WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান » উপভোক্তাৰ আচৰণৰ তত্ত্ব Class 11 – ব্যষ্টিবাদী অর্থবিজ্ঞান একাদশ শ্ৰেণী

উপভোক্তাৰ আচৰণৰ তত্ত্ব Class 11 – ব্যষ্টিবাদী অর্থবিজ্ঞান একাদশ শ্ৰেণী

বিষয় একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
পাঠৰ নামউপভোক্তাৰ আচৰণৰ তত্ত্ব
শ্ৰেণী একাদশ শ্ৰেণী
গােটক – অংশ (ব্যষ্টিবাদী অর্থবিজ্ঞান।)
পাঠৰ নংদ্বিতীয় অধ্যায় (2)
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

উপভোক্তাৰ আচৰণৰ তত্ত্ব

ক, অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ১)

১। উপযােগিতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ এটা সামগ্রী উপভােগ কৰি ভােক্তা এজনে যি পৰিমাণৰ সন্তুষ্টি লাভ কৰে তাকে সামগ্ৰীটোৰ উপযােগিতা বােলে।

২। এজন ভােক্তাৰ উপযােগিতাই কি সূচায় ?
উত্তৰ: উপযােগিতাই সামগ্রী এটাৰ উপভােক্তাৰ সন্তুষ্টিক সূচায়।

৩। উপভােক্তাৰ যুক্তিযুক্ত আচৰণে কিহৰ ইংগিত দিয়ে?
উত্তৰ : উপভােক্তাৰ যুক্তিযুক্ত আচৰণে উপভােক্তাৰ সর্বোচ্চ সন্তুষ্টিৰ ইংগিত দিয়ে।

৪।অর্থনীতিত উপভােক্তা এজনক কেনেধৰণৰ ব্যক্তি বুলি ধৰি লয়?
উত্তৰঃ অর্থনীতিত উপভােক্তা এজন যুক্তিসংগত ব্যক্তি বুলি ধৰি লােৱা হয়।

৫। এডাল নিৰপেক্ষ ৰেখা তলমুৱাকৈ হেলনীয়া কিয়?
উত্তৰঃ ক্রমহ্রাসমান প্রতিকল্পনৰ প্রান্তিক হাৰৰ কাৰণে।

৬। বাজেট ৰেখা কি ?
উত্তৰ : ভােক্তা এজনৰ নির্দিষ্ট আয় আৰু দুটা সামগ্ৰীৰ নির্দিষ্ট দামত যি সম্ভাৱ্য পৰিমাণৰ জোট ভােক্তাজনে ক্রয় কৰিব পাৰে য’ত মুঠ খৰচ মুঠ আয়ৰ সমান হয় তাক লেখ চিত্ৰৰ সহায়ত উপস্থাপন কৰাকে বাজেট ৰেখা’ বুলি কোৱা হয়।

৭।ভােক্তাৰ বাজেট ৰেখাডালে কি নিৰ্দ্ধাৰণ কৰে?
উত্তৰঃ এক নির্দিষ্ট আয়ৰ জৰিয়তে দুটা সামগ্ৰীৰ নির্দিষ্ট দামত ভােক্তাজনে ক্রয় কৰিব পৰা গােটসমূহক বাজেট ৰেখাডালে নিৰ্দ্ধাৰণ কৰে।

৮। পৰিপূৰক দ্ৰব্যৰ সংজ্ঞা দিয়া।
উত্তৰঃ উপভােক্তা এজনৰ এটা নির্দিষ্ট অভাৱ পূৰণ কৰিবৰ বাবে যেতিয়া একাধিক সামগ্রী ব্যৱহাৰ কৰা হয়, তেনে সামগ্রীবােৰক পৰিপূৰক দ্রব্য বুলি কোৱা হয়।

৯। পৰিপূৰক দ্ৰব্যৰ এটি উদাহৰণ দিয়া।
উত্তৰ : গাড়ী আৰু পেট্রেল।

Class 11 Economics Chapter 2 Question Answer in Assamese Medium

১০৷ নিকৃষ্ট দ্রব্য কি?
উত্তৰঃ যেতিয়া এজন উপভােক্তাৰ আয় আৰু সামগ্রী এটাৰ চাহিদা বিপৰীত দিশে গতি কৰে, তাকে নিকৃষ্ট দ্রব্য বুলি কোৱা হয়।

১১। স্বাভাৱিক দ্রব্য কি?
উত্তৰঃ যেতিয়া এজন উপভােক্তাৰ আয় আৰু সামগ্রী এটাৰ চাহিদা একে দিশে পৰিৱৰ্তন ঘটে তাকে স্বাভাবিক দ্রব্য’ বুলি কোৱা হয়।

১২। গিফেন সামগ্রী কি ?
উত্তৰঃ যেতিয়া কোনাে এটা সামগ্ৰীৰ দাম বৃদ্ধিৰ লগে লগে চাদিহাৰ পৰিমাণ বৃদ্ধি পায় আৰু দাম হ্রাস হােৱাৰ লগে লগে চাহিদা হ্রাস পায়, তেনে সামগ্রীক ‘গিফেন সামগ্রী বুলি কোৱা হয়।

১৩। নিৰপেক্ষ ৰেখা কি?
উত্তৰ : নিৰপেক্ষ ৰেখা হ’ল এনে এডাল ৰেখা যিডালৰ বিভিন্ন বিন্দুত দুটা সামগ্ৰীৰ বিভিন্ন টোপােলাৰ পৰা উপভােক্তা এজনে সমপৰিমাণৰ সন্তুষ্টি লাভ কৰে।

১৪। মুঠ উপযােগিতা কি ?
উত্তৰ : এজন উপভােক্তাই কোনাে এটা বিশেষ দ্রব্যৰ কেইটামান নির্দিষ্ট গােট উপভােগ কৰি আহৰণ কৰা সৰ্বমুঠ সন্তুষ্টিকেই মুঠ উপযােগিতা বুলি কোৱা হয়।

১৫। প্রান্তিক উপযােগিতাৰ সংজ্ঞা দিয়া।
উত্তৰ : কোনাে এটা দ্ৰব্যৰ অতিৰিক্ত এটা একক উপভােগ কৰি আহৰণ কৰা অতিৰিক্ত উপযােগিতাই হল প্রান্তিক উপযােগিতা।

১৬। উপভােক্তাৰ ভাৰসাম্যতা মানে কি ?
উত্তৰঃ উপভােক্তা এজনে তেওঁৰ নির্দিষ্ট উপার্জনেৰে দ্রব্য সামগ্রী উপভােগ কৰি সৰ্বাধিক লাভ আহৰণ কৰিবলৈ সক্ষম হলে উপভােক্তাজনে ভাৰসাম্যতা লাভ কৰে বুলি কোৱা হয়।

১৭৷ প্রতিকল্পনৰ প্রান্তিক হাৰ কিয় হ্রাস পাই আহে?
উত্তৰঃ উপভােক্তা এজনে তেওঁ উপভােগ কৰা দ্ৰব্যৰ ভিতৰত যিটো দ্রব্য অধিক পৰিমাণে ব্যৱহাৰ কৰে, সেই দ্রব্যটোৰ প্রান্তিক উপযােগিতা আন দ্ৰব্যৰ তুলনাত হ্রাস পাই অহা বাবে প্রতিকল্পনৰ প্রান্তিক হাৰ ক্রমান্বয়ে হ্রাস পাই আহে।

১৮৷ নিৰপেক্ষ ৰেখা বিশ্লেষণ অনুসৰি উপভােক্তা এজনে কেতিয়া ভাৰসমতা লাভ কৰে?
উত্তৰঃ যিটো বিন্দুত নিৰপেক্ষ ৰেখা আৰু বাজেট ৰেখাডালে পৰস্পৰ স্পর্শ কৰে, সেই বিন্দুত উপভােক্তা এজনে ভাৰসাম্যতা লাভ কৰে। সেই ভাৰসাম্য বিন্দুত নিৰপেক্ষ ৰেখা আৰু বাজেট ৰেখাৰ ঢাল সমান হয়।

১৯। চাহিদা বুলিলে কি বুজা?
উত্তৰ : এক নির্দিষ্ট সময়ত একনির্দিষ্ট দৰত উপভােক্তা এজনে ক্রয় কৰিব বিচৰা দ্রব্য এটাৰ পৰিমাণকে দ্রব্যটোৰ ‘চাহিদা’ বুলি কোৱা হয়।

২০। চাহিদা বিধিটো উল্লেখ কৰা।
উত্তৰঃ অর্থনীতিত চাহিদা বিধিটো হ’লঃ দ্ৰব্যৰ দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে।

২১। চাহিদা ৰেখাডাল কিয় নিম্নগামী ঢালযুক্ত হয়?
উত্তৰঃ ক্রমহ্রাসমান প্রান্তিক উপযােগিতাৰ বাবে চাহিদা ৰেখাড়াল নিম্নগামী ঢালযুক্ত হয়।

২২। যদি x দ্রব্যৰ মূল্য বৃদ্ধিৰ ফলত y দ্রব্যৰ চাহিদা বৃদ্ধি পায়, তেন্তে দ্রব্য দুটা কিদৰে সম্পর্কিত ?
উত্তৰ : দুয়ােটা দ্রব্য এটা আনটোৰ প্ৰতিকল্প দ্রব্য।

২৩। যদি X দ্রব্যৰ দৰ বৃদ্ধিৰ ফলত y দ্রব্যৰ চাহিদা হ্রাস পায়, তেন্তে দুয়োটা দ্রব্য কিদৰে সম্পর্কিত ?
উত্তৰঃ দুয়ােটা দ্রব্য এটা আনটোৰ পৰিপূৰক।

২৪। শুদ্ধটো অংশটো বাছি উলিওৱাঃ
উপভােক্তাৰ অগ্ৰাধিকাৰৰ শীর্ষবিন্দুটো বাজেট ৰেখাৰ ওপৰত / বাজেট ৰেখাৰ তলত / বাজেট ৰেখাত স্থাপন কৰিব পাৰি।
উত্তৰঃ বাজেট ৰেখাৰ ওপৰত।

২৬। অর্থনীতিত এটা কাৰ্যৰ লেখ চিত্র অংকাৰ বাবে অভিলম্বীয় অক্ষৰ লগতে নিৰ্ভৰশীল চলক জোখা হয়। —-সঁচা নে মিছা লিখা।
উত্তৰঃ সঁচা।

২৬। যিকোনাে দুটা চলক x আৰু y ক বিবেচনাৰ বাবে লােৱা হ’ল। y ৰ মূল্য নির্ভৰ কৰে x ৰ মূল্যৰ ওপৰত। দুয়ােটা চলকৰ মাজৰ কাৰ্যমূলক সম্পর্ক কি?
উত্তৰঃ Y= f(x)

২৭। খালী ঠাই পূৰণ কৰা ?
চাহিদা ৰেখাৰ হেলনীয়া প্ৰৱণতাই____ৰ জোখ লয়, যত চাহিদা সলনি হয় ইয়াৰ দাম অনুসৰি
উত্তৰ : হাৰ।

২৮। শুদ্ধনে অশুদ্ধ লিখা ?
‘চাহিদাৰ স্থিতিস্থাপকতা এটা বিশুদ্ধ ৰাশি।
উত্তৰঃ শুদ্ধ।

২৯। এজন উপভােক্তাই কোন সামগ্ৰীৰ ১০ টা গােট উপভােগ কৰি মুঠ উপযােগিতা লাভ কৰে ৮০। দ্রব্যটোৰ ১১নং গােট উপভােগ কৰিলে তেওঁ প্রান্তিক উপযােগিতা লাভ কৰে ৯। ১১নং গােট উপভোেগৰ পিছত উপভােক্তাৰ মুঠ উপযােগিতা কিমান হ’ব ?
উত্তৰ : মুঠ উপযােগিতা হ’ব ৮০+৯=৮৯।

৩০। যদি চাহিদাৰ স্থিতিস্থাপকতা শূন্য হয় আৰু সামগ্ৰীৰ দৰ ১০ শতাংশ হ্রাস পায়, তেন্তে সামগ্ৰীৰ চাহিদাৰ শতাংশৰ পৰিৱৰ্তন কিমান হ’ব?
উত্তৰঃ সামগ্ৰীৰ চাহিদাৰ শতাংশৰ পৰিৱৰ্তন শূন্য হ’ব।

উপভোক্তাৰ আচৰণৰ তত্ত্ব

খ, চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২)

১। এজন ডােক্তাৰ অপৰিৱর্তনীয় অগ্রাধিকাৰ বুলিলে কি বুজা?
উত্তৰ : এজন উপভােক্তাৰ অগ্ৰাধিকাৰক অপৰিৱৰ্তনীয় বুলি কোৱা হয় যদিহে দুটা জোট বা টোপােলাৰ ভিতৰত উপভােক্তাজনে সেইটো টোপােলাক অগ্রাধিকাৰ দিয়ে যিটোত আনটো টোপােলাতকৈ কমেও এটা দ্রব্য বেছিকৈ থাকে।

২। ক্রমহ্রাসমান প্রতিকল্পনৰ প্রান্তিক হাৰ বুলিলে কি বুজা?
উত্তৰঃ কোনাে এটা সামগ্ৰীৰ এটা গােটৰ কাৰণে আন এটা সামগ্ৰীৰ যি পৰিমাণ উপভােক্তা এজনে ত্যাগ কৰে সেই ত্যাগ কৰা গােটৰ পৰিমাণ লাহে লাহে কমি আহে। এই লাহে লাহে কমি অহা হাৰক ‘ক্রমহ্রাসমান প্রতিকল্পনৰ প্রান্তিক হাৰ’ বুলি কোৱা হয়।

৩। সামগ্রী এটাৰ দৰ স্থিতিস্থাপক চাহিদা কেনেদৰে ইয়াৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰ : আৱশ্যকীয় বস্তু বা সামগ্ৰীৰ ক্ষেত্ৰত চাহিদাৰ স্থিতিস্থাপকতা কম। উদাহৰণঃ খাদ্য-সামগ্রী, ঔষধ আদি। কাৰণ এই সামগ্ৰীবােৰৰ দামৰ হ্রাস বা বৃদ্ধিয়ে চাহিদাৰ কোনাে বিশেষ পৰিৱৰ্তন ঘটায়। কিন্তু বিলাসী সামগ্ৰীৰ ক্ষেত্ৰত চাহিদাৰ স্থিতিস্থাপকতা বেছি। কাৰণ এইবােৰ সামগ্ৰীৰ দামৰ সামান্য পৰিৱৰ্তনে চাহিদা বিশেষ পৰিৱৰ্তন ঘটায়।

8। সামগ্রী এটাৰ দাম ৪ শতাংশ বৃদ্ধিৰ লগে লাগে মুঠ খৰচ ৩ শতাংশ বৃদ্ধি হ’ল। সামগ্ৰীটোৰ প্রকৃতি কেনেকুৱা লিখা।
উত্তৰঃ সামগ্রী এটাৰ দাম বৃদ্ধিয়ে যদি সামগ্ৰীটোৰ ক্ৰয়ৰ বাবে খৰচ বৃদ্ধি হয় তেন্তে সামগ্ৰীটোৰ দৰৰ স্থিতিস্থাপকতা অস্থিতিস্থাপক হ’ব। সেয়ে সামগ্ৰীটো অত্যাবশ্যকীয় সামগ্রী হ’ব।

৫। উপভােক্তা এজনৰ মুঠ মুদ্রাগত আয় M আৰু তেওঁ গােটেইখিনি আয় X আৰু Y সামগ্রী দুটা ক্ৰয় কৰাত খৰচ কৰিব বিচাৰে। সামগ্রী দুটাৰ দাম Px আৰু Py হলে বাজেট সমীকৰণটো উল্লেখ কৰা।
উত্তৰঃ P x+ P.y= M

৮। বাজেট ৰেখা কি ? ই কিয় নিম্ন ঢালযুক্ত ?
উত্তৰঃ উপভােক্তা এজনৰ নির্দিষ্ট আয় আৰু দুটা সামগ্ৰীৰ নির্দিষ্ট দামত যি পৰিমাণৰ টোপােলা ভােক্তাজনে ক্রয় কৰে যাতে তেওঁৰ মুদ্ৰাগত আয় আৰু সামগ্রী দুটাৰ নামত হােৱা খৰচ সমান হয়। ইয়াক ৰেখাচিত্ৰৰ সহায়ত উপস্থাপন কৰাকে বাজেট ৰেখা’ বােলে। এটা সামগ্রী ক্রয় কৰিব লাগিলে আনটো সামগ্রী হ্রাস কৰিব লাগিব। কাৰণ উপভােক্তাৰ আয় আৰু সামগ্রী দুটাৰ দাম স্থিৰ থাকিব বুলি ধৰি লােৱা হয়।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam