Home » একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান » শান্তি Class 11 [প্রশ্নোত্তৰ] ৰাজনীতি বিজ্ঞান একাদশ শ্ৰেণী

শান্তি Class 11 [প্রশ্নোত্তৰ] ৰাজনীতি বিজ্ঞান একাদশ শ্ৰেণী

বিষয় ৰাজনীতি বিজ্ঞান
পাঠৰ নামশান্তি
শ্ৰেণী একাদশ শ্ৰেণী
গােটখ – শাখা
পাঠৰ নংঅধ্যায়-৯
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

শান্তি Class 11

ক অতি চমু প্রশ্নোত্তৰ (প্রত্যেকটাৰ মূল্যাংক – ১)

১। শান্তি মানে কি?
উত্তৰঃ শান্তি মানে হল যুদ্ধাহীন অৱস্থা।

২। বিশ্ব শান্তি প্রতিষ্ঠা আৰু ৰক্ষাৰ বাবে গঢ়ি উঠা দুটা অনুষ্ঠানৰ নাম লিখা।
উত্তৰঃ জাতি সংঘ আৰু ৰাষ্ট্ৰসংঘ।

Winter Sale

৩। মহাত্মা গান্ধীৰ আন্দোলনৰ মূল নীতি কি আছিল?
উত্তৰঃ শান্তি আৰু অহিংসা।

৪। শান্তিৰ বাণী প্রচাৰ কৰা দুজন ভাৰতীয় ব্যক্তিৰ নাম লিখা।
উত্তৰঃ মহাত্মা গান্ধী আৰু মাদাৰ টেৰেচা।

৫। যুদ্ধক প্রশংসা কৰা এজন দার্শনিকৰা নাম লিখা।
উত্তৰ: ফ্রেডেৰিক নিচে।

৬। বসুধৈব কুটুম্বকম’ৰ অর্থ কি?
উত্তৰ: সার্বজনীন ভাতৃত্ববােধ।

৭। শান্তিৰ বিপৰীতে আমি কি পাও?
উত্তৰ: অশান্তি।

৮। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত দুটা বিশ্বশক্তিৰ সৃষ্টি হয় – শক্তি দুটা কি কি?
উত্তৰঃ ছােভিয়েট ৰাছিয়া আৰু মার্কিন যুক্তৰাষ্ট্র।

শান্তি Class 11 Political Science

খ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)

১। ক্ষমতাৰ ভাৰসাম্য বুলিলে কি বুজা ?
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় ৰাজীনতিত ক্ষমতাৰ ভাৰসাম্য বুলিলে কোনাে এখন ৰাষ্ট্ৰক অধিক শক্তিশালী হ’বলৈ নিদি ৰাষ্ট্ৰসমূহৰ মাজত ক্ষমতা প্রায় সম-বিতৰণ বা আনুপাতিক বিতৰণৰ দ্বাৰা যুদ্ধ এৰি চলােৱাৰ এক ব্যৱস্থাক বুজায়।

২। সামূহিক নিৰাপত্তা কি ?
উত্তৰ : কোনাে আক্রমণকাৰী ৰাষ্ট্ৰ বা ৰাষ্ট্ৰ জোঁটৰ বিৰুদ্ধে শান্তিকামী ৰাষ্ট্ৰবােৰ একত্ৰিত হৈ আক্রমণক প্রতিহত কৰা ব্যৱস্থাকে ‘সামূহিক নিৰাপত্তা’ বুলি কব পৰা যায়।

৩। আন্তঃৰাষ্ট্ৰীয় আইন কি?
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় আইন হৈছে আন্তঃৰাষ্ট্ৰীয় সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সম্পর্ক নির্ণয়কাৰী কিছুমান নীতি- নিয়মৰ সমষ্টি।

৪। নিৰীকৰণ কি ? ইয়াৰ প্ৰয়ােজনীয়তা আছেনে?
উত্তৰ : যুদ্ধত ব্যৱহৃত বিধ্বংসী অস্ত্র-শস্ত্ৰৰ পৰিমাণ। হ্রাস কৰা বা তেনে অস্ত্র নির্মাণত বাধা দিয়াকেই। ‘নিৰীকৰণ’ বােলে। বিশ্ব শান্তি, শৃঙ্খলা আৰু সামূহিক উন্নয়নৰ বাবে নিৰস্ত্রীকৰণৰ প্ৰয়ােজন আছে।

Political Science Class 1 Chapter 19

চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। শান্তিৰ সমসাময়িক প্ৰত্যাহ্বানসমূহ কি কি ?
উত্তৰ : বিশ্ব শান্তিকামী আৰু মানৱ কল্যাণকামী বহুতাে অনুষ্ঠান, প্রতিষ্ঠান, সংস্থা, জোট, বেচৰকাৰী সংগঠন আদি থকা সত্ত্বেও সাম্প্রতিক বিশ্বত বাৰুকৈয়ে শান্তি বিঘ্নিত হৈছে। ইয়াৰ কাৰণবােৰ তলত চমুকৈ আলােচনা কৰা হ’ল –
(ক) বর্তমান বিশ্বশান্তিৰ সন্মুখত প্রত্যাহ্বান হিচাপে থিয় হােৱা প্ৰধান কাৰকটো হৈছে সন্ত্রাসবাদ। সন্ত্রাসবাদে গােটেই বিশ্বজুৰি সক্রিয় হৈআন্তৰাষ্ট্ৰীয় শান্তিত কুঠাৰাঘাত কৰিছে। উদাহৰণ স্বৰূপে ২০০১ চনৰ ১১ চেপ্তেম্বৰ তাৰিখে নিউয়র্ক চহৰত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্রত সন্ত্রাসবাদীৰ আক্ৰমণ। ভাৰতৰ বম্বে মহানগৰীত কৰা পাকিস্থানী সন্ত্রাসবাদীসকলৰ দ্বাৰা আক্রমণ।

(খ) বিশ্বশান্তিৰ সমসাময়িক প্ৰত্যাহ্বানসমূহৰ আন এক জলন্ত কাৰক হ’ল কিছুমান ৰাষ্ট্ৰৰ সাম্রাজ্যবাদী মনােভাৱ। ৰাছিয়াৰ সাম্রাজ্যবাদী মনােভাৱৰ বাবে
আফগানিস্থান,আমেৰিকাৰ সাম্রাজ্যবাদী মনােভাৱৰ বাবে ইৰাক. ইজৰাইলৰ আগ্রাসনী দৃষ্টিভংগীৰ বাবে পেলেলষ্টাইন আৰু ইজৰাইলত নৰ হত্যা চলি আছে।

(গ) সাম্প্রতিক বিশ্বত অশান্তি সৃষ্টিত অৰিহনা যােগােৱা আন এক কাৰণ হৈছে অর্থনীতি। বিশ্বৰ উন্নত ৰাষ্ট্রসমূহেদুখীয়া ৰাষ্ট্ৰসমূহক শােষণ কৰি আছে। ফলত দুখীয়া ৰাষ্ট্রৰ জনসাধাৰণে অর্থনৈতিক মুক্তিৰ বাবে সংগ্রাম কৰি বিশ্বৰ শান্তি বিঘ্নিত কৰি আছে। উদাহৰণ স্বৰূপে আফ্রিকাৰ দেশসমূহত চলি থকা অর্থনৈতিক বৈষম্যই এক জলন্ত ৰূপ লৈছে।

(ঘ) বিশ্ব শান্তিৰ সন্মুখত প্রত্যাহ্বান হিচাপে দেখা দিয়া আন এক কাৰক হৈছে ধর্মীয় গােড়ামি। ধর্মীয় গােড়ামিক লৈ মধ্যপ্রাশ্চত, বিশেষকৈ ইছলামীয় ৰাষ্ট্ৰসমূহত শান্তিনাশ হৈছে। সেইদৰে ভাৰততাে ধর্মীয় গােড়ামিৰ প্ৰভাৱত হিন্দু আৰু মুছলমানৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।

২। পঞ্চশীল নীতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৱে এক ভাষণত ভাৰত-চীন,সম্পর্কৰ পথনির্দেশক হিচাপে পাঁচটা স্তম্ভ উল্লেখ কৰে। ইয়াকেই ‘পঞ্চশীল’ বুলি কোৱা হয়। এই নীতি পাঁচটা পিছলৈ গােষ্ঠী নিৰপেক্ষ আলােন্দালনৰ ভেটি হিচাপে পৰিগণিত হয়। পঞ্চশীল নীতিকেইটা হল –
(১) অইন ৰাষ্ট্ৰৰ ভৌগােলিক অখণ্ডতা আৰু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্রদ্ধা প্রদর্শন।
(২) পাৰস্পৰিক অনাক্রমণ।
(৩) অইন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।
(৪) সমতা আৰু পাৰস্পৰিক সুবিধা।
(৫) শান্তিপূর্ণ সহাৱস্থান।

৩। ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য কি কি ?
উত্তৰ : ৰাষ্ট্ৰসংঘৰ চনদৰ প্রথম অনুচ্ছেদত এই সংস্থাৰ মূল লক্ষ্যৰ কথা কোৱা হৈছে। সেই অনুসাৰে ইয়াৰ লক্ষ্যসমূহ হ’ল –
(১) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।
(২) পৃথিৱীৰ জাতিসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক উন্নয়ন সাধন কৰা।
(৩) বিশ্ব অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু নৱীয় সমস্যাসমূহ সামাধান কৰাত, আন্তর্জাতিক সংযোগ লাভ কৰা।
(৪) যুদ্ধৰ বিভীষিকাৰ পৰা ভৱিষ্যত প্রজন্মক ৰক্ষা

শান্তি Class 11

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -৬)

১। শান্তি প্রতিষ্ঠাৰ বাবে থকা বিভিন্ন পদ্ধতিসমূহ আলােচনা কৰা।
উত্তৰ : শান্তি প্রতিষ্ঠাৰ বাবে প্রধানত তিনিটা। প্রচেষ্টা বা পদ্ধতি আছে। যেনে- নতাৰ ভাৰসাম্য, আর্থ-সামাজিক সহযােগিতা আৰু অধিৰাষ্ট্ৰীয় ব্যৱস্থা । তলত এইবােৰ চমুকৈ আলােচনা কৰা হ’ল।
(১) ক্ষমতাৰ ভাৰসাম্য : শান্তি প্রতিষ্ঠাৰ প্ৰথম পদ্ধতি বা ব্যৱস্থা মতে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত ক্ষমতাৰ ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰা। ক্ষমতাৰভাৰসাম্যই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সংঘর্ষ আতঁৰাই ৰখাত সহায়ক হয়। ৰাষ্ট্ৰসমূহৰ মাজত মিত্রজোট গঠন কৰি অশান্তি সৃষ্টি কৰা কোনাে ৰাষ্ট্ৰক আক্রমণ কৰিবলৈ ভাবুকি প্রদান কৰি সংঘাত নিয়ন্ত্রণলৈ আনিবলৈ চেষ্টা কৰা হয়।

(২) আর্থ-সামাজিক সহযােগিতা : শান্তি প্রতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত সামাজিক আৰু অর্থনৈতিক সহযােগিতা বৃদ্ধি কৰিও শান্তি প্রতিষ্ঠা কৰিব পাৰি। কাৰণ অশান্তিৰ প্ৰধান কাৰণ অর্থনৈতিক সংকট, শােষণ আৰু সহযােগিতা বা বুজাবুজিৰ অভাৱ। এই কাৰণবােৰ আঁতৰ কৰিব পাৰিলে বহু সময়ত শান্তি প্রতিষ্ঠা সহজ হৈউঠে। উদাহৰণ স্বৰূপে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰােপত অর্থ। নৈতিক আৰু ৰাজনৈতিক সহযােগিতাৰ দ্বাৰা শান্তি প্রতিষ্ঠা কৰা হৈছিল।

(৩) অধিৰাষ্ট্ৰীয় ব্যৱস্থা : শান্তি প্রতিষ্ঠাৰ আন এক উপায় হৈছেঅধিৰাষ্ট্ৰীয় ব্যৱস্থা। অধিৰাষ্ট্ৰীয় ব্যৱস্থাৰ দ্বাৰা এক ৰাষ্ট্ৰৰ ভৌগােলিক পৰিসীমা অতিক্রম কৰি বিশ্বজুৰি কল্যাণকামী সংগঠন গঢ়ি তুলি ৰাষ্ট্র বা বিভিন্ন জাতিৰ মাজত সহযগিতা বা বুজাপৰা গঢ়ি তুলিব পাৰি। যেনে : প্রথম বিশ্ব যুদ্ধৰ পিছত গঠন হােৱা জাতিসংঘ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঠন কৰা ৰাষ্ট্ৰসংঘ।

 

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam