WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান » তথ্য সংকলন Class 11 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

তথ্য সংকলন Class 11 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

বিষয় একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
পাঠৰ নামতথ্য সংকলন
শ্ৰেণী একাদশ শ্ৰেণী
গােটক – অংশ (অর্থনীতিৰ বাবে পৰিসংখ্যা)
পাঠৰ নংতৃতীয় অধ্যায়
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

তথ্য সংকলন Class 11

ক, অতি চমু প্রশ্নোত্তৰঃ(প্রত্যেকটোৰ মূল্যাংক-১)

১। তলৰ কোনটো বিকল্প সত্য?
(a)শ্রেণী মধ্যমান সমান হয় –
(ক) শ্রেণী সীমা আৰু নিম্ন শ্রেণী সীমাৰ গড়ৰ
(খ) উচ্চ শ্রেণী সীমা আৰু নিম্ন শ্রেণী সীমাৰ পূৰণফলৰ
(গ) উচ্চ শ্রেণী সীমা আৰু নিম্ন শ্রেণী সীমাৰ অনুপাতৰ
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰ : (ক) শ্রেণী সীমা আৰু নিম্ন শ্রেণী সীমাৰ গড়ৰ।

(b) দুটা চলকৰ বাৰংবাৰতা বিভাজনক কোৱা হয়।
(ক) এক চলকযুক্ত বিভাজন
(খ) দ্বি-চলকযুক্ত বিভাজন
(গ) বহু চলকযুক্ত বিভাজন
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰ : (খ) দ্বি-চলকযুক্ত বিভাজন।

(c) শ্রেণীকৃত তথ্য পাৰিসাংখ্যিক গণনা ভিত্তি কৰে-
(ক) আৱেক্ষণৰ প্রকৃত মানৰ ওপৰত
(খ) উচ্চ শ্রেণী সীমাৰ ওপৰত
(গ) নিম্ন শ্রেণী সীমাৰ ওপৰত
(ঘ) শ্রেণী মধ্যমানৰ ওপৰত।
উত্তৰঃ (ঘ) শ্রেণী মধ্যমানৰ ওপৰত।

(d) বিবর্জিত পদ্ধতিত
(ক) শ্রেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্রেণী সীমা বাদ দিয়া হয়
(খ) শ্রেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্রেণী সীমা অন্তর্ভূক্ত কৰা হয়।

(গ) শ্রেণী অন্তৰালত এটা শ্ৰেণীৰ নিম্ন শ্রেণী সীমা বাদ দিয়া হয়।
(ঘ) শ্রেণী অন্তৰালত এটা শ্ৰেণীৰ নিম্ন শ্রেণী সীমা অন্তর্ভূক্ত কৰা হয়।
উত্তৰ: (ক) শ্রেণী অন্তৰালত এটা শ্ৰেণীৰ উচ্চ শ্রেণী সীমা বাদ দিয়া হয়।

(e) পৰিসৰ হ’ল –
(ক) উচ্চতম আৰু নিম্নতম আৱেক্ষণৰ পার্থক্য।
(খ) নিম্নতম আৰু উচচতম আৱেক্ষণৰ পার্থক্য।
(গ) উচ্চতম আৰু নিম্নতম আৱেক্ষণৰ গড়।

(ঘ) উচ্চতমৰ লগত নিম্নতম আৱেক্ষণৰ অনুপাত।
উত্তৰ : (ক) উচ্চতম আৰু নিম্নতম আৱেক্ষণৰ পার্থক্য।

২। তথ্যৰ শ্ৰেণীকৰণ বুলিলে কি বুজা ?
উত্তৰঃ যি পদ্ধতিৰে সংগৃহীত তথ্যসমূহক সিহঁতৰ অন্তর্গত এটা সাধাৰণ বৈশিষ্ট্য সাপেক্ষে ভাগ-ভাগকৈ সজোৱা হয়, তাকেই পৰিসংখ্যা বিজ্ঞানত তথ্যৰ শ্ৰেণীকৰণ বুলি কোৱা হয়।

৩। কেঁচা তথ্য মানে কি?
উত্তৰ: অনুসন্ধান প্রক্রিয়াত অনুসন্ধানকাৰীয়ে মৌলিক অৱস্থাত সংগ্রহ কৰা তথ্যক ‘কেঁচা তথ্য বােলে।

৪। শ্রেণী বুলিলে কি বুজা?
উত্তৰ : শ্রেণী বুলিলে সমগুণবিশিষ্ট তথ্যৰ থূপক বুজায়।

৫। শ্রেণী সীমা বা পৰিবন্ধ মানে কি?
উত্তৰ : শ্রেণীসীমা হ’ল এটা শ্ৰেণীৰ দুয়ােটা মূল বা প্রান্ত। শ্রেণীটোৰ নিম্নতম মূল্য নিম্ন শ্রেণীসীমা আৰু – উচ্চতম মূল্যক উচ্চ শ্রেণীসীমা বুলি কোৱা হয়।

৬। বাৰংবাৰতা মানে কি?
উত্তৰ : কোনাে এটা সংখ্যা কিমানবাৰ পুনৰাবৃত্তি হ’ল, তাক বাৰংবাৰ বুলি কোৱা হয়।

৭। দাগ চিহ্ন কি?
উত্তৰঃ যেতিয়া প্ৰতিটো বাৰংবাৰতা এটা দাগ (/) দি বুজোৱা হয়, তেতিয়া তাক দাগ চিহ্ন বােলে।

৮। পৰিসৰ মানে কি?
উত্তৰঃ পৰিসৰ হ’ল চলকৰ উচ্চতম আৰু নিম্নতম মূল্যৰ মাজৰ পার্থক্য।

৯। তথ্যৰ গুণবাচক লক্ষণ কি?
উত্তৰঃ যেতিয়া তথ্যসমূহ সংখ্যাগতভাৱে প্রকাশ কৰিব নােৱাৰি, তেতিয়া তথ্যৰ একে বৈশিষ্ট্যক গুণগত বা গুণবাচক লক্ষণ’ বুলি কোৱা হয়।

১০। গুণবাচক শ্রেণীকৰণ বুলিলে কি বুজা?
উত্তৰ : গুণবাচক বৈশিষ্ট্যৰ ভিত্তিত তথ্য শ্ৰেণীকৰণ কৰিলে তাক ‘গুণবাচক শ্ৰেণীকৰণ বুলি কোৱা হয়।

১১। তথ্যৰ সংখ্যাত্মক শ্রেণীকৰণ বুলিলে কি বুজা?
উত্তৰ : সংখ্যাত্মক বৈশিষ্ট্যৰ ভিত্তিত তথ্য শ্ৰেণীকৰণ কৰিলে তাক ‘সংখ্যাত্মক শ্রেণীকৰণ বুলি কোৱা হয়।

১২। আৱেক্ষণ মানে কি?
উত্তৰঃ কেঁচা তথ্যৰ প্ৰতিটো গােটক একোটা ‘আবেক্ষণ’ বুলি কোৱা হয়।

class 11 economics chapter 3 assamese question answer

১৩। শ্রেণী অন্তৰাল বুলিলে কি বুজা?
উত্তৰঃ শ্রেণী অন্তৰাল হল উচ্চ শ্রেণীসীমা আৰু নিম্ন শ্রেণী সীমাৰ পার্থক্য।

১৪। সৰল শ্রেণীকৰণ কাক বােলে?
উত্তৰঃ যেতিয়া সংগৃহীত তথ্যসমূহ এটা মাত্র গুণৰ ভিত্তিত শ্রেণীবদ্ধ কৰা হয়, তেতিয়া তেনে শ্ৰেণীকৰণক সৰল শ্রেণীকৰণ বুলি কোৱা হয়।

১৫। জটিল শ্ৰেণীকৰণ কাক বােলে?
উত্তৰ : সংগৃহীত তথ্যসমূহক এটা গুণৰ ভিত্তিত এবাৰ বিভাজিত কৰাৰ পিছত যদি আকৌ পুনর্বিভাজন কৰা হয়, তেন্তে তেনে বিভাজনক ‘জটিল শ্রেণীকৰণ’ বুলি কোৱা হয়।

১৬। শ্রেণী বিভাজনৰ দৈর্ঘ্য বুলিলে কি বুজা?
উত্তৰঃ কোনাে শ্রেণী বিভাগৰ প্রকৃত উর্ধ্ব আৰু নিম্ন শ্রেণী সীমাৰ পার্থক্য উক্ত শ্রেণী বিভাগৰ ‘শ্রেণী দৈর্ঘ্য বােলা হয়।

১৭। শ্রেণী বাৰংবাৰ বুলিলে কি বুজা?
উত্তৰঃ চলকৰ যিমানটা মান এটা শ্রেণী বিভাগত অন্তর্ভূক্ত কৰিব পৰা যায়, তাৰ সংখ্যাকেই উক্ত শ্ৰেণীৰ বাৰংবাৰতা বােলে।

১৯। শ্রেণী মধ্যমান কাক বােলে ?
উত্তৰঃ কোনাে শ্রেণী বিভাগৰ সোঁমাজৰ মানটোক শ্রেণীমান বা শ্ৰেণীমধ্যমান বুলি কোৱা হয়।

২০। বিবর্জিত পদ্ধতিত উচ্চ শ্রেণীসীমা বাদ দিয়া হয়, কিন্তু নিম্ন শ্রেণীসীমা অন্তর্ভূক্ত কৰা হয় নে?
উত্তৰ : হয়।

২১। প্রাথমিক তথ্য সংগ্রহৰ এটা পদ্ধতি উল্লেখ কৰা।
উত্তৰঃ প্রত্যক্ষ ব্যক্তিগত অনুসন্ধান পদ্ধতি।

তথ্য সংকলন Class 11

খ, চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২)

১। শ্রেণীকৰণৰ ভিত্তি বােৰ উল্লেখ কৰা।
উত্তৰ শ্ৰেণীকৰণৰ ভিত্তিবােৰ হ’লঃ
(ক) শ্রেণীকৰণস্থান, ঠাই বা অঞ্চলৰ লগত জড়িত।
(খ) ই কাল বা সময়ৰ লগত জড়িত
(গ) ই গুণ বা প্রকৃতিৰ সৈতে জড়িত।
(ঘ) ই পৰিমাণবােধক বা সাংখ্যিক মূল্যৰ ভিত্তিত সজোৱা হয়।

২। বিচ্ছিন্ন আৰু অবিচ্ছিন্ন চলকৰ মাজৰ পার্থক্য নিৰূপন কৰা।
উত্তৰঃ বিচ্ছিন্ন চলক আৰু অবিচ্ছিন্ন চলকৰ মাজত থকা পার্থক্যসমূহ হ’লঃ
(ক) বিচ্ছিন্ন চলক হ’ল এনে চলক যাৰ মান সময়ৰ সৈতে জাঁপত পৰিৱর্তিত হয়। উদাহৰণস্বৰূপে কোনাে এক কাৰখানাৰ শ্ৰমিকসকলৰ দৈনিক পাৰিশ্ৰমিক ২০০, ২৩০, ২৫০, ২৭৫ হ’ব পাৰে।

আনহাতে, অবিচ্ছিন্ন চলক জাপত পৰিৱর্তিত নহয়। ই এটা পৰিসৰৰ ৰূপ লয়। উদাহৰণস্বৰূপে আমি শ্ৰকিসকলৰ পাৰিশ্ৰমিক ২০০-২২৫, ২২৫-২৩৫,
২৩৫-২৪০, ২৪০-২৪৫ আদি শ্ৰেণীত ভগাব পাৰোঁ।

৩। সাংখ্যিক তথ্যসমূহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ সাংখ্যিক তথ্যসমূহৰ দুই প্রকাৰৰ বৈশিষ্ট্য দেখা যায়। যেনেঃ (ক) বর্ণাত্মক আৰু (খ) সংখ্যাত্মক।

৪। কালানুক্রমিক শ্রেণীবিভাজন’ বুলিলে কি বুজা?
উত্তৰ : সময় বা কাল অনুসৰি কোনাে তথ্য শ্রেণীবদ্ধ কৰিলে তাক কালানুক্রমিক শ্রেণীকৰণ বুলি কোৱা হয়। উদাহৰণ স্বৰূপে কেনাে তথ্য বছৰ, ছমাহ, তিনিমাহ আদিৰ দৰে সময়ৰ ভিত্তিত উর্ধ্বক্রমত বা অধঃক্রমত সজাব পাৰি।

৫। তালিকাকৰণৰ দুটা প্রয়ােজন উল্লেখ কৰা।
উত্তৰঃ তালিকাকৰণৰ প্রয়ােজন তলত উল্লেখ কৰা হলঃ
(ক) তালিকাকৰণে জটিল তথ্যবােৰ সহজভাৱে প্রকাশ কৰে।

(খ) তথ্য সংগ্ৰ সময়ত কোনাে ভুল-ত্রুটি থাকিলে তালিকাকৰণৰ সময়ত সেইবােৰ সহজে সংশােধন কৰিব পৰা যায়।

৬। ব্যক্তিগত শ্রেণী কি? এটা উদাহৰণ দিয়া।
উত্তৰঃ যি শ্ৰেণীত বিভিন্ন তথ্যৰাশি এককভাৱে বেলেগে বেলেগে তালিকাবদ্ধ হৈ থাকে অর্থাৎ প্রত্যেকটো তথ্যমানে বেলেগ বেলেগ জোখ-মাখৰ একক ব্যৱহাৰ কৰে, তাকে ব্যক্তিগত শ্রেণী বােলে। উদাহৰণস্বৰূপে একাদশ শ্ৰেণীৰ ১৫ জন ছাত্র-ছাত্রীৰ নম্বৰ বেলেগ বেলেগ হ’লে ই ব্যক্তিগত শ্ৰেণীৰ অন্তর্ভূক্ত
হ’ব।

তথ্য সংকলন Class 11

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ(প্রত্যেকটোৰ মূল্যাংক -৪)

১। এখন আদর্শ তালিকা প্রস্তুত কৰোঁতে কি কি নিয়ম মানি চলিব লাগে?
উত্তৰঃ এখন আদর্শ তালিকা প্রস্তুত কৰােতে তলত দিয়া নিয়মবােৰ মানি চলিব লাগে ?
(ক) তালিকা ক্রমিক নম্বৰ দিব লাগে।
(খ) তালিকাৰ শিৰােনামা থাকিব লাগে। শিৰােনামা সদায় সংক্ষিপ্ত আৰু স্পষ্ট হ’ব লাগে ।
(গ) তালিকা এখন যি এককত উপস্থাপন কৰা হয়, সেয়া স্পষ্টভাৱে উল্লেখ থাকিব লাগে।
(ঘ) তালিকাৰ দৈর্ঘ্য আৰু প্ৰস্থৰ ভাৰসাম্যৰ প্রতি লক্ষ্য ৰাখিব লাগে।

(ঙ) তথ্যৰ উৎস পাদটীকাত উল্লেখ কৰিব লাগে।
(চ) পােনপটীয়াকৈ তুলনা কৰিব পৰা ৰাশিবিলাক ওচৰা-ওচৰিকৈ স্তম্ভত লিখিব লাগে।

২। তথ্য শ্ৰেণীকৰণ মানে কি ? তথ্যৰ শ্রেণীকৰণৰ উদ্দেশ্যসমূহ উল্লেখ কৰা।
উত্তৰঃ সাদৃশ্য আৰু সমগােত্রীয়তা অনুসৰি কোনাে বিষয়ৰ তথ্যবােৰক বিভিন্ন শ্রেণীত বিভক্ত কৰাৰ পর্যায়ক তথ্যৰ শ্ৰেণীকৰণ বুলি কোৱা হয়। তথ্যৰ শ্ৰেণীকৰণৰ প্রধান উদ্দেশ্যসমূহ হ’লঃ
(ক) তথ্যবােৰ ঘণীভূত কৰা।
(খ) তথ্যবােৰৰ গুণগত ঐক্য নির্ণয় কৰা।
(গ) তুলনামূলক আলােচনাৰ ব্যৱস্থা কৰা।
(ঘ) তথ্যবােৰৰ পাৰিসাংখ্যিকীয় ব্যৱহাৰৰ ব্যৱস্থা

(ঙ) পৰিসংখ্যাগত সিদ্ধান্ত গ্রহণ কৰিবলৈ তথ্যবােৰৰ জটিলতাক সৰলীকৰণ কৰা।

৩। বিবর্জিত শ্ৰেণী আৰু অন্তর্ভূক্তি শ্রেণীৰ মাজৰ পার্থক্য দেখুৱা।
উত্তৰঃ বিবর্জিত শ্ৰেণী আৰু অন্তর্ভূক্তি শ্ৰেণীৰ মাজৰ পার্থক্য হলঃ
(ক) বিবর্জিত শ্ৰেণীৰ কোনাে কোনাে এটা শ্ৰেণীৰ উচ্চ শ্রেণী সীমা আৰু তাৰ পিছৰ শ্ৰেণীৰ নিম্ন শ্ৰেণীসীমাৰ মাজত পার্থক্য নাই। যেনেঃ ১০-২০, ২০-00, 00-80।

অন্তর্ভূক্ত শ্ৰেণীৰ কোনাে এটা শ্ৰেণীৰ উচ্চ শ্রেণীসীমা আৰু তাৰ পিছৰ শ্ৰেণীৰ নিম্ন শ্রেণীসীমাৰ মাজত পার্থক্য আছে। যেনেঃ ১-৯, ১০-১৯, ২০-২৯।
(খ) বিবর্জিত শ্ৰেণীত উচ্চ শ্রেণীসীমাটো শ্রেণী অন্তৰালৰ পৰা বাদ দিয়া হয়। কিন্তু অন্তর্ভূক্ত শ্ৰেণীত উচ্চ শ্রেণীসীমাটো শ্রেণী অন্তৰালৰ পৰা বাদ দিয়া নহয়। দুয়ােটা শ্রেণীসীমা শ্রেণী অন্তৰালৰ অংশ হয়।

(গ) বিবর্জিত শ্রেণী বিভিন্ন পাৰিসাংখ্যিক পদ্ধতিৰ কাৰণে উপযােগী। কিন্তু অন্তর্ভূক্ত শ্রেণী সদায় পাৰিসাংখ্যিক ব্যৱহাৰৰ কাৰণে উপযােগীনহয়।

৪। এখন সৰল তালিকাৰ নমুনা দেখুওৱা।
উত্তৰঃ তলত ২০০১ চনত অসমৰ চাৰিখনমান জিলাৰ সাক্ষৰতাৰ হাৰ দেখুৱা হ’লঃ

জিলাৰ নামসাক্ষৰতাৰ হাৰ
বৰপেটা৬০ %
নলবাৰী৫৫ %
ধুবুৰী৫২ %
গােৱালপাৰা৫০ %

শ্রেণী বাৰংবাৰ বুলিলে কি বুজা?

উত্তৰঃ চলকৰ যিমানটা মান এটা শ্রেণী বিভাগত অন্তর্ভূক্ত কৰিব পৰা যায়, তাৰ সংখ্যাকেই উক্ত শ্ৰেণীৰ বাৰংবাৰতা বােলে

তথ্যৰ গুণবাচক লক্ষণ কি?

উত্তৰঃ যেতিয়া তথ্যসমূহ সংখ্যাগতভাৱে প্রকাশ কৰিব নােৱাৰি, তেতিয়া তথ্যৰ একে বৈশিষ্ট্যক গুণগত বা গুণবাচক লক্ষণ’ বুলি কোৱা হয়।

বাৰংবাৰতা মানে কি?

উত্তৰ : কোনাে এটা সংখ্যা কিমানবাৰ পুনৰাবৃত্তি হ’ল, তাক বাৰংবাৰ বুলি কোৱা হয়।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam