা অর্থনীতিয়ে আমেৰিকাৰ অর্থনীতিক চেৰ পেলাব। আনহতে, চীনে ইয়াৰ বৃহৎ জনসংখ্যাক কাৰিকৰীভাৱে অতি দক্ষ কৰি গঢ়ি তুলিছে যাৰ ফলত এই বৃহৎ সংখ্যক মানৱ সম্পদে অতি কম সময়ৰ ভিতৰত চীনা অর্থনীতিক ন ৰূপ
দিব বুলি আশা কৰিব পাৰি।

প্র : আছিয়ানৰ লক্ষ্য উদ্দেশ্য তথা সফলতাসমূহ আলােচনা কৰা। (Final-20)
উ : ১৯৬৭ চনত যেতিয়া আছিয়ান গঠন কৰা হৈছিল সেই সময়ছােৱাত দক্ষিণ পূব এছিয়াৰ দেশসমূহ ৰাজনৈতিক, আর্থ-সামাজিক আৰু সাংস্কৃতিকভাৱে বিচ্ছিন্ন আছিল। ম্যানমাৰ, লাওচ, ভিয়েটনাম, কম্বােডিয়া আদি দুখীয়া ৰাষ্ট্ৰ থকাৰ লগে লগে চীন আৰু জাপানৰ নিচিনা আর্থিকভাৱে ধনী তথা ছিংগাপুৰ, দক্ষিণ কোৰিয়াৰ নিচিনা উন্নয়নশীল অর্থনীতি এই অঞ্চলটোত আছিল। দক্ষিণ-পূর্ব এছিয়াৰ দেশসমূহ পূৰ্বৰে পৰা চীন, জাপান আৰু দক্ষিণ- কোৰিয়াৰ অৰ্থনীতিৰ লগত দূৰত্ব বজাই ৰাখিছিল। আছিয়ানে প্রথমে সাম্যবাদী চীন আৰু পুঁজিবাদী জাপানক লক্ষ্য কৰি নিৰাপত্তাজনিত আৰু আর্থিক দৃষ্টিকোণৰ পৰা
সংগঠনটোৰ জন্ম দিছিল। এই আর্থিক সহযােগিতাই দেশকেইখনৰ মাজত থকা ৰাজনৈতিক আৰু নিৰাপত্তাজনিত দূৰত্ববােৰ কমাই আনিছিল। ASEANৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ ব্যৱসায়িক উন্নতি আৰু প্রত্যক্ষ বিদেশী বিনিয়ােগৰ গােটেই কেইখন সদস্য ৰাষ্ট্ৰকো সহায় কৰিছিল। অর্থনৈতিক ক্ষেত্ৰৰ উপৰিও সামাজিক, গণতান্ত্রিক আৰু মানৱ অধিকাৰৰ ক্ষেত্ৰতাে ই ভাল কাম কৰিবলৈ সক্ষম হৈছে। বর্তমান সময়ত ASEAN-এ ইয়াৰ সদস্যসমূহৰ মাজত মুক্ত বাণিজ্য অঞ্চল (Free Trade Area) গঠন কৰিবলৈ সক্ষম হৈছে। বিশ্ব ৰাজনীতিত বর্তমান ASEAN এক কেন্দ্রীয় শক্তিত পৰিণত হােৱাৰ লগতে ৰাষ্ট্ৰসংঘৰ
কার্যসূচীসমুহত ইয়াৰ সক্রিয় সমর্থনে ইয়াক এটি সন্মানীয় সংগঠনত পৰিণত কৰিছে। তাৰােপৰি, এটা আঞ্চলিক সংগঠন হিচাপে ই দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰাৰ লগতে বৃহৎ শক্তিৰ প্ৰতিযােগিতাৰ পৰা আর্থ-ৰাজনৈতিক বিষয়ত সুস্থিৰতা প্রদান কৰি আহিছে। তাৰােপৰি, উন্নয়নশীল দেশৰ সংগঠন হিচাপেও ই ভাল কাম কৰি আছে।

লগতে পঢ়ক:   শীতল যুদ্ধৰ যুগ Class 12 Question Answer প্ৰশ্ন উত্তৰ দ্বাদশ শ্ৰেণী

ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Class 12

প্রঃ কোন চনত ইউৰােপীয় পৰিষদ Council of Europe প্রতিষ্ঠা কৰা হৈছিল?  (Final-20)
উঃ১৯৪৯ চনত।

প্রঃ ইউৰােপীয়ান ইউনিয়ন গঠন কৰাৰ দুটা কাৰণ উল্লেখ কৰা।  (Final-12)
উ : ইউৰােপীয়ান ইউনিয়ন গঠন কৰাৰ দুটা কাৰণ হল-
(১) ইউৰােপীয় সংঘই নিজৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সুসম্পর্ক বজাই ৰখাৰ বাবে (২) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ৰাজনৈতিক, আর্থিক আৰু সামাজিক সাংস্কৃতিক সম্পর্ক দিশত উন্নয়নৰ ওপৰত গুৰুত্ব দিছিল।

প্র: ASEANৰ উদ্দেশ্য কি?
উ : আছিয়ানৰ মুখ্য উদ্দেশ্য আছিল অর্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা আৰু ইয়াৰ জৰিয়তে সামাজিক প্রগতি আৰু সাংস্কৃতিক বিকাশ’ৰ ব্যৱস্থা কৰা।

প্রঃ FTA মানে কি? ভাৰতে FTA স্বাক্ষৰ কৰা দুই ASEAN সদস্যৰ নাম লিখা।
উঃ FTA মানে Free Trade Area, । FTAত স্বাক্ষৰ কৰা দুই ASEAN সদস্যৰ নাম হ’ল— ছিংগাপুৰ, থাইলেণ্ড।

প্রঃ কেতিয়া আৰু কাৰ নেতৃত্বত গণ প্রজাতান্ত্রিক চীন প্রতিষ্ঠা হয়?
উ : মাও জে দংৰ নেতৃত্বত ১৯৪৯ চনত গণ প্রজাতান্ত্রিক চীন প্রতিষ্ঠা হয়।

প্রঃ OEEC, FDI মানে কি?
উ : Organisation for European Economic Cooperation ইউৰােপীয় অর্থনৈতিক সহযােগিতাৰ সংগঠন।
FDI মানে Foreign Direct Investment বিদেশৰ প্ৰত্যক্ষ বিনিয়োেগ।

প্রঃ কিমান চনত চীনে ভাৰত আক্ৰমণ কৰিছিল?
উঃ১৯৬২ চনত।

প্রঃ এছিয়াৰ দুই মহাশক্তিৰ নাম লিখা। উ:ভাৰত, চীন।

প্রঃ আছিয়ান পন্থা কাক বােলে বুজাই লিখা।
উঃ আছিয়ান ৰাষ্ট্ৰবােৰ পাৰম্পৰিক সম্পৰ্ক ৰক্ষাৰ বাবে অনানুষ্ঠানিক, সংঘাত বিহীন আৰু সহযােগিতাপূর্ণ এটা বিশেষ ধৰণৰ পন্থা অৱলম্বন কৰি আহিছে আৰু ই ‘আছিয়ান পন্থা হিচাপে জনাজাত হৈছে।

প্রঃ এছিয়ান আঞ্চলিক মঞ্চৰ সদস্যসমূহ কোন কোন?
উঃ এছিয়ান (ARF) (Asean Regional Forum) আঞ্চলিক মঞ্চ ১৯৯৪ চনত গঠন হয়। এছিয়ানৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজত নিৰাপত্তা আৰু বৈদেশিক নীতিৰ সমন্বয় সাধনৰ বাবে এই মঞ্চ গঠন হৈছিল। অর্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা আৰু ইয়াৰ দ্বাৰা সামাজিক প্রগতি আৰু সাংস্কৃতিক বিকাশ সাধন কৰাই ইয়াৰ মুখ্য উদ্দেশ্য আছিল। ইয়াৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্রসমূহ আছিল-ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড। ইয়াৰ পিছত ব্রুণেই, ভিয়েটনাম, লাও, পি ডি আৰ, ম্যানমাৰ, কম্বােডিয়া ইয়াৰ সদস্য হােৱাৰ পিছত বর্তমান সদস্য সংখ্যা ১০ খন হয়।

প্রঃ এছিয়ানৰ ২০২০ লক্ষ্য কি কি লিখা।
উঃ ১৯৬৭ চনত জন্মলাভ কৰা এছিয়ান বর্তমান বিশ্বৰ এক শক্তিশালী সংগঠন। দক্ষিণ পূর্ব এছিয়াৰ অনুন্নত আৰু উন্নয়নশীল দেশসমূহক লৈ গঠন হােৱা এছিয়ান বর্তমান সময়ত উন্নত আৰু ধনী দেশসমূহৰ এটা সংস্থা। তলত ASEAN- ২০২০ৰ লক্ষ্যসমূহ উল্লেখ কৰা হ’ল
(১) ২০২০ চনৰ ভিতৰত দক্ষিণ এছিয়াৰ শান্তি স্বাধীনতা আৰু নিৰপেক্ষতাৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ চেষ্টা কৰা হ’ব।
(২) ২০২০ চনৰ ভিতৰত দক্ষিণ পূর্ব এছিয়াৰ দেশসমূহক শান্তিৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ চেষ্টা কৰা হয়, য’ত সংঘাতসমূহ সুন্দৰভাৱে নিয়ন্ত্রণ কৰা হ’ব।

(৩) ২০২০ চনৰ ভিতৰত ASEANৰ দেশসমূহৰ প্ৰাকৃতিক সম্পদসমূহক ইয়াৰ জনসাধাৰণৰ কল্যাণৰ অৰ্থে সম্পূর্ণ ৰূপে ব্যৱহাৰ কৰা হ’ব।

(৪) ASEANক দ্বায়িত্বশীল আৰু গতিশীল সংগঠন হিচাপে গঢ় দিয়াৰ বাবে ২০২০ ভিতৰত আৰু প্ৰচেষ্টা কৰা হ’ব।

২০২০ চনৰ ভিতৰত ASEANৰ উপাদানসমূহ হল-
(ক) শান্তি-সহযােগিতা। (খ) গণতন্ত্র। (গ) সম্পদৰ উপযুক্ত ব্যৱহাৰ (ঘ) আঞ্চলিক সহযােগিতা আৰু বিশ্বশান্তি।

Class 12 Political Science Chapter 4 Question Answer In Assamese

খালী ঠাই পূৰ কৰাঃ
(ক) ২০৪০ চনৰ ভিতৰত বৃহৎ অর্থনীতি হিচাপে চীনক প্রক্ষেপ কৰা হৈছে।
(খ) চীনৰ অর্থনৈতিক সফলতা ১৯৭৮ চনত চনত আৰম্ভ
(গ) চীনে আমেৰিকাৰ (এখন ডাঙৰ ৰাষ্ট্র) সৈতে ১৯৭২ চনত দ্বিপাক্ষিক সম্পর্কত প্ৰৱেশ কৰিছিল।

লগতে পঢ়ক:   সাম্প্রতিক দক্ষিণ এছিয়া Class 12 | গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ৰাজনীতি বিজ্ঞান

প্রঃ চীন আৰু ভাৰতৰ মাজত কি পার্থক্যৰ উদ্ভৱ হৈছিল?
উ: ভাৰত স্বাধীন হােৱাৰ পিছতেই, ১৯৫০ চনত চীনে তিব্বত হস্তগত কৰা বাবে আৰু ভাৰত-চীন সীমান্ত চূড়ান্তভাৱে স্থিৰ কৰা বিষয়ক লৈ ভাৰত আৰু চীনৰ মাজত পার্থক্য উদ্ভৱ হৈছিল। ১৯৬২ চনত চীন আৰু ভাৰতে বিশেষকৈ অৰুণাচল প্রদেশ আৰু লাডাখৰ আকাচাই চীন অঞ্চলৰ ভূ-খণ্ডৰ দাবীত সীমা বিবাদত লিপ্ত হৈ পৰিছিল।

প্র : ইউৰােপীয় সংঘৰ প্ৰভাৱৰ দুটা প্রধান ক্ষেত্র উল্লেখ কৰা। ইউৰােপী সংঘৰ বিষয়ে লিখা। (Final-14/16/17/20)
উঃ ১৯৯২ চনত ইউৰােপীয় সংঘ European Union গঠন হয়। ইউৰােপীয় সংঘৰ নিজৰ পতাকা, সঙ্গীত, প্রতিষ্ঠা দিৱস আৰু মুদ্রা আছে যদিও নিজৰ সংবিধান নাই। ১৯৪৮ চনত মার্চেল পৰিকল্পনাৰ অধীনত পশ্চিম ইউৰােপীয় ৰাষ্ট্ৰবােৰলৈ সাহার্য প্রবাহৰ বাবে ইউৰােপীয় অর্থনৈতিক সহযােগিতাৰ সংগঠন (Organisation for European Economic Coorperation OEEC) প্রতিষ্ঠা কৰা হৈছিল। ই পশ্চিম ইউৰােপৰ ৰাষ্ট্রবােৰে বাণিজ্যিক আৰু অর্থনৈতিক বিষয়ত সহযােগিতা আৰম্ভ কৰা মঞ্চ এখন হৈ পৰিল। আন ৰাষ্ট্ৰৰ লগত সম্পর্ক স্থাপনৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতি আছে। ইউৰােপীয় সংঘই নতুন সদস্য বিশেষকৈ পূর্বৰ ছােভিয়েট গােষ্ঠীৰপৰা সদস্য অন্তর্ভুক্ত কৰি সহযােগিতাৰ ক্ষেত্ৰখন সম্প্ৰসাৰণ ঘটাবলৈ চেষ্টা চলাইছে। ইউৰােপীয় সংঘৰ প্ৰভাৱৰ ক্ষেত্ৰসমূহ প্ৰধানকৈ অর্থনৈতিক, ৰাজনৈতিক আৰু সামৰিক এই তিনিটা শিতানত আলােচনা কৰিব পাৰি। ২০০৫ চনত মুঠ ঘৰুৱা উৎপাদন ১২ মিলিয়ন ডলাৰেৰে ইউৰােপীয় সংঘ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ অর্থনীতি।

ইউৰােপীয় সংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱো আছে। ইউৰােপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্র ব্রিটেইন আৰু ফ্রান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী
সদস্য। নিৰাপত্তা পৰিষদৰ কেইবাখনাে অস্থায়ী সদস্য ৰাষ্ট্রও ইউৰােপীয় সংঘৰ সদস্য। ইয়াৰ ফলত বর্তমান সময়ত ইউৰােপীয় সংঘই ইৰাণৰ আণৱিক কার্যসূচীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতিৰ দৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছুমান নীতিত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ইয়াৰ কূটনীতি অর্থনৈতিক বিনিয়োেগ আৰু আলােচনাবােৰ, ই গ্রহণ কৰা শাক্তিমূলক ব্যৱস্থা আৰু সামৰিক বাহিনীৰ তুলনাত অধিক ফলপ্রসূ হৈছে। উদাহৰণস্বৰূপে, চীনৰ মানৱ অধিকাৰ আৰু পৰিৱেশৰ অৱক্ষয় বিষয়ত ইয়াৰ দ্বিপাক্ষিক আলােচনা ফলপ্রসূ হৈছিল। সামৰিক দিশৰ পৰা, ইউৰােপীয় সংঘৰ সামৰিক বাহিনী পৃথিৱীৰ ভিতৰতে দ্বিতীয় স্থান দখল কৰিছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ মুঠ ব্যয় দ্বিতীয় বৃহৎ, অর্থাৎ আমেৰিকাৰ পিছতে। ইউৰােপীয় সংঘৰ দুখন ৰাষ্ট্র বৃিটেইন আৰু ফ্ৰান্সৰ প্রায় ৫৫০ বিধ আণৱিক বিস্ফোৰক শীর্ষত থকা আণৱিক অস্ত্র আছে। মহাকাশ আৰু যােগাযােগ প্রযুক্তিৰাে ই হৈছে দ্বিতীয় গুৰুত্বপূৰ্ণ উৎস।

এটা অধিৰাষ্ট্ৰীয় সংগঠন হিচাপে ইউৰােপীয় সংঘই অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ সক্ষম।

প্রঃ চীনৰ নতুন অর্থনৈতিক নীতিৰ ৩টা অসুবিধা লিখা।

উঃ নতুন অর্থনৈতিক নীতি চীন দেশত প্রয়ােগ কৰাৰ ফলত চীনৰ আর্থিক উন্নতি হৈছে যদিও দেশৰ সকলাে শ্ৰেণীয়ে এই সুবিধা সমানে পােৱা নাই। (ক) চীন দেশত নিবনুৱা সমস্যাই যথেষ্ট ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্রায় ১০ কোটি মানুহে কর্ম সংস্থাপন বিচাৰি আছে। (খ) বর্তমান চীনৰ মহিলাৰ নিযুক্তি আৰু কৰ্মৰ অৱস্থা অষ্টাদশ আৰু ঊনবিংশ শতিকাৰ ইউৰােপৰ মহিলাৰ অৱস্থাৰ সমানেই বেয়া। (গ) পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় ঘটিছে আৰু দুর্নীতি বৃদ্ধি পাইছে।

প্রঃ ASEANৰ সম্পূর্ণ নাম লিখা।

উ: Association of South East Asian Nations. (দক্ষিণ পূর্ব এছিয়াৰ জাতিসংঘৰ সংগঠন)।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top