উৎপাদন আৰু ব্যয় – একাদশ শ্ৰেণী প্ৰশ্নৰ উত্তৰ

উৎপাদন আৰু ব্যয় || Class 11 Economics Chapter 3 Assamese Question Answer Available Here

বিষয়  একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
পাঠৰ নাম উৎপাদন আৰু উৎপাদন ব্যয়
শ্ৰেণী  একাদশ শ্ৰেণী
গােট ক – অংশ (ব্যষ্টিবাদী অর্থবিজ্ঞান।)
পাঠৰ নং তৃতীয় অধ্যায়
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

উৎপাদন আৰু ব্যয় Class 11

ক, অতি চমু প্রশ্নোত্তৰঃ প্রত্যেকটোৰ মূল্যাক-১)

১। গড় উৎপাদন কি ?
উত্তৰঃ মুঠ উৎপাদনক মুঠ পৰিৱৰ্তনশীল উপাদানেৰে ভাগ কৰিলে যি অবশিষ্ট থাকে সেয়েই মুঠ উৎপাদন।

২। প্রান্তিক উৎপাদন কি ?
উত্তৰঃ উৎপাদন প্রক্রিয়াত অতিৰিক্ত উপাদান ব্যবহাৰ কৰি যি অধিক উৎপাদন কৰা হয় তাকে প্রান্তিক উৎপাদন বােলে।

৩। ব্যবসায়িক প্রতিষ্ঠানৰ ব্যয় কার্যই কি সূচায় ?
উত্তৰ : ব্যৱসায় প্রতিষ্ঠান এটিৰ উৎপাদন কার্যত ব্যৱহৃত ব্যয় আৰু উৎপাদনৰ যি সম্পর্ক তাকে ব্যয় কার্য বুলি কোৱা হয়।

৪। আনুপাতিক  বিস্তাৰৰ ফলে কি সূচায় ?
উত্তৰঃ আনুপাতিক বিস্তাৰৰ ফলে ব্যবসায়িক প্রতিষ্ঠানৰ উপাদানবােৰৰ সলনিৰ লগে লগে উৎপাদনৰ পৰিমাণ কিদৰে পৰিৱৰ্তন হয় তাকে সূচায়।

৬। সম-উৎপাদন ৰেখা মানে কি?
উত্তৰঃ যেতিয়া উৎপাদন কার্যত নিয়ােগ কৰা উপাদানৰ বিভিন্ন জোটে সামগ্রী এটাৰ একে পৰিমাণৰ উৎপাদন কৰে তেতিয়া তেনে উৎপাদনৰ উপাদানক সমউৎপাদন ৰেখা বোলে।

৭। শুদ্ধনে অশুদ্ধ লিখা
(ক) উৎপাদন প্রক্রিয়াত উপভােক্তাই উপাদান একত্রিত কৰে আৰু উৎপন্ন সৃষ্টি কৰে।
উত্তৰঃ অশুদ্ধ।
(খ) এখন ব্যবসায়িক প্রতিষ্ঠানৰ ৰাজহ অর্জনক লাভ বুলি কোৱা হয়।
উত্তৰ : অশুদ্ধ।
(গ) এটা ব্যৱসায়িক প্রতিষ্ঠানৰ উৎপাদন কার্যই তাৰ ব্যৱহৃত উপাদান আৰু সৃষ্ট উৎপন্নৰ মাজৰ সম্পর্ক দেখুৱায়।
উত্তৰঃ শুদ্ধ।

৮। শুদ্ধ অংশটো বাছি উলিওৱাঃ
(ক) যেতিয়া সকলাে উপাদানেৰে এক আনুপাতিক বৃদ্ধিয়ে অনুপাততকৈ কমকৈ উৎপন্নত বৃদ্ধি দেখুৱায়, তাক কোৱা হয়ঃ আনুপাতিক বিস্তাৰত হ্রাসমান ফল/ আনুপাতিক বিস্তাৰত বর্ধমান ফল/ আনুপাতিক বিস্তাৰত সুস্থিৰ ফল।
উত্তৰঃ আনুপাতিক বিস্তাৰত ক্রমহ্রাসমান ফল।

(খ) অন্যান্য সকলাে উপাদান সুস্থিৰে থকা অৱস্থাত উপাদান পৰিৱৰ্তনৰ প্রতি গােট উৎপন্ন পৰিৱৰ্তনক : প্রান্তিক উৎপাদন / মুঠ উৎপাদন / গড় উৎপাদন বুলি কোৱা হয়।
উত্তৰ : গড় উৎপাদন।

লগতে পঢ়ক:   অ-প্রতিযোগিতামূলক বজাৰ (প্ৰশ্নৰ উত্তৰ) একাদশ শ্ৰেণী

৯। খালী ঠাই পূৰণ কৰাঃ
(ক) উৎপাদন সৃষ্টিৰ বাবে ব্যৱসায়িক প্রতিষ্ঠানে ____ নিয়ােগৰ প্রয়ােজন।
উত্তৰঃ উপাদান।

(খ) TC = ____  +TFC
উত্তৰ : TC=TVC +TFC

(গ) AC = AVC + ____
উত্তৰঃ AFC

১১। উৎপাদন কার্যত ব্যৱহৃত তিনিটা পৰিৱৰ্তনশীল উপাদান উল্লেখ কৰা।
উত্তৰ : কেঁচা সামগ্রী, শ্রমিক আৰু শক্তি।

১২। প্রান্তিক উৎপাদন ৰেখাৰ আকৃতি কেনেকুৱা ?
উত্তৰঃ প্রান্তিক উৎপাদন ৰেখা ওলােটা ‘U’ আকৃতিৰ।

১৩। প্রতিদানৰ মাত্ৰা বুলিলে কি বুজা?
উত্তৰঃ উৎপাদনৰ আনুপাতিক পৰিৱর্তনৰ ফলস্বৰূপে মুঠ উৎপাদনৰ পৰিৱর্তনেই হ’ল প্রতিদানৰ মাত্রা।

১৪। উপাদানৰ প্রতিদান কি?
উত্তৰ : স্থায়ী উপাদান অপৰিৱর্তিত থকা অৱস্থাত পৰিৱৰ্তনশীল উপাদানৰ পৰিৱৰ্তন ঘটালে উৎপাদনৰ যি পৰিৱৰ্তন হয়, তাকেই ‘উপাদানৰ প্রতিদান’ বুলি কোৱা হয়।

১৬। মুঠ উৎপাদন সর্বাধিক হােৱা অৱস্থাত প্রান্তিক উৎপাদন কি হ’ব ?
উত্তৰ : মুঠ উৎপাদন সর্বাধিক হােৱা অৱস্থাত প্রান্তিক উৎপাদন শূন্য হ’ব।

১৭৷ মুঠ উৎপাদন ক্রমবর্ধমান হাৰত বৃদ্ধি হােৱা অৱস্থাত প্রান্তিক উৎপাদন কি হ’ব?
উত্তৰঃ প্রান্তিক উৎপাদন বৃদ্ধি হৈ থাকিব।

১৮।তিনিটা স্থিৰ উপাদান উল্লেখ কৰা।
উত্তৰঃ যন্ত্রপাতি, ভূমি আৰু কাৰখানা।

১৯। যেতিয়া গড় উৎপাদন কমি আহে, তেতিয়া প্রান্তিক উৎপাদন আৰু গড় উৎপাদনৰ মাজৰ সম্পর্ক কেনে হ’ব ?
উত্তৰঃ প্রান্তিক উৎপাদন গড় ব্যয়তকৈ কম হ’ব।।

২২। গড় পৰিৱৰ্তনশীল ব্যয়ৰ সংজ্ঞা দিয়া।
উত্তৰ : মুঠ পৰিৱৰ্তনশীল উৎপাদন ব্যয়ক মুঠ উৎপাদনৰ পৰিমাণেৰে ভাগ কৰিলে যি পােৱা যায়, তাকেই ‘গড় পৰিৱৰ্তনশীল ব্যয়’বুলি কোৱা হয়।

২৩। ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধিটো লিখা।
উত্তৰঃ ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধি অনুসৰি উৎপাদনৰ বাকী উপাদান স্থিৰ ৰাখি এটা উপাদানৰ নিয়ােগ বৃদ্ধি কৰি গৈ থাকিলে আৰম্ভণিতে প্রান্তিক উৎপাদন বৃদ্ধি হলে এটা পর্যায়ৰ পিছত ই ক্রমাগতভাৱে হ্রাস হ’বলৈ ধৰে।

উৎপাদন আৰু ব্যয় Question Answer

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মুল্যাংক -২)

১। উপাদান আৰু উৎপাদনৰ মাজত থকা দুটা পার্থক্য লিখা।
উত্তৰঃ উপাদান আৰু উৎপাদনৰ মাজৰ পার্থক্য হলঃ (ক) উপাদান হ’ল উৎপাদনৰ আহিলা। আনহাতে উৎপাদন হ’ল উপাদানৰ উমৈহতীয়া প্ৰচেষ্টাৰ ফল।
(খ) উপাদান হ’ল উৎপাদনৰ স্বতন্ত্র চালক। আহনাতে উৎপাদন হ’ল নিৰ্ভৰশীল চালক।

লগতে পঢ়ক:   তথ্য সংকলন Class 11 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

২। হ্রস্বকালীন উৎপাদন আৰু দীর্ঘকালীন উৎপাদনৰ মাজত পার্থক্য কি ?
উত্তৰঃ হ্রস্বকালীন উৎপাদন আৰুদীর্ঘকালীন উৎপাদনৰ মাজৰ পার্থক্য হলঃ
(ক) হ্রস্বকালত উৎপাদনৰ উপাদানসমূহক স্থিৰ আৰু পৰিৱর্তনশীল হিচাপে ভাগ কৰিব পৰা যায়। কিন্তু দীর্ঘকালত সকলাে উপাদানেই পৰিৱৰ্তনশীল।
(খ) হ্রস্বকালত উৎপাদনৰ পৰিমাণ কেৱল উৎপাদনৰ পৰিৱৰ্তনশীল উপাদানসমূহ সলনি কৰিহে হ্রাস-বৃদ্ধি কৰিব পাৰি, কিন্তু দীর্ঘকালত সকলাে উপাদানকে পৰিৱৰ্তন কৰি উৎপাদন হ্রাস বা বৃদ্ধি কৰা হয়।
(গ) হ্রস্বকালত দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত চাহিদাই সক্রিয় ভূমিকা গ্রহণ কৰে। কিন্তু দীর্ঘকালত দৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত চাহিদা আৰু যােগানে সমান ভূমিকা পালন কৰে।

৪। স্থিৰ উপাদান আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজত মাজত থকা পার্থক্যসমূহ লিখা।
উত্তৰ : স্থিৰ উপাদান আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজত থকা পার্থক্যসমূহহ’লঃ
(ক) উৎপাদনৰ সময়ছােৱাত যিবােৰ উপাদান স্থিৰ থাকে সেইবােৰক স্থিৰ উপাদান বােলে। কিন্তু পৰিৱৰ্তনশীল উপাদানসমূহ উৎপাদনৰ যিকোনাে সময়ত পৰিৱৰ্তন কৰিব পাৰি।
(খ) স্থিৰ উপাদানৰ উপস্থিতি হ্রস্বকালীন সময়তহে পােৱা যায়। কিন্তু পৰিৱর্তনশীল উপাদানৰ উপস্থিতি হ্রস্বকালীন আৰু দীর্ঘকালীন দুয়ােটা সময়তে পােৱা যায়।
(গ) উ ৎপাদনৰ পৰিমাণ বৃদ্ধি হলেও স্থিৰ উপাদান একে থাকে। কিন্তু উৎপাদনৰ পৰিমাণৰ পৰিৱৰ্তন হােৱাৰ লগে লগে পৰিৱৰ্তনশীল উপাদানৰ পৰিৱৰ্তন হৈ থাকে।

উৎপাদন আৰু ব্যয় Class 11

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন (প্রত্যেকটোৰ মূল্যাংক – 8)

১। ক্রমহ্রাসমান প্রান্তিক উপযােগিতা বিধিৰ স্বীকার্য কেইটা কি কি লিখা।
উত্তৰঃ ক্রমহ্রাসমান প্রান্তিক উপযােগিতা বিধিৰ স্বীকার্য কেইটা হ’ল :
(ক) উপভােগ কার্য চলি থকা অৱস্থাত ভােক্তাৰ ৰুচি অপৰিৱৰ্তিত থাকে।
(খ) উপভােগ কৰিবলৈ লােৱা বস্তুটোৰ গােটসমূহ স্বাভাৱিক আকাৰৰ আৰু সমণ্ডণ বিশিষ্ট।
(গ) সামগ্রী গােটসমূহৰ উপভােগ নিৰৱচ্ছিা হ’ব লাগিব আৰু
(ঘ) ভোক্তাৰ বাবে মুদ্ৰাৰ প্রান্তিক উপযােগিতা একে থাকিব লাগিব।

৩। স্বাভাৱিক লাভৰ ধাৰণাটো ব্যখ্যা কৰা।
উত্তৰ : ব্যৱসায় প্রতিষ্ঠান এটাই প্রকাশ্য ব্যয় আৰু সুযােগ ব্যয় সামৰি ল’ব পৰাকৈ লাভৰ যিটো পৰিমাণ যথেষ্ট তাকে স্বাভাৱিক লাভ বােলে। মুঠ ব্যয়ৰ হিচাপ উলিয়াওঁতে যদি প্রতিষ্ঠানটোৱে প্রকাশ্য ব্যয় আৰু সুযােগ ব্যয় দুয়ােটাকে অন্তর্ভূক্ত কৰে, তেন্তে স্বাভাৱিক লাভে সেইটো স্তৰকে বুজাব যত মুঠ বিক্রী আয় আৰু মুঠ ব্যয় সমান হয়। অর্থাৎ শূণ্য লাভেই স্বাভাৱিক লাভ।

লগতে পঢ়ক:   পাতনি – অর্থনীতিৰ বাবে পৰিসংখ্যা একাদশ শ্ৰেণী প্ৰশ্ন উত্তৰ

৫। উৎপাদন পৰিৱৰ্তনশীল  অনুপাত বিধিটো লিখা ।
উত্তৰঃ হ্রস্বকালত উৎপাদক আৰু উৎপাদন সম্পর্ক ব্যাখ্যাৰ অৰ্থে অর্থনীতিবিদসকলে গঠন কৰা বিধিটোৱেই হৈছে উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধি। উৎপাদনৰ পৰিৱৰ্তনশীল অনুপাত বিধিত স্থায়ী উপাদানৰ লগত এটা পৰিৱর্তনীয় উপাদান প্রয়ােগ বৃদ্ধিয়ে যি উৎপাদন সম্পর্ক প্রতিষ্ঠা কৰে, সেই বিষয়ে ব্যাখ্যা প্রদান কৰা হয়। উৎপাদন কার্যত এটা পৰিৱৰ্তনীয় উৎপাদকৰ অনুপাত বৃদ্ধি অথবা স্থিৰ উৎপাদকৰ অনুপাত হ্রাস হােৱাৰ ফলত মুঠ উৎপাদক পৰিৱর্তনীয় উৎপাদকৰ পৰিমাণ প্রয়ােগৰ তুলনাত প্রথম অৱস্থাত অধিক হাৰত হয়। তাৰ পাছত সমহাৰত আৰু শেষৰ পৰ্যায়ত কম হাৰত বৃদ্ধি পায়। উৎপাদক আৰু উৎপাদনৰ এনে সম্পর্ক ব্যাখ্যাই হৈছে পৰিৱৰ্তনশীল অনুপাত বিধিৰ মূল বিষয়।

৭। ক্রমহ্রাসমান প্রান্তিক উৎপাদনবিধি প্রয়োেগ হােৱাৰ কাৰণবােৰ উল্লেখ কৰা।
উত্তৰঃ স্থিৰ আৰু পৰিৱৰ্তনশীল উপাদানৰ মাজত সর্বোচ্চ সহযােগিতা লাভ কৰাৰ পিছত পৰিৱৰ্তনশীল উপাদানৰ অধিক নিয়ােগে উৎপাদনৰ পৰিমাণ হ্রাস ঘটায়।
(খ) স্থিৰ উপাদান আৰু পৰিৱৰ্তনশীল উপাদান এটা আনটোৰ সম্পূর্ণ প্রতিকল্প, সেয়ে স্থিৰ উপাদানৰ পৰিৱর্তে পৰিৱৰ্তনশীল উপাদন নিয়ােগৰ এটা সীমা থাকে। তাৰ পাছত ক্রমহ্রাসমান উৎপাদন কার্যকৰী হয়।
(গ) যেতিয়া স্থিৰ উপাদানৰ তুলনাত পৰিৱৰ্তনশীল উপাদান বহু বেছি নিয়ােগ কৰা হয় তেতিয়া উৎপাদন গােটত খামখেয়ালিৰ সৃষ্টি হয় আৰু উৎপাদনৰ পৰিমাণ ঋণাত্মক হ’বলৈ ধৰে।
(ঘ) পৰিৱৰ্তনশীল উপাদানৰ ক্রমাগত বৃদ্ধিয়ে শ্রম বিভাজন আৰু বিশেষত্বশীলতানাইকীয়া কৰে আৰু ঋণাত্মক উৎপাদন কার্যকৰী হয়।
(ঙ) অত্যাধিক পৰিৱৰ্তনশীল উপাদান প্রয়ােগে পৰিচালনা সমস্যাৰ সৃষ্টি কৰে। ফলত ঋণাত্মক উৎপাদন কার্যকৰী হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top