সামাজিক ন্যায় Class 11 Political Science Chapter 14 Assamese Medium

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম সামাজিক ন্যায়
শ্ৰেণী  একাদশ শ্ৰেণী
গােট খ – শাখা
পাঠৰ নং অধ্যায় – ৪
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

সামাজিক ন্যায় Class 11

ক, অতি চম প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -১)

১। বিতৰণমূলক ন্যায়ৰ ধাৰণাটো কোনে আগবঢ়াইছিল?
উত্তৰ: এৰিষ্টটলে।

২। অজ্ঞানতাৰ ধাৰণাটো কোনে আগবঢ়াইছিল?
উত্তৰ: জন ৰাউলচে।

৩। সকলাে মানুহেই মর্যদাপ্রাপ্ত – কথাষাৰ কোনে কৈছিল?
উত্তৰ: ইমানুয়েল কান্ট।

৪। ন্যায়ৰ ধাৰণা আগবঢ়োৱা প্লেটোৰ গন্থখনৰ নাম কি ?
উত্তৰ : ‘ৰিপাব্লিক’।

৫। এখন ৰাষ্ট্ৰত ন্যায় প্রতিষ্ঠাৰ বাবে কিহৰ প্রয়ােজন ?
উত্তৰ : স্বাধীন ন্যায়পালিকাৰ।

৬। ন্যায় এটা______। (খালী ঠাই পুৰণ কৰা)
উত্তৰ : সামাজিক ধাৰণা।

৭। _____ৰাজনৈতিক ন্যায় নিশ্চিত কৰা হয় । (খালী ঠাইপূৰণ কৰা)
উত্তৰ: সংবিধানৰ দ্বাৰা।

৮। কেনেকুৱা শাসন ব্যৱস্থাত ন্যায় পােৱাৰ সম্ভাৱনা অধিক ?
উত্তৰ : গণতান্ত্রিক শাসন ব্যৱস্থাত।

৯। জন ৰাউলচৰ বিখ্যাত গ্রন্থখনৰ নাম কি ?
উত্তৰ : A Theory of Justice।

১০। প্লেটোৰ মতে ন্যায় কি ?
উত্তৰ: প্লেটোৰ মতে আনৰ কামৰ ওপৰত হস্তক্ষেপ নকৰাকৈ নিজৰ কাম আৰু দায়িত্ব সুচাৰুৰূপে সম্পন্ন কৰাকে ন্যায়’ বােলে।

সামাজিক ন্যায় Class 11 Question Answer

খ. চমু প্রশ্নোত্তৰ:(প্রত্যেকটোৰ মূল্যাংক – ২)

১। সামাজিক ন্যায়ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ :সামাজিক ন্যায়ৰ দুটা বৈশিষ্ট্য হল ঃ

(ক) সামাজিক ন্যায়ত জাতি, ধর্ম, বর্ণ, লিংগ, ভাষা নির্বিশেষে সকলােৱে সম অধিকাৰ ভােগ কৰে।
(খ) সামাজিক ন্যায়ত উচ্চ-নীচ, ধনী-দুখীয়া আদিৰ ভেদ-ভাৱ নাথাকে।

২। বৈধিক ন্যায় কি ?
উত্তৰঃ প্রচলিত বিধি-বিধানৰ জৰিয়তে জনসাধৰণৰ মাজত সৃষ্টি হােৱা বাদ-বিবাদ মীমাংসা কৰি দোষীক উপযুক্ত শাস্তি বিধান কৰা ব্যৱস্থাকে ‘বৈধিক ন্যায়’
বােলে।

৩। এৰিষ্টটলৰ মতে ন্যায় কি?
উত্তৰ : এৰিষ্ট’টলৰ মতে, ব্যক্তিৰ অৰ্হতা আৰু ৰাষ্ট্ৰৰ প্ৰতি থকা বৰঙণি অনুসৰি পদবী আৰু স্থান বিতৰণ কৰাই হৈছে ন্যায়।

Class 11 Political Science Chapter 14 Assamese Medium

গ, চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মুল্যাংক – ৪)

লগতে পঢ়ক:   স্বাধীনতা Class 11 গুৰুত্বপূৰ্ণ প্রশ্নোত্তৰ একাদশ শ্ৰেণী

১। সামাজিক ন্যায় কি ? সামাজিক ন্যায়ৰ গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰ : সমাজত বসবাস কৰা সকলাে লােককে সমান সুযােগ-সুবিধা আৰু সমানে গুৰুত্ব দিয়াটোকে সামাজিক ন্যায়’ বুলি কোৱা হয়। সামাজিক ন্যায়ত জাতি-ধর্ম, বর্ণ, ভাষা, উচ্চ-নীচ আদিৰ মাজত কোনাে ভেদ-ভাৱ নাৰাখি সকলােকে সমান চকুৰে চোৱা হয়। সামাজিক ন্যায়ৰ যথেষ্ট গুৰুত্ব আছে। সমাজত শান্তি,ঐক্য, সংহতি, ভাতৃত্ববােধ আদি বজাই ৰাখিবলৈ হ’লে জাতি-বর্ণ নির্বিশেষে সকলােৰে মাজত সামাজিক ন্যায়। প্রদান কৰা উচিত। কাৰণ কল্যাণকামী ৰাষ্ট্র সামাজিক ন্যায়ৰ ভিত্তিতহেগঢ়ি উঠে। সামাজিক ন্যায় নাথাকিলে সমাজত অশান্তি, বিশৃঙ্খলা বাঢ়ি যাব ফলত ৰাষ্ট্র এখনৰ উন্নয়ন ব্যাঘাত জন্মিব সামাজিক ন্যায় হৈছেসকলােন্যায়-পােৱাৰ প্রথম বাট। সামাজিক ন্যায় বৰ্তি থাকিলেহে ব্যক্তিয়ে সমাজত নিজৰ ব্যক্তিত্ব আৰু প্ৰতিভাৰ বিকাশ কৰিব পাৰে। সেয়ে সামাজিক ন্যায়ৰ অতীব গুৰুত্ব আছে।

২। আইন আৰু নৈতিকতাৰ মাজত প্ৰভেদকি কি?
উত্তৰঃ আইন আৰু নৈতিকতাৰ মাজত পার্থক্য হল–
(ক) নৈতিকতাৰ ক্ষেত্র অতি ব্যাপক। ই মানুহৰ কাম-কাজ, আচৰণ, মনােভাৱ আদি সকলাে দিশ সামৰি লয়। নৈতিকতা মানুহৰ পৰম্পৰাগত সম্পত্তি। আনহাতে আইনৰ ক্ষেত্র ঠেক। ই মানুহৰ বাহ্যিক কার্যাৱলীক সামৰি লয়।
(খ) নৈতিকতা অনিশ্চিত, অস্পষ্ট আৰু অনির্দিষ্ট। কিন্তু আই সার্বজনীন। ইসমাজৰ সকলাে শ্ৰেণীৰ মানুহৰ বাবে একে।
(গ) নৈতিকতা এক সামাজিক আদর্শ। নৈতিকতাৰ সৃষ্টি স্বতঃস্ফূর্ত। আনহাতে আইন সৃষ্টি আৰু বলবৎ হয় কোনাে কর্তৃপক্ষৰ দ্বাৰা।
(ঘ) নৈতিকতাৰ কোনাে প্ৰৱৰ্তনকাৰী আৰু ব্যাখ্যাকাৰী নাথাকে। কিন্তু আইনৰ ব্যাখ্যাকাৰী আৰু প্রয়ােগকাৰী থাকে।
(ঙ) কোনাে নৈতিক কার্য আইন বিৰুদ্ধ হ’ব পাৰে আকৌ কোনাে আইন সংগত কার্যও নৈতিকতা বিৰােধী হ’ব পাৰে।

সামাজিক ন্যায় একাদশ শ্ৰেণী

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰঃ প্রত্যেকটোৰ মূল্যাংক -৬)

১। ন্যায় প্রতিষ্ঠাৰ বাবে ভাৰতত গ্ৰহণ কৰা কেইটামান ব্যৱস্থাৰ উল্লেখ কৰা।
উত্তৰ : সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে ভাৰতীয় সংবিধানে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। সেইবােৰৰ কেইটামান ব্যৱস্থা হ’ল :
(ক) জনসাধাৰণক ন্যায় প্রতিষ্ঠাৰ বাবে ভাৰতৰ সংবিধানত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে। মৌলিক অধিকাৰসমূহ ন্যায় বিচাৰ যােগ্য। কোনাে নাগৰিকৰ মৌলিক অধিকাৰ খর্ব হলে আদালতৰ দ্বাৰস্থ হ’ব পাৰে।
(খ) সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে ভাৰতত জমিদাৰী প্ৰথাৰ বিলােপ সাধন কৰা হৈছে।
(গ) সংবিধানৰ ১৭ নং অনুচ্ছেদত অস্পৃশ্যতাক নিষিদ্ধ বুলি ঘােষণা কৰা হৈছে।
(ঘ) ৰাজহুৱা স্থানত সকলাে ব্যক্তিৰ প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে।
(ঙ) সকলাে নাগৰিকক নিজৰ ব্যক্তিত্ব আৰু প্ৰতিভা বিকাশৰ অধিকাৰ দিয়া হৈছে।
(চ) ল’ৰা-ছােৱালীৰ বাধ্যতামূলক বিনামূলীয়া শিক্ষা লাভৰ অধিকাৰ দিয়া হৈছে।
(ছ) ক্ষুদ্র আৰু কুটিৰ শিল্পৰ বিকাশৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।
(জ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে পঢ়ক:   কার্যপালিকা Class 11 {প্ৰশ্ন উত্তৰ} ৰাজনীতি বিজ্ঞান অধ্যায় ৪

৩। ন্যায়ৰ তিনিটা নীতি চমুকৈ আলােচনা কৰা।
উত্তৰ : ন্যায়ৰ ধাৰণাটো এক নৈতিক আদর্শৰ ওপৰত প্রতিষ্ঠিত যদিও ন্যায় প্রতিষ্ঠা কৰাটো উজু নহয়। ন্যায় প্রতিষ্ঠাৰ বাবে কিছুমান নীতি অনুসৰণ কৰা অতীব প্রয়ােজন। তলত ন্যায় প্রতিষ্ঠাৰ বাবে অৱলম্বন কৰা তিনিটা নীতি আলােচনা কৰা হ’ল ঃ

(ক) সকলাে লােক প্রতি সমান ব্যৱহাৰ : ন্যায়, প্রতিষ্ঠাৰ এক প্রধান নীতি হল সকলােৰে প্রতি সমান ব্যৱহাৰ। জাতি, বর্ণ, লিংগ, ধর্ম নির্বিশেষে সকলাে লােকৰ মাজত কোনাে বৈষম্যৰ সৃষ্টি নকৰি সমান সুযােগ-সুবিধা প্রদান কৰা উচিত। সমাজত সমতা প্রতিষ্ঠা কৰাৰ বাবে সংবিধানে বিশেষ ব্যৱস্থাও গ্রহণ কৰিছে। যেনে সমান কামৰ বাবে নাৰী-পুৰুষে সমান মজুৰি পােৱা, সার্বজনীন শিক্ষা লাভৰ অধিকাৰ আদি।

(খ) সমানুপাতিক ন্যায়নীতি : সকলাে লােককে সিহঁতৰ যােগ্যতা, দক্ষতা আৰু মানদণ্ডৰ ওপৰত ভিত্তি কৰি ন্যায় বিতৰণ কৰাকে সমানুপাতিক ন্যায় বােলে। সমানুপাতিকন্যায়ে সম্পদ আৰু পুৰস্কাৰৰ সমানুপাতিক বিভাজনৰ পােষকতা কৰে। অৱশ্যে সমানুপাতিক ন্যায়ৰ নীতিটো গাণিতিক সমীকৰণৰ নিচিনা হয়। সমাজত গাণিতিক ন্যায় প্রতিষ্ঠা সম্ভৱ নহয় কাৰণ ন্যায়ৰ সুক্ষ্ম ধাৰণা সকলােৰে বােধগম্য নহ’বও পাৰে আৰু সকলােৱে ন্যায় পােৱাৰ প্রতি সচেতন নাথাকিবও পাৰে।

(গ) বিশেষ প্রয়ােজনৰ স্বীকৃতি : বিশেষ প্রয়ােজনৰ স্বীকৃতি ন্যায়ৰ আন এক নীতি। এই নীতি অনুসৰি কেতিয়াবা সকলাে লােককে সমানে আগবঢ়াই নিবৰ বাবে কোনাে বিশেষ শ্রেণী বা সম্প্রদায়ৰ প্রতি বিশেষ। ব্যৱস্থা গ্ৰহণ কৰিব লগা হয়। উদাহৰণ স্বৰূপে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সংবিধানে কিছুমান বিশেষ সুবিধা বা অধিকাৰ প্ৰদান কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top