ব্যষ্টিবাদী অর্থনীতিৰ পৰিচয় Class 11 অর্থবিজ্ঞান (প্রশ্নোত্তৰ)

ব্যষ্টিবাদী অর্থনীতিৰ পৰিচয় Class 11 অর্থবিজ্ঞান (প্রশ্নোত্তৰ) || Class 11 Economics Chapter 1 Question Answer Assamese Medium

বিষয় একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
পাঠৰ নামব্যষ্টিবাদী অর্থনীতিৰ পৰিচয়
শ্ৰেণী একাদশ শ্ৰেণী
গােটক – অংশ (ব্যষ্টিবাদী অর্থবিজ্ঞান।)
পাঠৰ নংপ্রথম অধ্যায় (1)
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ব্যষ্টিবাদী অর্থনীতিৰ পৰিচয়

ক. অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -১)

১। দ্রব্য কি ?
উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা সকলাে প্ৰকাৰৰ কায়িক আৰু স্পর্শ কৰিব পৰা সামগ্রীক দ্রব্য বােলে।

২। অর্থবিজ্ঞানত ব্যক্তি কি?
উত্তৰ : অর্থবিজ্ঞানত ব্যক্তি বুলিলে কোনাে গােটক বুজায় যিয়ে কিছুমান নির্দিষ্ট উদ্দেশ্য সাধনৰ কাৰণে অর্থনৈতিক কার্য সম্পাদন কৰে। যেনেঃ এজন উপভােক্তা,এজন উৎপাদক, এটা অর্থনৈতিক সংগঠন আদি।

৩। অর্থবিজ্ঞান সম্পদ মানে কি ?
উত্তৰ : মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু বিনিময়যোগ্য সকলাে দ্ৰব্য আৰু সেৱাকে অর্থবিজ্ঞানত সম্পদ বােলে।

৪। ব্যক্তিৰ কিয় সম্পদৰ প্ৰয়ােজন ?
উত্তৰঃ সম্পদে অভাৱ পূৰণ কৰিব পাৰে বাবে ব্যক্তিৰ সম্পদৰ প্রয়ােজন।

৫। বজাৰ অর্থনীতি বুলিলে কি বুজা?
উত্তৰ : অর্থনীতিত যেতিয়া বজাৰৰ চাহিদা আৰু যােগানৰ দ্বাৰা সিদ্ধান্তসমূহ নির্ধাৰণ কৰা হয়, তেতিয়া সেই অর্থনীতি ব্যৱস্থাকে বজাৰ অর্থনীতি’বােলে।

৬। আদর্শগত অর্থনীতি কি ?
উত্তৰঃ যি অর্থনীতিত অর্থনৈতিক প্রক্রিয়াবােৰ বাঞ্ছনীয় হয় নে নহয় তাৰ বিষয়ে আলােচনা কৰে তাকে ‘আদর্শগত অর্থনীতি বােলে।

৭। মিশ্র অর্থনীতি কি?
উত্তৰঃ পুঁজিবাদ আৰুসমাজবাদী অর্থনীতিৰ সংমিশ্রিত অর্থনীতিক মিশ্র অর্থনীতি’ বােলে।

৮| অর্থনীতিত বজাৰ বুলিলে কি বুজায় ?
উত্তৰঃঅর্থনীতিত বজাৰ বুলিলে এনে এক অঞ্চল বা স্থানক বুজায় যত ক্রেতা আৰু বিক্রেতা মিলিত হৈ দ্রব্য- সামগ্ৰী পৰােক্ষ বা প্রত্যক্ষ ভাৱে ক্রয়-বিক্রয় কৰে।

৯। অর্থনীতিৰ প্রধান কার্য কি কি ?
উত্তৰঃ অর্থনীতিৰ প্ৰধান কাৰ্যবােৰ হ’ল —– উৎপাদন, উপভােগ, বিনিয়ােগ আৰু বিতৰণ।

১০। অর্থনৈতিক সমস্যা বুলিলে কি বুজা?
উত্তৰ : অর্থনৈতিক সমস্যা হৈছে পছন্দ আৰু দুষ্প্রাপ্যতাৰ সমস্যাৰ সৈতে সম্পর্কিত এক বিয়য়।

১১। উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ আকৃতি কিয় উত্তল হয় ?
উত্তৰ : ক্রমবর্ধমান প্রান্তিক সুযােগ ব্যয়ৰ বাবে উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ আকৃতি উত্তল হয়।

১২। সমষ্টিবাদী অর্থনীতি বুলিলে কি বুজায় ?
উত্তৰঃ সমষ্টিবাদী অর্থবিজ্ঞান হ’ল অর্থশাস্ত্র অধ্যয়নৰ এক পদ্ধতি যত এখন দেশৰ অর্থনৈতিক গােট আৰু অর্থনৈতিক উপাদানসমূহক সামূহিক ৰূপত অধ্যয়ন কৰা হয়।

লগতে পঢ়ক:   উৎপাদন আৰু ব্যয় – একাদশ শ্ৰেণী প্ৰশ্নৰ উত্তৰ

১৩। সঁচানে মিছালিখাঃ
(ক) সম্পদসমূহৰ দুষ্প্রপ্রতাৰ বাবে নির্বাচন সমস্যাৰ উদ্ভৱ হয়।
উত্তৰঃ সঁচা।

(খ) বজাৰ অর্থনীতিত সকলােবােৰ অর্থনৈতিক কার্য বজাৰৰ জৰিয়তে সংঘটিত হয়।
উত্তৰঃ সঁচা।

১৪। শুদ্ধ নে অশুদ্ধ লিখাঃ
(ক) মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু বিনিময় যােগ্য সকলাে সামগ্রীকে সম্পদ বুলি কোৱা হয়।
উত্তৰঃ শুদ্ধ।

(খ) ঋণাত্মক অর্থনৈতিক বিশ্লেষণত সম্পদৰ বিভিন্ন কার্যপ্রণালীয়ে কিদৰে কাম কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হয়।
উত্তৰ : অশুদ্ধ।

ব্যষ্টিবাদী অর্থনীতিৰ পৰিচয় Class 11

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ২)

১। সুযােগ ব্যয়ৰ ধাৰণাটো ব্যাখ্যা কৰা।
উত্তৰ : কোনাে এটা দ্রব্য ক্রয় কৰােতে ব্যক্তি এজনে যেতিয়া একে সময়তে লাভ কৰিব পৰা সম্ভাৱ্য উপযােগিতাৰ পৰা বঞ্চিত হ’ব লগা হয় বা সুযোেগ ত্যাগ কৰিব লগা হয়,তাকে সুযােগ ব্যয়’ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে এজন ভােক্তাৰ বাবে যদি এটা ৰঙা লাও অথবা দুটা পানী লাওৰ উপযােগিতা সমান হয় তেনেহ’লে ৰঙা লাওটোৰ প্রকৃত মূল্য বা সুযােগ ব্যয় হ’ব দুটা পানী লাও।

২। অর্থনীতিৰ কেন্দ্রীয় সমস্যাসমূহ কি কি?
উত্তৰঃ অর্থনীতিৰ কেন্দ্রীয় সমস্যাসমূহ হ’লঃ
(ক) দেশত কি আৰু কিমান পৰিমাণে বস্তু বা সেৱা সামগ্রী উৎপাদন হ’ব লাগে ?
(খ) কি পদ্ধতিত উৎপাদন হ’ব লাগে ?
(গ) কাৰ বাবে উৎপাদন কৰিব লাগে ?
(ঘ) কেনেদৰে উৎপাদন বৃদ্ধি কৰিব পাৰি আদি।

৩। মানুহৰ অভাৱৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : মানুহৰ অভাৱৰ দুটা বৈশিষ্ট্য হলঃ (ক) মানুহৰ অভাৱ অসীম আৰু(খ) অভাৱ মােচনৰ উপায়বােৰ সীমিত।

৪। উদাহৰণৰ সহায়ত দ্রব্য আৰু সেৱাৰ পার্থক্য দেখুওৱা।
উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু স্পর্শ কৰিব পৰা বস্তু বা সামগ্রীক দ্রব্য বােলে। যেনেঃ ৰেলগাড়ী। যিবােৰৰ দ্বাৰা মানুহৰ অভাৱ পূৰণ হয় কিন্তু হাতেৰে স্পর্শ কৰিব নােৱাৰি তাকে সেৱা বুলি কোৱা হয়। যেনেঃ চিকিৎসা সেৱা।

Class 11 Economics Chapter 1 Question Answer Assamese Medium

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। সমাজবাদী অর্থনীতিৰ সুবিধা আৰু অসুবিধাসমূহ লিখা।
উত্তৰঃ সমাজবাদী অর্থনীতিৰ সুবিধাসমূহহ’লঃ
(ক) দেশত আয় আৰু সম্পদৰ সমতা স্থাপন হয়।
(খ) চৰকাৰে পূর্ব পৰিকল্পিত আৰু বিবেচনাপ্রসূত অর্থনৈতিক সিদ্ধান্ত গ্রহণ কৰে।
(গ) পৰিকল্পিতভাৱে সম্পদৰ বিতৰণ হয়।
(ঘ) সর্বোত্তম কল্যাণৰ হকে সম্পদৰ সদ্ব্যৱহাৰ হয়।
(ঙ) দ্রুত অর্থনৈতিক উন্নয়ন সম্ভৱ হয়। সমাজবাদী অর্থনীতিৰ অসুবিধাসমূহঃ
(ক) সমাজবাদী অর্থনীতিত ব্যক্তিগত অর্থনৈতিক স্বাধীনতা নাই বাবে প্রতিযােগিতা নাথাকে। সেয়ে উৎপাদন আৰু দক্ষতা বৃদ্ধিৰ উদ্যম নাথাকে।
(খ) দক্ষতাহীন চৰকাৰী বিষয়াসকলে পৰিকল্পিত কাম কৃতকার্যতাৰে সম্পাদন কৰােতে অনীহা প্রকাশ কৰে। ফলত বাঞ্ছিত সেৱাৰ পৰা বঞ্চিত হ’ব লগা হয়।
(গ) ভােক্তাসকলে ৰাজহুৱা সেৱা উপভােগ কৰিবলৈ পােৱা বাবে তেওঁলােকৰ বজাৰ সার্বভৌমত্ব নাথাকে।

লগতে পঢ়ক:   অ-প্রতিযোগিতামূলক বজাৰ (প্ৰশ্নৰ উত্তৰ) একাদশ শ্ৰেণী

২। মুক্ত অর্থনীতিৰ সুবিধা আৰু অসুবিধাসমূহ লিখা।
উত্তৰঃ মুক্ত অর্থনীতিৰ সুবিধাসমূহ হ’ল :
(ক) মুক্ত অর্থনীতিত সীমিত সম্পদৰ সর্বোত্তম ব্যৱহাৰ হয়।
(খ) নিম্নতম ব্যয়ত উচ্চতম উৎপাদন আশা কৰা হয়।
(গ) অবাদ প্রতিযােগিতাৰ মাজত উচ্চতম লাভ অর্জনৰ উদ্দেশ্য থকা বাবে পৰিচালনা সুদক্ষ হােৱাৰ উপৰিও উন্নত ধৰণৰ উৎপাদন কৌশলৰ ব্যৱহাৰ হয়।
(ঘ) সুচিন্তিতভাৱে নিজস্ব সম্পদ বিনিয়ােগ কৰাৰ বাবে উৎপাদনৰ সকলাে দিশৰ প্ৰতি উদ্যোগী গৰাকী অধিক সচেতন হয়।

মুক্ত অর্থনীতিৰ অসুবিধাসমূহ হ’ল :
(ক) মুক্ত অর্থনীতি হ’ল পুঁজিবাদী অর্থনীতি। সেয়ে মুক্ত অর্থনীতিত সম্পদ আৰু আয় বিতৰণত বৈষম্যৰ সৃষ্টি হয়।
(খ) উৎপাদনকাৰীসকলৰ মাজত তীব্র প্রতিযােগিতা হয় বাবে পুঁজিৰ এটা বৃহৎ অংশ প্ৰচাৰ আৰু বিজ্ঞাপনত খৰচ হয়। ফলত অপব্যয় বৃদ্ধি হয়।
(গ) মুক্ত অর্থনীতিত উৎপাদন আৰু যােগনৰ মাজত অসামঞ্জস্য থাকে বাবে অর্থনৈতিক উত্থান-পতন সঘনে হৈ থাকে।
(ঘ) পুঁজিবাদৰ জৰিয়তে উন্নত দেশসমূহে সামগ্রী ৰপ্তানিৰ মাজেদি অনুন্নত দেশসমূহক শােষণ কৰিবলৈ লয়।

৩। মিশ্র অর্থনীতিৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা।
উত্তৰঃ পুঁজিবাদ আৰু সমাজবাদী অর্থনীতিৰ সংমিশ্রিত অর্থনীতিক মিশ্র অর্থনীতি বােলে। মিশ্র অর্থনীতি,সুবিধাসমূহ হ’ল –
(ক) মিশ্র অর্থনীতিয়ে গণতান্ত্রিক পৰিকল্পনা গ্রহণ কৰে।
(খ) ই আয় আৰু সম্পদৰ সমস্যা সমাধানত গুৰুত্ব দিয়ে আৰু জীৱন নির্বাহৰ মান উন্নত কৰাৰ প্ৰয়াস কৰে।
(গ) মিশ্র অর্থনীতিত ব্যক্তিগত উদ্যম, স্বার্থ আৰু লাভ অর্জনৰ সুবিধা আছে।
(ঘ) জনস্বার্থৰ বাবে চৰকাৰে সাধাৰণ সম্পত্তিৰ ওপৰত নিয়ন্ত্রণ সাব্যস্ত কৰিব পাৰে।

মিশ্র অর্থনীতিৰ অসুবিধাসমুহ হ’ল –
(ক) বেচৰকাৰী খণ্ডই নিজস্ব লাভ অর্জন কৰিবলৈ ৰাজহুৱা খণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় বাবে ব্যক্তিগত উদ্যম হ্রাস পােৱাৰ সম্ভাৱনা থাকে।
(খ) মিশ্র অর্থনীতি দীর্ঘকালৰ বাবে একে ৰূপত নাথাকি সমাজবাদলৈ বা পুঁজিবাদলৈ যােৱাৰ বাট মােকলাই দিব পাৰে।
(ঘ) মুদ্রাস্ফীতিৰ সময়ত আয় আৰু সম্পদত বৈষম্যৰ সৃষ্টি হ’ব পাৰে।

Class 11 Economics Chapter 1 Question Answer Assamese Medium

৩। ইতিবাচক আৰু ঔচিত্যবাচক অর্থনৈতিক বিশ্লেষণ কাক বােলে। দুয়ােৰে মাজত থকা পার্থক্যসমূহ আলােচনা কৰা।
উত্তৰ : অর্থনৈতিক প্রক্রিয়াসমূহ কি বা কি ধৰণে কার্যকৰী হৈ উঠে তাৰ আলােচনাটোৱেই হৈছে ইতিবাচকবা যথার্থ অর্থনৈতিক বিশ্লেষণ। আনহাতে অর্থনৈতিক প্রক্রিয়াসমূহ মূল্যায়ন বা এই প্রক্রিয়াবােৰ সমাজৰ স্বাৰ্থত বাঞ্চিত হয়নে নহয় তাৰ আলােচনা কৰাই ঔচিত্যার্থক বা আদর্শগত অর্থনৈতিক বিশ্লেষণ।
তলত দুয়ােৰে মাজত থকা পার্থক্যসমূহ উল্লেখ কৰা হ’ল:
(ক) ইতিবাচক বা যথার্থ অর্থনৈতিক বিশ্লেষণে অর্থনৈতিক কার্যক্রম কি বা কেনেকুৱা তাৰ আলােচনা কৰে। আনহাতে, ঔচিত্যার্থক অর্থনৈতিক বিশ্লেষণত উক্ত কার্যক্রম উচিত হয়নে নহয় তাৰ আলােচনা কৰে।

লগতে পঢ়ক:   বজাৰৰ ভাৰসাম্য Class 11 অর্থবিজ্ঞান (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

(খ) ইতিবাচক অর্থনীতিৰ ভিত্তি হল, অর্থনৈতিক প্রক্রিয়াৰ কার্যকাৰণ সম্পর্ক। আনহাতে, ঔচিত্যার্থক অর্থনীতিৰ ভিত্তি হৈছে নৈতিকতা।
(গ) ইতিবাচক অর্থনীতি অর্থবিজ্ঞানৰ যথার্থ বিষয়। আনহাতে ঔচিত্যার্থক অর্থনীতি হৈছে আদর্শগত বিষয়।
(ঘ) ইতিবাচক অর্থনীতি অর্থনৈতিক লক্ষ্যসমূহৰ মাজত নিৰপেক্ষ থাকে আৰু ঔচিত্যার্থক অর্থনীতিত এইবােৰ লক্ষ্যৰ মূল্যায়ন কৰা হয়।

৪। ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ মাজত থকা পার্থক্যসমূহ আলােচনা কৰা।
উত্তৰ : ব্যষ্টিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতি হৈছে অর্থনীতিৰ দুটা ভাগ। দুয়ােটা বিভাগেই অর্থ ব্যৱস্থাৰ বিষয়ে আলােচনা কৰে যদিও ইয়াৰ মাজত কিছু পার্থক্যও আছে। যেনে
(ক) ব্যষ্টিবাদী অর্থনীতিয়ে ব্যক্তি, গােট বা এটা ক্ষুদ্র শ্ৰেণীৰ অর্থনৈতিক আচৰণ অধ্যয়ন কৰে। কিন্তু সমষ্টিবাদী অর্থনীতিয়ে সমাজৰ সমষ্টিগত অর্থনৈতিক বিষয়সমূহ আলােচনা কৰে।
(খ) চাহিদাৰ দিশৰ পৰা ব্যষ্টিবাদী অর্থনীতিৰ উদ্দেশ্য হ’ল উপভােক্তাৰ তৃপ্তি বা সন্তুষ্টি। আনহাতে, সমষ্টিবাদী অর্থনীতিৰ উদ্দেশ্য হ’ল দেশ এখনৰ অর্থনৈতিক ভাৰসাম্য বজাই’ৰখা আৰু ইয়াৰ বাবে নীতি নির্ধাৰণ কৰাৰ পন্থা আলােচনা কৰা।
(গ) ব্যষ্টিবাদী অর্থনীতিৰ ভিত্তি হ’ল দৰ কৌশল যি দ্রব্যৰ চাহিদা আৰু যােগানৰ পাৰস্পৰিক ক্রিয়াৰ দ্বাৰা নির্ণীত হয়। আনহাতে, সমষ্টিবাদী অর্থনীতিৰ ভিত্তি হল সামগ্রিক চাহিদা আৰু সামগ্রিক যােগানৰ দ্বাৰা নির্ণীত জাতীয় আয়,জাতীয় উৎপাদন, পূর্ণ নিয়ােগ, মূল্যস্তৰ আদি।
(ঘ) ব্যষ্টিবাদী অর্থনীতিত কোনাে এটা অর্থনৈতিক চলকৰ কোনাে এক নির্দিষ্ট সময়ৰ ভাৰসাম্যতা বিচাৰ কৰা হয়। কিন্তু সমষ্টিবাদী অর্থনীতিত এটা চলকৰ দীর্ঘকালীন ভাৰসাম্যতাৰ কথা আলােচনা কৰা হয়।

FAQs Of Class 11 Economics Chapter 1 Question Answer in Assamese

দ্রব্য কি ?

উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা সকলাে প্ৰকাৰৰ কায়িক আৰু স্পর্শ কৰিব পৰা সামগ্রীক দ্রব্য বােলে।

ব্যক্তিৰ কিয় সম্পদৰ প্ৰয়ােজন?

উত্তৰঃ সম্পদে অভাৱ পূৰণ কৰিব পাৰে বাবে ব্যক্তিৰ সম্পদৰ প্রয়ােজন।

অর্থবিজ্ঞান সম্পদ মানে কি?

উত্তৰ : মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু বিনিময়যোগ্য সকলাে দ্ৰব্য আৰু সেৱাকে অর্থবিজ্ঞানত সম্পদ বােলে।

অর্থবিজ্ঞানত ব্যক্তি কি?

উত্তৰ : অর্থবিজ্ঞানত ব্যক্তি বুলিলে কোনাে গােটক বুজায় যিয়ে কিছুমান নির্দিষ্ট উদ্দেশ্য সাধনৰ কাৰণে অর্থনৈতিক কার্য সম্পাদন কৰে। যেনেঃ এজন উপভােক্তা,এজন উৎপাদক, এটা অর্থনৈতিক সংগঠন আদি।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top