WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান » পূর্ণ প্রতিযােগিতামূলক বজাৰ – একাদশ শ্ৰেণী ব্যষ্টিবাদী অর্থবিজ্ঞান

পূর্ণ প্রতিযােগিতামূলক বজাৰ – একাদশ শ্ৰেণী ব্যষ্টিবাদী অর্থবিজ্ঞান

বিষয় একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
পাঠৰ নামপূর্ণ প্রতিযােগিতামূলক বজাৰ
শ্ৰেণী একাদশ শ্ৰেণী
গােটক – অংশ (ব্যষ্টিবাদী অর্থবিজ্ঞান।)
পাঠৰ নংচতুর্থ অধ্যায়
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

পূর্ণ প্রতিযােগিতামূলক বজাৰ

ক) অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -১)

১। এটা ব্যৱসায় প্রতিষ্ঠানৰ মুঠ ৰাজহৰ সংজ্ঞা দিয়া।
উত্তৰ : প্রতিষ্ঠান এখনে এটা নির্দিষ্ট পৰিমাণৰ সামগ্রী বজাৰত বিক্ৰী কৰি পােৱা মুঠ উপার্জনক মুঠ ৰাজহ’ বুলি কোৱা হয়।

২। গড় আয় কি ?
উত্তৰঃ সামগ্রী এটাৰ প্ৰতিটো গােট বিক্ৰী কৰি পােরা আয়ক ‘গড় আয়’ বুলি কোৱা হয়। অর্থাৎ
গড় আয় = মুঠ আয়/ সামগ্ৰীৰ পৰিমাণ

৩।  প্রান্তিক আয় কি ?
উত্তৰ : সামগ্রী এটাৰ অতিৰিক্ত গােট বিক্ৰী কৰি পােৱা আয়ক প্রান্তিক আয়’ বােলে।

৪।যােগানৰ স্থিতিস্থাপকতা বুলিলে কি বুজা?
উত্তৰ: সামগ্রী এটাৰ দামৰ পৰিৱর্তনৰ লগে লগে ইয়াৰ যােগানৰ পৰিমাণ যি হাৰত পৰিৱৰ্তন ঘটে, তাকে ‘যােগানৰ স্থিতিস্থাপকতা বােলে।

৫। খালী ঠাই পূৰণ কৰা
দৰ = গড় ব্যয় = ___
উত্তৰ: দৰ = গড় ব্যয় = প্রান্তিক ব্যয়।

৬। পূর্ণ প্রতিযােগিতাৰ অধীনত সকলাে ব্যৱসায়িক প্রতিষ্ঠানে উৎপাদন কৰেঃ একে ধৰণৰ দ্ৰব্য / পৃথকীকৃত/ উচ্চমানৰ দ্রব্য। (শুদ্ধটো বাছি উলিওৱা)।
উত্তৰ: একে ধৰণৰ ।

৭। শুদ্ধনে অশুদ্ধ লিখা
(ক) এখন নিখুঁতভাবে প্রতিযােগিতামূলক বজাৰত ব্যৱসায়িক প্রতিষ্ঠানৰ চাহিদা ৰেখাডাল নিখুঁতভাৱে অস্থিতিস্থাপক।
উত্তৰ:অশুদ্ধ।

(খ) ব্যৱসায়িক প্রতিষ্ঠানৰ লাভৰ পৰিমাণ দেখুৱায় মুঠ আয় আৰু মুঠ ব্যয়ৰ মাজৰ পাৰ্থক্যই।
উত্তৰঃ শুদ্ধ।

(গ) শুদ্ধনে অশুদ্ধ লিখাঃ
দামলওতা ব্যৱসায়িক প্রতিষ্ঠানৰ বাবে প্রান্তিক ৰাজহে বজাৰ দামক সমান কৰে।
উত্তৰঃ শুদ্ধ।

৮। শুদ্ধ অংশটো বাছি উলিওৱা ?
এখন ব্যৱসায়িক প্রতিষ্ঠানে স্বাভাৱিক লাভৰ উপৰি অর্জন কৰা লাভক কোৱা হয় _____লাভ।
উত্তৰঃ অতি-স্বাভাৱিক।

৯। এডাল উলম্ব যােগান ৰেখাই কি বুজায় ?
উত্তৰঃ সম্পূর্ণ অস্থিতিস্থাপক যােগান।

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২)

১। পূর্ণ প্রতিযােগিতামূলক বজাৰৰ সংজ্ঞা দিয়া।
উত্তৰ: পূর্ণ প্রতিযােগিতামূলক বজাৰ বুলিলে একে এক বজাৰ ব্যৱস্থাৰ কথা সূচায় য’ত অসংখ্য ক্রেতা আৰু বিক্রেতা থাকে, পূর্ণ সাদৃশ্যমূলক দ্রব্য বিক্ৰী কৰা হয়, ক্রেতা আৰু বিক্রেতাৰ মুক্ত প্রবেশ আৰু প্রস্থানৰ সুবিধা থাকে।

৩। অস্বাভাৱিক লাভ কি ?
উত্তৰ: অস্বাভাৱিক লাভ হৈছে উৎপাদন প্রতিষ্ঠান এটাৰ সুযােগ ব্যয়তকৈ অতিৰিক্ত লাভ।

৪। স্বাভাৱিক লাভ কি ?
উত্তৰঃ স্বাভাৱিক লাভ হৈছে উৎপাদন প্রতিষ্ঠান এটাৰ নূন্যতম লাভ যিটোৱে উৎপাদন প্রতিষ্ঠানটোক পাছলৈ উৎপাদন কার্য অব্যাহত ৰখাত সহায় কৰে। স্বাভাৱিক লাভ প্রতিষ্ঠানৰ উৎপাদন ব্যয়ৰ সমান হয়।

৫৷ পূর্ণ প্রতিযােগী বজাৰৰ দীর্ঘকালীন ভাৰসাম্যতাৰ চৰ্তটো কি?
উত্তৰ: P =LMC = LAC

৭। একক দৰ কি?
উত্তৰ : একক দৰ হৈছে বিক্ৰী কৰা প্ৰতিটো দ্রব্যৰ ওপৰত চৰকাৰে আৰােপ কৰা কৰ।

৮। পূর্ণ প্রতিযােগিতামূলক বজাৰত হ্রস্বকালীন যােগান ৰেখাডাল কিদৰে নির্ণয় কৰা হয় ?
উত্তৰ: পূর্ণ প্রতিযােগিতামূলক বজাৰত হ্রস্বকালীন প্রান্তিক ব্যয় ৰেখাডালেই প্রতিষ্ঠানটোৰ হ্রস্বকালীন ব্যয় ৰেখা।

৯। কোনাে এটা দ্রব্যৰ যােগানৰ দৰ স্থিতিস্থাপকতা বুলিলে কি বুজা?
উত্তৰঃ কোনাে এটা দ্ৰব্যৰ যােগানৰ দৰ স্থিতিস্থাপকতা হ’ল দ্রব্যৰ দৰৰ শতকৰা পৰিৱৰ্তন সাপেক্ষে দ্রব্যটোৰ যােগানৰ শতকৰা পৰিৱর্তন।

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক -৪)

১। পূর্ণ প্রতিযােগিতামূলক বজাৰত দাম গ্রহণকাৰী উৎপাদন প্রতিষ্ঠান এটাৰ মুঠ আয় ৰেখাড়াল কিয় উদ্ধগামী সৰল ৰেখা হয়? কিয় এই ৰেখাড়াল মূলবিন্দুৰ মাজেৰে যায়?
উত্তৰ : পূর্ণ প্রতিযােগিতামূলক বজাৰত প্ৰতিটো উৎপাদন প্রতিষ্ঠানে উদ্যোগটোৰ দ্বাৰা নিৰ্ধাৰিত এক নির্দিষ্ট দামত উৎপাদিত সামগ্রী বিক্রী কৰে। সেয়ে বিক্রিৰ পৰিমাণ বাঢ়ি যােৱাৰ লগে লগে মুঠ আয় একে হাৰত বৃদ্ধি পায়।
TR = p x q এই সৰলৰৈখিক সমীকৰণটোৰ বাবে মুঠ আয় ৰেখাডাল এডাল সৰল ৰেখা হয়।

৩। ‘বজাৰ দৰ আৰু দাম-গ্ৰহণকাৰী প্ৰতিষ্ঠানৰ গড় আয়ৰ মাজৰ সম্পৰ্ক কি ? প্রতিষ্ঠানটোৰ প্রান্তিক আয়ৰ লগত কেনেধৰণৰ হ’ব?
উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰত উদ্যোগটোৱে নির্ধাৰণ কৰা দৰেই হ’ল বজাৰ দৰ। এই দৰত প্ৰতিটো উৎপাদন প্রতিষ্ঠানটোৱে দ্রব্য সামগ্রী বিক্ৰী কৰিব। গতিকে বজাৰ দৰ আৰু প্ৰতিষ্ঠানটোৰ গড় আয় সমান হ’ব। প্রতিটো একক প্রতিষ্ঠানে এটা নির্দিষ্ট দামত সামগ্রী বিক্ৰী কৰিব। অতিৰিক্ত এটা একক বিক্ৰী কৰি পােৱা আয় বা প্রান্তিক আয় বজাৰ দৰৰ সৈতে সমান হ’ব।

৫। কাৰিকৰী কৌশলৰ প্ৰগতিয়ে এটা উৎপাদন প্রতিষ্ঠানৰ যােগান ৰেখাত কিদৰে প্ৰভাৱ পেলায়?
উত্তৰঃ ধৰা হ’ল এটা উৎপাদন প্রতিষ্ঠানে এটা বিশেষ দ্রব্য উৎপাদন কৰিবলৈ নিয়ােগ কৰা দুটা উপাদান হল মূলধনু আৰু শ্রমিক। যদি প্রতিষ্ঠানটোৰ কাৰিকৰী কৌশলৰ উন্নতি ঘটোৱা হয়, তেন্তে একে ধৰণৰ মূলধন বা শ্রমিক নিয়ােগ কৰি অধিক উৎপাদন কৰিব পৰা যাব। অর্থাৎ প্রতিষ্ঠানটোৱে পূৰ্বৰ উৎপাদন লাভ কৰিবলৈ কম উপাদান নিয়ােগ কৰিলেই হ’ব। সেয়ে উৎপাদন প্রতিষ্ঠানটোৰ প্রান্তিক ব্যয় কমিব। যেহেতু এটা উৎপাদন প্রতিষ্ঠানৰ যােগান ৰেখাডাল ইয়াৰ প্রান্তিক ৰেখাডালৰ অংশবিশেষ, সেয়ে কাৰিকৰী কৌশলৰ প্ৰগতিয়ে প্রতিষ্ঠানটোৰ যােগান ৰেখাডাল সোঁহাতলৈ (নিম্নগামী) সলনি কৰিব। গতিকে প্রচলিত বজাৰ দৰত প্ৰতিষ্ঠানটোৱে অধিক দ্রব্য যােগান ধৰিব।

🎯 HSLC / HS 2026 Preparation?

Regular mock tests keep you ahead of others. 🏆 Check your rank • 📊 Track performance • 📚 Full question bank

নিয়মিত মক টেষ্টে আপোনাক আগুৱাই ৰাখিব। পিছ পৰি নাথাকিব।

📲 Install AssamWeb App Now
⭐ 5.0 Rated by Assam Students

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam