বিষয় | অসমীয়া |
পাঠৰ নাম | (উঠৰে উঠ বাপু গােপাল হে) |
শ্ৰেণী | দ্বাদশ শ্ৰেণী |
লেখক | মাধৱদেৱ |
গােট | পদ্যাংশ বৰগীত (ৰাগ-কৌ) |
পাঠৰ নং | অধ্যায় 6 |
পাঠ্যক্ৰম | অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC) |
বৰগীত Class 12
(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)
প্রঃ শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি কোৱা হৈছে?
উঃ শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক মণিকাঞ্চন সংযােগ বুলি কোৱা হৈছে।
প্রঃ বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা।
উঃ বৰগীতৰ বিষয়বস্তুক ছটা ভাগত ভগাব পাৰি। ভাগকেইটা হ’ল-(১) লীলা বিষয়ক। (২) বিৰহ বিষয়ক। (৩) বিৰক্তি বিষয়ক। (৪) পৰমাৰ্থ বিষয়ক। (৫) চোৰ বিষয়ক। (৬) চাতুৰি বিষয়ক।
প্রঃ মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি লিখা?
উ : মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্যবােৰ হ’ল—
(১) বাৎসল্য ভাব মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য।
(২) বৰগীতত শিশু কৃষ্ণই সাধাৰণ শিশু ৰূপত প্রাধান্য লাভ কৰে৷
(৩) বৰগীতত সংস্কৃত শব্দৰ ব্যৱহাৰ কম আৰু কামৰূপী শব্দৰ ব্যৱহাৰ বেছি।
(৪) বৰগীতত কৃষ্ণৰ শিশুকালৰ নানা চোৰ-চাতুৰী প্রাধান্য পায়।
(৫) শিশু কৃষ্ণক মাকে টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰাৰ ছবিখন সুন্দৰ আৰু সৰল ৰূপত পৰিস্ফুট।
(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)
প্র: শংকৰদেৱৰ বৰগীত সংখ্যা কিমান?
উঃ শংকৰদেৱে মুঠ বাৰকুৰি গীত ৰচনা কৰিছিল যদিও বর্তমান একুৰি চৈধ্যটা’ পােৱা গৈছে।
প্র: মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰে? মাধৱদেৱৰ ৰচিত দুখন নাটৰ নাম লিখা।
উঃ মাধৱদেৱে ১৫৭টা বৰগীত ৰচনা কৰে মাধৱদেৱৰ ৰচিত দুখন নাটকৰ নাম হ’ল— (১) অর্জুন ভঞ্জন (2) পিম্পৰা গুচোৱা ।
প্ৰ: সিদ্ধ মুনিগণে চিন্তিয়া নাপাৱে
সাে হৰি যশােৱা কোলে।
—সিদ্ধ মুনিগণে নােপােৱা হৰিক যশােদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা।
উঃ কৃষ্ণ হ’ল পৰম পুৰুষ ভগবান। পৰম ভগত্রানক পাবলৈ বৰ টান। সিদ্ধ ঋষি-মুনিয়ে হাজাৰ বছৰ তপস্যা কৰিও কৃষ্ণক লাভ কৰিব নােৱাৰে। কিন্তু যশােদাই একমাত্ৰ পৰম ভক্তিৰ বলত কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছে। ভক্তিত ভগৱান সন্তুষ্ট হয় কিয়নাে ভগৱান সদায় ভক্তৰ অধীন
বৰগীত Class 12 question Answer
(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)
অর্থ লিখাঃ ভূষণ—অলংকাৰ।
প্রঃ মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল।
উ: মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড ভাঙনি কৰিছিল।
প্রঃ মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি?
উ : মাধৱদেৱৰ বৰগীতক মহাৰাষ্ট্ৰৰ কবি তুকাৰাম, উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীতৰ লগত তুলনা কৰিব পাৰি।
প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা:
প্রঃ উঠবে উঠৰে বাপু গােপাল হে নিশি পৰভাত ভৈল।
কমল নয়ন, বুলি ঘনে ঘন, যশােৱা ডাকিতে লৈল।।
উ: প্রশ্নোকৃত বৰগীতাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত থকা মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ বিৰচিত “উঠ উঠ বাপু গােপাল হে” নামৰ বৰগীতটিৰ অন্তৰ্গত।
শ্রীকৃষ্ণক মাতৃ যশােদাই কেনেদৰে টোপনিৰ পৰা জগাইছে, তাকে সুন্দৰভাবে তুলি ধৰা প্ৰসংগতে উপৰােক্ত বৰগীতাকিৰ অৱতাৰণা কৰা হৈছে। বৰগীতটিৰ মাজেৰে যশােদাৰ মাতৃস্নেহ অতি সুন্দৰৰূপত পৰিস্ফুট হৈছে। মাতৃ যশােদাৰ মতে, শ্রীকৃষ্ণ হ’ল কমলনয়ন, প্রাণধন, বাপু, গােবিন্দ। মাতৃ যশােদাই মৰমতে
শ্রীকৃষ্ণক সকলাে পুৰুষৰ শিৰৰ ভূষণ বুলি কৈ সকলােৰে আৰাধ্য শ্রীকৃষ্ণক বুকুত বান্ধি, কোলাত লৈ বাৰে বাৰে চুমা খাইছে। অর্থাৎ, আমাৰ সমাজত সাধাৰণ শিশুক যিদৰে পিতৃ-মাতৃয়ে মৰম কৰে, ঠিক সেইদৰে চিৰ মাতৃৰূপে যশােদায়ে পুত্র শ্রীকৃষ্ণক আনন্দ- মনে মৰম কৰিছে। ফলত পুত্র শ্রীকৃষ্ণৰ প্ৰতি থকা যশােদাৰ মাতৃস্নেহ সুন্দৰৰূপত প্রকাশিত হৈছে। মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্কৰ একজীৱন্ত ছবি বৰগীতটিৰ মাজত দেখা যায়।
বৰগীত Class 12 (উঠৰে উঠ বাপু গােপাল হে)
প্রঃ উঠৰে উঠ বাপু গােপাল হে বৰগীতটি কি ৰাগত বন্ধা।
উঃ উঠৰে উঠ বাপু গােপাল হে বৰগীতটি কৌ ৰাগত বন্ধা।
প্রঃ মােৰ প্রাণধন সুচান্দ বয়ন ইয়াত মােৰ প্রাণধন কোন?
উ : মােৰ প্ৰাণধন সুচান্দ বয়ন— ইয়াত প্রাণধন হ’ল শ্রীকৃষ্ণ।
প্রঃ মণিকাঞ্চন সংযােগ মানে কি?
উঃ শংকৰদেৱৰ সৈতে মাধৱদেৱৰ প্রথম সাক্ষাৎ হৈছিল ধুৱাহাট সত্ৰত। তেওঁলােকৰ এই ঐতিহাসিক সাক্ষাতক মণিকাঞ্চন সংযােগ বােলা হয়।
প্রঃ ড° বাণীকান্ত কাকতিয়ে মাধৱদেৱৰ ভক্ত জীৱনৰ সর্বহ কি আছিল বুলি কৈছে?
উঃ বাৎসল্য প্রেমক ড° বাণীকান্ত কাকতিয়ে মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ আছিল বুলি কৈছে।
প্রঃ ত্ৰিজগতৰ পতি বুলি কাক কিয় কোৱা হৈছে?
উঃ শ্রীকৃষ্ণক ত্ৰিজগতৰ পতি বুলি কোৱা হৈছে। কাৰণ তেওঁ হ’ল স্বর্গ, মর্ত্য আৰু পাতাল- এই তিনিখন জগতৰে অধিকাৰী।
প্রঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিভম্ভ কি?
উঃ মাধৱদেৰ সাহিত্যিক জীৱনৰ কীর্তিম্ভ হল- নামঘােষা।
প্রঃ ড° বাণীকান্ত কাকতিয়ে বৰগীতবােৰক কিয় Nobel numbers বুলি কৈছে?
উ : বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্ৰৱাহ লক্ষ্য কৰা যায়। সেয়েহে ড° বাণীকান্ত কাকতিয়ে বৰগীতক Noble numbers বুলি। অভিহিত কৰিছে।
প্রঃ বৰগীতটোৰ মাজেৰে যশােদাৰ মাতৃস্নেহ কিদৰে প্রকাশ পাইছে বুজাই লিখা।
উ : মাধৱদেৱৰ উঠৰে উঠ বাপু গােপাল হে বৰগীতটি এটি বাসৎল্য ভাব প্রকাশৰ বৰগীত। বৰগীতটিত পুত্ৰৰ প্ৰতি থকা মাতৃৰ যি মৰম তাকে সুন্দৰকৈ প্রকাশ পাইছে। যশােদাই ভক্তিৰ বলতে পৰম পুৰুষ ভগৱান কৃষ্ণক সাধাৰণ শিশু ৰূপত পাইছে। কৃষ্ণই যশােদাৰ ঘৰত সাধাৰণৰ শিশুৰ দৰে ওপজি নানা চল-চাতুৰি খেলা- দেখুৱাইছে। যশােদাই ৰাতিপুৱা মৰমেৰে কৃষ্ণক জগাইছে— হে বাপু, কৃষ্ণ প্রাণধন, কমলনয়ন—তুমি উঠা। এইবুলি যশােদাই কৃষ্ণক বুকুত সাৱটি ধৰি মৰমতে বাৰে বাৰে চুমা খাইছে। ঋষি-মুনিয়ে হাজাৰ হাজাৰ বছৰ ধৰি নানা জপ, তপ কৰিও কৃষ্ণক নাপায়। কিন্তু যশােদাই একমাত্র ভক্তিৰ বলত কৃষ্ণক পুত্ৰৰূপে লাভ কৰি পৰম আনন্দ পাইছে।
প্রঃ বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলােচনা কৰা।
উ : বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথা মাধৱদেৱে সুন্দৰকৈ প্ৰকাশ কৰিছে। পৰম পুৰুষ ভগৱান শ্রীকৃষ্ণক যশোদাই সাধাৰণ শিশু ৰূপত পুত্ৰৰূপে পাইছে। সাধাৰণ শিশুৰ দৰে কৃষ্ণই দেৰিলৈকে শুই থাকে বাবে মাক যশােদাই টোপনিৰ পৰা উঠাবলৈ চেষ্টা কৰি কৈছে- উঠৰে উঠ বাপু গােপালহে নিশি পৰভাত ভৈল।
কমল নয়ন, বুলি ঘনে ঘন, যশােৱা ডাকিতে লৈল ৷৷
যশােদাই মৰমতে কৃষ্ণক বাপু, কমলনয়ন, প্রাণধন আদি বুলি সম্বােধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। কৃষ্ণক লাভ কৰিবলৈ বৰ টান। ঋষি-মুনিসকলেও কৃষ্ণক হাজাৰ বছৰ তপস্যা কৰিও সফল নহৈ কৃষ্ণক বিচাৰি নাপায়, কিন্তু যশােদাই সেইজনকে ভক্তিৰ বলতেহেপুত্ৰৰূপে লাভ কৰিছে। বৰগীতটোৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা মাধৱদেৱে হৃদয়স্পর্শী ৰূপত বর্ণনা কৰিছে।
প্রঃ প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ
ত্রিজগত পতি, ভকতি মিলিল
মুখ মাধৱে বােলে।
উঃ ব্যাখেয় পদফাঁকি আমাৰ পাঠ্যপুথিৰ মাধৱদেৱৰ দ্বাৰা ৰচিত উঠ ৰে উঠ বাপু গােপাল হে নামৰ বৰগীতটিৰ পৰা তুলি অনা হৈছে।
ইয়াৰ মাজেৰে ভক্তিৰ দ্বাৰা যে ভগৱানকো পাব পাৰি তাকে কবিয়ে কৈছে। যশােদাই একমাত্র ভক্তিৰ বলতহে কৃষ্ণক পুত্ৰৰূপে লাভ কৰাৰ কথা কবিয়ে কব বিচাৰিছে। কবি মাধৱদেৱে ভগৱান ভক্তৰ অধীন বুলি কৈছে অর্থাৎ যশােদাই ভক্তিৰ বলতে কৃষ্ণক সাধাৰণ শিশু ৰূপত পাইছে। কৃষ্ণই যশােদাৰ ঘৰত উপজি সাধাৰণ শিশুৰ দৰে আছে। যশােদাই মৰমেৰে কৃষ্ণক জগাইছে হে বাপু, কৃষ্ণ, প্রাণধন, কমল নয়ন— তুমি উঠা। এইবুলি যশােদাই কৃষ্ণক মৰমতে কোলাত লৈ চুমা খাইছে।
বৰগীতটোৰ মূলভাৱ লিখা।
নাইবা
প্রঃ মাধৱদেৱৰ উঠৰে উঠ বাপু গােপাল হে- বৰগীতটোৰ মূল কথাখিনি আলােচনা কৰা।
উ : ভগৱান কৃষ্ণ কৃপাৰ সাগৰ, অনাদি অনন্ত। তেওঁক পাবলৈ ঋষি-মুনিসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰিও লাভ কৰিব নােৱাৰে। সেই জন কৃষ্ণক যশােদাই ভক্তিৰ বলতে পুত্ৰৰূপে লাভ কৰিছে। ভগৱান ভক্তৰ অধীন। তেওঁক বলেৰে বশ কৰিব নােৱাৰি। যশােদাৰ ভক্তিত সন্তুষ্ট হৈ কৃষ্ণই যশােদাৰ ঘৰত পুত্ৰৰূপে আছে। কৃষ্ণ সকলাে পুৰুষৰে শিৰৰ ভূষণ। সেয়ে যশােদাই পুত্র স্নেহত আপ্লুত হৈ কৃষ্ণক প্রাণধন, বাপু, কমলনয়ন আদি নামেৰে সম্বােধন কৰি
টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছে। সকলাে পুৰুষৰে শিৰৰ ভূষণ অর্থাৎ সকলােৰে আৰাধ্যদেৱতা কৃষ্ণক বুকুত বান্ধি কোলাত লৈ যশােদাই বাৰে বাৰে চুমা খাইছে। বৰগীতটোৰ দ্বাৰা মাধৱদেৱে মাক-পুতেকৰ মধুৰ সম্পৰ্কৰ বৰ্ণনা কৰাৰ লগতে কৃষ্ণৰ ঐশ্বৰিক মাহাত্মৰ কথাও প্রকাশ কৰিছে। ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা হৃদয়স্পর্ষীৰূপত কবিয়ে তুলি ধৰিছে।
প্রঃ বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলােচনা কৰা।
উঃ মাধৱদেৱৰ উঠ ৰে উঠ বাপু গােপাল হেনামৰ এই বৰগীতটিৰ মাজেৰে ভক্তিৰ মাহাত্ম্য সুন্দৰকৈ প্রতিফলিত
হৈছে। মাধৱদেৱে মাতৃ-পুত্ৰৰ মধুৰ সম্পৰ্কৰ উপৰিও কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্রকাশ কৰিছে। ইয়াত কৃষ্ণক সকলাে পুৰুষৰ শিৰৰ ভূষণ বুলি কৈছে। পৰম পুৰুষ ভগৱান কৃষ্ণক ভক্তিৰ মাজেৰে লাভ কৰিব পাৰে। কাৰণ ভগৱান সদায় ভক্তৰ অধীন। সিন্ধু, মুনি ঋষি-সকলেও কৃষ্ণক পাবলৈ হাজাৰ হাজাৰ বছৰ তপস্যা সাধনা কৰিও লগ নাপায় বুলি প্ৰকাশ কৰি কৃষ্ণৰ প্ৰতি থকা অগাধ ভক্তিকেই লিখকে হৃদয়স্পর্শী ৰূপত বর্ণনা কৰিছে। ত্ৰিজগতৰ পতি কৃষ্ণ যশােদাৰ ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে আছে সেইজনা কৃষ্ণক যশােদাই সাধাৰণ শিশু ৰূপত পাই কোলাত লৈ মৰম কৰিছে। অন্য এটি বৰগীতত কবিয়ে উল্লেখ কৰিছে
কহয় মাধৱ মাই! কিনু তপসাইলা।
ত্ৰিজগতৰ পতি হৰি ৰাখােৱাল পাইলা।।
অর্থ লিখাঃ নিশিৰাতি, নিশা।
পৰভাত-প্রভাত, ৰাতিপুৱা।
তেজ-ত্যাগ । সুচান্দ-চন্দ্ৰৰ দৰে সুন্দৰ। নিন্দ-নিদ্রা, টোপনি। বয়ন- মুখ। ভূষণ-অলংকাৰ।
প্রঃ শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি কোৱা হৈছে?
উঃ শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক মণিকাঞ্চন সংযােগ বুলি কোৱা হৈছে।
প্র: শংকৰদেৱৰ বৰগীত সংখ্যা কিমান?
উঃ শংকৰদেৱে মুঠ বাৰকুৰি গীত ৰচনা কৰিছিল যদিও বর্তমান একুৰি চৈধ্যটা’ পােৱা গৈছে।
প্রঃ উঠৰে উঠ বাপু গােপাল হে বৰগীতটি কি ৰাগত বন্ধা।
উঃ উঠৰে উঠ বাপু গােপাল হে বৰগীতটি কৌ ৰাগত বন্ধা।
প্রঃ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিভম্ভ কি?
উঃ মাধৱদেৰ সাহিত্যিক জীৱনৰ কীর্তিম্ভ হল- নামঘােষা।
Thanks a lot for helping english medium student