আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য Class 12 ৰাজনীতি বিজ্ঞান অধ্যায় 3

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য
শ্ৰেণী  দ্বাদশ শ্ৰেণী
অংশ (ক)
পাঠৰ নং অধ্যায় 3
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য

প্রঃ মার্কিন আধিপত্যৰ ওপৰত থকা দুটা প্রতিবন্ধকতা লিখা? (Final-16/20)
নাইবা
আমেৰিকান শক্তিৰ ৩টা সীমাবদ্ধতা লিখা। (Final-18)
উঃ (১) যুক্তৰাষ্ট্ৰীয় ৰাজ্যত আইনৰ গাঁথনি। চৰকাৰৰ তিনিটা বিভাগৰ মাজৰ ক্ষমতা বিভাজন ব্যৱস্থাই কার্যনির্বাহক বিভাগে অদমনীয় আৰু অপৰিমিত সামৰিক ক্ষমতা প্রয়ােগত গুৰুতৰবাধা দিছে।
(২) যুক্তৰাষ্ট্ৰীয় শক্তি ঘৰুৱা প্রাকৃতিক আৰু ই আমেৰিকান সমাজৰ খােলা প্রকৃতিৰ পৰা উৎপত্তি হৈছে। যদিওবা সময়ে সময়ে যুক্তৰাষ্ট্রৰ ঘৰুৱা জনসাধাৰণৰ মতামতৰ ওপৰত নির্দিষ্ট অবিকল দৃশ্য এটা আমেৰিকান জন প্রচাৰে প্ৰচাৰ যােগে আলােপ কৰে বা সহায় কৰে, তথাপিতাে আমেৰিকান ৰাজনৈতিক সংস্কাৰ
অভিপ্রায় আৰু কৌশলৰ শাসন সম্বন্ধে গভীৰ অবিশ্বাস আছে। এই উপাদান দীর্ঘ দিনত যুক্তৰাষ্ট্রৰ সমুদ্রৰ সিপাৰৰ সামৰিক অভিযানত এটা বৃহৎ সীমাবদ্ধতা আনি দিছিল।
(৩) বর্তমান আন্তৰাষ্ট্ৰীয় ব্যৱস্থাত এটা মাত্র সংগঠন আছে যিয়ে আজি বােধকৰাে যুক্তৰাষ্ট্ৰীয় শক্তি প্রয়ােগত সাম্য কৰিব পাৰে আৰু সেইটোৱেই হ’ল (North Atlantic Treaty Organisation, NATO। যুক্তৰাষ্ট্রৰ দেখাদেখিকৈ গণতান্ত্রিক মিত্ৰতা ধৰি ৰখাত পর্যাপ্ত স্বার্থ আছে। কাৰণ ই বাণিজ্যিক অর্থনীতি জীয়াই ৰাখিব আৰু সেই কাৰণেই তেওঁলােকৰ (যুক্তৰাষ্ট্রৰ) মিত্ৰসকলে যুক্তৰাষ্ট্ৰীয় আধিপত্য প্রয়ােগ কৰাত সৈমান কৰিব পৰাটো সম্ভৱ।

Final-17
প্র : আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্য কেতিয়া আৰু কিয় আৰম্ভ হৈছিল? (Final-17)
উ : আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্য কেতিয়া আৰম্ভ হৈছিল তাক সঠিককৈ কোৱা টান। তথাপি আমি ক’ব পাৰো যে শীতল যুদ্ধৰ পিছৰ সময়ছােৱাৰ পৰা যেতিয়া ছােভিয়েট ইউনিয়নৰ ভাঙোন হৈছিল, ঠিক তেতিয়াৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আৰম্ভ হৈছিল। বিশ্ব ৰাজনীতিত মার্কিন আধিপত্য এটি পুৰণি বিষয়। শীতল যুদ্ধৰ সমাপ্তিৰ পিছত এই আধিপত্য তীব্রভাৱে প্ৰকাশ পাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ হ’ল এখন পুৰণি, শক্তিশালী আৰু সফল গণতান্ত্রিক দেশ। উদাৰ গণতান্ত্রিক আদর্শসমূহ আৰু পুঁজিবাদী আর্থিক ব্যৱস্থাৰ সফলতাৰে আমেৰিকা পৃথিৱীৰ ভিতৰতে প্ৰথমখন ধনী দেশ। সেই সময়তেই আমেৰিকা চাৰিও দিশৰ পৰা আগবঢ়া আছিল। সামৰিক, আর্থিক, গৱেষণামূলক তথ্য, প্রযুক্তিগত দিশ, আন্তঃৰাষ্ট্ৰীয় অৱস্থান, ক্ষমতা আদি সকলাে ক্ষেত্ৰতে আমেৰিকা আগবঢ়া আছিল। আনকি, বিশ্বায়ন বা গােলকীকৰণাে আমেৰিকাৰ নেতৃত্বত চলা এটা অনানুষ্ঠানিক বর্তমান বিশ্ব ব্যৱস্থা। উক্ত সকলােবােৰ দিশৰ পৰা আগবঢ়া বাবে আমেৰিকাই পৃথিৱীৰ আন দেশসমূহৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰে। এনেদৰে পৃথিৱীৰ আন দেশসমূহৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ লগে লগে আমেৰিকাৰ আধিপত্য আৰম্ভ হল, যিটো বর্তমানেও অব্যাহত আছে।

প্রঃ মৰুভূমি ধুমুহা অভিযান মানে কি। (Final-18) নাইবা
অপাৰেশ্যন ডেজার্ট ষ্টমে কি বুজায়?
উঃ আমেৰিকাৰ ৰাষ্ট্রপতি জর্জ এইচ ডব্লিউ বুশ্বৰ দিনত প্রথম ইউৰােপীয় যুদ্ধ হৈছিল। ৩৪ খন ৰাষ্ট্রৰ ৬৬০,০০০ জন সৈনিকেৰে এটা বৃহৎ সামৰিক বাহিনীয়ে যুদ্ধ কৰি ইৰাকক পৰাস্ত কৰে। ইয়াকে অপাৰেশ্যন ডেজার্ট বা ‘ মৰুধুমুহা’ বােলে। এই যুদ্ধত ইৰাকৰ ৰাষ্ট্রপতি ছাদ্দাম হুচেইন আমেৰিকাৰ
হাতত পৰাস্ত হয়। ইৰাকৰ সামৰিক বাহিনীক আমেৰিকাই পৰাস্ত কৰি কুৱেইটৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰায়।

লগতে পঢ়ক:   শীতল যুদ্ধৰ যুগ Class 12 Question Answer প্ৰশ্ন উত্তৰ দ্বাদশ শ্ৰেণী

প্র : ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পর্ক  আলােচনা কৰা। (Final-18/16/20)
উ : আমেৰিকা হৈছে পৃথিৱীৰ এখন পুৰণি গণতন্ত্র। আনহাতে, ভাৰতবৰ্ষ হৈছে বৰ্মন সময়ৰ আটাইতকৈ বৃহৎ গণতন্ত্র। বর্তমান আর্থ-সামাজিক আৰু বিভিন্ন ৰাজনৈতিক সম্পর্কৰ যােগেদি দুয়ােখন দেশেই পৰস্পৰৰ কাষ চাপিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই পূৰ্বৰে পৰা উদাৰ গণতান্ত্রিক আৰু পুঁজিবাদী আদর্শেৰে পৰিচালিত হৈ আহিছে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত আমেৰিকাৰ লগত ইয়াৰ সম্পর্ক ভাল নাছিল। ছােভিয়েট ইউনিয়নৰ লগত ভাৰতৰ নিকট সম্পর্ক আৰু ভাৰতীয় অর্থনীতিৰ সমাজবাদী গাঁথনিৰ বাবে দুয়ােখন দেশৰ সু-সম্পর্ক নাছিল। শীতল যুদ্ধৰ অৱসানে আৰু ছোভিয়েট ইউনিয়নৰ পতনে তথা বিশ্বায়নৰ প্রভাৱৰ ফলত ভাৰত-মার্কিন দ্বি-পাক্ষিক সম্পর্ক ভালৰ ফালে আহে। বিশ্বায়নৰ সময়ছােৱাত ভাৰতৰ বৃহৎ বজাৰ তথা ইয়াৰ আর্থিক আৰু প্ৰযুক্তিবিদ্যাগত সদ্ভাৱনাই দুয়ােখন দেশৰ মাজত সু-সম্পর্ক গঢ়ি তােলে। আনহাতে, আমেৰিকাত বাস কৰা ভাৰতীয় আমেৰিকান সকলৰ তাৰ আর্থ-ৰাজনৈতিক ক্ষেত্ৰত থকা প্ৰভাৱশালী ভূমিকাৰ বাবে আৰু আমেৰিকাৰ নাছাকে ধৰি ছিলিকন ভেলী, বৃহৎ প্রতিষ্ঠানসমূহত আগশাৰীৰ কাম কৰা ভাৰতীয়সকলৰ বাবেও ভাৰত-মার্কিন সম্পর্ক গাঢ় হৈছে। আনহাতে, বর্তমান সময়ত জনকৌশলগত দিশৰ পৰাও আৰু গণতান্ত্রিক আদৰ্শৰ বাবেও, আৰু চীনৰ পৰা দুয়ােখন দেশে পাই অহা ক্রমাগত ভাবুকিৰ ফলতাে দেশ দুখনৰ সম্পর্ক ভাল হৈছে। বর্তমান সময়ত দুয়ােখন দেশে হৈছে বৃহৎ বাণিজ্যিক
সহযােগী। ভাৰতীয়সকলৰৰ ব্যৱসায়িক আৰু শিক্ষা লাভৰ মূল আকর্ষণ হৈছে আমেৰিকা। বর্তমান সময়ত ভাৰত- যুক্তৰাষ্ট্রৰ সম্বন্ধত দুটা নতুন উপাদান উদ্ভৱ হৈছে। এই উপাদান দুটা হ’ল কাৰিকৰী জ্ঞান সম্বন্ধীয় বিস্তাৰ আৰু ভাৰতীয় আমেৰিকানসকলৰ আদান-প্রদান সম্পর্কীয়। এই উপাদান দুটা পৰস্পৰ সম্বন্ধীয়।

ভাৰত-মার্কিন সম্পর্ক প্রতিবন্ধকতাসমূহঃ ভাৰতত সন্ত্রাসবাদ সৃষ্টিৰ মুখ্য দায়ী পাকিস্তানলৈ আমেৰিকাৰ বৃহৎ আর্থিক সাহাৰ্যৰ বাবে ভাৰত অসন্তুষ্ট। দ্বিতীয়তে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংশােধনীৰ ক্ষেত্ৰত আমেৰিকাই সক্রিয় ভূমিকা গ্রহণ নকৰা, ভাৰত আৰু ৰাছিয়াৰ সু-সম্পর্ক তথা আমেৰিকাৰ আন্তৰাষ্ট্ৰীয় অর্থনৈতিক আৰু কূটনৈতিক, সামৰিক নীতিক ভাৰতে গঠনমূলকভাৱে সমালােচনা কৰিছে।

মূল্যায়নঃ উপৰােক্ত প্রতিবন্ধক সমূহক নেওচি ভাৰত-মার্কিন সম্পর্ক ভৱিষ্যতে আৰু অধিক ঘনিষ্ঠ হােৱাৰ প্ৰচুৰ সম্ভাৱনা আছে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত সম্বন্ধ কৰিবলৈ এটা উপযুক্ত কৌশলগত বৈদেশিক নীতি বিকাশ কৰিব লাগিব।

প্রঃ প্রথম উপসাগৰীয় যুদ্ধক মৰুভূমিৰ ধুমুহা অভিযান বুলিও জনা যায়।(হয় নে নহয় লিখা)। (Final-19) উ : হয়।

প্র: সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰসংগত ১/১১’কি সূচায়? (Final-19)
উ : সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰসংগত ৯/১১’ মানে আমেৰিকাৰ World Trade Centreত সন্ত্রাসবাদী সকলৰ আক্রমণক বুজায়। ৯/১১ই ২০০১ চনৰ ১১ চেপ্তেম্বৰত আৰৱীয় দেশৰ পৰা অহা ১৯ জন অপহৰণকাৰীয়ে চাৰিখন বিমান অপহৰণ কৰি নিউয়র্ক চহৰৰ কেইটামান অতি গুৰুত্বপূর্ণ কেন্দ্ৰত আত্মঘাতী আক্রমণ চলােৱা ঘটনাকে বুজায়। অপহৰণকাৰীয়ে নিউয়র্কত অৱস্থিত পৃথিৱীৰ বাণিজ্যিক কেন্দ্ৰৰ ‘World Trade Centre’ উত্তৰ আৰু দক্ষিণৰ উচ্চ-
অট্টালিকা দুটাত একোখনকৈ বিমানে খুন্দামাৰি ধ্বংস কৰে। এই আক্রমণত ৩,০০০ জন লােকৰ মৃত্যু হৈছিল।

লগতে পঢ়ক:   জাতি গঠনৰ প্ৰত্যাহ্বান Class 12 – (প্ৰশ্ন উত্তৰ) HS 2nd Year ৰাজনীতি বিজ্ঞান

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য Class 12

প্র : আধিপত্য কাক বােলে? বিশ্ব ৰাজনীতিত আমেৰিকাৰ আধিপত্যৰ কাৰণ বিলাক বর্ণনা কৰা। (Final-14)
উ : আধিপত্য শব্দটোৰ উৎপত্তি স্থল হ’ল গ্রীক সাহিত্য, এই শব্দটোৱে নায়কত্ব বা এখন ৰাজ্যৰ শ্ৰেষ্ঠতা বুজাবলৈ আৰু মূলতে পুৰণি গ্ৰীচৰ এথেঞ্চৰ প্রাধান্য অন্যবােৰ চহৰীয়া ৰাজ্যৰ লগত তুলনা কৰিবলৈ ব্যৱহাৰ কৰিছিল। এইদৰে প্রথমে আধিপত্য শব্দটোৰে দেশৰ মাজত সম্বন্ধ, ধাৰণা আৰু সামৰিক শক্তিৰ ভাৰসাম্য বুজাইছিল। আধিপত্য শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে “Hegemony” ইয়াৰ অর্থ হৈছে কোনাে এখন দেশ বা ব্যক্তিৰ আনৰ ওপৰত কৰা সর্বাত্মক নিয়ন্ত্রণ। ইয়াত মূলতঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্বৰ ৰাজনীতিত, অর্থনীতি, বিজ্ঞান প্রযুক্তি বিদ্যা তথা সামৰিক কর্তৃত্বক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল। উপৰােক্ত বিষয়সমূহৰ উপৰিও সাংস্কৃতিক আৰু বৌদ্ধিক প্রভাৱকো এই আধিপত্যৰ অন্তৰ্গত কৰিব পাৰি।

আধিপত্যৰ প্রকৃতিঃ বিশ্বৰ ৰাজনীতিত মার্কিন আধিপত্য এটি পুৰণি বিষয়। শীতল যুদ্ধৰ সমাপ্তিৰ পিছত এই আধিপত্য তীব্রভাৱে প্ৰকাশ হৈছিল। প্ৰকৃততে, প্রথম বিশ্বযুদ্ধৰ পিছত আৰম্ভ হােৱা এই আধিপত্য দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সমগ্র পৃথিৱীতে বিয়পি পৰিছিল। আমেৰিকাই ইয়াৰ কুটনৈতক, সামৰিক আৰু ৰাজনৈতিক সক্রিয়তাৰে জাতিসংঘ আৰু ৰাষ্ট্ৰসংঘ নামৰ দুটা বৃহৎ আন্তর্জাতিক সংগঠনৰ জন্ম দিছিল। তাৰােপৰি, বিভিন্ন আন্তৰাষ্ট্ৰীয় সন্মিলন তথা বিষয়সমূহত আমেৰিকা যুক্তৰাষ্ট্ৰই প্রথম গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

আমেৰিকান আধিপত্যৰ কাৰণসমূহ : তলত আমেৰিকাৰ আধিপত্যৰ কাৰণসমূহ আলােচনা কৰা হ’ল—
(১) আমেৰিকা যুক্তৰাষ্ট্র এখন পুৰণি, শক্তিশালী আৰু সফল গণতান্ত্রিক দেশ। ইয়াৰ গণতান্ত্রিক আদর্শসমূহ আৰু পুঁজিবাদী আর্থিক ব্যৱস্থাৰ সফলতাৰে আমেৰিকা পৃথিৱীৰ প্ৰথমখন ধনী দেশ।

(২) আর্থিকভাৱে আমেৰিকাৰ বিশ্ব অর্থনীতিত ২৮ শতাংশ অংশীদায়িত্ব আছে। পৃথিৱীৰ মুঠ বাণিজ্যৰ ১৫ শতাংশ আমেৰিকাৰ। পৃথিৱীৰ আটাইতকৈ বৃহৎ বহুজাতিক কোম্পানীসমূহ আমেৰিকাৰ। যেনে- Microsoft, General motors, Pepsico.

(৩) সামৰিকভাৱে আমেৰিকা যুক্তৰাষ্ট্র অত্যাধুনিক আৰু বিধ্বংসী অস্ত্র-শস্ত্ৰৰে সুসজ্জিত। পেন্টাগণ পৃথিৱীৰ আটাইতকৈ খৰচী সামৰিক কার্যালয়। ইয়াৰ বেছিভাগ ধন সামৰিক গৱেষণা আৰু উন্নয়নত খৰচ কৰা হয়। তাৰােপৰি, ই পৃথিৱীৰ যিকোনাে প্রান্তকে দ্রুতভাৱে ঢুকি পাব পাৰে।

(৪) আমেৰিকা যুক্তৰাষ্ট্ৰত বিভিন্ন ক্ষেত্ৰৰ উন্নত মানদণ্ডৰ গৱেষণাসমূহ উপলব্ধ। অর্থনীতি-ব্যৱসায়ৰ পৰা আৰম্ভ কৰি চিকিৎসা বিজ্ঞানলৈ সকলােবােৰ বিষয়তে শিক্ষাৰ ক্ষেত্ৰত ই সমগ্র বিশ্বৰ ভিতৰতে আগবঢ়া।

লগতে পঢ়ক:   কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃ প্ৰতিষ্ঠা

(৫) প্রযুক্তিগত দিশৰ পৰাও প্রায় বেছিভাগ আৱিষ্কাৰ তথা উন্নয়ন আমেৰিকাৰ পৰা নিয়ন্ত্রিত হয়। উদাহৰণস্বৰূপে নাছা (NASA), ইণ্টাৰনেটৰ আৱিষ্কাৰ Google, Social mediaৰ বিকাশ মূলতঃ আমেৰিকান। তাৰােপৰি, পৃথিৱীৰ ছফটৱেৰ বিকাশৰ অন্যতম ঠাই ছিলিকন ভেলী আমেৰিকাত অৱস্থিত।

(৬) আমেৰিকা যুক্তৰাষ্ট্রৰ আন্তৰাষ্ট্ৰীয় অৱস্থান, ক্ষমতা, আর্থিক প্রভাৱ, সম্মান আৰু ভয়ৰ সংমিশ্রণ। আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ তথা পৃথিৱীৰ প্রায় সকলাে দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক বিষয়সমূহত আমেৰিকা যুক্তৰাষ্ট্রৰ গুৰুত্বপূর্ণ ভূমিকা আছে।

(৭) আন্তঃৰাষ্ট্ৰীয় আর্থিক সংগঠনসমূহ আমেৰিকাৰ নেতৃত্বতে Bretton Woods জন্ম গ্রহণ কৰিছিল। সংস্থাসমূহত আমেৰিকাৰ আর্থিক আৰু ৰাজনৈতিক প্রভুত্ব সকলােতকৈ বেছি।

(৮) বিশ্বায়ন বা গােলকীকৰণ আমেৰিকাৰ নেতৃত্বত চলা এটা অনানুষ্ঠানিক বর্তমান বিশ্ব ব্যৱস্থা। ইয়াৰ জৰিয়তে আমেৰিকাই আর্থিক আৰু সাংস্কৃতিক দিশত প্রভুত্ব প্ৰভাৱ পেলাইছে।

মূল্যায়নঃ আধিপত্য বিস্তাৰ কৰিব লাগিলে কেৱল মাত্র সামৰিক আৰু আর্থিকভাৱে শক্তিশালী হ’লে নহব। ইয়াৰ বাবে সাংস্কৃতিক আৰু বৌদ্ধিক উপায়েৰে অন্যান্য জাতিসমূহৰ মাজত নিজকে শ্রেষ্ঠতাৰে প্রতিষ্ঠা কৰিব পাৰিব লাগিব যিটো আমেৰিকাৰ হাতত আছে।

class 12 political science chapter 3 question answer assamese medium

প্রঃ কোন চনত ইৰাকে কুৱেইট আক্রমণ কৰিছিল? (Final-20)
উঃ ১৯৯০ চনৰ আগষ্ট মাহত কুৱেইট আক্রমণ কৰে।

প্রঃ গঠনমূলক শক্তি হিচাপে আধিপত্যৰ এটা উদাহৰণ দিয়া।
উ : যােগাযােগৰ বাবে সাগৰীয় পথ।

প্রঃ প্রথম উপসাগৰীয় যুদ্ধৰ সময়ত মার্কিন ৰাষ্ট্রপতি কোন আছিল?
উঃ জর্জ এইচ ডব্লিউ বুশ।

প্রঃ অল-কায়দা কি?
উঃ অল-কায়দা হ’ল ইছলামিক ভাবধাৰাৰে প্ৰভাৱান্বিত এটা সন্ত্রাসবাদী সংগঠন।

প্রঃ ১৯৯২ চনৰ ৰাষ্ট্রপতি নির্বাচনত জর্জ বুশ কাৰ হাতত পৰাক্ত হছিল?
উঃ ১৯৯২ চনৰ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনত ডেমক্রেটিক পার্টিৰ উলিয়াম জেফাৰচন বিল ক্লিনটনৰ হাতত জর্জ বুশ্ব পৰাস্ত হৈছিল।

প্রঃ আমেৰিকাই কিয় ইৰাক আক্রমণ কৰিছিল। এই আক্ৰমণৰ প্রধান উদ্দেশ্য কি আছিল?

উঃ ২০০৩ চনৰ ১৯ মার্চত অপাৰেশ্যন ইৰাকী ‘ ফ্রিডম’ এই সংকেতিক নামেৰে আমেৰিকাই ইৰাক আক্রমণ কৰে। ৰাষ্ট্ৰসংঘই ইৰাক আক্ৰমণৰ সন্মতি নিদিয়াত যুক্তৰাষ্ট্ৰৰ পৰিচালনাত ৪০ খনতকৈ বেছি-ইচ্ছুক দেশৰ সংযােগ ঘটে । এই আক্ৰমণৰ প্রধান উদ্দেশ্য আছিল ইৰাকৰ বৃহৎ ধ্বংসকাৰী অস্ত্র বিকাশত বাধা দিয়া। কিন্তু ইৰাকত ধ্বংসকাৰী অস্ত্ৰৰ সম্ভেদ পােৱা নগ’ল। সেয়েহে ইৰাকৰ তৈলক্ষেত্ৰৰ ওপৰত দমন আৰু যুক্তৰাষ্ট্র পক্ষীয় শাসন প্রৱর্তনেই এই যুদ্ধৰ উদ্দেশ্য আছিল বুলি বহুতে ধাৰণা কৰে।

প্রঃ মার্কিন আধিপত্যৰ আৰম্ভণি কেতিয়া হৈছিল (Final-14)
উঃ আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্য ১৯৯১ চনত ছােভিয়েট ইউনিয়নৰ পতনৰ লগে লগে একচ্ছত্র আধিপত্য প্রতিষ্ঠা কৰাৰ বাবে আৰম্ভ হৈছিল।

প্রঃ একমেৰুকৰণ/এক মেৰু বিশিষ্ট বিশবুলিলে কি বুজা? (Final-14)
উঃ শীতল যুদ্ধৰ পাছত পৃথিৱীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোনাে গুৰুতৰ প্ৰতিদ্বন্দ্বী নােহােৱা হৈ পৰিল ইয়াৰ পিছৰ কালছােৱাক যুক্তৰাষ্ট্ৰৰ প্রভুত্বৰ কাল বা একমেৰুকৰণ বুলি কোৱা হয়। যেতিয়া পৃথিৱীৰ প্ৰায়বােৰ ক্ষমতা আৰু প্ৰতিপত্তি এটা কেন্দ্র বা এখন দেশত কেন্দ্রীভূত হৈ পৰে ইয়াকে একমেৰুকৰণ বােলা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top